মাষ্টাৰদাৰ হাতঘড়ী (মূল : শামসুৰ ৰাহমান। অনুবাদ : খগেশ সেন ডেকা)
মাষ্টাৰদা, আপুনি হাতঘড়ী পিন্ধিছিল নে কেতিয়াবা?
এই প্ৰশ্নই মোক খুন্দিয়াইছে
বহুবাৰ৷ মাষ্টাৰদা, আপোনাৰ বিষয়ে
বহু কথাই জনা আছে মোৰ৷
আপোনাৰ দেহৰ গঠন, বহুমূলীয়া ৰত্নৰ দৰে
চকুৰ দীপ্তি, জীৱন-চৰ্যাৰ
ধৰণ— আদি
বহু প্ৰকাৰৰ খুঁটি-নাটিৰ সন্ধান মই পাইছোঁ
কিতাপৰ ক’লা আখৰৰ মাজত ভ্রমণ কৰি কৰি৷
কিন্তু মাষ্টাৰদা, আপুনি কেতিয়াবা
হাতঘড়ী পিন্ধিছিল নে নাই আজিকোপতি মই জানিব পৰা নাই
সেয়ে হ’লেও আপুনি যে মাজে মাজে ঘড়ীৰ ফালে
চায়, সেই কথা ধৰি ল’ব পাৰি৷
যি নিজে সময়ক শাসন কৰে,
সময়ৰ শাসনো তেওঁ মানি ল’বলগীয়া হয়
কেতিয়াবা কোনো কোনো সময়ত৷ যেতিয়া আপুনি পিষ্টলৰ
ট্ৰিগাৰ টিপিছিল৷ কিংবা সহযোগ কৰিছিল
গোৰা সৈন্যদলৰ অস্ত্ৰাগাৰ লুণ্ঠনত
অথবা পায়চাৰি কৰিছিল চট্টগ্ৰাম জেলৰ
নিৰন্ধ্ৰ চেলৰ ভিতৰত,
তেতিয়া সময়ৰ ধ্বনিৰ প্ৰতি আপুনি
উদাসীন আছিল নেকি?
মাষ্টাৰদা, সেই যে মাজে-সময়ে
আপোনাৰ কণ্ঠত উচ্চাৰিত হৈছিল এমুঠি শব্দ,
সেই হিচাপে আপুনি নিজে
চকুৰেও শুনিছে, কাণেৰেও দেখিছে
ক্ষুদিৰাম, প্ৰফুল্ল চাকী, বীৰ আশফাকউল্লাহ, অপৰূপ
অগ্নিবয়লৰ দৰে এক মহামাল্যৰ মণিৰত্ন,
তেওঁলোকৰ পোহৰতে গীত জুৰিছিল
আপোনাৰ চেতনাই, আপুনি যেতিয়া বহি থাকে
চুপচাপ, নীলা নক্সা আঁকে প্ৰতিৰোধৰ
অথবা সহযাত্ৰীসকলক উদ্বুদ্ধ কৰে
সমুখলৈ খোজ পেলাবৰ বাবে৷
মাষ্টাৰদা, যেতিয়া আপোনাৰ মূৰৰ ওপৰত
ওলমিছিল ফাঁচীৰ ৰচি, তেতিয়া
আপোনাৰ ঋজু মেৰুদণ্ড শিৰশিৰাই উঠিছিল নেকি
শীতে কোবাই যোৱা গছৰ ডালৰ দৰে ? আপোনাৰ হৃদপিণ্ডৰ
স্পন্দন কি থামি গৈছিল
ক্ষণিকৰ বাবে? মাষ্টাৰদা, আপোনাৰ
ব্যক্তিগত মৃত্যু এক লহমাৰ ভিতৰত
হৈ উঠিছিল বিপুল জনগোষ্ঠীৰ যুগপৎ
মৃত্যু আৰু জীৱন৷
মাষ্টাৰদা, আপুনি কেতিয়াবা
হাতঘড়ী পিন্ধিছিল নে নাই নাজানো, জনাৰ প্ৰয়োজনো নাই সিমান৷ অমৰতাই
জ্যোতিৰ্বলয়ৰ দৰে ৰাখী পিন্ধাই দিছে
আপোনাৰ মণিবন্ধনত৷
আপোনাৰ হাত সূৰ্যোদয়ৰ প্ৰসন্নতাৰে
প্ৰসাৰিত হৈ আছে সেই ভূখণ্ডৰ ফালে,
ভাবীকাল যাৰ পোছাকী নাম৷
আৰু এটি অলৌকিক হাতঘড়ী, যি হয়তো আপুনি পিন্ধা নাছিল, অথচ আপোনাৰ নামেৰেই নামাংকিত
ক্ৰমাগত বাজি আছে
আমাৰ হৃদপিণ্ডত অনন্তৰ ৰৌদ্ৰ-নিঃসীম উষ্ণতাৰে৷★
মূল কবিতাটো
মাস্টারদার হাতঘড়ি
শামসুর রাহমান
মাস্টারদা, আপনি কি হাতঘড়ী পরতেন কখনো?
এই প্রশ্ন আমাকে ঠোকর মেরেছে
অনেকবার৷ মাস্টারদা, আপনার বিষয়ে
অনেক কিছুই জানা আছে আমার৷
আপনার শরীরের গড়ন, মূল্যবান রত্নের মতো
চোখের দীপ্তি, জীৱন-যাপনের
ধরন—এরকম
বহুবিধ খুঁটিনাটির আলো আমি পেয়েছি
গ্রন্থের কালো অক্ষরের মধ্যে ভ্রমণ করতে করতে৷
কিন্তু মাস্টারদা, আপনি কখনো
হাতঘড়ি পরতেন কিনা আজ অব্দি আমার জানা হয়নি
তবে আপনি যে মাঝে-মধ্যে ঘড়ির দিকে
তাকাতেন, তা ধরে নেয়া যেতে পারে৷
যিনি নিজে সময়কে শাসন করেন,
সময়ের শাসনও তাকে মেনে নিতে হয়
কখনো সখনো৷ যখন আপনি পিস্তলের
ট্রিগার টিপেছেন৷ কিংবা মেতেছেন
গোরা সেনাদের অস্ত্রাগার লুণ্ঠনে
অথবা পায়চারি করছেন চট্টগ্রাম জেলের
নীরন্ধ্র সেলের ভেতর,
তখন সময়ের ধ্বনির প্রতি আপনি কি
উদাসীন ছিলেন?
মাস্টারদা, সেই যে মাঝে-মাঝে
আপনার কণ্ঠে উচ্চাৰিত হতো একগুচ্ছ শব্দ,
সেই অনুসারে আপনি নিজে
চোখেও শুনতেন, কানেও দেখতেন
ক্ষুদিরাম, প্ৰফুল্ল চাকী, বীর আশফাকউল্লাহ, অপরূপ
অগ্নিবলয়ের মতো এক মহামাল্যের মণিরত্ন,
ওদের ঝলকানিতে গান গেয়ে উঠতো
আপনার চেতনা, যখন আপনি ব’সে থাকতেন
চুপচাপ, নীল নকশা আঁকতেন প্রতিরোধের
কিংবা সহযাত্রীদের উদ্বুদ্ধ করতেন
সামনে পা চালিয়ে যাওয়ার জন্যে৷
মাস্টরদা, যখন আপনার মাথার ওপর
ঝুলছিলো ফাঁসির দড়ি, তখন
আপনার ঋজু মেরুদণ্ড কি শিরশিরিয়ে উঠেছিলো
শীতার্ত ডালের মতো ? আপনার হৃদপিণ্ডের
স্পন্দন কি থেমে গিয়েছিলো
ক্ষণিকর জন্যে? মাস্টরদা, আপনার
ব্যক্তিগত মৃত্যু এক লহমায়
হয়ে উঠেছিলো বিপুল জনগোষ্ঠীর যুগপৎ
মৃত্যু এবং জীবন৷
মাস্টরদা, আপনি কখনো
হাতঘড়ি পরতেন কিনা জানি না; জানবার
প্রয়োজনও নেই তেমন৷ অমরতা
জ্যোতির্বলয়ের মতো রাখী পরিয়ে দিয়েছে
আপনার কব্জিতে৷
আপনার হাত সূর্যোদয়ের প্রসন্নতা নিয়ে
প্রসারিত হয়ে আছে সেই বিশাল ভূখণ্ডর দিকে,
ভাবীকাল যার ডাকনাম৷
এবং একটি অলৌকিক হাতঘড়ি, যা আপনি
হয়তো পরেননি, অথচ আপনারই নামাঙ্কিত
ক্রমাগত বেজে চলেছে
আমাদের হৃদপিণ্ডে অনন্তের রৌদ্র-নিঃসীম ঝালরে৷
কবিতাটোৰ শিৰোনামত থকা মাষ্টাৰদাৰ চমু পৰিচিতি
ভাৰতবৰ্ষৰ ব্ৰিটিছ বিৰোধী স্বাধীনতা যুঁজৰ আগশাৰীৰ ৰণুৱা মাষ্টাৰদাৰ আচল নাম আছিল সূৰ্য্যকুমাৰ সেন বা চমুকৈ সূৰ্য্য সেন৷ ঘৰত তেওঁক সকলোৱে কালু বুলি মাতিছিল৷ এইজনা আপোচহীন সংগ্ৰামী বীৰৰ জন্ম হৈছিল—১৮৯৪ চনৰ মাৰ্চ মাহৰ ১২ তাৰিখে, পূৰ্ববঙ্গৰ (বৰ্তমান বাংলাদেশ) চট্টগ্ৰাম জিলাৰ উপজিলা ৰাউজানত৷ তেওঁৰ পিতৃ আছিল ৰাজমনি সেন আৰু মাতৃৰ নাম শশীবালা সেন৷ পৰিয়ালটোৰ দুটি ল’ৰা আৰু চাৰিজনীৰ কন্যা সন্তানৰ ভিতৰত সূৰ্য্য সেন আছিল চতুৰ্থ৷
অতিশয় মেধাসম্পন্ন সূৰ্য্য সেনে বৰহমপুৰ কৃষ্ণনাথ কলেজৰ পৰা বি এ পাছ কৰি পোনতে হৰিশ দত্তৰ জাতীয় স্কুলত আৰু তাৰ পাছত উমাতাৰা উচ্চ ইংৰাজী বিদ্যালয়ত অঙ্কৰ শিক্ষক হিচাপে কৰ্ম-জীৱন আৰম্ভ কৰে৷ তেতিয়াৰে পৰা তেওঁ মাষ্টাৰদা নামেৰে পৰিচিত হয়৷
আত্মত্যাগ আছিল এইজনা বিপ্লৱী বীৰৰ জীৱনৰ ব্ৰত৷ স্কুলীয়া জীৱনৰ পৰাই তেওঁ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ প্ৰতি আকৰ্ষিত হৈছিল৷ সেই বাবে তেওঁ বিয়া-বাৰু কৰাব খোজা নাছিল৷ কিন্তু পৰিয়ালৰ হেঁচাত ১৯১৯ চনত চট্টগ্ৰামৰ বোয়ালখালী উপজিলাৰ কানুনগোপাড়াৰ নগেন্দ্ৰনাথ দত্তৰ ষোল বছৰীয়া কন্যা পুষ্পকুন্তলা দত্তৰ সৈতে তেওঁৰ বিবাহ সম্পন্ন হয়৷ সেয়ে হ’লেও ফুলশয্যাৰ দিনাই “সহবাস কৰিলে মোৰ মৃত্যু অনিবাৰ্য”—এনে এক সপোন দেখা বুলি পত্নীক ফাঁকি দি তেওঁ সেইদিনাই ঘৰ এৰি চহৰলৈ গুচি আহে৷
ইতিমধ্যে ব্ৰিটিছ-শাসনৰ ঘোৰ বিৰোধী অৰবিন্দ ঘোষ নামৰ এগৰাকী বাঙালী ভদ্ৰলোক ১৮৯৪ চনত কেমব্ৰিজ বিশ্ববিদ্যালয়ত অধ্যয়ন সমাপ্ত কৰি বৰোদা কলেজত সহকাৰী অধ্যক্ষ পদত অধিষ্ঠিত হয়৷ তেওঁ ‘মহাৰাষ্ট্ৰ গুপ্ত বিপ্লৱী সমিতি’ৰ সংস্পৰ্শলৈ আহে আৰু বেৰিষ্টাৰ প্ৰমথনাথ মিত্ৰৰ তত্ত্বাৱধানত মহাৰাষ্ট্ৰৰ দলটিৰ আদৰ্শেৰে কলকাতাত “অনুশীলন” নামেৰে এটি গুপ্ত বিপ্লৱী দল গঠন কৰে৷ কিন্তু দলটোৰ কাম-কাজ লাঠি চালনা, তৰোৱাল খেল আদিতে সীমাবদ্ধ থকাত তাৰ বিৰোধিতাৰে “যুগান্তৰ” নামৰ আন এটা দল গঠিত হয়৷ এই দুয়ো দলৰ শাখা পূৰ্ববঙ্গলৈকো সম্প্ৰসাৰিত হয়৷ তেনে সময়তে পশ্চিমবঙ্গৰ মানিকতলাত বিপ্লৱীসকলৰ বোমাৰ কাৰখানা আৱিষ্কৃত হোৱাত তাৰ বিৰুদ্ধে ব্ৰিটিছ চৰকাৰে গোচৰ ৰজু কৰে৷ অন্যোপায় নেদেখি গোচৰটোত অভিযুক্ত কিছু সংখ্যক আচামী চট্টগ্ৰামলৈ পলাই আহে৷
মাষ্টাৰদা, ওৰফে সূৰ্য সেন ১৯১৬ চনত কৃষ্ণনাথ কলেজত পঢ়ি থকা কালতে ব্ৰিটিছ বিৰোধী কাম-কাজৰ সৈতে জড়িত হয়৷ সেই সময়ত বৰহমপুৰৰ কৃষ্ণনাথ কলেজ আছিল বিপ্লৱীসকলৰ গোপন ঘাটি৷ এই কলেজৰ অধ্যাপক সতীশচন্দ্ৰ চক্ৰৱৰ্তী আছিল পূৰ্বোল্লিখিত ‘যুগান্তৰ’ দলৰ সৈতে জড়িত৷ সূৰ্য্য সেনক তেৱেঁই বিপ্লৱৰ পাঠ শিকাইছিল৷
১৯১৯ চনত শিক্ষা-জীৱন সমাপ্ত কৰি সূৰ্য্য সেন পূৰ্ণোদ্যমে বিপ্লৱী কাম-কাজৰ সৈতে জড়িত হৈ পৰে৷ প্ৰথম বিশ্বযুদ্ধৰ শেষৰ ফালে “অনুশীলন” আৰু “যুগান্তৰ” কোনোটোৰে অনুগামী নহৈ ‘আইৰিছ ৰিপাব্লিকান আৰ্মি’ৰ আদৰ্শেৰে অনুপ্ৰাণিত হৈ তেওঁলোকে স্বতন্ত্ৰভাৱে কাম-কাজ কৰিবলৈ লয়৷ তেওঁলোকে দলটিৰ নাম ৰাখে “ইণ্ডিয়ান ৰিপাব্লিকান আৰ্মি, চিটাগং ব্ৰান্স” (ভাৰতীয় প্ৰজাতান্ত্ৰিক বাহিনী, চট্টগ্ৰাম শাখা)৷ এই বিপ্লৱী দলটিয়ে অৱশ্যেই গান্ধীজীৰ অহিংস পথ নাছিল৷ ই আছিল সশস্ত্ৰ বিপ্লৱৰ পথ৷ মাত্ৰ ১৯২০ চনত গান্ধীজীৰ অনুৰোধ মৰ্মে তেওঁলোকে এবছৰৰ বাবে নিজৰ কাম-কাজ বন্ধ ৰাখিছিল৷ সূৰ্য্য সেনকে ধৰি বিপ্লৱীসকলে গান্ধীৰ সেই অসহযোগ আন্দোলনত যোগ দিছিল৷ পাছত ১৯২৯ চনত মহিমচন্দ্ৰ দাশগুপ্ত আৰু সূৰ্য্য সেন যথাক্ৰমে চট্টগ্ৰাম জিলা কংগ্ৰেছৰ সভাপতি আৰু সম্পাদক নিৰ্বাচিত হৈছিল৷
১৯২৩ চনৰ ১৩ ডিচেম্বৰৰ দিনা বিপ্লৱীসকলে পাহাড়তলী কোষাগাৰৰ পৰা ‘আসাম বেঙ্গল ৰেলৱে কাৰখানা’লৈ নিয়া ১৭০০০ টকা লুট কৰে৷ পুলিচৰ সতে হোৱা এই সংঘৰ্ষ “নাগৰখানা খণ্ডযুদ্ধ” হিচাপে জনাজাত৷ এই গোচৰত পুলিচে সূৰ্য্য সেন আৰু অমিয় চক্ৰৱৰ্তীক গ্ৰেপ্তাৰ কৰে যদিও কলকাতা উচ্চ ন্যায়ালয়ৰ বেৰিষ্টাৰ যতীন্দ্ৰমোহন সেনগুপ্তৰ সহায়তাত উক্ত গোচৰ খাৰিজ হয়৷
১৯৩০ চনৰ ১৮ এপ্ৰিল শুক্ৰবাৰে ৰাতি দহ বজাত বিপ্লৱীসকল চাৰিটা ঘৰৰ পৰা চাৰিটা দলত ভাগ হৈ আক্ৰমণৰ বাবে ওলাই আহে৷ এটা দলে ধুম ৰেল-ষ্টেচনৰ ওচৰত গোপনে ৰেললাইনৰ ফিচপ্লেট খুলি থোৱাত মালবাহী ৰেল এখন লাইনচ্যুত হয়৷ ফলত চট্টগ্ৰাম দেশৰ আন অংশৰ পৰা বিচ্ছিন্ন হৈ পৰে৷ আন এটা দলে চট্টগ্ৰামৰ নন্দনকাননৰ টেলিফোন আৰু টেলিগ্ৰাফ অফিচ আক্ৰমণ কৰে আৰু হাতুৰীৰে সকলো যন্ত্ৰপাতি ভাঙি তাত পেট্ৰোল ঢালি জুই লগাই দিয়ে৷
তৃতীয়টো দলে পাহাড়তলীত থকা সেনাবাহিনীৰ অস্ত্ৰাগাৰটো দখল কৰে৷ এই অস্ত্ৰাগাৰৰ পৰা বিপ্লৱীসকলে উন্নতমানৰ ৰিভলভাৰ আদি লুট কৰে৷ অৱশ্যে গুলি সংগ্ৰহত তেওঁলোক ব্যৰ্থ হয়৷
ইয়াৰ পাছত বিপ্লৱীসকলে পূৰ্ব পৰিকল্পনা অনুসৰি দামপাৰাত অৱস্থিত পুলিচ লাইনত সমবেত হৈ জাতীয় পতাকা উত্তোলন কৰে৷ ইয়াতে মিলিটেৰী কুচকাৱাজেৰে সূৰ্য্য সেনক সম্বৰ্ধনা জনোৱা হয়৷ সূৰ্য্য সেনে অস্থায়ী চৰকাৰ গঠনৰ কথা ঘোষণা কৰে৷ সেই দিনাৰ পৰা পৰৱৰ্তী চাৰিটা দিন চট্টগ্ৰাম স্বাধীন হৈ থাকে৷ কিন্তু যোগাযোগ আৰু উপযুক্ত যোগানৰ অভাৱত বিপ্লৱীসকল তীব্ৰ খাদ্য সংকটত পৰে৷ দলীয় নেতা মাষ্টাৰদাকে ধৰি আটায়ে সেইকেইটা দিন কেঁচা আম, তেঁতেলী, তৰমুজ আদি খাই পেটৰ ভোক পেটতে মাৰ নিয়ায়৷
১৯৩০ চনৰ ২২ এপ্ৰিলৰ দিনা বিপ্লৱীসকলে জালালাবাদ পাহাৰত অৱস্থান কৰাৰ সময়ত ব্ৰিটিছ সৈন্যবাহিনীয়ে অতৰ্কিতে আক্ৰমণ চলায়৷ প্ৰায় দুঘণ্টা ধৰি চলা এই যুঁজত ৭০-ৰ পৰা ১০০জন ব্ৰিটিছ সেনা নিহত হয়৷ বিপ্লৱী বাহিনীৰো ১২জন কৰ্মী চহীদ হয়৷ ইতিপূৰ্বে ব্ৰিটিছ চৰকাৰে সূৰ্য্য সেনক ধৰাই দিলে পাঁচ হাজাৰ টকা পুৰস্কাৰ দিয়াৰ কথা ঘোষণা কৰিছিল৷ এই ঘটনাৰ পাছত পুৰস্কাৰৰ পৰিমাণ দহ হাজাৰলৈ বৃদ্ধি কৰা হয়৷
এই ঘটনাৰ পাছত বিপ্লৱীসকলে বিভিন্ন ঠাইত আত্মগোপন কৰি থাকে৷ তেওঁলোকৰ মাজৰ অনন্ত সিংহ নামৰ এগৰাকী বিপ্লৱীয়ে স্বেচ্ছায় পুলিচৰ হাতত ধৰা দিয়ে৷ অম্বিকা চক্ৰৱৰ্তীকে ধৰি কেইজনমান বিপ্লৱী পুলিচৰ হাতত ধৰা পৰে৷ তেওঁলোকৰ বিৰুদ্ধে আদালতত অস্ত্ৰাগাৰ লুণ্ঠনৰ গোচৰ ৰজু কৰা হয়৷ মাষ্টাৰদা সূৰ্য্য সেন ১৬গৰাকী সংগী সহ ২৪ এপ্ৰিল তাৰিখে নিজৰ ঘৰলৈ আহে৷ প্ৰায় দুবছৰ ধৰি এনেদৰে বিভিন্ন ঠাইত তেওঁলোকে পুলিচৰ চকুত ধূলি দি আত্মগোপন কৰি থাকে৷ ১৯৩২ চনৰ ১৩ জুন তাৰিখে ৰাতি ৯ বজাত পটিয়াৰ ঢলঘাট গাঁৱৰ সাবিত্ৰী চেটাৰ্জীৰ গৃহত তেওঁক ধৰাৰ চেষ্টা ব্যৰ্থ হয়৷
১৯৩৩ চনৰ ১৬ ফেব্ৰুৱাৰীৰ দিনা আত্মগোপন কৰি থকাৰ মাজতে গৈৰলা গাঁৱৰ ক্ষীৰোদপ্ৰভা বিশ্বাসৰ ঘৰত সূৰ্য্য সেনকে ধৰি কল্পনা দত্ত, শান্তি চক্ৰৱৰ্তী, মণি দত্ত, ব্ৰজেন সেন, সুশীল দাসগুপ্ত আদি কেইগৰাকীমান বিপ্লৱী এক আলোচনাত মিলিত হয়৷ তাত সূৰ্য্য সেনৰ উপস্থিত থকা বুলি ব্ৰজেন সেনৰ সহোদৰ ভাতৃ নেত্ৰ সেনে গোপনে পুলিচক জনাই দিয়ে৷ ৰাতি প্ৰায় ১০ বজাত পুলিচ বাহিনীয়ে ক্ষীৰোদপ্ৰভাৰ বাসগৃহ আক্ৰমণ কৰে৷ ৰাতিৰ আন্ধাৰৰ সুযোগ লৈ গুলি বৰ্ষণ কৰি কল্পনা দত্ত, শান্তি চক্ৰৱৰ্তী, মণি দত্ত আৰু সুশীল দাসগুপ্ত পলাই যাবলৈ সক্ষম হয়৷ ৰাতি ২মান বজাত সূৰ্য্য সেন আৰু ব্ৰজেন সেন পুলিচৰ হাতত ধৰা পৰে৷ ইয়াতে পুলিচ বাহিনীয়ে সূৰ্য্য সেনৰ “বিজয়া” নামৰ আধালেখা আত্মজীৱনীখনো হস্তগত কৰে৷ উল্লেখনীয় যে, পৰৱৰ্তী সময়ত আদালতত এইখন ষড়যন্ত্ৰৰ গুৰুত্বপূৰ্ণ নথি হিচাপে কেইবাবাৰো দাখিল কৰা হৈছিল৷
মাষ্টাৰদাৰ পাছত দলৰ নেতৃত্ব বহন কৰা তাৰকেশ্বৰ দস্তিদাৰ আৰু কল্পনা দত্তকো পুলিচে গোপন সূত্ৰৰ পম খেদি আটক কৰে৷ ১৯৩৩ চনৰ মাৰ্চ মাহ পৰ্যন্ত বিপ্লৱীসকলে সূৰ্য্য সেনক মুক্ত কৰাৰ বাবে কেইবাবাৰো চেষ্টা চলায় যদিও, কোনো বিশ্বাসঘাটকে সেই অভিযানৰ কথা আগতীয়াকৈ প্ৰশাসনক জনোৱাত প্ৰতিবাৰেই সি ব্যৰ্থ হয়৷
১৯৩৩ চনৰ ১৪ আগষ্টত এই গোচৰৰ ৰায়দান হয়৷ সেই অনুসাৰে সূৰ্য্য সেন আৰু তাৰকেশ্বৰ দস্তিদাৰক মৃত্যুদণ্ড আৰু কল্পনা দত্তক যাৱজ্জীৱন কাৰাদণ্ড বিহা হয়৷ এই গোচৰৰ বিচাৰক আছিল—ডব্লিউ মেকচাৰ্পি, ৰজনী ঘোষ আৰু খোকন্দৰ আলী তোয়েব৷ এই ৰায়ৰ বিপক্ষে কলকাতা হাইক’ৰ্টত আপীল কৰা হৈছিল যদিও, হাইক’ৰ্টে সেই আপীল খাৰিজ কৰি নিম্ন আদালতৰ ৰায়কে বাহাল ৰাখে৷ আৰম্ভ হয় দুঃসহ বন্দী জীৱন৷
সূ্ৰ্য্য সেনক জেলখানাৰ কনডেম্ড চেলৰ এটা নিৰ্জন কুঠৰীত কাঢ়া পহৰাৰ মাজত ৰখা হৈছিল৷ জনৈক কয়দী চাফাই কৰ্মীয়ে সূৰ্য্য সেনে লিখা চিঠি জাবৰৰ পাচিত ভৰাই জেলৰ বিভিন্ন ওৱার্ডত বন্দী হৈ থকা বিপ্লবীসকলক যোগান ধৰিছিল। মৃত্যুৰ পূৰ্বে সেই জেলতে আটক হৈ থকা এগৰাকী বিপ্লবী কালীকিঙ্কর দে’লৈ সূর্য্য সেনে পেঞ্চিলেৰে লেখা “মোৰ শেষ বাণী—আদর্শ ও একতা” বুলি এটা বার্তা প্ৰেৰণ কৰিছিল। লগতে তেওঁ স্মৰণ কৰিছিল তেওঁৰ স্বপ্নৰ কথা৷ সেই স্বপ্ন— স্বাধীন ভাৰতৰ স্বপ্ন, যাৰ বাবে তেওঁ গোটেই জীৱন জুৰি পৰম উৎসাহেৰে অক্লান্তভাৱে উদভ্ৰান্ত হৈ দৌৰি ফুৰিছে। সূৰ্য্য সেনৰ নিজৰ ভাষাত— “ভাৰতৰ স্বাধীনতাৰ বেদীত যিসকল দেশপ্রেমিকে জীৱন বলিদান দিছে, সিসকলৰ নাম তেজৰ আখৰেৰে অন্তৰৰো অন্তৰতম স্থানত লিখি ৰাখিবা”। সংগঠনত যাতে কোনো ধৰণৰ বিভেদৰ সৃষ্টি নহয় তাৰ বাবেও তেওঁ সকলোৰে ওচৰত বিনম্ৰ আৱেদন জনায়। বন্দী জীৱনৰ শেষৰ ফালৰ কোনোবা এটা দিনত হেনো তেওঁৰ গান শুনাৰ তীব্ৰ ইচ্ছা হৈছিল। সেইখন কাৰাগাৰৰে অন্য এটা চেলত আছিল আন এগৰাকী বিপ্লবী বিনোদ বিহাৰী চৌধুৰী। ৰাতি ১১/১২মান বজাত কল্পনা দত্তই চৌধুৰীক চিঞৰি চিঞৰি কৈছিল— “বিনোদ, ঐ বিনোদ, দুৱাৰৰ ওচৰলৈ আহ। মাষ্টাৰদাই গীত শুনিব খুজিছে”। বিনোদ বিহাৰীয়ে গীত গাব নাজানিছিল। তথাপি সূৰ্য্য সেনৰ বাবে ৰবীন্দ্ৰনাথ ঠাকুৰৰ “যদি তোৰ ডাক শুনে কেউ না আসে তবে একলা চলো ৰে” গীতটো মাষ্টাৰদাক গাই শুনাইছিল৷
১৯৩৪ চনৰ ১২ জানুৱাৰী তাৰিখে মাজৰাতি সূর্য্য সেন ও তাৰকেশ্বৰ দস্তিদাৰৰ ফাঁচীৰ হুকুম কার্যকৰী কৰাৰ কথা ঘোষণা কৰা হয়। তাৰ পাছতে সূর্য্য সেন আৰু তাৰকেশ্বৰ দস্তিদাৰৰ ওপৰত ব্রিটিছ সেনাই নির্মম অত্যাচাৰ চলায়। ব্রিটিছহঁতে অতি নিৰ্দয়ভাৱে হাতুৰীৰে কোবাই কোবাই দুয়োৰে দাঁত আৰু শৰীৰৰ হাড়বোৰ ভাঙি পেলায়৷ হাতুৰীৰ নিৰ্মম আঘাতত এটা সময়ত দুয়ো অজ্ঞান হৈ পৰে৷ তাৰ পাছত সেই অচেতন তথা আধামৰা শৰীৰ দুটা সিহঁতে অতিশয় নিষ্ঠুৰভাৱে ফাঁচী কাঠত ওলমাই ফাঁচীৰ হুকুম কাৰ্যকৰী কৰে।
তাতোকৈয়ো দুখৰ কথা ব্ৰিটিছ প্ৰশাসনে সূৰ্য্য সেন আৰু তাৰকেশ্বৰ দস্তিদাৰৰ মৃতদেহ আপোন পৰিজনৰ হাতত গতাই দিয়া নাছিল৷ কিংবা হিন্দু সংস্কাৰ মতে চিতা সাজি সৎকাৰ কৰাও হোৱা নাছিল৷ ফাঁচীৰ পাছত মৃতদেহ দুটা কাৰাগাৰৰ পৰা ট্রাকেৰে ৪ নম্বৰ জাহাজ ঘাটলৈ নি তাৰে পৰা “The Renown” নামৰ ব্রিটিছ ক্রুজাৰেৰে নি বুকুত লোহাৰ টুকুৰা বান্ধি বঙ্গোপসাগৰ আৰু ভাৰত মহাসাগৰৰ সংগম স্থলৰ কোনোবা এঠাইত পেলাই দিছিল৷
ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত ব্ৰিটিছ বাহিনীৰ এই অত্যাচাৰ এক কলংকিত অধ্যায় হিচাপে চিৰকাল চিহ্নিত হৈ ৰ’ব৷ সূৰ্য্য সেন ওৰফে মাষ্টাৰদাকে ধৰি যিসকলৰ ত্যাগৰ বিনিময়ত দেশে স্বাধীনতা লাভ কৰিলে, সেই সকললৈ আন্তৰিক শ্ৰদ্ধা নিবেদিছোঁ৷
সংযোগ :
সূৰ্য্য সেনৰ অন্যতম সহযোগী বিপ্লবী অনন্ত সিংহৰ কথাৰে
“কে জানতো যে আত্মজিজ্ঞাসায় মগ্ন সেই নিরীহ শিক্ষকের স্থির প্রশান্ত চোখ দুটি একদিন জ্বলে উঠে মাতৃভূমির দ্বিশতাব্দীব্যাপি অত্যাচারের প্রতিশোধ নিতে উদ্যত হবে? ১৮৫৭ সালে সিপাহী বিদ্রোহ দমনের জন্য বর্বর অমানুষিক অত্যাচারের প্রতিশোধ, জালিয়ানওয়ালাবাগের নৃশংস হত্যাকান্ডের প্রতিশোধ ! কে জানতো সেই শীর্ন বাহু ও ততোধিক শীর্ন পদযুগলের অধিকারী একদিন সাম্রাজ্যবাদী ইংরেজ রাজশক্তির বৃহত্তম আয়োজনকে ব্যর্থ করে – তার সমস্ত ক্ষমতাকে উপহাস করে বৎসরের পর বৎসর চট্টগ্রামের গ্রামে গ্রামে বিদ্রোহের আগুন জ্বালিয়ে তুলবে?”
তথ্য :
উইকিপিডিয়া