গান শুনো আহক

কোমল ধানৰ কঠীয়া পৰালিনে নে নাই – ( ডা: ভগৱান দেৱ মিশ্ৰ)

বিদ্ৰোহী কিশোৰ কবি সুকান্ত ভট্টাচাৰ্যই এখন প্ৰকৃত স্বাধীন ভাৰতৰ সপোন দেখিছিল। তেখেতে কিন্তু নিজৰ জীৱন-কালত ভাৰত স্বাধীন হোৱা দেখা নাপালে। স্বাধীনতাৰ তিনিমাহ আগতেই মাত্ৰ বিশ বছৰ বয়সত তেখেতে জীৱন সামৰিলে। গতিকে স্বৰাজোত্তৰ ভাৰতৰ ভাল-বেয়া তেখেতে দেখা নাপালে। ভাৰতৰ স্বাধীনতাৰ আজিৰ ৰূপটো দেখি হয়তো তেখেতৰ বৰ মনোকষ্ট হ’লহেঁতেন! সুকান্ত ভট্টাচাৰ্যই  সেই সময়ৰ ডাকোৱাল জীৱনৰ দুখ-কষ্টৰ যি বৰ্ণন ‘ৰানাৰ’ কবিতাটোত কৰিছে সেয়া আচলতে সেই সময়ৰ সমাজ-জীৱনৰ প্ৰত্যাশা আৰু প্ৰাপ্তিৰ সংঘাতৰ জীয়া ছবি, সেই সংঘাত আজিও বৰ্তমান।

ঊনবিংশ শতিকাৰ প্ৰথম ভাগতেই বংগদেশত গীতক গান কৰাৰ প্ৰকৃত প্ৰচেষ্টা আৰম্ভ হৈছিল। গীত আৰু গানৰ সীমাৰেখাডাল বৰ অস্পষ্ট। গীতৰ লগত যোগ্যজনৰ সুৰ সংযোজিত হ’লেই গানৰ জন্ম হয়। গানৰো পিতৃ-মাতৃ থাকে। কিছুমান গানৰ এজন মানুহেই পিতৃও হয়, মাতৃও হয়। কোনোটো গানৰ আকৌ স্ৰষ্টা বহুকেইজন হয়। কিছুমান গানৰ স্ৰষ্টাৰ আকৌ পৰিচয় নাথাকে, গানবোৰ মুখে মুখে বাগৰি আহে। সুকান্ত ভট্টাচাৰ্যৰ ‘ৰানাৰ’ কবিতাটোত সুৰ কৰি গান কৰিবলৈ  উৎসাহী ব্যক্তিসকল হেমন্ত মুখাৰ্জীৰ ওচৰ পালেগৈ। হাৰম’নিয়মটো লৈ হেমন্ত মুখাৰ্জীয়ে সুৰ কৰিবলৈ যত্ন কৰিলে। অলপ পিছত হেমন্ত মুখাৰ্জীয়ে ক’লে, “তোমালোক সলিল চৌধুৰীৰ ওচৰলৈ যোৱা”। সলিল চৌধুৰীয়ে কবিতাটো পঢ়িলে আৰু হাৰম’নিয়মটোৰ ৰিড টিপি টিপি সুৰ এটা উলিয়ালে। সলিল চৌধুৰীয়ে অসমৰ পৰা বিশেষকৈ অসমৰ চাহ জনগোষ্ঠীৰ সাংস্কৃতিক জগতখনৰ পৰা বহু সুৰ বুটলিছিল। দূৰে দূৰে থাকিলেও কেশৱ মহন্তৰ প্ৰতিভাৰ লগতো পৰিচিতি এটা হৈছিল। কেশৱ মহন্ত গণনাট্য সংঘৰ কৰ্মী, সলিল চৌধুৰীও তাৰেই অক্লান্ত আৰু দুৰ্দান্ত কৰ্মী। ৰিড টিপিলেই গান। ‘ৰানাৰ’ কবিতাটো গান হৈ গ’ল। সেই গানটো হেমন্ত মুখাৰ্জীয়ে গালে, লতাজীয়ে গালে আৰু বহুতেই গালে। গানটোৱে বুকুত বিভিন্ন ভাষা লৈ ভাৰতবৰ্ষৰ গাঁৱে গাঁৱে জনসাধাৰণৰ মাজত বুকুৰ পৰা বুকুলৈ বগাই ফুৰিলে।

আজিকালি গাঁৱত কলৰে পাততে কাউৰী নপৰে, কাউৰীবোৰ চহৰমুখী হ’ল। এতিয়া ডাকোৱালো নাই, পিয়নো নাই। আজিৰ প্ৰজন্মৰ বাবে এইবোৰ কল্পকাহিনী। আজিকালি শব্দ বুটলিবলৈ শিল্পীসকল গাঁওলৈ বা পথাৰলৈ কাচিৎহে যায়। অভিধান বা গুগ’লত আনে বিচাৰি থোৱা ৰেডিমেড শব্দ ব্যৱহাৰ কৰি সাহিত্যত বা-মৰলী তোলে।

চতিয়া হাইস্কুলৰ ছাত্র কেশৱ মহন্ত নামৰ অত্যন্ত সংবেদনশীল ল’ৰাজনে পথাৰত, জলাশয়ত, হাবিত, টঙীঘৰত লগ পোৱা কৃষকজনৰ পৰা, ছৈ দিয়া গৰুগাড়ীত লগ পোৱা গাৰোৱানজনৰ পৰা শব্দবোৰ কোচত লৈ ঘৰ চাপিছিল। আহাৰৰ ডাৱৰৰ আঁৰৰ ডবাৰ মাত, জিলিৰ মাত, ভেকুলীৰ টোৰটোৰণি, শিশুসকলৰ মুখৰ আধাফুটা মাত (দেউতা বেগতে আহিবি, আহোঁতে জুনুকা আনিবি), মৰণা ফুৰোৱা কৃষকৰ মুখত হেইত্ হেইত্ গৰু খেদা মাত, পিছৰাতি সান্দহ খুন্দা ঢেঁকীৰ মুখত ঢেঁকীৰকুট্ ঢেঁকীৰকুট্ মাত, হোকা টনাৰ গুৰগুৰণি, শেৱালি সৰা মাত, টিনপাটৰ চালত বৰষুণ পৰা মাত, পাছৰাতি নিয়ৰ সৰা মাত, পথাৰত ৰোৱনী-দাৱনীৰ চুপতি—এইবোৰকেই তীক্ষ্ণ মগজুটোত সাঁচি থয় ল’ৰাজনে। গাঁৱলৈ সঘনে অহা ডাকোৱালজনৰ কান্ধৰ মোনাখনত সেইবোৰ শব্দকেই বিচাৰি চায় ল’ৰাজনে। নিজে চুব নোৱাৰা অথচ নিজৰেই মনৰ চেনেহবোৰ, আনৰ হাতৰ আখৰে কঢ়িওৱা বাৰতাবোৰো বিচাৰি পায় মিজীকাজানৰ ডাকোৱালজনৰ মোনাখনত।

অসমীয়া সাহিত্যৰ বিশিষ্ট কথাশিল্পী যোগেশ দাস কেশৱ মহন্তৰ বৰ ঘনিষ্ঠ আছিল, কেশৱ মহন্তৰ গীত আৰু কবিতাৰ বৰ অনুৰাগী আছিল। এজন নিম্ন মথধ্যিবিত্ত কেৰাণীৰ অভাৱজৰ্জৰ জীৱন এটাৰ ওপৰত কেশৱ মহন্তৰ এক অনন্য সৃষ্টিৰ সপোন দেখিছিল যোগেশ দাস ছাৰে। যোগেশ দাস ছাৰে কেশৱ মহন্তক কৈছিল “তুমি কেৰাণী এজনৰ জীৱনৰ বিষয়ে লিখাঁ”। কেশৱ মহন্তই কেৰাণীৰ কথা নিলিখি পিয়নৰ ৰূঢ় জীৱনৰ ওপৰত গীত এটা লিখিলে, কাৰণ কেশৱ মহন্তই সংগ্ৰামী আৰু গতিশীল জীৱন ভাল পায়। নিজেও সংগ্ৰামী আৰু গতিশীল। স্থাণুধৰ্মিতাৰ লগত তেখেতৰ আশৈশৱ বিৰোধ। গানটোৰ সুৰ কৰিবলৈ বহুত সুৰকাৰ আছিল, কিন্তু ৰুদ্ৰ বৰুৱাৰ সুৰটো সৰ্বজনগ্ৰাহ্য হ’ল। কণ্ঠ বহুত আছিল, কিন্তু খগেন মহন্তৰ কণ্ঠটো সৰ্বজনগ্ৰাহ্য হ’ল। গীতৰ পৰা এনেকৈয়ে গান হয়।

“চকুৰে নেদেখা দূৰণিতে
আছোঁহি পিয়নৰ চাকৰিতে”

“চিঠিৰ বোজা মই পিঠিত বান্ধি লৈ
পৰৰ চেনেহ কঢ়িৱাওঁ
মোৰহে চেনেহীয়ে কিনো ভাবিছে
তাৰ একো গমকে নাপাওঁ”

কেশৱ মহন্তৰ ডাকোৱালজনৰ আৱেগ অসমীয়া, আবেদন কিন্তু সাৰ্বজনীন।

“ৰানাৰ” গানটোতো আছিল এই একেই দুখ। আপোনজনৰ পৰা দূৰৈত থকাৰ দুখ—
“অনেক দু:খে বহু বেদনায় অভিমানে অনুৰাগে
ঘৰে তাৰ প্রিয়া একা শয্যায় বিনিদ্র ৰাত জাগে”

কেশৱ মহন্তৰ ডাকোৱালজনৰ স্মৃতিপটত গাঁৱৰ নৈসৰ্গিক সৌন্দৰ্যৰ প্ৰৱল অৱস্থান-

“পাখিত পাখি লগাই জাকি মাৰি
উৰে বগ জাকি মাৰি উৰে”

“ৰানাৰ” গানটিতো সুকান্ত ভট্টাচাৰ্য্যই আঁকিছে ৰাতিৰ আকাশ উপচি পৰা সৌন্দৰ্য-

“অবাক ৰাতেৰ তাৰাৰা আকাশে
মিটি মিটি কৰে চায়
কেমন কৰে ৰানাৰ সবেগে
হৰিণেৰ মত যায়”

“ৰানাৰ”-ত ডাকোৱালৰ হাতত লণ্ঠন আছিল। কেশৱ মহন্তৰ ডাকোৱালজনৰ হাতত পথাৰখনৰ হেঁপাহ আছিল। “ৰাণাৰ”-ত বাৰ্তা আহিছিল চহৰলৈ। “কলৰে পাততে” গানটোত বাৰ্তা  গৈছিল গাঁৱৰ ঘৰখনলৈ, গাঁৱৰ পথাৰখনলৈ। দুখ আছিল, যন্ত্ৰণা আছিল; কিন্তু নিৰাশা নাছিল।

“এই জীবনেৰ দু:খ কেবল জানবে পথেৰ তৃণ
এৰ কথা ঢাকা পড়ে থাকবেই কালো ৰাত্রিৰ খামে

“ৰানাৰ”-ত ডাকোৱালৰ খৰখেদা, ৰাতি নুপুৱাওঁতেই চহৰ পাব লাগিব। ৰাতি যে পুৱাবই তাৰ খবৰ ৰাইজক দিব লাগিব। গাঁৱৰ খবৰ চহৰলৈ আনি তাত নতুন ৰূপ দি আকৌ গাঁৱলৈ পঠাব লাগিব। গতিকে সলিল চৌধুৰীৰ সুৰটোৰ ছন্দ দ্ৰুত হৈছে।

“ৰানাৰ চলেছে বুঝি ভোৰ হয় হয়
আৰো জোৰে আৰো জোৰে হে ৰানাৰ দুৰ্বাৰ দুৰ্জয়”

আমাৰ ৰুদ্ৰ বৰুৱাৰ সুৰটোৰ ছন্দ অলপ মন্থৰ হৈছে, কাৰণ আমাৰ ডাকোৱালজন গাঁওৰেই। ৰুদ্ৰ বৰুৱাই গাঁৱৰ মাটিৰ পৰা চেপি আনে গানৰ সুৰ। অসমৰ অৰঙে দৰঙে ঘূৰি ফুৰি বুটলি আনি জিভাত স্থাপন কৰা নিভাঁজ আৰু নিখুঁত শব্দোচ্ছাৰণৰ সৈতে খগেন মহন্তৰ ব্যতিক্ৰমী কণ্ঠ তাত সংযোজিত হয়। এক ত্ৰিবেণী সংগম—কেশৱ মহন্তৰ কথা, ৰুদ্র বৰুৱাৰ সুৰ আৰু খগেন মহন্তৰ কণ্ঠ। গানৰ এই সোঁত বৈ আছে, বৈ থাকিব, বোৱাই ৰাখিব লাগিব। এই সোঁত গাঁৱৰ, গাঁৱৰ সোঁত গাঁৱলৈ বৈ আহিবই। গাঁৱৰ ল’ৰা গাঁৱৰ পৰা, পৰিয়ালৰ পৰা আঁতৰত আছে। বাৰিষাৰ ধাৰাসাৰ বৰষুণজাকৰ পিছত মৈ দিয়া বোকাই আমাৰ ডাকোৱালৰ মন কাঢ়িছে। পথাৰখন ঠিকে আছেনে নাই, খেতিডৰা ঠিকে আছেনে নাই, ঘৰখন বিশেষকৈ মানুহজনী আৰু সন্তানটো ঠিকে আছেনে নাই সেই চিন্তাবোৰেই ডাকোৱালৰ মূৰত পাকঘূৰণি খায় আছে—

“বাৰিষা আহিছে ধাৰাসাৰে
মৈ দিয়া বোকাই মোৰ মন কাঢ়ে”

“কোমল ধানৰ কঠীয়া পৰালিনে নে নাই
বকুল বৰাৰ গোচ ল’লিনে নাই
মন মোৰ উচ-পিচ কৰে”।

“ৰানাৰ”-ত ৰানাৰৰ কান্ধৰ মোনাত আন মানুহৰ টকা আছিল। সেই টকা কিন্তু অভাৱী ৰানাৰে চুব নোৱাৰে। আমাৰ অসমীয়া ডাকোৱালজনৰ পিঠিৰ মোনাখনত টকা নাছিল, গতিকে সিমান দুশ্চিন্তাও নাছিল। সেয়েহে শস্য চপোৱা মাহ আঘোনতেই প্ৰিয়তমা পত্নী জেউতিৰ কোলাত এৰি থৈ অহা কেঁচুৱা অৰ্থাৎ নিজৰেই তেজৰ উত্তৰিধিকাৰীৰ মুখৰ আধাফুটা মাতৰ মাদকতাৰ কল্পনা কৰি চকুলো টুকিছে কেশৱ মহন্তৰ ডাকোৱালজনে—

“দেউতা বেগতে আহিবি
আহোঁতে জুনুকা আনিবি
অবুজ চকুলো মোৰ সৰে সৰে”

আমাৰ জেউতিৰ প্ৰিয়তমজনে দুপৰীয়া জলপানত কোমল চাউল অথবা বৰা চাউল খোৱাৰ স্মৃতি মানসপটত সাঁচি ৰাখিলেও, জাকি মাৰি উৰা বগলীজাক স্মৃতিপটত সাঁচি থ’লেও, মৈ দিয়া বোকাত মনটো গুজি ৰাখিলেও কেশৱ মহন্তই কিন্তু ডাকোৱালজনক কৃষক সমাজখনৰ পৰা আঁতৰি যাবলৈ দিয়া নাই। ডাকোৱালজনৰ মুখেৰে সমগ্ৰ কৃষক সমাজকেই কৈছে—

“পথাৰত যদিহে উঠিছে ধল
হেৰুৱাই নিদিবি মনৰে বল
ৰাইজে মাৰিব ওখকৈ ভেটা
ধলে এৰি যাব পলসৰ এঠা”

এই গানটো এটা সময়ত গাঁৱৰ হালোৱা-হজুৱাৰ প্ৰাণৰ গান হৈ পৰিছিল, উছাহ-উদ্দীপনাৰ উৎস হৈ পৰিছিল, অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বিভিন্ন সভা-সমাবেশত খগেন মহন্তই এই গানটো গাই অসমীয়া সমাজখনক একগোট কৰিছিল। আজি কেশৱ মহন্ত নাই, ৰুদ্ৰ বৰুৱা নাই, খগেন মহন্ত‌ও নাই। গানটো কিন্তু আছে, তাৰ প্ৰাসংগিকতাও আছে। গানটোক আমি আকৌ অসমীয়া গৰীৱক একগোট কৰাৰ এপাত তীক্ষ্ণ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰাৰ গুৰুত্ব বাঢ়িছে।

গানটো ইয়াতে টিপি আকৌ এবাৰ শুনো আহক‌।

Leave a Reply

Your email address will not be published. Required fields are marked *