লক্ষ্মী ফেঁচাৰ বিষয়ে দুআষাৰ- (নন্দ গগৈ)
প্রকৃতিজগতত প্রাণীসমূহ দিবাচৰ আৰু নিশাচৰ হিচাপে দুটা ভাগেৰে বিভাজিত হৈ বিচৰণ কৰি প্রকৃতিৰ জৈৱ-বৈচিত্র্য সংৰক্ষণত গুৰুত্বপূর্ণ ভূমিকা পালন কৰি আহিছে। জৈৱ-বৈচিত্র্য সংৰক্ষণত লক্ষ্মী ফেঁচাৰ বৰঙণি কোনোগুণে কম নহয়।
সাধাৰণতে চৰায়ে ঠোঁটেৰে খাদ্য খুঁটি পোনে পোনে গিলি ভক্ষণ কৰে। লক্ষ্মী ফেঁচাৰ ঠেং, নখ আৰু ঠোঁট লক্ষ্য কৰিলে ই যে নিশাৰ এবিধ শক্তিশালী চিকাৰী চৰাই তাক ভালকৈ জানিব পাৰি। এই প্রজাতিৰ ফেঁচাই নিশাৰ ভাগত ওলোৱা নিগনি, ভেকুলী, এন্দুৰ, চিকা আদিক ধৰি গোটে গোটে খাদ্য হিচাপে গ্রহণ কৰে। অলপ ডাঙৰ আকাৰৰ চিকাৰ ফালি-ছিৰি ভক্ষণ কৰা বুলি অনুমান কৰিব পৰা যায়। বাসস্থানৰ ওচৰত দেখা পোৱা ইহঁতৰ অমৰা ফলসদৃশ বিষ্ঠাৰপৰা এই কথাটো জানিব পাৰি। গোটে গোটে খোৱা নিগনি, ভেকুলী আদিৰ বাবে বিষ্ঠা অমৰা ফলটোৰ দৰে হয়। এই বিষ্ঠা ভাঙি দিলে বিষ্ঠাৰ মাজত হাড়-মূৰ ওলাই পৰা দেখিবলৈ পোৱা যায়। ইহঁতৰ পাচন ক্রিয়াত হাড়-মূৰবিলাক হজম নহৈ জঁকাটোৰ ওপৰত অজীর্ণ পদার্থবোৰ আৱৰণ আকাৰে শৰীৰৰ বাহিৰলৈ ওলাই আহে। লক্ষ্মী ফেঁচাৰ এনে বিষ্ঠা লক্ষ্য কৰিলে জানিব পাৰি, নিশা এন্দুৰ, নিগনি, চিকা আদি ভক্ষণ কৰি প্রকৃতিত এই প্রাণীবিলাকৰ নিয়ন্ত্ৰণত অৰিহণা যোগাই নানা বেমাৰ-আজাৰৰপৰা মানুহকো ৰক্ষা কৰি উপকাৰ সাধন কৰি আহিছে। গতিকে, লুপ্তপ্রায় হ’ব ধৰা এই চৰাইবিধৰ সংৰক্ষণ আৰু বংশবৃদ্ধিত অৰিহণা যোগোৱা অতি প্রয়োজন বুলি ভাবো।
বাতৰিকাকতত এই বিৰল প্রজাতিৰ চৰাইবিধ উদ্ধাৰ কৰি বনত মুক্ত কৰাৰ কথা মাজে-সময়ে পঢ়ি, ব্যক্তিগতভাৱে দেখা পোৱা কথাবোৰে এই প্রজাতিৰ চৰাইৰ প্ৰকৃততে উচিত সংৰক্ষণ হৈছেনে মনত প্রশ্ন জাগে! হয়তো সংৰক্ষণত ত্ৰুটি-বিচ্যুতি থাকিব পাৰে। ত্ৰুটি-বিচ্যুতিৰ চিন্তাত হিয়াৰ আমঠু শুকাই যোৱা যেন অনুভৱ হয়। কৰ্মজীৱনৰ আৰম্ভণিৰেপৰা এহাল লক্ষ্মী ফেঁচা মাজে-সময়ে দেখা পাই আহিছিলো। কেতিয়াবা জাকৰুৱা কাউৰী চৰায়ে দিনৰ ভাগত লক্ষ্মী ফেঁচা ওলালে খেদি খেদি একেবাৰে মাৰি পেলোৱা দৃশ্য দেখা পাই আহিছো।
এই বছৰতো মৃত লক্ষ্মী ফেঁচা দেখা পালো। ইয়াৰ সম্ভাব্য কাৰণ এটা আছে। দিনত লক্ষ্মী ফেঁচা মুকলিলৈ ওলাই আহিলে কাউৰী চৰায়ে দেখা পালে আক্রমণৰ বাবে উদ্যত হয়। কাউৰীৰ কোৰ্হালত এই আক্রমণ চিলনীয়ে গম পালে চিলনীয়েও আক্রমণত সহযোগ কৰে। সেয়েহে কেতিয়াবা লক্ষ্মী ফেঁচা উদ্ধাৰ কৰিলেও ইয়াক দিনত নিৰাপদে ৰাখি নিশাৰ ভাগত মুক্ত কৰিলেহে লক্ষ্মী ফেঁচাৰ জীৱন সুৰক্ষিত হয়। ইহঁতৰ দেহ গধুৰ। সেয়ে ইহঁত দিনত কেনেবাকৈ ওলালে নিমিষতে উৰি আত্মগোপন কৰিব নোৱাৰে। আন চৰাইৰ দৰে সন্মুখ সমৰত বাগিও দিব নোৱাৰে। সেয়ে মৃত্যুমুখত পৰে। দিনৰ তুলনাত নিশাৰ ভাগত ইহঁত বেছি শক্তিশালী আৰু নিৰাপদ। লক্ষ্মী ফেঁচা উদ্ধাৰ কৰা স্থানসমূহেই ইহঁতৰ আৱাসৰ উপযুক্ত ঠাই বুলি অনুভৱ হয়। তেনে স্থানসমূহত দিনৰ ভাগত আত্মগোপন কৰি বিশ্রাম লৈ ইহঁতে বসবাস কৰে। সেয়ে উদ্ধাৰ কৰা লক্ষ্মী ফেঁচা দিনটো নিৰাপদে ৰাখি নিশাৰ ভাগত মুক্ত কৰি দিব লাগে।