লতা নহয়, গছ হওঁ আহক – (মীনাক্ষী বৰুৱা)
এইবাৰ ৰাজভৱনৰ কড়ৱাচৌথে ৰাইজৰ মাজত বিপুল উত্তেজনাৰ সৃষ্টি কৰিলে। ৰাজ্যপালৰ সহধৰ্মিনী প্ৰেম মুখিৰ আমন্ত্ৰণক্ৰমে কেইবাগৰাকীও মন্ত্ৰী পত্নীয়ে এই অনুষ্ঠানত উপস্থিত থাকি উৎসৱৰ নীতি-নিয়ম পালন কৰাৰ ফটো সংবাদ মাধ্যমত প্ৰকাশ হ’ল। কড়োৱাচৌথ হৈছে হিন্দু বিবাহিত নাৰীয়ে কাতি মাহৰ কৃষ্ণা চতুৰ্থীৰ দিনা দিনটো উপবাসে থাকি পতিৰ সুৰক্ষাৰ বাবে পালন কৰা এটা উত্তৰ ভাৰতীয় উৎসৱ। অসমীয়া বিবাহিত নাৰী এই উৎসৱৰ সৈতে নতুনকৈ পৰিচিত হৈছে টেলিভিছনৰ হিন্দী ছিৰিয়েলৰ মাধ্যমেৰে। খুব সন্তৰ্পণে সোমাই আহি অসমীয়া সংস্কৃতিৰ চোতালত বহিব বিচৰা এই উৎসৱক এইবাৰ বৰঘৰৰ মজিয়াত বৰপীৰা পাৰি দিয়া হ’ল। শাসকীয় পক্ষই বহুত কাম জনসাধাৰণৰ দৃষ্টিগোচৰ কৰিবৰ বাবেও কৰে যাতে অনৰ্থক বিতৰ্ক কিছুমানৰ মাজতে জনসাধাৰণ ব্যস্ত হৈ থাকিব পাৰে। নমামী, ভূমি পূজন, অন্যান্য যজ্ঞ মহোৎসৱ, গুৰুত্বপূৰ্ণ বিষয়ত অবিবেচক মন্তব্য আদিৰ জড়িয়তে সময়ে সময়ে সেয়া আমি দেখিয়েই থাকোঁ। গতিকে মন্ত্ৰী পত্নীসকলে কি কৰিছে, কিয় কৰিছে সেয়া আমাৰ আলোচ্য বিষয় নহয়। আমাৰ আলোচ্য বিষয় হৈছে সমাজ এখনৰ ভেটিত অপতৃণ ৰোপনৰ ক্ষেত্ৰত দায়ী কোন আচলতে?
যিকোনো সমাজতে যিকোনো সময়ত বাহিৰৰ সংস্কৃতিৰ আমদানি অৱশ্যম্ভাৱী। আনৰ সংস্কৃতি এটা আদৰি লওঁতে সেই সংস্কৃতিৰ আঁতি-গুৰি আৰু উদ্দেশ্য সম্পৰ্কেও সম্যক জ্ঞানৰ আৱশ্যক। অপকাৰী সংস্কৃতিৰ আমদানিৰ ক্ষেত্ৰত সমাজখন মৌন হৈ থাকিলে সংস্কৃতিয়ে এদিন ভয়াবহ সমস্যাৰ ৰূপ ধাৰণ নকৰিবনে? আমি কেৱল নিজৰ বাবেই ভাবিম নে ভৱিষ্যতৰ সমাজখনৰ বাবেও ভবা উচিত? এনে ৰক্ষণশীল উৎসৱ পাৰ্বণৰ জড়িয়তে আমি থিয় হৈ থকা গছ এজোপাক হলাই পেলোৱাৰ প্ৰয়াস কৰা নাইনে? আচলতে অসমীয়া সমাজ সংস্কৃতিৰ বাবে কড়োৱাচৌথ গছত বগোৱা অপকাৰী ৰঘুমলাৰ দৰে। আমি আধুনিক যুগৰ অসমীয়া মহিলাই নিজকে গছ বুলি গণ্য কৰোঁ, আমি ৰঘুমলা হ’ব নোখোজোঁ। আমাক এনে উৎসৱৰ প্ৰয়োজন নাই। সত্যটো হৈছে অসমীয়া সমাজত কন্যা শিশু আদৰণীয় আৰু পত্নীৰ স্থানো উন্নত। স্বামীৰ সমুখত ওৰণি লোৱা পত্নীৰ সংখ্যা যোৱা তিনিটামান দশকৰ ভিতৰত দ্ৰুত গতিত কমিবলৈ ধৰিছে। কোনোবা ৰক্ষণশীল পৰিয়ালৰ বাহিৰে এতিয়া শহুৰৰ সমুখতো বোৱাৰীয়ে ওৰণি ল’বলৈ এৰিছে। তেনে স্থলত পতি-পূজাৰ দৰে এটা অদৰকাৰী সংস্কৃতিৰ প্ৰতি অসমীয়া নাৰীৰ ইমান আকৰ্ষণ কিয়? পাৰস্পৰিক সন্মান নাথাকিলে সংসাৰ এখন সুখৰ হ’ব নোৱাৰে। সুৰক্ষাৰ বিষয়টোও একেই। পত্নী এগৰাকীৰ বাবে পতি সুস্বাস্থ্যৰে সুৰক্ষিত হৈ থকাটো যেনেকৈ কাম্য, পতিৰ বাবেও পত্নী গৰাকী সুস্বাস্থ্যেৰে সুৰক্ষিত হৈ থকাটো জৰুৰী। আমি পত্নীহীন পুৰুষৰ দ্বিতীয় বিবাহ যেনেকৈ গ্ৰহণ কৰোঁ তেনেকৈ বিধৱাৰ বিবাহো সমৰ্থন কৰোঁ। আমি আমাৰ কন্যা সন্তানটি অচিন বতাহে কোবাই যাব নোৱৰা এজোপা গছ কৰি গঢ়ি তুলিব লাগিব। ৰঘুমলা নহয়।
কেৱল টিভি ছিৰিয়েলৰ জাকজমক কাণ্ড-কাৰখানাৰ প্ৰতি আকৰ্ষিত হৈ আনৰ সংস্কৃতি এটাক আকোৱালি ল’ব খোজাটোৱে চূড়ান্ত বিবেচনাহীন অৱস্থা এটাকে প্ৰতিফলিত কৰে। আধুনিক অসমীয়া সমাজত পতি-পূজনৰ দৰে অপ্ৰয়োজনীয় সংস্কৃতি এটাই গুৰুত্ব পোৱাটোৰ আঁৰত হিন্দুত্ববাদী শক্তিৰো পৰোক্ষ প্ৰভাৱ নুই কৰিব নোৱাৰি। হিন্দু ধৰ্মৰ পুথি-পাজি, শাস্ত্ৰ সমূহত নাৰীৰ সামাজিক স্থান সম্পৰ্কে প্ৰচুৰ ব্যাখ্যা পোৱা যায়। সমাজত বিজ্ঞানমনস্ক লোকতকৈ অতি ধাৰ্মিক লোকৰ সংখ্যাই সৰহ। ধৰ্ম পুথি নপঢ়িলেও অসমীয়া প্ৰবাদ-বচনবোৰৰ যোগেদিয়েই সমাজত নাৰীৰ স্থান আৰু ভূমিকাৰ কথা যুগে যুগে প্ৰবাহমান হৈ থাকে। শাস্ত্ৰত পদ্মিনী নাৰী, লখিমী নাৰীৰ যি সুন্দৰ ব্যাখ্যা লিপিবদ্ধ হৈ আছে তেনে এগৰাকী নাৰী হোৱাৰ বাসনা কন্যা সন্তানৰ মগজুত শিশু অৱস্থাতে সুমুৱাই দিয়া হয়।
“পদ্মিনী প্ৰথমা নাৰী সবাতো উত্তম
দ্বিতীয়া চিত্ৰিনী নাৰী নহে অনুত্তম
শঙ্খিনী অধমা নাৰী জানিবা তৃতীয়া
হস্তিনী অধমা নাৰী, চতুৰ্থে মানিয়া।”
এই পদ্মিনী-হস্তিনীৰ পাৰ্থক্যবোৰ নিৰ্ণয় হয় বিশেষকৈ দৈহিক অবয়ৱ আৰু যৌক্তিক পাৰদৰ্শিতাৰ ভিত্তিত। ভাগ অনুযায়ী সামাজিক মৰ্যাদা আৰু সন্মান ভিন্ন। কিন্তু এই পুথিবোৰত এখন শৃংখলিত সংসাৰ আৰু সমাজৰ বাবে পুৰুষৰ শাৰীৰিক অবয়ৱৰ বিশেষ ব্যাখ্যা নাই। যি দুই এটা আছে সেয়া পুৰুষৰ সপক্ষে। “Man is man” ধাৰণাটোৱেই সকলোৱে চকুমুদি গ্ৰহণ কৰিব বিচাৰে। কোনো সম-ধাৰণা আৰু যুক্তিবাদী পুৰুষে পত্নীৰ পৰা পূজা অৰ্চনা কামনা নকৰে। যিসকলে কৰে তেওঁলোকে পত্নীক তেওঁৰ অনুগত হৈ থকাটোৱেই কামনা কৰে। পুৰুষৰ দমন নিৰ্যাতনৰ বিৰুদ্ধে সজাগ হোৱা মহিলাৰ স্থান সমাজত সদায় নিন্দনীয়। প্ৰকৃততে বহু নাৰীয়ে নিজেও পতিৰ অধীন হৈ থাকিহে ভাল পায়।
পতি-পত্নীৰ পাৰস্পৰিক সহযোগিতাৰ বান্ধোনেৰে এখন সংসাৰে পাতনি মেলে। এনে ব্যৱস্থাত দুয়ো দুয়োৰে প্ৰতি সমানে দায়িত্বশীল হোৱা আৱশ্যক। ইয়াত পতি উচ্চ, পত্নী নীচৰ প্ৰশ্ন নাথাকে।
ৰুচিহীন আৰু উদ্ভট কৰ্ম-কাণ্ডৰ প্ৰতি মানুহৰ আকৰ্ষণ দিনে দিনে বাঢ়ি আহিছে। সমাজৰ অধিকাংশ মানুহৰে চিন্তাৰ জগতখনৰ ক’ব নোৱাৰাকৈয়ে বিভ্ৰান্ত হৈ গৈ আছে। ছাত্র-ছাত্ৰীৰ সামগ্ৰিক বিকাশৰ বাবে দেশত কোনো আঁচনি নাই। উঠি অহা প্ৰজন্মৰ প্ৰতি কাৰো একো দায়িত্ব নাই। ব্যক্তিগতভাৱে সচেতন যিসকল অভিভাৱক, তেওঁলোকৰ সুকীয়া প্ৰচেষ্টাতহে কিছু সংখ্যক ছাত্র-ছাত্ৰীয়ে পোহৰৰ মুখ দেখিবলৈ সক্ষম হয়। হত্যাকাৰী শিশুৰ খবৰে এতিয়া কাৰো বুকু নকঁপায়। সমাজখন বোকাৰে লুতুৰি-পুতুৰি হৈ পৰিলেও মৌন হৈ থকাটোৱেই বুদ্ধিমানৰ কাম। নিজে বোকাত পৰি ককবকাই নথকালৈকে আমাৰ মুখ খোল খোৱাৰ সম্ভাবনাও নাই। সেয়ে এতিয়া সকলো সহজ, সকলো গ্ৰহণযোগ্য হৈ গৈ আছে। বঞ্চনা, অভাৱগ্ৰস্ততা, সামাজিক দমন, সামাজিক শোষণ আদিৰে সমাজ এখনক হতাশাৰ মাজলৈ টানি নি থকাৰ বাবে প্ৰকৃততে দায়ী কোন? আপুনি বা ময়ো নহয়নে? প্ৰতিজন মানুহেই যদি প্ৰতিটো কথা আৰু কাম চিন্তা কৰি কৰিবলৈ লয় তেনেহলে কাৰ শক্তি আছে আমাক হেঁচা মাৰি ধৰিবলৈ?