বিবিধ চিন্তা

….. মা ফলেষু কদাচন -(মনোৰঞ্জন বৰদলৈ)

ফলাফলৰ কথা চিন্তা নকৰি কাম কৰিবলৈ দিয়া গীতাৰ উপদেশবাণী সৰ্বজনবিদিত। গীতাৰ কৰ্মতত্ত্বৰ মৰ্মকথাৰ যৌক্তিক বিচাৰ আমাৰ আলোচ্য বিষয় নহ’লেও, বহুতো প্ৰাচীন গ্ৰন্থত কৰ্মৰ প্ৰশস্তি কৰা পঢ়িবলৈ পোৱা যায়। মানুহেও যুগে যুগে বিভিন্ন ক্ষেত্ৰৰ ভিন ভিন কৰ্মত প্ৰবৃত্ত হৈ ব্যক্তিগত তথা সামাজিক পৰ্যায়ত নিজৰ ভূমিকা পালন কৰি আহিছে। এই যে আমি কাম কৰোঁ, উদয়াস্ত পৰিশ্ৰম কৰোঁ, কিহৰ বাবে কৰোঁ? এনে কি মৌলিক কাৰণ আছে যাৰ বাবে আমি কাম কৰিবলৈ বাধ্য? উদয়াস্ত শ্ৰম কৰি সফলতা-বিফলতাৰ সাতসৰী গঢ়িবলৈ আমিবোৰ প্ৰকৃততে কি প্ৰেৰণাৰে উদ্বুদ্ধ??

পোনপতীয়াকৈ সুধিবলৈ হ’লে – মানুহে কাম কিয় কৰে?

মানুহে কাম কিয় কৰে-এই প্ৰশ্নটোৰ সহজ আৰু পোনপটীয়া উত্তৰ হিচাপে ক’ব পাৰি – মানুহে জীয়াই থকাৰ তাড়নাতেই কাম কৰে। জীয়াই থাকিবৰ বাবে খাদ্য সংগ্ৰহ কৰিবলৈকে প্ৰাথমিক ভাবে মানুহ কৰ্মত প্ৰবৃত্ত হয়। এই কথা কেৱল মানুহৰ ক্ষেত্ৰতেই নহয়, পৃথিৱীত বসবাস কৰা সকলো জীৱৰ ক্ষেত্ৰতে প্ৰযোজ্য। অৰ্থাত্, জীৱন ধাৰণেই মানুহ তথা ইতৰ প্ৰাণীৰ কৰ্মস্পৃহাৰ মূল কাৰণ।

কিন্ত্ত, এই কথাটোৱেই বোধহয় একমাত্ৰ কাৰণ নহয়। বিষয়টো অলপ পৃথক দৃষ্টিকোণৰ পৰা চালিজাৰি চোৱা যাওক।

জীৱন ধাৰণৰ বাবে খাদ্য সংগ্ৰহ অপৰিহাৰ্য। গতিকে মানুহ (বা অন্য জীৱৰ)কৰ্মস্পৃহাৰ আদি বা মূল কাৰণ জীৱৰ জীৱন ইচ্ছা বুলি প্ৰাথমিক ভাবে ধৰি ল’ব পাৰি। কিন্ত কেৱল খাদ্যসংগ্ৰহ কৰিলেই মানুহ বা অন্য জীৱ জীয়াই থকাটো নিশ্চিত নহয়। খাদ্য সংগ্ৰহৰ লগতে সমান্তৰালভাবে গুৰুত্বপূৰ্ণ অন্য এটা কথা হৈছে নিজতকৈ শক্তিশালী জীৱ, জীৱাণু বা বিষাণুৰ আক্ৰমনৰ পৰা নিজৰ সুৰক্ষা নিশ্চিত কৰা। গতিকে প্ৰাথমিক স্তৰত কাম কৰাৰ প্ৰবৃত্তিক উদ্বুদ্ধ কৰাৰ ক্ষেত্ৰত দৈহিক সুৰক্ষা আৰু খাদ্য সংগ্ৰহ –এই দুয়োটা প্ৰয়োজনীয়তাই সমান্তৰালভাবে ক্ৰিয়া কৰে। এই কথাটো ক্ষুদ্ৰাকায় এককোষী জীৱৰ পৰা বৃহদাকাৰ তিমি মাছলৈকে সকলোৰে ক্ষেত্ৰত প্ৰযোজ্য। যিকোনো জীৱিত আৰু সুস্থ কোষেই কোনো জীৱাণু বা বীষাণুৰ দ্বাৰা আক্ৰান্ত হ’লে জৈৱিক প্ৰতিৰোধ গঢ়ি তুলিবপৰা স্বাভাৱিক ক্ষমতাৰে সক্ষম। কৌষিক স্তৰত জৈৱিক প্ৰয়োজনীয়তাৰ স্বাৰ্থতেই বৰ্হি:আক্ৰমণ ৰোধ কৰাৰ সহজাত ব্যৱস্থা উপলব্ধ। ইয়াত মনৰ ইচ্ছা-অনিচ্ছাৰ কথাটো নাহে। ইয়েই প্ৰমাণ কৰে যে জীৱৰ প্ৰাথমিক বা আদিম কৰ্মস্পৃহা ইচ্ছাশক্তিৰ অধীন নহয়; ই নিতান্ত জৈৱিক প্ৰয়োজন। এই কৰ্মস্পৃহাৰ কাৰণ জীয়াই থকাৰ প্ৰৱণতা; লক্ষ্য – খাদ্য সংগ্ৰহ আৰু দৈহিক প্ৰতিৰক্ষা।

খাদ্য সংগ্ৰহ আৰু দৈহিক প্ৰতিৰক্ষা কৰ্মস্পৃহাৰ আদিম মুখ্য উদ্দে্শ্য হ’লেও, বিৱৰ্তনৰ বাটত মানৱ সভ্যতা আগ বঢ়াৰ লগে লগে ইয়াৰ পাচত অৱধাৰিত ভাৱেই আহি পৰিল বাসস্থানৰ প্ৰয়োজনীয়তা। বোধশক্তিৰ বিকাশৰ লগে লগে অন্যান্য প্ৰয়োজনীয়তাও ক্ৰমাগতভাবে সংযোজনহ’বলৈ ধৰিলে। ক্ৰমবিকাশৰ বাটত “অনুভূতি” আৰু “আচাৰ” জীৱনৰ অংগ হোৱাৰ লগে লগেই আহি পৰিল লজ্জা নিবাৰণৰ প্ৰয়োজনীয়তা। আহাৰ-বস্ত্ৰ-বাসস্থান মানুহৰ মৌলিক প্ৰয়োজন বুলি সৌ সিদিনালৈকে বিদ্যালয়ৰ পাঠ্যপুথিৰো অন্তৰ্ভূক্ত আছিল।দ্ৰুত সামাজিক পৰিৱৰ্তন আৰু বিশ্বয়নৰ ফলশ্ৰুতিত বৰ্তমান সমাজত আহাৰ-বস্ত্ৰ-বাসস্থান কেৱল দৰিদ্ৰৰ মৌলিক প্ৰয়োজনলৈ পৰ্যবসিত হোৱাৰ লগতে সৰ্বসাধাৰণৰ প্ৰয়োজনীয়তাৰ তালিকাখন সম্প্ৰসাৰিত হ’ল। এসময়ৰ বিলাসিতা বৰ্তমানৰ প্ৰয়োজনীয়তা হ’ল, একালৰ প্ৰয়োজনীয়তা এতিয়া জীৱনৰ এৰাব নোৱাৰা অংগ হ’ল। সম্প্ৰসাৰিত প্ৰয়োজনীয়তাৰ পৰিপ্ৰেক্ষিতত কৰ্মস্পৃহাৰ উদ্দেশ্যও ভিন্নমুখী তথা ফলাফলমূখী কৰ্ম-কাণ্ডত পৰিণত হ’ল।

বিৱৰ্তনৰ বিভিন্ন স্তৰ অতিক্ৰম কৰি মানৱ সমাজে বিভিন্ন জটিল ৰাসায়ানিক, সামাজিক আৰু মানসিক সংৰচনাৰে বৰ্তমানৰ স্তৰত উপনীত হৈছেহি। এই সময়ত মানৱ সমাজৰ কৰ্মস্পৃহাৰ সংজ্ঞাও প্ৰাথমিক সংজ্ঞাতকৈ পৃথক হোৱাটো স্বাভাৱিক। সাম্প্ৰতিক সময়ত কৰ্মস্পৃহাৰ কাৰণ ভিন্নমূখী হোৱাটো এক অৱধাৰিত সত্য আৰু প্ৰায়োগিক ভাবেও স্বীকাৰ্য। বৰ্তমান মানৱ সমাজৰ কৰ্মস্পৃহা জৈৱিক প্ৰয়োজন হ’লেও ই সমানে ইচ্ছাশক্তিৰো অধীন। ইয়াৰ পৰা আমি এটা প্ৰাথমিক অনুসিদ্ধান্তত উপনীত হ’ব পাৰোঁ যে  মানৱ সমাজৰ বিৱৰ্তনৰ বিভিন্ন স্তৰত জৈৱিক প্ৰয়োজনীয়তাৰ ভিন্নতা অনুসৰি কৰ্মস্পৃহাৰ উদ্দেশ্যও (ঐচ্ছিক বা অনৈচ্ছিক) ভিন্ন ভাবে নিৰূপিত হৈ আহিছে।

বৰ্তমান সময়ৰ মানৱ সমাজৰ ভিন্ন প্ৰয়োজনীয়তা আৰু কৰ্মসূচীৰ অন্তহীন তালিকাৰ ওপৰত ভিত্তি কৰি কৰ্মপৃহাৰ উদ্দে়শ্যক তিনিটা বহল ভাগত ভাগ কৰিব পাৰি – (১) জীৱন ধাৰণৰ প্ৰয়োজনীয়তা, (২) মানসিক পৰিতৃপ্তি, আৰু (৩) আত্ম লুক্কায়ন। ব্যক্তি নিৰ্বিশেষে এশ শতাংশ ব্যক্তিয়েই কৰিবলগা প্ৰথম কামটোৱেই হৈছে জীৱন ধাৰণৰ বাবে কৰিবলগা প্ৰাথমিক কৰ্মৰাজি। সেইয়া চাকৰি, ব্যৱসায়, শিল্পকৰ্ম যিয়েই নহওক কিয়। জীৱনধাণৰ বাবে অৱশ্যকৰণীয় কৰ্মসূচীখনত ইচ্ছা-অনিচ্ছাৰ প্ৰশ্ন নাহে। ইচ্ছাকৃত বা অনিচ্ছাস্বত্বেও আমিবোৰ সেইখিনি কাম কৰিবলৈ বাধ্য। কাৰণ জীয়াই থাকিবলৈ হ’লে আমি খাব লাগিব – আৰু খাবৰ বাবে উপাৰ্জন কৰিব লাগিব। জীৱন ধাৰণৰ বাবে নুন্যতম প্ৰয়োজনীয়তা খিনি (নুন্যতম প্ৰয়োজনীয়তাৰ সংজ্ঞা ব্যক্তি ভেদে ভিন্ন হ’ব পাৰে) পূৰণ হোৱাৰ পাচত ৰাহি হোৱা সময়খিনি মানসিক পৰিতৃপ্তিৰ লাভৰ বাবে কৰা কামত উত্সৰ্গিত হয়। সেই সমূহ কৰ্মক আমি চখ, নিচা বা হ’বি বুলি অভিহিত কৰোঁ। মানসিক পৰিতৃপ্তিৰ লাভৰ বাবে কৰা কামবোৰ যেনে – শিল্প-সাহিত্য-ভ্ৰমন-সমাজসেৱা আদিবোৰ জৈৱিক প্ৰয়োজনীয়তাৰ পাচৰ স্তৰ – একপ্ৰকাৰৰ আজৰি সময়ৰ কৰ্মবিলাস (মানসিক পৰিতৃপ্তিৰ বাবে কৰা কামবোৰো ব্যক্তিভেদে ভিন্ন হ’ব পাৰে)। সেয়েহে হয়টো মধ্যযুগৰ গ্ৰীক সকলে কৈছিল – “সাহিত্য-সংস্কৃতি মানুহৰ আজৰি সময়ৰ সৃষ্টি”। কৃষি বিজ্ঞানত ন’বেল বঁটা ন়থকা স্বত্বেও বিশিষ্ট বিজ্ঞানী নৰমান ব’ৰলাগক বৰ্ণসংকৰ ঘেঁহু আৱিস্কাৰৰ বাবে শন্তিৰ ন’বেল বঁটা দিয়া হৈছিল একমাত্ৰ এটা শ্ল’গানৰ বাবে – “There is no peace in empty stomach”। মুঠৰ ওপৰত কৰ্মস্পৃহাৰ প্ৰাথমিক কাৰণ উদৰ পূৰণ। মানসিক পৰিতৃপ্তি আদিবোৰ পাচৰ কাৰণহে। জৈৱিক প্ৰয়োজনীয়তা আৰু মানসিক পৰিতৃপ্তিৰ উপৰিও কিছুসংখ্যক লোকে কৰ্মত প্ৰবৃত্ত হয় “আত্ম লুক্কায়ন”ৰ বাবে। অৰ্থাত্ কিছুমান বিশেষ পৰিৱেশ বা পৰিস্থিতিৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ নতুবা ব্যস্ত ৰাখিবলৈ কৰ্মত প্ৰবৃত্ত হয়। ইয়াক একপ্ৰকাৰৰ পলায়নবাদী বা বিচ্ছিন্নতাকামী মানসিকতা বুলি ক’ব পাৰি। এই বিষয়ে সামান্য আলোচনাৰ প্ৰয়োজন আছে।

জন্মগতভাবে প্ৰত্যেক মানুহেই কিছুমান বিশেষ চাৰিত্ৰিক বৈশিষ্ট্য জিনীয়ভাবে বহন কৰে। অন্যহাতে আমি জানো যে, এটি শিশুৱে ডাঙৰ-দীঘল হোৱা পৰিৱেশ-পৰিস্থিতিয়েও শিশুটিৰ চৰিত্ৰ গঠনত প্ৰভূত ভাবে প্ৰভাৱ বিস্তাৰ কৰে। অতএব, জন্মগত জিনীয় প্ৰতিভা আৰু পৰিৱেশ আৰ্জিত অভিজ্ঞতাই এজন ব্যক্তিৰ চিন্তাধাৰা আৰু কাৰ্যক্ৰমনিকা নিয়ন্ত্ৰণ কৰে –যিটোক আমি সামগ্ৰিক ভাবে ব্যক্তিজনৰ প্ৰতিভা বুলি কওঁ। প্ৰত্যেক ব্যক্তিৰে জন্মগত আৰু আৰ্জিত প্ৰতিভা বিভিন্ন ভাবে নিজ কৰ্মৰ মাজেদি প্ৰকাশিত হয়। আৰ্জিত আৰু বংশগত প্ৰতিভাক যদি আমি এটা অন্তৰ্নিহিত শক্তি বুলি কল্পনা কৰোঁ, তেতিয়াহ’লে ক’ব পাৰোঁ  যে ব্যক্তিৰ জীৱন কালত সেই শক্তি কিবা নহয় কিবা প্ৰকাৰে প্ৰকাশিত বা প্ৰতিভাত হ’বই। অনুকুল আৰু বাঞ্চনীয় পৰিবেশত ব্যক্তি বিশেষে কবি, সাহিত্যিক, চিন্তাবিদ, সমাজ সংগঠক, গায়ক, গীতিকাৰ, অভিনেতা, চিত্ৰশিল্পী আদি সুকুমাৰ কলা ৰূপে এই সামৰ্থ প্ৰতিভাত হয়। এই ক্ষেত্ৰত ব্যক্তিজন কিমান বিখ্যাত বা অখ্যাত সেই সেইটো গুৰুত্বপূৰ্ণ নহয়, ব্যক্তিনিৰ্বিশেষে অন্তৰ্নিহিত সামৰ্থৰ প্ৰকাশটোহে গুৰুত্বপূৰ্ণ বিষয়। সহজভাবে ক’বলৈ হ’লে প্ৰত্যক ব্যক্তিৰে জন্মগত আৰু পৰিৱেশ আৰ্জিত প্ৰতিভা নিজ সামৰ্থ অনুযায়ী কিবা নহয় কিবা প্ৰকাৰে প্ৰকাশ হ’বই। অনুকুল পৰিৱেশত সেই প্ৰকাশ বাঞ্চনীয় দিশত হয় আৰু ব্যক্তিভেদে প্ৰতিভা আৰু সামৰ্থ অনুযায়ী তাৰ প্ৰভাৱ ক্ষণস্থায়ী-দীৰ্ঘস্থায়ী বা অখ্যাত-বিখ্যাত ৰূপে নিৰূপিত হয়।

এতিয়া কথা হ’ল, যিহেতু প্ৰত্যেক ব্যক্তিয়েই কম-বেচি পৰিমাণে প্ৰতিভাবান বা সমৰ্থবান, প্ৰতিকূল পৰিবেশত এই ক্ষমতা কিদৰে প্ৰকাশিত হ’ব? অৰ্থাত্, বাহ্যিক পৰিৱেশ বা পৰিস্থিতিয়ে যদি সেই স্বাভাৱিক প্ৰতিভাৰ প্ৰকাশ বা বিকাশৰ বাট বন্ধ কৰি দিয়ে তেতিয়া কি হ’ব? – আমাৰ বোধেৰে এইটো এটা অতি প্ৰয়োজনীয় আৰু গুৰুত্বপূৰ্ণ চিন্তাৰ বিষয় কাৰণ এই অৱস্থাই ব্যক্তিভেদে বহুবোৰ অনাকাংক্ষিত কৰ্মক উদগনি যোগায়।

কথাটো বুজিবৰ বাবে এটি উদাহৰণ লওঁ। আজিৰ পৰা কেইবছৰমানৰ আগলৈকে নগৰ-চহৰৰ তিনি আলি-চাৰি আলিত সময়ে-অসময়ে আদ্দা দি সময় কটোৱা এচাম যুৱকৰ কাৰ্যকলাপ আৰু তেনে সকলৰ দ্বাৰা সংঘটিত সৰু-বৰ অসামাজিক কৰ্ম-কাণ্ডক স্খলিত যুৱ মানসিকতা হিচাপে প্ৰচাৰ মাধ্যমত বেচ চিন্তনীয় বিষয় হিচাপে সঘনাই চৰ্চিত হৈছল। এই স্খলিত যুৱ মানসিকতা সমকালীন সুষম সমাজখনৰ কাৰণে বেচ চিন্তনীয় বিষয় হৈ পৰিছিল। কিন্তু সাম্প্ৰতিক সময়ত যুৱ মানসিকতাৰ স্খলন সম্পূৰ্ণৰূপে নিৰ্মূল ন’হলেও সি আগৰদৰে উদ্বেগজনক বিষয়ো হৈ থকা নাই। সেই অনিশ্চয়তা আৰু সংশয় বৰ্তমান বহু পৰিমানে নিয়ন্ত্ৰিত। এই যে সংশয়পূৰ্ণ অৱস্থা এটা অতিক্ৰমি বৰ্তমান এক তুলনামূলকভাবে উদ্বেগমুক্ত অৱস্থা এটা পাইছোহি, তাৰবাবে কিন্তু অভিভাৱক আৰু সমাজসেৱক সকলে বা: বা: ল’বৰ বিশেষ যুক্তি নাই। ইয়াৰ বাবে ধন্যবাদ জনাবলগা বিষয়টো হৈছে পৰিৱৰ্তিত সামাজিক আৰু অৰ্থনৈতিক পৰিস্থিতি। পৰিৱৰ্তিত অৰ্থনৈতিক পৰিস্থিতিত, বি়শ্বায়নৰ পাচত যোগ্যতা অনুসাৰে প্ৰায় সকলো যুৱক-যুৱতীয়েই সৰু-ডাঙৰ কিবা এটা কৰ্ম সংস্থাপনৰ সুবিধা পাইছে – যিটো আগতে সুলভ নাছিল। কৰ্মব্যস্ততাই অপ্ৰয়োজনীয় কথা চিন্তা কৰাৰ অৱসৰ কমাই আনিলে। লগতে সমাজৰ পৰিৱৰ্তিত দৃষ্টিভঙ্গীয়েও এই ক্ষেত্ৰত কিছু সহায় কৰিছে। উদাহৰণস্বৰূপে আগতে ল’ৰাটো বা ছোৱালীজনীয়ে “কি কাম কৰে” (পদমৰ্যদা) সেইটো বেছি গুৰুত্বপূৰ্ণ আছিল। বৰ্তমান “কি কাম কৰে”তকৈ “কিবা কৰে নে নকৰে” (Dignity of Labour)টোৱে অধিক প্ৰাধান্য পাবলৈ লৈছে। ফলস্বৰূপে প্ৰত্যেকেই নিজৰ সামৰ্থ অনুযায়ী কিবা এটা কৰি অৰ্থনৈতিক স্বাৱলম্বিতাৰ জৰিয়তে নিজৰ এটা পৰিচয় দিবলৈ সমৰ্থ হৈছে। – এই যে সৰু-বৰ হ’লেও নিজৰ বুলিবলৈ এটা “পৰিচয়” – এই কথাটো আমাৰ মূল আলোচনাৰ বাবে এটি অতি গুৰুত্বপূৰ্ণ বিষয়।

যেতিয়াই সামাজিক পৰিৱেশ বা পৰিস্থিতিয়ে ব্যক্তিৰ যোগ্যতা অনুযায়ী (সি অতি সীমিত বা অসীম যিয়েই নহওক কিয়)প্ৰতিভাৰ বিকাশ আৰু প্ৰকাশৰ পথ ৰুদ্ধ কৰে আৰু ব্যক্তিপৰিচয়ৰ অনিশ্চয়তা আহি পৰে, তেতিয়াই সমাজভেদে ব্যক্তি বা ব্যক্তিসমষ্টিয়ে দুই ধৰণৰ কাৰ্যপন্থা হাতত লোৱা দেখা যায় – আত্ম লুক্কায়ন আৰু বিদ্ৰোহী কাৰ্যকলাপ। আমাৰ ধাৰণা এই আত্ম লুক্কায়ন আৰু বিদ্ৰোহী কাৰ্যকলাপৰ কৰ্মপন্থা ভিন্ন হ’লেও ই সমগোত্ৰীয় – দুয়োটাৰে আৰম্ভণিৰ উত্স একেটাই – আত্মপৰিচয়হীনতা। সমাজত পৰিচয় প্ৰতিষ্ঠা কৰিব নোৱাৰা এচাম লোকৰ মনত হতাশগ্ৰস্ততাই নিজকে জনসমাজৰ পৰা বিচ্ছিন্ন কৰি অনাৰপ্ৰৱণতা গঢ়ি তোলে আৰু আত্মলুক্কায়নৰ পথ বাচি ল’বলৈ প্ৰৰোচিত কৰে। প্ৰাৰম্ভিক অৱস্থাত নিচাযুক্ত দ্ৰব্যত আসক্তি এই আত্মলুক্কায়নৰ এক সহজ কৌশল। এই অৱস্থাৰ তীব্ৰতাই নিজকে নি:শেষ কৰি দিয়াৰ প্ৰৱণতাৰো (যেনে আত্মহত্যা আদি)গঢ় দিয়ে। আমাৰ ভাৰতবৰ্ষত শিক্ষিতৰ হাৰৰ দিশৰ পৰা কেৰেলা ৰাজ্য প্ৰথম স্থানত যদিও আত্মহত্যাৰ ঘটনাৰ দি়শৰপৰাও কেৰেলাৰ স্থান ভাৰতৰ শীৰ্ষত। শিক্ষিত সমাজৰ যোগ্যতা অনুযায়ী “পৰিচয়”ৰ অভাবে আনি দিয়া হতাশাও ইয়াৰ এক কাৰণ হ’ব পাৰে – বিষয়টো চিন্তনীয়। অন্যহাতে দেখা যায় যে যিসকল ব্যক্তি বা ব্যক্তিসমষ্টিয়ে নিজকে বঞ্চিত, অৱহেলিত বা শোষিত বুলি জ্ঞান কৰে, অৰ্থাত্ আত্মপৰিচয় আৰু আত্মপ্ৰতিষ্ঠাৰ অভাৱত ভোগে, সেইসকলেই সাধাৰণতে বিদ্ৰোহী কাৰ্যকলাপত জৰিত হৈ পৰে। পৃথিৱীৰ বিভিন্ন বিদ্ৰোহী বা বিচ্ছিন্নতাকামী ভাৱাপন্ন গোট বা সংগঠনৰ জন্মৰ ইতিহাসেও এই সিদ্ধান্তকে প্ৰমাণ কৰে। গতিকে দেখা যায় যোগ্যতা বা সামৰ্থ অনুযায়ী পৰিচয়ৰ অভাবে আনি দিয়া হতাশাগ্ৰস্ততাই আত্মলুক্কায়ন বা বিদ্ৰোহী কাৰ্যকলাপক উদগনি দিয়ে।

বৰ্তমানলৈকে হোৱা আলোচনাত কৰ্মস্পৃহাৰ উদ্দেশ্য মূলত: তিনিটা বুলি উল্লেখ কৰিছোঁ – জীৱন ধাৰণৰ প্ৰয়োজনীয়তা, মানসিক পৰিতৃপ্তি আৰু আত্মলুক্কায়ন। অলপ গভীৰ ভাবে ভাবি চালে দে়খা যায় যে কৰ্মস্পৃহাৰ এই তিনিটা উদ্দেশ্যক পৰিচালিত কৰে দুটি বিশেষ মানসিক কাৰকে। সেই দুটা হ’ল – (ক) প্ৰাপ্তিৰ প্ৰত্যাশা আৰু (খ) হেৰুৱাৰ বেদনা (Joy of Gaining and Fear of Loss)। আমি যি কামেই নকৰোঁ লাগে সকলোতে অৱধাৰিতভাবেই প্ৰতক্ষ অথবা পৰোক্ষ ভাবে এই দুটি কাৰকে ক্ৰিয়া কৰে। আমি কাম কৰোঁ কিবা এটা পোৱাৰ আশাত – সি অৰ্থ-সম্পত্তি, মানসিক পৰিতৃপ্তি, সন্মান-সম্ভ্ৰম যিয়েই নহওক কিয়। নতুবা আমি কাম কৰোঁ কিবা এটা হেৰুৱাৰ সংশয়ত – এইটো কাম নকৰিলে আমাৰ উপাৰ্জন নহয়, সেইটো নকৰিলে কিবা এটা হেৰুৱাব লাগিব ইত্যাদি। গতিকে আমি নিৰ্দিষ্ট কামটো কৰিবলৈ বাধ্য – ঐচ্ছিক বা অনৈচ্ছিক ভাবেই হওক। মানসিক পৰিতৃপ্তিৰ বাবে কৰা কামবোৰ যেনে আমাৰ নিচা বা হ’বিৰ লগত সম্পৰ্কিত কামবোৰৰ পশ্চাত্পদত প্ৰাপ্তিৰ প্ৰত্যাশাই ক্ৰিয়া কৰে। এই প্ৰত্যাশাই নিত্য-নতুন সৃষ্টি আৰু বৈচিত্ৰময় জীৱনক উপভোগ্য কৰি তোলাৰ সম্ভাৱনীয়তা কঢ়িয়াই আনে। অন্যহাতে জীৱন ধাৰণৰ বাবে কৰা অধিকাংশ কৰ্ময়েই হেৰুৱাৰ বেদনাত কৰা হয়। কাৰণ সেই সমূহ কাম নকৰিলে আমাৰ পেট নভৰে। অতি কমসংখ্যক লোকেহে নিজৰ নিচাক পেচা হিচাপে ল’ব পৰাৰ সৌভাগ্য অৰ্জন কৰে। সেই নিৰ্দিষ্ট সৌভাগ্যবান সকলক বাদ দি অধিকাংশ লোকৰেই কৰ্ম সম্পাদনৰ কাৰণ – হেৰুৱাৰ বেদনা। হেৰুৱাৰ বেদনাত কৰা কামবোৰ সাধাৰণতে নতুনত্ববিহীন আৰু একঘেয়ামী হয়। এনেধৰণৰ কামত সৃষ্টিশীলতা বা প্ৰাণস্পন্দনৰ অভাৱ পৰিলক্ষিত হয়। কাৰণ এই কামবোৰ কৰিবলগা হয় বাধ্যতামূলকভাবে আৰু এক মানসিক চাপৰ ভিতৰত। ইয়াৰ পৰা আমি এটা অনুসিদ্ধান্তত উপনীত হ’ব পাৰোঁ যে মানৱ সমাজৰ কৰ্মশক্তিৰ এক বুজন অংশই কেৱল যন্ত্ৰৱত্ কৰ্ম সম্পাদন কৰে য’ত কোনো ধৰণৰ সৃষ্টিশীলতা বা নতুনত্বৰ সম্ভাৱনা প্ৰায় শূন্য। ইয়াক মানৱ সম্পদৰ স্বাভাৱিক সৃষ্টিশীলতাৰ এক চুড়ান্ত অপচয় বুলিও গন্য কৰিব পাৰি।

এই ধৰণৰ অপচয় আমাৰ কাম্য নহয় যদিও সাধাৰণ সমাজ ব্যৱস্থাত ই অৱধাৰিত। এই ধৰণৰ অপচয় ৰোধ বা সীমাবদ্ধ কৰাৰ কিবা উপায় আছেনেকি?

সৌভাগ্যৰ কথা যে মানৱ সমাজত সংখ্যাত কম হ’লেও এনে কিছুসংখ্যক লোক এতিয়াও আছে যি বাধ্যতামূলক ভাবে কৰিবলগা কামখিনিও অতি নিষ্ঠা আৰু সততাৰে সম্পাদন কৰি এক নতুন আংগিক প্ৰদানৰ নিৰলস প্ৰচচেষ্টাত ব্ৰতী হৈ থাকে। এনে লোকৰ সংখ্যা সীমিত যদিও বৃদ্ধি পোৱাটো আমাৰ কাম্য। জীৱনৰ গতি বা ভাগ্যলিপি নিয়ন্ত্ৰণ কৰাৰ ক্ষমতা যিহেতু আমাৰ নাই, গতিকে মানৱ সম্পদৰ সম্ভাৱনাক কাংক্ষিত ৰূপত ব্যৱহাৰ কৰাৰ স্বাৰ্থত মনৰ গতি নিয়ন্ত্ৰণ কৰাৰ ক্ষমতাৰে আমি আমাৰ দৃষ্টিভঙ্গীক সলনি কৰাটোৱেই বোধকৰোঁ উচিত হ’ব। অৱধাৰিত ভাবে আহি পৰা বা বাধ্যতামূলকভাবে কৰিব লগা কৰ্ম সমূহকো একাগ্ৰতা আৰু নিষ্ঠাৰে পালন কৰি নতুনত্ব প্ৰদানৰ কৃচ্ছসাধনাত ব্ৰতী হোৱাৰ কৌশল আয়ত্ব কৰিবলৈ চেষ্টা কৰাটো সমগ্ৰ মানৱ জাতিৰ কাৰণেই মঙ্গলজনক। ইয়াৰ বাবে প্ৰয়োজন কঠোৰ মানসিক সংযম আৰু ইচ্ছাশক্তিৰ দৃঢ়তা – যি আমাৰ নিয়ন্ত্ৰণাধীন। এইখিনিতে শ্ৰদ্ধেয় হোমেন বৰগোহাঁঞি দেৱৰ ভাষাৰে ওৱাল্টাৰ পেটাৰৰ এটি ৰচনাৰ উদ্ধৃতি দিয়াৰ লোভ সামৰিব নোৱাৰিলোঁ – “জীৱন আৰু মৃত্যুৰ মাজৰ এই চুটি সময়খিনি কিছুমান মানুহে অতিবাহিত কৰে অস্থিৰ আৰু অশান্ত হৈ: আন কিছুমানে অতিবাহিত কৰে কামনা-বাসনাৰ উচ্ছাসত আত্মহাৰা হৈ। আটাইতকৈ জ্ঞানী মানুহখিনিয়ে এই সময়খিনি অতিবাহিত কৰে কলা-কৃষ্টি আৰু জ্ঞানৰ সাধনা কৰি। জন্ম আৰু মৃত্যুৰ মাজৰ এই চুটি সময়খিনিক না না ধৰণৰ কৰ্ম আৰু সৃষ্টিৰ আৱেগেৰে স্পন্দিত আৰু প্ৰাণ-চঞ্চল কৰি ৰাখিব পাৰিলেই জীৱনটো সাৰ্থক হয়। প্ৰৱল আবেগে আমাক পৰিপূৰ্ণভাবে জীয়াই থকাৰ অনুভূতি দিয়ে। প্ৰেমৰ গভীৰ আনন্দ আৰু বিষাদ, স্বাৰ্থজড়িত বা নিস্বাৰ্থ যিকোনো উচ্ছাসপূৰ্ণ কৰ্মোদ্যম – বহুত মানুহৰ জীৱনলৈ এইবোৰ আহে স্বাভাৱিকভাবেই। তুমি সুনিশ্চিত কৰিব লীগিব মাত্ৰ এটা কথা : যিকোনো কাম কৰিবলৈ তুমি হৃদয়ত অনুভৱ কৰিব লাগিব প্ৰৱল আবেগ; সেই আবেগে তোমাৰ প্ৰাণৰ স্পন্দন খৰতৰ কৰি তোমাৰ চেতনাক উদ্দীপিত আৰু সম্প্ৰসাৰিত কৰিব পাৰিব লাগিব।” জীৱনটোক কৰ্ম সৃষ্টিৰ আবেগেৰে স্পন্দিত আৰু প্ৰাণ-চঞ্চল কৰি উচ্ছাসপূৰ্ণ কৰ্মোদ্যমেৰে পূৰ্ণ কৰি ৰাখিব পাৰিলেই বাঞ্চনীয় দিশৰ কৰ্ম সম্পাদনেৰে উপভোগ্য আৰু জীপাল কৰি তুলিব পৰা হ’ব বুলি আমাৰ ধাৰণা হয়।  কৰ্ম সম্পাদনৰ প্ৰতি হৃদয়ত প্ৰৱল আবেগ অনুভৱ কৰাৰ কৌশল আয়ত্ব কৰিব পাৰিলেই জীৱনটো কেৱল যাপন নকৰি উদযাপন কৰিবলৈ আমি সকলোৱে়ই সমৰ্থ হম – হেৰুৱাৰ বেদনাক অতিক্ৰমি প্ৰাপ্তিৰ প্ৰত্যাশাৰে কৰ্মত প্ৰবৃত্ত হোৱাৰ গৌৰৱেৰে মহিমামণ্ডিত হ’ম।

Leave a Reply

Your email address will not be published. Required fields are marked *