শিল্প-কলা-সংস্কৃতি

লক্ষ্মীনাথ বেজবৰুৱাৰ গীত : অলপ কথা ।। ডাঃ ভগৱান দেৱ মিশ্ৰ

লক্ষ্মীনাথ বেজবৰুৱাৰ গীতিকাৰ হোৱাৰ প্ৰৱল ইচ্ছাক মূলতঃ বাধা দিছিল কৃপাবৰ বৰবৰুৱাই। কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা, কৃপাবৰ বৰুৱাৰ ওভতনি, বৰবৰুৱাৰ বুলনি, কৃপাবৰ বৰবৰুৱাৰ ভাবৰ বুৰবুৰণি, বৰবৰুৱাৰ চিন্তাৰ শিলগুটি, কৃপাবৰ বৰবৰুৱাৰ সামৰণি আদি হাস্য-ব‍্যংগ লেখাবোৰে লক্ষ্মীনাথ বেজবৰুৱাৰ গীতিসাহিত‍্যক গিলি পেলাইছিল। ‘কবিতা হয় যদি হ‌ওক, নহয় যদি নহ‌ওক’, ‘হয় যদি গীত এটি হ‌ওক’  বুলি গীত বা কবিতা লিখিছিল লক্ষ্মীনাথ বেজবৰুৱাই। অন্তৰা বা স্থায়ীৰ চিন্তা কৰি গীত লিখা নাছিল তেখেতে, আংগিকৰ চিন্তা কৰিও কবিতা লিখা নাছিল তেখেতে। গতিকে সমসাময়িক বিদ্বৎসকলে তেখেতক কবি বা গীতিকাৰ হিচাবে স্বীকৃতি দিবলৈ অলপ টান পাইছিল, কথাষাৰ শুনিবলৈ অলপ তিতা। গণ্ডগোলখন লগালে জ‍্যোতিপ্ৰসাদ আগৰৱালাই। এই ভূপেন হাজৰিকা নামৰ ল’ৰাজনেও গণ্ডগোলখনত উজান দিলে। জয়মতী বোলছবিখনেই কৃপাবৰৰ ৰসৰচনাত খেলিমেলিখন লগাই দিলে। কৃপাবৰ গীতিকাৰ হ’ল, কৃপাবৰৰ গীত গান হৈ ৰাইজৰ জিভাত বহিল।
কৃপাবৰ বৰুৱাই লক্ষ্মীনাথ বেজবৰুৱাৰ গীতিসাহিত‍্যক ঢাকি ৰাখি থকা যেন লাগিলেও অসমৰ জাতীয় সংগীত ‘অ’ মোৰ আপোনাৰ দেশ’ গীতটো কিন্তু কৃপাবৰ বৰুৱাৰ নামতহে প্ৰকাশ হৈছিল ‘বাঁহী’-ত ১৯১০ চনত। লক্ষ্মীনাথ বেজবৰুৱাৰ নামত প্ৰকাশ হৈছিল ‘কদমকলি’-ত ১৯১৩ চনতহে। এই গীতটোৰ সুৰকাৰ সম্পৰ্কত বিভিন্ন বিতৰ্ক আছে। গীতটোৰ সুৰৰ লগত কমলাপ্ৰসাদ আগৰৱালা, তাৰাপ্ৰসাদ চক্ৰৱৰ্তী, প্ৰফুল্ল চন্দ্ৰ বৰুৱা, পাৰ্বতিপ্ৰসাদ বৰুৱা, ইন্দ্ৰেশ্বৰ বৰঠাকুৰ, ৰত্না বেজবৰুৱা আদি প্ৰতিভাশালী সুৰকাৰসকলৰ নাম সাঙোৰ খাই আছে। কমলাপ্ৰসাদ আগৰৱালাই দিয়া সুৰটোৰে গীতটো বাণীবদ্ধ হৈছিল। এই গীতটোৰ সুৰকাৰ সম্পৰ্কীয় কথাখিনি বিদ্বৎ সমাজলৈ এৰিলোঁ। এই গীতটো জাতীয় সংগীত হিচাপে স্বীকৃত হয় অসম ছাত্র সন্মিলনৰ ১৯২৭ চনৰ তেজপুৰ অধিবেশনত। এয়া কিন্তু চৰকাৰী স্বীকৃতি নাছিল, আছিল জনসাধাৰণৰ স্বীকৃতিহে। চৰকাৰী স্বীকৃতিৰ বাবে আমি ১১৩ বছৰ অপেক্ষা কৰিবলীয়া হ’ল। ২০১৩ চনৰ ১৫ ডিচেম্বৰতহে  এই গীতটোৱে জাতীয় সংগীত হিচাপে চৰকাৰী স্বীকৃতি লাভ কৰে।
‘জয়মতী’ বোলছবিখনত লক্ষ্মীনাথ বেজবৰুৱা ৰচিত তিনিটা গীত গান কৰিছে জ‍্যোতিপ্ৰসাদ আগৰৱালাই— ‘পৰ্বতৰ ঢেঁকীয়া লিহিৰপতীয়া’  ‘খোপাতে পিন্ধিম মই’ আৰু ‘ল’ৰা বুঢ়া কাক কয়’। এই গানকেইটাৰ লগত লিলি বৰুৱা, স্বৰ্গজ‍্যোতি দত্ত, অন্ন আগৰৱালা, মিনতি শৰ্মা, আৰতি শৰ্মা আদিৰ কণ্ঠ সংযোজিত হ’ল। গানকেইটাই অসমীয়াৰ হৃদয় জিনিলে।
“ল’ৰা বুঢ়া কাক কয় ডালিমীয়ে নুবুজে তাক” গীতটোৰ সম্পৰ্কত আলোচনা কৰোঁতে হীৰেন গোহাঁইদেৱে উল্লেখ কৰিছে, “এইজনেই সেই বেজবৰুৱা যি দৃপ্ত মনুষ‍্যত্বৰ চৰ্চা কৰিবলৈ অসমীয়াক সদায় সকীয়াই আছিল”। কি কাৰণে নাজানোঁ, এই গীতটো কিন্তু শিশুসকলৰ মাজতহে বৰ জনপ্ৰিয় হ’ল। বোধকৰোঁ জ‍্যোতিপ্ৰসাদ আগৰৱালাই কৰা সুৰ আৰু তালে শিশুসকলৰ মনত কিবা এটা হেন্দোলনি তোলে এই গানটোত। সৰল শিশুমন সৰল প্ৰকৃতিৰ লগত একাত্ম হয়।
ল’ৰা বুঢ়া কাক কয় ডালিমী
নুবুজে তাক।
পৰ্বতে হাঁহে নৈয়ে নাচে
উৰিছে পখিলাজাক।।
পুৰণি আকাশ ফুলাম তৰাৰে
ল’ৰাতকৈও ল’ৰা
পুৰণি পৃথিৱী ফুটুকী ফুলেৰে
তাতকৈও যে চৰা।।
কি আবেদন এই গীতটিৰ! নাচ এটাই আপোনা-আপুনি নাচি নাচি আহি শিশুসকলকো নচুৱায়।

১৯১৫ চনত ৰচিত বেজবৰুৱাৰ ‘আমি অসমীয়া নহ‌ওঁ দুখীয়া’ গীতটো অসমীয়া জাতীয় চেতনাক উদ্বুদ্ধ কৰা এটি অতি জনপ্ৰিয় গীত। একক কণ্ঠত দুই-এজনে গাইছে যদিও এই গীতটো সমবেত সংগীত হিচাবেহে বেছি জনপ্ৰিয় হৈছে।
হীৰেন গোহাঁইদেৱে লিখিছে, “বেজবৰুৱাৰ ভাষা অসমৰ বিশিষ্ট প্ৰাকৃতিক পৰিৱেশ— নৈ-পৰ্বত, গছ-লতা, পশু-পক্ষী—অসমৰ বিশিষ্ট গ্ৰাম্যজীৱনৰ ধাৰা, অসমৰ ধৰ্ম, লোকবিশ্বাস, কিংবদন্তী আৰু বুৰঞ্জীৰ প্ৰভাৱত গঢ় লৈ উঠা”। এই কথাখিনি হয়তো জ‍্যোতিপ্ৰসাদ আগৰৱালাই বহু আগতেই অনুভৱ কৰিছিল। ‘জয়মতী কুঁৱৰী’  নাটকৰ  ‘সখী হে কি ক’মে দুখৰে কথা’ গীতটো আগত লৈ জ‍্যোতিপ্ৰসাদে অৰ্গেনত আঙুলি বুলাই সুৰৰ লহৰ তুলিলে। স্থায়ী আৰু অন্তৰত দুটা সুকীয়া সংগীতৰ ধাৰা সংযোজন কৰিলে। স্থায়ীটো বিয়া নামৰ সুৰে সাবটিলে—
“সখী হে—
কি ক’মে দুখৰে কথা
অমৃত মথোঁতে
বিহ উপজিলে
মিঠা মৌ হ’লে তিতা”।
অন্তৰা পাশ্চাত্য সংগীতৰ সুৰেৰে সজালে—
“মালতিৰে এচাকি
খোপাতে পিন্ধিলোঁ
তাৰো গ’ল এপাহি সৰি
সোণৰে সঁজাতে
পখীটি ৰাখিলোঁ
সিও গুচি গ’লে উৰি”।
গীত এটা গান হ’ল। গানটো বহুতেই গালে। ভূপেন হাজৰিকাই গানটো কলিজাত লৈ গালে। গানটো প্ৰতিজন অসমীয়াৰ প্ৰাণত সোমাল। এই গানটো মই জয়ন্ত হাজৰিকাৰ মৌ-মিঠা কণ্ঠতো শুনিছোঁ।

১৯১১ চনত ৰচিত ‘মোৰ একেটি সুৰত বাঁহীটি বন্ধা’ গীতটোত লক্ষ্মীনাথ বেজবৰুৱাই বৈপৰীত্যৰ মাজত ঐক‍্যৰ দাৰ্শনিক তত্ত্বক সাধাৰণ অসমীয়াৰ হৃদয়ংগম হোৱাকৈ ছন্দৰে সজাইছে, অতি মনোগ্ৰাহীকৈ উপস্থাপন কৰিছে। এয়া বেজবৰুৱাৰ অসমীয়া হৃদয়ৰ উপলব্ধি। তেতিয়া ভূপেন হাজৰিকাৰ জন্ম‌ই হোৱা নাছিল। খুব কম বয়সতেই অতি প্ৰতিভাশালী এই ভূপেন নামৰ যুৱকজনে লক্ষ্মীনাথ বেজবৰুৱাৰ এই গীতটোৰ অন্তৰ্স্থলীত প্ৰৱেশ কৰি গীতটো সুৰ আৰু সংগীতেৰে সজালে। লক্ষ্মীনাথ বেজবৰুৱাৰ দাৰ্শনিক উপলব্ধিক আৰু বেছি গাঢ় কৰি তুলিলে। বাঁহীৰ সুৰৰ কঁপনিৰ ফাঁকে ফাঁকে ভূপেন হাজৰিকাই লক্ষ্মীনাথৰ গভীৰ দাৰ্শনিক তত্ত্বক অতি মিঠাকৈ বান্ধি পেলালে। অসমীয়া জনমানসত আজিও সেই কথা, সেই সুৰ আৰু সেই কণ্ঠৰ শব্দকঁপনি অনুৰণিত হৈ আছে।
“শব্দ কঁপনি সপ্তম পঞ্চম
উচ্চৰে একমেব অদ্বিতীয়ম
শোকৰ যাতনা সুখৰ বাসনা
মিহলি একেটি তাত”।

মোৰ ব‍্যক্তিগত অনুভৱ যে লক্ষ্মীনাথ বেজবৰুৱাই শংকৰদেৱক ধৰ্মীয় আবেগৰ দৃষ্টিৰে ‘গুৰু শংকৰ’ বুলি কোৱা নাছিল। বেজবৰুৱাই দেশ-বিদেশ ঘূৰিছে, দেশ-বিদেশৰ ইতিহাস-সাহিত্য-সংগীত অধ্যয়ন কৰিছে। অসমৰ শিল্প-সাহিত্যৰ জগতখনলৈ ঘূৰি চাইছে। শংকৰদেৱক ভিতৰৰ পৰাই অধ্যয়ন কৰিছে। শংকৰদেৱৰ অসামান‍্য বহুমুখী সাংস্কৃতিক প্ৰতিভা আৰু অকল্পনীয় সাংগঠনিক দক্ষতাত বিস্মিত আৰু বিমুগ্ধ হৈহে শংকৰদেৱক  ‘গুৰু শংকৰ’ বুলি কৈছে। গীত, বাদ্য, নৃত‍্য—এই তিনিওটাৰে সমাহাৰ হ’ল সংগীত। সেইফালৰ পৰা শংকৰদেৱ এজন সম্পূৰ্ণ সংগীতজ্ঞ আছিল। লক্ষ্মীনাথ বেজবৰুৱা সম্পূৰ্ণ সংগীতজ্ঞ নহ’লেও সংগীতৰ ৰাগ আৰু তালৰ ওপৰত তেখেতৰ গভীৰ জ্ঞান আছিল। তেখেতৰ বহুকেইটা গীতৰ ৰাগ আৰু তাল তেখেতে নিজেই নিৰ্ধাৰণ কৰি থৈছিল। শংকৰদেৱে বৰগীতৰ দৰে উচ্চাংগ সংগীতক অসমীয়া সাঁচত ঢালি সাধাৰণ হালোৱা-সজুৱাৰ মুখত দিছিল। নাটক, নৃত‍্যক সাধাৰণ অসমীয়াৰ হৃদয়ত স্থাপন কৰিছিল। এই অসাধাৰণ প্ৰতিভাৰ বাবেহে লক্ষ্মীনাথ বেজবৰুৱাই শংকৰদেৱক গুৰু ভজিছিল।
“মোক গুৰু লাগে মই শিক্ষিত শিষ্য
জগতক জাননী দিলোঁ
জগতৰে গুৰু শ্ৰীমন্ত শংকৰ ঘৰতেই
অন্ধলাই নেদেখিলোঁ হে গুৰু শংকৰ”
“গংগা যমুনা চানিলো যতনে
গয়া কাশী তীৰ্থ গৈলো
হিয়াৰ ঈশ্বৰ হিয়াতে আছিলে
ক’ৰবাত বিচাৰি মৈলোহে”
লক্ষ্মীনাথ বেজবৰুৱাই শংকৰদেৱৰ বিষয়ে লাভ কৰা কথাখিনিকেই যেন ভূপেন হাজৰিকাই বিচাৰি আছিল। অসমীয়া লোকসংগীতৰ সুৰ আৰু তালত লক্ষ্মীনাথৰ গীতটো ভূপেন হাজৰিকাই বান্ধি পেলালে, সংগীত সজ্জাও কৰিলে। গানটো গাঁৱৰ পাছত গাঁও অতিক্রম কৰি অসমীয়াৰ হৃদয়ৰ পৰা হৃদয় বগালে।

লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম শতবাৰ্ষিকীত আকাশবাণী গুৱাহাটী আৰু ডিব্ৰুগড় কেন্দ্ৰ‌ই তেখেতৰ গীতৰ সন্দৰ্ভত কেবালানিও সংগীতালেখ‍্য পৰিবেশন কৰিছিল। পুৰুষোত্তম দাস, হেমেন হাজৰিকা, দিলীপ শৰ্মা, ভূপেন হাজৰিকা, পুলক বেনাৰ্জী, দিলীপ চৌধুৰী, ডিব্ৰুগড়ৰ গীতিকাৰ-সুৰকাৰ হীৰেন গোহাঁই আদি অনেক প্ৰতিভাশালী শিল্পী তাত জড়িত হৈ পৰিল। বিশেষ অসুবিধা হোৱা নাছিল শিল্পীসকলৰ। বহুগীতৰ সুৰৰ ৰাগ আৰু তাল আগতীয়াকৈ বান্ধি থৈছিল লক্ষ্মীনাথ বেজবৰুৱাই। ডেৰশ বছৰীয়া জন্মজয়ন্তীত এনেধৰণৰ প্ৰাণপৰশা পৰিবেশন অৱশ্যে মোৰ চকুত নপৰিল।

দিলীপ চৌধুৰীৰ ‘কোনেনো বজাইছে বাঁহী সন্ধিয়া বেলিকা’ গীতটো আজিও মোৰ বুকুত বাজি থাকে। হীৰেন গোহাঁইৰ সুৰত ‘দুবৰি বনৰ পাতৰ আগত নিয়ৰে মুকতা আঁৰে’ মেঘমল্লিকা শৰ্মা বা ৰাম কৃষ্ণ মুখাৰ্জী আৰু সংগীতা বৰঠাকুৰৰ কণ্ঠৰ গীতটো আজিও মই বাৰে বাৰে শুনো।
“কোনেনো বজাইছে বাঁহী সন্ধিয়া বেলিকা?
কোনেনো সুৰেৰে মাতে ৰাধিকা ৰাধিকা
গধূলি বতাহ ধীৰে ধীৰে ৰিব্‌ৰিব্‌ বয়
কোনে ৰাধা বুলি মাতে হ‌ই তন্ময়”…..
“দুবৰি বনৰ পাতৰ আগত
নিয়ৰে মুকুতা আঁৰে
ওখৰ মলয়াই মৰমৰ হাতেৰে
চোতালৰ ধূলিটি সাৰে”

লক্ষ্মীনাথ বেজবৰুৱাৰ বহু গীতৰ সুৰাৰোপণ এতিয়াও বাকী আছে। নিশ্চয় আশা কৰিব পাৰি যে নতুন প্ৰজন্মৰ সুৰকাৰ আৰু শিল্পীসকলে আগুৱাই আহি গীতবোৰৰ মৰ্মাৰ্থ উপলব্ধি কৰি তেখেতৰ গীতসমূহ নতুন প্ৰজন্মৰ মাজত জনপ্ৰিয় কৰি শিল্পী চেতনাৰ চানেকি তুলি ধৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *