কৌতুক সম্পৰ্কে কতিপয় টোকা-(প্ৰসেনজিৎ চৌধুৰী)
স্মৰণাতীত অতীজৰ গুহাবাসী মানুহে জানো ঢেকঢেকাই হাঁহিছিল? সমস্ত দিন খাদ্যৰ সন্ধানত ঘূৰি-পকি তেওঁলোকে আজৰি পৰত ৰং-ৰহইচ কৰিছিল নে? যদি কৰিছিল তেনেহ’লে কৌতুকো (Joke) সেই হাঁহি-ধেমালিৰ অংগ আছিল নে? প্ৰশ্নবোৰৰ উত্তৰ আমাৰ হাতত নাই। বিজ্ঞজনে তাৰ উত্তৰ অন্তত: আংশিকভাৱে দিব পাৰিব। আমি প্ৰসিদ্ধ নৃবিজ্ঞানী এক্ষলি মণ্টেগুৰ বক্তব্যৰ ওপৰত ভৰ দি ক’ব পাৰোঁ যে কথা কোৱাৰ ক্ষমতা আয়ত্ত কৰাৰ ফলতহে মানুহে প্ৰকৃত অৰ্থত হাঁহিবলৈ শিকিলে। ‘Why man laughs’ নামৰ এটা নিৱন্ধত নৃবিজ্ঞানীগৰাকীয়ে কৈছে: ‘Man being the only animal that speaks, is therefore the only animal that laughs. What is the association of laughter with speech? The suggestion is that laughter originated along with, more or less, the origin and evolution of pleasure’ (A. Montagu, P. 145)
হাঁহি-ফূৰ্তিৰ অন্যতম উৎস, ৰসিকতাপূৰ্ণ কথা-বতৰা— যাৰ এটা জনপ্ৰিয় ৰূপ (Form) হ’ল হাস্যোদ্ৰেককৰ অনু কাহিনী। অনুমান কৰিব পাৰি, এনে হাস্যৰসাত্মক অনু কাহিনীৰ প্ৰাৰম্ভিক বিকাশ সমাজ বিৱৰ্তনৰ আদিম স্তৰতেই হৈছিল। প্ৰথম অৱস্থাত এইবোৰ সম্ভৱত: অভিজ্ঞতা/পৰ্যবেক্ষন সম্ভূত সৰু সৰু কাহিনী (anecdote) আছিল। এইবোৰৰ কিছুমানত নিশ্চয় অতিৰঞ্জনৰ উপদান আছিল, কল্পনা প্ৰৱণতাৰ সাঁচ পৰিছিল। সেই আদিম মৌখিক পৰম্পৰাৰ কৌতুকধৰ্মী ধাৰাটোৰ সম্প্ৰসাৰিত ধাৰাবাহিকতা পৰৱৰ্তী কালত অব্যাহত থাকিল। কোৱা বাহুল্য, কৌতুক নিৰ্ভৰ ৰসিকতাৰ আদৰ আৰু আকৰ্ষণ একৈশ শতিকাৰ এই ব্যস্ততা বিড়ম্বিত সময়তো অকণো কমা নাই। বৰঞ্চ ক’ব পাৰি, ন প্ৰযুক্তিৰ প্ৰশ্ৰয় পাই, বিশেষকৈ ছ’চিয়েল মিডিয়াৰ কৃপাত, কৌতুকৰ বৈচিত্ৰ্য, আৱেদন, প্ৰচাৰ আৰু জনপ্ৰিয়তা বাঢ়িছেহে।
(২)
কৌতুকৰ সমাজতাত্ত্বিক অধ্যয়ন এক অতিশয় চিত্তাকৰ্ষক বিষয়। ইয়াৰ ব্যাখ্যা বিশ্লেষণে সমাজৰ বিভিন্ন স্তৰৰ মানসিকতাৰ ওপৰত আলোকপাত কৰিব পাৰে। অলপ আচহুৱা যেন লাগিলেও আমি ক’ব পাৰোঁ যে বহুতো কৌতুকৰ গৰ্ভত এনে কেতবোৰ ধাৰণা, মনোভাৱ, ইচ্ছা লুকাই থাকে যাৰ সৈতে ৰং-ধেমালিৰ কোনো পোনপটীয়া সম্পৰ্ক নাই। এই ধৰণৰ কৌতুকৰ প্ৰচ্ছন্ন অৰ্থৰ আঁৰত সচৰাচৰ আবেগৰ উদগনিহে লক্ষ্য কৰা যায়। দৃষ্টান্ত হিচাপে আমি ক্ষোভৰ কথা উল্লেখ কৰিব পাৰোঁ— যি ক্ষোভে কেতিয়াবা সমাজৰ কোনো এটা স্তৰ বা গোষ্ঠীৰ সমালোচনাত্মক মূল্যায়ন (social critique) ৰূপে আত্ম প্ৰকাশ কৰিব পাৰে। এচাম সুপ্ৰতিষ্ঠিত সুবিধাভোগী বৃত্তিজীৱিক নানা কাৰণে সৰ্বসাধাৰণে সাধাৰণতে বৰ ভাল চকুৰে নাচায়। তেওঁলোকৰ বিৰুদ্ধে মানুহৰ এটা ঘাই অভিযোগ হ’ল তেওঁলোকৰ অৰ্থলিপ্সা। এই অভিযোগ-প্ৰসূত অশ্ৰদ্ধাৰ এটা কৌতুকময় দৃষ্টান্ত লোৱা যাওক :
এজন মক্কেল নামী উকিল এজনৰ কাষলৈ গ’ল।
: ছাৰ, শুনিছোঁ আপুনি প্ৰতি তিনিটা প্ৰশ্নৰ উত্তৰ দিওঁতে ২০০০ টকা ফিজ লয়?
: হয়।
: অলপ বেছি হোৱা নাই নে আপোনাৰ ফিজ?
: অলপো বেছি নহয়। আপোনাৰ তৃতীয় প্ৰশ্নটো কি?
তৃতীয় প্ৰশ্নটো শুনি দুহেজাৰ টকা পকেটস্থ কৰিবলৈ চতুৰ উকিলজন উদগ্ৰীৱ হৈ পৰিছে। বাহুল্য-বৰ্জিত এই চুম্বক বৃতান্তটোত যেন ব্যংগ মিশ্ৰিত ক্ষোভৰ প্ৰচ্ছন্ন সুৰ এটা বিদ্যমান। সমজাতীয় কৌতুক ডাক্তৰ আৰু ৰাজনীতিকক কেন্দ্ৰ কৰিও ৰচিত হয়। ভাবী-ডাক্তৰ এজনৰ ভৱিষ্যৎ-ভাৱনাৰ সম্ভেদ দিয়া এটা কৌতুক এই প্ৰসংগত উল্লেখ কৰিব পাৰি:
শিক্ষক: তুমি ডাঙৰ হৈ কি হ’ব বিচাৰা, ডেণ্টিষ্ট নে হাৰ্ট স্পেচিয়ালিষ্ট?
ছাত্ৰ: ডেণ্টিষ্ট ছাৰ।
শিক্ষক: কিয়?
ছাত্ৰ: হাৰ্ট মানুহৰ এটা, দাঁত বত্ৰিশটা। এতেকে দাঁতৰ ডাক্তৰ হ’লেই লাভ, বেছি পইচা পাম।
প্ৰণিধানযোগ্য কথা হ’ল, বহু ক্ষেত্ৰত কৌতুকৰ সমালোচনাত্মক প্ৰচ্ছন্ন পাঠ (critical subtext) সম্পৰ্কে কৌতুকৰ স্ৰষ্টা বা বাহকসকল নিজে সচেতন নাথাকে। আনহাতে এনে কেতবোৰ কৌতুক আছে যিবোৰৰ উদ্দেশ্যৰ উলংগ ৰূপ চকুত পৰা বিধৰ। উদাহৰণ হিচাপে সাম্প্ৰদায়িক বিদ্বেষৰ বীজ সম্বলিত কৌতুকবোৰলৈ আঙুলিয়াব পাৰি। অৱশ্যে সামাজিক সমালোচনাক অগ্রাধিকাৰ দিয়া আমোদজনক আখ্যানতো কেতিয়াবা বক্তব্যৰ অনাবৃত ৰূপ চকুত পৰে। এটা নমুনা লোৱা যাওক। এবাৰ কেৰপাইক সোধা হ`ল— ‘স্বাধীনতাৰ ঠিক পিছৰ আৰু এতিয়াৰ মন্ত্ৰীসকলৰ মাজৰ পাৰ্থক্য কি?’ ‘স্বাধীনতাৰ ঠিক পিছত মানুহে জেল খাই উঠি মন্ত্ৰী হৈছিল, এতিয়া মন্ত্ৰী হোৱাৰ পিছত জেললৈ যায়।’ — কেৰপায়ে মন্তব্য দিলে। বক্তব্য পোনপটীয়া, কোনো লুক-ঢাক নাই।
(৩)
এ কে ৰামানুজনে তেওঁৰ ‘Folktales From India’ নামৰ গ্রন্থৰ পাণ্ডিত্যপূৰ্ণ ভূমিকাত কৈছে যে সংকলনখনত তেওঁ এনে কিছুমান হাস্যৰসাত্মক লোক-কাহিনী অন্তৰ্ভুক্ত কৰিছে যিবোৰৰ স্থিতি প্রচলিত পদানুক্রম (Hierarchy)ৰ বিপৰীতে— ‘Hat invert and subvert the hierarchies’ (A. K. Ramanujan, P. XXXi)। ৰামানুজনে সংকলনখনত সন্নিৱিষ্ট কৰা কেইবাটাও কৌতুকধৰ্মী কাহিনীত এই বৈশিষ্ট্যটো চকুত পৰে। পদানুক্রমবদ্ধ সমাজত মুষ্টিমেয় মানুহৰ কাৰণে শীৰ্ষাংশত আছুতীয়াকৈ আসন পতা থাকে। এওঁলোক ঐতিহ্যবাহিত সন্মান-সম্ভ্রমৰ দ্বাৰা সুৰক্ষিত। পিছে কৌতুকৰ পৰিহাসপ্ৰিয় স্রষ্টাৰ হাতত সমাজৰ মান্য পদানুক্রমিক চৰিত্রই তাৰ মৰ্য্যাদা হেৰুৱায়, গৃহীত ষ্টিৰিঅ’টাইপবোৰৰ প্রতিলোমন (Reversal) ঘটে। এই উক্তিৰ ব্যাখ্যাৰ্থে আমি ৰামানুজনৰ সদ্য-উল্লিখিত সংকলনখনত সন্নিৱিষ্ট পঞ্জাৱৰ এটা কৌতুকধৰ্মী কাহিনী চমুকৈ উল্লেখ কৰিব পাৰোঁ। এজন মোল্লাই মছজিদত বক্তৃতা দি আছিল। বিষয়: “পাপী লোক আৰু নৰকত তেওঁলোকে পাবলগীয়া যন্ত্রণা”। উপদেশমূলক বক্তৃতাৰ প্রকোপ বাঢ়ি যোৱাৰ লগে লগে ধৰ্মীয় উপদেষ্টাগৰাকীয়ে লক্ষ্য কৰিলে যে শ্রোতাৰ মাজত বহি থকা এজন দুখীয়া খেতিয়কৰ দুগালেদি বৈ পৰিছে দুধাৰি চকুলো। শ্রোতাৰ মনত বাগ্মিতাৰ গভীৰ প্রভাৱ পৰা বুলি অনুমান কৰি হৃষ্টচিত্তে মোল্লাই খেতিয়কজনক সুধিলে: ‘তোমাৰ পাপৰ কথা ভাবি তুমি কান্দিছা?’ চকুপানী মচি খেতিয়কে ক’লে: ‘পাপৰ কথা মই ভবা নাই। যোৱা বছৰ মোৰ এটা ছাগলী মৰিল। সেই ছাগলীটোৰ সুন্দৰ একোছা ডাঢ়ি আছিল— ঠিক আপোনাৰ দৰে। মই ছাগলীটোৰ কথাহে ভাবিছিলোঁ। ছাগলীটোৰ মৃত্যুত মোৰ যে কিমান লোকচান হ’ল!’ উপস্থিত ৰাইজে সজোৰে হাঁহিলে আৰু বিব্রত মোল্লাজনে ধৰ্মগ্রন্থত আশ্রয় ল’লে। (P. 112)
এই ধৰণৰ ব্যংগমিশ্রিত ৰসিকতা যে সামাজিক সমালোচনা (Social critique)ৰ প্রচ্ছন্ন পটন্তৰ তাত কোনো সংশয় নাই। সাধাৰণ মানুহ নিজৰ সমস্যা-সংকুল জীৱনক লৈ অহৰহ চিন্তিত। স্বৰ্গ-নৰকৰ কথা ভাবি বৰকৈ ব্যস্ত থাকিবলৈ তেওঁলোকৰ অৱসৰ তথা আগ্রহ নাই। খেতিয়কজনৰ বাস্তৱ জীৱনৰ দুখ আৰু লোকচানে আমাক যেন সেই কথাটোৱেই সোঁৱৰাই দিছে। এই প্রসংগত আমি ৰামানুজনৰ সংকলনত সন্নিৱিষ্ট অন্য এটা হাস্যৰসাত্মক কাহিনী উল্লেখ কৰিব পাৰোঁ। বংগৰ পৰা সংগৃহিত এই কৌতুকধৰ্মী কাহিনীটো আচলতে অলৌকিক ক্ষমতা আৰু ব্রত তথা জপ-তপক কটাক্ষ কৰাৰ এটা মনোগ্রাহী নিদৰ্শন—
ধৰ্মাত্মা পুৰুষ এজনে নৈৰ পাৰত ধ্যান কৰি আছিল। এইগৰাকী ধ্যানমগ্ন লোকক নিজৰ অলৌকিক ক্ষমতাৰে বিস্ময়াভিভূত কৰাৰ মানসেৰে অন্য এজন ধৰ্মিষ্ঠ ব্যক্তিয়ে পানীৰ ওপৰেৰে খোজ কাঢ়ি আহি প্রথমজনক সুধিলে: ‘মই কি কৰিলোঁ দেখিলানে?’ উত্তৰ: ‘দেখিলোঁ। ক’ত শিকিলা পানীৰ ওপৰেৰে খোজ কাঢ়িবলৈ?’ প্রশ্নটোৰ উত্তৰত তেওঁ ক’লে: ‘বাৰ বছৰ ধৰি হিমালয়ৰ নামনিত কৰা যোগাভ্যাস তথা কৃচ্ছ্রসাধনাৰ বলত মই এই ক্ষমতা লাভ কৰিছোঁ। এখন ভৰিত থিয় দি মই সপ্তাহত ছয়দিন উপবাসে আছিলোঁ।’ ‘হয়নে? ইমান কষ্ট কৰিলা কিয়? দুপইছা দিলেই দেখোন তোমাক নাৱৰীয়াই নৈ পাৰ কৰি দিব।’ (P. 314-15)
এইখিনিতে আমি প্রাচ্যবিদ ৱেনডি ডনিগাৰৰ গ্রন্থত পঢ়িবলৈ পোৱা এটা কৌতুকধৰ্মী সংস্কৃত কবিতাৰ ইংৰাজী অনুবাদ উদ্ধৃত কৰাৰ লোভ সম্বৰণ কৰিব পৰা নাই। তিৰ্য্যক ভংগীৰে কৃচ্ছ্রসাধনাৰ ভাও ধৰা তথাকথিত ভিক্ষুক/সন্ন্যাসীক ব্যংবিদ্ধ কৰা কবিতাটো এইধৰণৰ:
‘So, friar (bhikshu), I see you have a taste for meat.’
‘Not that it’s any good without some wine.’
‘You like wine too then?’
‘Better when I dine with Pretty harlots.’ ‘Surely such girls eat No end of money.’ ‘Well I steal, you see, on win at dice.’
‘A thief and a gambler too?’
‘Why, certainly, what else is there to do? Aren’t you aware I’m vowed to poverty?’
(Wendy Donigar, p.51)
ধৰ্মীয় ভণ্ডামীক লৈ ৰসাল গল্প ৰচনা কৰাৰ নিদৰ্শন অন্যান্য দেশতো বেছ সুলভ। জনা যায়, ইউৰোপৰ আধুনিক যুগৰ সূচনাৰ পৰাই লম্পট যাজকসকল হৈ পৰিছিল হাঁহি তামাচাৰ লক্ষ্য – Lecherous clerics have been comic regulars at least since the Renaissance, since their behavior is so at odds with our concept of their station.’ (N.Carrott, P.23) এই ধৰণৰ ৰসিকতাত সাধাৰণতে ৰাজহুৱা ভাবমূৰ্তিৰ লগত বাস্তৱ জীৱনৰ বিসংগতি দেখুৱা হয় হাস্যোদ্ৰেককৰ লঘু ভংগীৰে।
(৪)
নাৰী পুৰুষৰ সমতা সম্পৰ্কে সজাগতা সাংস্কৃতিক আধুনিকীকৰণৰ এটা লেখত ল’বলগীয়া সামাজিক বৈশিষ্ট্য। বহুলাংশে এই সজাগতাৰ ফল স্বৰূপে বৃহৎ সমাজ আৰু পাৰিবাৰিক পৰিমণ্ডলত লিংগ(gender)ৰ ভিত্তিত ক্ষমতাৰ যি সমীকৰণ তাত ফাট মেলা দেখা গৈছে, – অন্তত: ক্ষেত্ৰ বিশেষে। পিতৃতন্ত্ৰৰ প্ৰহৰী আৰু সমৰ্থকসকলৰ দৃষ্টিত মান্য পৰম্পৰাৰ ওপৰত এই আঘাত অনভিপ্ৰেত আৰু তৎজনিত নতুন অভ্যাস আচৰণ নিন্দনীয়। জনপ্ৰিয় কৌতুকৰ দাপোনত আমি এই ৰক্ষণশীল প্ৰতিক্ৰিয়াৰ প্ৰতিচ্ছবি দেখা পাওঁ। ধাৰণা হয়, নাৰী যিমানেই পৰম্পৰাৰ পৰিৱেষ্টনৰ পৰা ওলাই আহিছে সিমানেই তেওঁলোক তুচ্ছ তাচ্চিল্যৰ টাৰ্গেট হৈ পৰিছে। অলপতে এখন দৈনিক কাকতত ছপা হোৱা এটা কৌতুক এই প্ৰসংগত উল্লেখ কৰিব পাৰি:
শিক্ষক: তেওঁ বাচন ধুইছে আৰু বাচনবোৰ তেওঁৰ দ্বাৰাই ধুওৱা হৈছে – এই দুটা বাক্যৰ মাজত পাৰ্থক্য কি?
ছাত্ৰ: ছাৰ, প্ৰথম বাক্যটোত কৰ্তা অবিবাহিত, দ্বিতীয়টোত কৰ্তা বিবাহিত!
শিক্ষক: কন্দুৱাই দিলি অ’!
স্বামীৰ যি ষ্টিৰিঅটাইপ পিতৃতান্ত্ৰিক সমাজত সুলভ তাৰ প্ৰতিলোমন (reversal) কৌতুকটোৰ মৰ্মকথা। যদি আমি ছাত্ৰজনৰ উত্তৰৰ শেষাংশ সলাই ‘দ্বিতীয়’টোত কৰ্ত্ৰী বিবাহিতা’ কৰি দিওঁ তেতিয়া কিন্তু কৌতুকটো হৈ পৰিব নিৰস, নিস্তেজ। লিংগ-পৰিৱৰ্তনৰ ফলত কৌতুকটো স্বধৰ্মচ্যুত হোৱা কথাটোৱে তাৰ পিতৃতান্ত্ৰিক চৰিত্ৰ উদঙাই দিয়ে। চাণ্টা বাণ্টাৰ কথোপকথনতো আমি প্ৰায় এনে ধৰণৰ মনোভাৱৰ আভাস পাওঁ। বাণ্টাই কৈছে, ‘মোৰ দেউতাই বেংকৰ চাকৰি কৰে, তোমাৰ দেউতাই কি কৰে?’ চাণ্টাৰ সপ্ৰতিভ উত্তৰ, -‘ মায়ে যি যি কৰিব দিয়ে সকলো কৰে।’ লিংগ পৰিৱৰ্তন কৰিলে এই খুহুতীয়া প্ৰশ্নোত্তৰো সাধাৰণ কথোপকথন হৈ পৰিব, – হাস্যৰহিত, প্ৰাত্যহিক জীৱনৰ অনাকৰ্ষণীয় আখ্যান।
সমধৰ্মী কৌতুক এটাৰ কথা এইখিনিতে উল্লেখ কৰাটো অপ্ৰাসংগিক নহ’ব। অল্প বয়স্ক লগুৱাই গৃহিনীৰ চৰ খাই কান্দি কান্দি গৃহস্থক গোচৰ দিলে। নিৰ্বিকাৰ গৃহস্থৰ সান্তনাসূচক মন্তব্যত আত্মসমৰ্পনৰ সুৰ প্ৰকট: ‘তাতে কি হ’ল? মোক জানো কেতিয়াবা কন্দা কটা কৰা দেখিছ?’ অলপ সাল-সলনি কৰি কৌতুকটোক বেলেগ ৰূপ দিয়া যায়: পৰিয়াল-পতি গৃহস্থৰ চৰ খাই কন্দনামুৱা হৈ অভিমানী লগুৱাই গৃহিনীৰ সমবেদনা বিচাৰিছে আৰু গৃহিনীয়ে মূল কৌতুকটোত গৃহস্থই কোৱা সান্তনাসূচক কথা কেইষাৰ কৈছে: ‘তাতে কি হ’ল? মোক জানো কেতিয়াবা কন্দা কটা কৰা দেখিছ?’ মন কৰিবলগীয়া, কৌতুকটোৰ এই ৰূপান্তৰিত ৰূপটো হাস্যসৰাত্মক হৈ নাথাকিল। কিয়নো পাৰিবাৰিক হিংসা পিতৃতান্ত্ৰিক পৰিয়ালত দুৰ্লভ নহয়।
কিছুমান কৌতুকত অৱশ্যে নাৰীৰ উপস্থাপন অলপ বেলেগ ধৰণৰ। এটা নমুনা লোৱা যাওক: গাখীৰ খাই ভাল নোপোৱা স্বামীক এদিন ঘৈণীয়েকে জোৰকৈ গাখীৰ খুৱালে। আচৰিত হৈ স্বামীয়ে কাৰণ জানিব বিচাৰোঁতে ক’লে ‘আজি নাগ-পঞ্চমী।’ আৰু এটা চিত্তাকৰ্ষক কৌতুকত আমি নাৰী-মনৰ সম্ভেদ পাওঁ। কৌতুকটোত স্বামীয়ে সীতাৰ স্বামী-ভক্তিৰ কথা কৈছে, কিন্তু পত্নীয়ে সীতাৰ শাহু-ভীতিৰ বিষয়টোকহে অগ্ৰাধিকাৰ দিছে:
পুত্ৰ: ৰামচন্দ্ৰ ১৪ বছৰৰ কাৰণে বনলৈ যাওঁতে সীতাই কিয় অযোধ্যাত নাথাকি ৰামচন্দ্ৰৰ লগত গ’ল?
পিতৃ : কাৰণ তেওঁ স্বামীক সংগ দিব বিচাৰিছিল।
মাতৃ : আচল কথা হ’ল- সীতাই তিনি গৰাকী শাহুৰ লগত থাকিব বিচৰা নাছিল।
(৫)
জাতিগত কৌতুক (ethnic jokes)ত বিশেষ একোটা জনগোষ্ঠীক লৈ ৰং-ৰহইছ কৰাৰ প্ৰৱণতা প্ৰকট। অধিকাংশ ক্ষেত্ৰত এইবোৰৰ আঁৰত-অৱচেতন ভাবে হ’লেও- থাকে উচ্চাত্মিকাবোধ অৱজ্ঞাৰ ভাব বা বিদ্বেষ। জাতিগত কৌতুকৰ আধাৰ ষ্টিৰিঅ’টাইপ– ‘ক’ জনগোষ্ঠী এলেহুৱা, ‘খ’-ৰ মস্তিস্ক উদং, ‘গ’-ৰ টেঙৰালি সীমাহীন। বিজ্ঞজনে এইবিধ ‘stereotypical humour’ ৰ ক্ষতিকৰ সামাজিক ভূমিকাৰ প্ৰতি চকু নিদিয়া নহয়। এন. কেৰ’লৰ মতে অন্ততঃ কেতবোৰ কৌতুক অনৈতিক (immoral)। তেওঁৰ সুচিন্তিত ব্যাখ্যামূলক বক্তব্য হ’ল- “A racist joke told with the intention to vilify in the presence of and at the expense of a member of a minority can be hurtful. That is wrong, morally. But Even if the joke is told behind the back of its target, it may still cause harm either be reinforcing pernicious, systematic stereotypes or at least by encouraging indifference to their existence and dissemination.’ আমোদজনক কথা হ’ল, কোনো জনগোষ্ঠীৰ লোকে তেওঁলোকৰ বিষয়ে প্ৰচাৰিত ষ্টিৰিঅ’টাইপৰ আলমলৈ নিজেই ৰসাল কাহিনী ৰচনা কৰে। (N. Carroll, p-11) খুশৱন্ত সিঙৰ চৰ্দাৰ-কেন্দ্ৰিক ৰসাত্মক কাহিনীবোৰ এই প্ৰসংগত স্মৰ্তব্য। আয়াৰলেণ্ডবাসীয়ে তেওঁলোকৰ মাত্ৰাধিক মদ্যপানৰ বিষয়ে তেওঁলোকে নিজেই ৰং-ৰগৰ কৰে। (নিশ্চিত ভাবে ক’ব পাৰি, এইধৰণৰ কৌতুকবোৰ আমোদৰ উপকৰণ, তাৰ আঁৰত জাতিগত নেতিবাচক মনোভাব নাই। অৱশ্যে নিম্নবৰ্গীয় স্বজাতীয় মানুহক লৈ সৃষ্ট কৌতুকত শ্ৰেণীগত উন্নাসিকতা তথা উচ্চমান্যতাৰ ভাব থকাটো সম্ভৱ।)
ষ্টিৰিঅ’টাইপ ভিত্তিক জাতিগত কৌতুকবোৰত বিশেষ এটা বৈশিষ্ট্যক- সৰহ ক্ষেত্ৰত এনে বৈশিষ্ট্যবোৰ কল্পিত বা অতিৰঞ্জিত- জাতীয় চৰিত্ৰ ৰূপে উপস্থাপিত কৰা হয়। দৃষ্টান্ত হিচাপে ক’ব পাৰি, ইহুদিসকলক লৈ ৰচিত কৌতুকবোৰত বৈষয়িক বিষয়ত তেওঁলোকৰ ধূৰ্তালিৰ ওপৰত গুৰুত্ব দিয়া হয়। আফ্ৰিকীয় মূলীয় আমেৰিকানসকলৰ বিষয়ে প্ৰচাৰিত কৌতুকবোৰত তেওঁলোকৰ জবৰদস্ত যৌনতাই প্ৰাধান্য পায়, (Carroll, p-88) কৃষ্ণাংগসকলক লৈ অন্য ধৰণৰ কৌতুকো আছে। যেনে-How did a passerby stop a group of black men from gang rape? He threw a basketball’ (N. Carroll, pp, 111) বাস্কেট বলৰ প্ৰতি কৃষ্ণাংগসকলৰ যি সৰ্বগ্ৰাসী আকৰ্ষণ সিয়েই কৌতুকটোৰ সাৰ কথা।
আমাৰ অসম মুলুকতো এনে হাস্য-উদ্ৰেককাৰী জাতিগত কৌতুকৰ অভাৱ নাই। উজনি অসমৰ এটা বিশেষ জনগোষ্ঠীক কেন্দ্ৰ কৰি বহু ফুচুৰি গল্প আছে, – য’ত তেওঁলোকক উপস্থাপন কৰা হয় চতুৰালিৰ চৰম নমুনা হিচাপে। দৃষ্টান্ত: নাৱৰীয়াই নিজৰ জনগোষ্ঠীয় উচ্চাৰণেৰে চিঞৰিছে, – আহক আহক, ফিৰি নাও (free নাও), ফিৰি নাও।’ আনন্দ মনে কেইবাজনো যাত্ৰী নাৱত উঠিল। নাৱৰীয়াৰ সহকাৰীয়ে ভাড়া বিচাৰোঁতে আদহীয়া যাত্ৰী এজনে জাঙুৰ খাই উঠিল, – ‘কি কথাহে? তোমালোকে দেখোন Free নাও বুলি চিঞৰি আমাক মাতিছিলা। এতিয়া পইচা বিচাৰিছা কিয়?’ চতুৰ সহকাৰীৰ সপ্ৰতিভ উত্তৰ- ‘ককাই, মই মই free নাও কোৱা নাছিলোঁ। ফেৰী নাও বুলিহে চিঞৰিছিলোঁ। দিয়ক ভাড়া।’ এয়া ব্যৱসায়ীক বুদ্ধিৰ হাস্যোদ্ৰেককৰ উপস্থাপন। আনহাতে ‘বুদ্ধিহীনতা’ক বিদ্ৰুপবিদ্ধ কৰাৰ মানসেৰে ৰচিত কৌতুকো আছে। অসমৰ এটা প্ৰভাৱশালী জনগোষ্ঠীৰ বুদ্ধিমত্তাক উপলুঙা কৰা এটা কৌতুক হ’ল : এই জনগোষ্ঠীৰ কোনো লোকক দীৰ্ঘ সময়ৰ কাৰণে ব্যস্ত ৰখাৰ এটা কৌতুহলোদ্দীপক উপায় আছে। উপায়টো হ’ল, এখন উকা কাগজৰ দুয়োফালে PTO (Please Turn Over) লিখি পঢ়িবলৈ দিলে তেওঁ একাগ্ৰচিত্তে কাগজখন লুটিয়াই থাকিব, অবিৰতভাৱে। অনুমান কৰিব পাৰি, এই ধৰণৰ জাতিগত কৌতুকৰ আঁৰত উচ্ছাত্মিকাবোধৰ উদগনি থাকে। হয়তো বিদ্বেষৰ উপাদানে তাক অধিক অসংবেদনশীল কৰি তোলে।
(৬)
আত্মপৰিচয় (Identity)ৰ সচেতনতাই মানুহৰ মনোজগতলৈ গুনগত পৰিৱৰ্তন আনে, সমূহীয়া অনুভূতিক প্ৰতিক্ৰিয়াৰ চোক বঢ়ায় আৰু অৱজ্ঞা অন্যায়ৰ, – আনকি সি অতিৰঞ্জিত হ’লেও, তাৰ বিৰুদ্ধে মাতিবলৈ যুক্তি যোগায়। এই প্ৰৱণতা সাম্প্ৰতিক কালত বাঢ়িছে। ফলস্বৰূপে জাতি-জনগোষ্ঠীক লৈ হাঁহি-তামাচা কৰা কৌতুকবোৰৰ প্ৰচাৰ আগৰ দৰে নিৰাপদ আৰু নিৰ্বিঘ্ন হৈ থকা নাই। (সম্ভৱ সেই কাৰণে নাৰী বিষয়ক কৌতুকৰ অ-মৌখিক (non-verbal) প্ৰচাৰ কম।) এই নব্য প্ৰৱণতাৰ বিষয়ে কুশাগ্ৰবুদ্ধি কৌতুক স্ৰষ্টা খুশৱন্ত সিঙে তেওঁৰ এখন সংকলনৰ পাতনিত কিঞ্চিৎ আভাস দিছে। চৰ্দাৰজীক লৈ ৰচিত তেওঁৰ বহু ৰসাল অনু-কাহিনী সৰ্বজন সমাদৃত। পিছে সিঙে আমাক জানিবলৈ দিছে যে শিখসকলে আগৰ দৰে এই কৌতুকবোৰ উপভোগ নকৰে, – They have become oversensitive about others laughing at them.’ (K. Singh, Joke Book 7, p. 6) সন্দেহ নাই এই স্পৰ্শকাতৰতাৰ লগত পৰিচিতি-সচেতনতা সম্পৃক্ত।
খুচৱন্ত সিঙে পৰিচিতিকেন্দ্ৰিক প্ৰতিক্ৰিয়াৰ প্ৰত্যাশিত সোৱাদ পাইছিল একৈশ শতিকাৰ আদ্য পৰ্বতেই। ২০০৪ চনত তেওঁ Shiromani Gurudwara Prabandhak Committee ৰ পৰা এখন সতৰ্কতামূলক জাননী পালে। উক্ত জাননীত কোৱা হ’ল – শিখসকলৰ অনুভূতিত আঘাত কৰিব পৰা কৌতুক প্ৰচাৰৰ পৰা তেওঁ যেন বিৰত থাকে। সমধৰ্মী সকীয়নি মাৰোৱাৰী সংগঠন, শিৱ সেনা আৰু আৰ এচ এচৰ পৰাও পোৱা বুলি সিঙে আমাক জানিবলৈ দিছে। (K. Singh, Joke Book 7, pp, 6-7) কোৱা বাহুল্য যে এই ধৰণৰ জাননী বা অন্য প্ৰকাৰৰ ভাবুকিয়ে কৌতুকৰ লিখিত ৰূপৰ ওপৰতহে প্ৰভাৱ পেলাব পাৰে। মৌখিক মাৰ্গেৰে জাতিগত কৌতুকৰ যি বিস্তাৰ তাক ই ৰোধ কৰিব নোৱাৰে। সংগঠনৰ সকীয়নি তথা আইনী ব্যৱস্থা এই ক্ষেত্ৰত অসহায়। উল্লেখ্য, ‘মৌখিক বা বাচিক কাহিনী এটা লিখিত পৰম্পৰাত প্ৰৱেশ কৰিলেও সেই কাহিনীৰ বাচিকতা (orality) ৰক্ষিত নোহোৱাকৈ নাথাকে।’ (নবীন চন্দ্ৰ শৰ্মা, পৃ:৪) গতিকে লিখিত ৰূপত জাতিগত খুহুতীয়া গলুৰ প্ৰচাৰ বন্ধ বা বক্তব্য পৰিৱৰ্তিত হ’লেও মৌখিক পৰম্পৰাত প্ৰচাৰিত জাতিগত কৌতুক অমাৰ্জিত/অপৰিশোধিত ৰূপতেই চলি থাকিব পাৰে।
নিভাজ হাস্যৰস যিবোৰ কৌতুকৰ মৰ্ম, – য’ত তিৰষ্কাৰ বা তাচ্চিল্যৰ প্ৰৱণতা নাই, তেনে কৌতুকক লৈ কোনো সমস্যা নাই। এইবোৰ বেছ জনপ্ৰিয়, তাৰ বিস্তাৰৰ বাটো নিষ্কণ্টক। পিছে সকলো কৌতুক এইধৰণৰ নহয়। বহুতো আমোদজনক আখ্যানত সমালোচনাৰ সুৰ এটা প্ৰচ্ছন্ন হৈ থাকে, কেতিয়াবা এই সুৰ অনাবৃত্তও হৈ পৰে। অনুপেক্ষনীয় বিষয় হ’ল, ব্যংগাত্মক সমালোচনাৰ সাৰ সদায় যে শ্লাঘনীয় সিও নহয়। সুবিধাভোগী আৰু প্ৰভাৱশীল শ্ৰেণীক লৈ কৰা হাঁহি তামাচা আৰু পীড়িত তথা প্ৰান্তিকায়িত গোষ্ঠীক তুচ্চ জ্ঞান কৰাৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে। এই সকলো দিশ বিবেচনা কৰি আমি ক’ব পাৰোঁ যে কৌতুকৰ নৈতিক মূল্যাংকনৰ কাম ফেৰা বৰ সহজ নহয়। বিতৰ্কমূলক কৌতুক সম্পৰ্কে এন, কেৰ’লৰ মননশীল মন্তব্য এই প্ৰসংগত স্মৰ্তব্য: ‘— when it comes to evaluating humaour, it is important to take into account who tells the joke, in which context, and with what intention.’ (N. Carroll, pp, 90-91) লক্ষনীয়, কিছুমান কৌতুকৰ একাধিক ব্যাখ্যা থাকিব পাৰে। আনহাতে শ্ৰোতাৰ/পঢ়ুৱৈৰ/ দৰ্শকৰ মানসিকতা তথা আনুভূতিক স্পৰ্শকাতৰতাৰ ওপৰতো কেতিয়াবা প্ৰতিক্ৰিয়াৰ চৰিত্ৰ নিৰ্ভৰ কৰে। আপাত দৃষ্টিত সহজ যেন লাগিলেও বিষয়টো কিছু জটিল। সদ্যহতে আমি এটামীমাংসাত উপনীত হ’ব পাৰোঁ: কোনে কৈছে, কাক কৈছে আৰু কি উদ্দেশ্যে কৈছে – ঘাইকৈ এই তিনিটা কথাৰ ওপৰত বিতৰ্কমূলক কৌতুকবোৰৰ নৈতিক চৰিত্ৰ নিৰ্ভৰ কৰে বুলি ক’ব পাৰি।
সংযোজন (অতিৰিক্ত গোটা-দিয়েক চমু টোকা) :
ক) এ. মন্টেগু-এ এষাৰ সাৰুৱা কথা কৈছে : ‘Laughter is essentially an interactive, a social phenomenon, in which interacting person reciprocally engage.’ ( A. Montagu, p-197) এই পাৰষ্পৰিক আদান-প্ৰদানৰ – reciprocity ৰ – কাৰণে স্তৰবদ্ধ সমাজত কৌতুকৰ ৰসাস্বাদনৰ পৰিসৰ সংকীৰ্ণ হৈ পৰা দেখা যায়। যেনে, সাধাৰণতে ধনৱন্ত ব্যক্তিয়ে নিম্নবৰ্গীয় লোকৰ লগত কৌতুকাশ্ৰয়ী ৰং-ধেমালি নকৰে।
খ) হাস্যৰস একধৰণৰ communicative lubricant– ই যোগাযোগৰ বাট সহজ-সুচল কৰে। সেইকাৰণে ভোটাকাঙ্খী ৰাজনীতিকে কৌতুক বা সেইধৰণৰ হাস্যৰসাত্মক উক্তিৰে শ্ৰোতাৰ মন জয় কৰিবলৈ অহোপুৰুষাৰ্থ কৰা দেখা যায়। হাস্যোদ্ৰেকৰ কথা-বতৰাই পাৰস্পৰিক (reciprocity) ৰ অনুভৱ- আত্মীয়তাৰ ভাৱ – শ্ৰোতাৰ মনলৈ আনে। এনে মানসিক দশা জনপ্ৰিয়তাৰ বাবে পুষ্টিকৰ। সম্ভৱতঃ এই বাবে সাম্প্ৰতিক কালৰ বহু ৰাজনীতিকৰ বিবৃতিত/মন্তব্যত মনোৰঞ্জন মূলক উপাদানৰ আধিক্য দেখা যায়। তদুপৰি ই মানুহৰ মনোযোগ অন্য বাটে নিয়াৰ এটা অধুনা-জনপ্ৰিয় প্ৰচ্ছন্ন কৌশল।
গ) বিজ্ঞাপনে ব্যৱহাৰ কৰা মনস্তাত্বিক কায়দাৰ আভাস দি এগৰাকী লেখকে কৈছে যে হাস্যৰসৰ সহায়ত আমাৰ মন-মেজাজ ভাল কৰি বিজ্ঞাপনে পণ্যৰ বজাৰ বঢ়াব বিচাৰে- ‘hoping that this [humour] will render us more vulnerable to their otherwise unpersuasive argument’ ( D. Evans, p-137) একেষাৰ কথা আমি এচাম (এচামহে, সকলো নহয়) পৰিহাসপ্ৰিয় ব্যক্তিৰ বিষয়েও ক’ব পাৰোঁ : কৌতুকপূৰ্ণ কথা-বতৰা এওঁলোকৰ আত্ম-বিপননৰ কৌশল। নিজৰ গ্ৰহণযোগ্যতা/ জনপ্ৰিয়তা বঢ়াবলৈ এওঁলোকে ৰং-ধেমালিৰ আশ্ৰয় লয়।
ঘ) কৌতুকবোৰক লোক-সংস্কৃতিৰ অন্তৰ্ভুক্ত কৰিব পাৰি নে? বোধহয় পাৰি স্বাৰস্বত-সাধক বীৰেন্দ্ৰনাথ দত্তৰ পাণ্ডিত্য পূৰ্ণ পৰ্য্যালোচনা ওপৰত ভৰ দি আমি ক’ব পাৰোঁ যে লোক-সংস্কৃতিৰ কেইটামান বুনিয়াদী বৈশিষ্ট্য কৌতুকৰ ক্ষেত্ৰতো লক্ষ্য কৰা যায়। প্ৰথমেই ক’ব লাগিব মৌখিকতা (orality)ৰ কথা। কৌতুকৰ সৃষ্টি আৰু প্ৰসাৰৰ লগত মৌখিকতা ওতপ্ৰোতভাৱে যুক্ত। (ইয়াৰ লিখিত ৰূপটোক অৰ্বাচীন আখ্যা দিলে নিশ্চয় ভুল কোৱা নহ’ব।) তদুপৰি লোক-সংস্কৃতিৰ সমলৰ দৰেই কৌতুকবোৰো অপৰিৱৰ্তনীয় (fixed) নহয়। সেইবাবে আমি কেতিয়াবা একেটা কৌতুকৰ ভিন ভিন সংস্কৰণ উপভোগ কৰাৰ সুযোগ পাওঁ। আনহাতে মৌখিক পৰম্পৰাত কোনো ব্যক্তিয়েই কৌতুকবোৰ নিজৰ সৃষ্টি বুলি দাবী নকৰে। ইয়ো লোক-সংস্কৃতিৰেই এক লেখত ল’বলগীয়া বৈশিষ্ট্য। প্ৰসংগক্ৰমে উনুকিয়াই থ’ব পাৰি যে বিদ্যায়তনিক মহলত সম্প্ৰতি নগৰ-কেন্দ্ৰিক সমাজৰ কৌতুকধৰ্মী সৃষ্টিক – ‘ব্যংগ-কৌতুক-পৰিহাস-আশ্ৰিত’ চুটি কাহিনীবোৰক – নগৰীয়া লোক-সংস্কৃতি (urban folklore)ৰ অংগ হিচাপে স্বীকৃতি দিয়া হৈছে। (বীৰেন্দ্ৰনাথ দত্ত, পৃষ্ঠা: ২৩)
উল্লিখিত/ব্যৱহৃত গ্ৰন্থৰ তালিকা:
- Carroll, Humour: A very short Introduction, OXford, 2014.
- Montagu, Man in Process, New York, 1962
- Ramanujan, Folk tales fron India, Gurgaon, 2009
- Evans, Emotion: The Science of Sentiment, Oxford, 2001
- Wendy Doninger, On Hinduism, New Delhi, 2013
- Singh, Joke Book 6, New Delhi, 2008
- Singh, Joke Book 7, New Delhi, 2008
- নবীন চন্দ্ৰ শৰ্মা, অসমৰ পৰম্পৰাগত বাচিক কথা: ৰূপ-বৰ্ণ-সৌৰৱ আৰু অধ্যয়ন পদ্ধতি, মৰাণহাট, ২০০৫
- বীৰেন্দ্ৰনাথ দত্ত, লোক-সংস্কৃতিৰ স্বৰূপ আৰু অধ্যয়ন, ডিব্ৰুগড়, ১৯৯৮
- শিৱনাথ বৰ্মন, ভাকুটকুট, গুৱাহাটী, ২০১৩
- মানিক দাস, লগত লৈ ফুৰা কিতাপ, গুৱাহাটী, ২০২০
- শান্তনু চাংমাই (সংকলক), গাজাৰী ডট কম, গুৱাহাটী, ২০১৭
- চৰ্দাৰ যশপাল সিং (সংগ্ৰাহক), চাণ্টা-বাণ্টাৰ কৌতুক, গুৱাহাটী, ২০১৪