কোলাহল (উপাসনা বৰদলৈ)
গ্ৰীষ্মত শীতৰ অপেক্ষা
শীতত বসন্তৰ
একাঁজলি ৰ’দত গাভৰু হোৱা
চোতালৰ মূৰত সুখৰ গোন্ধ।
তই দিয়া এৰীচাদৰ
গাত মেৰিয়াই বাট চাওঁ,
ফৰিংফুটা জোনাকত
বহিছ’ চাগে সাধুকথাৰ পোহাৰ মেলি!
পাহাৰী জুৰিৰ দৰে
চকুহালত মাতাল ৰাতি এটাৰ অগা-দেৱা,
কাৰ চিৎকাৰে সাৰে ৰাখে
বাদামী ৰঙৰ ৰাতিটোক?