নিবন্ধ

লোকসংস্কৃতি আৰু শ্ৰেণীচেতনা-(দীপাংকৰ ঠাকুৰীয়া)

সংস্কৃতি মানুহৰ জীৱন নিৰ্বাহৰ এক প্ৰধান একক আৰু ই জীৱনৰ বৈশিষ্টও। নৃতত্ববিদ Melville J. Herskovits (1895 -1963) ৰ সংজ্ঞাটো বৰ তাৎপৰ্যপূৰ্ণ “Culture is the man made part of the environment”. প্ৰকৃতিৰ সৈতে সহবাস কৰিবলৈ মানৱ সম্প্ৰদায়ৰ যি সৃষ্টি, সেয়াই এক অৰ্থত কৃষ্টি। মানুহৰ জীৱন সংগ্ৰামৰ কাৰণে সৃষ্টি কৰাৰ প্ৰয়োজন। মানুহেই এনেকুৱা একমাত্ৰ জীৱ যিয়ে নিজৰ কাৰণে ‘বস্তু’ সৃষ্টি কৰিব পাৰে বা গঢ়িব পাৰে, যিটো অন্য জীৱই কৰিব নোৱাৰে। সেই ‘বস্তু’ বা ‘সামগ্ৰী’ কিছুমানে ভোগ কৰে অথবা ভোগ কৰাৰ ক্ষমতা নথকা কাৰণে আক্ষেপ কৰে। প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি মানুহে আকাশী উৰাজাহাজৰ পৰা পেটৰ ভাত পৰ্যন্ত নিজেই সৃষ্টি কৰি লয়। প্ৰকৃতিৰ ওপৰত ই ক্ৰিয়া কৰে আৰু প্ৰকৃতিৰ সৈতে এক অভিন্ন সম্পৰ্কৰে বান্ধ খাই থাকে। মানুহ সংঘৱদ্ধভাবে সমাজ পাতি বাস কৰে কাৰণে আমি কব পাৰো যে মানুহ অকলশৰীয়া নহয় । ফলস্বৰূপে প্ৰকৃতিৰ বিৰুদ্ধে কাম কৰিবলৈ গৈ প্ৰকৃতিৰ ওপৰত ক্ৰিয়া কৰি দৰাচলতে মানুহে পৰস্পৰৰ সৈতে ক্ৰিয়া কৰিবলগীয়া হ’য়। মানুহৰ এটা উন্নত, বিৱৰ্তিত মস্তিষ্ক আছে। সেই মস্তিষ্কৰে চিন্তা কৰাৰ ক্ষমতা আৰ্জন কৰিছে। এই প্ৰকৃতিত বৰ্তি থাকি কাৰ্য কৰোতে পৰস্পৰৰ সৈতে আৰু প্ৰকৃতিৰ গঢ়ি উঠা সম্পৰ্কই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে। ইয়েই ভাব আৰু বিষ্ময়ৰ জন্ম দিয়ে। মানুহৰ মনত জাগ্ৰত হোৱা এই অনুসন্ধিৎসাসমূহক নানাভাৱে প্ৰকাশ কৰে। নাটক, গান, সাহিত্য, নৃত্য, অভিনয়, খেলাধূলা, ৰাজনৈতিক তত্ব, সামাজিক তত্ব, দৰ্শন আদি বিষয়ত মানুহে নিজকে প্ৰকাশ কৰিব বিচাৰে, সেই প্ৰকাশৰ মাধ্যমটোৱেই বৰ্তমানৰ সংস্কৃতি। কিন্তু সংস্কৃতিক যেতিয়া ‘জাতীয় সংস্কৃতি’ বুলি কোৱা হ’য়, সেয়া কিন্তু সঠিক ভাৱে ‘জাতীয় সংস্কৃতি’ ৰ আওতাত নপৰে। কাৰণ কোনো জাতিয়েই একক নহয়। আমাৰ সমাজখন যিহেতু শ্ৰেণী বিভক্ত সেয়েহে জাতীয় সংস্কৃতিত শ্ৰেণী বিভাজন আহে। এই সমাজত যিসকলে প্ৰতিদিন সম্পদ গঢ়ে, সেইসকল হৈছে দুখীয়া। যিসকলে সম্পদ সৃষ্টি নকৰে তেওঁলোক হৈছে ধনী। অৰ্থাৎ সমাজ শ্ৰেণী বিভক্ত তৎস্বৰূপে ইয়াত শ্ৰেণী শোষণ আছে। গতিকে শ্ৰেণী বিভক্ত সমাজ হ’লে সংস্কৃতিৰ একোটা শ্ৰেণীৰূপ থাকিব। উদাহৰণ স্বৰূপে দাসপ্ৰথাৰ যুগত দাস সকল আছিল দাসমালিক সকলৰ অধীন, সিহঁতৰ কোনো অধিকাৰ নাছিল। সেই সময়ত সংস্কৃতিৰ কোনটো উচিত, কোনটো অনুচিত, কোনটো ভাল অথবা কোনটো মন্দ, কোনটি শুভ বা অশুভ সেয়া বিচাৰ কৰিছিল দাসমালিক সকলে। তেওঁলোকৰ কাৰণে যিটো শুভ বা উচিত; দাস সকলৰ কাৰণে সেয়া অনুচিত অথৱা অন্যায়। ভাল বা মন্দ সংস্কৃতিৰ ধাৰণা আছিল কোনজন কোনটো সামাজিক শ্ৰেণীত জন্মগ্ৰহণ কৰিছে,সমাজত তাৰ অৱস্থান ক’ত আদি ধাৰণাৰ ওপৰতহে। দেশৰ জনগণৰ মাত্ৰ পাঁচ শতাংশ লোকহে বিদ্যা-বুদ্ধি, ধন-মানেৰে উন্নত পৰ্যায়ত উপনীত হ’ব পাৰিছে, অইন পছানব্বৈ শতাংশ লোকৰ সৈতে তাৰ ব্যৱধান বহুত বেছি। ৰবীন্দ্ৰনাথ ঠাকুৰৰ এষাৰ কথা বৰ গুৰুত্বপূৰ্ণ আছিল- “আমরা এক দেশে আছি, অথচ আমাদের এক দেশ নয়।” (রাশিয়ার চিঠি, রবীন্দ্র রচনাবলী,পৃ. ৩৬১)। তেনক্ষেত্ৰত সংস্কৃতিৰ সংজ্ঞা এক হ’লেও তাৰ প্ৰকাশ বা সামাজিক পৰিকাঠামো ভিন ভিন হয়। যি অনুভুতিৰে মানুহে অভ্যন্তৰৰ ভাব-চিন্তা, নিজৰ ভিতৰৰ দুখ-বেদনা, আনন্দ বহিঃপ্ৰকাশ কৰিব বিচাৰে সেয়াই সংস্কৃতিৰ ৰূপ লয়। কিন্তু যিয়ে প্ৰকাশ কৰিব বিচাৰে সেইসকলৰ সামাজিক অৱস্থান কি? সেইসকল যদি শোষিত মানুহ হয় তেতিয়া হ’লে তেওঁলোকৰ যি ধাৰণা হ’ব, শোষক শ্ৰেণী হ’লে তাৰ ধাৰণা অন্যধৰণৰ হ’ব। অৰ্থাৎ সমাজ সংস্কৃতিৰ সৈতে কিছুমান ধাৰাবাহিকতা প্ৰচলিত হৈ আহিছে। যিটো শাষক শ্ৰেণীৰ সংস্কৃতি, সেইটোৱেই জাতীয় সংস্কৃতিৰ ৰূপ লয়। ই সমাজ ব্যৱস্থাৰ পৰা পৃথক নহয়, বৰং সমাজক ই অতিৰঞ্জিত কৰি তোলে। সমাজৰ লোক সমষ্টি সমূহত কিছুলোক সৱল থাকে, কিছুলোক দুৰ্বল। সবল চামৰ অজ্ঞাতেই দুৰ্বল শ্ৰেণীটোক এটা দিশত আগুৱাই দি পৰিচালিত কৰে, এনেদৰে সমাজখন আগবাঢ়ে। কিন্ত আগবাঢ়ে কাৰ ধৰণেৰে- শক্তিধৰ চামে বিচৰা ধৰণেৰে। সমাজখনৰ সংস্কৃতিৰ ধাৰণাৰ ভিতৰত দৰিদ্ৰ মানুহৰ বেদনাবোৰ পূঞ্জীভূত হৈ থাকে। কিন্তু মুল বিষয় সমূহ সমাজৰ ওপৰ মহলাৰ মানুহে তেওঁলোকৰ চিন্তা চেতনা, তেওঁলোকৰ আনন্দ-হৰ্ষ, তেওঁলোকৰ উচিত-অনুচিত বোধ, ভাল বেয়া আদিয়ে সমাজত সংস্কৃতিৰ ৰূপে প্ৰকাশ পায়। আমাৰ দেশত বহুদিন সতীদাহ প্ৰথা আছিল। পুৰুষশাসিত সমাজত পুৰুষজনৰ মৃত্যু হ’লে পত্নীগৰাকীয়ে জুইত পুৰি মৰিব লগীয়া হৈছিল। এনেকুৱা কিয় কৰিব লাগিছিল, তাৰ কিবা যুক্তি আছিল নেকি? অকল পুৰুষপ্ৰধান সমাজে এনেকুৱা কৰিবলৈ কৈছে বুলি যদি যুক্তি প্ৰচাৰিত হ’লহেতেন, তেতিয়া কোনো মহিলা এনেকৈ স্ব-ইচ্ছাই নমৰিল হেঁতেন, তাৰ প্ৰতিবাদ হ’লহেতেন। সেয়েহে সমাজৰ উচ্চবৰ্ণ বুলি নিজকে ঘোষণা কৰা কিছু লোকে বহুতো অবান্তৰ কাহিনীৰ সৃষ্টি কৰিছিল। কোনো বিধবা যদি পুনৰ বিবাহ হয় অথবা সতী যাবলৈ অস্বীকাৰ কৰে তেনেহ’লে তেওঁলোকৰ কাৰণে ভয়ংকৰ শাস্তি আছিল। যমৰ যমালয়ত দুজন শিং থকা দৈত্যই তপত তেলত তেনেকুৱা নাৰীক দহাইছিল। এফালে এনেধৰণৰ ভীতিৰ সৃষ্টি কৰা হৈছিল তথা আনহাতে কোৱা হৈছে যে যদি স্বামীৰ সৈতে সহমৰণে যোৱা যায়, তেতিয়া হ’লে পত্নী গৰাকীয়ে পৰলোকত পৰম সুখ উপভোগ কৰিব পাৰিব। কোনো দুখ-পীড়া হীন এক জীৱন স্বৰ্গীয় ৰাজ অন্তেষপুৰত কটাব পাৰিব য’ত পুষ্প সজ্জিত বিচনাত শুকুলা হাতীয়ে সুগন্ধি ফুল ছটিয়াই থাকে , ইত্যাদি। এনেদৰে সৃষ্টি কৰা কাহিনী সমূহো একোটা সংস্কৃতি। এই সংস্কৃতিক উদ্দেশ্যপ্ৰণোদিতভাবে প্ৰচলন কৰোৱা হৈছিল। কৌটি কৌটি নাৰীয়ে তাকেই মানি লৈছিল। বিধবা মহিলা সকলৰ প্ৰতি সমাজৰ দৃষ্টি বৰ নিকৃষ্ট, নিদাৰুণ আছিল। অসমতো সেই অপচিন্তাসমূহ ব্ৰাহ্মণ্যবাদৰ দ্বাৰা শিপাই বৰ কুটিল ৰূপ লৈছিল, তাৰ পৰা আমাৰ সমাজ এতিয়াও মুক্ত হ’ব পৰা নাই। অসম তথা উত্তৰ পূৰ্বাঞ্চল প্ৰতিটো জনগোষ্ঠীৰ মাজতেই বিধবা বিবাহ ব্যৱস্থাৰ সমাজ হিতকৰ কিছুমান যুক্তিপূৰ্ণ নীতিহে আছিল। এতিয়াও আছে। তাক আমি প্ৰাধান্য দিয়াটো সমীচীন। অতীতৰ ৰাজতন্ত্ৰৰ সময়ত সংস্কৃতিৰ ‘কাণ্ড-ক্ৰিয়া’ৰ নায়ক হৈছিল সমাজৰ ওপৰ মহলাৰ লোক। তাত গাঁৱৰ দূখীয়া মানুহ, শ্ৰমজীৱি মানুহৰ প্ৰৱেশ কৰাৰ অধিকাৰ নাছিল। কিন্তু তেওঁলোকো মানুহ, তেওঁলোকৰো চিন্তা কৰিবলৈ মস্তিষ্ক আছিল। তেওঁলোক শোষিত হ’লেও চিন্তাৰ পৰিধি অৱধি নাছিল। তেওঁলোকৰো আনন্দ আছে, ব্যেথা আছে, কষ্ট আছে, জিজ্ঞাসা আছে, এই অনুভূতিসমূহক দমাই ৰাখিব নোৱাৰি, সেয়েহে শাষক শ্ৰেণীৰ সংস্কৃতিৰ জগতৰ বাহিৰত জনগনৰ নিজস্ব একোটা সংস্কৃতিয়ে বিকাশ লাভ কৰিছিল, যাক আমি কৈছোঁ- ‘লোকসংস্কৃতি’। এই লোক সকলে নিজৰ মাজতেই, নিজ ধৰণেৰে, কোনো আনুষ্ঠানিক শিক্ষা অবিহনে, নিজৰ মুখৰ ভাষাটোৰেই, নিজৰ সুকুমাৰ শৈলীৰে বস্তু সংস্কৃতিৰ প্ৰতিটো প্ৰয়োজনীয় সামগ্ৰী গঢ়িছিল। সাজপাৰ,গহণা-গাঁঠৰী, ঘৰ-দুৱাৰ, আচবাব নিৰ্মাণ, খাদ্যসম্ভাৰৰ জুতি আদিৰে পৰীক্ষণ আৰু প্ৰাকৃতিক সমলেৰে আগৱাঢ়িছিল লোকজীৱন। এই লোকজীৱনৰ লোকজ্ঞান সমূহ অনুকৰণ আৰু মুখবাগৰি প্ৰজন্মৰ পৰা প্ৰজন্মলৈ গতি কৰে। আমি কব পাৰো যে লোকসংস্কৃতি বনৰীয়া ফুলৰ দৰে। আঢ্যবন্ত লোকৰ বাগিচা, বাৰীত নানা তৰহৰ দেশী, বিদেশী ভাল ভাল ফুল বহু যত্নত লালিত হয়, চালে চকুৰোৱা। তাৰ বিপৰীতে বনৰীয়া ফুল অযত্নতে ফুলে। প্ৰকৃতিৰ নিজৰ নিয়মেৰেই তাৰ পৰাগ মিলন ঘটি নতুন গছ গাজি বিস্তাৰ লাভ কৰে, এনে বিভিন্ন গছৰ সমাহাৰৰ বৈচিত্ৰময় হয়। স্বতঃস্ফূৰ্তভাবে নিজৰ প্ৰয়োজনত শাষক শ্ৰেণীয়ে নিজৰ ৰঙেৰে সমাজখনক ৰঙীয়ান কৰিব বিচাৰে। শাষক শ্ৰেণীয়ে যিটো ভাল বা বেয়া বুলি বিচাৰ কৰে, শোষিত মানুহেও সেইটোৱেই মানি লওক, সেয়াই হৈ আহিছে। কিন্তু কোনো জোৰ-জুলুম কৰি জাপি দিয়া সংস্কৃতি লোকসমাজে কেতিয়াও মানি নলয়। ই ক্ষন্তেকীয়া। নিম্ন শ্ৰেণী বুলি গণ্য কৰা লোকে নিজৰ ধৰণেৰে সংস্কৃতিৰ গঢ় দিয়ে, ই ব্যপ্তি লাভ কৰে বিশাল পৰিসৰলৈ। অসমীয়া ভাষাক সমৃদ্ধ কৰা লোকভাষা সমূহত এনেকুৱা অলেখ লোকসৃষ্টি আছে। শ্ৰীকৃষ্ণৰ লোকগীত সমূহত সাধাৰণ গাৱলীয়া শ্ৰমজীৱি যুৱক ৰূপেই শ্ৰীকৃষ্ণৰ চৰিত্ৰ অংকিত কৰা হৈছে, শিৱনাম সমূহত শিৱৰ চৰিত্ৰৰ ওপৰত জাপি দিয়া কোনো বৈদিক নীতি-নিয়মত সীমবদ্ধ নাৰাখি এক সাৰ্বজনীন সাধাৰণ কিন্ত আদৰ্শ পুৰুষৰ চানেকিহে আমি পাওঁ। মনসামংগল বা মাৰেগীত বা মুখপুৰাণে নিৰাকাৰ প্ৰকৃতিৰ শক্তি উৎসৰ সৈতে একাত্ম জনমানসকহে প্ৰতিনিধিত্ব কৰে, নিৰাকাৰ শক্তিৰূপী ঈশ্বৰে তেতিয়াও অসম ভূখণ্ডত সাকাৰ প্ৰস্তৰৰূপ পোৱাই নাছিল। জনসাধাৰণৰ মাজত বিশ্বাসৰ ব্যপ্তি দেখি আৰ্যীকৰণেৰে সৰু সৰু লোকগোটৰ লোকবিশ্বাস সমূহক সনাতনী ৰূপ প্ৰদান কৰি জাহ যোৱাৰ ব্যৱস্থা কৰা হৈছিল,ফলস্বৰূপে লোকবিশ্বাস সমূহত ৰীতি-নীতি প্ৰয়োগ কৰি কিছুমান কথা-কাহিনী তাত আৰোপিত কৰা হৈছিল অৰ্থাৎ লোকসংস্কৃতিক আটক কৰি শাস্ত্ৰীয় শিষ্ট সংস্কৃতি গঢ় দিছে। লোকগীত সমূহত উচ্চ ৰাজকীয় মত,শ্ৰেণীৰ বিভাজন নাকচ কৰা হৈছে, এই সাহিত্যসমূহ ৰচিত হৈছিল মুখে মুখে,পৰৱৰ্তী সময়ত ই অসমীয়া লোকসাহিত্যক মহীয়ান কৰিছে।বিশ্বৰ প্ৰতিটো সৰু-বৰ ভাষিক গোটৰ মাজতেই ই অনুৰূপ। বিহুনামে আজি যি সম্ভ্ৰান্ত মৰ্যদা পাইছে, তাৰ সুৰ আৰু বিষয় বাচনি কৰিছিল সেই সময়ত সমাজত নিম্নশ্ৰেণী বুলি গণ্য কৰা শ্ৰমজীৱি লোকসমাজে। লোককথা, লোক-সাজপাৰ বা লোকশিল্প, লোক পৰিবেশ্য কলা-নৃত্য, লোকনাট, খেলা-ধূলা আদিৰে মানুহে নিজকে প্ৰকাশ কৰিছিল। এই বিলাকেই লোকসংস্কৃতিৰ অংশ। ইয়াৰ মাজত দুটা কথা নিহিত হৈ আছে। লোকসংস্কৃতি স্বতঃস্ফুৰ্ত ভাবে গঢ়ি উঠে, ফলত ইয়াৰ ভিতৰত কোনো শ্ৰেণীচেতনা নাছিল, আছিল কেৱল মানুহৰ যন্ত্ৰণা আৰু তাত নিহিত শান্তিৰ প্ৰচ্ছায়া। চকুৰ সন্মুখতে নিজৰ জীৱনৰ দৰে সদৃশ যন্ত্ৰণা কিছুলোকে ভোগ কৰি থকা প্ৰত্যক্ষ কৰিলেও আৰু নিজৰ জীৱনৰ বঞ্চনাৰ অভ্যন্তৰত শ্ৰেণীবিৰোধ বা শ্ৰেণীৰ বিদ্বেষ সৃষ্টি হলেও, সেয়া কিন্তু হঠাতে সংগ্ৰামৰ ৰূপ নলয়। কিন্তু আক্ষেপৰ ভংগীত সি ফাঁটি-ফুটি পৰে। সেইকাৰণে আমি লোকসাহিত্যত প্ৰতিবাদৰ সুৰ বিলাক বিচাৰি পাঁও। নিজৰ ঘৰত সন্তানৰ যি ঘটে, সেয়া অন্য লোকৰ সন্তানৰ কাষ চপাই অথবা ধনীলোকৰ সন্তানৰ জীৱনত যি ঘটে তাক নিজৰ সন্তানৰ ভাগ্যৰ সৈতে ৰিজাই চায়। ইয়াৰ মাজত একোটা প্ৰতিবাদ নিহিত থকাৰ উপৰিও আত্মসমৰ্পণো নিহিত থাকে। কাৰণ ই শোষণক নাকচ কৰা নাই। শোষণক ন্যায়সংগতভাৱে নিৰীক্ষণ কৰিছে। কেৱল আনৰখিনি ভাল নিজৰখিনি বেয়াৰ পৰিৱৰ্তে, আমাৰখিনি ভাল আনৰখিনি বেয়া বুলি একোটা প্ৰতিশোধ ল’ব বিচাৰে। শ্ৰেণী সমাজৰ,শ্ৰেণী শোষণৰ প্ৰতি যি দৰ্শন সেই দৰ্শনৰ ওচৰত আত্মসমৰ্পণ কৰি লোকশ্ৰেণী গোটে প্ৰতিবাদ কৰে। অৰ্থাৎ ইয়াৰ ভিতৰত এফালে যিদৰে শোষিত মানুহৰ জীৱনৰ আকাঙ্খা আছে,তেনেদৰে ইয়াৰ মাজত আত্মসমৰ্পণ বা তাৰ ওচৰত নিজৰ নতি স্বীকাৰ কৰা একোটা চৰিত্ৰও আছে। এইধৰণৰ ভাৱেৰে যি লোকসংস্কৃতি গঢ় লৈছিল ,সেয়া আজি সংকটৰ সন্মূখীন হৈছে। তাৰ কাৰণ হ’ল আমাৰ সমাজ পৰিৱৰ্তন হৈছে,অতীতৰ সামন্ততান্ত্ৰিক সমাজৰ ৰজা জমিদাৰৰ ভিতৰত যি সংস্কৃতি আছিল তাৰ আওঁতাৰ বাহিৰত এই লোকসংস্কৃতি সমূহ বিকাশ লাভ কৰিব পাৰিছিল। কিন্তু আজিৰ সময়ত পূঁজিবাদী বিকাশ ঘটিছে। উৎপাদন যন্ত্ৰৰ উন্নতি হৈছে, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগে আকাশৰ সীমনা পাৰ কৰিছে,যিয়ে কোনো বাধ্য-বাধকতা মনা নাই। মানুহৰ ৰূপ আৰু ৰুচিৰ পৰিৱৰ্তন হৈছে। গাঁও সমূহৰ ভৌগলিক বিচ্ছিন্নতাৰ পৰিবৰ্তন সাধন হৈছে। বাট-পথৰ উন্নতিৰ লগে লগে বৈদ্যুতিন মাধ্যম সমূহে গাঁও সমূহত শিপাইছে। পূঁজিবাদী সংস্কৃতি, সাম্ৰাজ্যবাদী সংস্কৃতিয়ে গাঁওৰ লোকশিল্প, লোকসংস্কৃতিক আঘাট হানিছে আৰু তাৰ স্থান সমুহ কাঢ়ি নিছে। অতীতৰ শাসক সকলৰ তুলনাত আজি ই অনেকগুণে স্বাৰ্থকেন্দ্ৰীক হেতুকে এই আক্ৰমণ সৰ্বগ্ৰাসী হৈছে। আমি কি দেখিছো, আমি কি শিকিছো! আমাক এক আগ্ৰাসী শক্তিয়ে যি দেখুৱাইছে, আমি তাকেই দেখি শিকিছোঁ যিয়ে আমাৰ মন মগজুক নিজৰ দ্বাৰা পৰিচালিত হ’বলৈ নিদিয়ে। সংবাদ জগত, টেলিভিছন আৰু আন আন গণ মাধ্যম সমূহত আমি দেখিবলৈ পাইছো এক নতুন ধৰণৰ সংস্কৃতি,যিয়ে মানুহক ক্লীৱ কৰি দিছে। মানুহক অসৎ কৰি দিয়ে। আজি বিশ্বৰ অৱস্থা কেনেকুৱা- এফালে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতি হৈছে,মানুহৰ উৎপাদন ক্ষমতা বাঢ়িছে, সৃষ্টি কৰাৰ ক্ষমতা বাঢ়িছে,অন্যহাতে কিন্তু মানুহৰ ভোগ কৰাৰ ক্ষমতা বঢ়া নাই। ফলঃস্বৰূপে এফালে সম্পদৰ প্ৰাচুৰ্য আনফালে দাৰিদ্ৰতাৰ হাহাকাৰ, বজাৰৰ কাৰণে কাজিয়া, প্ৰতিযোগিতা, মৰামৰী। বিশ্বজুৰি দুখনকৈ মহাযুদ্ধ হৈ গৈছে এই বজাৰৰ কাৰণেই। তৃতীয় মহাযুদ্ধৰ উকমুকনি ইউক্ৰেইন আৰু ৰাছিয়াকে সাঙুৰা নাই,তলে তলে ই বিৰূপ ৰূপ লৈছে। যাৰ ক্ষয়ংকৰ পৰিণতি দেশৰ সাধাৰণ জনতাই বহুদিনলৈ ভুগিব লাগিব। যি সম্পদ সমাজে সৃষ্টি কৰাৰ ক্ষমতা আৰ্জন কৰিছে সেই সম্পদক ভোগ কৰাৰ ক্ষমতা যদি সমাজখনৰ নাথাকে তেনেহ’লে তাৰ অনিবাৰ্য পৰিণতি হিচাপে এই সমস্যাসমূহে দেখা দিয়ে। ভাৰতীয় মানুহৰ জীৱন ধাৰণৰ সন্মুখত হেঙাৰ কি ? World Inequality Report 2022 অনুযায়ী ভাৰতৱৰ্ষখন হৈছে বিশ্বৰ আটাইতকৈ আৰ্থিক অসমতাপূৰ্ণ দেশ, য’ত বৰ্দ্ধিত দাৰিদ্ৰতাৰ হাৰ আটাইতকৈ দ্ৰুত। সমীক্ষা অনুসৰি শীৰ্ষ ১০% আৰু শীৰ্ষ ১%ই দেশৰ মুঠ আয়ৰ ৫৭% আৰু ২২% অধিকাৰ কৰি থকাৰ বিপৰীতে নিম্ন ৫০% লোকে ১৩% আয়ৰ ভাগ-বাটোৱাৰা কৰি আছে। দেশখনৰ প্ৰাপ্তবয়ষ্ক লোকৰ গড় আয় ২০৪২০০ টকা, ইয়াৰে নিম্ন ৫০% লোকৰ আয় ৫৩৬১০ টকা আৰু শীৰ্ষ ১০% লোকৰ আয় ১১৬৬৫২০ টকা, যিখিনিৰ পৰিমাণ ২০ গুণতকৈও অধিক। (The Economics Times, Dec 07,2021)বৰ্তমানৰ সময়ত আমি প্ৰত্যক্ষ কৰিছো,নিবনুৱা সমস্যাৰ দ্ৰুত বৃদ্ধি, চৰকাৰী আঁচনিৰ পয়োভৰৰ পিছতো ভোকাতুৰ মানুহৰ সংখ্যা বৃদ্ধি। বৰ্তমান মানুহৰ জীৱনৰ অনিশ্চয়তা বৃদ্ধি পাইছে, এই সকল মানুহক বশ কৰিব লাগিব, নহ’লে পুঁজিবাদী ৰাজনৈতিক শকতি সমূহৰ ক্ষমতা হ্ৰাস পোৱাৰ সম্ভাৱনা থাকে। ৰবীন্দ্ৰনাথে কৈছিল যে “মানুষকে কবৰ দিতে গেলে তুমি না মেৰে কাউকে কবৰ দিতে পাৰ না। না মেৰে কাউকে গোৰ দেওয়া যায় না, তেমনি মানুষেৰ বুদ্ধিকে যদি বিকৃত না কৰা যায়, বুদ্ধিকে যদি শেষ কৰা না যায়, তাকে যদি উন্মত্ত কৰে না তোলা যায়,তাহলে তুমি তাকে দমন কৰতেও পাৰ না।“আজি আমি বিকৃত সংস্কৃতি হিচাপে বহু কথা গ্ৰহণ কৰিব লগা হৈছে। ভোগবাদে মধ্যবিত্তৰ মাজতো আত্মকেন্দ্ৰিকতা যথেষ্ট বঢ়াইছে মানুহৰ আদিম প্ৰবৃত্তিক বিকৃত কৰি জনমানসত বিয়পোৱা হৈছে। উন্মত্ত আৰু অত্যাচাৰী মনোভাৱে আজিৰ সংস্কৃতিক গ্ৰাস কৰি আনিছে। অন্ধভক্তি আৰু ভুৱা বিজ্ঞান আগুৱাই গৈছে। মানুহে অসাধ্য বুলি ভবা কাম সাধন কৰিছে আৰু ধনীক চামে তাৰ ভাল ফল ভোগ কৰিছে। কিন্তু কামৰ বিভাজনৰ তুলাচনীখনৰ সমতা কমিছে। বিজ্ঞানৰ সুফল সমূহ কৌটিপতি মানুহৰ কাৰণে মুনাফা আদায়ৰ কৌশল হৈছে আৰু সাধাৰণ মানুহৰ কাৰণে হৈছে ঈশ্বৰ। তেঁওলোকৰ কাৰণে ধৰ্ম, তেঁওলোকৰ কাৰণে উপদেশ হৈছে আজিৰ পৰা ২০০০ বছৰ পূৰ্বলৈ উভতি যোৱাৰ। আজিকালি একোটা নতুন ধাৰণাৰ সৃষ্টি কৰা হৈছে। জনগন একগোট হৈ কোনো এক অসাধ্য সাধন কৰিব পাৰি বুলি যাতে মানুহ প্ৰতীয়মান নাযায় বা বিশ্বাস হেৰুৱাই, সেইটোকেই নিৰপেক্ষ, নিৰ্জীৱ দৰ্শক হিচাপে মানুহৰ মাজত দেখুওৱা হৈছে। বোলছবিৰ দ্বাৰা নায়কৰ একক শক্তি,গল্প, উপন্যাস আদি সাহিত্য কৰ্মৰ মাধ্যমেৰেও কিছুমান নিৰ্দিষ্ট বীৰপূজাৰ প্ৰচলন কৰিবলৈ এক শক্তি উঠিপৰি লাগিছে। পৃথিৱীখন জনগনৰ একত্ৰ সৃষ্টি নহয় বুলি মানুহৰ চিন্তাক আৱদ্ধ কৰিবলৈ অহৰহ প্ৰয়াস চলিছে। জনগণৰ শ্ৰম আৰু সেই শ্ৰমৰ দ্বাৰা হোৱা সৃষ্টিৰে আমাৰ মানৱবিশ্ব আৰু সমাজ সংস্কৃতি আগুৱাইছে- এনেকুৱা ধৰণৰ কথাবোৰৰ কোনো ভিত্তি নাই বুলি মানুহক পতিয়ন নিয়াইছে। কিছুসংখ্যক বীৰে সমাজখন গঢ়ি তুলিছে,এনেকুৱা ধাৰণা বিয়পাবলৈ চেষ্টা চলোৱা হৈছে। আমি কব বিচাৰো, আজিৰ মানুহ ধনী বা দুখীয়াৰ কাৰণটো হৈছে শ্ৰেণী শোষণ, ধৰ্মৰ যোগেদি কেতিয়াও চৰম শোষণ কৰিব নোৱাৰি, কিন্তু শ্ৰেণী বিভাজনেৰে শোষণ কৰিব পৰা যায়। শ্ৰেণী সংগ্ৰাম, শ্ৰেণী ঐক্য, শোষণৰ বিৰুদ্ধে মানুহৰ প্ৰতিবাদ আদি ধাৰণা সমূহক নষ্ট কৰি দিব বিচৰা হৈছে। বৰ্তমানৰ সময়চোৱাত সংস্কৃতিৰ ওপৰত এয়াই আক্ৰমণ। এই আক্ৰমণ গ্ৰামাঞ্চলত শিপাই বৰ ভয়ংকৰ ৰূপ লৈছে। আমাৰ লোকসংস্কৃতি, লোকসাহিত্য ইয়াৰ বিচৰণ ক্ষেত্ৰ হৈ পৰিছে। এই ক্ষেত্ৰ সমূহৰ যথেষ্ঠ ক্ষতি সাধন হৈছে। আমাৰ নিজা ধাৰণা যে লোকসংস্কৃতি যদি টিকি থাকিব লাগে, তেতিয়াহ’লে তাক স্বতঃস্ফুৰ্ততাৰ ওপৰত এৰি দিলেই বাচি নাথাকিব। লোকসংস্কৃতিক যদি আজিৰ সময়ৰ শ্ৰেণী সংস্কৃতিত পৰিণত কৰিব কৰিব পৰা যায়,যদি লোকসংস্কৃতিত শোষিত মানুহৰ দুখ, বেদনা, যন্ত্ৰনা, আকাঙ্খা, সংগ্ৰাম আৰু ঐক্যক মূৰ্ত কৰি তুলিব পৰা যায়, তেতিয়া লোকসংস্কৃতিয়ে তাৰ জীৱন ঘূৰাই পাব। যদি লোকসংস্কৃতিয়ে সেয়া কৰিব নোৱাৰে, ই হেৰাই যাব,তাৰ স্থানৰ নাটনি হ’ব। এয়া উল্লেখ কৰা প্ৰয়োজন যে পুৰণা লোকশিল্প আৰু শিল্পী, ভাস্কৰ সকল পুঁজিবাদী সংস্কৃতিৰ বজাৰত উপেক্ষিত হৈ পৰিছে। থলুৱা উপকাৰী সামগ্ৰীৰ স্থান দখল কৰিছে বাহিৰৰ পৰা অহা কৃত্ৰিম আৰু বহুজাতিক প্ৰতিস্থানৰ সামগ্ৰীয়ে। ভূৱা বিজ্ঞাপন আৰু প্ৰলোভনে মানুহৰ মনঃস্তত্বক জঠৰ কৰিছে, ভাল বেয়াৰ বিশ্লেষণ কৰাৰ ক্ষমতা মানুহে হেৰুৱাই পেলাইছে। এই পটভূমিত যদি আমি লোকসংস্কৃতিক ৰক্ষা কৰিব বিচাৰো, তেনেহ’লে ‘লোক’-যিসকল গাঁওৰ বা নগৰৰ কম আয়ৰ মানুহ,তেওঁলোকৰ মনত এই সংস্কৃতি সম্পৰ্কে একোটা আকাঙ্খা গঢ়ি তোলা প্ৰয়োজন। সংস্কৃতিৰ ওপৰত যে উদ্দেশ্যপ্ৰণোদিত ভাবে আগ্ৰাসন চলিছে, মানুহৰ মনক যে বিকৃত কৰাৰ প্ৰয়াস চলিছে তাৰ বিৰুদ্ধে আমি এক প্ৰতিবাদ গঢ়ি তুলিব লাগিব। যদি আমি জনগনক একত্ৰিত কৰিব নোৱাৰো, যদি আমি মানুহৰ কাষ চাপিব নোৱাৰো তেতিয়াহ’লে এইসকল শিল্পী,লোকশিল্প,লোকসাহিত্য হেৰাই যাব বুলি সন্দেহ হয়।স্বতঃষ্ফুৰ্ততাৰে সময়ৰ স্তৰে স্তৰে এইসমূহ বিকশিত হৈছিল; এতিয়া আৰু স্বতঃস্ফুৰ্ততাৰ ওপৰত এইসমূহ টিকি নাথাকে। আমাৰ ধাৰণা হয়,যদি লোকসংস্কৃতিক শ্ৰেণীসমুহৰ উৎকৰ্ষ সাধনৰ কাৰণে কোনো এক সংগঠিত শ্ৰেণীয়ে উদ্যোগ নলয়,লোকসংস্কৃতি যদি শোষিত মানুহৰ সংস্কৃতি ৰূপে ৰূপান্তৰিত কৰিব পৰা নাযায়, লোকসংস্কৃতি যদি কৌটি কৌটি মানুহৰ সমাজ সচেতনতাৰ কৌশল ৰূপে পৰিগণিত নহয়, তেনেহ’লে এই লোকসংস্কৃতি অক্ষয় হৈ ৰোৱাটো আগন্তুক দিনবোৰত দুৰূহ হৈ পৰিব। আমি সেইসকলক আবেদন কৰিম, যিসকল লোকশিল্পী, যিসকলে মানুহক আনন্দ দিছে, যিসকলে গীত ৰচনা কৰিছে,যিসকলে পৰম্পৰাগত নাচবোৰ বৰ্তাই ৰাখিছে। তেওঁলোকে ভাবিব পাৰিব লাগিব যে এয়া কাৰ কাৰণে কৰিছে। তেওঁলোকৰ গানৰ বক্তব্য,নাচৰ ভংগী সমূহে কিছু কব বিচাৰে। সেই কব বিচৰাখিনি কৌটি কৌটি মানুহৰ স্বাৰ্থৰ পক্ষে, তেওঁলোকৰ যন্ত্ৰণা ধ্বনিত হ’ব লাগিব। যদি নহয়,তেনেহ’লে ই স্থায়ীত্ব হেৰুৱাব।যদি লোকশিল্পী, লোকসংস্কৃতি কৰ্মী সকল শ্ৰেণী সংগ্ৰামৰ কৰ্মীৰূপে পৰিণত নহয় , যদি গ্ৰামাঞ্চলৰ আৰু নগৰাঞ্চলৰ দুখীয়া শ্ৰমজীৱী মানুহক উদীপ্ত কৰিব নোৱাৰে,যদি তেওঁলোকক সংগঠিত কৰিব নোৱাৰে,তেতিয়া হ’লে চেতনা বিস্তাৰিত নহ’ব। আমি দুখীয়া কৰ্মী মানুহ প্ৰত্যক্ষ কৰিছো যিয়ে মজুৰী বৃদ্ধিৰ আন্দোলন কৰিছে,ভূমিৰ অধিকাৰৰ আন্দোলন কৰিছে, কিন্তু এটা কথা এনেকুৱাও প্ৰযোজ্য যে কেৱল ‘ভাত’ৰ বাহিৰেও শ্ৰমজীৱি মানুহৰ মগজুৰ চিন্তাৰ পৰিসৰ আছে।এই মগজুৱেই যদি আৱৰ্জনাময় হৈ থাকে, তাৰ চেতনা যদি পাহৰি থাকে, তেতিয়া হ’লে সেইসকল মানুহ কোনোদিনে সমাজ পৰিৱৰ্তনৰ কাৰণে সংগ্ৰাম কৰিবলৈ ওলাই নাহে। এইক্ষেত্ৰত লোকশিল্পী সকলৰ ভূমিকা আৰু দায়িত্ব গুৰুত্বপূৰ্ণ।আমি আশা কৰিম যে লোকসংস্কৃতি কেন্দ্ৰ, লোকশিল্পী বা লোকসংস্কৃতি বিষয়ৰ গৱেষকসকলে এইক্ষেত্ৰত অগ্ৰণী ভূমিকা ল’ব। যিসকলে লোকশিক্ষাক লোকশিল্পীৰ আংগিকক বজাই ৰাখি তাৰ মৰ্ম হৰণ-ভগন নোহোৱাকৈ ৰাখি তাক আৰু উন্নত কৰাৰ চেষ্টা কৰিব। এয়া যদি আমি শ্ৰেণী সংগ্ৰামৰ হাতিয়াৰ কৰিব পাৰো,যদি আমাৰ প্ৰগতিশীল চিন্তাৰ বিপৰীতে থকা কূপ-মণ্ডূক ধাৰণাৰ পৰিৱৰ্তন ঘটাবলৈ এই গাণ, নাটক, নাচ আৰু অন্যান্য সংস্কৃতিৰ উপাদান সমূহ জনমুখী কৰি তোলা প্ৰয়োজন। যাৰ দ্বাৰা মানুহৰ মাজত ঐক্যৰ বাণী,সংগ্ৰামৰ বাণী বিলাই দিব পাৰি। লোকসংস্কৃতি মানুহৰ শ্ৰমৰ মাজেৰে চিৰদিন শোষিত মানুহৰ ‘আৱাজ’ হৈ ৰৱ। ইয়েই জাগ্ৰত কৰিব লোকচেতনা।

Leave a Reply

Your email address will not be published. Required fields are marked *