বিবিধ চিন্তা

মানুহৰ গল্প :: যি গল্পৰ শেষ নাই (ৰঞ্জিত ভূঞা)

 (যোৱা সংখ্যাৰ পাছৰ পৰা)

(তেৰ)

এইবাৰ তোমাক ক’বলৈ লৈছোঁ- মানুহৰ মাজত প্ৰতিযোগিতা, শত্ৰুতাৰ আৰম্ভণি কেনেকৈ হ’ল-  ৰুণুলৈ চাই দেবীপ্ৰসাদে আৰম্ভ কৰিলে-  “তোমাকতো আগতে কৈছোঁৱেই, মানুহ সমানে সমানে জীয়াই থকাৰ চিন্তা, ইয়াৰ আচল কাৰণ আছিল অভাৱ, দাৰিদ্ৰ।  সেই সময়ছোৱাত টকা-পইছা, ধন-সম্পত্তি বুলিবলৈ মানুহৰ একো নাছিল, থকাৰ কথাও নাই।  পৃথিৱীৰ বুকুৰ পৰা যিখিনি আদায় হৈছিল, সেয়া খৰচ হৈছিল কোনোমতে জীয়াই থাকিবলৈ।  সকলোৱে শ্ৰম কৰিব লাগিছিল-দলৰ মাজত কোনে কি কৰিব তাৰ এক থূলমূল ভাগ-বাটোৱাৰা আছিল,  কিন্তু কোনেও ঠেঙৰ ওপৰত ঠেং তুলি বহি খোৱাৰ কথাই নাছিল, শ্ৰমৰ দিশৰ পৰা সকলো সমান আছিল। শ্ৰমৰ ভগাভগি কৰিবলৈ শিকিলেও তাক লৈ মান-সন্মানৰ পাৰ্থক্য কৰিবলৈ শিকা নাছিল। এতিয়াৰ দৰে অমুক কামটো তলখাপৰ,  তেওঁ কৰে, গতিকে কম মৰ্য্যাদাৰ সৰু মানুহ- তমুক কামটো ডাঙৰ, তেওঁ কৰে, গতিকে ডাঙৰ মানুহ- আমাৰ চকুত, সমাজৰ আগত;  সেই কথাবোৰ তেতিয়া মানুহে ভাবিবই পৰা নাছিল। আনৰ বস্তু কাঢ়ি অনাৰ কথা, ডকাইতি-লুটপাত; এইবোৰ কথাও সেইখন মানুহৰ সমাজত একেবাৰে অচিনাকি আছিল। কাৰণ সকলো মানুহ সমান হৈ জীয়াই আছিল। অন্যৰ বস্তু কাঢ়ি অনাৰ দৰকাৰ, প্ৰয়োজনেই বা কি?  কিন্তু এই অৱস্থা ক্ৰমান্বয়ে সলনি হ’ব ধৰিলে।  সেই তেতিয়াৰ পৰা যেতিয়াৰে পৰা হাতিয়াৰৰ উন্নতিৰ ফলত মানুহে কেৱল জীয়াই থকাৰ প্ৰয়োজনতকৈ অধিক বস্তু উৎপন্ন কৰিবলৈ শিকিলে, খাদ্য ঘৰত জমা কৰি থ’বলৈ শিকিলে। প্ৰথমে দলৰ ভিতৰৰে দুজন মানক উন্নত হাতিয়াৰ বনোৱাৰ বাবে খাদ্য যোগাৰ কৰাৰ পৰা অব্যাহতি দি দক্ষ কাৰিকৰ হ’বলৈ নিয়োগ কৰা হ’ল। তেওঁলোকে প্ৰস্তুত কৰা হাতিয়াৰ ব্যৱহাৰ কৰি আৰু অধিক খাদ্য উৎপাদন সম্ভৱ হ’ল, বাঢ়িব ধৰিলে জমা হোৱা খাদ্যৰ পৰিমাণ।এইখিনিৰ পৰা মানুহৰ গল্পৰ এক গতি পৰিৱৰ্তন হ’ল।  ক্ৰমান্বয়ে অধিক বস্তু ঘৰত জমা কৰি আনতকৈ বেছি খাদ্য-সামগ্ৰীৰ গৰাকী হোৱাৰ বাসনা মানুহৰ মনলৈ আহিবলৈ ল’লে। ফলত গাৰ বলেৰে বা কিবা কৌশল কৰি হ’লেও দলৰেই কিছুমানে আনৰ বৰ্দ্ধিত বস্তুখিনি কাঢ়ি লোৱাৰ চেষ্টাত লাগি পৰিল। ফলত সমাজত ভাঙন ধৰিল। সকলো সমান সমান ভাব অন্তৰ্হিত হ’ল। দলৰ সকলো আৰু সমান হৈ নাথাকিল।  কাৰোবাৰ ঘৰত বহু বেছি, কাৰোবাৰ ঘৰত কম।

মিলিজুলি সমানভাৱে জীয়াই থকাৰ অৱস্থা যেতিয়াৰ পৰা শেষ হৈছে তাৰ পিছৰ পৰাই মানুহৰ মনত জন্মিছে লোভ, মানুহৰ বাবে মুকলি হৈছে আনৰ বস্তু লুটপাত কৰি সহজে, বিনা শ্ৰমে সুখ ভোগ কৰাৰ পথ।  তেতিয়াৰ পৰাই মানুহ মানুহৰ শত্ৰু হৈছে। তাৰ আগেয়ে নহয়।  তাৰ আগতে মানুহৰ সন্মুখত আছিল মাত্ৰ এটাই পথ-শ্ৰম কৰাৰ পথ, পৃথিৱীৰ সৈতে যুঁজ কৰাৰ পথ। মানুহৰ লগত মানুহৰ যুঁজৰ পথ নহয়। প্ৰশ্ন উঠিব পাৰে, কিয় তাৰো আগতে মানুহে মানুহে যুদ্ধ কৰা নাছিল নেকি? হয়, কৰিছিল, কিন্তু সেই যুঁজ আছিল নিতান্তই প্ৰাণ বচাবলৈ কৰা যুঁজ। এটা দলে আন এটা দলৰ সৈতে যুঁজিবলৈ বাধ্য হৈছিল দলৰ ক্ৰমান্বয়ে বাঢ়ি অহা জনসংখ্যাৰ বাবে খাদ্যৰ প্ৰয়োজন বৃদ্ধিৰ জোৰা মাৰিবলৈ; আন দলৰ পৰা খাদ্য চিকাৰ কৰা হাবি-জংঘল দখল কৰিবলৈ। তাৰ পাছৰ সময়ৰ যিবোৰ যুদ্ধ, সেইবোৰ কিন্তু প্ৰাণৰ দায়ত কৰা মুঠেও নহয়, সেইবোৰ হ’ল শ্ৰম কৰাৰ সলনি লুটপাত কৰি সহজে ডাঙৰ মানুহ হোৱাৰ উদ্দেশ্যেৰে কৰা যুদ্ধ;  লালসা পূৰণৰ বাবে হোৱা যুদ্ধ। মানুহ যেতিয়ালৈকে নাবালক আছিল তেতিয়ালৈকে সিহঁতৰ মাজত শাসন ব্যৱস্থা বুলি কিবা বস্তুৰ প্ৰয়োজন হোৱা নাছিল।  কোনেও কাকো শাসন কৰাৰ কথা নাছিল। একে দলৰ মাজত দুজনৰ কিবা বিবাদ লাগিলে সকলোৱে মিলি নিষ্পত্তি কৰিছিল।মানুহৰ জীৱন ইমান সহজ-সৰল আৰু স্বাভাৱিক আছিল যে আইন কাক বোলে, উচিত-অনুচিত মানে কি- এইবোৰ কথা মানুহৰ চিন্তাৰ সাত ঢাপৰ বাহিৰৰ বস্তু আছিল। কিন্তু পাছলৈ এটা এটাকৈ সকলো মানুহৰ সমাজলৈ আহিবলৈ ধৰিলে। ৰজা, চিপাহী-চন্তৰী, আইন-আদালত, কাৰাগাৰ। এইবোৰ কেনেকৈ আহিল? সেইবোৰ ঢেৰ কথা। তাৰ আগতে তোমাক আৰু দুটামান কথা কৈ ল’ব লাগিব”- ৰুণুক তেনেদৰে কৈ দেবীপ্ৰসাদে ক্ষন্তেক জিৰণি ল’লে।

(চৈধ্য)

দেবীপ্ৰসাদে ধেমালিতে ভতিজী ৰুণুৰ নাম থৈছে ‘চিংকিপ্ৰসাদ’। তাইৰো বৰ পছন্দ নামটো.. দেবীপ্ৰসাদ,  চিংকিপ্ৰসাদ ধুনীয়াকৈ মিলি যায় যে! তাতে তাইৰ মতে চিংকিপ্ৰসাদ নামটো বৰ শুৱলা, চাবোনৰ ফেনৰ নিচিনা! ৰুণু নামটো বোলে তেনেই কৰ্কশ, কৰতেৰে কাঠ কটাৰ দৰে! এই মৰম আকলুৱা কণমানি ছোৱালীজনীৰ মৰমসনা দাবী, ‘সাধু নক’লে দেবীপ্ৰসাদৰ গোঁফ কাটি পেলোৱাৰ হুমকি’ৰ ফলতেই জন্ম হ’ল মানুহৰ গল্পৰ-  ‘যে গল্পেৰ শেষ নেই’ কিতাপখনৰ। দেবীপ্ৰসাদে কৈ গৈছে, ‘চিংকিপ্ৰসাদে’ একাণপতীয়াকৈ শুনি গৈ আছে। মাজে মাজে দেবীপ্ৰসাদে সুধে, “তোমাৰ আমনি লগা নাইতো”?  নাই, তাইৰ আমনি লগা নাই। ইমান ধুনীয়াকৈ বৰদেউতাকে কৈ গৈছে যে আমনি লগাৰ প্ৰশ্নই নুঠে! দেবীপ্ৰসাদে আকৌ আৰম্ভ কৰিলে,  “এতিয়ালৈকে তুমি গম পালা মানুহৰ মাজলৈ আইন-আদালত, কাৰাগাৰ, ৰজা-প্ৰজা- এইবোৰ অহাই নাই। পিছে ৰজাৰ দৰে নাথাকিব পাৰে, কিন্তু দলৰ মাজত চৰ্দাৰ আছিল, মুৰব্বী আছিল। চৰ্দাৰ, মুৰব্বী এইবোৰ নহ’লেও নচলে নহয়!দলৰ গঠনটো কি ধৰণৰ আছিল কওঁ শুনা। শুনিলে বুজিব পাৰিবা শাসকৰ ৰঙাচকু নোহোৱাকৈও মানুহৰ সমাজ কিমান শান্ত আৰু সৰলভাৱে চলিব পাৰে। তেতিয়া গোটেই দলটো পৰিচালনাৰ দায়িত্ব চৰ্দাৰ আৰু মুৰব্বীৰ ওপৰত। দলৰ সকলোৱে মিলি ঠিক কৰে কোন হ’ব চৰ্দাৰ, কোন হ’ব মুৰব্বী। যদি দলটোৰ মানুহে ভাবে যে চৰ্দাৰ বা মুৰব্বীয়ে ঠিকমতে কাম কৰিব পৰা নাই, তেনেহ’লে তৎক্ষণাৎ তেওঁক পদৰ পৰা গুচাই আন এজনক দায়িত্ব দিয়া যায়। কোনোবা এজন ঢুকালে দলৰ মাজৰ পৰাই একোজনক দায়িত্ব গটোৱা হয়। মুৰব্বী বা চৰ্দাৰে কিন্তু আৰামত বহি খোৱাৰ কোনো সুবিধা দিয়া হোৱা নাছিল। তেওঁলোকে আনসকলৰ সমানেই শ্ৰম কৰিব লাগিছিল দলৰ পৰিচালনাৰ দায়িত্ব পালন কৰিও। তেওঁলোকৰ বাবে সুকীয়া ব্যৱস্থা, সুখ ভোগৰ নিয়ম একো নাছিল। পাছত হোৱা ৰজাবোৰৰ জীৱন কিন্তু বৰ আৰামৰ হৈছিলগৈ। কথাটো মন কৰিবলগা। চৰ্দাৰ, মুৰব্বীৰ লগত সকলোৱে একেলগে কাম কৰিছিল, নাচিছিল, ফুৰ্ত্তি কৰিছিল, ছবি আঁকিছিল। কিমান আশ্চৰ্য সুন্দৰ ছবি তেওঁলোকে আঁকিব পাৰিছিল! সিহঁত থকা যিবোৰ গুহা আৱিষ্কৃত হৈছে সেই গুহাবোৰৰ বেৰত অঁকা ছবি এতিয়াও আছে।এখন দিছোঁ, চোৱা কিমান ধুনীয়া ছবি!

এতিয়া এটা কথা মন কৰিবা- মানুহৰ যিমান দিনলৈ এই ধৰণৰ আদিম অৱস্থা আছিল সিমান দিনলৈ মানুহৰ লগত মানুহৰ সম্পৰ্কটো আছিল বৰ সুন্দৰ, বৰ সৰল। কিন্তু তাৰ লগতে মন কৰিবলগীয়া আনটো কথা হ’ল- সেই সময়ত মানুহৰ অৱস্থা আছিল কিন্তু বৰ দুখলগা। অপৰিসীম অভাৱ, অসহনীয় দাৰিদ্ৰ- আজি কল্পনাও কৰিব নোৱৰা বিধৰ। কাৰণটো বুজিছাই, আগতে কৈয়েই আহিছোঁ। গতিকে, আদিম মানুহৰ সহজ-সৰল সম্পৰ্কৰ বিপৰীতে আছিল ভীষণ হাঁহাঁকাৰ। সেই আদিম অৱস্থাটো পিছলৈ ঠেলি আগবাঢ়ি অহাৰ সময়ত মানুহে এফালে যেনেকৈ সাম্য অৰ্থাৎ ‘সকলো সমান’ ধাৰণাৰে গঢ় লোৱা সম্পৰ্কটোৰ আনন্দ হেৰুৱালে, তেনেকৈ আনপিনে বিচাৰি পালে হাঁহাঁকাৰৰ পৰা নিস্তাৰ পোৱাৰ পথ।

ইয়াৰ পাছত আমি আহিম মানুহৰ মাজত নৃত্য, গীত, ছবি আৰু ‘ইন্দ্ৰজাল’ৰ কথালৈ। নৃত্য, ছবি, গীত- এইবোৰতো তুমিও জানা। আজিৰ পৃথিৱীত এতিয়া যেনিয়েই যোৱা তেনিয়েই দেখিবলৈ পাবা। তেতিয়াও আছিল- কিন্তু এটা বৰ ডাঙৰ পাৰ্থক্য আছিল এইটোৱেই যে আদিম মানুহৰ এইবোৰৰ সৈতে কাম-কাজৰ, শ্ৰমৰ সম্পৰ্ক আছিল। কেৱল আমোদ-প্ৰমোদ কৰিবলৈ তেওঁলোকৰ সময়েই বা ক’ত! তেনেহ’লে সিহঁতে কিয় নাচিছিল, গাইছিল, আঁকিছিল? প্ৰকৃত কাৰণটো আছিল- এইবোৰ আছিল সিহঁতৰ বাবে পৃথিৱীৰ সৈতে যুঁজ কৰাৰ একো একোটা নিয়ম, কৌশল। পৃথিৱীক জয় কৰাৰ বাসনা। কিন্তু নাচি-বাগি, গাই, ছবি আঁকি পৃথিৱীক জয় কৰা যায় কেনেকৈ? কথাটো বুজিবলৈ তুমি আগতে সিহঁতৰ নৃত্য, গীত আৰু ছবি অঁকাৰ অন্তৰালৰ কথাটো বুজি পাব লাগিব। সেই কথাটোৰ নামেই হ’ল ইন্দ্ৰজাল। কিনো এই ইন্দ্ৰজাল?  ক’ম ৰ’বা।”

(পোন্ধৰ)

ইন্দ্ৰজাল মানে কি ক’বলৈ গৈ দেবীপ্ৰসাদে দুটা উদাহৰণ দিলে ৰুণুৰ আগত। প্ৰথমটো হ’ল, বিজুলী আৰু বজ্ৰপাত। বিজুলী আৰু বজ্ৰপাত কিয় হয় আজিৰ মানুহ সকলোৱে জানে। কিন্তু তেতিয়া?  অদ্ভুত বস্তু! কিয় হয় জনাৰ উপায় নাছিল। কিন্তু এটা কথা আদিম মানুহে অনুমান কৰি লৈছিল যে ইহঁত দুটাৰ কিবা এটা সম্পৰ্ক আছে। ইহঁতক যদি আয়ত্বলৈ আনিব পৰা যায় তেন্তে ইহঁতক জয় কৰা যাব ঠিক যেনেকৈ চিকাৰক বশ কৰিব পাৰি! গতিকে নানান ধৰণৰ কছৰৎ কৰি বজ্ৰৰ দৰে বিৰাট শব্দ কৰিবলৈ চেষ্টা কৰিছিল সিহঁতে, ধৰি লৈছিল কোনোবাই যদি বজ্ৰৰ দৰে শব্দ কৰিব পাৰে, তেন্তে সিয়েই হৈ পৰিব বজ্ৰ, দেহলৈ আহিব বজ্ৰৰ শক্তি! পাৰিলেও কোনোবাই কিছু ডাঙৰ শব্দ সৃষ্টি কৰিবলৈ। মনতে ভাবি ল’লে, হৈ গ’ল বজ্ৰক জয় কৰা কাম, বজ্ৰপাত এতিয়া আয়ত্বলৈ আহি গ’ল! এয়াই ইন্দ্ৰজাল। বাস্তৱত জয় কৰাৰ অভাৱক কল্পনাৰে জয় কৰি পূৰণ কৰাৰ প্ৰয়াস। দ্বিতীয়টো উদাহৰণ আছিল এনেকুৱা, “ধৰি লোৱা, বহুদিন ধৰি বৰষুণ হোৱা নাই। বৰষুণ নহ’লে জীয়াই থকাৰ উপায় নাই। গতিকে দলবদ্ধ হৈ জীৱন কটোৱা আদিম মানুহে একেলগে নৃত্য আৰম্ভ কৰিলে। নৃত্যৰ মাজে মাজে আকাশৰ ফালে পানী ছটিয়াবলৈ ধৰিলে। একেলগে কামটো কৰাৰ পাছত সিহঁতৰ ধাৰণা হ’ল-  হৈ গ’ল, বৰষুণক জয় কৰা হ’ল, বৰষুণ নহৈ নোৱাৰিব। তাৰ পাছত  পৰম আনন্দ আৰু উছাহেৰে সিহঁত ওলাই যায় চিকাৰ কৰিবলৈ। এনে আনন্দ আৰু উছাহেৰে কৰা কাম সফল নহৈ পাৰে নে!”
দেবীপ্ৰসাদে আকৌ ক’লে, “এনে নকৰি সিহঁতে যদি বৰষুণ নাই বুলি দুখেৰে বহি থাকিলহেঁতেন, সিহঁতৰ বাবে জীয়াই থকাই সম্ভৱ নহ’লহেঁতেন। সেয়ে কল্পনাৰে বৰষুণক জয় কৰি বুকুত নতুন আশা জাগ্ৰত কৰা, মনৰ উদ্যম বঢ়োৱা- ইয়াৰ মূল্য কম নহয়। এয়াই ইন্দ্ৰজাল।  ইন্দ্ৰজাল আৰু ধৰ্মৰ মাজত কিন্তু পাৰ্থক্য আছে দেই। ধৰ্ম হ’ল দেৱতাক প্ৰাৰ্থনা, স্তুতি, মন্ত্ৰৰে সন্তুষ্ট কৰি তেওঁৰ পৰা কিবা পোৱাৰ আশা কৰা, কিন্তু ইন্দ্ৰজাল হ’ল পৃথিৱীক জয় কৰা, বলেৰে বশীভূত কৰা। সেয়ে আকাশত বৰষুণৰ চিহ্ন নেদেখি মানুহে যদি ভয়তে আকাশৰ দেৱতাৰ ভৰিত মূৰ খুন্দিয়াই, সেইটো হ’ব ধৰ্ম, কিন্তু তাৰ সলনি মানুহে যদি আকাশত বৰষুণৰ নমুনা সৃষ্টি কৰি বৰষুণক বশ কৰিব খোজে– সেয়া হ’ব ইন্দ্ৰজাল। মানুহে প্ৰথমটো কৰা নাছিল, ধৰ্ম বোলা কথাটো মানুহে তাৰ বহু পাছতহে শিকিছে। সেই বিষয়ে তোমাক বাৰু কম অলপ পাছত। হাত সাবটি বহি, কাৰোবাৰ ওচৰত শিৰ নত কৰিবলৈ তেতিয়া মানুহে শিকা নাই। সিহঁত আছিল কামৰ মানুহ। সিহঁতৰ ভৰসা আছিল নিজৰ হাত দুখনৰ ওপৰত, হাতিয়াৰৰ ওপৰত। সিহঁতে নাজানিছিল অসহায়ৰ নিচিনা দয়া ভিক্ষা কৰিবলৈ। গতিকে এতিয়া গম পালা নহয়, আদিম মানুহৰ নৃত্য-গীত-ছবি আছিল শ্ৰমৰ সৈতে সম্পৰ্কিত, সম্পৰ্কিত ইন্দ্ৰজালৰ সৈতে। চিকাৰ কৰিবলৈ যোৱাৰ আগতে, যুদ্ধ কৰিবলৈ যোৱাৰ আগতে কৰা নৃত্য-গীতবোৰ আছিল যুদ্ধ জয় আৰু চিকাৰ পোৱাৰ কল্পনাৰে উজ্জ্বল। তেতিয়া উদ্যম বাঢ়ে, সাহ বাঢ়ে, কামটো সহজ হৈ উঠে। গীত আৰু ছবিৰ ক্ষেত্ৰতো একে কথা। একেলগে কিবা গান গাই গাই কাম কৰিলে কামটো কৰা যেনেই নালাগে। ছবি এখন অঁকাৰ উদ্দেশ্যও একেই।  জয়ৰ ইচ্ছা, জয়ৰ হাবিয়াস, কল্পনা। পৃথিৱীক জয় কৰাৰ চেষ্টা। ভিক্ষা বিচৰা নহয়, প্ৰাৰ্থনা কৰা নহয়– জয় কৰা। অৱশ্যে কল্পনাৰে জয় কৰা।”

“তেতিয়াৰ কথা বাৰু বেলেগ আছিল, মানুহৰ তেতিয়া কল্পনাৰে জয় কৰাৰ বাহিৰে উপায়ো নাছিল। মানুহৰ হাতত আছিল নিতান্তই অনুন্নত হাতিয়াৰ। কিন্তু এতিয়া মানুহৰ হাতত আছে অসংখ্য উন্নত, আশ্চৰ্যজনক হাতিয়াৰ। গতিকে পৃথিৱীক জয় কৰিবলৈ মানুহে ঢেৰ উপায় বিচাৰি উলিয়াইছে। আজিৰ মানুহৰ পৃথিৱীক জয় কৰাৰ নাম হৈছে বিজ্ঞান। এতিয়া আৰু মানুহে ইন্দ্ৰজালৰ পিনে পিচুৱাব নিবিচাৰে, বিচাৰে বিজ্ঞানৰ সৈতে আগুৱাই যাবলৈ। এই বিজ্ঞান কি, তোমাক বাৰু পাছত বহলাই ক’ম। তাৰ আগতে আৰু কিছু কথা আমাৰ পাতিবলৈ আছে।” কথাখিনি কৈ তেওঁ ৰুণুৰ মুখলৈ চালে। মনোযোগ দি শুনি আছে তাই।

(ষোল)

দেবীপ্ৰসাদে ৰুণুলৈ চালে। নাই, তাই অকণো আমনি পোৱা যেন লগা নাই। তেওঁ আৰম্ভ কৰিলে, “তোমাক আগতেই কৈ আহিছোঁ- মানুহৰ গল্প হ’ল পৃথিৱীক জয় কৰাৰ গল্প। এইখিনিতে এটা প্ৰশ্ন উঠিব পাৰে। মানুহে পৃথিৱীক কেনেকৈ, কিমানখিনি জয় কৰিব পাৰে? উত্তৰটো নিৰ্ভৰ কৰিছে এটা বস্তুৰ ওপৰত, সেইটোৰ নাম হ’ল হাতিয়াৰ। মানুহৰ হাতলৈ হাতিয়াৰ কেনেকৈ আহিল, তোমাক ইতিমধ্যে কৈ আহিছোঁ। এতিয়া হাতিয়াৰ যদি তেনেই অনুন্নত হয়, তেন্তে মানুহে প্ৰাণপণে চেষ্টা কৰিও সিমানখিনি বস্তুহে আদায় কৰিব পাৰিব যিমানখিনিৰে যেনেতেনে প্ৰাণ ৰক্ষা কৰিব পাৰি। কিন্তু যদি উন্নত হাতিয়াৰ হয়, তেন্তে কম সময়ৰ ভিতৰতে লগাতকৈ বেছি বস্তু আহৰণ কৰিব পাৰিব। গতিকে হাতিয়াৰ যিমানে উন্নত, সিমানে সম্ভৱ পৃথিৱীক বেছিকৈ জয় কৰাৰ। দিনৰ পাছত দিন ধৰি মানুহৰ হাতিয়াৰ উন্নতৰ পৰা উন্নততৰ হৈ গৈ আছে। তেনেদৰে আগবাঢ়ি গৈছে মানুহৰ পৃথিৱী জয়ৰ অভিযান। মানুহৰ দিগ্বিজয়ৰ অন্ত নাই। তেনেদৰে অন্ত নাই মানুহৰ গল্পৰো।”

“কিন্তু এই দিগ্বিজয়ৰ অভিযানৰ লগে লগে মানুহে এৰি থৈ আহিল এটা বিৰাট আনন্দ আৰু শক্তিৰ উৎস। সেয়া হ’ল– আগৰ দিনবোৰৰ সেই সমান সমানভাৱে জীয়াই থকাৰ সম্পৰ্ক। ইয়াৰ আগলৈ মানুহৰ দল বাস কৰিছিল একেলগে, মিলিজুলি। দলৰ মাজত সকলো সমান। ডাঙৰ মানুহ-সৰু মানুহ, ধনী-দুখীয়া বুলি একো কথাই নাই; সকলোৱে শ্ৰম কৰে আৰু শ্ৰমৰ ফচলখিনি সকলোৱে সমানে ভগাই লয়। কিন্তু পশুপালন, উন্নত হাতিয়াৰেৰে কৃষিৰ কাম কৰি বেছি শস্য উৎপাদন কৰিবলৈ লোৱাৰ পাছত ভাঙি গ’ল সেই সমান সমানভাৱে জীয়াই থকাৰ সম্পৰ্ক। দেখা গ’ল যে মানুহ দুটা ভাগত ভাগ হৈ পৰিছে। তাৰে এটা ভাগৰ ওপৰত হে শ্ৰম কৰাৰ দায়িত্ব পৰিল, সিহঁতে হাড় ভঙা পৰিশ্ৰম কৰে আৰু আনটো সেই শ্ৰমৰ ফল লুটপাত কৰি মজা মাৰি খায়। যিসকলে শ্ৰম কৰে সেইসকল হৈছে সৰু মানুহ, দীন-দৰিদ্ৰ। যিসকলে আৰাম কৰি খায় সেইসকল ডাঙৰ মানুহ, ধনী মানুহ। আৰম্ভ হ’ল মানুহৰ মাজত লেতেৰা পদ্ধতি- শ্ৰেণী বিভাজন। কিন্তু এই পদ্ধতিটোৰ আৰম্ভ কেনেকৈ হ’ল জানানে? যিমান দিনলৈ মানুহৰ হাতিয়াৰবোৰ অনুন্নত আছিল; সিমান দিনলৈ এনে কোনো নিয়ম আৰম্ভ হোৱাৰ সম্ভাৱনাই নাছিল। কিয়নো গোটেই দিনটো সেই হাতিয়াৰ লৈ পৰিশ্ৰম কৰিও যিখিনি পাইছিল তাৰে কোনোমতেহে জুৰিছিল। কিন্তু যেতিয়া উন্নত হাতিয়াৰ হ’ল তেতিয়া ফচল উৎপাদন ৰাহি কৰিব পৰাকৈ হ’বলৈ ল’লে। লগে লগে এটা চামৰ মাজত আৰম্ভ হ’ল এই ৰাহি দ্ৰব্য লুট কৰাৰ বাসনা। সিহঁতে চিন্তা কৰি দেখিলে যিমানে বেছি মানুহ নিয়োগ কৰিব পৰা হয়, সিমানে লাভ বেছি হয়। কিন্তু কোনবোৰ মানুহক নিয়োগ কৰিব পৰা যায়? উপায় ওলাল। ধৰা, দুটা গোষ্ঠীৰ মাজত যুঁজ হ’ল। এদল হাৰিল। এতিয়া এই হাৰি যোৱা দলটোক বন্দী কৰি দাস হিচাপে কামত লগোৱা হ’ল। তেনেকৈয়ে আৰম্ভ হ’ল দাস প্ৰথা। অকাতৰে সিহঁতে শ্ৰম কৰিব, বিনিময়ত পাব উচ্ছিষ্ট খাদ্য, জীৰ্ণ বস্ত্ৰ। আৰু সিহঁতক কামত লগোৱা বলবানসকলে আৰামেৰে সিহঁতৰ শ্ৰমৰ ফল ভোগ কৰিবলৈ ল’লে। আৰম্ভ হ’ল মাটিৰ ওপৰত, দাসৰ ওপৰত, জন্তুৰ ওপৰত বেলেগ বেলেগকৈ দখল সাব্যস্ত কৰাৰ যুঁজ। যাৰ ভাগত উৰ্বৰা মাটি পৰিল সি অধিক শস্য পাব ধৰিলে আৰু তাৰ ভঁৰালত জমা হ’ব ধৰিলে অধিক সম্পত্তি। সি হ’ল ডাঙৰ মানুহ। আৰম্ভ হ’ল ধনী দুখীয়াৰ প্ৰভেদ। তাৰ আগলৈ কিন্তু ধনী-দুখীয়া বুলি কোনো কথাই, কোনো ধাৰণাই নাছিল। সকলো সমান আছিল। চুৰমাৰ হৈ গ’ল শ্ৰমৰ মৰ্য্যাদা। তাৰ আগলৈ জীৱন আৰু শ্ৰম, দুয়োটাই সমান আছিল। কিন্তু আনৰ শ্ৰমৰ দ্বাৰা সৃষ্ট বস্তু লুট কৰিবলৈ শিকাৰ পাছত এচামে ভাবিলে– যিবোৰ সৰু মানুহ, যিবোৰ দাস, সিহঁত ইতৰ- সিহঁতেই মাথোঁ শ্ৰম কৰিব। শ্ৰম কৰাটোৱেই ইতৰৰ স্বভাৱ। ইহঁতৰ কোনো মান-মৰ্য্যাদা নাই। এতিয়া গম পালা কথাটো? প্ৰথমে আছিল পৃথিৱীৰ সৈতে মানুহৰ যুঁজ। তাৰ পাছত আৰম্ভ হ’ল মানুহৰ লগত মানুহৰ যুঁজ। তাৰ পাছত শ্ৰম কৰা সকলৰ লগত আনৰ শ্ৰমৰ সৃষ্ট বস্তু লুট কৰা সকলৰ যুঁজ- সেই যুঁজৰ কথা বাৰু পিছলৈ আহিব। তাৰ আগতে তোমাক ক’ম এই পুলিচ-চিপাহী, পুৰোহিত-পাণ্ডা এইসকল আহিল কিয় আৰু কেনেকৈ।” কথাখিনি কৈ দেবীপ্ৰসাদে ৰুণুলৈ চালে। শুনি আছে তাই চকু দুটা মেলি।

(সোতৰ)

খন্তেক ৰৈ দেবীপ্ৰসাদে আকৌ আৰম্ভ কৰিলে, “ডাঙৰ মানুহ-সৰু মানুহ, ধনী, দীন-দৰিদ্ৰ এনে ভাগত মানুহৰ দল ভাগ ভাগ হৈ পৰাৰ কথা তোমাক ইতিমধ্যে কৈছোঁ। আগৰ সেই সমান সমান সম্পৰ্কৰ অৱসান ঘটিল তেনেকৈয়ে। কিন্তু এই সম্পৰ্কৰ মধুৰতা লোপ পোৱাৰ বিনিময়ত মানুহে ক্ষীপ্ৰ গতিত উন্নতিৰ জখলা বগাবলৈও সক্ষম হ’ল। এতিয়া আজি বহু হাজাৰ বছৰৰ পাছত মানুহৰ সমাজৰ ক্ৰমান্বয়ে বাঢ়ি অহা অসূয়া-অশান্তিবোৰ দেখি-শুনি, তিক্ততাৰে মানুহে আকৌ ভাবিবলৈ আৰম্ভ কৰিছে, ভাবিবলৈ বাধ্য হৈছে- সেই আগৰ সমান সমানভাৱে জীয়াই থকাৰ আনন্দ হেৰুৱাই  মানুহে জীৱনৰ বৰ ডাঙৰ মূল্য ভৰিব লগা হ’ল! আজি অতুল ঐশ্বৰ্যৰ গৰাকী হৈও  মানুহে ভাবিবলৈ বাধ্য হৈছে, চকুৰে দেখিছে যে মানুহৰ মাজৰ সম্পৰ্কটো আকৌ যদি সমান সমানৰ সম্পৰ্কলৈ নিয়া নহয়, তেন্তে সুখ নাই, শান্তি নাই! আজিৰ দিনত সেয়েহে ভালদৰে অনুধাৱন কৰা দৰকাৰ, সেই আদিম যুগৰ সমান সমানৰ সম্পৰ্কটো, ইজনে সিজনৰ সুখ-দুখৰ সমভাগী হোৱা সম্পৰ্কটো হেৰাই যোৱাৰ কাৰণ। তাৰ বহুকেইটা কাৰণ আছে। তোমাক কওঁ শুনি যোৱা।” এই বুলি কৈ দেবীপ্ৰসাদে ক্ষন্তেক ৰৈ পুনৰ আৰম্ভ কৰিলে,  “এই যে এতিয়া তুমি ঢেৰ পুলিচ-চিপাহী-আৰ্মি, পুৰোহিত-পাণ্ডা-মৌলবী-ফাদাৰ-ফকিৰ ইত্যাদি দেখিছা- এইসকলৰ জন্ম বাৰু কিয়, কেনেকৈ হ’ল? শুনা, মানুহে যেতিয়া দল বান্ধি সমানে সমানে জীয়াই আছিল তেতিয়া মানুহক শাসন কৰিবলৈ কোনো ব্যৱস্থাৰ প্ৰয়োজন হোৱা নাছিল। কিন্তু মানুহ আগতে কৈ অহাৰ দৰে দুটা ভাগত ভাগ হোৱাৰ পাছত প্ৰয়োজন হৈ পৰিল শাসন কৰাৰ ব্যৱস্থা। কিয়নো তেতিয়াৰ পৰা সকলো সমান নহয়, সকলো স্বাধীন নহয়। মানুহৰ মাজত ভ্ৰাতৃত্বৰ বান্ধোন ছিঙি গৈছে, জন্ম হৈছে লোভৰ, লুটপাতৰ, আৰম্ভ হৈছে মানুহৰ লগত মানুহৰ সংঘৰ্ষ আধিপত্য প্ৰতিষ্ঠাৰ বাবে, নিজকে আনতকৈ যিমান পাৰে সম্পদশালী কৰাৰ বাবে।কিন্তু সকলোৱে যদি লুটপাতত নামে, কটা-কটি, মৰা-মৰিত লাগে, তেন্তে সমুলঞ্চে ধ্বংস হোৱাৰ ভয়! সেয়েহে প্ৰয়োজন হ’ল কিছুমান আইন-কানুন,নিয়ম-নীতিৰ। আটাইতকৈ আধিপত্য থকা জনৰ, শক্তিশালী জনৰ বা দলটোৰ, যাৰ ওপৰত যুঁজ বাগৰৰ অন্তত জয়ী হোৱাৰ বাবে আনখিনিক শাসন কৰাৰ দায়িত্ব পৰিল, তেওঁলোকে তৈয়াৰ কৰা নিয়ম, আইন-কানুন আনসকলে মানিব লাগিব নহ’লে কঠোৰ শাস্তি মূৰ পাতি ল’ব লাগিব। যিসময়ত মানুহ সমান সমান আছিল, মুৰব্বী বা চৰ্দাৰ এজন আছিল যদিও সকলোৱে আলোচনা কৰি দায়িত্ব দিয়াজনে দায়িত্ব পালন কৰিব নোৱাৰিলে তেওঁক অপসাৰণ কৰি বেলেগ এজনক দায়িত্ব দিয়াৰ ক্ষমতাও দলৰ মানুহৰ হাতত আছিল। কিন্তু এতিয়া কথা বেলেগ হ’ল। সেই ক্ষমতা, বুজাবুজি, আলোচনাৰ সুযোগ হেৰাল। এতিয়া ক্ষমতাশালীৰ মইমতালিহে চলিব, আইন কানুন মানিব লাগিব, নহ’লে কঠোৰ শাস্তিৰ বিধান! কিন্তু কেৱল কিছুমান আইন কানুন বনালেই নহ’ব, সকলোৱে যাতে সেইবোৰ মানি চলে তাৰো ব্যৱস্থা এটা লাগিব। সেই ব্যৱস্থাটোৰ নাম হ’ল- শাসন ব্যৱস্থা। আইন কানুনবোৰ সকলোৱে মানি চলিছে নে নাই তাৰ তদাৰকি কৰাৰ ব্যৱস্থা। বিচাৰ কৰা মানুহৰ দৰকাৰ হ’ল। যিয়ে আইন নামানিব তাক কাৰাগাৰত ৰখা হ’ব। বিচাৰৰ বাবে, আইন ভংগকাৰীৰ শাস্তি নিৰ্ধাৰণ আৰু কাৰ্যকৰীকৰণৰ বাবে নিয়োগ হ’ল হাকিম-উকীল, কাজি, পুলিচ, চিপাহী-চন্তৰী ইত্যাদি। এনেকুৱা অৱস্থা এটাৰ সৃষ্টি হ’ল যে শাসন ব্যৱস্থা নাথাকিলে মানুহ টিকি থকাই টান!  সেয়েহে যাৰ ওপৰত শাসনৰ দায়িত্ব পৰিল, তেওঁলোকক খুৱাই-বুৱাই, আৰামেৰে ৰখাৰ দায়িত্ব পৰিল বাকীসকলৰ ওপৰত। গতিকে আৰম্ভ হ’ল মানুহে খাজনা দিয়াৰ ব্যৱস্থা- শাসক আৰু তেওঁৰ আইন চলোৱা, তদাৰক কৰা সকলৰ ভৰণ-পোষণৰ বাবে। তোমাৰ প্ৰথমে হয়তো ধাৰণা হ’ব পাৰে, ঠিকেই এইটো এটা উত্তম ব্যৱস্থা। ইয়াৰ বিকল্প নাই। কিন্তু কথাটো ইমান সৰল নহয় দেই। কিয় নহয়, তোমাক কৈ আছোঁ অলপ ৰ’বা। মই অলপ বাহিৰৰ পৰা আহি লওঁ। তুমিও কিবা অলপ খাই লোৱাগৈ।” এইবুলি কৈ ৰুণুক খাবলৈ পঠিয়াই দেবীপ্ৰসাদো বাহিৰলৈ ওলাই আহিল।

(ওঠৰ)

ক্ষন্তেকীয়া বিৰতিৰ পাছত ৰুণুক বহুৱাই লৈ দেবীপ্ৰসাদে পুনৰ আৰম্ভ কৰিলে, “আমি কোনখিনিত এৰিছিলোঁ.. অ’ শাসন ব্যৱস্থাটোৰ কথা। দেখাত উত্তম ব্যৱস্থা যেন লাগিলেও অলপ গমি চালেই বুজিব পাৰিবা ইয়াৰ মাজত নিহিত হৈ থকা ছলনাৰ কথা। আৰম্ভণিৰ পৰা আজিলৈ কোনো সময়তেই আইন কানুনবোৰৰ উদ্দেশ্য সকলো মানুহৰ মংগল সাধন কৰা নহয়। সভ্যতাৰ আৰম্ভণিৰ পৰা বেছিভাগ আইনৰ আচল কথাটো হ’ল- এচাম মানুহে নিৰ্বিবাদে শ্ৰম কৰিব আৰু সিহঁতৰ শ্ৰমৰ ফচল ভোগ কৰিব আন এচাম মানুহে। যিসকলে নিৰ্বিবাদে কঠোৰ শ্ৰম কৰে, তেওঁলোক যদি অমান্তি হয় নিজৰ শ্ৰমেৰে সৃষ্ট বস্তু আনৰ হাতত তুলি দিবলৈ? তেতিয়াই শাস্তি মূৰ পাতি লব লাগিব। ডাঙৰ মানুহক মানিব লাগিব, ডাঙৰ মানুহৰ ভঁৰালৰ পৰা খূদ-কণ এটাও অনা নচলিব। আনিব বিচাৰিলেই, কথা ক’ব বিচাৰিলেই শাস্তি, কঠোৰ শাস্তি। বেছিভাগ আইন কানুনেই হ’ল এই ধৰণৰ আইন কানুন। শোষণৰ বাবেই আইন। যদিও নানান ধৰণৰ ৰং লগাই, মচলা সানি, মিঠা মিঠা কথাৰে এই সত্যটোক ঢাকি ৰখাৰ, লুকুৱাই থোৱাৰ চেষ্টা কৰা হৈছে, তথাপিও অলপ ভালকৈ নিৰীক্ষণ কৰিলেই বুজিবা আইন-কানুন, পুলিচ-চিপাহী সকলোবোৰৰ পিছত এটাই উদ্দেশ্য আছে। সেয়া হ’ল হঠাৎ যাতে শ্ৰমিকৰ দলে শোষণৰ বিৰুদ্ধে  প্ৰতিবাদ, প্ৰতিৰোধ গঢ়ি তুলিব নোৱাৰে- তাৰ বাবেই এইবোৰ ব্যৱস্থা- আইন-কানুন-আদালত, ৰজা মন্ত্ৰী, পুলিচ-চিপাহী-কাৰাগাৰ ইত্যাদি নানান ব্যৱস্থা। কিন্তু কেৱল এনেকৈ ভয় খুৱাই ঠাণ্ডা কৰি ৰখাও টান- কাৰণ শ্ৰমিকৰ দলটো বিশাল। ৰজা-মন্ত্ৰী, তেওঁলোকৰ অনুচৰবাহিনী, সম্পদশালী ‘ডাঙৰ মানুহ’ সংখ্যাত তেনেই কম তেওঁলোকৰ তুলনাত। সেয়েহে কেৱল পুলিচ-চিপাহী, জেল-ফাঁচী ইত্যাদিৰে সকলোকে সদায়ে দমন কৰি ৰাখিবলৈ টান। বনৰ বাঘক পিঞ্জৰাত সুমুৱাই ৰাখিলেই নিশ্চিন্ত হ’ব নোৱাৰি। প্ৰয়োজন হয় সময়ে সময়ে তাক আফিং খুওৱাৰ। আফিং খালে বাঘ তন্দালু হৈ থাকে, শক্তিহীন হৈ থাকে। তেতিয়া আৰু পিঞ্জৰা ভাঙি ওলাই যোৱাৰ দম নাথাকে। বাঘৰ ক্ষেত্ৰত যেনে, খাটিখোৱা মানুহৰ ক্ষেত্ৰতো কিছু পৰিমাণে ঠিক তেনেকুৱাই এক ব্যৱস্থাৰ কথা ভবা হ’ল লাহে লাহে। এই ব্যৱস্থাৰ নামেই হ’ল ধৰ্ম। ধৰ্ম বুলিলে কথাটো বৰ জটিল। ধৰ্মৰ সম্বন্ধে বহু কথা ভাবিবৰ, বহু কথা বুজিবলৈ আছে। তথাপিও মোৰ এই গল্পত, মানুহৰ গল্পত যি কথা বিশেষভাৱে বুজাৰ প্ৰয়োজন সেইখিনিহে কৈছোঁ তোমাক- ধৰ্ম হ’ল খাটিখোৱা মানুহে যাতে মূৰ তুলিব নোৱাৰে, সিহঁত যাতে নিচাগ্ৰস্ত হৈ শুই থাকে, তাৰে এটা প্ৰধান উপায় হ’ল ধৰ্ম।” ক্ষন্তেক ৰৈ পানী এঢোক পি দেবীপ্ৰসাদে পুনৰ আৰম্ভ কৰিলে, “লাহে লাহে পুলিচ-চিপাহী-চন্তৰীৰ সহায়ক হিচাবে দেখা দিলে পুৰোহিত-পাণ্ডাৰ দল। পুলিচ চিপাহীৰ হাতত তীৰ ধনু, ষাঠি বল্লম; পাণ্ডা-পুৰোহিতৰ জোলোঙাত ধৰ্মৰ আফিং। এওঁলোকে মানুহক বুজাই ফুৰিব ধৰিলে যে এই পৃথিৱীত সুখ দুখকলৈ মূৰ ঘমাই লাভ নাই। সকলোবোৰ পৰম পিতা ভগৱানৰ ইচ্ছা বা বিধান, পূৰ্ব জন্মৰ কৰ্মফল। কাৰোবাৰ কপালত ইমান সুখ আৰু কাৰোবাৰ কপালত ইমান দুখৰ কাৰণ হ’ল এই কৰ্মফল। যিসকলে আগৰ জনমত ভাল কাম কৰিছে সেইসকলে এই জনমত সুখ ভোগ কৰিছে। যিয়ে পূৰ্ব জন্মত বেয়া কাম কৰিছে, এই জন্মত দুখ ভোগ কৰিছে। এয়াই হ’ল ভগৱানৰ বিধান। সেয়েহে এই জন্মত সুখেই পালা নে দুখেই পালা সেইটোক লৈ মূৰ নঘমাবা। মাথোঁ চকুমুদি মানিবলগীয়া ভগৱানৰ আদেশ হ’ল- ৰজাক ভক্তি কৰা, পাণ্ডা-পুৰোহিতৰ উপদেশ মানি চলা। যদি চকুমুদি এই আদেশ, উপদেশবোৰ পালন কৰিব পাৰা তেন্তে তোমাৰ কপালতো অহা জনমত সুখ হোৱাটো খাটাং। এই জনমত দুবেলা দুমুঠি পোৱা নাই বাবেই ভগৱানৰ ওপৰত আস্থা-ভক্তি নেৰিবা। ভগৱানে আচলতে দুখ-কষ্ট জাপি দি তোমাৰ পৰীক্ষাহে লৈছে। এই জন্মৰ এইখিনি অভাৱ, দুখ-কষ্ট যদি হাঁহিমুখে গ্ৰহণ কৰিব পাৰা, সহিব পাৰা, তেন্তে আগৰ জনমত তোমাৰ মোহনভোগ নিশ্চিত।  এই  জীৱনত যি সুখ নেপালা সেই সুখ পোৱাৰ আশাত নিজে কিবা এটা কৰিবলৈ যোৱাটো মূৰ্খামি। এইবোৰ সব ভগৱানৰ ইচ্ছা, তেৰাৰ ইচ্ছাতে সকলোবোৰ হয়, জগত খন চলে, গতিকে তেৰাৰ কৰুণা ভিক্ষা কৰাৰ বাহিৰে আন উপায় নাই। কিন্তু এনেকৈ মানুহে প্ৰাৰ্থনা কৰি, মূৰ দোঁৱাই থাকিলেই বা হ’ব কেনেকৈ? পাণ্ডা-পুৰোহিতৰ সংসাৰ চলাৰো কথা নাই জানো? গতিকে আৰম্ভ হ’ল নৈৱেদ্য আৰু দক্ষিণাৰ ব্যৱস্থা। তেওঁলোকে বুজাব ধৰিলে যে কেৱল কথাৰে ভগৱানৰ মন নগ’লে। তেওঁৰ চৰণত প্ৰণিপাত কৰিলেই নহ’ব, চাউল কলেৰে নৈৱেদ্যও আগবঢ়াব লাগিব আৰু  ভগৱানৰ লগত তেওঁলোকৰ সম্পৰ্কটো যিহেতু খুব খাতিৰৰ সেয়েহে কিছু নগদ দক্ষিণা তেওঁলোকক নিদিলে কেনেকৈ হ’ব? এতিয়া মনত ৰাখিবা মানুহৰ মাজত যেতিয়া সমান সমান সম্পৰ্ক আছিল তেতিয়ালৈ মানুহৰ মগজুত এই কৰুণা ভিক্ষাৰ কথা নাছিল। তেতিয়া আছিল মাথোঁ পৃথিৱীক জয় কৰাৰ দুৰ্বাৰ হেঁপাহ। তেতিয়া আছিল ইন্দ্ৰজাল। ইন্দ্ৰজালৰ মাজত কল্পনা আৰু অবাস্তৱতাৰ ধাৰণাটো যিমানেই নাথাকক কিয়, ইয়াৰ আচল অভিমূখ হ’ল পৃথিৱীক জয় কৰাৰ দিশত। কিন্তু আগৰ সেই সমান সমানভাৱে জীয়াই থকাৰ ব্যৱস্থা ভাঙি যোৱাৰ পিছৰ পৰা নষ্ট হৈ গ’ল পৃথিৱীক জয় কৰাৰ সামূহিক উদ্যম, অনুপ্ৰেৰণা। মানুহে শিকিলে অদৃষ্টৰ ওচৰত মূৰ দোঁৱাবলৈ, ভাবিব ধৰিলে বিধাতাৰ কথা। যিসকল শোষক, আনৰ শ্ৰমৰ ফল লুট কৰি ডাঙৰ মানুহ হয়, সেইসকলে আনবোৰক শিকাবলৈ ধৰিলে এই বিধাতাৰ কথাটো, যি ঘটি আছে সকলোবোৰ বিধাতাৰ কৃপাত। ডাঙৰ মানুহৰ ওপৰত খং কৰি লাভ নাই, লাভ আছে মাথোঁ বিধাতাৰ চৰণত নিজকে সঁপি দিয়াতহে।” এইখিনিলৈকে কৈ দেবীপ্ৰসাদ ক্ষন্তেক ৰ’ল।

   (উনৈশ)

বৰদেউতাকে ইমান ধুনীয়াকৈ কথাবোৰ কৈ গৈছে যে ৰুণুৰ অকণমানো আমনি লগা নাই। তাই আগ্ৰহেৰে শুনি গৈছে মানুহৰ গল্প। চকু-মুখত প্ৰকাশ পোৱা তাইৰ আগ্ৰহ দেখি দেবীপ্ৰসাদো সুখী। তেওঁ আকৌ আৰম্ভ কৰিলে, “কথাবোৰ আমি অলপ গমি চাওঁ আহা। কোনবোৰ কথা শাসক, ডাঙৰ মানুহবোৰৰ মনঃপুত হয় বাৰু? তেনেকুৱা কথা সাধাৰণতে দুবিধ- প্ৰথমতে, এই পৃথিৱীখনক আমি যিভাবে দেখোঁ, সেইভাবে দেখাটো সঠিক নহয়। এই মাটিৰ পৃথিৱী, তেজ মাংসৰে গঢ়া শৰীৰ- এইবোৰ আচল বস্তু নহয়, ইয়াৰ পিছত আছে বেলেগ বস্তু- সেইটোহে আচল, সেইটোহে সত্য! আনটো হ’ল- এই পৃথিৱীৰ প্ৰকৃততে কোনো পৰিৱৰ্তন নাই। যি সত্য সি চিৰকালে একেধৰণৰ, তাৰ পৰিৱৰ্তন নাই। এই দুটা কথা যদি বিভিন্ন চাতুৰিভৰা কথাৰে সাধাৰণ মানুহৰ মনত খুব গভীৰভাৱে সুমুৱাই দিব পাৰি, তেনেহ’লে তেওঁলোকৰ মন চিৰকালে পংগু হৈ থাকিব; শাসন-শোষণৰ বিৰুদ্ধে, অত্যাচাৰ-দমন-উৎপীড়ণৰ বিৰুদ্ধে এইসকলে কাহানিও মূৰ তুলি থিয় দিব নোৱাৰিব। আৰু মন-মগজু যদি জুপুকা লাগি থাকে হাতো নিথৰ হৈ থাকিব। হাত নুঠিলেই শান্তি! সেই কাৰণে, ধৰ্মৰ বাহিৰেও শাসকসকলৰ ফালৰ পৰা অন্য ধৰণৰ ব্যৱস্থাও আছে।  তেওঁলোকৰ মনোমত ‘বিদগ্ধ পণ্ডিত’ সকলৰ মুখেৰে কথাবোৰ প্ৰচাৰ কৰোৱা। তেৰাসৱ ইমান বিদগ্ধ যে তৰ্ক কৰি দিনক ৰাতি বুলি প্ৰমাণ কৰিব পাৰে। ধৰি লোৱা, তোমাৰ ভোক লাগিছে, একাঁহী ভাত পালেই তোমাৰ পেটৰ পোৰণি মাৰ যাব, কিন্তু ‘বিদগ্ধ পণ্ডিত’সৱে এনে তৰ্কৰ পাক লগাই দিব যে তোমাৰ বাবে সকলো খেলিমেলি, পাকলগা হৈ যাব আৰু শেষত মানিবলৈ বাধ্য হ’বা যে তোমাৰ কথাটোৱে ভুল, তেওঁলোকৰ কথাটোৱে সত্য। শ্ৰম কৰাৰ সময়ত, গেবাৰি খটাৰ সময়ত মানুহে জলজল-পটপটকৈ দেখে যে তাৰ হাতৰ কোৰখন সঁচাসঁচি কোৰ, যি মাটি চহোৱা হৈছে, সেয়াও  সঁচাসঁচি মাটি আৰু শেষত যি ফচল উৎপাদন হৈছে, সেয়াও সঁচাসঁচি ফচলেই। কিন্তু পণ্ডিতসৱে অসংখ্য যুক্তিৰে বুজাই দিব সেয়া আচলতে সঁচা নহয়, সেয়া সব মায়া- আচল সত্য আন ক’ৰবাতহে আছে! শ্ৰম কৰাৰ সময়ত যি কথাটো আচল বুলি ধাৰণা হয়, মাথা খটুৱাই সেই কথাটোকে একেবাৰে ভুল আৰু অদৰ্কাৰী কথা বুলি প্ৰমাণ কৰি দিয়া হয়।  যিমানেই দিন গৈছে সিমানেই তীক্ষ্ণধাৰ হৈছে শোষকৰ দলৰ পণ্ডিতসকলৰ এই যুক্তি তৰ্কবোৰ। দিনৰ পাছত দিন ধৰি তেওঁলোকে দিনক ৰাতি বুলি বুজাই আছে আৰু সকলোৱে বিস্ময়-বিমুগ্ধ হৈ হাত তালি মাৰি কৈছে বাঃ কি অসাধাৰণ পাণ্ডিত্য! কি জ্ঞান! কি বুদ্ধি! কি যুক্তি! তেখেতসকলৰ বৰ খাতিৰ, বৰ সন্মান ডাঙৰ মানুহে পতা সভা-সমিতি, সন্মিলনত। শাসন-শোষণৰ স্বাৰ্থতে সাধাৰণ মানুহক বিভ্ৰান্ত কৰাৰ যে খুব প্ৰয়োজন! আনকি আজিৰ পৃথিৱীতো এই ধৰণৰ ঘটনাৰ অন্ত নাই। মাথোঁ ৰূপ, চৰিত্ৰ বেলেগ বেলেগ। কিন্তু পৃথিৱীখন সঁচা নহয়, ইয়াক সলনি কৰা নাযায়- এই ধৰণৰ কথাবোৰত সাধাৰণ মানুহ সকলোৱে সমানে বিশ্বাস কৰে নে? কৰা নাই, নকৰে আৰু সেইবাবেই থমকি ৰোৱা নাই মানুহৰ গল্প। জনগণৰ  চকুত পৃথিৱীক সলনি কৰাৰ স্বপ্ন, পৃথিৱীলৈ নতুন পৃথিৱী অনাৰ স্বপ্নৰ শেষ নাই। স্বপ্নৰ সেই পৃথিৱীত শোষণ নাই, আনৰ শ্ৰমেৰে উৎপাদিত ফচল লুট কৰি নিজৰ ভঁৰাল ভৰ্তি কৰাৰ প্ৰশ্ন নাই। সেই পৃথিৱীত লোভ নাই, নাই তেজৰ নৈ বোৱাই যুঁজ-বাগৰৰ নিচা। সেই পৃথিৱীত মানুহ জীয়াই থাকিব মিলিজুলি, একেলগে। কিন্তু এইদৰে পৃথিৱীখন সলনি কৰাৰ কথা শুনিলেই, চেষ্টা দেখিলেই শাসক-শোষক, মালিক-প্ৰভুসকলৰ চকুৰ টোপনি হৰে। সেয়েহে নামজ্বলা পণ্ডিতসকলক নিয়োগ কৰি তেৰাসৱৰ হতুৱাই তেওঁলোকে প্ৰচাৰ আৰম্ভ কৰে – পৰিৱৰ্তন বুলি যাক ভবা হয়, সেয়া কেৱল মায়া, অসত্য। দৰাচলতে যি সত্য তাৰ পৰিৱৰ্তন নাই। সত্য হ’ল অনাদি, অনন্ত আৰু শ্বাশ্বত। সকলো পৰম পিতা ভগৱানৰ ইচ্ছা! কিন্তু কষ্ট কৰি খোৱা মানুহৰ মন এইবোৰ যুক্তি, বুদ্ধিয়ে যিমানেই আচ্ছন্ন নকৰক কিয়, সিহঁত আচলতে ধাপ্পাবাজিত ভোল নাযায়। এই কষ্ট কৰি খোৱা মানুহবোৰে মনেপ্ৰাণে এনেধৰণৰ সকলো কথা মানি লোৱা নাই বাবেই আজিও মানুহৰ বাবে পৃথিৱীক সলনি কৰাৰ হাবিয়াসৰ অন্ত নাই। শেষ নাই মানুহৰ গল্পৰো। দিনৰ পাছত দিন এক নতুন পৃথিৱীৰ স্বপ্নই মানুহৰ মন সজীৱ কৰি ৰাখিছে। সেই বাবেই থমকি ৰোৱা নাই মানুহৰ গল্প, পৃথিৱীক জয় কৰাৰ গল্প। থমকি নৰ’বও কোনোদিন। ইয়াৰ পাছত তোমাক মই মানুহৰ খুব পুৰণি সভ্যতাৰ কথা ক’ম। ক্ষন্তেক জিৰণি লৈ লওঁ দেই-” দেবীপ্ৰসাদে ৰুণুৰ মুখলৈ চাই ক’লে।

  (বিশ)

“মানুহৰ সভ্যতাৰ কথা ক’বলৈ গ’লে প্ৰথমেই মনলৈ আহে মিচৰৰ কথা। নামটো শুনিলেই মনত ভুমুকি মাৰে অজস্ৰ কথা, কিমান ৰহস্য! কিমান ঐশ্বৰ্য! মানুহৰ হাতেৰে গঢ়া কিমান অপৰূপ, আশ্চৰ্য কীৰ্তি! মৰুভূমিৰ শুকান বালিৰ বুকুত আকাশলংঘী পিৰামিড, গুহাৰ গোপন অভ্যন্তৰত হীৰা মুকুতাৰ জিকমিকনি আৰু ছয় হাজাৰ বছৰৰ আগৰ আজিও ফিটাৰে মেৰিয়াই ৰখা মৃতদেহ “মমী’। “প্যাপিৰাচ” বুলি কোৱা এই ফিটাবোৰত সৰু সৰু ছবি অঁকা, কিন্তু আচলতে সেইবোৰ ছবি নহয়, লিখাৰ হৰফ। মিচৰৰ যি ৰজা, তেওঁৰ উপাধি হ’ল ফেয়াৰাও। তেওঁৰ ঘৰত সম্পত্তিৰ পাহাৰ। কিন্তু গোটেই জীৱন সীমাহীন বিলাস, ঐশ্বৰ্যৰ মাজত থাকিও তেওঁলোকৰ লোভৰ অন্ত নপৰে। মৃত্যুৰ পাছতো বিচাৰে আমোদ-প্ৰমোদ। সেয়েহে মৃত্যুৰ পাছতো দেহটো গেলি-পচি নোযোৱাকৈ ৰখাৰ উপায় ভাবি উলিওৱা হ’ল। মৃতদেহটো একধৰণৰ তেলত ডুবাই ৰাখি তাৰ ভিতৰত গলন্ত আঠালতীয়া বস্তু ভৰাই দিয়া। বস্তুবিধৰ নাম ফৰাচী ভাষাত “মমীয়াই”, তাৰ পৰাই “মমী” নামৰ উৎপত্তি। এইদৰে বিশেষ ব্যৱস্থাৰে গেলি যাব নোৱৰাকৈ ৰখা মৃতদেহৰ লগতে নানান আনন্দ-ফুৰ্ত্তিৰ ব্যৱস্থাও থাকে প্ৰকাণ্ড একো একোটা কবৰ স্থানৰ মাজত। এইবোৰেই পিৰামিড। মৃত্যুৰ পাছতো বিলাসী বাসগৃহ! আলপৈচান ধৰিবলৈ চাকৰ-বাকৰ, ধোবা-নাপিত সকলো, অৱশ্যে জীৱন্ত অৱস্থাত কাকো সুমুৱাই থোৱা নাছিল, সেইবোৰ আছিল কিছুমান শিলৰ মূৰ্তি। ইমান ঐশ্বৰ্য-বিলাসিতা, আনকি মৃত্যুৰ পাছতো; কিন্তু তাৰ বিপৰীতে সাধাৰণ মানুহৰ অৱস্থা, যাৰ হাড়ভঙা শ্ৰমেৰে সৃষ্টি হৈছিল ইমান আশ্চৰ্য, ইমান ঐশ্বৰ্য ইমানবোৰ চকুত চাট মাৰি যোৱা কীৰ্তি, তেওঁলোকৰ অৱস্থা? এই লক্ষ লক্ষ মানুহৰ অৱস্থা কেনে আছিল তাৰ খবৰ কিছু পুৰণি লিখনি আৰু ছবিৰ মাজত বিচাৰিলে পাবা। ছবিত দেখিবা, হাজাৰ হাজাৰ মানুহে কঢ়িয়াইছে ৰজাৰ ভোগ বিলাসৰ সামগ্ৰী, বোজাৰ ভৰত সিহঁতৰ পিঠিবোৰ ধেনু ভাঁজ খাইছে, দুবেলা দুমুঠি পেট ভৰাই খাবলৈ নোপোৱা বাবে শৰীৰৰ হাড় আৰু ছালৰ মাজত একো নাই! প্ৰাচীন মিচৰ! কিমান ঐশ্বৰ্য! এই সকলোবোৰ সিহঁতৰ দুহাতৰে সৃষ্ট। অথচ সিহঁতৰ ভাগ্যত মিলিছিল চিপাহীৰ চাবুক,ষাঠিৰ খোচ! এইদৰে নীল নদীৰ পাৰত মানুহৰ যি প্ৰথম সভ্যতা গঢ়ি উঠিছিল- এয়াই হ’ল সেই সভ্যতাৰ ভিতৰৰ প্ৰকৃত স্বৰূপ। প্ৰায়েই দেখা যায় আশ্চৰ্য কীৰ্তিৰ পিছফালে আছে নিৰ্মম, কুৎসিত শোষণ। প্ৰাচীন মিচৰৰ কীৰ্তি সঁচাই বিস্ময়কৰ। কিন্তু তাৰেই ওলোটা পিঠি সমানেই বীভৎস, সমানেই ঘৃণনীয়। বহু মানুহে সহিবলগীয়া হৈছে নিৰ্মম যান্ত্ৰণা, আনকি প্ৰাণো দিব লগা হৈছে বহু মানুহে। কিন্তু  ক্ৰীতদাসৰ ওপৰত চলা এই নিৰ্মম নিৰ্যাতন, সিহঁতৰ বুকু ভঙা কান্দোনৰ বিপৰীতে কিন্তু মিচৰৰ সভ্যতাই মানুহৰ সভ্যতাৰ বুৰঞ্জীত যিবোৰ আশ্চৰ্য-ঐশ্বৰ্য দি থৈ গৈছে তাৰ কথাও কোনোপধ্যে পাহৰিব নোৱাৰি। সেইবোৰ অকল ৰজা-মহাৰজাৰ হীৰা-মুকুতা নহয়, উন্নত কৃষি ব্যৱস্থা, জ্যোতিৰ্বিজ্ঞান, জ্যামিতিৰ চৰ্চা আৰু ক’ত কি! কিন্তু তাকে পাবলৈ অসংখ্য মানুহে বহুত বেছি মূল্য দিব লগা হ’ল! ইমানখিনি মূল্য দিব লগা নহ’লে আমি নিশ্চয় সুখী হ’লোহেঁতেন। কিন্তু দাৰ্শনিকৰ ভাষাত মানুহৰ অগ্ৰগতি দ্বন্দমূলক। সহজ ভাষাত দুটা দিশ আছে আৰু এই দুটা দিশৰ মাজত প্ৰচণ্ড সংঘাত। এই সংঘাত বাদ দি মানুহৰ বাবে আগবাঢ়ি যোৱাৰ খুব এটা মসৃণ সহজ পথৰ কথা কবিৰ কল্পনাৰ দৰে হ’ব পাৰিলেহেঁতেন, কিন্তু বৈজ্ঞানিক ইতিহাস হ’ব নোৱাৰে। মানুহৰ প্ৰকৃত কাহিনী যদি জানিব বিচাৰা তেনেহ’লে এই দুটা দিশৰ সংঘাতৰ কথা পাহৰিলে নহ’ব। কিন্তু ক্ৰীতদাসসকলে কি সদায়ে নিৰ্মম শোষণ, অত্যাচাৰ  সহ্য কৰি আছিল, নিৰুপায় হৈ কেৱল বুকুভাঙি কান্দিছিল?  নহয়, এই নিৰ্মম শোষণ-নিষ্পেষণ-অত্যাচাৰৰ বিৰুদ্ধে সিহঁতো ঐক্যবদ্ধ হৈছিল, প্ৰতিৰোধো কৰিছিল বহুবাৰ। সিহঁতৰ এই বিদ্ৰোহে আনকি ধূলিৰ লগত মিহলি কৰি দিছিল বহু ৰজাৰ ৰাজত্ব। কিন্তু শেষত গৈ সিহঁতৰ জয় হোৱা নাছিল। শোষকৰ ৰাজত্ব একেবাৰে শেষ কৰি দিয়াৰ নিচিনা অৱস্থা, শক্তি তেতিয়া নাছিলেও। সেই শক্তি, সেই অৱস্থা আজিৰ পৃথিৱীত সৃষ্টি হৈছে। যদিও সিহঁতৰ বিজয় আছিল ক্ষণস্থায়ী, কিন্তু সেইবুলি সেই বিদ্ৰোহক উপেক্ষা কৰিব পৰা নাযায়। কিয়নো সেই কাহিনীয়ে আমাক সোঁৱৰাই দিয়ে বঞ্চিত লাঞ্ছিত মানুহৰ শক্তিৰ কথা।” ইমানখিনিলৈকে একেৰাহে কৈ দেবীপ্ৰসাদে ৰুণুৰ মুখলৈ চালে। মনোযোগ দি শুনি আছে তাই।                               (অহা সংখ্যাত সমাপ্ত)

Leave a Reply

Your email address will not be published. Required fields are marked *