লোকসংগীত -ওজাপালি: এক বৃত্তান্ত – (পূৰবী বৰুৱা তালুকদাৰ)
“Music is a big and sublime art. Its field is immeasurable. Its profundity and sublimity is unfathomable. Its entertainment is unique. Its effect is pure and holy. In short, it is more or less nectar to the dying and ambrosia to the lover of it is the sublime of art of music”
সংগীতৰ ধাৰণাটো ওপৰোক্ত এই কথাখিনিৰ পৰা থোৰতে বুজি ল’ব পাৰি। এক ব্যতিক্ৰমী আনন্দদায়ক বুলি কোৱা সংগীতৰ ধাৰণাটো মূলতঃ এক শুদ্ধতাৰহে প্ৰতিশব্দ। কাৰণ, সংগীতৰ মাজতেই নিহিত হৈ থাকে জনজীৱনৰ জাগ্ৰত অথচ মাৰ্জিত ভাৱৰ লোকসংগীতসমূহ যিবোৰৰ পৰিৱেশনশৈলীত দেখিবলৈ পোৱা যায় শুদ্ধতাৰ আচাৰ। এই লোকসংগীতসমূহ দৰাচলতে মানৱ জীৱনৰ এক অনবদ্য সৃষ্টি। দেখা যায় যে, লোকসংগীত শব্দটোত দুটা ভিন্ন পৰিসৰৰ ভাৱব্যঞ্জনা আছে-
লোকসংগীত=লোক+সংগীত=লোক+সম+গীত
অৰ্থাৎ লোকসংগীতত তিনিটা বেলেগ বেলেগ ভাৱাৰ্থ পোৱা যায়- লোক অৰ্থাৎ মানৱসমাজ, সম অৰ্থাৎ সমান পৰিমাণৰ আৰু গীত অৰ্থাৎ পৰিপ্ৰেক্ষিত- গায়ন শৈলী। গতিকে দেখা যায় যে, লোকসংগীতত ওপৰোক্ত এই তিনিওটা দিশৰেই প্ৰয়োজন আৰু ইয়াৰ সংমিশ্ৰণৰ ধাৰাণাটো এক নান্দনিকতাৰ মাপকাঠিৰে আৰু কৈ পদ্ধতিগতভাৱে সৃষ্টি কৰা হয়। আমাৰ জীৱন নিৰ্বাহৰ পদ্ধতিত আমি যিদৰে প্ৰকৃতিৰ আহৰণত স্বতঃস্ফূৰ্ত কিছুমান লোকগীত গাওঁ, ঠিক সেইদৰে এক নিৰ্দ্দিষ্ট আৱেষ্টনীত লোকসংগীতো জনমানসেৰে কঢ়িয়াই লৈ ফুৰোঁ। অৰ্থাৎ লোকগীত আৰু লোকসংগীতৰ মাজতো এক সৰু পাৰ্থক্য আছে, – লোকগীতত আমি প্ৰকৃতিৰ আস্বাদ পাওঁ। ই প্ৰকৃতিৰেই এক সমাৰ্থক শব্দ। সাহিত্যৰ ছন্দবন্ধতা আৰু অলংকাৰৰ পৰা মুক্ত এই গীতসমূহে মানৱীয় সংবেদনাৰ সংবাহকৰূপে মাধূৰ্য প্ৰৱাহিত কৰে আৰু আমাক তন্ময় কৰে। প্ৰাকৃতিক সৌন্দৰ্যৰ লগতে মানৱ জীৱনৰ সমষ্টিগত সুখ-দুখ, বিভিন্ন সংস্কাৰ আৰু জন্ম-মৃত্যুকো যথেষ্ট হৃদয়স্পৰ্শীভাৱত প্ৰস্তুত কৰি তোলে। সেয়ে, মানুহে মুখচেৰেক কথাসমূহেৰে ভাৱ প্ৰকাশ কৰে আৰু সামাজিক আদৰৰ প্ৰতি লক্ষ্য ৰাখি কয়- ‘সামাজিকতাক জীয়াই ৰখা যিখন সমাজত লোক-গীত নাই, তাত পাগলৰ সংখ্যাই অধিক’। এইদৰে, অসমৰ লোকগীতসমূহ যিদৰে অসমৰ মানুহৰ মনৰ সমৰ্থনকাৰী ঠিক একেদৰে অসমৰ প্ৰকৃতিৰ স্পষ্ট প্ৰতিচ্ছৱি। অন্যহাতে, লোকসংগীতো এক অত্যন্ত প্ৰাচীনতম সংগীত যিবোৰ দৰাচলতে মানৱীয় সংবেদনাৰ সহজতম অথচ বিৰল উদাহৰণ। লোকসংগীতসমূহ, সেয়ে, কোনো লেখনীৰ দ্বাৰা নহয় বৰঞ্চ মুখে মুখেহে আজিকোপতি প্ৰচলিত হৈ আছে।
লোকসংগীতৰ গূঢ়াৰ্থ বুজিবলৈ সংগীতৰ প্ৰকৃত ভাৱাৰ্থ জনাটো প্ৰয়োজন। সংগীত হৈছে গীত,বাদ্য আৰু নৃত্যৰ এক সন্তুলিত সমাহাৰ কিন্তু গীতসমূহ হৈছে ‘কেৱল’ কণ্ঠস্বৰৰ সুললিত উপস্থাপনহে। গতিকে সংগীত আৰু গীতৰ এইদৰে অভ্যাসৰ পদ্ধতিও ভিন্ন। সংগীতৰ অভ্যাস বুলিলে সাধাৰণতে এক বিদ্যায়তনিক পদ্ধতিৰে উচ্চাঙ্গ অৰ্থত তাৰ অভ্যাস কৰা বুজোৱা হয়। নাট্যশাস্ত্ৰৰ মতেও, প্ৰাচীন ভাৰতত সাতোধৰণৰ সংগীতৰ প্ৰচলন আছিল যিবোৰৰ ভিত্তি সম্পূৰ্ণৰূপে ‘গায়নশৈলী’ আৰু ‘উপস্থাপন’ৰ ওপৰত নিৰ্ভৰ কৰি কৰা হৈছিল। যেনে:
(১) মাদ্ৰকা
(২) উল্লোপ্যকা
(৩) অপৰান্তকা
(৪) প্ৰকাৰী
(৫) অভিনক
(৬) ৰৱীন্দক
(৭) উত্তৰা
ক্ৰমান্বয়ে, সংগীতৰ ধাৰণাটো গৱেষকসকলে প্ৰয়োজনসাপক্ষে মাৰ্গী (উচ্চাঙ্গ) আৰু দেশী (লোক) এই দুইভাগত ভাগ কৰি সংগীতৰেই বিভিন্নধৰণৰ চৰ্চা কৰিবলৈ আগবাঢ়ি আহিল। ইয়াৰে ভিতৰত সৰ্বাধিক জনপ্ৰিয় দেশী সংগীত বা লোকসংগীতসমূহৰ জৰিয়তে অনাদিকাললৈ জনজীৱনে সৃষ্টিশীলতাক লৈ কৰা তাৰ বুৎপত্তিগত অৰ্থ আৰু গুৰুত্ব বিবেচনা কৰিবলৈ সমৰ্থ হৈ উঠিল। এই সংগীতসমূহে লোকজীৱন আৰু লোককথাক বিষয়বস্তু হিচাপে লৈ সময়োপযোগীকৈ বিভিন্ন ধৰণৰ নীতিগত আৰু পাৰম্পৰিক জ্ঞানৰ ধাৰণা এটাও দিবলৈ চেষ্টা কৰিলে। এইদৰেই, অসমীয়া সংস্কৃতিতো এনে লোকসংগীতৰ প্ৰচাৰ প্ৰাক-ঐতিহাসিক কালৰ পৰাই চলি আহিছে বুলি অনুমান কৰিব পাৰি। নৃত্য-নাট্যৰ বহুমূলীয়া কথাবস্তুৰে সংপৃক্ত তেনে এবিধ উপলব্ধ কলা হৈছে ‘ওজাপালি সংগীত’। আনুষ্ঠানিক শিক্ষা হিচাপে ওজাপালি আজিও বৰ্তমান পাৰম্পৰিক গুৰু-শিষ্য শিক্ষাপদ্ধতিৰে চৰ্চ্চা কৰি আছে। তাৰোপৰি, ওজাপালি এনে এক সংগীতানুষ্ঠান যাৰ দ্বাৰা প্ৰাচীন অসম তথা প্ৰাগজ্যোতিষপুৰৰ ধৰ্মীয় আৰু সামাজিক ব্যৱস্থাৰ এখন চিত্ৰৰ পূৰ্ণ অনুমান কৰিব পাৰি।
ওজাপালি সংগীতানুষ্ঠানৰ স্থান কাল পাত্ৰ ভেদে বিভিন্ন স্থানত বিভিন্ন সময়ত পৰিৱেশন কৰাও পৰিলক্ষিত হয়। এই সংগীতানুষ্ঠানত থাকে এজন মুখ্য গায়ক ‘ওজা’ তথা আঁত ধৰোঁতা। অন্যহাতে, তেওঁক সহযোগ কৰে পালিয়ে (তিনিৰ পৰা চাৰিজনলৈ)। মুখ্য কথাবস্তুৰে আঁত ধৰাৰ আগতে পৰিৱেশনকাৰীসকলে উচ্চাঙ্গ আৱহ সংগীত পৰিৱেশন কৰে যাৰ ভাৱসমূহত এক ভক্তিৰসৰে সমাগমত ‘শৰণাগত হৈ পৰা’ অৰ্থ প্ৰকাশ পায় আৰু নিৰ্দ্দিষ্ট দেহভঙ্গীমাৰ যোগেদি বিষয় বস্তুৰ বিবৃতি তথা এক যোগসূত্ৰ স্থাপন আৰু পৰিচালিত হয়। নিৰ্দ্দিষ্ট বেশভূষাৰে সুসজ্জিত ওজাপালি দলটোৱে ইয়াৰ পিছত ‘সৃষ্টিখণ্ড’ আৰু তাৰ পিছত ‘দেৱখণ্ড’ৰ সহায়েৰে নৃত্যপাঠ আৰম্ভ কৰে আৰু পৰিৱেশৰ পৰ্ববোৰ আগুৱাই লৈ যায়। উল্লেখযোগ্য যে, এই ওজাপালিসমূহৰ কথাবস্তু সাধাৰণতে ‘মহাকাব্য আশ্ৰয়ী’ আৰু কিছু পৰিমাণে লৌকিক মুখকথাৰ আধাৰতো ৰচিত। যদিওবা মহাকাব্য আৰু লোককথা আশ্ৰয়ী এই দুয়োটা দিশেই ওজাপালি সংগীতানুষ্ঠানে সামৰি লয় তথাপি লৌকধৰ্মী অভিব্যঞ্জনাসমূহৰ বাবে ওজাপালি সংগীতক এক প্ৰাচীন লোকসংগীত হিচাপে আখ্যা দিব পাৰি।
ওজাপালি সংগীত এক উৎকৃষ্ট গণমাধ্যম যাৰ জৰিয়তে লোককল্যাণৰ হেতু বিভিন্ন কথাবস্তুসমূহক ভাৱাৰ্থক কৰি তোলে আৰু খুব সোনকালে প্ৰয়োজনীয় সচেতনতাসমূহ সোনকালে কাৰ্যকৰী কৰি তুলিবলৈও সক্ষম হয়। যিদৰে লোকগীতে জনজীৱনৰ বাখ্যা অৰ্থাৎ ঘৰুৱা জীৱন, কথাবতৰাৰ প্ৰসঙ্গ, উপমা যোজনা ইত্যাদিৰে প্ৰকৃতি আৰু ভাষা চিত্ৰধৰ্মী কৰি তোলে ঠিক সেইদৰে লোকসংগীতসমূহেও প্ৰকৃতিৰ পৰা প্ৰেৰিত হৈ ইয়াৰ পিছৰ পৰ্যায়টোলৈ আগবাঢ়ি যায় অৰ্থাৎ সৃষ্টিশীলতাৰ যোগেদি ই এক সংযোগী সংগীতৰ সৃষ্টি কৰে। উল্লেখযোগ্য যে, ওজাপালি সংগীতত কোনো এক বিশেষ কথাবস্তুৰ চিনাক্তকৰণ তথা বিবেচনাৰে লৌকিক আৰু অলৌকিক, মানুহ আৰু দেৱতাৰ শৰীৰ ইত্যাদি দিশসমূহৰ বিষয়ে অৱগত কৰোৱা ইয়াৰ এক প্ৰধান বৈশিষ্ট্য। বিভিন্ন বিষয়বস্তু বিশেষকৈ আখ্যানমূলক কথাবস্তুসমূহ এই সংগীতানুষ্ঠানৰ জৰিয়তে প্ৰকাশ কৰিবলৈ প্ৰয়াস কৰে। অসমৰ প্ৰকৃতি যিদৰে লোকগীতৰ বিষয়বস্তু, ঠিক সেইদৰে, মানৱ আৰু প্ৰকৃতিৰ মাজত থকা সম্পৰ্কই হৈছে লোকসংগীতৰ বিষয়বস্তু। সেয়ে সংযোগী কোনো এক ভাৱাৰ্থতহে লোকসংগীতসমূহ লোকসংস্কৃতিৰ এক অনবদ্য সম্পদ হৈ উঠে।
লোককল্যাণৰ বাবে পৰিৱেশন কৰা এনে সংগীতৰ ধাৰাসমূহ য’ত আজিও পৰম্পৰাৰ স্ৰোত বৰ্তমান তেনে সংগীতসমূহ নিঃসন্দেহে এক শক্তিশালী গণমাধ্যম।ওজাপালি এক লোকসংগীত হিচাপে ন ন বিষয়বস্তুৰে সৃষ্টিশীলতাক লৈ আগুৱাই লৈ যোৱাও পৰিলক্ষিত হয়। দেখা যায় লোকসংগীতৰ জৰিয়তে যিকোনো এখন সমাজে এক ঐতিহাসিক ধাৰণাৰ লগতে সমসাময়িক কথাবস্তুও কথকতাৰ সৰল মাধ্যমেৰে অৱগ্ৰাহী কৰিবলৈ সক্ষম হ’ব আৰু সেয়ে এক বহল অৰ্থত ওজাপালি অসমৰ এক উল্লেখযোগ্য লোকসংগীত। এনে লোকসংগীতৰ পাৰম্পৰিক চৰ্চাই আমাক সদায়েই নৈতিক আৰু ধাৰ্মিক- এই দুয়োটা দিশতেই স্বীকাৰ্য প্ৰদান কৰিব।