গল্প-কবিতা

ক’ৰবাত কেতিয়াবা লগ পাম তোমাক ।। ৰশ্মিৰীয়া গগৈ

মিছা ভাব-বিলাসত নিজ স্থানত ৰৈ থাকিও
কাহানিও ক্লান্ত হোৱা নাই মন
শেষ নোহোৱা কিছু কল্প-কথাৰ বাহিৰে
তোমালৈ আগবঢ়াব পৰাকৈ মোৰ আন একো নাই !
উশাহ ভঙা এসোপা শব্দই কেতিয়াবা
মোৰ মগজু আৰু ডিঙিত থিতাপি লয়
আৰু প্ৰতিবাৰ লোৱা নতুন উশাহটোত
মোক শ্বাসৰুদ্ধ কৰি পেলায় !

তথাপি তোমাক বিচাৰি দীঘল বছৰবোৰ অথলে নিয়াইছোঁ
মহানাগৰীক মুখবোৰত তোমাক বিচাৰিছোঁ
তোমাক বিচাৰি ফুৰিছোঁ নিস্তব্ধতাৰ বালিচৰত
পৃথিৱীৰ প্ৰতিজুৰি চকুত তোমাক বিচাৰি ফুৰিছোঁ।

তেজৰ নদীবোৰত,
ভোক আৰু ভোগৰ ভাতত !

এনে অস্থিৰতাৰেই কোনো এক দিনত
আমাক কোৱা হৈছিল, –
গতকালৰ সকলো বিষ-কথা আমি পাহৰি যাম,
তোমাতেই মুকুতিৰ বৃত্ত ভাঙি জীয়াবলৈ শিকিম
সমতাৰ কথা কম !

আৰু ঠিক তেতিয়াৰ পৰাই ইমান পিয়াহ
তোমাত জী উঠাৰ !
সমান হোৱাৰ !

তুমি জানোঁ দেখা নাই
যুদ্ধভূমিৰ ধূলিত লগা ভয়-নিচান
আমাৰ মাটিত আমাৰেই ভাই
সিহঁতে তেজ শুঁহি, পি খায় !

ক’ৰবাত অলপীয়া শকতি লৈ
চূড়ান্ত সাহসেৰে
বিপৰীতে আমি থিয় হওঁ
তেজৰ নদী বোৱাওঁ,
কাৰ্ফিউ মানো সময়ৰ

ক’ৰবাত মাতবোৰ অপহৃত হয়
আৰু মই ভচহু ভৰাবলৈ মাটিতেই চন্দুক সাজি থাকোঁ
ক’ত আছা !
আছা ক’ত !
স্বাধীনতা !

Leave a Reply

Your email address will not be published. Required fields are marked *