কলা আৰু কলাকাৰৰ স্বাধীনতা (প্ৰাচুৰ্য প্ৰাণ হাজৰিকা)
“Art is subjective”– এই কথাষাৰ বুজিবলৈ বৰ টান। আৰ্ট হিচাপে আৰ্ট সৃষ্টি কৰিব, নে সাধাৰণ জনতাৰ স্বাদৰ ওপৰত ভিত্তি কৰি আৰ্ট সৃষ্টি কৰিব (Art for art’s sake or art for people’s sake?) কলাৰ ধাৰণাখিনি সময়ে সময়ে পৰিৱৰ্তন হৈ থাকে আৰু সংৰক্ষণশীল সমাজখনৰ পৰা প্ৰতিবাৰেই কলাকাৰসকলে বাধা-বিঘিনি পাই আহিছে। প্ৰতিবাৰেই কলাকাৰসকলক কলা সৃষ্টিৰ বাবে কিমান স্বাধীনতা দিয়া উচিত, সেই সম্পৰ্কে আলোচনা হয়। এই আলোচনাখিনিৰ মাজেৰেই সমাজ এখনৰ চিন্তাধাৰাখিনি সলনি হোৱাৰ বাট মুকলি হয়। পৰম্পৰাগত আৰ্টৰ পৰা ফালৰি কাটি যোৱা আৰু তীব্ৰ সমালোচনাৰ সন্মুখীন হোৱা আৰ্টিষ্টৰ উদাহৰণ কেইটামান দিওঁ।
(১) ৰাজা ৰবি বৰ্মা (১৮৪৮-১৯০৬) আৰু তেওঁৰ চিত্ৰকলা
ৰাজা ৰবি বৰ্মাৰ জন্ম হৈছিল এক সংৰক্ষণশীল হিন্দু সমাজত। তেওঁ পৰম্পৰাগত চিত্ৰকলাৰ পৰা ফালৰি কাটি কেনভাচত মানৱ দেহৰ নগ্নতাক ফুটাই তুলিছিল। সেই সময়ত সেয়া সম্পূৰ্ণ সমাজবিৰোধী, ভাবিব নোৱৰা কথা। কিয়নো সমাজৰ মতে মানুহৰ নগ্ন দেহটো, বিশেষকৈ নাৰী দেহটো এক প্ৰকাৰৰ নিষিদ্ধ, তাক ঢাকি ৰাখিব লাগে। হিন্দু ধৰ্মৰ চৰিত্ৰ কিছুমানক সাঁচিপাতত অঁকা চিত্ৰৰ পৰিৱৰ্তন ঘটাই সাধাৰণ মানুহৰ দৰে আঁকি ৰবি বৰ্মাই ধৰ্মীয় বিশ্বাসৰ অপমান কৰা বুলি সমালোচনাৰ সন্মুখীন হৈছিল, ধৰ্মীয় গোড়ামিৰ সন্মুখীন হৈছিল। পিছে প্ৰাচীন ভাৰতীয় ভাস্কৰ্যবোৰত নাৰী দেহক নগ্নভাৱেই দেখুওৱা আছে বুলি তেওঁৰ সমালোচকসকলে পাহৰি গৈছিল। আনকি তেওঁৰ জীৱনৰ ওপৰত আধাৰিত “ৰং ৰাচিয়া” নামৰ বলিউডৰ চিনেমাখনেও যথেষ্টখিনি বাধা বিঘিনি অতিক্ৰম কৰিবলগীয়া হৈছিল [1]। আজি ৰবি বৰ্মাক ভাৰতৰ এজন আগশাৰীৰ চিত্ৰশিল্পী বুলি গণ্য কৰা হয়। আনকি আধুনিক যুগত হিন্দুধৰ্মৰ দেৱ-দেৱীসকলক সাধাৰণ জনতাই ৰবি বৰ্মাই অঁকাৰ দৰেই কল্পনা কৰে। ৰবি বৰ্মাৰ আৰ্ট অধ্যয়ন নকৰাকৈ ভাৰতীয় কলা বুৰঞ্জীৰ শিক্ষা আধৰুৱা হৈ ৰয়।
(২) ভেন গগৰ প’ষ্ট-ইম্প্ৰেছনিজিম, পাবলো পিকাছোৰ কিউবিজিম ইত্যাদি
ৰাজা ৰবি বৰ্মাই যিদৰে ভাৰতীয় চিত্ৰকলালৈ আধুনিকতা আনিলে, ঠিক সেইদৰে মনে'(ট), ভেন গগ, পিকাছো, এণ্ডি ৱাৰহল আদিৰ দৰে আৰ্টিষ্টসকলে পশ্চিমীয়া চিত্ৰকলাৰ ব্যাপক পৰিৱৰ্তন আনিছিল। ইউৰোপীয় নৱজাগৰণ (Renaissance)ৰ সময়ৰ পেইন্টিংবোৰৰ পৰা এইবিলাক আধুনিক পেইন্টিঙৰ পাৰ্থক্যবোৰ অতি সহজেই ধৰিব পাৰি। পিছে প্ৰথম অৱস্থাত এইবিলাক পেইন্টিঙে মানুহৰ প্ৰত্যাশাৰ লগত নিমিলাৰ বাবে কুৎসিত আখ্যা পাইছিল [2]। ভেন গগে নিজৰ জীৱনকালত তেওঁৰ নিজৰ পেইন্টিংবোৰে আজি পোৱা সমাদৰখিনি পোৱা নেদেখিলে। তেওঁ দৰিদ্ৰতাৰে ভৰা জীৱনটোত কেৱল এখনহে পেইন্টিং বিক্ৰী কৰিব পাৰিছিল (The Red Vineyard [3])। অথচ আজি আপুনি ভেন গগ, পিকাছোক চিনি নোপোৱা কলাপ্ৰেমী ব্যক্তি বিচাৰি নাপায়। আন নালাগে, আপুনি নীলপৱন বৰুৱাদেৱ বা দাদুল চলিহাদেৱৰ পেইণ্টিং বোৰেই চাবচোন! আৰ্টিষ্টজনক আৰ্ট সৃষ্টি কৰি থকা পৰ্যায়তেই পাবলগীয়া আদৰখিনি দিব লাগে।
(৩) বলিউডৰ চেঞ্চৰশ্বিপ
ভাৰতীয় সমাজৰ চিন্তাধাৰাখিনিত ধৰ্মীয় বা সামাজিক বাধ্যবাধকতাসমূহে অতি বেছিকৈ খোপনি ৰাখি বহুতো ক্ষেত্ৰত পৰিৱৰ্তনশীলতাৰ পৰিৱেশ নোহোৱা কৰি ৰাখিছে। সেইবাবেই ভাৰতীয় চলচিত্ৰ জগতখনত ইয়াৰ প্ৰভাৱ সময়ে সময়ে দেখি অহা যায়। ভাৰতীয় চলচিত্ৰত নগ্নতা, যৌনতা এতিয়াও নিষিদ্ধ। এজন প্ৰাপ্তবয়স্কৰ বাবে নগ্নতা বা যৌনতাৰ আলোচনাক নিষিদ্ধ বুলি ধৰা হয়, অথচ মাৰ-পিট, হত্যা-হিংসা আদিৰ দৰে বিষয়বস্তু থকা চিনেমাক শিশুৰ বাবেও উপযুক্ত বুলি ভৱা হয়। ধৰ্মীয় বিষয় এটাৰ ওপৰত নিৰ্মাণ কৰা চলচিত্ৰ এখনৰ কাহিনীটো কিছুমান মানুহৰ ধৰ্মীয় বিশ্বাসৰ ওপৰত আধাৰিত সাধুকথাৰ পৰা পৃথক হ’লে সেইখনক নিষিদ্ধ ঘোষণা কৰা হয়, আনহাতে ৰাজনৈতিক উদ্দেশ্যৰে বলপূৰ্বকভাৱে নিৰ্মাণ কৰা চিনেমাক যিমান পাৰি প্ৰচাৰ চলোৱা হয়। বেণ্ডিত কুইন (১৯৯৪)ৰ দৰে চিনেমাক নিষিদ্ধ ঘোষণা কৰা হয় [4], আৰু পদ্মাৱতীৰ (পদ্মাৱত, ২০১৮) দৰে চিনেমাৰ দৃশ্যাংশ আৰু নাম সলনি কৰি মূল বিষয়বস্তুৰ পৰা আঁতৰাবলৈ চেষ্টা কৰা হয় [5]।
(৪) ভাস্কৰ হাজৰিকাৰ আমিষ
আমিষ চলচিত্ৰৰখনৰ অগতানুগতিক কাহিনীটোৰ বাবে পৰিচালক ভাস্কৰ হাজৰিকাকো কঠোৰ সমালোচনা কৰা হৈছিল। আনকি কবি নীলিম কুমাৰেও আমিষৰ প্ৰতি ঋণাত্মক সমালোচনা কৰা দেখি আচৰিত হৈছিলোঁ। চলচিত্ৰৰখনৰ কাহিনীটোক অসামাজিক বুলি কোৱা হৈছিল, কিয়নো ইয়াত নৰমাংস ভক্ষণ, পৰস্ত্ৰীৰ লগত ৰোমাণ্টিক সম্বন্ধ ইত্যাদি দেখুওৱা হৈছিল, আৰু কোনো কোনোৱে এইবিলাক দৃশ্যই সমাজত বেয়া প্ৰভাৱ পেলাব বুলি কৈছিল। পিছে তেওঁলোকে আন গতানুগতিক চলচিত্ৰবোৰত দেখুওৱা মাৰ-পিট, বলাৎকাৰ, হত্যাকাণ্ড, ভূত-প্ৰেত, অন্ধবিশ্বাস, অপবিজ্ঞান, কোনো জাতি/সম্প্ৰদায়ৰ প্ৰতি কুমন্তব্য আদিৰ বেয়া প্ৰভাৱবোৰৰ কথা কোৱা নাই। আনকি মাৰ-পিট, যুদ্ধ, জুৱা/পাশা খেলা, নাৰীক পণ্য সামগ্ৰীৰ দৰে ব্যৱহাৰ কৰা ইত্যাদিবোৰ দেখোন মহাভাৰতৰ সাধুবোৰতেই আছে। আনকি লক্ষ্মীনাথ বেজবৰুৱাৰ বুঢ়ী আইৰ সাধুবোৰ ভালদৰে মন কৰিলে এতিয়া আচৰিত হওঁ; অথচ সৰুতে সেইবোৰ ভয়ংকৰ সাধু শুনিয়েই টোপনি গৈছিলোঁ। হিংসাত্মক ঘটনা, ডাইনী, লাগী-এলাগী এইবোৰ অসমীয়া জনজাতীয় সাধুবোৰত অতি সহজ কথা। মই ভাবোঁ যে আমিষত দেখুওৱা দৃশ্যই যদি দৰ্শকৰ মনত ঘৃণা বা চাচপেঞ্চ মনোভাৱৰ সৃষ্টি কৰিছে, সেয়াই চিনেমাখনৰ সাৰ্থকতা। সদায়েই যে হেপি এণ্ডিং হ’ব লাগিব, বা সদায়েই যে সপোনৰ জগতখনকেই চিনেমা এখনত দেখুৱাব লাগিব, সেয়া নহয়।
আপুনি কি বুলি ভাৱে? মানুহৰ কলা সৃষ্টিৰ ক্ষেত্ৰত সামাজিক নিয়ম-নীতি, ধৰ্মীয় বিশ্বাস, পূৰ্বৰে প্ৰতি থকা প্ৰত্যাশা, একঘেয়ামী আদিয়ে প্ৰভাৱ পেলোৱা উচিতনে?
এটা ধেমেলীয়া কথা কৈ সামৰণি মাৰোঁ। শেহতীয়াকৈ নীলিম কুমাৰৰ কবিতা আৰু ছৈয়দ আব্দুল মালিক ছাৰৰ কবিতাৰ লগত হোৱা বিতৰ্কবোৰ দেখি এটা কথাই বুজিলোঁ যে কিছুমান মানুহে কেৱল তলত দিয়াধৰণৰ কবিতাহে লিখিবলৈ দিব।
“মোৰ এটা ভাইটি আছে
তাৰ নাম কমল।
সি খাই ভাল পায়
কে.পি. আৰু বিমল।”
তথ্যসূত্ৰ :
[1] https://m.timesofindia.com/…/Ketan…/articleshow/44922595.cms
[2] https://www.agora-gallery.com/…/23/art-criticism-masterpie…/
[3] https://www.biography.com/…/vincent-van-gogh-biography-facts
[4] https://www.scoopwhoop.com/entertainment/banned-hoon-main/
[5] https://www.bbc.com/news/world-asia-india-42048512