কেন্দ্ৰীয় নিবন্ধ

লক্ষেশ্বৰী হাজৰিকাৰ ‘নাৰীৰ অধিকাৰ’ ‌।‌। সন্ধ্যা দেৱী

ঊনৈশ শতিকাত এমুঠি অসমীয়া নাৰীৰ চেতনাত যি নতুন চিন্তাৰ সূচনা হৈছিল সি অধিক বিকশিত হয় কুৰি শতিকাৰ প্ৰথমছোৱাত। ইয়াৰ অন্তৰালত অৱশ্যে ঐতিহাসিক কাৰণ নথকা নহয়। ১৯০৫ চনৰ স্বদেশী আন্দোলন আৰু তাৰ পাছত স্বাধীনতা আন্দোলনৰ জোৱাৰ সমগ্ৰ ভাৰততে ক্ৰমান্বয়ে বিয়পি পৰাত ভাৰতীয় জনগণৰ মনত স্বাধীনতা অৰ্জনৰ স্পৃহাও দৃঢ়তৰ হ’বলৈ ধৰিলে। জন-মানসত খলকনি তোলা এই আন্দোলনৰ মূল চালিকা শক্তি আছিল গান্ধী। নাৰীসকলৰ সহযোগিতা অবিহনে ভাৰতীয় স্বাধীনতা আন্দোলন যে কেতিয়াও সফল হ’ব নোৱাৰে সেই কথা গান্ধীয়ে বাৰুকৈ উপলব্ধি কৰিছিল। সেইবাবে তেওঁ গৃহবন্দী নাৰীক ৰাজপথলৈ ওলাই অহাৰ বাবে দিছিল এক উদাত্ত আহ্বান আৰু এইদৰেই ভাৰতীয় নাৰীক পৰোক্ষ অথবা প্ৰত্যক্ষভাৱে সামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰখনত জড়িত কৰি গান্ধীয়ে তেওঁলোকক বহির্বিশ্বৰ সৈতে সম্পৰ্ক স্থাপনৰ সুযোগ দিলে। গান্ধীৰ সাৰগৰ্ভ কিছু উক্তিয়ে, যেনে ‘ultimately women will have to determine with authority what she needs.’ স্বাধীনতাকামী নাৰীসকলক নিশ্চয় নিজৰ স্বাধীনতা আৰু অধিকাৰৰ প্ৰতিও কিছু সচেতন কৰি তুলিছিল। ভাৰতৰ বিভিন্ন প্ৰদেশৰ লগত অসমৰ মহিলাৰ মনতো এই নতুন চেতনাৰ ৰেঙনি দেখা গ’ল।

কুৰি শতিকাৰ প্ৰথম দুই-তিনিটা দশকত আন্তর্জাতিক পৰ্যায়তো নাৰীৰ জাগৰণে এক নতুন মাত্ৰা লাভ কৰিছিল। এমেলি প্যাংহাৰ্ষ্টৰ নেতৃত্বত ১৯০৩ চনৰ পৰা হোৱা আমেৰিকাৰ নাৰী আন্দোলন ক্রমে তীব্ৰতৰ হৈ পৰে। ভোটাধিকাৰৰ দাবীত অংশ লোৱা দৃঢ়মনা নাৰীৰ দুঃসাহসিক কাৰ্যই গোটেই বিশ্বকে স্তম্ভিত কৰিছিল। আনহাতে প্রথম বিশ্বযুদ্ধৰ সময়ত আমেৰিকা আৰু ইউৰোপৰ মহিলাই সামাজিক আৰু অৰ্থনৈতিক দায়িত্ব মূৰ পাতি ল’বলৈ বাধ্য হৈছিল, কাৰণ যুদ্ধৰ বাবে তেনে দায়িত্ব ল’বলৈ যথেষ্টসংখ্যক পুৰুষ নাছিল। এই অভাৱনীয় পৰিস্থিতিত নাৰীয়ে এখন বেলেগ জগতত সোমাই পৰিল তেওঁলোকৰ অভিজ্ঞতা বাঢ়িল, ব্যক্তিত্বও সমৃদ্ধ হ’ল আত্মবিশ্বাসেৰে।

বলছেভিক বিপ্লৱৰ পাছত ৰুছ দেশৰ নাৰীয়ে যি মানৱীয় মর্যাদা লাভ কৰিছিল, তাৰ খবৰো নানা সুৰক্ষাৰে শিক্ষিত সমাজত প্ৰচাৰ লাভ কৰিছিল৷ ভাৰতৰ উচ্চ শিক্ষিত এমুঠি নাৰীৰ চিন্তা-চেতনাত নিশ্চয় এই ধৰণৰ আন্তৰ্জাতিক ঘটনাপ্রবাহৰ প্ৰভাৱ পৰিছিল।

নতুন চেতনাৰে উদ্বুদ্ধ বুজনসংখ্যক লোক অনুপ্ৰাণিত হ’লে সাধাৰণতে সংগঠনৰ প্ৰয়োজন অনুভূত হয়। ভাৰতীয় নাৰীৰ ক্ষেত্ৰত আমি এই প্ৰৱণতাৰ প্ৰকাশ দেখোঁ। ৰাজনৈতিক আৰু সামাজিক বাতাৱৰণে এচাম ভাৰতীয় নাৰীৰ মানস জগত সলনি কৰাৰ লগে লগে তেওঁলোকে আত্মবিশ্বাসেৰে বলীয়ান হৈ নিজকে ঐক্যবদ্ধ কৰাৰ প্ৰয়োজন অনুভৱ কৰিলে, তেওঁলোকে বৃহৎ সামাজিক মঞ্চত খোজ দিবলৈ প্ৰস্তুত হ’ল বিভিন্ন সাংগঠনিক কাৰ্যৰে। এই পৰিপ্ৰেক্ষিতত জন্ম হ’ল নাৰী পৰিচালিত বিভিন্ন সংগঠন। যেনে— Women’s Indian Association (W.IA), The National Council of Women in India (N.C.W.I) আৰু All India Women’s Conference (A.I.W.C)। এই তিনিটা গুৰুত্বপূৰ্ণ সংগঠন ১৯১৭ চনৰ পৰা ১৯২৭ চনৰ ভিতৰতেই হৈছিল। উল্লেখযোগ্য যে এইক্ষেত্ৰত অসমো পিছপৰি থকা নাছিল। অসমত প্ৰথম মহিলা সমিতি গঠিত হয় ১৯১৫ চনত ডিব্ৰুগড়ত; তাৰ এবছৰৰ পাছত অর্থাৎ ১৯১৬ চনত শিৱসাগৰত শিৱসাগৰ মহিলা সমিতি আৰু ১৯২৫ চনত চন্দ্ৰপ্ৰভা শ‍ইকীয়ানীৰ নেতৃত্বত ১৯২৬ চনত অসম মহিলা সমিতি ধুবুৰীত গঠিত হয়। অসমীয়া নাৰীৰ এই নৱলব্ধ চেতনা প্ৰতিফলিত হ’ল নানা ধৰণে‌‌। এই ক্ষণতে কিছু শিক্ষিত মহিলাৰ প্ৰচেষ্টাত প্ৰকাশ হ’ল ‘ঘৰ-জেউতি’ (১৯২৭-৩১) — যিখন আলোচনীয়ে নাৰীৰ কণ্ঠস্বৰক এটা ৰাজহুৱা ৰূপ দিলে আৰু সমাজত এচাম শিক্ষিত অগ্রণী মহিলাই নিজৰ বক্তব্য দাঙি ধৰাৰ সুবিধা পালে। তদুপৰি ‘আৱাহন’ (১৯২৯)তো নাৰী সম্পৰ্কীয় কেতবোৰ লেখা ছপা হ’ব ধৰে। যেনে— প্রথম সংখ্যাতেই ছোভিয়েট ৰাছিয়াৰ নাৰীৰ অৱস্থান তথা ভূমিকা সম্পর্কে গুৰুত্বপূৰ্ণ লেখা ওলাইছিল। অসমীয়া নাৰীৰ চেতনাৰ উত্তৰণত‌ মুদ্রণ মাধ্যমৰ এনে ভূমিকা নিঃসন্দেহে গুৰুত্বপূর্ণ।

ভাৰত স্বাধীন হোৱাৰ আগতে অসমৰ অগ্ৰণী নাৰীৰ মাজত ঠন ধৰি উঠা নতুন চেতনাই এক নতুন মাত্রা লাভ কৰিলে স্বাধীনতা প্ৰাপ্তিৰ পাছত। স্বাধীনতা সংগ্ৰামৰ সাফল্যই মানুহক উদ্দীপ্ত কৰিছিল আৰু সমাজখনক নতুন ৰূপ দিবলৈ আগবাঢ়ি আহিছিল এচাম চিন্তাশীল আদর্শনিষ্ঠ ব্যক্তি। এই নতুন উদ্যোগত নাৰীৰ প্ৰশ্নটি কেতিয়াবা চৰ্চিত হৈছিল গুৰুত্বসহকারে। লক্ষ্মীধৰ শৰ্মাৰ উপৰি আমি জ্যোতিপ্ৰসাদৰ নাম এই প্রসংগত উল্লেখ কৰিব পাৰোঁ। বহিঃসংস্কৃতি আৰু অন্তৰ সংস্কৃতিৰ সুসমন্বয়েৰে এক পূর্ণ সাংস্কৃতিক জীৱনৰ পাতনি মেলি অসমৰ আইদেউসকলৰ জোনাকী বাটেদি আগবাঢ়ি যাবলৈ আবেদন জনাইছিল শিল্পী, জ্যোতিপ্রসাদে। জ্যোতিপ্ৰসাদে বাঞ্ছা কৰিছিল অসমীয়া নাৰীয়ে নিজৰ হীনমন্যতাবোধ পৰিহাৰ কৰি নিজৰ গৰিমাৰে গৰীয়সী হওক‌।

মই
অমৃতছন্দা
মুক্তাপ্রপাত  সমা
অলকানন্দা,
ভাঙি দিওঁ আত্মাৰ
অলস-বিলস মোহতন্দ্ৰা ।
নৱজগতৰ ময়েই জ্যোতিকা

শুভ্র-কনক কিণমালিকা
কল্যাণী মই
মহাকল্যাণৰ ময়েই স্বস্তিকা।

জ্যোতিপ্ৰসাদে উচ্ছ্বাসপূর্ণ ভাষাতে অসমীয়া নাৰীক এক স্বকীয় মর্যাদা অর্পণ কৰিবলৈ চেষ্টা কৰিছে। ৪০-৫০ৰ দশকত লিখা এইধৰণৰ ৰচনাৰ গুৰুত্ব অসীম, কাৰণ ই নাৰীক সম্ভাৱনাপূর্ণ ব্যক্তি হিচাপে মূল্য দিছে। সম্ভৱ এনে বিবিধ অনুপ্ৰেৰণাতেই ৫০ৰ দশকৰ মাজভাগত প্ৰকাশ হ’ল এক যুগান্তকাৰী পুথি ‘নাৰীৰ অধিকাৰ’। পুথিখনৰ নামটিয়ে অৱলীলাক্রমে বিশ্বৰ প্ৰথম নাৰীবাদী লেখিকা মেৰী ওলষ্টন ক্রাফটক (১৭৫৯-১৭৯৭) মনত পেলাই দিয়ে। মেৰী ওলষ্টন ক্রাফ্‌ট A Vindication of the Righli of Woman ৰ দৰে অসমৰ লেখিকা লক্ষেশ্বৰী হাজৰীকাই এই পুথিখনিত নাৰীৰ ইতিহাস, সমস্যা, তাৰ উৎস আৰু সামাজিক সমাধান সম্পর্কে আলোচনা কৰিছে। লগতে তেওঁ দেশ-বিদেশৰ নাৰী সম্বন্ধেও এটি চমু আভাস দাঙি ধৰিছে। লক্ষেশ্বৰী হাজৰীকাৰ বিষয়ে বহলাই লিখিবলৈ আমাৰ হাতত একো সম্বল নাই। তেওঁৰ জন্মস্থান বা তাৰিখৰ কথাও আমি নাজানো। কিন্তু ১৯৫৫/৫৭ চনত ছপা হোৱা পুস্তিকাখনিৰ এটি-দুটি পাতনি লিখি দিছে প্রখ্যাত বুৰঞ্জীবিদ বেণুধৰ শৰ্মাই। বেণুধৰ শৰ্মাই হয়তো পুথিখনৰ ঐতিহাসিক গুৰুত্ব ভালকৈ অনুভৱ কৰিছিল, কাৰণ লক্ষেশ্বৰী হাজৰীকাৰ ‘নাৰীৰ অধিকাৰ’ আছিল অসমীয়া সাহিত্যৰ প্ৰথম ‘নাৰীবাদী’ পুথি।

আত্মসচেতন আৰু ব্যক্তিত্বসম্পন্ন লক্ষেশ্বৰী হাজৰীকাৰ ‘নাৰীৰ অধিকাৰ’ৰ বাটচ’ৰাতেই আমি দেখো তেওঁৰ বলিষ্ঠ নাৰীবাদী চেতনা— ‘যেতিয়ালৈকে নাৰীৰ মাজত স্বাধীনতা আৰু আত্মনিৰ্ভৰশীলতাৰ কামনা পূর্ণোদ্যমে জাগ্ৰত হৈ নুঠে, তেতিয়ালৈকে সমাজৰ উন্নতি, জাতিৰ উন্নতি আৰু দেশৰ উন্নতি হ’ব নোৱাৰে।’ (পৃঃ ৯)। এই আন্তৰিক বাসনাক ভাৰতে নতুনকৈ লাভ কৰা স্বাধীনতাই যে উদ্বুদ্ধ কৰিছিল সেইটো নিঃসন্দেহে ক’ব পাৰি। তেওঁৰ নিজৰ ভাষাত ‘এতিয়া আমাৰ দেশ পৰাধীনতাৰ শৃংখলাৰ পৰা মুক্ত। এই স্বাধীন ভাৰতৰ সন্তান হৈ আমাৰ সেই পূৰ্ব গৌৰৱ উদ্ধাৰ কৰাই সৰ্বমুখ্য কর্তব্য। যেতিয়ালৈকে যি দেশৰ স্ত্ৰী-পুৰুষ উভয়ে সমানে খোজত খোজ মিলাই আগবাঢ়িব নোৱাৰে, তেতিয়ালৈকে সেই দেশৰ উন্নতিৰ চেষ্টা মৰুভূমিৰ মাজত তৃষ্ণাতুৰ হৈ পানী পিবলৈ সৰোবৰ বিচৰাৰ দৰে হ’ব। (পৃঃ ১০)।

নতুন আদৰ্শই অতীতৰ পৰা পুষ্টি আহৰণ কৰিব বিচাৰে। লক্ষেশ্বৰী হাজৰীকাৰ পুথিতো আমি এই প্ৰৱণতা দেখোঁ৷ তেওঁ প্রাচীন ভাৰতৰ গৌৰৱৰ কথা উল্লেখ কৰিছে— ‘আর্য সমাজৰ দিনত কিন্তু নাৰীৰ আসন আৰু সন্মান অতি উচ্চ আছিল।’ (পৃ ১০) অৱশ্যে এই কথা ক’লেও তেওঁ অতীতৰ পুৰণি নীতি আৰু মূল্যবোধৰ প্ৰতি চকু মুদি আনুগত্য প্রকাশ কৰিবলৈ কোৱা নাই । ধাৰণা হয়, গৌৰৱময় অতীতৰ কথা কওঁতে তেওঁ আধুনিক ধাৰণা কেতবোৰ অতীতৰ ওপৰত আৰোপ কৰিছে। আজিকালি এই ধৰণৰ অতীত-বন্দনা বহুতে পছন্দ নকৰে। বিদুষী সুকুমাৰী ভট্টাচাৰ্যৰ লেখাত আমি অতীতৰ সমালোচনাত্মক মূল্যায়ন পঢ়িবলৈ পাওঁ। কিন্তু লক্ষেশ্বৰীৰ দিনত এই বিষয়ে বিশেষ গৱেষণা হোৱা নাছিল। তেতিয়াৰ ঐতিহাসিক সকলে জাতীয়তাবাদী দৃষ্টিভংগীৰে লিখা বুৰঞ্জীবিলাকত আর্য সভ্যতাক নিঃচৰ্তভাৱে প্ৰশংসাহে কৰা দেখা গৈছে।

আর্য সভ্যতাক প্ৰশংসা কৰিলেও লক্ষেশ্বৰী হাজৰীকাই কিন্তু শাস্ত্রীয় ঐতিহ্যক সমালোচনাৰ পৰা ৰেহাই দিয়া নাই। শাস্ত্ৰকাৰ মনুৱে ভাৰতীয় নাৰীক স্বাধীনতাৰ পৰা বঞ্চিত কৰা বুলি তেওঁ স্পষ্টকৈ আঙুলিয়াই দিছে। (পৃঃ ১৯)। কিন্তু পৃথিৱীৰ সকলো ধৰ্মই যে পুৰুষতান্ত্রিক তাৰ আভাসো দিছে বলিষ্ঠ ভাষাৰে— “অকল হিন্দু শাস্ত্ৰই নহয়, পৃথিৱীৰ প্ৰায় সকলো ধৰ্ম শাস্ত্ৰকাৰীয়ে নাৰীৰ কাৰণে স্থান নিৰ্দিষ্ট কৰি দিছে আৰু মৰ্যাদা বাছি দিছে, কিন্তু সেইবোৰ নিয়ম হিন্দু শাস্ত্ৰতকৈ উন্নত নহয়।’ (পৃঃ ১৯) বিবাহৰ পাছতে নাৰীসকল স্বামীসকলৰ হাতত কেনেকৈ পীড়িত আৰু প্ৰতাৰিত তাৰ ছবি তেওঁ বিশদভাৱে দাঙি ধৰিছে— “বিবাহৰ সময়ত পত্নীক অর্ধাংগিণী বুলি মানি লোৱা হয়। কিন্তু বিয়াৰ পাছত তেওঁক অমানুষিক অত্যাচাৰ, উৎপীড়ন আৰু অসৎ ব্যৱহাৰ কৰা হয়, যি বৰ্ণনাতীত।’ (পৃঃ ১৯) খুব সম্ভৱ সমাজত প্রচলিত দাম্পত্য জীৱনক লৈ তেওঁ সন্তুষ্ট নাছিল। প্রাচীন যুগৰ বিদুষী মহিলাৰ বিষয়ে ক’বলৈ গৈ তেওঁ লীলাৱতীৰ প্ৰসংগত কৈছে— ‘তেওঁ বিধৱা নহ’লে হয়তো পিতাকৰ পৰা শাস্ত্ৰজ্ঞান আহৰণ কৰিব নোৱাৰিলেহেঁতেন আৰু আজি আমিও কেৱে তেওঁক নাজানিলোঁহেঁতেন।’ (পুঃ ১৬)। এই বাক্যটিত লক্ষেশ্বৰী হাজৰীকাৰ পৰম্পৰাদ্রোহী মনোভাব লক্ষণীয়। জননী আৰু জায়াৰ ভূমিকা পালন কৰিবলৈ গৈ নাৰীসকলে নিজৰ প্ৰতিভা বা ক্ষমতা বিকাশ কৰাৰ পৰা সম্পূর্ণ বঞ্চিত হয়— ই হ’ল পিতৃতন্ত্র কাঠামোৰ অন্য এক কদর্য স্বৰূপ।

জাতিভেদ প্রথাক গৰিহণা দিয়া বা ইয়াৰ বিপক্ষে দিয়া তির্যক মন্তব্যসমূহে প্রতিফলিত কৰে লক্ষেশ্বৰী হাজৰীকাৰ সংস্কাৰমূলক ভাবধাৰাৰ গভীৰতা। জাতিভেদ প্রথাক তেওঁ ধিক্কাৰ দিছে এক ৰূঢ় মন্তব্যৰে— ‘আমাৰ হিন্দু জাতিৰ জাতিভেদ নীতি বৰ প্রবলভাৱে চলি আছে। প্রধানতঃ নাৰী সমাজৰ ভিতৰত জাতিভেদ প্ৰথাটো বৰ বেছিকৈ চলি আছে। এই নীতিটো যেতিয়ালৈকে নুগুচে তেতিয়ালৈকে ভাৰতত কোনো এটা বিৰাট শক্তি গঠিত হ’ব নোৱাৰে।’ (পৃঃ ৩২) ইয়াৰ বাবে তেওঁ দোষাৰোপ কৰিছে ব্ৰাহ্মণ্যবাদৰ ৰীতি-নীতিক— ‘এই নীতি গুচাবলৈ হ’লে ব্ৰাহ্মণ সমাজৰ কুসংস্কাৰবোৰ পৰিত্যাগ কৰিব লাগিব…।’ (পৃঃ ৩২) তেওঁৰ মতে, বিজ্ঞানৰ অগ্ৰগতিৰ দিনত এনে স্থবিৰ নীতি ক্ষতিকৰ। মধ্যযুগীয় মানসিকতাৰ কোনো এটা শ্রেণীয়ে বংশানুক্রমিক অধিকাৰ ভোগ কৰি থকাটো দৰাচলতে সামাজিক অধঃপতনৰ লক্ষণ। (পৃঃ ৩২-৩৩) গান্ধীৰ অস্পৃশ্যতাবিৰোধী আন্দোলনে তেওঁৰ মনত গভীৰভাৱে ৰেখাপাত কৰিছিল। লক্ষেশ্বৰীয়ে স্পষ্টকৈ কৈছে যে হিন্দু শাস্ত্ৰৰ কেতবোৰ কথাই অস্পৃশ্যতাৰ দূৰীকৰণত হেঙাৰ দিছে। (পৃঃ ৩২) ইয়াক নিঃচিহ্ন কৰাৰ উপায় গান্ধীৰ বাণী আৰু স্ত্রী শিক্ষা— ‘সমাজৰ এই কুসংস্কাৰবোৰ আঁতৰ কৰিবলৈ হ’লে স্ত্রী শিক্ষাৰ লগে লগে এইটোও স্বীকাৰ কৰিব লাগিব যে মহামানব মহাত্মা গান্ধীৰ বাণী অস্পৃশ্য বৰ্জনত সহায় কৰাটো প্রধান কর্তব্য।’ (পৃঃ ৩৩)।

লক্ষেশ্বৰী হাজৰীকাই কৈছে— “বৰ্তমানৰ নাৰীয়ে মনত অজ্ঞান এন্ধাৰ গুচাই সমাজৰ পুৰণিকলীয়া কু-ৰীতিবোৰৰ সংস্কাৰ সাধন কৰিব পাৰিলে প্ৰকৃত স্বৰাজ সাধন হ’ব।’ (পৃঃ ৩৭)। আমি আগতেই উল্লেখ কৰিছোঁ যে লক্ষেশ্বৰীৰ মনত সংস্কাৰমূলক ভাবধাৰাৰ প্ৰভাৱ গভীৰ আছিল। এইক্ষেত্ৰত অৱশ্যে গান্ধীৰ অৱদান নথকা নহয়। গান্ধীৰ দৰে বাল্য বিবাহৰ প্ৰতি তেওঁৰো দৃষ্টিভংগী কঠোৰ, কাৰণ ‘বাল্য বিবাহ আদিও স্বাস্থ্য হানিৰ এটা ঘাই কাৰণ বুলিব পাৰি।’ (পৃঃ ৩২) তেওঁৰ মতে ই এক অযুক্তিকৰ প্ৰথা: ১০ বছৰৰ ভিতৰতে বিয়া দিয়াটো ‘সঁচাকৈয়ে বৰ অদ্ভুত নীতি।’ (পৃঃ ৩২) অৱশ্যে বর্তমান ভাৰতত বাল্যবিবাহ উঠাই দিবলৈ নাৰী আন্দোলনৰ ফালৰ পৰা চলা চেষ্টাই তেওঁক স্বস্তি দিছে। (পৃঃ ৩২)।

কেৱল ভাৰতৰ কথাই নহয়, ‘নাৰীৰ অধিকাৰ’ৰ পাতত আমি ৰুছ দেশ আৰু তুৰস্কৰ কথাওঁ পঢ়িবলৈ পাওঁ। সেই কালত প্রাচীনপন্থী তুৰস্কই মুস্তাফা কামালৰ নেতৃত্বত আধুনিক ৰূপ লৈছিল। লক্ষেশ্বৰী হাজৰিকাৰ মতে, এনে আমূল পৰিবৰ্তনেহে সমাজৰ ঘৃণনীয় বান্ধবোৰ আঁতৰাব পাৰে। এনে কার্যত কৃতকার্য হোৱাৰ বাবে ‘বোৰ্খাক চিৰদিনৰ কাৰণে বিদায়’ দিয়া মুস্তাফাক উচ্ছ্বাসেৰে প্ৰশংসা কৰি লিখিছে— ‘তিৰোতাই যে পুৰুষৰ সমানে সমানে ৰাজহুৱা কাম আদি কৰিবৰ যোগ্য হ’ব পাৰে, তাকে তেওঁ দেখুৱালে।’ (পৃঃ ৩০) বোৰ্খা ‘চিৰদিনৰ কাৰণে’ আঁতৰিলে নে নাই সেই প্ৰসংগলৈ নগৈ আমি এটা কথা ক’ব পাৰোঁ— তুৰস্কৰ নাৰীৰ আধুনিক ৰূপটো উৎসাহেৰে লক্ষেশ্বৰী হাজৰীকাই আদৰণি জনাইছিল‌। সেইদৰে ৰুছ দেশৰ নাৰীৰ বেলিকাও লক্ষেশ্বৰীৰ দৃষ্টিভংগী খুব মুকলি আৰু উদাৰ। লক্ষেশ্বৰীৰ পুথিৰ পৰা উদ্ধৃত কৰা এই কথাখিনিত তেওঁৰ সামাজিক দৃষ্টিভংগীৰ পৰিচয় পাওঁ ‘একমাত্র ছোভিয়েট ৰাছিয়াৰ বাহিৰে পৃথিৱীৰ প্ৰায় কোনো দেশতেই নাৰী সম্বন্ধে সামাজিক মনোভাবৰ মৌলিক কোনো পৰিবৰ্তন ঘটা নাই বুলিলেও হয় আৰু নঘটাৰ যথেষ্ট কাৰণো আছে। সমাজত নাৰীৰ স্থান আৰু অৱস্থা, সামাজিক গঠন আৰু অৰ্থনৈতিক ব্যৱস্থাৰ লগত অচ্ছেদ্যভাবে সংবদ্ধ। গতিকেই সমাজৰ কোনো বৈপ্লৱিক পৰিৱৰ্তন নঘটালৈকে নাৰী সম্বন্ধে সামাজিক দৃষ্টিভংগীৰো আমূল পৰিবৰ্তন হোৱাৰ কোনো সম্ভাবনা নাই। (পৃঃ-১৯) এই উদ্ধৃতিৰ শেষ বাক্যটো মন কৰিবলগীয়া। নাৰীৰ অৱনত অৱস্থাৰ প্ৰধান সামাজিক কাৰণ তেওঁ স্পষ্টকৈ চিহ্নিত কৰিব পাৰিছে। যদিও এই বিষয়ে তেওঁ বহলাই বা বিতংভাৱে আলোচনা কৰা নাই তথাপি তেওঁৰ দৃষ্টিভংগী যে ৰেডিকেল সেইটো স্পষ্টকৈ ধৰিব পাৰি। এইখিনিতে আমি উল্লেখ কৰিব পাৰোঁ যে আমাৰ এচাম শিক্ষিত নাৰীয়ে সেই সময়ত ছোভিয়েট ৰাছিয়াৰ নাৰীৰ অগ্ৰগতিৰ কথা পঢ়ি অনুপ্রাণিত আৰু আকৰ্ষিত হৈছিল। লক্ষেশ্বৰী হাজৰীকাৰ ‘নাৰীৰ অধিকাৰ’ ছপা হোৱাৰ বহু বছৰ পূৰ্বেই ‘আৱাহন’তে ছোভিয়েট নাৰীৰ খবৰ পিছপৰা অসমক দিছিল। ১৯২৯ চনত আৱাহনৰ প্ৰথম বছৰৰ প্ৰথম সংখ্যাতেই ‘ৰাছিয়াৰ নাৰী আন্দোলনৰ প্ৰগতি’ শীর্ষক এক তথ্যপূর্ণ প্রবন্ধ প্রকাশ পায়।

আধুনিক ভাবাপন্ন লক্ষেশ্বৰী হাজৰীকাৰ লেখাত আমি একাধিকবাৰ মুক্তিকামী নাৰীৰ জাগৃতিৰ উল্লেখ পাওঁ — ‘আজি পৃথিৱীৰ সকলো নাৰী জাতি সজাগ হৈ উঠিছে। এই জাগৰণে আমাৰ জীৱন সঞ্চাৰিত কৰা অনুভৱ হৈছে। (পৃঃ ৩৭) দেশ- বিদেশৰ নাৰী জাগৰণৰ সম্ভেদ তেওঁ ৰাখিছিল বাবে পাশ্চাত্য নাৰীৰ দৰে সংগঠিত হোৱাৰ কথা তেওঁ পাহৰা নাই। এই পৰিপ্ৰেক্ষিতত তেওঁৰ উক্তি লক্ষণীয়— “এতিয়া সংগঠনৰ দ্বাৰা আমাৰ শক্তি বঢ়াই মুক্তি সংগ্ৰামৰ কাৰণে আমি সাজু হ’ব লাগিব। ‘ (পৃঃ ৩৭)। তাৎপর্যপূর্ণভাৱে তেওঁ কৈছে— ‘সভ্যতাৰ পথত নাৰী আজি নাৰী হৈয়েই বাহিৰলৈ ওলাই আহিছে, পুৰুষক আঁতৰাবৰ উদ্দেশ্যে নহয়।’ (পৃঃ ২৬-২৭) অর্থাৎ নাৰী মুক্তি বা জাগৰণৰ অৰ্থ পুৰুষ-বিদ্বেষ নহয়। তেওঁ কৈছে— “সাহায্যৰ বাবে পুৰুষে নাৰীক জগাই তুলিব লাগিব, কিন্তু দাসত্ব কৰিবলৈ নহয়।’ (পৃঃ ২৭) লেখাৰ মাজে মাজে তেওঁ সতীত্ব, নাৰীত্ব ইত্যাদিৰ গুণানুকীৰ্তন কৰিছে— ‘সতীত্ব, নাৰীত্ব আৰু মাতৃত্ব— এই তিনি শক্তিৰ পূৰ্ণ বিকাশ লাভতেই নাৰী জীৱনৰ আদৰ্শ পৰিস্ফুটিত হয়।’ (পৃঃ ৩৫) কিন্তু তেওঁৰ পুথিখন ভালকৈ ফঁহিয়াই চালে বুজা যায় যে নাৰীৰ জীৱন আৰু ব্যক্তিত্বক আধুনিক ৰাপ দিবলৈ তেওঁ গভীৰ নিষ্ঠাৰে আহ্বান জনাইছিল। আনকি নাৰীৰ অৰ্থনৈতিক আত্মনিৰ্ভৰশীলতাৰ প্ৰয়োজনৰ ইংগিতো তেওঁ দিছে— ‘বোৱা কটাৰ লগতে বেজীৰ কামটোও এটা শিকিবলগীয়া কাম। ই ঘৰুৱা শিল্প হিচাপেও ইয়াৰ পৰা বহুতো আয় হয়।’ (পৃঃ ৩৬)। এইক্ষেত্ৰত অৰিহণা যোগায় প্রকৃত শিক্ষাই। কিন্তু শিক্ষাৰ অৰ্থ কি? কেৱল ডিগ্রী লোৱাকেই শিক্ষা বোলেনে? লক্ষেশ্বৰীৰ মতে, স্কুল-কলেজৰ শিক্ষাই প্ৰকৃত শিক্ষা নহয়। প্রকৃত শিক্ষাই মানুহৰ মনক ওখ আৰু উদাৰ কৰে, হৃদয়-মনত মানৱীয় গুণাৱলীৰ জন্ম দিয়ে আৰু ‘নিজৰ বাহুৰ বলেৰে জীৱিকা আজিবলৈ শক্তি আৰু বুদ্ধি দিয়ে।’ (পৃঃ ৩১) লক্ষণীয়, শিক্ষাৰ কথা কওঁতে লেখিকাই জীৱিকাৰ কথা ক’বলৈ পাহৰা নাই। তুৰস্কৰ অৱৰুদ্ধ মহিলাৰ মুক্তিৰ প্ৰসংগতো স্বাৱলম্বিতাৰ গুৰুত্বৰ কথা কৈছে— ‘মূৰৰ চুলিৰ পৰা ভৰিৰ পতালৈকে ঢকা বোর্খা ত্যাগ কৰি পৰৰ ওপৰত নিৰ্ভৰ নকৰি জীৱিকা নিজে আজিবলৈ শিকিলে।’ (পূঃ ৩১)।

নাৰীৰ বৰ্তমান অৱস্থা আৰু তেওঁলোকৰ নিস্পৃহতা তথা নিষ্ক্রয়তাই লেখিকাক উদ্বিগ্ন কৰিছে: ‘(নাৰী) গাঁৱৰ ভিতৰত আপোন মনে ফুৰা এটা এন্দুৰতকৈও পৰাধীন, সকলো শিক্ষা জ্ঞানৰ পৰা বঞ্চিতা।’ (পৃঃ ১৮) তেওঁলোকৰ জীৱন-যাপন এক সংকীর্ণ বেষ্টনীত, বহিঃবিশ্বৰ লগত সম্পর্কচ্যুত— ‘তেওঁলোকে মাত্ৰ ৰান্ধনীঘৰখনৰ কথাহে ভালদৰে বুজি পায়, বাহিৰা শিক্ষা-দীক্ষা যেন তেওঁলোকৰ গলগ্রহহে।’ (পৃঃ ১১)। কিন্তু ইয়াৰ বাবে তেওঁ জগৰীয়া কৰিছে পুৰুষতন্ত্ৰকহে। ‘পুৰুষসকলে স্ত্রীশিক্ষা অৱহেলা কৰাৰ বাবেই আজি নাৰী জাতি ইমান দুৰ্বল আৰু অকামিলা হৈছে।’ (পৃঃ ১১) লক্ষেশ্বৰীয়ে নাৰী সমস্যাৰ সমাধান বিচাৰি পাইছে স্ত্রী শিক্ষাত। কাৰণ শিক্ষাইহে নাৰীৰ অগ্ৰগতি ব্যক্তিত্বৰ বিকাশ আৰু স্বনিৰ্ভৰশীলতাৰ বাট মুকলি কৰিব পাৰিব। শিক্ষাই আত্মসচেতনতা বঢ়োৱাৰ লগতে স্বাধীনতাৰ প্ৰতিও আগ্রহী কৰে— ‘এই শিক্ষাই তেওঁলোকৰ সামাজিক মূল্য বঢ়াই তোলে, আত্মসচেতন কৰে, আত্ম উপলব্ধিত সহায় কৰে, আনকি স্বাধীনতাৰ স্বাদ আনি দিবলৈকো সক্ষম হয়।’ (পৃঃ ২৭) সেয়ে স্ত্রী শিক্ষাৰ বহুল প্রচলন হ’ব লাগে, কাৰণ শিক্ষা নহ’লে কোনো কামৰ সিদ্ধি হ’ব নোৱাৰে আৰু সেই শিক্ষা হ’ব লাগিব বাধ্যতামূলক। (পৃঃ ৯) মন কৰিবলগীয়া কথা যে তেওঁ স্ত্রী শিক্ষাৰ লগতে ‘জন্মস্বত্ব স্বাধীনতা’ও বিচাৰিছে— ‘আজি সকলো পৰাধীন জাতিয়েই বিচাৰিছে উচ্চ শিক্ষা আৰু জন্মস্বত্ত্ব স্বাধীনতা। কাজেই আজি আমাকো লাগে উচ্চ স্ত্ৰী শিক্ষা আৰু জন্মস্বত্ত্ব অধিকাৰ।’ (পৃঃ ৩৯) এই জন্মগত অধিকাৰৰ (Birth Right) দাবীত লুকাই আছে পুস্তিকাখনিৰ মূল বক্তব্য। ইয়াৰ শেষ শাৰীত তেওঁ অতীত গৌৰৱ তথা মাতৃত্বৰ মাহাত্ম্যৰ কথা ক’লেও লক্ষেশ্বৰী হাজৰীকাই নাৰী স্বাধীনতাৰ প্রশ্নটিক প্রাপ্য গুৰুত্ব দিছে। তেওঁৰ দ্বিধাহীন মন্তব্য আৰু কঠোৰ নির্দেশ প্রণিধানযোগ্য— ‘অনতিপলমে শাখা মহিলা সমিতি পাতিব লাগে; এই সমিতিৰ একমাত্ৰ কাম হ’ব নাৰী জাগৰণ আৰু নাৰী উন্নতি সাধন।’ (পৃঃ ৩৮) আত্ম উন্নয়ন তথা সামাজিক প্ৰগতিৰ কাৰণে যে সংগঠনৰ আৱশ্যক সেই সত্যৰ প্ৰতি লেখিকা নিস্পৃহ নাছিল।

‘নাৰীৰ অধিকাৰ প্ৰকাশ হৈছিল ১৯৫৫/৫৭ চনত। পুথিখনৰ পাছৰ সংস্কৰণ ছপা হোৱাৰ কথা বা পিছৰ প্ৰজন্মই এই কিতাপখনৰ সম্ভেদ পাইছিল নে নাই সেই বিষয়ে আমি বিশেষ নাজানো। অবশ্যে হেম বৰাৰ ‘অসমীয়া সাহিত্যলৈ মহিলা লেখকৰ দান’ শীৰ্ষক কিতাপখনৰ এঠাইত লক্ষেশ্বৰী হাজৰীকাৰ ‘নাৰীৰ অধিকাৰ’ৰ উল্লেখ আছে। (পৃঃ ১৫৭) প্ৰশ্ন হ’ল লক্ষেশ্বৰী হাজৰীকাৰ বলিষ্ঠ আৰু মৌলিক লেখাৰ ইয়াতেই সামৰণি পৰিল নেকি? অসমীয়া সাহিত্যৰ প্ৰাংগণত লক্ষেশ্বৰী হাজৰীকাৰ উপস্থিতি আৰু দেখা নগ’ল কাৰণেই প্ৰশ্নটো আমাৰ মনলৈ আহিছে। আনহাতে এই প্রশ্ন মনলৈ অহাটো স্বাভাৱিক যে, যুগতকৈ আগবাঢ়ি থকা লক্ষেশ্বৰী হাজৰীকাৰ ‘নাৰীৰ অধিকাৰ’ তৎকালীন সমাজত বিশেষ সমাদাৰ নাপালে নেকি? ৰক্ষণশীল সমাজত নাৰীৰ লেখাক সাধাৰণতে পুৰুষ সমাজে অৱজ্ঞাৰ চকুৰে চায় বা যথাযথ মূল্য নিদিয়ে। কোনে জানে নাৰীৰ অধিকাৰ সাব্যস্ত কৰাৰ বাবে বা এগৰাকী নাৰীয়ে সমগ্ৰ নাৰী জাতিৰ বাবে অধিকাৰ দাবী কৰাৰ বাবে হয়তো পুৰুষতান্ত্রিক সমাজ কিছু ক্ষুণ্ণ হৈ ইয়াত স্বীকৃতি দিয়াৰ পৰা বিৰত থাকিল। ঠিক যেনেকৈ ইউৰোপত ওঠৰ শতিকাত মেৰী ওলষ্টন ক্রাফটে লিখা Right of Woman (নাৰীৰ অধিকাৰ)ক তেতিয়াৰ সমাজে হায়নাৰ আস্ফালন (Hyenna in pelticoat) বুলি ধিক্কাৰ দিছিল।

এইটো অৱশ্যে ঠিক যে পঞ্চাশৰ দশকত সত্তৰৰ দশকৰ দৰে নাৰীবাদী চিন্তা গঢ় লোৱা নাছিল। অসমৰ কথা বাদেই, ভাৰতৰ উন্নত ৰাজ্যবোৰৰ সচেতন বিদ্বৎ সমাজেও ইয়াৰ মৰ্ম বা ভূমিকাৰ বিষয়ে চিন্তা-চৰ্চা কৰা নাছিল। এই পটভূমিত বিচাৰ কৰিলে অখ্যাত ঠাইৰ এগৰাকী নাৰীয়ে নাৰীৰ অধিকাৰ আমাৰ জন্মগত অধিকাৰ বুলি ঘোষণা কৰাটো নিঃসন্দেহে এক তাৎপৰ্যপূৰ্ণ আৰু চমকপ্রদ ঘটনা। তেতিয়াৰ সংস্কাৰকসকলৰ মুখত ‘নাৰী প্ৰগতি’, ‘নাৰী কল্যাণ’, ‘নাৰী অগ্রগতি’ আদি শব্দৰ ব্যৱহাৰহে শুনা গৈছিল। লক্ষেশ্বৰীয়ে কিন্তু উদাৰমনা লোকৰ অনুকম্পা বা সদিচ্ছাৰ ওপৰত আস্থা ৰখা নাই, তেওঁ অধিকাৰৰ কথা কৈছে আৰু কৈছে খুব দৃঢ় আৰু স্পষ্টভাৱে। নাৰীৰ অধিকাৰ সাব্যস্ত কৰিব বিচৰা এই অগতানুগতিক মনোভাবে নিশ্চয় তেওঁৰ গণতান্ত্রিক চিন্তাৰ আভাস দিয়ে। লেখিকাই নিজেই কৈছে— দেশৰ প্ৰায় ১৮ শতাংশ নাৰীয়েই অশিক্ষিত। তীব্র অনুভূতিশীল, আত্মসচেতন আৰু স্বাতন্ত্র্যবোধেৰে উদ্ভাসিত লক্ষেশ্বৰী হাজৰীকাৰ মূল উদ্দেশ্য আছিল এই ৯৮ শতাংশ নাৰীক তেওঁলোকৰ অস্তিত্বৰ বিষয়ে সজাগ কৰি নিজৰ ন্যায্য দাবী আৰু অধিকাৰ সাব্যস্ত কৰা।

লক্ষণীয় যে লক্ষেশ্বৰী হাজৰিকাৰ চিন্তা-চৰ্চাত স্ববিৰোধিতা নথকা নহয়। তেওঁ প্ৰাচীন ভাৰতৰ আৰ্য নাৰীৰ অৱস্থানক প্ৰশংসা কৰিছে, গান্ধীৰ সতী-সাধ্বী নাৰীৰ আদৰ্শৰেও অনুপ্ৰাণিত হৈছে। আনহাতে তুৰস্কৰ নাৰীৰ মুক্ত জীৱনক আদৰণি জনোৱাৰ উপৰি মার্ক্স-লেলিনৰ আদৰ্শৰ প্ৰতিও সশ্ৰদ্ধ আকৰ্ষণ ব্যক্ত কৰিছে। তেওঁৰ চেতনাত পৰস্পৰবিৰোধী ভাবধাৰাৰ এই উপস্থিতিক আমি বিভ্ৰান্তিকৰ চিন্তা বুলি গৰিহণা দিলে ভুল হ’ব যেন লাগে৷ আচলতে পঞ্চাশৰ দশকত লক্ষেশ্বৰী হাজৰীকাই বিভিন্ন ধৰণৰ নাৰী হিতৈষী ভাবধাৰাৰ সাৰবস্তুক নিজৰ ভাবজগতত ঠাই দিছিল। বিস্তৰ অধ্যয়ন থকা এই বিদুষী নাৰীগৰাকীয়ে কামনা কৰিছিল নাৰী সমাজৰ উত্তৰণ আৰু সেয়ে নাৰীৰ বাবে উপকাৰী আৰু প্ৰেৰণাদায়ক কিবা য’তেই পাইছিল তাকেই তেওঁ বিনাদ্বিধাই গ্ৰহণ কৰিছিল বা তাৰ প্ৰতি আকৃষ্ট হৈছিল। প্ৰকৃতাৰ্থত নাৰীবাদী লক্ষেশ্বৰী হাজৰীকাৰ মূল লক্ষ্যই আছিল সমগ্ৰ নাৰী জাতিৰ উন্নতি সাধন।

Leave a Reply

Your email address will not be published. Required fields are marked *