বিবিধ চিন্তা

মানুহৰ গল্প :: যি গল্পৰ শেষ নাই (ৰঞ্জিত ভূঞা)

   (যোৱা সংখ্যাৰ পাছৰ পৰা)

 (ছয়)

৩৫০ কোটি বছৰৰ আগত এইদৰে এমিবাৰ দৰে এককোষী প্ৰাণীৰ সম্ভেদ পোৱা যায়। তাৰ পিছত যুগৰ পিছত যুগ ধৰি নানাভাবে এই প্ৰাণীবোৰ ৰূপান্তৰিত হৈ হৈছে গৈ আজিৰ পৃথিৱীত বাস কৰা মানুহ, অনেক পশু পক্ষী,গছ-গছনি। আচৰিত যেন লাগিলেও যে সেয়াই সঁচা! কাৰণ চিৰন্তন পৰিৱৰ্তনেই হৈছে পৃথিৱীৰ নিয়ম। এই পৰিৱৰ্তনৰ অলপো জিৰণি নাই। তাৰে কিছুমান ইমান সূক্ষ্ম যে আমাৰ চকুতেই নপৰে। এই কথা বুজাবলৈ গৈ দেবীপ্ৰসাদে ভতিজী ৰুণুক এটা নতুন উজ্বল ৰঙৰ ছাতি কিছুদিনৰ পাছতে ৰং সলনি হৈ পুৰণি হোৱা, ৰং শেঁতা পৰাৰ এটা অতি সহজ উদাহৰণ দিছে। ছাতিটোৰ ৰং প্ৰতিদিনেই অলপ অলপকৈ সলনি হৈছিল। কিন্তু এই সলনি এনেভাবে হৈছিল যে আমাৰ চকুত পৰাৰ কোনো উপায় নাই। তেনেকৈ মানুহৰ জীৱনো। এই পৰিৱৰ্তন ইমান মসৃণ যে আমাৰ দৃষ্টিত নপৰে,টলকিব নোৱাৰি।  আৰু এক ধৰণৰ পৰিৱৰ্তন আছে- সেইটো হ’ল এক ধৰণৰ জন্তুৰ পৰিৱৰ্তন হৈ অদ্ভুতভাবে অন্য একধৰণৰ জন্তুলৈ হোৱা পৰিৱৰ্তন। দেবীপ্ৰসাদে  ‘ইয়োহিপাচ’নামৰ দেখাত শিয়ালৰ নিচিনা এটা জন্তুৰ পৰা আজিকালি আমি দেখা ‘ঘোঁৰা’হোৱাৰ কথা কৈছে ছবিৰ স’তে ৰুণুৰ আগত। পিছে পৰিৱৰ্তনৰ এই  মজাৰ কথা আমি কেনেকৈ জানিলো? আমাক কোনে জনালে? চাৰ্লছ ডাৰউইন নামৰ এজন অদ্ভুত প্ৰকৃতিৰ ল’ৰাই। কোন এইজন? কেনেকৈ গম পালে কথাবোৰ? সেই গোটেইখিনি কথা গল্পৰ দৰে কৈ কৈছে দেবীপ্ৰসাদে। ডাৰউইনে এখন কিতাপ লিখি উলিয়াইছিল। সেইখন  পঢ়ি পৃথিৱীৰ ডাঙৰ ডাঙৰ পণ্ডিতৰ মূৰ ঘুৰি গ’ল।  গোটেই পৃথিবীত লাগি গ’ল  প্ৰচণ্ড হৈ-চৈ!  কিয়? কি আছিল নো কিতাপখনত? কাৰণ  “ডাৰউইনৰ কিতাপত প্ৰমাণ হৈ গ’ল যে আজিকালি যে ইমান জীৱ-জন্তু আৰু গছ-গছনি এই সকলোবোৰ ভগৱানে সৃষ্টি কৰিছে- এই কথা কোৱাৰ কোনো অৰ্থ নাই। আচল কাৰণটো হ’ল সম্পূৰ্ণ বেলেগ।  হাজাৰ হাজাৰ বছৰ ধৰি আদিম প্ৰাণীবোৰ নানাধৰণে নানা উপায়ে সলনি হৈ এই হাজাৰ হাজাৰ প্ৰাণীলৈ ৰূপান্তৰ হৈছে। তাৰমানে আজিকালিৰ এই হাজাৰ হাজাৰ প্ৰাণীৰ পূৰ্বপুৰুষ একেটাই। ” কিন্তু ক’লেই হ’ব নে? নহ’ব,প্ৰমাণ দিব লাগিব। দিছে, ডাৰউইনে তেওঁৰ কিতাপত বহু ধৰণৰ প্ৰমাণ দিছে। তাৰোপৰি ডাৰউইনৰ পিছত আৰু নানা ৰকমৰ ঘটনা দেখি-শুনি, পৰীক্ষা-নিৰীক্ষণৰ মাজেৰে আৰু নানা ধৰণৰ প্ৰমাণ ওলাইছে। ডাৰউইনৰ কথা-কাণ্ডত সেই তেতিয়াই যি ‘ভূমিকম্প’ৰ সৃষ্টি হৈছিল, তাৰ জোকাৰণি এতিয়াও আছে!

  (সাত)

আগত কৈ  অহা হৈছে  আজিকালিৰ এই হাজাৰ হাজাৰ প্ৰাণীৰ পূৰ্বপুৰুষ এক। প্ৰমাণ ডাৰউইনৰ কিতাপত আছে। পাছলৈ ডাৰউইনৰ মতবাদৰ ওপৰত বিজ্ঞানীসমাজৰ মাজত ঢেৰ আলোচনা, বিতৰ্ক, গৱেষণা, পৰীক্ষা-নিৰীক্ষা চলিছে; বহুত কথা নতুনকৈ সংযোজন হৈছে। বিজ্ঞানৰ চৰিত্ৰ সেইটোৱেই। এটা ঠাইত ৰৈ নাথাকে, সদায় গতিশীল। মানুহৰ গল্প, সভ্যতাৰ গল্প আগবাঢ়ি গৈছে; আকৰ্ষণীয়, ৰোমাঞ্চকৰ হৈছে চিন্তা-চৰ্চাৰ এই গতিশীলতাৰ বাবেই, বিজ্ঞানৰ বাবেই। দেবীপ্ৰসাদে সহজকৈ ভতিজীৰ আগত কওঁতে দুটামান উদাহৰণ দিছে। ‘কংকালে কংকালে ভাই-ভাই’ বুলি কৈ চিম্পাজী আৰু মানুহৰ প্ৰসংগ আনিছে। ছবি আঁকি দেখুৱাইছে বাহ্যিকভাৱে চকুত পৰা ধৰণৰ অমিল থাকিলেও মানুহ আৰু চিম্পাজীৰ মাজত কংকাল কিন্তু বেছিভাগেই একেধৰণৰ। মানুহ আৰু চিম্পাজীৰ পূৰ্বপুৰুষ আছিল এক ধৰণৰ বনমানুহ। সময়ৰ সোঁতত সেই বন মানুহৰ নাতি-পুতিবোৰ নানা দিশৰ পৰা নানা ভাবে সলনি হৈ হৈ শেষত কোনোবা হৈছে চিম্পাজী আৰু কোনোবা হৈছে মানুহ। সেয়ে মানুহৰ লগত চিম্পাজীৰ কংকালৰ মাজত মিল আছে, ভাই-ভাই সম্পৰ্ক! কিন্তু ভেকুলীৰ লগত?  শুনিলে আচৰিত হব লগা কথা হ’লেও কিন্তু সঁচা-ভেকুলীৰ লগতো মানুহৰ কংকালৰ মিল আছে; ঠিক চিম্পাজীৰ দৰে মিল নহয়, বহু দূৰৈৰ।  আমাৰ সম্পৰ্ক কিছুমানক যে কোৱা হয়   কিছু পুৰুষৰ আগৰ বুলি, ঠিক তেনেকুৱাই। দেবীপ্ৰসাদে ৰুণুক কৈছে, “তাৰমানে, আমাৰ হাজাৰ হাজাৰ বছৰৰ আগৰ এক পূৰ্বপুৰুষ আৰু ভেকুলীৰ পূৰ্বপুৰুষ একেজনা। সেই পূৰ্বপুৰুষৰ নাম শুনিলে তুমি চিঞৰি উঠিবা। সিহঁতৰ নাম মাছ। কিয়নো মাছেই হ’ল পৃথিৱীত হাড়-মূৰ থকা প্ৰথম প্ৰাণী। বহু লক্ষ বছৰ ধৰি এই হাড়-মূৰ থকা প্ৰাণীসমূহৰ নানা গোষ্ঠী নানা ভাবে সলনি হৈ হৈ কোনোবা হৈছে ভেকুলী, কোনোবা হৈছে শহাপহু, কোনোবা গাহৰি, আৰু কোনোবা বান্দৰ। এনে বিভিন্ন ধৰণৰ।তাৰমানে এই সকলো জীৱজন্তুৰ মাজত আত্মীয়তা আছে, সম্পৰ্ক আছে। কিছুমানৰ ক্ষেত্ৰত সম্পৰ্কটো বহু দূৰৈৰ। মানুহৰ লগত গাহৰিৰ সম্পৰ্কটো বহুত নিলগৰ। গঁড় আৰু গাহৰিৰ সম্পৰ্কটো ওচৰৰ-যেনেকৈ মানুহৰ লগত গৰিলাৰ সম্পৰ্ক। “দেবীপ্ৰসাদে তাৰপিছত ৰুণুক ক’লে- চিম্পাজী, গৰিলা, গঁড় কিম্বা বান্দৰৰ দৰে তোমাৰ গাতো নোম আছিল-শুনিলে আচৰিত হ’ব লগা, খং উঠিব লগা কথা হ’লেও কিন্তু কথাটো সঁচা। কেনেকৈ? ছবি আঁকি দেবীপ্ৰসাদে ৰুণুক বুজালে। আমাৰ বাবেও বৰ মনোগ্ৰাহী, আকৰ্ষণীয় এই ছবি আৰু বৰ্ণনা!

   (আঠ)

‘চিম্পাজী, গৰিলা, গঁড়, বান্দৰ আদি জন্তুবোৰৰ দৰে এটা সময়ত তোমাৰ গাতো নোম আছিল, নেজ এডালো আছিল’- দেবীপ্ৰসাদৰ এনে কথা শুনি ভতিজী ৰুণুৰ দস্তৰমত খং উঠাৰে কথা! পিছে নুঠিল। কাৰণ বৰদেউতাকে ইমান ধুনীয়াকৈ গল্প কৈ গৈছে, অবাক হৈ তাই মাথোঁ শুনি গৈছে। গাত নোম আছিল, নেজো আছিল। কিন্তু কেতিয়া? এতিয়া কিয় নাই?? তাইৰ কৌতুহলভৰা মৰমলগা চকু দুটালৈ চাই দেবীপ্ৰসাদে কৈ গ’ল,”আছিল, নেজো আছিল, নোমো আছিল – কিন্তু তেতিয়া তুমি গম পোৱা অৱস্থাত নাছিলা। মাৰ গৰ্ভত তেতিয়া তোমাৰ আকাৰ আছিল এইখিনিমান-এক ইঞ্চিৰ তিনিভাগৰ এভাগ। নেজডাল আছিল তোমাৰ শৰীৰৰ ছয় ভাগৰ এভাগ মান। গৰ্ভৰ ভিতৰত তোমাৰ বয়স যেতিয়া পাঁচ সপ্তাহ তেতিয়াই নেজডাল দেখা দিছিল আৰু আঠ সপ্তাহত ভৰি দিওঁতে নাইকীয়া হ’ল। তেনেকৈ নোমো আছিল গোটেই গাতে। সোণালী ৰেচমৰ দৰে নোম। জন্মৰ ছমাহৰ পাছৰ পৰা লাহে লাহে নাইকীয়া হ’ল। কিন্তু অকল নেজ আৰু নোমেই নে? মাছৰ মূৰৰ দুয়োফালে থকা দুটা যন্ত্ৰ,আমি কাণফুল বুলি কওঁ,যাৰ সহায়ত মাছে উশাহ-নিশাহ লয়, সেই তেনেকুৱা কাণফুলো তোমাৰ গাত আছিল। কিন্তু তুমি জানিবা কেনেকৈ? তেতিয়া যে তুমি আছিলা মাৰ গৰ্ভত একেবাৰে এখুদমান হৈ। “অবাক ৰুণুক এইদৰে কথাৰে, ছবিৰে দেবীপ্ৰসাদে বুজাই গ’ল সকলো ক্ষুদ্ৰ প্ৰাণীৰে মাজত আছে কিমান সাদৃশ্য; নেজ আৰু চেহেৰাৰ কি ভীষণ মিল! “আচলতে যিবোৰ জন্তুৰ পূৰ্বপুৰুষ একে আৰু যাৰ মাজৰ সম্পৰ্কটো ওচৰৰ সেইবিলাক যেতিয়া মাকৰ গৰ্ভত থাকে নাইবা ডিম্বৰ ভিতৰত থাকে তেতিয়া সিহঁতৰ চেহেৰাৰো মিল থাকে। এই সাদৃশ্যৰ পৰাই প্ৰমাণ হয় সিহঁতৰ পূৰ্বপুৰুষ একেজন। তাৰমানে একে ধৰণৰ জন্তু সলনি হৈ হৈ নানা ধৰণৰ জন্তুৰ আবিৰ্ভাৱ হৈছে।  মাতৃগৰ্ভৰ পৰা নাইবা কণী ভাঙি বাহিৰলৈ ওলোৱাৰ আগতে কাৰ কি চেহেৰা সেয়া চোৱাচোন”- দেবীপ্ৰসাদে ৰুণুক ছবি দেখুৱালে। কি আচৰিত কথা!  মুখেৰে একো নকৈ ৰুণুৱে অবাক হৈ মাথোঁ চাই ৰ’ল! ইমান আচৰিত, ভাবিব নোৱাৰা কথা!  কিন্তু ইমানবোৰ কথা বৰদেউতাকে জানিছে কেনেকৈ! ৰুণুৰ মনত উদয় হোৱা কৌতুহলে আমাকো স্পৰ্শ কৰা তেনেই স্বাভাৱিক। পিছে কৌতুহল নিবাৰণৰ বাবে অকণমান ধৈৰ্য্য ধৰাৰ বাহিৰে আন উপায় নাই। মানুহৰ জীৱনৰ গল্প আৰম্ভ হোৱাৰ আগেয়ে আৰু যে কিমান কথা আছে, বতৰা আছে! সেইখিনি কথা-বতৰা নোহোৱাকৈ মানুহৰ জীৱনৰ গল্প অসম্ভৱ, অসম্পূৰ্ণ! আহিবই লাগিব সেইখিনিৰ মাজেৰে মানুহৰ আচল জীৱনৰ গল্পলৈ!  

 (ন)

পৃথিৱীৰ বুকুত প্ৰাণৰ জন্মৰ কথা, ক্ষুদ্ৰ ক্ষুদ্ৰ প্ৰাণীৰ আবিৰ্ভাৱ ৰ কথা আমি ইতিমধ্যে পাতিছো। আছিল ক্ষুদ্ৰ ক্ষুদ্ৰ জীৱ, হৈ গ’ল মাছ। আছিল মাছ, হৈ গ’ল উভচৰ। তাৰ পাছত? আহিল সৰীসৃপ, সৰীসৃপৰ পাছত আহিল স্তন্যপায়ী প্ৰাণী। বনমানুহ আছিল, হৈ গ’ল মানুহ! কিমান মজাৰ, আকৰ্ষণীয় কাহিনী! প্ৰাণীৰ এই ৰূপান্তৰ, ক্ৰমবিকাশ কি, কিয় আৰু কেনেকৈ হ’ল, আমি ইমানবোৰ কথা ক’ৰপৰা কেনেকৈ জানিব পাৰিলোঁ –  ভতিজী ৰুণুৰ আগত দেবীপ্ৰসাদে তাই অকণো আমনি নোপোৱাকৈ কৈ গৈছে। এই কথাখিনিৰেই সমাপ্ত হৈছে দেবীপ্ৰসাদ চট্ৰোপাধ্যায়ৰ ‘যে গল্পেৰ শেষ নেই’ কিতাপখনৰ প্ৰথম খণ্ড। বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি, পৃথিৱীৰ বুকুলৈ প্ৰাণীৰ আগমনৰ পৰা মানুহ হোৱালৈ কিমান যে কথা,ঘটনা-পৰিঘটনা,কিমান যে বতৰা! গোটেইখিনি কথা আমাৰ আলোচনাত সামৰাতো সম্ভৱ নহয় বা কৰিব লৈ গ’লেও সি হ’ব এক বৃথা চেষ্টাহে মাথোঁ। এই গোটেইখিনি কথা জানিবলৈ আপুনি নিশ্চয় পঢ়ি চাব এই অত্যন্ত উপযোগী কিতাপখন। আমি আলোচনা আৰম্ভ কৰিছিলোঁ মানুহৰ গল্পৰ কথালৈ। ইমানবোৰ কথা পতাৰ পাছত আমি এতিয়াহে আগবাঢ়িব পাৰিম মানুহৰ আচল জীৱনৰ গল্প, সমাজৰ গল্প, সংগ্ৰামৰ গল্পলৈ। গল্পৰ আৰম্ভণি হ’ল। আৰম্ভ হ’ল ‘যে গল্পৰ শেষ নেই’ (অসমীয়া ৰূপান্তৰ ‘যি গল্পৰ শেষ নাই’ ) কিতাপখনৰ দ্বিতীয় খণ্ড। ‘পৃথিৱীৰ বুকুত এতিয়ালৈ জন্ম হোৱা, দপদপাই থকা জন্তুবোৰৰ মাজত মানুহো এবিধ জন্তু। কিন্তু পাৰ্থক্য আছে আনবোৰৰ সৈতে। কি সেই পাৰ্থক্য?  পাৰ্থক্য মাথোঁ এটাই-সেইটো হৈছে হাত। ‘হাতৰ বলতেই মানুহ-মানুহ হৈছে। অন্য কোনো জন্তুৰ হাত নাই।  হাত নাই বাবেই হাতিয়াৰ বনাব নোৱাৰে। নোৱাৰে হাতৰ মুঠিৰে হাতিয়াৰ ধৰিব। আৰু সেয়ে শ্ৰম কৰিব নোৱাৰে, নেজানে পৃথিৱীক জয় কৰিবলৈ। কেৱল মানুহেই জানে পৃথিৱীক জয় কৰিবলৈ। মানুহৰ দিগ্বিজয়ৰ অন্ত নাই।  সেয়ে অন্ত নহয় মানুহৰ গল্প।’ এনেদৰেই ভতিজী ৰুণুৰ আগত দেবীপ্ৰসাদে আৰম্ভ কৰিলে মানুহৰ গল্প-যি গল্পৰ শেষ নাই। আন কোনো জন্তুৱে কৰিব নোৱাৰা কাম মানুহে কৰিব পাৰিছে-পাৰিছে পৃথিৱীক জয় কৰিবলৈ। কেনেকৈ? শ্ৰমৰ দ্বাৰা। শ্ৰমৰ বলতেই পশুকুলক পিছ পেলাই আগবাঢ়িল মানুহ। কিন্তু কি এই শ্ৰম?  পশুবোৰে শ্ৰম কৰিব নাজানে বোলা কথাটোৰ অৰ্থনো কি? আহিব লাগিব সেই কথালৈ।

(দহ)

প্ৰশ্ন স্বাভাৱিকতে উঠিবই, গৰুৱে যে হাল টানে, গাধই বোজা কঢ়িয়ায়;  সিহঁতে শ্ৰম নকৰে নেকি? নহয়, তাক শ্ৰম বুলি কব নোৱাৰি। কিয়? কাৰণ সেইবোৰ কাম সিহঁতৰ হতুৱাই কৰোৱা হয়, সিহঁতে নিজ ইচ্ছামতে নকৰে। কিন্তু মানুহে কাম কৰে নিজ ইচ্ছামতে, জানে কি কৰিছে, কিহৰ বাবে কৰিছে। জানে, কেনেকৈ কৰিলে কামটো ভালকৈ হয়।  প্ৰচলিত ভাষাত শ্ৰম  মানে কাম কৰা হ’লেও কিন্তু যিকোনো পৰিশ্ৰম কৰিলেই তাক শ্ৰম বুলিব নোৱাৰি। এজন পাগলে ৰাষ্টাত জপিয়াই জপিয়াই মূৰৰ ঘাম মাটিত পেলালেও কিন্তু তাক শ্ৰম কৰা ‘শ্ৰমিক’ বুলিব পৰা নাযায়। শ্ৰম মানে হ’ল, নিজৰ ইচ্ছাৰে পৃথিৱীক সলনি কৰা, পৃথিৱীক জয় কৰা, জীয়াই থকাৰ পৰিকল্পনা লৈ পৰিশ্ৰম কৰা। “বাকী সকলো জন্তুৰ লগত মানুহৰ আচল পাৰ্থক্য এইখিনিতেই। বাকী সকলোৱে জীয়াই থাকে পৃথিৱীৰ দয়াৰ ওপৰত নিৰ্ভৰ কৰি। খোৱাৰ যোগাৰ হ’লে পেট ভৰে, নহ’লে নাই। মানুহে পৃথিৱীৰ লগত সংগ্ৰাম কৰি পৃথিৱীৰ পৰা নিজৰ প্ৰয়োজনৰ বস্তু আদায় কৰি লয়। সেয়ে মাটিৰ বুকুত নাঙল বহুৱাই আদায় কৰে শস্য, শিল ভাঙি তৈয়াৰ কৰে ৰাস্তা। আকাশ জয় কৰাৰ বাবে সাজি উলিয়াইছে উৰাজাহাজ, পাতাল জয় কৰাৰ বাবে পৰিধান কৰিছে ডুবুৰিৰ পোছাক। “অবাক হৈ শুনি গৈ আছে ৰুণুৱে। কোনো প্ৰশ্ন কৰাৰ প্ৰয়োজন হোৱা নাই।  কাৰণ দেবীপ্ৰসাদে যেন আগতেই জানে ৰুণুৰ মনলৈ কি প্ৰশ্ন আহিব পাৰে! গতিকে কথাবোৰ এনেকৈ কৈ যায় যে মনলৈ অহা প্ৰশ্নৰ উত্তৰ ৰুণুৱে ততালিকে পায়! পৃথিৱীক জয় কৰা মানে কি, তাৰ বাবে কি কৰাৰ প্ৰয়োজন?  দুজন নাৱৰীয়াৰ উদাহৰণ দিছে দেবীপ্ৰসাদে। এজনে নদীৰ সোঁতৰ নিয়ম, বতাহৰ নিয়ম-কানুন জানে, আন জনে নাজানে। এতিয়া জনা জনে অনায়াসে নাৱত পালতৰি আগুৱাই যাব পাৰে, নজনা জনে কিন্তু প্ৰাণটাকি  চেষ্টা কৰিলেও নোৱাৰে। তেনেকৈ আকাশত উৰা মাৰোতেও একেই কথা। সেয়েহে পৃথিৱীক জয় কৰিবৰ বাবে প্ৰয়োজনীয় হ’ল পৃথিৱীক চিনি পোৱা, জানি লোৱা। কিন্তু কেনেকৈ চিনিব পাৰি, জানিব পাৰি পৃথিৱীক? পাৰি একমাত্ৰ শ্ৰমৰ দ্বাৰাহে। চিনিব নোৱাৰিলে, জিনিব নোৱাৰি। আকৌ জয় কৰাৰ চেষ্টা নকৰিলে চিনি পোৱাৰ উপায় নাই। হাত সাবটি বহি পৃথিৱীৰ কথা ভাবি থাকিলে পৃথিৱীক চিনি পোৱা নাযাব। মানুহে যিমানে বেছিকৈ শ্ৰম কৰিছে, সিমানে বেছিকৈ পৃথিৱীক জয় কৰিছে, সিমানেই বেছি ভালকৈ পৃথিৱীক চিনি পাবলৈ শিকিছে। কাৰণ এইখন পৃথিৱীতেই তো সকলো আছে! হাতিয়াৰ হাতত লৈ  এই পৃথিৱীৰ সৈতে চলি আহিছে মানুহৰ যুদ্ধ। মানুহৰ হাতিয়াৰ যিমানেই উন্নত হৈছে সিমানেই মানুহে ভালদৰে পৃথিৱীক চিনিব পাৰিছে, জিনিব পাৰিছে। হাতিয়াৰৰ উন্নতিয়ে মানুহক ক’ৰ পৰা আনি ক’ত থিয় কৰালে, ক’লৈ আগুৱাই লৈ গ’ল, তাৰ হিচাপ? লব লাগিব সেই হিচাপ, নহ’লে যে আগ নাবাঢ়িব মানুহৰ গল্প, মানুহৰ জয়যাত্ৰাৰ গল্প!

 (এঘাৰ)

মানুহে যেতিয়া হাতিয়াৰ প্ৰথম হাতত তুলি লৈছিল, তেতিয়াও পশুকুলৰ লগত মানুহৰ পাৰ্থক্য বৰ বেছি স্পষ্ট হৈ পৰা নাছিল। হাবি-জংঘলত মানুহে ভোক নিবাৰণৰ চেষ্টা কৰিছিল। হাতত হাতিয়াৰ আছিল মাজে মাজে, কিন্তু সেইবোৰ আছিল তেনেই ভোটা আৰু অ-গঢ়ী যাৰদ্বাৰা ফলমূল সংগ্ৰহৰ বাহিৰে বেছি কাম কৰিব পৰা নগৈছিল। সেয়া আছিল মানুহৰ বন্য জীৱনৰ আটাইতকৈ নিম্ন স্তৰ। কিন্তু এই অৱস্থাতে  সম্ভৱ হৈছিল মানুহৰ আটাইতকৈ ডাঙৰ আৱিষ্কাৰ,সেইটো হ’ল-কথা কোৱাৰ ভাষা।দেবীপ্ৰসাদৰ মতে এইখিনিতে কিন্তু গল্পটো অলপ জটিল।  কাৰণ কথা কোৱাৰ ভাষা আৱিষ্কাৰ-কম কথা নহয়!  ভাষাৰ বাবে ধাৰণাৰ সৃষ্টি হ’ব লাগিব।  কেনেকৈ আহিল মানুহৰ মগজুলৈ ধাৰণা? মগজু নামৰ আটাইতকৈ দৰকাৰী অংগটোৰ সৃষ্টিয়েই বা কেনেকৈ হ’ল? সেইবোৰ ঢেৰ কথা। প্ৰাণীৰ ক্ৰমবিকাশৰ কথা কৈ আহোঁতে দেবীপ্ৰসাদে ৰুণুক কৈ থৈছে মগজুৰ কথা।  মগজু নামৰ এই অংগটো থকা প্ৰথম প্ৰাণীটোৰ নাম আছিল অষ্ট্ৰাকোড্ৰাম, মাছৰ আগৰ প্ৰাণী। তেনেই অকণমান এটি অংগ-কিন্তু ইয়াৰ বলতেই চাৰিওফালৰ বাকী সকলো প্ৰাণীৰ তুলনাত ইহঁত হ’ল উচ্চ পৰ্যায়ৰ প্ৰাণী। তথাপিও  মানুহৰ মগজুৰ লগত এইবোৰৰ তুলনাই নহয়। মানুহৰ মগজু আন প্ৰাণীৰ তুলনাত বেচ উন্নত আৰু ডাঙৰ। সেইবাবেই মানুহৰ ইমান জ্ঞান-বুদ্ধি। কিন্তু মানুহৰ মগজু ইমান ডাঙৰ আৰু উন্নত হ’ল নো কেনেকৈ? তাৰো কাৰণ আকৰ্ষণীয়। মানুহৰ পূৰ্বপুৰুষ সকলৰ শৰীৰৰ গঠন সলনি হৈ হৈ যেতিয়াৰ পৰা দুখন হাত দেখা দিলে তেতিয়াৰ পৰাই আৰু তাৰ বাবেই মানুহৰ মানুহৰ শৰীৰত গাঁঠনিগত সালসলনি আৰম্ভ হ’ল। যেতিয়া হাত বুলি একো নাছিল তেতিয়া কাম চলিছিল দাঁতৰ দ্বাৰা কিন্তু যেতিয়াৰে পৰা হাতৰ কাম আৰম্ভ হ’ল,দাঁতৰ কাম কমি আহিল,ক্ৰমান্বয়ে দাঁত সৰু হ’বলৈ ধৰিলে,দৈৰ্ঘ্য কমি আহিল। মানুহৰ খোলাৰ ভিতৰত মগজু বাঢ়িবৰ বাবে ক্ৰমান্বয়ে ঠাই ওলাল,বাঢ়িল মানুহৰ মগজু। হাতৰ কাম বাঢ়ি আহিল,নতুন নতুন চিন্তাই ঠাই পালে,ধাৰণাৰ সৃষ্টি হ’বলৈ ধৰিলে। ফলত উন্নত হব ধৰিলে হাতৰ কামো। কিন্তু আমি যে ওপৰত মানুহৰ কথা কোৱাৰ ভাষাৰ কথা কৈ আহিছো সেইটো কেনেকৈ সম্ভৱ হ’ল,মানুহৰ মুখত কথা ওলাল কেনেকৈ? শৰীৰৰ যি অংশৰ ওপৰত নিৰ্ভৰ কৰি জন্তু-জানোৱাৰৰ পৰা মানুহলৈ গলৰ যি অংগ ই স্বৰ বাহিৰ কৰিব পাৰে তাক কোৱা হয় স্বৰযন্ত্ৰ। ইংৰাজীত ইয়াৰ নাম ল্যাৰিংস্।সকলোৰে শৰীৰত স্বৰযন্ত্ৰ আছে। প্ৰয়োজনীয় শব্দ উলিয়াব পাৰে,শুনিবলৈ বহুতো পশু-পক্ষীৰ মাাাতত শুৱলাও হয়,কিন্তু কথা ক’ব পাৰে নে?  নোৱাৰে। কেৱল মানুহৰ  মুখতহে আছে ভাষা,মানুহে হে কথা কব পাৰে। কিয়?দেবীপ্ৰসাদে ৰুণুক বুজাইছে এনেদৰে, “কিয়নো ভাষা কেৱল গলৰ পৰা শব্দ বাহিৰ কৰা নহয়। মানুহৰ ভাষা অৰ্থ থকা শব্দৰে গঠিত আৰু এই শব্দবোৰ হৈছে ধাৰণাৰ বাহক। মই এটা কথা ক’লো, তুমি শুনিলা আৰু শুনি বুজিলা মই কি কব বিচাৰিছো। তাৰ মানে,মোৰ কথাটোৱে তোমাৰ ওচৰলৈ মোৰ ধাৰণাটো লৈ গ’ল। এইটো সম্ভৱ হ’ল একমাত্ৰ মানুহৰ মগজুৰ উন্নতিৰ বাবে। মগজুৰ উন্নতিৰ বাবেই মানুহৰ ধাৰণাৰ সৃষ্টি হ’ল যিটো আন পশু-পক্ষীৰ ক্ষেত্ৰত নঘটিল। তাৰবাবেই আমি কথা ক’ব পাৰোঁ, সিহঁতে নোৱাৰে।”

মানুহৰ মুখত ভাষা ওলাল,ইজনে-সিজনক কথা বুজাব পৰা হ’ল,হাতৰ কামৰো উন্নতি হ’ল কাৰণ ধাৰণাৰ আদান-প্ৰদান হ’ল,দহ জনে লগ হৈ কাম কৰিব পৰা হ’ল,কাম কৰা সহজ হৈ পৰিল।  এই ফালৰ পৰা ভাবিলে ক’ব পাৰি মুখৰ ভাষাৰ লগত, কথা ক’বলৈ শিকাৰ লগত আকৌ সেই শ্ৰমৰেই সম্পৰ্ক,হাজাৰ হাজাৰ কামৰ সম্পৰ্ক। কিন্তু ঠাই বিশেষে মানুহৰ ভাষাৰ পাৰ্থক্য আহিল কেনেকৈ? আচলতে কোন শব্দ বাহিৰ কৰিলে মানুহৰ ভাষা হিচাপে কি  ধাৰণাৰ বাহক হ’ব-সেইয়া নিৰ্ভৰ কৰে মানুহৰ দলৰ ওপৰত। সেয়ে ঠাইভেদে,দেশভেদে শব্দৰ অৰ্থ একে নহয়। এই কথাবোৰকলৈ ঢেৰ আলোচনা চলি আছে,আমি কিন্তু এতিয়াও মানুহৰ আদিম ভাষাৰ মাজতে আছোঁ,হাতিয়াৰ উন্নত কৰাত ভাষাই, ধাৰণাই কিদৰে সহায় কৰিলে আছোঁ সেই আলোচনাৰ মাজত। হাতিয়াৰ ক্ৰমান্বয়ে উন্নত কৰি আনি আনি মানুহৰ জয়যাত্ৰা কেনেকৈ ত্বৰান্বিত  হ’ল, পাতিবলৈ আছে সেইখিনি কথাও।

    (বাৰ)

হাততে যি পালে, তাকে লৈ লৰা ধপৰা কৰোতে কৰোতে বন্য মানুহে দুটা বৰ ডাঙৰ বস্তু আৱিষ্কাৰ কৰি পেলালে। এটা হ’ল শিলৰ হাতিয়াৰ, আনটো হ’ল জুই। জোঙা,ধাৰাল শিলৰ টুকুৰা এটা লৈ মাটিত মাৰি চালে, দেখিলে মাটি খান্দিব পাৰি; আগেৰে দৌৰ মৰা জন্তুৰ গালৈ মাৰি দিলে জন্তু ধৰাশায়ী হয়; কি ফুৰ্ত্তি!  শিলে শিলে ঘঁহনি খালে জুইৰ স্ফুলিংগ ওলায়, শুকান ডাল-পাত থাকিলে জ্বলি উঠে। তাতে জন্তুৰ মঙহ জাপি দি চালে, খাই দেখিলে সোৱাদ বেছি। তেনেকৈ শিকিলে জুইত সেকি খাবলৈ। খোৱা-বোৱাৰ উন্নতি নহ’ল নে? ইতিমধ্যে আৰু পৰীক্ষা-নিৰীক্ষা কৰি মানুহে যাঠী, বৰ্শা বনাবলৈ শিকিলে। চিকাৰ কৰা বহুপৰিমাণে সহজ হ’ল। চিন্তা বহুপৰিমাণে দূৰ হ’ল, হাতত সময় বাচিল। অনাই-বনাই ঘুৰি ফুৰিবলৈ ধৰিলে এঠাইৰ পৰা আন ঠাইলৈ। নদীৰ পাৰে পাৰে হাবিৰ পাছত হাবি পাৰ হৈ, আনন্দ মনেৰে, দল বান্ধি। তেনেকৈ কেইবা হাজাৰ বছৰ জুৰি মানুহ দলে দলে যাযাবৰী জীৱন কটাই ফুৰিলে, হাতে হাতে শিলেৰে তৈয়াৰী হাতিয়াৰ। এতিয়া যাদুঘৰত সংৰক্ষণ কৰি থোৱা আছে তেনেকুৱা হাতিয়াৰ। তাৰ পাছত মানুহে আৱিষ্কাৰ কৰিলে ধনু-কাড়। ধনু-কাড়েই হৈছে বন্য মানুহৰ সৰ্বোত্তম আৱিষ্কাৰ। ধনু-কাড়েৰে চিকাৰ কৰা আগতকৈ বহুত সহজ হ’ল; খাদ্য সমস্যা বহুখিনি নাইকীয়া হ’ল। মানুহে জিৰণি ল’বলৈ সময় উলিয়াব পাৰিলে। ইতিমধ্যে শিলৰ হাতিয়াৰবোৰ বহুপৰিমাণে উন্নত হৈছে, ধাৰাল হৈছে, তাৰ দ্বাৰা মানুহে কাঠৰ বস্তু সাজিবলৈ চেষ্টা কৰিছে-কাঠৰ ডিঙা,কাঠৰ কাঁহী-বাতি ইত্যাদি ইত্যাদি। মনলৈ যি আহিছে, যেনে ৰূপ লৈছে তেনেকৈ বনাই গৈ আছে এফালৰ পৰা। তাৰ পাছত হাতেৰে চেষ্টা কৰি দেখিলে মাটিৰ পৰাও দেখোন বাচন সাজিব পাৰি।  মানুহৰ বন্য অৱস্থাৰ পৰা উঠি অহাৰ প্ৰক্ৰিয়া আৰম্ভ হ’ল। ক্ৰমান্বয়ে  মানুহে আৱিষ্কাৰ কৰি পেলালে পশুপালন আৰু কৃষি। পশুক ধৰি-বান্ধি ৰাখি দেখিলে এনে কৰিলে দেখোন  বহি বহিয়েই পাব পাৰি জন্তুৰ মঙহ, গাখীৰ আৰু ছাল। পোহনীয়া জন্তু বুলিবলৈ আছিল বেছিভাগেই গৰু আৰু ভেৰা। ইতিমধ্যে শিলেৰে মাটি খন্দাটো শিকি থৈছেই। তাতে গছৰ গুটি দি দেখিলে পুলি গজে, গছ হয়। ক্ৰমান্বয়ে সেইখিনি জ্ঞানকে লৈ শস্য উৎপাদন কৰিব লৈ শিকিলে। পাছলৈ নাঙল বনাবলৈ শিকি তাৰ ব্যৱহাৰ কৰিবলৈ ধৰিলে। সেইবোৰ আছিল কাঠেৰে তৈয়াৰী নাঙল। পাছলৈ লোহা লগাবলৈ শিকাৰ পাছত লোহা গলাই আৰু উন্নত হাতিয়াৰ বনাবলৈ শিকিলে, তৈয়াৰ হ’ল লোহাৰ নাঙল। লোহাৰ নাঙল যুঁতি পোহনীয়া জন্তুৰ কান্ধত লগাই মাটি চহাই  শস্যৰ উৎপাদন আৰম্ভ হ’ল।  শস্য উভৈনদী হৈ পৰিল। নিতান্তই বাচি থাকিবলৈ যিমান লাগে তাতোকৈ বহু বেছি উৎপাদন সম্ভৱ হ’ল। শস্য জমা কৰি থ’বলৈ শিকিলে। খাদ্যৰ সমস্যা ভালেখিনি দূৰ হ’লত মানুহে মন দিবলৈ আহৰি পালে অন্য কথাত। মুখৰ ভাষাক আঁকি-বাকি লিখিবলৈ ল’লে। সৃষ্টি হ’ল লিখাৰ চিহ্ন বা আখৰ। লিখাৰ চিহ্ন আৱিষ্কাৰ হোৱাৰ পাছত সভ্যতাৰ স্তৰৰ আৰম্ভণি হ’ল। আচলতে মানুহৰ জীৱনলৈ বিৰাট পৰিবৰ্ত্তন আনি দিলে পশুপালন আৰু কৃষিৰ আৱিষ্কাৰে। তাৰ আগলৈকে মানুহৰ জীৱন আছিল তেনেই নাবালক পৰ্যায়ৰ। একেবাৰে পুতৌলগা।নিতান্তই হতদৰিদ্ৰ। যেনে তেনে কিবা কৈ পেটত কিবা এটা পেলোৱাৰ চিন্তা; সমস্ত শক্তি ব্যয় হৈছিল তাতে। কিন্তু পশুপালন আৰু কৃষিৰ কৰিবলৈ শিকাৰ লগে লগে মানুহ সাবালক হৈ পৰিল। চিন্তাৰ স্তৰ উন্নত হ’ল। খাদ্যৰ বাহিৰেও আন কথাটো মন দিব পৰা হ’ল যিটো কথা আমি আগতে কৈ আহিছোঁ। সামান্য সম্বলেৰে জীয়াই থাকিব লগা এনে এক অৱস্থাত ধনী, দুখীয়া, ৰজা, প্ৰজা, মালিক, শ্ৰমিক-এইবোৰ শ্ৰেণী সৃষ্টি আছিল এক ভাবিব নোৱাৰা কথা। এইবোৰ একো নাই, সমগ্ৰ দলটো মিলি উদয়াস্ত পৰিশ্ৰম কৰি যিখিনি খাদ্যৰ যোগাৰ হয়, তাৰ ওপৰত সকলোৰে সমান অধিকাৰ। সমান সমান ভাবে জীয়াই থকা। তথাপিও মনত ৰাখিব লাগিব-এই যে সমানে সমানে জীয়াই থকাৰ চিন্তা, ইয়াৰ আচল কাৰণ হ’ল অভাৱ, দাৰিদ্ৰ। সকলোৱে দুখীয়া, গতিকে সকলোৱে সমান। কিন্তু ক্ৰমান্বয়ে সেই অৱস্থাৰ পৰিবৰ্তন হ’বলৈ ধৰিলে। কেনেকৈ? আগ্ৰহেৰে শুনি থকা ৰুণুৰ  মুখলৈ চাই দেবীপ্ৰসাদে ক’লে, অলপ ৰৈ লও ৰ’বা। আহিম অলপ পাছত সেই কথালৈ। (আগলৈ)

Leave a Reply

Your email address will not be published. Required fields are marked *