মত্তো কি সাইকল: ভাৰসাম্যহীন বিকাশ আৰু অপূৰ্ণ প্ৰতিশ্ৰুতিৰ কাহিনী— (তৰালী শৰ্মা)
বলিউডত অবাস্তৱ চলিচ্চত্ৰ নিৰ্মাণৰ বিপৰীতে কিছুমান চলচ্চিত্ৰ পৰিচালকৰ দ্বাৰা অতি সংবেদনশীল কিছুমান চলচ্চিত্ৰও নিৰ্মাণ হৈ আছে৷ তুলনামুলকভাবে কিছু সৰল কাহিনীৰ মাজেৰে সমাজ-ৰাজনীতিৰ ফোঁপোলা স্বৰূপটো উদঙাই দিবলৈ সক্ষম হোৱা তেনে এখন চিনেমা হৈছে এম গনিৰ (M. Gani) দ্বাৰা পৰিচালিত ছবি ‘মত্তো কি সাইকল’ (Matto Ki Saikil)। প্ৰকাশ ঝা, অনিতা চৌধুৰী আৰু আৰোহী শৰ্মাৰ লগতে প্ৰতিজন অভিনেতা- অভিনেত্ৰীৰে বাস্তৱধৰ্মী অভিনয়ে চিনেমাখনৰ বিষয়বস্তুক অধিক আবেগিকভাৱে উপস্থাপন কৰাত সহায়ক হৈছে।
কাহিনীটো আগবাঢ়িছে ‘মত্তো’ নামৰ চৰিত্ৰটোক কেন্দ্ৰ কৰি। মত্তো এজন দৈনিক মজুৰি কৰা শ্ৰমিক। তেওঁ কামৰ বাবে দৈনিক চহৰলৈ যাব লাগে সেয়েহে তেওঁৰ যাতায়তৰ প্ৰধান সৰঞ্জাম হ’ল চাইকেলখন। কিন্তু তেওঁৰ চাইকেলখন বহু বছৰ পুৰণি বাবে প্ৰায়েই আধাবাটতে বেয়া হয় আৰু কামলৈ গৈ পাওঁতে পলম হয়। তেওঁৰ বন্ধু কাল্লুৰ চাইকেল মেৰামতি কৰা দোকানত মাজে মাজে নিজে ঠিক ঠাক কৰি লয়। কেতিয়াবা ৰাস্তাতেই চাইকেলৰ কোনোবাটো অংশ সুলকিব ধৰিলে গাঁঠি দি হ’লেও চলাই থাকে। তেওঁ কামত সময় মতে উপস্থিত হ’ব নোৱাৰে বাবে ঠিকাদাৰৰ কটু কথা শুনিবলগীয়া হয়। এদিন কামৰ পৰা ওভতাৰ পথত চাইকেলখন ৰাস্তাৰ দাঁতিতে থৈ পাচলি ক্ৰয় কৰি থকা সময়ত চাইকেখন এখন ট্ৰেক্টৰে খুন্দিয়াই চেপেটা কৰি থৈ যায়।
সমস্যাৰে ভাৰাক্ৰান্ত পৰিয়ালটোৰ অৱস্থা অধিক বেয়াৰ ফালেহে গতি কৰে। চাইকেলখন অবিহনে খোজ কাঢ়ি গৈ চহৰ পোৱালৈ বহুত পলম হৈ যায় আৰু অট’ বা অইন গাড়ীৰে গৈ কাম কৰাটো তেওঁৰ বাবে সম্ভৱপৰ নাছিল কিয়নো তেওঁৰ অহা-যোৱাৰ গাড়ী ভাড়া দিবৰ বাবেও টকা নাছিল। দুবেলা-দুমুঠি পেট পূৰাই খাবলৈও নোপোৱা হয়। দিনৰ দিনটো হাড় ভগা পৰিশ্ৰমৰ শেষত যেতিয়া তেওঁৰ লগৰীয়াবোৰে ঘৰৰ পৰা নিয়া খাদ্য খাবলৈ লয় তেতিয়া মত্তোয়ে কিছু দূৰত অকলে বহি থাকে। লগৰবোৰে ঘৰৰ খাদ্য কিয় নিয়া নাই বুলি প্ৰশ্ন কৰাত তেওঁ উত্তৰ দিয়ে যে এতিয়াৰ পৰা আৰু তেওঁ খাদ্য লৈ নাযায়, ঘৰতেই ৰাতিপুৱাৰ সাজ ভালকৈ খাই গ’লে দিনটো ভোক অনুভৱ নহয়। ইমান পৰিশ্ৰমৰ অন্তত বহু মাইল খোজ কাঢ়ি আহি মত্তো লেবেজান হৈ পৰে তেতিয়া মত্তোৰ সৰু জীয়েকজনীয়ে তেওঁক কয়, ‘দেউতা, তুমিতো কৈছিলা তোমাৰ ভাগৰ নালাগে, আজি কি হ’ল?’ শেষত সিদ্ধান্ত হয় নতুন এখন চাইকেল কিনাৰ। জীয়েকৰ সাঁচতীয়া ধন (৬৮০টকা) জমা দি কাল্লুৰ সহযোগিতাত কিস্তিত এখন চাইকেল ক্ৰয় কৰে। এদিন ৰাতি কাম কৰি উভতাৰ বেলা কেইজনমান বদমাচে চাইকেলখন কাঢ়ি লৈ যায়।
বিষয়বস্তুৰ গভীৰতা, ইয়াৰ উপস্থাপন, বাস্তৱধৰ্মী অভিনয়, কেমেৰাৰ ভাষা আদিয়ে চিনেমাখনক এক বিশেষ মাত্ৰা দিছে। এটা সাধাৰণ কাহিনীৰ জৰিয়তে পৰিচালকে সমাজৰ সমস্যাবোৰক আঙুলিয়াই দিছে। স্বাধীনতাৰ ৭৫ বছৰৰ পিছতো ৰাজনৈতিক বিষয়বোৰ মন কৰিবলগীয়া। বৰ্তমান ভাৰতবৰ্ষত কেন্দ্ৰত অধিস্থিত ৰাজনৈতিক দলটোৰ নিৰ্বাচনী প্ৰচাৰৰ মূল বিষয় হৈছে “হৰ ঘৰ শৌচালয়”, “বেটী বচাও বেটী পঢ়াও” , আৰু বিভিন্ন এনে বিষয়। কিন্তু হাস্যকৰ বিষয় এইটো যে স্বাধীনতাৰ ইমান বছৰ গৰকাৰ পিছতো মানুহক শৌচালয় দিয়াৰ প্ৰতিশ্ৰুতি দি ভোট বিচাৰিব লগা অৱস্থা। এইটোৱেই বুজায় ভাৰতৰ জনগণৰ অৰ্থনৈতিক বিকাশ কি পৰ্যায়ত আছে। এনে নহয় যে মুকলিত শৌচ কৰাটো যে স্বাস্থ্যসন্মত নহয় সেইটো মানুহখিনিয়ে নুবুজে, আচল কথাটো হ’ল যিখিনি মানুহে দৈনিক প্ৰয়োজনীয় খাদ্য খিনিয়েই গোটাব নোৱাৰে তেওঁলোকে শৌচালয় বনোৱাৰ কথা কেনেকৈ ভাবিব। গাঁৱৰ মানুহবোৰে মুকলিত শৌচ কৰে। তেওঁলোকক ধৰিবলৈ মাজে মাজে চৰকাৰী মানুহ আহে। এটা দৃশ্যত ‘মাত্তো’ই শৌচ কৰিবলৈ বহি গাড়ীৰ মাত শুনি আকৌ ঠিয় হৈছে। আমাক প্ৰশাসন যন্ত্ৰটোৱে যিবোৰ সুব্যৱস্থাৰে আমাৰ জীৱন সুচল কৰা বুলি ঢাক ঢোল বজাই থাকে সেইবোৰ যে আচলতে প্ৰহসন তাক এই চিনেমাখনে কলাত্মকভাবে সবল আৰু সফলভাৱে উপস্থাপন কৰিছে।
‘বেটি বচাও বেটি পঢ়াও’— যি ফালে চকু ফুৰাই সেইফালেই দেখিব এইধৰণৰ কিছু শ্লোগান— দেৱালৰ পৰা ট্ৰাকৰ পিছফাললৈ সকলোতে। কিন্তু ইয়াৰ আঁৰৰ সত্যটো কিন্তু এনেকুৱা এতিয়াও বহু ঠাইত বহু পৰিয়াল আছে তাৰ ল’ৰা ছোৱালীয়ে বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিব পৰা নাই। চিনেমাখনত মত্তোৰ ছোৱালী দুজনীৰ ডাঙৰজনীৰ বিয়াৰ কথা চলিছে, কিন্তু ল’ৰা ঘৰে দাবী কৰা অনুযায়ী যৌতুক দিবলৈ অপাৰগ বাবে বিয়া ঠিক কৰিব পৰা নাই। তাইকো বিভিন্ন ঘৰুৱা কামকাজত লাগি থকা দেখিবলৈ পোৱা যায়। সৰু ছোৱালীজনীৰো বিদ্যালয়লৈ যোৱা দেখিবলৈ পোৱা নাযায়। এই ক্ষেত্ৰত পৰিয়ালৰ লোকৰ কোনো সচেতনতা দেখিবলৈ পোৱা নাযায়। ডাঙৰ ছোৱালীজনীক বাপেকে বোজা বুলিয়েই ভাবে। এনেই এজন সদস্যৰ খৰচ অতিৰিক্তকৈ বহন কৰি থাকিবলগীয়া হৈছে। এতিয়া কথা আহিল ছোৱালীৰ সুৰক্ষাৰ। চিনেমাখনত দেখা গৈছে যে এজন ধনী পৰিয়ালৰ ল’ৰাই তাইক অপদস্ত কৰাৰ চেষ্টা কৰিছে। আৰু তাই তাৰ প্ৰতিবাদো কৰিছে। কিন্তু সেই প্ৰতিবাদে জানো তাক উচিত শাস্তি দিবলৈ সক্ষম হ’ব। ‘বেটি বচাও বেটি পঢ়াও’ শ্লোগান দিয়া এনে বহু নেতা-পালিনেতাই মহিলাৰ সন্মান হানি কৰা পৰিলক্ষিত হয়। তেন্তে এই কথাবোৰেই প্ৰমাণ নকৰে নে ভাৰতীয় সমাজখনৰ এক ফোপোলা স্বৰূপৰ কথা?
এইবাৰ আহিছোঁ স্বাস্থ্য খণ্ডলৈ। ভাৰতৰ স্বাস্থ্য বিভাগৰ এখন সঁচা ছবি দাঙি ধৰিবলৈ সক্ষম হৈছে উক্ত চিনেমাখনে। মত্তোৰ ঘৈণীয়েকৰ পেটৰ বিষ, মানুহজনীয়ে বিষত কেঁকাই আছে। মত্তোয়ে চাইকেলেৰে তেওঁক ওচৰৰ স্বাস্থ্য কেন্দ্ৰলৈ লৈ গৈছে। তাত বিষত কেঁকাই থকা মানুহজনীক বিছনাখনত শুৱাই থৈছে৷ কিন্তু চিকিৎসক নাই। মানুহজনীৰ কেঁকনি বাঢ়ি যোৱাত মাত্তোয়ে চিকিৎসকজনৰ ঘৰৰ দৰ্জাত থপৰিয়াই মাতিব লগাত পৰিছে। চিকিৎসকজন আহি ৰোগীক চহৰলৈ নিয়াৰ নিৰ্দেশ দিছে কিয়নো সেই স্বাস্থ্য কেন্দ্ৰটোত কোনোধৰণৰ সুবিধা উপলব্ধ নাই। চহৰৰ চিকিৎসালয়লৈ নিয়া দৃশ্যটো মন কৰিবলগীয়া। চুবুৰীয়া ল’ৰা এজনে আৰু মত্তোৱে ঘৈণীয়েকক মাজত বহাই লৈছে আৰু মত্তোৱে চেলাইনটো হাতেৰে দাঙি লৈ গৈছে। বৰ কৰুণ ভাৱে এই দৃশ্যটোৰ দৃশ্যায়ন কৰা হৈছে। এতিয়াও আমি বিভিন্ন সময়ত বাতৰি-কাকত, টেলিভিছনত তেনে খবৰ প্ৰায়েই পাই থাকোঁ, ঠেলা গাড়ীত উঠাই ৰোগীক চিকিৎসালয়লৈ নিছে, চিকিৎসাৰ অভাৱত ৰোগীৰ মৃত্যু, ইত্যাদি ইত্যাদি। চিনেমাখনত দেখা গৈছে যে চিকিৎসকে ৰোগীৰ কেইটামান টেষ্ট কৰাব দিছে কিন্তু কথাটো হ’ল তাৰে কেৱল দুটা টেষ্টহে চৰকাৰী চিকিৎসালয়খনত হ’ব— বাকীবোৰ বাহিৰত কৰাব লাগিব। চৰকাৰী টেষ্ট কৰা দৃশ্যটোত কেমেৰাই দেখুৱাইছে শতাধিক মানুহ। চলচ্চিত্ৰখনৰ এই দৃশ্যাংশই ভাৰতীয় চৰকাৰী চিকিৎসা ব্যৱস্থাটোৰ প্ৰকৃত স্বৰূপ উদঙাই দিছে৷
এজন মানুহ স্বাস্থ্যবান হৈ থাকিবৰ বাবে যি পৰিমাণৰ পুষ্টিৰ প্ৰয়োজন হয় ভাৰতৰ প্ৰায় ২৮.৭% মানুহেই সেইখিনি পাবলৈ সক্ষম নহয়। শেহতীয়াকৈ ২০২৩ চনৰ গ্ল’বেল হাংগাৰ ইনডেক্সত ভাৰতক ১২৫খন দেশৰ ভিতৰত ১১১ নম্বৰ স্থান দিয়া হৈছে। ইয়াৰ দ্বাৰা দেশৰ বাবে ক্ষুধাৰ তীব্ৰতাৰ মাত্ৰা ‘গুৰুতৰ’ হোৱাৰ ইংগিত পোৱা যায়। পূৰ্বৰ বছৰৰ ১০৭ (২০২২) ৰেংকৰ পৰাও নিম্নগামী হোৱা পৰিলক্ষিত হৈছে। চলচ্চিত্ৰখনৰ কেইটামান দৃশ্যাংশৰ মাজেৰে এই কথাটো পৰিচালকে প্ৰাঞ্জলভাৱে উপস্থাপন কৰিছে৷ দৈনিক মজুৰিৰ বাবে কাম কৰা শ্ৰমিক এজনৰ বাবে এদিন কাম নাপালেই পেট পূৰাই এসাজ খাবলৈকো টান হৈ পৰে। মত্তোৰ ক্ষেত্ৰতো একে ঘটনাই ঘটিছিল। মত্তোৰ সৰু ছোৱালীজনীয়ে অলপ খাদ্য বেছিকৈ বিচৰাত মাক বিপাঙত পৰে কাৰণ তাইক দিলে মত্তো আৰু তেওঁলৈ নাথাকে। তেতিয়া ডাঙৰ ছোৱালীজনীয়ে মাকৰ অৱস্থাটো বুজি তাইৰ থালখন ভনীয়েকৰ পিনে আগবঢ়াই দিয়ে। আনহাতে মত্তোৰ ঘৈণীয়েক হাস্পতালত থকা অৱস্থাত তেওঁৰ বাবে ডালিম কিনিবলৈ যায় যদিও দামৰ বাবে কিনিব নোৱাৰে, মৌচম্বী কিনিব খোজে কিন্তু নোৱাৰে। শেষত উপায় নাপায় চিকু এক পোৱা লয়। মত্তোৰ ডাঙৰ ছোৱালীজনীয়ে ওচৰৰে খেতি এডৰাৰ পৰা কেইটামান ভেণ্ডি ছিঙে কিন্তু খেতিৰ মালিকে দেখা পাই তাইৰ লগতে মত্তোকো চোৰ বুলি নিন্দা কৰে। খাদ্যৰ অভাৱত মত্তোয়ে তেওঁৰ ঘৈণীয়েকৰ ৰূপৰ কাণফুলিযোৰো বেছিব লগাত পৰে।
এইবাৰ আহিল সংবিধান প্ৰদত্ত সমতাৰ কথা, ‘আইন সকলোৰে বাবে সমান’ নামৰ শ্লোগানটোৰ কথা। মত্তোৰ পুৰণি চাইকেলখন ট্ৰেক্টৰ এখনে চেপেটা কৰি থৈ গ’ল। মত্তোৰ কাৰণে চাইকেলখন এখন মাৰচিডিচতকৈও মূল্যবান। তেও তাৰ একো বিচাৰেই নহ’ল। নতুন চাইকেলখন চুৰি হ’লত মত্তোৱে দৌৰি দৌৰি গৈ ৰাতিৰ পহৰাদাৰী পুলিচক জনালে। পুলিচে লগে লগে বিচাৰি নগৈ থানাত কমপ্লেইন কৰিব দিলে। বিচাৰি যোৱাহেঁতেন মত্তোৱে ভবাৰ দৰে পালেহেঁতেন। সেয়া নকৰি পুলিচে তাকহে গালি দিলে। থানাত কি হ’ল— এপ্লিকেচন এখন লৈ পঠিয়াই দিয়া হ’ল। পুলিচৰ ব্যৱহাৰ এনেকুৱা যেন তেওঁলোক মানুহে নহয়। ইয়াৰ পাছত মত্তো গ’ল প্ৰধানৰ ওচৰলৈ। মত্তোৰ আশা— প্ৰধানে ক’লে পুলিচে কিবা এটা কৰিব। কিন্তু তাতে প্ৰধানৰ ধেমাধৰা এটাৰ গতা খালে। সিদিনা আছিল স্বাধীনতা দিৱস। বেকগ্ৰাউণ্ডত national anthem কৰুণভাৱে বাজিছিল। বৰ্তমান সময়ছোৱাত আইনী ব্যৱস্থা কেৱল সেইবোৰৰ বহতীয়া যি অৰ্থনৈতিকভাৱে সচ্ছল আৰু ৰাজনৈতিকভাৱে প্ৰতিপত্তিশালী। গতিকে মত্তোৰ দৰে এজন খাটি খোৱা মানুহৰ সমস্যাৰ সমাধান উলিওৱাৰ কাৰো হাতত সময় নাই। কিন্তু সেই মানুহখিনি নহ’লেই আমাৰ নচলে। এই মানুহখিনিয়ে প্ৰতিদিনে কোনো প্ৰশংসাৰ আশা নকৰি অতি কম পাৰিশ্ৰমিকত হাড় ভগা পৰিশ্ৰম কৰি যায় কিন্তু সমাজখনে কেতিয়াও তেওঁলোকৰ কামৰ মৰ্যদা নিদিয়ে।
চিনেমাখনত প্ৰতীকিভাৱে বহু বিষয়কেই উপলুঙা কৰিছে। এটা দৃশ্যত দেখা যায় যে ‘গাঁও প্ৰধান’ৰ নিৰ্বাচনত গাওঁবাসীয়ে এজন অৱসৰপ্ৰাপ্ত ফৌজীৰ বাবে প্ৰচাৰ চলাইছে। আশা এইটোৱেই যে তেওঁ গাওঁখনৰ উন্নতি কৰিব। এজন ল’ৰাই এডাল জখলাত উঠি পোষ্টাৰ লগাই লগাই ‘জিতেগা ভাই জিতেগা’ চিঞৰি থাকোঁতে বোকাত পৰি লুতুৰি-পুতুৰি হয়। কিন্তু আকৌ থিয় হৈ চিঞৰিবলৈ ধৰে ‘জিতেগা ভাই জিতেগা’। বৰ্তমান ভাৰতবৰ্ষত এনে এটা পৰিৱেশে গা কৰি উঠিছে যে মানুহে সকলো দেখি শুনিও বুজিবলৈ বাধ্য নহয়। পদুম ফুল দিম বুলি কদৰ্য বোকাত গতিয়াই পেলালেও যেন মানুহে সেই জনৰ ফালেই চিঞৰিব ‘জিতেগা ভাই জিতেগা’।
মত্তোৰ সংগ্ৰাম এখন চাইকেলৰ বাবে। কিন্তু প্ৰধানে ১ লাখ ৮০ হাজাৰেৰে এখন নতুন বাইক লৈছে, ২৭ লাখ টকাৰে চাৰিচকীয়া লৈছে আৰু মত্তোক প্ৰতিশ্ৰুতি দিছে তেওঁৰ এলেকাত নল বহুৱাব বুলি। মত্তোয়ে সেইটোতেই সন্তুষ্টি প্ৰকাশ কৰিছে। ৰাজনৈতিক নেতাবোৰে নিৰ্বাচনৰ সময়ত বিভিন্ন প্ৰতিশ্ৰুতি দিয়ে কিন্তু আচল লক্ষ্য নিজৰ প্ৰতিপত্তি বৃদ্ধি কৰা। প্ৰধানো তাৰ ব্যতিক্ৰম নহয়। শেষ মুহূৰ্তলৈ মত্তোয়ে আশা ৰাখিছিল যে প্ৰধানে সিহঁতৰ ভালৰ বাবেই কাম কৰিব, কিন্তু সেই আশা অৱশেষত ভাগি গৈছে।
মত্তোই কাম বিচাৰি খোজকাঢ়ি গৈ আছে। এখন পোষ্টাৰত লিখা আছে গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা বাণী। এখন ভেনত ওলমি মানুহ গৈছে যত মত্তোও আছে। গাড়ীখন এখন LICI ৰ গেটৰ তলৰে পাৰ কৰি নিয়া হৈছে। মত্তোৰ দৰে এচামৰ বাবে জীৱন বীমা চিন্তাৰ অগোচৰ। সেইদৰে পুৰণি ভঙা চাইকেলখন ভঙাৰ ভাওত বিক্ৰীৰ সময়ত ক্ল’জাপ শ্বটত মত্তো আৰু ডাঙৰ জীয়েকৰ মুখখন আছিল বৰ কৰুণ আৰু অসহায়। সৰু জীয়েকে লৈ থকা চাইকেলখনৰ বেলটোত ক্ল’জাপ শ্বটত দৃশ্যটো শেষ হৈছে।
অতি সৰলভাৱে এম গনিয়ে ভাৰত গণৰাজ্যত গণতন্ত্ৰৰ অৱস্থা কি, ইয়াৰ জনগণ কিদৰে বাৰে বাৰে প্ৰতাৰিত হৈ আহিছে সেই কথা ফুটাই তুলিছে। কাহিনীটোৰ গভীৰতা আৰু ইয়াৰ ৰাজনৈতিক দৃষ্টিকোণে চিনেমাখনক আৰু অধিক মনোগ্ৰাহী কৰি তুলিছে। মত্তো চৰিত্ৰত অভিনয় কৰা বিখ্যাত পৰিচালক, অভিনেতা প্ৰকাশ ঝাই এটা সাক্ষাৎকাৰত কৈছিল যে এই চৰিত্ৰটোৰ বাবে নিজক প্ৰস্তুত কৰিবলৈ তেওঁ বহু সময় শ্ৰমিকসকলৰ লগত কটাইছিল, আনকি কামৰ অপেক্ষাত ৰৈ থকা সেই শ্ৰমিকসকলৰ লগত থিয় হৈ থাকোঁতে এজন মানুহ আহি তেওঁৰ কাষত ৰৈছিল আৰু যাব নেকি সোধোঁতে তেওঁ মানুহজনৰ লগত গৈ তেওঁৰ কামখিনি কৰি আহিছিল আৰু বিনিময়ত পাইছিল ১১০ টকা। তেওঁ বিভিন্ন দেশত অনুষ্ঠিত বিভিন্ন অভিনয়ৰ কৰ্মশালাত অংশগ্ৰহণ কৰিছিল যাতে তেওঁৰ সহ অভিনেতা-অভিনেত্ৰীসকলৰ লগত যোগাযোগ ৰাখিবলৈ কি কি বিষয়ত গুৰুত্ব দিব লাগিব সেই কথা বুজিব পাৰে। এজন ভাল অভিনেতাইহে নিজক সেই পৰ্যায়লৈ লৈ যাব পাৰে।
সৰ্বশেষত ক’ব পাৰি, এনেধৰণৰ চিনেমাই জনগণক ৰাজনৈতিক, সামাজিক বিষয়ৰ প্ৰতি সতৰ্ক আৰু সচেতন কৰি তুলিব পাৰে।