অদমনীয় মেৰী ৱ’লষ্টোনক্ৰাফ্ট (সুস্মিতা কোঁৱৰ)
আমাৰ সমাজখনে সাধাৰণতেই “কৰুণাময়ী”, “সতী”, “ত্যাগৰ প্ৰতীক” আদি গুণসম্পন্ন নাৰীক “আদর্শ নাৰী” বুলি প্রক্ষেপ কৰিবলৈ চেষ্টা কৰে। তেনেধৰণৰ “নাৰীসুলভ” গুণ নাৰী এগৰাকীৰ মাজত মূৰ্ত হোৱাটো “নাৰীত্ব”-ৰ বাবে আৱশ্যকীয় আৰু অপৰিহাৰ্য বুলি গণ্য কৰা হয়। বাস্তৱৰ তেজ-মঙহৰ কোনো নাৰীয়েই হওক, বা কোনো গল্প-উপন্যাসৰ কাল্পনিক নাৰী-চৰিত্রই হওক, যদিহে তেওঁৰ অৱস্থিতি এই আৰোপিত ইতিবাচক গুণবোৰৰ বৃত্তটোৰ পৰিধিৰ পৰা অকণমান বাহিৰত, তেতিয়াই তেওঁ হৈ পৰে এটা নেতিবাচক নিদৰ্শন; তেওঁৰ কথা-কাণ্ডক আখ্যা দিয়া হয় সমাজৰ বাবে ক্ষতিকাৰক বুলি। তেওঁ হৈ পৰে এটা উদাহৰণ; সেই উদাহৰণক ব্যৱহাৰ কৰি সমাজক নৈতিকতাৰ পাঠ দিয়া হয়। লিলিথৰ কাহিনীটো উদাহৰণ হিচাপে ল’লে কথাটো স্পষ্ট হৈ পৰিব। বাইবেলত উল্লেখ থকা মতে ইভ আছিল পৃথিৱীৰ প্ৰথম মহিলা যাক আডামৰ পৰা সৃষ্টি কৰা হৈছিল। কিন্তু কোনো কোনো কাহিনীত পোৱা যায় যে ইভৰ আগত, লিলিথৰ সৃষ্টি হৈছিল আডামৰ লগতেই। লিলিথ আছিল আডামৰ সমানেই সকলো ক্ষেত্ৰতে দক্ষ। তেওঁ কোনো প্ৰশ্ন নকৰাকৈ আডামৰ সকলো আজ্ঞা মানিবলৈ আৰু নিজকে আডামৰ তলতীয়া ৰূপে স্বীকাৰ কৰিবলৈ অমান্তি হৈছিল। এগৰাকী নাৰী হৈ পুৰুষৰ সমান অধিকাৰ দাবী কৰা, তথা আডামক ইডেনত ত্যাগ কৰি যোৱাৰ বাবে লিলিথৰ চৰিত্ৰটোৰ চিত্রায়ণ কৰা হৈছিল এগৰাকী ব্যভিচাৰী ৰাক্ষসী হিচাপে। গতিকে এইখিনিতে এটি অতি প্রাসংগিক প্ৰশ্নৰ উদ্ভৱ হয়। নাৰী এগৰাকী বাৰু মানুহ নহয় নেকি? যদি হয় তেন্তে ‘ধানটোৱে প্ৰতি কণটো মানুহে প্ৰতি মনটো’ কথাষাৰ চাই, প্ৰত্যেক নাৰীৰ নিজস্ব মন, স্বকীয় চিন্তা অথবা সুকীয়া দৃষ্টিভংগী থাকিব পাৰে বুলি মানি লোৱাত অসুবিধা বাৰু কোনখিনিত? যুক্তিৰ বিচাৰত নাৰী আৰু পুৰুষ সমান। কিন্তু তেনে লিংগভিত্তিক সাম্যত পুৰুষতন্ত্রই কেতিয়াও অনুমোদন নজনায়। ইতিহাস অথবা পৌৰাণিক উপাখ্যানৰ পাতত এনে কিছু নাৰী চকুত পৰে যি সমাজৰ ৰীতি-নীতি তথা অৱদমনকাৰী সকলো নিয়মৰ ঊৰ্ধত গৈ নিজৰ সুকীয়া পৰিচয় দাঙি ধৰিছিল। কিন্তু তেনে নাৰীৰ সংখ্যা পুৰুষৰ তুলনাত নিচেই তাকৰ। বিশ্বৰ বিখ্যাত বৈজ্ঞানিক, সাহিত্যিক আদিৰ জীৱনী পঢ়িলে দেখিবলৈ পোৱা যায় যে সফলতাৰ পথত পুৰুষতকৈ নাৰীৰ সংঘৰ্ষ আছিল অধিক আৰু অতিকে পৃথক।তাৰ মাজতো কিন্তু পুৰুষতান্ত্ৰিক সমাজখনৰ ভিতৰত থাকিয়েই, সমতাৰ বাবে নাৰীৰ এখন সুকীয়া যুঁজ চলি আহিছে। প্ৰায় ১৯ শতিকাৰ মাজভাগৰ পৰা ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক তথা অৰ্থনৈতিক — এই সকলো ক্ষেত্ৰতে নাৰী আৰু পুৰুষৰ সমান অধিকাৰ দাবী কৰি অহা নাৰীবাদী আন্দোলনে এই যুঁজখনক এক সবল কণ্ঠ দিয়ে। তথাপি বৰ্তমান সমাজ ব্যৱস্থালৈ চকু দিলে ক’ব পৰা যায় যে এই আন্দোলন বহুদূৰ আগ বাঢ়িছে যদিও নিজ লক্ষ্যৰ পৰা এতিয়াও বহু দূৰত। যেনে স্থলত এচাম ব্যক্তিয়ে নিজকে নাৰীবাদী বুলি ক’বলৈ সংকোচ কৰে, তেনে ব্যক্তিৰ বাবে উচিত নিদৰ্শন হ’ব পাৰে ১৮ শতিকাৰ বিখ্যাত লেখিকা, দাৰ্শনিক তথা নাৰী অধিকাৰৰ হকে উদাত্ত কন্ঠে যুক্তি দাঙি ধৰা মেৰী ৱ’লষ্টোনক্ৰাফ্ট।লণ্ডনৰ স্পিটেলফিল্ডছৰ এটা মধ্যবিত্ত পৰিয়ালত ১৭৫৯ চনত মেৰী ৱ’লষ্টোনক্ৰাফ্টৰ জন্ম হৈছিল। তাৰিখটো আছিল ২৭ এপ্ৰিল। মাতৃ আছিল এলিজাবেথ ডিক্সন; পিতৃৰ নাম জন ৱ’লষ্টোনক্ৰাফট। তেওঁলোকৰ সাতগৰাকী সন্তানৰ দ্বিতীয়গৰাকী আছিল মেৰী। শৈশৱৰ পৰাই সুৰাসক্ত আৰু খঙাল পিতৃয়ে মাকৰ ওপৰত চলোৱা শাৰীৰিক নিৰ্যাতনৰ সাক্ষী হ’ব লগা হৈছিল তেওঁ। এই অভিজ্ঞতাই তেওঁক স্বাধীনচিতীয়া আৰু দৃঢ় মনৰ গৰাকী কৰি তুলিছিল। কৈশোৰ অৱস্থাতে সুৰামত্ত পিতৃৰ পৰা মাকক ৰক্ষা কৰিবলৈ তেওঁৰ কোঠাৰ বাহিৰত পহৰা দিয়াৰ দৰে কামো কৰিছিল মেৰীয়ে। ইয়াৰ পৰাই তেওঁৰ অদমনীয় মনটোৰ প্ৰমাণ পোৱা যায়। ঘৰুৱা অশান্তিৰ উপৰিও এগৰাকী ছোৱালী হোৱাৰ বাবে আনুষ্ঠানিক শিক্ষাৰ পৰা বঞ্চিত হৈছিল মেৰী। ১৭৭৮ চনত ছাৰাহ ড’চন নামৰ এগৰাকী মহিলাৰ সহায়িকা ৰূপে কামত যোগদান কৰে। অতি খিঙখিঙীয়া স্বভাৱৰ ছাৰাহৰ ঘৰত কিছুদিন কাম কৰি ৰুগীয়া মাকৰ যতন ল’বলৈ মেৰী ঘৰলৈ উভতি যায়। কিন্তু কিছুদিনৰ পাছতেই তেওঁৰ মাতৃৰ মৃত্যু হয়। মেৰী ছাৰাহৰ ঘৰলৈ ঘূৰি যোৱাৰ পৰিৱৰ্তে বান্ধৱী ফেন্নী (ফ্ৰান্সিছ) ব্লাডৰ পৰিয়ালৰ লগত থাকিবলৈ লয়। তেওঁৰ ঘৰৰ বৌদ্ধিক পৰিবেশে মেৰীৰ চিন্তাৰ পৰিসৰ বৃদ্ধি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। ফেন্নী আৰু নিজৰ সকলো ভগ্নীৰ লগ লাগি মেৰীয়ে নেৱিংটন গ্ৰীনত ছোৱালীৰ বাবে এখন স্কুলৰ প্ৰতিষ্ঠা কৰিছিল। কিন্তু ১৭৮৫ চনত স্কুলখন বন্ধ হৈ পৰে। তদুপৰি সেই সময়ছোৱাতেই ফেন্নীৰো মৃত্যু হয়। এই ঘটনাচক্ৰত পৰি মেৰী অত্যন্ত ভাগি পৰে। ফেন্নীক অনুপ্ৰেৰণা ৰূপে লৈ তেওঁ ১৭৮৮ চনত তেওঁৰ প্ৰথম উপন্যাস ‘Mary: A Fiction’ লিখি উলিয়ায়। কিতাপখনত তেওঁ এগৰাকী সন্মানীয়, আৰ্থিকভাৱে অভাৱী মহিলাৰ জীৱিকা উপাৰ্জনৰ বাবে কৰিব লগা সংঘৰ্ষৰ স্পষ্ট ছবি দাঙি ধৰিছিল। লেখিকা ৰূপে জীৱিকাৰ পথ বাছি লোৱা মেৰীয়ে নিজৰ ভগ্নীক উদ্দেশ্যি চিঠিৰে লিখিছিল – ‘মই এটা নতুন প্ৰজাতিৰ প্ৰথমজন হ’ব খুজিছোঁ’। ইয়াৰ পাছত প্ৰকাশক জোছেফ জনছনৰ সহায়ত মেৰীয়ে লণ্ডনত থিতাপি লয়। লণ্ডনত থাকোতেই তেওঁ ফৰাচী আৰু জাৰ্মান ভাষা আয়ত্ত কৰিছিল। লগে লগে তেওঁ বিভিন্ন লিখনিৰ অনুবাদৰ কামতো আত্মনিয়োগ কৰে। তাৰে উল্লেখনীয় কিছু হৈছে জেক্ছ নেকাৰৰ “Of the Importance of Religious Opinions’, ক্ৰিষ্টিয়ান গট্লিফ ছালজমানৰ “Elements of Morality for the Children”. ১৭৯০ চনত এডমাণ্ড বাৰ্কৰ “Reflections on the Revolution in France” প্ৰকাশ পায়। ফৰাচী বিপ্লৱৰ বিপক্ষে তেওঁ কৰা সমালোচনাৰ উত্তৰত মেৰীয়ে “Vindication of the Rights of Men” লিখি উলিয়ায়। নাম নিদিয়াকৈ প্ৰকাশ কৰা এই কিতাপখন অতি কম সময়তে জনপ্ৰিয় হৈ পৰে। ইয়াৰ পাছৰ খণ্ডটো মেৰীয়ে নিজৰ নামেৰে প্ৰকাশ কৰি উলিয়ায়। “Rights of Men”-ৰ আদৰ্শ আগত ৰাখি তেওঁ ১৭৯২ চনত “A Vindication of the Rights of Women” প্ৰকাশ কৰি উলিয়ায়। এইখনেই মেৰীৰ আটাইতকৈ উল্লেখনীয় সৃষ্টি। তেওঁ কিতাপখনত যুক্তি দাঙি ধৰিছে যে সমাজত নাৰীক গুৰুত্বপূৰ্ণ স্থান দিবলৈ প্ৰথমে তেওঁলোকক শিক্ষা দিয়াটো প্ৰয়োজনীয়। মহিলাসকলক শিক্ষিত কৰা মানেই তেওঁলোকৰ পৰিয়ালক শিক্ষিত কৰা। ই এখন ৰাষ্ট্ৰৰ উন্নতিৰ বাবে অতি প্ৰয়োজনীয়। ৱ’লষ্টোনক্ৰাফটৰ মতে এগৰাকী নাৰী তেওঁৰ স্বামীৰ কেৱল পত্নী হোৱাতকৈ জীৱনত তেওঁৰ সহযোগী হ’ব পাৰে। নাৰী কাৰো সম্পত্তি নহয়। বৰঞ্চ পুৰুষৰ দৰেই অধিকাৰ প্ৰাপ্য মানৱ৷ ইতিমধ্যে প্ৰকাশিত কিতাপবোৰেৰে মেৰী ৱ’লষ্টোনক্ৰাফট ব্ৰিটেইনৰ উপৰিও বিভিন্ন দেশত এটি চিনাকী নাম হৈ পৰে। বিখ্যাত ফৰাচী কূটনীতিবিদ, নেপোলিয়নৰ দিনৰ মন্ত্রী তাঁলেৰ ইংলেণ্ডলৈ আহি মেৰীক সাক্ষাৎ কৰে। এই সাক্ষাৎকাৰত মেৰীয়ে ফৰাচী ল’ৰা-ছোৱালীৰ শিক্ষাৰ সম অধিকাৰৰ সপক্ষে মত দাঙি ধৰে। লণ্ডনত জোছেফৰ জৰিয়তে মেৰী থমাছ পেইন, উইলিয়াম গড্উইন, হেনৰী ফুছেলি আদি বহুতো বিশ্ববিশ্রুত ব্যক্তিৰ সান্নিধ্যলৈ আহে। হেনৰী আছিল এগৰাকী বিবাহিত লোক। মেৰী প্রতিভাশালী শিল্পী হেনৰীৰ প্রেমত পৰে। মেৰীৰ তেওঁৰ সৈতে এটা অযৌন প্রেমৰ সম্পৰ্কৰ প্রস্তাৱ আগ বঢ়াছিল যদিও হেনৰীৰ পত্নীৰ হস্তক্ষেপত তাৰ অন্ত পৰে। অপমানিত মেৰীয়ে তাৰ পাছত যাত্ৰা কৰে ফ্ৰান্সলৈ। ১৭৯২ চনত পেৰিছলৈ গৈ মেৰীয়ে হেলেন মাৰিয়া উইলিয়ামছ তথা অন্য জিৰন্দিন সদস্যৰ লগ লাগে। ফ্রান্সতেই মেৰীৰ সৈতে গিলবাৰ্ট ইমলেই নামৰ এগৰাকী আমেৰিকানৰ গভীৰ প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠে। সমাজত প্ৰচলিত নিয়মক প্ৰত্যাহ্বান জনাই মেৰীয়ে ইমলেইৰ লগত বিবাহবহিৰ্ভূত দৈহিক সম্পৰ্ক স্থাপন কৰে।দিনে দিনে ইউৰোপৰ পৰিস্থিতি গম্ভীৰ হৈ পৰিছিল। ১৭৯৩ চনত ফ্ৰান্স আৰু ব্ৰিটেইনৰ মাজত যুদ্ধ আৰম্ভ হয়। সেই সময়ত ফ্ৰান্সত অন্য এটা ৰাজনৈতিক দল— জেকবিন— ক্ষমতালৈ আহে। ‘আতংকৰ ৰাজ’ বুলি অভিহিত এই সময়ছোৱাত জেকবিনসকলে বিৰোধী জিৰন্দিন দলৰ বহুতো সদস্যক বিভিন্ন ৰাজনৈতিক অপৰাধৰ দোষ জাপি দি মৃত্যুদণ্ড দিয়ে। শত্ৰু দেশৰ নাগৰিক তথা জিৰন্দিন দলৰ সমৰ্থক মেৰীক জেকবিন দলৰ ৰোষৰ পৰা ৰক্ষা কৰিবলৈ ইমলেয়ে তেওঁক মিছাকৈ নিজৰ পত্নী ৰূপে স্বীকৃতি দিয়ে। গৰ্ভাৱস্থা আৰু ফৰাচী বিপ্লৱৰ সময়ত বিৰাজিত অশান্তিৰ মাজতো ১৭৯৪ চনত মেৰীয়ে “A History and Moral View of French Revolution” লিখি উলিয়ায়। ১৭৯৪ চনতেই মেৰী আৰু ইমলেইৰ এগৰাকী কন্যা সন্তানৰ জন্ম হয়। মেৰীয়ে ছোৱালীজনীৰ নামকৰণ কৰে ফেন্নী—, তেওঁৰ প্রাণৰ বান্ধৱীৰ নামেৰে। সেই বছৰতেই ফ্ৰান্সত জেকবিন দলৰ পতন হয়। ইয়াক মেৰীয়ে সংবাদ মাধ্যমৰ স্বাধীনতাৰ প্ৰতীক বুলি অভিহিত কৰি স্বাগতম জনায়। এই সকলোবোৰৰ মাজতে ইমলেয়ে মেৰী আৰু নিজ সন্তানক পেৰিছত এৰি গুচি যায়। পেৰিছৰ দুৰ্ভিক্ষৰ মাজত সন্তানৰ সৈতে অকলশৰীয়া মেৰীৰ জীৱন যাপন দুঃসহ হৈ পৰে। অন্য উপায় নেদেখি তেওঁ ১৭৯৫ চনত ব্ৰিটেইনলৈ উভতি আহে। ফেন্নীৰ পৰিচয়ক বৈধতা প্রদান কৰিবলৈ মেৰীয়ে নিজকে মেৰী ইমলেই ৰূপে চিনাকি দিবলৈ ধৰে। পেৰিছত কন্যা সন্তান আৰু তেওঁক তেনেকৈ এৰি থৈ অহাৰ পাছতো মেৰীয়ে একাধিকবাৰ তেওঁৰ আৰু ইমলেইৰ সম্পৰ্কক জোৰা দিয়াৰ চেষ্টা চলাইছিল। কিন্তু প্ৰত্যেকবাৰেই মেৰী বিমুখ হয়। হতাশাগ্ৰস্ত হৈ তেওঁ আত্মহত্যা কৰাৰ চেষ্টা চলাইছিল। ইমলেইক ঘূৰাই পোৱাৰ শেষ প্ৰচেষ্টা চলাই মেৰীয়ে ফেন্নী আৰু এগৰাকী পৰিচাৰিকা লগত লৈ ইমলেইৰ ব্যৱসায়ৰ কামত যাত্ৰা কৰে স্কেণ্ডিনেভিয়ালৈ। বিপদসংকুল এই ভ্ৰমণত হোৱা অভিজ্ঞাসমূহ বিৱৰি মেৰীয়ে ইমলেইক উদ্দেশ্যি লিখা চিঠিসমূহ পাছত ১৭৯৬ চনত জোছেফ জনছনে সংকলন কৰি “Letters Written in Sweden, Norway and Denmark” নামেৰে প্ৰকাশ কৰি উলিয়ায়। বিৰহেৰে ভৰা চিঠিসমূহৰ মাজত মেৰীৰ গিলবাৰ্ট ইমলেইৰ প্ৰতি থকা প্ৰেমৰ উমান পোৱা যায়। কিন্তু ইমানৰ পাছতো ইমলেইৰ মন জয় কৰাত মেৰী সফল নহ’ল। তেওঁ আকৌ এবাৰ আত্মহত্যাৰ চেষ্টা চলায়। অৱশেষত তেওঁলোকৰ বিফল সম্পৰ্কক স্বীকাৰ কৰি মেৰী চিন্তা-চৰ্চাৰ জগতত সোমাই পৰে। জোছেফ জনছনৰ জৰিয়তে মেৰী পুনৰ বহুতো বিখ্যাত ব্যক্তিৰ সান্নিধ্যলৈ আহে। তাৰে মাজৰ এগৰাকী বিশিষ্ট লোক আছিল উইলিয়াম গড্উইন। লাহে লাহে মেৰী আৰু গড্উইন মাজত মধুৰ প্ৰেমৰ সম্পৰ্ক গঢ় লয়। মেৰী অন্তঃসত্ত্বা হোৱাত দুয়ো আইনগতভাৱে বিবাহত বহিবলৈ সিদ্ধান্ত লয়। ১৭৯৭ চনত দুয়োৰে বিবাহ সম্পন্ন হয়। মেৰীৰ পূৰ্বৰ ভুৱা বিবাহ, ফেন্নীৰ জন্মৰ কথা আদি পোহৰলৈ অহাত মেৰী আৰু উইলায়াম দুয়ো তীব্র সমালোচনাৰ আৱৰ্তত সোমাই পৰে। বিয়াৰ পাছত দুয়ো ছমাৰ চহৰত থাকিবলৈ লয়।১৭৯৭ চনত মেৰীয়ে এটি কন্যা সন্তানৰ জন্ম দিয়ে। কন্য সন্তানটিৰ নাম দিয়া হ’ল মেৰী ৱ’লষ্টোনক্ৰাফ্ট শ্বেলী, যি গৰাকী পাছলৈ “ফ্রাংকেষ্টাইন”-ৰ লেখিকা ৰূপে বিখ্যাত হয়। সন্তানটিৰ জন্মৰ সময়তেই মাতৃ মেৰী আক্রান্ত হয় ভয়াৱহ ছেপ্টিছেমিয়াত। সন্তানটিৰ জন্মৰ প্ৰায় দহদিন পাছত ১৭৯৭ চনৰ ১০ ছেপ্টেম্বৰত মেৰী ৱ’লষ্টোনক্ৰাফ্টৰ মৃত্যু হয়। মেৰীৰ মৃত্যুৰ পাছত উইলিয়াম গড্উইনে তেওঁৰ স্মৃতিত “Memoirs of the Author of A Vindication of the Rights of Women” প্ৰকাশ কৰি উলিয়ায়। মেৰীৰ জীৱনৰ সকলো বিতৰ্কিত তথা ব্যক্তিগত কথা ৰাজহুৱাকৈ প্ৰকাশ কৰা বাবে গড্উইন বহুতো সমালোচনাৰ সন্মুখীন হ’ব লগা হয়। মেৰীৰ বিবাহবৰ্হিভূত যৌনসম্পৰ্ক, “অবৈধ” সন্তান, আত্মহত্যাৰ প্ৰচেষ্টা আদিৰ কথা পোহৰলৈ অহাত তেওঁৰ ভাবমূৰ্তি প্ৰায় এক শতিকা মানলৈকে বিকৃত হৈ পৰিছিল। মেৰী হেইজ, চাৰ্লট টাৰ্নাৰ স্মিথ আদিয়ে তেওঁলোকৰ লেখাৰ মাজত মেৰীক অনৈতিক ৰূপে দাঙি ধৰিছিল। তাৰ মাজতে কিন্তু জেন অষ্টিন, এলিজাবেথ বেৰেট ব্ৰাউনিং আদিয়ে তেওঁৰ জীৱনক অনুপ্ৰেৰণাৰ উৎস বুলি আখ্যা দিছিল।সমাজৰ প্ৰচলিত অৱদমনকাৰী নিয়ম-শৃংখলাক জীৱনকালত পদে পদে প্ৰত্যাহ্বান জনোৱা মেৰী ৱ’লষ্টোনক্ৰাফ্টৰ কৰ্মৰাজি প্ৰায় বিংশ শতিকাৰ মাজভাগলৈকে তেওঁৰ ব্যক্তিগত জীৱনৰ বিতৰ্কৰ মাজত তল পৰি ৰয়। কিন্তু ক্ৰমাৎ তেওঁৰ লিখনিসমূহ পুনৰ পোহৰলৈ আহে। এই ৰচনাসমূহৰ, মেৰী ৱ’লষ্টোনক্ৰাফ্টৰ ব্যতিক্রমী চিন্তাৰ প্ৰাসংগিকতা আজিৰ সমাজতো বাৰুকৈ আছে। নাৰীবাদী আন্দোলনৰ উদ্ভৱৰ বহু আগতেই নিজ কৰ্মৰ মাজেৰে নাৰীবাদী আন্দোলনৰ মূলমন্ত্ৰ ‘সমাজত নাৰী আৰু পুৰুষৰ সমঅধিকাৰ’ৰ সপক্ষে সবল যুক্তি উত্থাপন কৰা মেৰী ৱ’লষ্টোনক্ৰাফট আজিৰ সমাজত বহুতৰ বাবে অনুপ্ৰেৰণা হ’ব পাৰে। এখন অতি ৰক্ষণশীল, পুৰুষতান্ত্ৰিক সমাজৰ সকলো অৱদমনকাৰী নিয়মক প্ৰত্যাহ্বান জনোৱাৰ দুৰ্বাৰ সাহস থকা মেৰীক এগৰাকী ক্ৰান্তিকাৰী আখ্যা দিলে নিশ্চয় ভুল নহ’ব।