লভিতাৰ প্রথম নিশা-(হেমাংগ বিশ্বাস)
১৯৪৭ চনৰ কথা। মই তেতিয়া ডিব্ৰুগড়ৰ চৌকিডিঙিত ডাঃ বিনয় চক্ৰৱৰ্তীৰ ঘৰত থাকোঁ। এদিন জ্যোতিদাই এজন মানুহৰ হতুৱাই এখন নিমন্ত্রণ পত্ৰ মোলৈ পঠালে। সেইদিনা গধূলি তেখেতৰ নতুন নাটক ‘লভিতা’ মঞ্চস্থ হ’ব। আমোলাপট্টি নাটঘৰত নাটকখনৰ প্রযোজনাৰ দায়িত্ব লৈছিল ‘ডিব্ৰুগড় ড্রামাটিক আর্ট প্লেয়াৰ্ছে’। মোৰ লগত আছিল গণনাট্যৰ নাট্যকাৰ আৰু নৃত্যবিদ কলিকতাৰ শ্ৰী পূর্ণেন্দু পাল। আমি প্রথম শাৰীত জ্যোতিদাৰ কাষত বহিলোঁ। ৰূপকোঁৱৰৰ লগত বহি তেখেতৰ মানস-কইনাৰ জীৱন আলেখ্যৰ প্রথম উন্মোচনৰ দর্শক হোৱা এটা দুর্লভ সৌভাগ্য….।
আঁৰ কাপোৰ উঠিল। নিজান হিমালয়ত অসমৰ গ্রাম্য জীৱন। ফুলগুৰি গাঁও।
ভৰপূৰ তামোলেৰে
সেউজীয়া পথাৰৰে
দূৰতে জিলিকি থকা
অ’ আমাৰ গাঁও।
তাৰপৰা ৰিব ৰিব বতাহে উটুৱাই আনিলে এফাঁকি বনগীত—
মোৰ বাৰীত ফুলিলে ইন্দ্রজিত মালতী
তোৰ বাৰীত পৰিলে ছাঁ,
তোৰে মনৰ কথা উটুৱাই আনিলে
সন্ধিয়াৰ বাউলী বা।
সেই ফুলৰ মোহ ভাঙি অকস্মাৎ এদিন উৰাজাহাজৰ হো-হুৱনি, কনভয় ট্রাকৰ ভোঁ-ভোঁৱনি আৰু মেচিনগানৰ ৰুৰুৱনিৰ এক সামৰিক অর্কেষ্ট্ৰা বাজি উঠিল। চোতালে-পথাৰে উৰা বাতৰিৰ ফুচফুচনি। গাঁৱৰ মৌজাদাৰক চেৰ পেলাই আহিলে ঠিকাদাৰ কণ্ট্ৰাক্টৰ। ৰাতাৰাতি গজি উঠিল কাৰেন্সীৰ কাঠফুলা। Inflation gentry নৱ এৰিষ্ট্রকেট। হিপ পকেটত বটল লৈ মার্কিন মিলিটাৰীৰ আবিৰ্ভাৱ হ’ল। তেওঁলোকৰ সুহুৰি শুনি গাঁৱৰ গাভৰু পানী ঘাটলৈ নহা হ’ল। বজাৰৰ বস্তু বাহানি অকস্মাৎ অন্তর্ধান হ’ল কোনো এক ৰহস্যময় যক্ষপুৰীত। নাম তাৰ ক’লা বজাৰ। ঢোল পিটা মানুহ এজন সোমাই আহিল। চৰকাৰৰ হুকুম। চৰকাৰৰ হুকুম !! আজি পুৱাৰপৰা ২০ ঘণ্টাৰ ভিতৰত লহৰজান উৰাজাহাজৰ ঘাটিৰ ৫ মাইলৰ ভিতৰত ফুলগুৰি, ভেলেঙিচুক, দাধৰা, চেঁচান, ছোলেঙগুৰি আৰু চকচকী গাঁৱৰ মানুহে গাঁও খাৰজ কৰি যাব লাগিব…। গাঁৱলীয়াসকলে নিজৰ ভিতৰত কথা পতা শুনা গ’ল যে এনে কথা হ’ব পাৰেনে? সাতামপুৰুষীয়া ভেটি, গৰু গাই, ভঁৰালৰ ধান এৰি। ৰাতিটোতে গাঁওখন এৰি যাব লাগে। চৰকাৰ পগলা হ’ল ঔ! চৰকাৰ পগলা হ’ল। হে প্রভু হে ঈশ্বৰ!
দ্বিতীয় অঙ্কত আহে বিয়াল্লিছৰ বিদ্রোহ। “তই কৰিব লাগিব অগ্নিস্নান।” ৰণথলীত শ্বহীদ হয়—কুশল কোঁৱৰ, কনকলতা, মনবৰ, মুকুন্দ আদি।
৩য় অঙ্কত জাপানীৰ দ্বাৰা আমাৰ সীমান্ত আক্রমণ। চতুর্থ অঙ্কত আজাদ হিন্দ ফৌজৰ অভিযান।
ঘটনাৰ দুৰ্বাৰ চাকনৈয়াত ঘূৰি ঘূৰি উটি আহিল লভিতা। লভিতা যুগান্তকাৰী ঘটনাৰ সৃষ্টি; কিন্তু তাৰ কাৰণে তাই লঙ্গৰ নথকা নাও নহয়। তাই উজান সাঁতুৰি আত্ম-প্রতিষ্ঠাৰ প্রয়াসী। ফুলগুৰি গাঁৱৰ খেতিয়ক, জাপানী বোমাৰে নিহত বাণেশ্বৰ বৰুৱাৰ জীয়েক লভিতাই আশ্রয় লয় গংগাৰাম মৌজাদাৰৰ ঘৰত। মৌজাদাৰণীয়ে এই “বাৰে বঙলুৱা ছোৱালীক বান্দী খটাব বিচাৰে। কিন্তু লভিতাই বিদ্রোহ কৰে— “মই বান্দী খাটিবলৈ অহা নাই।” মৌজাদাৰৰ ঘৰত থাকি বৃটিছৰ শাসনৰ শলাগ লোৱা হয়ৰাম গাঁওবুঢ়াৰ মুখৰ ওপৰত তাই কয়, “আমাৰ খাজনা দিব নোৱৰাত মাটিডোখৰ নিলাম যাওঁতে দুশ টকীয়া মাটি কেউডৰা তুমিয়ে সোতৰ টকাত ৰাখি থোৱা নাইনে? তোমালোকে ইংৰাজ ৰজা আৰু ইংৰাজৰ মানুহবোৰ খাজনাৰ টকা কেইটাৰ বাহিৰে একো নাজানা। অৱশ্যে এদিন ইংৰাজ যাব লাগিব। তাৰ লগতে ইংৰাজৰ লগত থকা ভূতপ্রেত সোপাও।” মৌজাদাৰৰ ঘৰৰপৰা লভিতা ওলাই যায়। আকৌ নিৰুদ্দেশ যাত্রা। বাটত বননিৰ মাজত মিলিটাৰীয়ে লগ পায়। কোনোপধ্যে মিলিটাৰীৰ হাত সাৰি আশ্রয় লয় ইলাহী বক্সৰ ঘৰত। ইলাহী বক্স আৰু লভিতাৰ মৰমিয়াল সম্পর্কটোৱে লক্ষ্মীধৰ শৰ্মাৰ চিৰাজ’ গল্পটোলৈ মনত পেলাই দিয়ে। ইলাহী বক্সৰ ঘৰত মৰম আৰু চেনেহৰ নিৰাপদ আশ্ৰয়ত থাকিলেও তাইৰ প্রেমাস্পদ শিক্ষিত ডেকা গোলাপৰ চৰম ভীৰুতা আৰু কুসংস্কাৰে তাইৰ মন ভাঙি দিলে। “আজিকালিৰ ডেকা ল’ৰা” গোলাপক তাই ইতিকিং কৰি কয় “আজিকালিৰ ডেকা ল’ৰা? আজিকালি উপজিছা সেই বুলিয়েইনে? … সমাজৰ বৰমূৰীয়া ধর্মধ্বজসকলৰ গৰিহণা শাও খাবলৈ তুমি যাব নালাগে।” গোলাপক গৰিহণা দি ইলাহীৰ পঁজাঘৰৰপৰা ওলাই আহি আকৌ সংসাৰ সমুদ্ৰত জঁপিয়াই পৰে লভিতাই। এইবাৰ তাই উঠে গৈ লহৰজান বিমানকোঠৰ ওচৰত এটা নাৰ্ছিং ট্রেইনিং কেম্পত। লভিতা এতিয়া মিলিটাৰীত। মিলিটাৰীৰ লগত নগা পাহাৰৰ নগাতলীলৈ গ’ল। কিন্তু জাপানীয়ে তাইক বন্দী কৰে। যুদ্ধবন্দী লভিতাক জাপানীয়ে লৈ যায় বৰ্মাৰ মিটছিনা চহৰলৈ।
তাত লগ পালে আজাদ হিন্দ ফৌজৰ অসমীয়া লেফটেনেণ্ট কেপ্টেইন বৰুৱা, কেপ্টেন শর্মা আদিক। লভিতাৰ হ’ল Baptism of fire – সশস্ত্ৰ সংগ্ৰামৰ দীক্ষা। বৃটিছৰ বিৰুদ্ধে যুঁজ কৰি তাই আহি পালে অসমৰ সীমান্ত। মেচিনগানৰ গুলী আহি লভিতাৰ বুকুত লাগিল। লভিতাৰ ঝঞ্জা ক্ষুব্ধ জীৱনৰ শেষ পৰিণতি। স্বদেশৰ স্বাধীনতাৰ বাবে অন্তিম আত্মদান।
নাটকখন যেন এখন চলচিত্ৰৰ লানি নিছিগা ঘটনাৰ মণ্টাজ। অসংখ্য চৰিত্ৰ আহে—কিন্তু কোনো চৰিত্ৰই মঞ্চত ৰৈ নাথাকে—কেৱল লভিতাহে নিগৃহিতা মাটিৰ প্ৰতিমা অসমৰ জনতাৰ প্ৰতীক হৈ বিগ ক্লোজ-আপ দৰ্শকৰ চকুত জিলিকি উঠে। তাৰেই ফ্ৰেমত লভিতাৰ আশ্ৰয়দাতা বুঢ়া ইলাহী বক্স অসমৰ খেতিয়কৰ বহল বুকুৰ উদাৰ মহত্বই আমাৰ মনত দকৈ সাঁচ বহুৱায়। নগা পাহাৰৰ ৰণথলীলৈ যাত্ৰা কৰাৰ আগতে লভিতাৰ পৰা শেষ বিদায় দৃশ্যত ইলাহী বক্সৰ সংলাপ সাম্রাজ্যবাদী যুদ্ধৰ বিৰুদ্ধে এক প্রচণ্ড প্ৰতিবাদ আৰু অভিশাপ ।
“মানুহলৈ মানুহৰ মৰম নাই, দয়া নাই, কোনেও কাকো চিনি নাপায় । মানুহৰ তেজ মানুহে খাইছে, দুনিয়াৰ মানুহ আজি ৰাজ্য লৈ পগলা হৈছে। খোদা, খোদা, আজি এনেকুৱা মানুহৰ পতন দেখি ইচ্ছা হৈছে যেন পৃথিৱীখনতকৈও এটা ডাঙৰ দৈত্য হৈ এই পাপৰ পৃথিৱীখন হাতৰ মুঠিত লৈ মোহাৰি মোহাৰি ভাঙি-গুড়ি চূৰ্ণ কৰি, ধূলি কৰি ফুঁ মাৰি উৰুৱাই দিওঁ গুণাহগাৰ দুনীয়া খোদাৰ ৰাজ্যৰ পৰা নাইকিয়া হৈ যাওক। দুনীয়াত মানুহেই মানুহ কিন্তু খোদা—মানুহ নাই, মানুহ নাই!”
বিগত মহাযুদ্ধৰ জুইৰে চেকা লগা অসমৰ জীৱনচিত্ৰ এইদৰে আঁকিবলৈ গৈ নাট্যকাৰ জ্যোতিপ্ৰসাদে বৈপ্লৱিক বাস্তৱবোধৰ দুঃসাহসিক পৰিচয় দিছে। পৰৱৰ্তীকালত যোগেশ দাসৰ ‘ডাৱৰ আৰু নাই’ উপন্যাসত সেই ঘটনাৰ এটা সামগ্রিক চিত্ৰ দাঙি ধৰিছে। ইয়াৰ বাহিৰে অসমীয়া সাহিত্যত গত মহাযুদ্ধৰ প্ৰতিচ্ছবি মই জনামতে বিশেষ নাই। নাটকৰ পাতনিত জ্যোতিপ্ৰসাদে কৈছিল— “নায়ক-নায়িকা হিচাপে ইয়াত চৰিত্ৰ নাই। ইয়াৰ নায়ক গোটেই অসমীয়া ৰাইজেই।”
মহাযুদ্ধৰ ভূঁইকঁপত গোটেই অসমৰ ৰাইজৰ উত্থান-পতনৰ সমুদ্র মন্থনত ওপজা লভিতা এটা যুগৰ প্ৰতীক। সেই দৃষ্টিকোণৰ পৰা লভিতা জ্যোতিপ্ৰসাদৰ অমৰ সৃষ্টি। কাৰেঙৰ লিগিৰীৰ শেৱালিৰ ই নৱ ৰূপান্তৰ। যদিও জ্যোতিপ্রসাদে কৈছে— “এই নাটক কোনো ৰাজনৈতিক মতবাদ সমৰ্থন কৰি লিখা হোৱা নাই।” তথাপি জ্যোতিপ্ৰসাদৰ নিজৰ ৰাজনৈতিক চিন্তাধাৰাৰ জুইকুৰা অদৃশ্যভাৱে গঢ় দিছে লভিতাৰ চৰিত্ৰত। জ্যোতিপ্রসাদে সাম্রাজ্যবাদ-বিৰোধী সংগ্ৰামত অহিংস নীতিত কেতিয়াও সম্পূর্ণ সমৰ্থন কৰিব পৰা নাছিল। সশস্ত্ৰ প্ৰতিৰোধৰ প্ৰতি তেখেতৰ সহানুভূতি আছিল অধিক। প্রথম দৃশ্যতে নিৰীহ তিৰোতাৰ ওপৰত মাৰপিট কৰি থকা পুলিচ-দাৰোগাৰ হাতৰ পৰা পিষ্টল কাঢ়ি লৈ দাৰোগাৰ বুকুৰ ওপৰত টোৱাই লভিতাই কয়, “মই গান্ধীৰ বহীত নাম লিখোৱা নাই জানিবি, বাপেৰে।” পৰিণতিত সশস্ত্র আজাদ হিন্দ ফৌজৰ আগশাৰীত “লভিতা” শ্বহীদ হয়। সেই হিচাপে কনকলতাৰ লগত লভিতাৰ চৰিত্ৰৰ পাৰ্থক্য মন কৰিবলগীয়া।
আজি ইমান দিনৰ পিছত নাটকৰ প্রথম নিশাৰ অভিনয় আৰু প্রযোজনাৰ বিষয়ে পৰিষ্কাৰকৈ একো মনত নাই। এটা কথা মনত আছে যে ড্রামাটিক আর্ট প্লেয়াৰ্ছৰ পৰিচালকে এখন ইমান dynamic আৰু unconventional নাটৰ চিৰাচৰিত মঞ্চৰ প্ৰোছিনিয়ামৰ ফ্ৰেমত ধৰিবলৈ গৈ নাটকৰ গতি ৰক্ষা কৰিব পৰা নাছিল। সৰু সৰু দৃশ্যৰ পিছত Shifting আৰু কাপোৰ ঘনে ঘনে পৰি নাটকৰ অগ্ৰগতিত অনবৰত হেঙাৰ দি আছিল। জ্যোতিপ্রসাদে নাটকৰ পাতনিত পৰিচালকক সকীয়াই দি কৈছিল—“লভিতাৰ মাজেদি নাটকীয় কাৰিকৰীৰ গতানুগতিক বান্ধ অসমীয়া নাটকত ভাগি যাব খুজিছে।” মোৰ মতে গতানুগতিক পৰিচালনাৰ ধাৰাৰ আমূল পৰিৱৰ্তন নকৰিলে সফল নাট্যৰূপ সম্ভৱপৰ নহয়। অৱশ্যে জ্যোতিপ্ৰসাদৰ এই নাটকখনৰ কিছুমান দুর্বলতা আছে। ঘটনাৰ লগত তেখেতৰ আত্মিক যোগাযোগ ইমান তীব্র আছিল যে চৰিত্রায়নত নাট্যকাৰৰ যি detachment থাকিব লাগে, সেইটো আমি তাত নাপাওঁ। সংলাপ কেতিয়াবা অতি দীর্ঘ, কোনো কোনো ঠাইত আৱেগিক মুহূর্তবোৰ আৰু সংযত হোৱা হ’লে নাটকীয় গভীৰতা আৰু বাঢ়িলহেঁতেন। কিন্তু তথাপি মোৰ বিশ্বাস এজন আজিকালিৰ সুকৌশলী পৰিচালকৰ হাতত পৰিলে এই নাটকে অভূতপূর্ব সাফল্য অর্জন কৰিব। দুখলগা কথা যে লভিতাই আমাৰ মঞ্চত যি স্থান পাব লাগিছিল সেইটো পোৱা নাই। লভিতা কেৱল এখন chronicle নহয়, মহাযুদ্ধৰ এখন দলিলেই নহয়, ই এক এপিক— সংঘাতত ক্ষত-বিক্ষত আৰু বিক্ষুব্ধ অসমৰ অন্তৰাত্মাৰ সাৰ্থক প্রতিমা।
ৰূপকোঁৱৰলৈ যেতিয়া মনত পৰে লভিতাৰ অন্তিম গীতৰ সুৰৰ ৰেশো লগে লগে মোৰ অন্তৰত গুণগুণাই থাকে
লুইতৰ আকাশত তৰাৰ তৰাৱলী।
পাৰত দীপাৱলী তেজেৰে মোৰ – আই নাকান্দিবি,
থাপনাত তেজেৰে বন্তি দিছেহি।
ল’ৰা-ছোৱালীয়ে তোৰ।
(প্ৰথম প্ৰকাশ আমাৰ প্রতিনিধিঃ জানুৱাৰী, ১৯৬৬। লেখাটো পৰমানন্দ মজুমদাৰৰ দ্বাৰা সম্পাদিত, অসম প্ৰকাশন পৰিষদৰ দ্বাৰা প্ৰকাশিত “হেমাংগ বিশ্বাসৰ ৰচনাৱলী”ৰ পৰা সম্পাদকৰ অনুমতি সাপেক্ষে মুক্ত চিন্তাত পুনৰ প্ৰকাশ কৰা হ’ল)