মানুহক লাগে অগ্নিৰ অধিকাৰ ।। অজিত তালুকদাৰ
ৰাতি ভাঙিছে
থৰ্থৰ্কৈ কঁপিছে
জাৰ-শোগোনা দেশ, মাটি
সময়ে থমকি ৰৈ
তোমাকে চাইছে প্ৰমেথিয়ুছ
অগনিৰ শিখা হৈ কেতিয়া আহিবা তুমি?
উমনি দিয়া চৰাইৰ বাহ
তাতে চীঁ-চিয়াই সপোনে
মোৰ প্ৰিয় স্বদেশৰ মাটিৰ কোষত
উত্তাপিত হওক বসন্ত
জীৱনে মেলক সেউজ-ৰঙা কুঁহি…
পোহৰৰ নক্ষত্ৰৰ শোভাযাত্ৰাত
তোমাক দেখিছো প্ৰমেথিয়ুছ
স্বৰ্গৰ আকাংক্ষা আমাৰ নাই
অগ্নিৰ অধিকাৰ লাগে মানুহক
দেৱতাৰ স্পৰ্দ্ধা তুচ্ছ কৰি
মানুহে জ্বলাই মানুহৰ অন্ধকাৰ
দাসত্বৰ গ্লানি
প্ৰজ্বলিত হওক মুক্ত-চেতনা
আৰক্ত আঙনি হৈ ফুলক
জীৱন-বিশ্বজীৱনৰ আফুলন হেপাহ!
ৰাতি ভাঙিছে
গুহা-কাৰাগাৰৰ বৰফ খহিছে
সময় থমকি ৰৈ
পুৱাৰ চৰাইৰ কোলাহলে
দুৱাৰ খুলিছে
থৰ্ থৰকৈ জাৰত কঁপিছে দেশ
আহা প্ৰমেথিয়ুছ
স্বাধীনতাৰ সূৰ্য-বৰণৰ বাবে লাগে
মানুহক অগ্নিৰ অধিকাৰ