মাও চে টুং : কৃষক পৰিয়ালৰ পৰা বিপ্লৱৰ নায়কলৈ (ৰিতু ৰঞ্জন দাস)
চীনৰ হুনান প্ৰদেশৰ চাওচিন এক কৃষিপ্ৰধান অঞ্চল। মাও জেন চুং হ’ল এই অঞ্চলৰে এজন সাধাৰণ খেতিয়ক। ১৮৯৩ চনৰ ২৬ ডিচেম্বৰৰ দিনাই চুং পৰিয়াললৈ আগমন হৈছিল এটি মৰম লগা শিশুৰ। শিশুৰ কান্দোনে অঞ্চলটো ৰজনজনাই গৈছিল। পৰৱৰ্তী সময়ৰ চীনৰ ৰাষ্ট্ৰনায়ক, সেনা বাহিনীৰ প্ৰধান, চীনা কমিউনিষ্ট পাৰ্টিৰ চেয়াৰমেন, কবি তথা স্বপ্নদ্ৰষ্টা মাও চে টুঙেই হ’ল হুনান প্ৰদেশৰ সেই মৰম লগা শিশু। পিতৃ মাও জে চুঙৰ ঔৰসত আৰু মাতৃ ওয়েন চি চেইৰ গৰ্ভত জন্ম লাভ কৰা মাও চে টুঙে গাঁৱৰ সাধাৰণ কৃষক পৰিয়ালতে ডাঙৰ হ’বলৈ ধৰে। কিন্তু পৰৱৰ্তী সময়ত দেউতাকে সৈন্য বাহিনীত যোগ দিয়াত আৰ্থিক অৱস্থা কিছু ভাল হ’বলৈ ধৰে। কিছু মাটিৰ মালিক হোৱাৰ পিছতে দেউতাকে কেঁচা মালৰ ব্যৱসায় আৰম্ভ কৰে। মাওৱে ৮ বছৰ বয়সত স্কুলত ভৰ্তি হয় আৰু প্ৰাথমিক শিক্ষা লাভ কৰে। ১৯১৮ চনত মাও চে টুঙে হুনান ফাৰ্ষ্ট নৰ্মাল স্কুলৰ পৰা স্নাতক (Graduate) হয় আৰু এজন প্ৰশিক্ষিত শিক্ষক হিচাপে স্বীকৃত হয়। সেই বছৰতে মাওৰ মাকৰ মৃত্যু হয়। মাওৱে চাকৰি বিচাৰি বেইজিঙলৈ যাত্ৰা কৰে। কিন্তু এটা চাকৰি পাবলৈ মাও ব্যৰ্থ হয়। কিন্তু বেইজিং ইউনিভাৰ্ছিটিত লাইব্ৰেৰী সহায়ক হিচাপে স্থান পাবলৈ সক্ষম হয়। সেই লাইব্ৰেৰীতে এক মাৰ্ক্সীয় বুদ্ধিজীৱীৰ লেখা পঢ়ি মাওৱে সভ্যতাৰ বিস্ময়কৰ তত্ত্ব মাৰ্ক্সবাদৰ প্ৰতি আকৃষ্ট হয়। তেতিয়াৰ পৰাই মাকৰ “বুদ্ধবাদ” আৰু দেউতাকৰ “কনফুচীয়বাদ” ভিত্তিহীন বুলি নিশ্চিত হয়। সেই সময়তে মাওৱে কমিউনিষ্ট পাৰ্টিৰ নেতৃত্বত সফল হোৱা ৰুছ বিপ্লৱৰ বিষয়ে জানিব পাৰে।
গণপ্ৰজাতান্ত্ৰিক চীনৰ প্ৰতিষ্ঠাতা আৰু বৈপ্লৱিক নেতা মাওৰ জীৱন ৰথৰ এয়াই আছিল অন্যতম মুহূৰ্ত। দাৰিদ্ৰপীড়িত আৰু অনুন্নত চীনক উন্নত আৰু আজিৰ আধুনিক পৰ্যায়লৈ উত্তৰণৰ মূলতেই আছিল মাওৰ চিন্তা। ঊনৈশ শতিকাৰ প্ৰথমৰ পৰাই চীন কিং ৰাজতন্ত্ৰৰ অধীনত আছিল। এই ৰাজতন্ত্ৰত অতিষ্ঠ হৈ জনসাধাৰণে নানা প্ৰতিবাদী আন্দোলন গঢ়ি তুলিছিল। আন্দোলনৰ নেতৃত্ব দিয়া শ্বান ইয়েত ছেনৰ সৈতে মাওৱে যোগ দিয়ে। আন্দোলন সফল হয় আৰু জনসাধাৰণে ১৯১২ চনত কিং ৰাজতন্ত্ৰৰ পৰা মুক্তি পায়। এই সময়তে কিউমিঙটাং (জাতীয়তাবাদী) দল গঠন হয়। মাও চে টুঙে এটা সময়ত দলৰ কেন্দ্ৰীয় কমিটিৰো সদস্য হয়। ১৯১৯ চনত আধুনিক চীন গঢ়াৰ লক্ষ্যৰে বুদ্ধিজীৱীসকলৰ আন্দোলন আৰম্ভ হয়। মাও চে টুঙে লিখনীৰ মাজেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। ১৯২০ চনত তেওঁ মাৰ্ক্সবাদী হিচাপে পৰিচিতি লাভ কৰিবলৈ ধৰে। সেই বছৰত হুনান প্ৰদেশলৈ ঘূৰি আহে যদিও গণতান্ত্ৰিক সংস্কাৰ কৰিবলৈ ব্যৰ্থ হয়। ১৯২১ চনত তেওঁ চাংহাইলৈ ঘূৰি আহে, তেতিয়া কমিউনিষ্ট পাৰ্টি গঠনৰ বাবে হোৱা গোপন বৈঠক যোগ দিছিল। হুনান প্ৰদেশলৈ আহি কমিউনিষ্ট পাৰ্টিৰ অঞ্চলিক শাখা কমিটি গঠন কৰে। ১৯২৫ চনত জন্ম স্থান চাওচানত কৃষক সংগঠন গঢ়ি তোলে। ১৯২৭ চনত তাৰ লিখনীৰ মাজেৰে কৃষকসকলৰ মাজত বিদ্ৰোহ সৃষ্টি কৰে। এই সময়তে জাতীয় কুউমিঙটাং দলৰ লগত তেওঁ সম্পৰ্ক ছিন্ন হয়।
মাওৰ নেতৃত্বত কমিউনিষ্টসকলে ক্ৰমে অগ্ৰগতি লাভ কৰে আৰু জনসমৰ্থন বৃদ্ধি পায়। কমিউনিষ্ট পাৰ্টিৰ অগ্ৰগতিত আৰু বৰ্ধিত জনসমৰ্থনত চিয়াং কাই চেক শংকিত হৈ পৰে। ১৯৩৪ চন চিয়াং কাই চেকে কমিউনিষ্ট প্ৰভাৱাধীন এলেকাত সৰুসুৰা অধিগ্ৰহণ আৰু আক্ৰমণ আৰম্ভ কৰে। সেই বছৰৰে অক্টোবৰ মাহত চিয়াং কাইয়ে ১ মিলিয়ন চৰকাৰী বাহিনী সমৱেত কৰে আৰু কমিউনিষ্টৰ শক্তিশালী ঘাটিসমূহ ঘেৰাও কৰে। মাও চে টুঙে এই জাল ফালি অপ্ৰতিৰোধ্য গতিৰে ওলাই আহে। ইয়াৰ পিছতে আৰম্ভ হয় ঐতিহাসিক “লং মাৰ্চ”।
1937 চনত জাপানে চীন আক্ৰমণ কৰি চিয়াঙ কাই চেকক পদচ্যুত কৰিবলৈ তীব্ৰ হেঁচা দিয়ে। চিয়াঙ কাই চেকে সমৰ্থন বিচাৰি কমিউনিষ্ট পাৰ্টিৰ ওচৰলৈ যায়। কমিউনিষ্ট পাৰ্টিয়ে চিয়াঙ কাইৰ কিউমিঙটাং জাতীয়তাবাদী দলৰ লগত ঐক্যবদ্ধভাৱে জাপানী শাক্তিৰ বিৰুদ্ধে প্ৰতিৰোধ গঢ়ি তোলে। এই সময়তে মাওৱে সামৰিক বাহিনীৰ নেতা হিচাপে নিজকে প্ৰতিষ্ঠিত কৰে। ঐক্যবদ্ধ প্ৰতিৰোধৰ মুখত ১৯৪৫ চনত জাপান পৰাস্ত হয়। ইয়াৰ পিছতে চীনত গৃহযুদ্ধ আৰম্ভ হয়। গৃহযুদ্ধত কমিউনিষ্ট পাৰ্টিয়ে মাও চে টুং নেতৃত্বত চীনৰ বিশাল ভূ-খণ্ডত প্ৰতিষ্ঠা লাভ কৰে। ১৯৪৯ চনত বিজয়ী কমিউনিষ্ট মুক্তি ফৌজৰ অগ্ৰগামী অংশই কেন্টন চহৰত প্ৰৱেশ কৰাত চিয়াং কাই চেকে সদলবলে চীনৰ ভূ-খণ্ড এৰি পলায়ন কৰি ফোৰমোজা দ্বীপত আশ্ৰয় লয়। স্বৈৰাচাৰী শাসক কাই চেক পৰাস্ত কৰি মাৰ্ক্সীয় তত্ত্বৰ ভিত্তিত চীনত সমাজবাদী শাসন প্ৰতিষ্ঠা কৰে বিপ্লৱী নেতা মাও চে টুঙে। ১৯৪৯ চনৰ ২১ ছেপ্টেম্বৰৰ দিনা মাওৱে স্বাধীন সাৰ্বভৌম গণ প্ৰজাতান্ত্ৰিক চীন প্ৰতিষ্ঠাৰ কথা ঘোষণা কৰে। সাৰ্বভৌম চীনৰ তেওঁ চেয়াৰমেন নিযুক্ত হয় আৰু মৃত্যুৰ আগমুহূৰ্তলৈ তেওঁ পদত অধিস্থিত থাকে।
এখন দৰিদ্ৰ কৃষিপ্ৰধান দেশত বিপ্লৱ আৰু তাৰ পৰৱৰ্তী পৰিস্থিতি
অৰ্থনৈতিভাৱে পাছপৰা কৃষিপ্ৰধান চীনত শিক্ষা-দীক্ষাও আছিল পাছ পৰা। মাওৱে মাৰ্ক্সৰ তত্ত্বক আয়ত্ত কৰাই নহয়, তাক বাস্তৱত প্ৰয়োগ কৰি এখন অনুন্নত দেশত বিপ্লৱ সংগঠিত কৰিলে। প্ৰতি বছৰে খাদ্যৰ অভাৱত লাখে লাখে মানুহৰ মৃত্যু হৈছিল। তেনে প্ৰতিকূল পৰিস্থিতিৰ মাজতো চীনত মাওৰ নেতৃত্বত আৰু মাৰ্ক্সৰ আদৰ্শৰ ভিত্তিত কমিউনিষ্ট পাৰ্টিয়ে সম্পন্ন কৰিছিল বিপ্লৱ। এটা কৃষক পৰিয়ালৰ পৰা আহি বিপ্লৱৰ নেতৃত্ব দিয়াটো সহজ কথা নহয়। গণ প্ৰজাতান্ত্ৰিক সাৰ্বভৌম চীন প্ৰতিষ্ঠা কৰাৰ পাছত মাওতে ভূমি সংস্কাৰ আৰু ঔদ্যোগীকৰণত গুৰুত্ব দি কাম-কাজ আৰম্ভ কৰে। ইয়াৰ উপৰি মহিলাৰ অৱস্থাৰ উন্নত কৰা, শিক্ষানুষ্ঠানৰ সংখ্যা দুগুণ আৰু স্বাক্ষৰতাৰ হাৰ বৃদ্ধি কৰা, স্বাস্থ্য সেৱা উন্নত কৰাৰ দৰে গুৰুত্বপূৰ্ণ পদক্ষেপসমূহ গ্ৰহণ কৰে। আজিৰ বিশ্বত উন্নত ৰাষ্ট্ৰসমূহৰ লগত ফেৰ মাৰিব পৰা অৱস্থালৈ চীন উন্নত হৈছে। ইয়াৰ ভিত্তি প্ৰস্তুত হৈছিল মাওৰ নেতৃত্বতে। কৃষি, বিজ্ঞান, শিক্ষা, স্বাস্থ্য, মহাকাশ বিজ্ঞান আদি সকলো দিশতে চীনে চমকপ্ৰদ উন্নতি লাভ কৰিছে। ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিল ১৯৪৭ চনত আৰু গণ প্ৰজাতান্ত্ৰিক চীন প্ৰতিষ্ঠা হৈছিল ১৯৪৯ চনত। দুটা আদৰ্শগত লাইনে দুখন দেশক কি পৰ্যায়লৈ নিব পাৰে সেয়া মাওৰ বিপ্লৱৰ পিছৰ চীনে প্ৰমাণ কৰি দিলে। মাওৱে চীনৰ বাস্তৱ পৰিস্থিতি হৃদয়ংগমৰ বাবে প্ৰচুৰ অধ্যয়ন কৰিছিল। তেওঁ কৈছিল- “তুমি যদি কোনো সমস্যাৰ সমাধান উলিয়াব পৰা নাই তেন্তে তুমি সেই সমস্যাৰ বৰ্তমানৰ অৱস্থা আৰু তাৰ ইতিহাস অধ্যয়নত লাগি যোৱা। পুংখানুপুংখভাৱে সমস্যাটোৰ তথ্য অনুসন্ধান কৰিলে তাৰ সমাধান কৰাৰ উপায় তুমি পাবা।”
মাওৱে চীনৰ কৃষকৰ সমস্যা, সমাজৰ শ্ৰেণী বিশ্লেষণ, অৰ্থনৈতিক অৱস্থা সম্পৰ্কে প্ৰচুৰ অধ্যয়ন কৰিছিল। কৃষকসকলক সংগঠিত কৰা, তেওঁলোকক শিক্ষিত কৰা আৰু আন্দোলন সংগঠিত কৰাৰ ওপৰত অধিক গুৰুত্ব দিছিল। মধ্যবিত্ত আৰু বুদ্ধিজীৱী শ্ৰেণী সম্পৰ্কেও মাও সচেতন আছিল। এটা বিপ্লৱী পাৰ্টি সদস্যৰ দায়িত্ব আৰু কৰ্তব্য, সামৰিক, ৰাজনৈতিক, সাংস্কৃতিক দিশত শিক্ষিত কৰাৰ ওপৰত গুৰুত্ব দিছিল। মাওৱে এই বিষয়বোৰৰ ওপৰত বিস্তৃতভাৱে লিখা-মেলা কৰিছে।
মাও চে টুঙে মাৰ্ক্সবাদক এক অনমনীয় মতবাদ বুলি ধৰি লোৱা নাছিল। চীনৰ পৰিৱেশ-পৰিস্থিতিৰ মাজত মাৰ্ক্সবাদ আগুৱাই নিছিল। তেওঁ কৈছিল-“প্ৰত্যকটো কাম, ঘটনাৰ মাজত সত্যৰ অনুসন্ধান কৰিব লাগিব, আন কথাত ক’বলৈ হ’লে বাস্তৱ অৱস্থাৰ পৰাই আমি অগ্ৰসৰ হ’ব লাগিব।” মাৰ্ক্সবাদ প্ৰতিনিয়ত বিষয়মুখী বাস্তৱতাৰ ওপৰত প্ৰতিষ্ঠিত বাবেই বৈজ্ঞানিক মতবাদ। এঙ্গেলছে কৈছিল,- “বৈজ্ঞানিক সমাজতন্ত্ৰক প্ৰথমতে বাস্তৱ ভিত্তিৰ ওপৰত স্থাপন কৰিবই লাগিব।”মাওৱে চীনৰ প্ৰতিকূল পৰিস্থিতিৰ মাজতো বিপ্লৱৰ মাজেৰে আধুনিক চীনক গঢ়ি তোলাত যি ভূমিকা গ্ৰহণ কৰিলে সেয়া অতুলনীয়। কিন্তু মাওৱে ভুল কৰা নাছিল তেনে নহয়। ১৯৫৮ চনৰ আৰম্ভণিৰ তিনি বছৰৰ “সন্মুখৰ ফালে বিশাল জাঁপ” আৰু ১৯৬০ চনৰ পৰা দহ বছৰ জুৰি “সাংস্কৃতিক বিপ্লৱ” দুটা গুৰুত্বপূৰ্ণ ঘটনা ঘটিছিল। এই ভুলৰ বাবেই প্ৰচুৰ ক্ষতি স্বীকাৰ কৰিবলগীয়া হৈছিল আৰু পৰিণামত চীনত গভীৰ সংকটৰ সৃষ্টি হৈছিল। চীনৰ কমিউনিষ্ট পাৰ্টিয়ে মাওৰ কাম-কাজৰ মূল্যায়নত মাও চে টুঙে শেষ বয়সত মাৰাত্মক ভুল কৰিছিল বুলি স্বীকাৰ কৰিও সিদ্ধান্ত লৈছিল যে ভুলতকৈ সমগ্ৰ জীৱনজুৰি চীন বিপ্লৱত তেওঁৰ অৱদান স্মৰণীয়। “তেওঁৰ অৱদান সবাৰ ওপৰত, ভুলবোৰ দ্বিতীয় স্থানত”। চীনৰ কমিউনিষ্ট পাৰ্টিয়ে মাৰ্ক্সবাদক সমৃদ্ধ কৰা মাওৰ অৱদানসমূহক “মাওৰ চিন্তাধাৰা” বুলি অভিহিত কৰিছে।
এইখিনিতে এটা তাৎপৰ্যপূৰ্ণ কথা উল্লেখ কৰাৰ প্ৰয়োজন অনুভৱ কৰিছো। আজি বিশ্বৰ বিভিন্ন প্ৰান্তত মাওবাদৰ নামত বিপ্লৱৰ নামত সশস্ত্ৰ পন্থা অৱলম্বন কৰা দেখা গৈছে। আমাৰ দেশতো মাওবাদীৰ কাৰ্যকলাপ প্ৰত্যক্ষ কৰি আহিছো। কিন্তু আচৰিত কথা হৈছে চীনৰ কমিউনিষ্ট পাৰ্টিয়ে মাওৰ চিন্তা-চৰ্চাক মাওবাদ বুলি কোৱা নাই। মাওৱে নিজেও সহস্ত্ৰ বিপ্লৱৰ আগতে শ্ৰমিক-কৃষকক সংগঠিত কৰি আন্দোলন-সংগ্ৰামত যুক্ত কৰিছিল আৰু তেওঁলোকক ৰাজনৈতিকভাৱে সচেতন কৰাৰ ওপৰত গুৰুত্ব দিছিল। অৰ্থাৎ কৃষক-শ্ৰমিক জনগণৰ সহায়-সহযোগিতা অবিহনে বিপ্লৱ সম্ভৱ নহয় সেইটো তেওঁ দেখুৱাই গৈছে। আজিৰ মাওবাদীসকলে মাওৰ এই কথাবোৰ উপলদ্ধি কৰিব নোৱৰাটে ডাঙৰ বিড়ম্বনা।