নিবন্ধবিজ্ঞান-প্ৰযুক্তি

কৈশোৰ প্ৰাপ্তি আৰু আমাৰ দেহত হৰম’নৰ ভূমিকা ।। নৱজ্যোতি বড়া

মুক্ত চিন্তা। একাদশ বছৰ।।  দ্বিতীয় সংখ্যা

আমাৰ শৰীৰটোত থকা বিভিন্ন অংগবোৰৰ কাৰ্যৰ সমন্বয় দেহৰ দুটা তন্ত্ৰৰ দ্বাৰা নিয়ন্ত্রণ হয়। অন্তঃস্ৰাৱীতন্ত্ৰ (Endocrine System) আৰু স্নায়ুতন্ত্ৰৰ (Nervous System) দ্বাৰা দেহৰ বিভিন্ন কাম-কাজসমূহ নিয়ন্ত্ৰিত হৈ থাকে। অন্তঃস্ৰাৱীতন্ত্ৰই অন্ত:স্ৰাৱী গ্ৰন্থিৰ পৰা নিঃসৰণ হোৱা পদাৰ্থবোৰৰ দ্বাৰা আৰু স্নায়ুতন্ত্ৰই স্নায়ৱিক অনুভূতিৰ জৰিয়তে শৰীৰৰ ভিন্ন কাৰ্যসমূহৰ নিয়ন্ত্রণ কৰে।

অন্ত:স্ৰাৱী গ্ৰন্থিৰ পৰা নিঃসৰিত পদাৰ্থক হৰম’ন বোলে, যি তেজৰ মাধ্যমেৰে নিৰ্দিষ্ট স্থানলৈ প্ৰৱাহিত হয়। হৰম’নে দেহৰ বিভিন্ন অংশৰ মাজত সংযোগ স্থাপন কৰি সমন্বয় সাধন কৰে। হৰম’নক সেয়ে ৰাসায়নিক বাৰ্তাবাহক (Chemical messanger) বুলি কোৱা হয়।

মানুহৰ দেহত থকা অন্ত:স্ৰাৱী গ্ৰন্থিবিলাকৰ পৰা বিভিন্ন হৰম’ন নি:সৰিত হয়। এই হৰম’নবিলাকৰ দ্বাৰা প্ৰাণীদেহৰ স্বাভাৱিক বৃদ্ধি আৰু বিকাশ হয়। দেহক বিভিন্ন প্ৰতিকূল পৰিস্থিতিৰ পৰা ৰক্ষা কৰাৰ উপৰিও হৰম’নে যৌন লক্ষণবোৰৰ বিকাশত সহায় কৰে। মানুহৰ দেহত পোৱা প্ৰধান অন্ত:স্ৰাৱী গ্ৰন্থিবোৰ হ’ল—

থাইৰয়ড গ্ৰন্থি :- শ্বাসনলীৰ ওপৰত অৱস্থিত এই গ্ৰন্থিটো মানুহৰ আটাইতকৈ ডাঙৰ অন্ত:স্ৰাৱী গ্ৰন্থি। থাইৰয়ড গ্ৰন্থিৰ পৰা নিঃসৰিত হৰম’নে দেহৰ বিপাক আৰু বৃদ্ধি নিয়ন্ত্রণ কৰে। থাইৰয়ড গ্ৰন্থিয়ে থাইৰক্সিন নামৰ এবিধ হৰম’ন নিঃসৰণ কৰে। আয়ডিনৰ অভাৱৰ ফলত আমাৰ দেহত এইবিধ হৰম’নৰ ক্ষৰণ কমি যায় যাৰ ফলত গৰল (Goitre) ৰোগ হয়।

পিটুইটেৰী গ্ৰন্থি :- মটৰ গুটিৰ সমান এই গ্ৰন্থিটোৱে দেহৰ বৃদ্ধি আৰু অন্ত:স্ৰাৱী গ্ৰন্থিৰ ক্ষৰণ প্ৰক্ৰিয়া নিয়ন্ত্রণ কৰে। সেয়ে পিটুইটেৰী গ্ৰন্থিক মাষ্টাৰ গ্ৰন্থি বা Master Gland বুলি জনা যায়।

এড্ৰিনেল গ্ৰন্থি :- বৃক্কৰ ওপৰ অংশত অৱস্থিত এই অন্ত:স্ৰাৱী গ্ৰন্থি দেখাত টুপিৰ দৰে। এই গ্ৰন্থিৰ পৰা এড্ৰিনেলিন নামৰ এবিধ হৰম’ন নিঃসৰণ হয়। এড্ৰিনেলিন হৰম’নে দেহক প্ৰতিকূল অৱস্থাত যুঁজ দিয়াৰ ক্ষমতা প্ৰদান কৰে। এই হৰম’নৰ প্ৰভাৱত মানুহৰ খং, উত্তেজনা আদি হয়। এই হৰম’নক জৰুৰী হৰম’ন (Emergency Hormone) বুলিও কোৱা হয়।

লেঙ্গাৰহেন্সৰ দ্বীপপুঞ্জ (Isets of Langerhans) :- অগ্নাশয় হৈছে এটা মিশ্ৰ গ্ৰন্থি। বৰ্হিঃস্ৰাৱী আৰু অন্তঃৰ্স্ৰাৱী দুয়োটা অংশ অগ্নাশয়ত আছে। ইয়াত থকা বিশেষ কোষপুঞ্জক লেঙ্গাৰহেন্সৰ দ্বীপপুঞ্জ বোলে। ইয়াৰ দ্বাৰা ইনছুলিন আৰু গ্লুকাগ’ন নামৰ হৰম’ন ক্ষৰণ হয়। ইনছুলিনে তেজত গ্লুক’জৰ মাত্ৰা কমাই ৰাখে। ইয়াৰ অভাৱত ডায়বেটিছ ৰোগ হয়।

গোনাড গ্ৰন্থি :- পুৰুষৰ শুক্ৰাশয় আৰু স্ত্ৰীৰ ডিম্বাশয় হ’ল জনন গ্ৰন্থি। শুক্ৰাশয়ে নিঃসৰণ কৰা হৰম’নক এন্ড্ৰ’জেন (Androgens) বোলে। প্ৰধান এন্ড্ৰ’জেন বা পুৰুষ হৰম’নবিধৰ নাম হৈছে টেষ্ট’ষ্টেৰণ। এই হৰম’নবিধে পুৰুষৰ যৌন চৰিত্ৰবিলাক নিয়ন্ত্রণ কৰে। আনহাতে, ডিম্বাশয়ে নিঃসৰণ কৰা হৰম’নবোৰ হৈছে এষ্ট’জেন (Estrogen) আৰু প্ৰ’জেষ্টৰ’ণ (Prgogesterone) আদি। এই হৰম’নসমূহে স্ত্রীৰ যৌন চৰিত্ৰ বিকাশ আৰু নিয়ন্ত্রণ কৰে।

পিনিয়েল গ্ৰন্থি :- পিনিয়েল গ্ৰন্থি মগজুৰ পশ্চাৎ অংশত থাকে। এই গ্ৰন্থিৰ পৰা মেলাট’নিন নামৰ এবিধ হৰম’নৰ নিঃসৰণ হয়। ইয়াৰ ফলত ৰাতি টোপনি যোৱা , পুৱা শুই উঠা আদি কাৰ্য নিয়ন্ত্রণ হয়।

পেৰাথাইৰয়ড গ্ৰন্থি :- এই গ্ৰন্থিৰ পৰা পেৰাথাইৰয়ড হৰম’ন নিঃসৰণ হয়। ইয়াৰ ফলত শৰীৰত কেলছিয়াম আৰু ফছফৰাছৰ মাত্রা নিয়ন্ত্রণ হয়।

থাইমাছ গ্ৰন্থি :- এই গ্ৰন্থিৰ পৰা নিঃসৰিত হৰম’নবিলাকে ৰোগৰ পৰা আমাক সুৰক্ষা প্ৰদান কৰাত সহায় কৰে।

বিশ্ব স্বাস্থ্য সংস্থাই, মানুহৰ ১০ বছৰৰ পৰা ১৯ বছৰ বয়স কালক কৈশোৰ কাল আখ্যা দিছে। কৈশোৰ অৱস্থাত প্ৰজনন ক্ষমতা প্ৰাপ্ত হয় বাবে এই কালছোৱাক যৌৱনাৰম্ভ (Puberty) বুলি কোৱা হয়। যৌৱনৰ আৰম্ভণিত হৰম’নৰ প্ৰভাৱত মানুহৰ বিভিন্ন পৰিৱৰ্তন হয়। এই পৰিৱৰ্তনৰ ভিতৰত শাৰীৰিক উচ্চতা বৃদ্ধি, মানসিক-আৱেগিক-বৌদ্বিক বিকাশ, প্ৰজনন ক্ষমতা প্ৰাপ্তি, মাতৰ পৰিৱৰ্তন আদি অন্যতম।

কৈশোৰ কালত পিটুইটাৰী গ্ৰন্থিৰ হৰম’নৰ প্ৰভাৱত দেহত থকা অন্তঃৰ্স্ৰাৱী গ্ৰন্থিবোৰ সক্ৰিয় হৈ পৰে। এই হৰম’নৰ প্ৰভাৱত শুক্ৰাশয়ৰ পৰা টেষ্ট’ষ্টেৰন আৰু ডিম্বাশয়ৰ পৰা এষ্ট’জেন নিঃসৰণ হয়। কৈশোৰ অৱস্থাত যৌন হৰম’নে আৱেগ, উদ্বেগ, মেজাজ (ভাব) আদি নিয়ন্ত্রণ কৰে। টেষ্ট’ষ্টেৰনৰ প্ৰভাৱত পুৰুষৰ শুক্ৰাণু উৎপাদন হয়। আনহাতে, মহিলাৰ ক্ষেত্রত ডিম্বাণু নিঃসৰণ, ভ্ৰুণৰ প্ৰতিষ্ঠা তথা নিয়ন্ত্রণ আদি কাৰ্য এষ্ট’জেন আৰু প্ৰজেষ্টেৰ’ণ হৰম’নৰ প্ৰভাৱত হয়। মহিলাৰ ক্ষেত্রত প্ৰথম ঋতুস্ৰাৱেই (menstruation) হৈছে যৌৱন আৰম্ভণিৰ প্ৰথম পৰ্যায়। এই পৰ্যায়ক ৰজঃআগমন (menarche) বোলে যি ১০-ৰ পৰা ১৩ বা ১৪ বছৰ বয়সত হয়। এই ৰজঃআগমনক আমি সহজ অৰ্থত পুষ্পিতা বুলি কওঁ। ঋতুস্ৰাৱ বন্ধ হৈ যোৱা প্ৰক্ৰিয়াটোক ৰজঃগমন (menopause) বুলি কোৱা হয়।

কৈশোৰ কালত দ্ৰুত গতিত শাৰীৰিক আৰু মানসিক বিকাশ হয়। এই সময়ছোৱাত উপযুক্ত খাদ্যৰ প্ৰয়োজন। উপযুক্ত আহাৰে পুষ্টিহীনতাৰ পৰা সুৰক্ষা দিয়াৰ লগতে শৰীৰক বীজাণুৰ আক্ৰমণৰ পৰা ৰক্ষা কৰে। কাৰ্বহাইড্ৰেট, প্ৰ’টিন, লিপিড, ভিটামিন, আইৰন, কেলছিয়াম, জিংক আদি সমৃদ্ধ খাদ্য গ্ৰহণ কৰিলে বিভিন্ন ৰোগৰ পৰা হাত সাৰি থকা যায়। কৈশোৰ কালত ঘৰ্মগ্ৰন্থিৰ সক্ৰিয়তাৰ ফলত দেহৰ পৰা দুৰ্গন্ধ ওলায় যাৰ বাবে দৈনন্দিন গা ধোৱাৰ লগতে পৰিষ্কাৰ কাপোৰ পিন্ধিব লাগে।

কৈশোৰ কালত, নিচাযুক্ত দ্ৰব্য সেৱনৰ প্ৰতি সাধাৰণতে আকৰ্ষিত হোৱা দেখা যায়। ধুম্ৰপান, মদ্যপান, ড্ৰাগছ আদি নিচাযুক্ত দ্ৰব্য সেৱনৰ ফলত শাৰিৰীক-মানসিক স্বাস্থ্য নষ্ট হোৱাৰ সম্ভাৱনা অধিক। এই সময়ছোৱাত নিচাযুক্ত দ্ৰব্যৰ পৰা আঁতৰত থাকি শাৰিৰীক ব্যায়াম যেনে, খোজ কঢ়া, দৌৰা, চাইকেল চলোৱা, কিতাপ পঢ়া আদি বিভিন্ন কামত নিয়োজিত হ’ব লাগে।

কৈশোৰ কালত, বিশেষকৈ ল’ৰা-ছোৱালীবিলাকৰ ম’বাইল প্ৰীতি এক চিন্তনীয় বিষয়। ম’বাইলৰ এপ্লিকেশ্ব্যন তথা মাধ্যমবিলাকৰ ব্যৱহাৰ খুব কম কৰিবলৈ যত্ন কৰিব লাগে। উল্লেখ্য যে, বিভিন্ন ৱেবচাইটত সহজে উপলভ্য হোৱা অশ্লীল ভিডিঅ’ৰ প্ৰতি এই সময়ছোৱাত বহুতৰ আসক্তি দেখা যায়। আনহাতে, প্ৰযুক্তিৰ অপব্যৱহাৰৰ দ্বাৰা কোনো ব্যক্তিয়ে আন ব্যক্তিৰ ভাবমূর্তি বিনষ্ট কৰা, অকথ্য গালি-গালাজ, ফটো-বাৰ্তা (তথ্য) ভাইৰেল আদি কাৰ্যত লিপ্ত হয় যাৰ ফলত মানসিক স্বাস্থ্যৰ যথেষ্ট অৱনতি হয়। এই ক্ষেত্রত পিতৃ-মাতৃৰ লগতে শিক্ষক-শিক্ষয়ত্ৰী তথা সমাজৰ অত্যন্ত সচেতনতাৰ প্ৰয়োজন।

Leave a Reply

Your email address will not be published. Required fields are marked *