শিল্প-কলা-সংস্কৃতি

মেক্সিকোৰ নৱোন্মেষৰ উপকথা : ফ্ৰিদা কা’লো আৰু টিনা ম’ড’টী-(নিখিলেশ্বৰ বৰুৱা)

ৰাজনৈতিক বিপ্লৱ আৰু শিল্পকলাৰ যি ঘনিষ্ঠ সম্পৰ্ক কুৰি শতিকাৰ প্ৰথম ভাগৰ মেক্সিকোত দেখা যায়, তেনে উদাহৰণ সমগ্ৰ বিশ্বৰ কলা বুৰঞ্জীতে বিৰল। সৰ্বসাধাৰণৰ এক স্বত:স্ফূৰ্ত বিপ্লৱৰ দ্বাৰা ভূস্বামীৰ শোষণ আৰু সামন্তবাদী শাসনক ক্ষমতাচ্যুত কৰাৰ পিছত মেক্সিকোৰ সামাজিক ৰাজনৈতিক পুণৰ্গঠন প্ৰক্ৰিয়াৰ এক বিশেষ অংগ আছিল শিল্পকলা, বিশেষকৈ ভিত্তিচিত্ৰ (Mural)সমূহ। এই সময়চোৱাক মেক্সিকোৰ নৱোন্মেষ (Mexican Renaissance) বোলা হয়। কিন্তু ভিত্তিচিত্ৰৰ মূল ধাৰাটোৱেই এই নৱোন্মেষৰ একমাত্ৰ চৰিত্ৰ নাছিল। অতি সবল আৰু প্ৰভাৱশালী এই মূলধাৰাৰ মাজত থাকিও এক স্বকীয় আৰু অন্তৰংগ ভাষাৰ শিল্প সৃষ্টিৰে বিৰল প্ৰতিভাৰ স্বাক্ষৰ ৰাখি থৈ যাবলৈ সক্ষম হৈছিল চিত্ৰশিল্পী ফ্ৰিদা কা’লো (Frida Kahlo, 1907-1954) আৰু আলোকচিত্ৰশিল্পী টিনা ম’ড’টী (Tina Modotti, 1896-1942)য়ে।

আপাততঃ ফ্ৰিদা কা’লো আৰু টিনা ম’ড’টীৰ শিল্পকৰ্মৰ মাজত কোনো সাদৃশ্য নাই যদিও দুয়োগৰাকী শিল্পীৰ পটভূমি আছিল সমান্তৰাল। দুয়ো সেই সময়ৰ সামাজিক-সাংস্কৃতিক পৰিবেশৰ দ্বাৰা প্ৰভাৱিত আছিল, আৰু বাওঁঁপন্থী দলৰ সদস্য হিচাপে দুয়ো মেক্সিকোৰ বিপ্লৱৰ স’তে ব্যক্তিগত ভাবে জড়িত আছিল। মেক্সিকোৰ মূ্লসূঁতিৰ শিল্পকৰ্মৰ আকাৰ আছিল বৃহৎ আৰু বিষয়বস্তু আছিল বিশাল আখ্যান (Grand Narrative)। তাৰ বিপৰীতে ফ্ৰিদা কা’লো আৰু টিনা ম’ড’টীৰ শিল্পকৰ্মৰ আকাৰ আছিল সাধাৰণ আৰু বিষয়বস্তুও আছিল সৰু সৰু উপাখ্যান।

ফ্ৰিদা কা’লো আৰু টিনা ম’ড’টী দুয়োৰে বাবে তেওঁলোকৰ শিল্পকৰ্ম আৰু ব্যক্তিগত জীৱনৰ সম্পৰ্ক আছিল অতি ঘনিষ্ঠ, আৰু দুয়োৰে জীৱনলৈ এনে একোটা পাক আহিছিল যি তেওঁলোকৰ সচৰাচৰ জীৱনৰ সূঁতিক ব্যাহত কৰি এক নতুন বাস্তৱৰ মুখামুখি কৰাইছিল। ওঠৰ বছৰ বয়সত স্কুল বাছৰ এক ভয়াবহ দুৰ্ঘটনাত ফ্ৰিদা কা’লোৰ মেৰুদণ্ড, তলপেটৰ হাড় (pelvic bone), আৰু সোঁভৰিৰ হাড় প্ৰায় টুকুৰা টুকুৰ হৈ গৈছিল। তাৰ ফলত তেওঁ আজীৱন দুৰ্বল স্বাস্হ্য আৰু দৈহিক পীড়াৰ ভুক্তভোগী হৈ পৰিছিল আৰু সন্তান জন্ম দিয়াৰ ক্ষমতা হেৰুৱাব লগীয়া হৈছিল। সেই দুৰ্ঘটনাৰ পিছত শয্যাশায়ী অৱস্থাতে তেওঁ ছবি আঁঁকিবলৈ আৰম্ভ কৰে। তেওঁৰ জীৱনজোৰা শিল্পচৰ্চা আছিল এই দৈহিক যন্ত্ৰণা আৰু মাতৃত্ব হেৰুৱাৰ বেদনাৰ শৈল্পিক প্ৰকাশ। টিনা ম’ড’টীৰ জীৱন সলনি কৰা পাকটো হ’ল তেওঁৰ মেক্সিকো আগমন। সেই সময়ৰ সামাজিক-সাংস্কৃতিক পৰিৱেশে বহু শিল্পী, বুদ্ধিজীৱীক মেক্সিকোলৈ আকৰ্ষিত কৰিছিল (উল্লেখযোগ্য যে বিদগ্ধ চিন্তাবিদ বিপ্লবী নেতা ট্ৰটস্কি (Leon Trotsky) ৰাছিয়াৰ পৰা দেশান্তৰিত হৈ শেষজীৱনত মেক্সিকোত আশ্ৰয় লৈছিল আৰু প্ৰায় দুবছৰ ফ্ৰিদা কা’লো আৰু ডিয়েগো ৰিৱেৰাৰ আলহী হৈ আছিল)। তেনে আকৰ্ষণেৰে টিনা ম’ড’টীও ১৯২৩ চনত মেক্সিকোলৈ আহি তাতে বসবাস কৰিবলৈ লয়। তাত তেওঁ বাওঁঁপন্থী দলৰ সদস্য হৈ ৰাজনৈতিক ঘটনাৰাজিৰ লগত জড়িত হৈ পৰে আৰু আলোকচিত্ৰক পেশা কৰি লয়। মেক্সিকোলৈ অহাৰ আগতে টিনা ম’ড’টী এগৰাকী মডেল আছিল আৰু হলিউদৰ নিৰ্বাক চলচিত্ৰত অভিনয়ো কৰিছিল। তেওঁৰ লগতে মেক্সিকোলৈ অহা প্ৰসিদ্ধ আলোকচিত্ৰশিল্পী এডৱাৰ্দ ৱেষ্টনে (Edward Weston) তোলা টিনা ম’ড’টীৰ নগ্ন দেহৰ এলানি আলোকচিত্ৰ বেছ জনাজাত হৈছিল। সেই দিশেৰে চাবলৈ গলে টিনা ম’ড’টীৰ জীৱনক কেমেৰাৰ সন্মুখৰ পৰা কেমেৰাৰ পিছফাললৈ কৰা এক যাত্ৰা বুলিব পাৰি।

ফ্ৰিদা কা’লো আৰু টিনা ম’ড’টীৰ পটভূমি সমান্তৰাল হ’লেও দুয়োৰে শিল্পকৰ্ম আছিল বিপৰীতমুখী। ফ্ৰিদা কা’লোৰ শিল্পৰ বিষয়বস্তু হ’ল তেওঁৰ ব্যক্তিগত জীৱন, তেওঁৰ শিল্পচৰ্চা অন্তৰমুখী। আনহাতে টিনা ম’ড’টীৰ শিল্পচৰ্চা বহিৰ্মুখী, বিষয়বস্তু ৰাজহুৱা পৃথিবী। এগৰাকীৰ শিল্পচৰ্চাৰ মূল উৎস আছিল ব্যক্তিগত সমস্যা, আনগৰাকীৰ ৰাজনৈতিক সমস্যা। তথাপি দুয়োৰে শিল্পকৰ্ম ভালকৈ চালে আন এটা দিশ ভাহি উঠে – কিদৰে ফ্ৰিদা কা’লোৰ ‘ব্যক্তিগত’ বিষয়বস্তুৱে ৰাজহুৱা সমস্যালৈ আঙুলিয়ায় আৰু কিদৰে টিনা ম’ড’টীৰ ‘ৰাজহুৱা’ বিষয়বস্তুৱে তেওঁৰ ব্যক্তিগত জীৱনক প্ৰতিফলিত কৰে।
ব্যক্তিগত/ঘৰুৱা আৰু ৰাজনৈতিক/ৰাজহুৱা এই দুটা বিপৰীত ভাগ কৰি পুৰুষপ্ৰধান ৰাজহুৱা ক্ষেত্ৰৰ বিষয়বোৰহে গুৰুত্বপূৰ্ণ আৰু নাৰীৰ সমস্যাবোৰ সাধাৰণ ঘৰুৱা কথা বুলি গণ্য কৰাতো এটা প্ৰচলিত পুৰুষসুলভ মনোবৃত্তি। এই মনোবৃত্তিয়ে কৰা ভাগ দুটা এই ধৰণৰ- নাৰী = স্থায়িত্ব/সাংসাৰিক কৰ্ত্তব্য/ব্যক্তিগত অনুভূতি/ঘৰুৱা শ্ৰম/হস্তকলা, পুৰুষ = তৰলতা/পেশাদাৰী কৰ্ত্তব্য/ৰাজহুৱা চিন্তাচৰ্চা/উপাৰ্জন মূলক শ্ৰম/শিল্পকলা। ঘৰুৱা/ব্যক্তিগত দেওনা পাৰ হৈ ৰাজহুৱা জীৱনত পুৰুষৰ সমানে সমানে খোজ দি নিজৰ অস্তিত্ব প্ৰতিপন্ন কৰাটো বহু মহিলা শিল্পীৰ (বা মহিলাৰ) এটা সহজাত প্ৰতিক্ৰিয়া। টিনা ম’ড’টীও সেই ধৰণৰ শিল্পী আছিল বুলি কব পাৰি। আনহাতে বহুতো মহিলা শিল্পীয়ে তেওঁলোকৰ ঘৰুৱা/ব্যক্তিগত অভিজ্ঞতাক (সচেতন বা অৱচেতন ভাবে) সৃষ্টিশীল কল্পনাৰ উৰ্বৰভূমি হিচাপে ব্যৱহাৰ কৰে। ফ্ৰিদা কা’লো সেই সকল শিল্পীৰ ভিতৰত অন্যতম।

ফ্ৰিদা কা’লোৰ কিছুমান ছবিত দেখা যায় এক নাৰীসুলভ উদযাপন, বিশেষকৈ তেওঁৰ ৰংবিৰঙৰ সাজ পোচাক পিন্ধা বা চৰাই, বান্দৰ আদিৰ সৈতে অকা আত্মপ্ৰতিকৃতি সমুহ। কিছুমান ছবিত এক তিক্ত আৰু বিদ্ৰুপজনক দৃষ্টি ফুটি উঠে- যেনে প্ৰসৱৰত নাৰীৰ ছবি (My Birth, 1932), চিকিৎসালয়ত শয্যাগত নগ্ন আত্মপ্ৰতিকৃতি (Henry Ford Hospital, 1932), শৰবিদ্ধ পহুৰ ৰূপত অঁকা আত্মপ্ৰতিকৃতি (The Wounded Deer, 1946), ইত্যাদি। নিজৰ শাৰীৰিক অৱস্থাক অতি সফল ৰূপত প্ৰকাশ কৰা তেওঁৰ এখন ছবি হ’ল The Broken Column (1944)। ইয়াত কঁকালৰ পৰা ওপৰভাগ উলংগ তেওঁৰ দেহাটোক দীঘে পথালিয়ে অনেক পেটীৰে বান্ধি ধৰি ৰখা হৈছে। পটভূমিত দেখোৱা মাটিৰ ভাঙোনবোৰৰ দৰে তেওঁৰ দেহৰ সোমাজতো এটা ঠিয় দীঘলীয়া গাঁত, সেই গাঁতৰ ভিতৰত মেৰুদণ্ডৰ সলনি ঠায়ে ঠায়ে ভাঙি পৰা গ্ৰীক স্থপতিবিদ্যাৰ এটা প্ৰসিদ্ধ খূঁটা। দুচকুত চকুলোৰ ঢল, গোটেই গাতে মাৰি থোৱা আছে অসংখ্য গজাল। ডিয়েগো ৰিৱেৰাৰ সৈতে বিবাহ বিচ্ছেদৰ পিছত অঁকা Self Portrait with Cropped Hair (1940) ফ্ৰিদা কা’লোৰ আন এক অনন্য সৃষ্টি। ইয়াত তেওঁ চকী এখনত বহি আছে, পিন্ধনত মতা মানুহৰ কোটচোলা আৰু পেণ্ট। কোট-পেন্টযোৰ তেওঁৰ জোখতকৈ ডাঙৰ, সম্ভৱত: ছবিখন অঁকাৰ সময়ত ৰিৱেৰাই এৰি থৈ যোৱা কাপোৰ এযোৰ পিন্ধি লৈছিল। চুলিবোৰ কাটি পেলোৱা হৈছে, কেঁঁচীখন এতিয়াও হাততে আছে। কাটি পেলোৱা দীঘল চুলিবোৰ তেওঁৰ গাত, চকীত, মাটিত, য’তে ত’তে পৰি আছে এলাগী হৈ।

ফ্ৰিদা কা’লোৰ বাবে তেওঁৰ বাস্তৱ জীৱন আৰু কল্পনাৰ জগতখন যেন একক আছিল। যিদৰে তেওঁ বাস্তৱিক পৰিস্থিতিক ছবিত প্ৰতিফলিত কৰিছিল তেনেদৰেই আভ্যন্তৰীণ জগত খনো সহজ ভাবে প্ৰকাশ কৰিব পাৰিছিল। ইয়াৰ বাবে তেওঁৰ প্ৰতীক, উপমা, আৰু ৰূপকৰ ব্যৱহাৰ অতি গুৰুত্বপূৰ্ণ। হৃদপিণ্ড, তলপেটৰ হাড়, সিৰা উপসিৰা, ভ্ৰুণ, তেজ- এই বোৰ ৰূপকৰ ব্যৱহাৰ বাৰম্বাৰ দেখা যায়। সেই দৰেই গছ, বন, লতা, পাত, শিপা, আদিৰ ব্যৱহাৰ বিশেষ অৰ্থপূৰ্ণ। কিছুমান ছবিত দেহৰ সিৰা উপসিৰা আৰু লতা শিপা অ‍াদি এক হৈ যায়।

ফ্ৰিদা কা’লোৰ শিল্পকৰ্মক মেক্সিকোৰ বাহিৰত চিনাকি কৰাই দিয়াত বিশেষ অৰিহণা যোগোৱা আদ্ৰেঁ ব্ৰেটনে ( André Breton) এশাৰী কথাৰে তেওঁৰ জীৱন জোৰা শিল্পকৰ্মক সুন্দৰ ভাবে প্ৰকাশ কৰিছে – “the art of Frida Kahlo is a ribbon around a bomb”।

মেক্সিকোৰ নৱোন্মেষৰ প্ৰতি আকৰ্ষিত হৈ বহু শিল্পী সেই সময়ত মেক্সিকোলৈ আহিছিল যদিও তেওঁলোকৰ বাওঁপন্থী আন্দোলন বা চিন্তাধাৰাৰ প্ৰতি বিশেষ আগ্ৰহ নাছিল। এটা সময়ত তেওঁলোক নিজ নিজ দেশলৈ ঘূৰি গৈছিল। আনহাতে টিনা ম’ড’টী বাওঁঁপন্থী বৈপ্লৱিক পৰিৱেশৰ লগত সহজে মিলি যাব পাৰিছিল। মেক্সিকোৰ ৰাজনৈতিক আৰু সাংস্কৃতিক সমাজেও তেওঁক অন্তৰেৰে আদৰি লৈছিল। বিভিন্ন সময়ত বিভিন্ন দেশত বসবাস কৰা টিনা ম’ড’টীয়ে প্ৰাপ্তবয়স্ক জীৱনৰ আটাইতকৈ বেছি সময়, দহ বছৰ, মেক্সিকোত কটাইছিল। দুখীয়া, দুৰ্ভগীয়া, আৰু শোষিত সকলৰ প্ৰতি সমভাৱ তেওঁৰ স্বাভাৱিক প্ৰতিক্ৰিয়া আছিল, যাৰ প্ৰতিফলন তেওঁৰ শিল্পকৰ্মত দেখিবলৈ পোৱা যায়।

টিনা ম’ড’টীৰ আলোকচিত্ৰ সমূহক তিনিটা ভাগত ভাগ কৰিব পাৰি। প্ৰথম ভাগটো হ’ল সেই সময়ৰ বিপ্লৱৰ তথ্যসূচক আলোকচিত্ৰ। এই লানি আলোকচিত্ৰৰ বিষয়বস্তু হ’ল বৈপ্লৱিক সভা-সমিতি, কৃষক শ্ৰমিকৰ সমদল, পৰিশ্ৰমৰত শ্ৰমিক, বাওঁঁপন্থী বাতৰি কাকত পঢ়ি থকা শ্ৰমিক, ইত্যাদি। আন এলানি আলোকচিত্ৰৰ বিষয়বস্তু আছিল নাৰী – মাতৃ আৰু শিশু, পানী কঢ়িয়াই থকা ছোৱালী, মূৰত পাচি কঢ়িয়াই থকা মহিলা, কৰ্মৰত মহিলাৰ হাত, বাটত শুই থকা দুখীয়া ছোৱালী, ইত্যাদি। পুৰুষ শিল্পীৰ সৃষ্টিত নাৰীক সাধাৰণতে সৌন্দৰ্য্যৰ স্বৰূপ বা চাক্ষুস উপভোগৰ সামগ্ৰী ৰূপে উপস্হাপন কৰা দেখা যায়। টিনা ম’ড’টীৰ সৃষ্টিত নাৰীদেহৰ সৌন্দৰ্য চৰ্চা নাছিল, তেওঁৰ শিল্পৰ নাৰী আছিল কঠিন জীৱনযুদ্ধত সংগ্ৰামৰত নাৰী। কেতিয়াবা তেওঁ নাৰীগৰাকীৰ কাৰ্যক হে তুলি ধৰিছিল, অবয়ৱটো নহয়। যেনে কাপোৰ ধুই থকা হাত, পুতলা নচুৱাই থকা হাত, আদিৰ আলোকচিত্ৰ। সেই দৰে Pregnant Woman Carrying a Child -ত কোলাৰ উলংগ কেঁচুৱাটোৰ সৈতে নাৰীগৰাকীৰ গৰ্ভৰত পেটতো আৰু কেঁচুৱাটো ধৰি থকা হাতখনহে দেখা যায়, নাৰীগৰাকীৰ মুখ আদি দেহৰ অন্যান্য অংগ চিত্ৰৰ বাহিৰত।
টিনা ম’ড’টীৰ আন এলানি অতি সবল সৃষ্টি আছিল মেক্সিকোৰ বিপ্লৱৰ প্ৰতীক স্বৰূপ কিছুমান উপাদান লৈ তোলা আলোকচিত্ৰ, য’ত চিত্ৰশিল্পীয়ে স্থিৰচিত্ৰৰ বাবে কিছুমান বস্তু সজাই লোৱাৰ দৰে কিছুমান বিশেষ বস্ত একগোট কৰি লোৱা হৈছিল। সেই বিশেষ বস্তবোৰ আছিল মেক্সিকোৰ সাধাৰণ মানুহ তথা বিপ্লৱৰ একো একোটা ৰূপক- থলুৱা জাপি/টুপী, মাকৈ, গীটাৰ, কাঁচি হাতুৰী, বুলেটৰ পেটী, ইত্যাদি। গাইগুটীয়াকৈ এইবোৰ সাধাৰণ বস্তু আছিল, যিধৰণে এইবোৰক ঠোপ কৰা হৈছিল সিয়ে বাঙ্ময় কৰি তুলিছিল। ইমান কম আৰু সাধাৰণ উপাদানেৰে এটা বিশাল বৈপ্লৱিক প্ৰক্ৰিয়া প্ৰকাশ কৰাত তেওঁ সফল হৈছিল তেওঁৰ ৰচনাত্মক পৰিপক্কতাৰ জৰিয়তে।

টিনা ম’ড’টীৰ শিল্পকৰ্মৰ আৱেদন আছিল দুতৰপীয়া। প্ৰথম তৰপটো আছিল দৃশ্যগত আৰু গাঁঠনিমূলক। তেওঁৰ শিল্পৰ গাঁঠনি আছিল সংযত, য’ত কোনো উপৰুৱা উপাদান নাছিল। সেয়েহে তেওঁৰ আলোকচিত্ৰৰ আৱেদন নিভাঁজ আৰু পোনপটীয়া। আনটো তৰপ হ’ল তেওঁৰ বিষয়বস্তু, যি আছিল সামাজিক/ৰাজনৈতিক আৰু মানৱতাধৰ্মী। কিন্ত্ত প্ৰচাৰমূলক বা উপদেশমূলক হৈ তেওঁ শিল্পৰ নান্দনিক গুণটোক জলাঞ্জলী দিয়া নাছিল।টিনা ম’ড’টীৰ মৃত্যুত বিশিষ্ট কবি পাবলো নেৰুদাই শ্ৰদ্ধাঞ্জলী জনাই লিখিছিল

They will pass one day by your little tomb
before yesterday’s roses are withered
the sreps of tomrrow will pass by to
see where your silence is burning.

a world marches to the place where you were going, sister,
the songs of your mouth advance each day
in the mouths of the glorious people that you loved,
your heart was brave.

in the old kitchens of your country, on the dusty
roads, something is said and passes on,
something returns to the flame of your golden people,
something awakes and sings.

they are your people, sister: those who speak your name,
we who from everywhere, from the water and the land,
with your name leave unspoken and speak other names,
because fire does not die.

because fire does not die.

Leave a Reply

Your email address will not be published. Required fields are marked *