কথাৰ কথা— (মানসী গগৈ)
কথাবোৰেই কেতিয়াবা ভয়ংকৰ হয়
মিঠা কথাবোৰ
সামৰি থোৱা কথাবোৰ
হাঁহি আৰু কান্দোনৰ কথাবোৰ অতিক্ৰমি
কথাৰেই আঁতৰ হৈ যায় ওচৰৰ মানুহ
কথাবোৰ উৰি উৰি
মণিপুৰ হয়
নাঙঠ কৰে বাই ভনী
কথাবোৰ প্ৰতিবাদ হ’লে
শিলাসাঁকো হয়
কি কৰিম বাৰু ঘৰ ভেটিয়ে যদি নাথাকে
কাপোৰকে খুলি দিম
কথাবোৰ কৈ দিলে বুকু পাতল হোৱা দিন গ’ল
কথা কোনে শুনে
কথাৰ দাম কমিল
যি কথা কৈছিলা
ৰাখিছানে সেই কথা
নে বহুতক কওঁতে কওঁতে
ভৰহীন হ’ল কথাৰ।
মই মৰা নাই
কথাবোৰো।