মিডব্ৰেইন এক্টিভেচন: প্ৰৱঞ্চনাৰ নতুন জাল- (বৰ্ণালী বৰুৱা দাস)
মহাদুষ্টৰ দুষ্টবুদ্ধি
ভবেন্দ্ৰনাথ শইকীয়াৰ সঁফুৰাৰ জনপ্ৰিয় চৰিত্ৰ মহাদুষ্টৰ এটা দুষ্টবুদ্ধিৰ কথাৰেই আৰম্ভ কৰোঁ। মহাদুষ্টই এবাৰ বন্ধু এজনৰ লগ লাগি তৃতীয় ব্যক্তি অৰ্থাৎ দৰ্শকক একেবাৰে হতবাক কৰি পেলাইছিল। বুদ্ধিটোৰ কথাখিনি নিজৰ ভাষাত লিখিলে এনেকুৱা হয়—
মহাদুষ্টই বন্ধু এজনৰ চকুত ক’লা কাপোৰ বান্ধি এটা কোঠালীত থাকিবলৈ দিয়ে। আন এটা কোঠালীত এজন তৃতীয় ব্যক্তিক অৰ্থাৎ দৰ্শকক কিবা এটা বস্তু চুবলৈ দিয়ে। দৰ্শকজনে ধৰক কোঠালীত থকা এটা কমলাকে হাতত ল’লে। মহাদুষ্টই সিটো কোঠালীৰ চকু বন্ধা বন্ধুক উদ্দেশ্যি চিঞৰি চিঞৰি সোধে-
- ক চোন এই দাদাই কি চুইছে? কাগজ, কিতাপ, কলম, চুলি, কমলা, ফ’ন নে স্কেল? চকু বন্ধাজনৰ দেখাৰ কোনো উপায় নাই। এই কোঠালীৰ পৰা কোনোবা এজনে গৈ তেওঁক কৈ থৈ অহাৰো কোনো সুযোগ নাই। অথচ অলপো নোৰোৱাকৈ তেওঁ চিঞৰি উত্তৰ দিয়ে-
- কমলা।
দৰ্শক অবাক!! ই কেনেকৈ সম্ভৱ? অলপ পৰ ৰৈ তেওঁ ভাবিলে, কমলাটো টেবুলৰ ওপৰতে আছিল। সেইকাৰণেই সহজতে এইটোকে লৈছো বুলি সিজনে চাগে আন্দাজতে কৈ দিছে। এই ভাবি কোঠালীৰ চুক এটাৰ পৰা এগাল কিতাপৰ তলত থকা বহী এখন হাতত তুলি ল’লে। - এইবাৰ ক দাদাই কি চুইছে। কলম, কটাৰী, পেঞ্চিল, কাজল, বহী, লিপষ্টিক নে মাৰ সেন্দুৰৰ টেমা? মহাদুষ্টৰ চিঞৰ।
- বহী। এক পলকো নোৰোৱাকৈ চকুবন্ধাৰ উত্তৰ।
এনেকৈ বহুবাৰ বিভিন্ন ধৰণৰ বস্তু চুলতো চকুবন্ধাজনৰ পৰা প্ৰত্যেক বাৰতেই সঠিক উত্তৰ পোৱা গ’ল। দৰ্শক আচৰিত নহৈ পাৰে নে?
এইটো বুদ্ধি বিভিন্নজনে বিভিন্ন ধৰণেৰে প্ৰয়োগ কৰি দৰ্শকক মনোৰঞ্জন দিব পাৰে। মহাদুষ্টৰ এই বুদ্ধিটো আছিল তেনেই সৰল। আগতেই দুয়োজনৰ মাজত বুজাপৰা থাকে যে কি চুইছে প্ৰশ্নটো সোধোঁতে দিব লগা উত্তৰটোৰ আগত এটা ক’লা বস্তুৰ নাম কোৱা হ’ব। সেইমতে প্ৰথমবাৰ ‘কমলা’ শব্দটোৰ আগত ‘চুলি’ শব্দটো আছিল। পাছৰবাৰ ‘বহী’ৰ আগত আছিল ‘কাজল’ শব্দটো।
সহায়কাৰীৰ সৈতে বুজাবুজি, কৌশল, আৰু অনুশীলনেৰে পৰিপক্ক মেজিক:
এনেকুৱা আগতীয়া বুজাবুজি আৰু সুনিপুণ কৌশলৰ দ্বাৰা বহুতো সুন্দৰ সুন্দৰ মেজিক দেখুৱাব পাৰি। কিবা এখন কাৰ্ড টানিবলৈ দি কোনখন কাৰ্ড টানিছিল সেইটো নেদেখাকৈ কৈ দিয়া, কোনোবা এখন কিতাপৰ পৰা এটা পৃষ্ঠাৰ ওপৰৰ আখৰটো যাদুকৰে নেদেখাকৈ মনে মনে পঢ়িবলৈ দি পাছত কি আখৰ আছিল সঠিকভাৱে কৈ দিয়া, চিল কৰি বন্ধ কৰা খামৰ ভিতৰত কি লিখা আছে কৈ দিয়া, চকু বন্ধা অৱস্থাত দৰ্শকৰ মাজৰ কাৰোবাৰ পোছাকৰ ৰং কৈ দিয়া, মহিলা নে পুৰুষ কৈ দিয়া, আদি বিভিন্ন যাদু প্ৰদৰ্শন আমি প্ৰায়েই দেখোঁ।যাদুকৰসকলে এইবোৰক মাইণ্ড ৰিডিং (Mind reading) বা থট ৰিডিং (thought reading) নাইবা টেলিপেথিৰ খেল বুলি কয়। যিকোনো সৰু সুৰা অখ্যাত যাদুকৰৰ পৰা আৰম্ভ কৰি বিশ্ব বিখ্যাত যাদুকৰলৈকে প্ৰায় সকলোৱে তেওঁলোকৰ যাদু প্ৰদৰ্শন কাৰ্যসূচীত এইবিধ কৌশলৰ এটা নহয় এটা খেল ৰাখেই। কাৰণ দৰ্শকৰ সৈতে প্ৰত্যক্ষ সংযোগ স্থাপনেৰে তেওঁলোকৰ মন জয় কৰিবলৈ ইয়াতকৈ উপযুক্ত কৌশল হয়তো কমেই ওলাব। তেওঁলোকে সৃজনীশীলতাৰে কৌশলবোৰ ঢাকি দৰ্শকৰ আগত অতি নাটকীয়ভাৱে খেলবিধ প্ৰদৰ্শন কৰে। তেনে দুটামান প্ৰদৰ্শনৰ কথা থোৰতে উল্লেখ কৰিলে পাঠকৰ সুবিধা হ’ব।
১) বন্ধ খামৰ ছবি আৰু ইউৰি গেলাৰ:
নিজকে এজন অতীন্দ্ৰিয় ক্ষমতাৰ অধিকাৰী বুলি দাবী কৰা ইউৰি গেলাৰ (Uri geller) মূলতঃ বিখ্যাত হৈছিল তথাকথিত মানসিক শক্তিৰ প্ৰয়োগত চামোচ বেঁকা কৰা যাদু প্ৰদৰ্শনৰ দ্বাৰা। আনকি তেনে চামোচে ‘গেলাৰৰ চামোচ’ আখ্যাই পাইছিল। তাৰ আঁৰৰ কৌশল পাছত বিভিন্নজনে উন্মোচন কৰে। সি যি নহওক, গেলাৰে বিভিন্ন আন্তৰ্জাতিক মঞ্চত আৰু এটা বিস্ময়কৰ কাম কৰি সকলোকে হতবাক কৰিছিল। দৰ্শকৰ ফালৰ পৰা এটা ডাঠ খামত এখন ছবি ভৰাই ছীল কৰি দিয়া হয়। খামটো আনকি তীব্ৰ পোহৰৰ বিপৰীতে তুলি ধৰিলেও ভিতৰৰ ছবি স্পষ্ট নহয়। ইউৰি গেলাৰে বন্ধ খামটোৰ ছীল নোখোলাকৈয়ে তাত কিহৰ ছবি আছে সঠিকভাৱে কৈ দিয়ে।
গেলাৰে তেওঁৰ এই শক্তিক অতীন্দ্ৰিয় দৃষ্টি বুলি কয় যদিও আন এজন বিখ্যাত মঞ্চ যাদুকৰ জেমছ ৰেন্দিয়ে (James Randy) তেওঁক প্ৰত্যাহ্বান জনাই যাদু কৌশলৰ দ্বাৰা একে প্ৰদৰ্শন কৰি দেখুৱায় আৰু কয় যে তাত কোনো অতীন্দ্ৰিয় শক্তি নাই। জেমছ ৰেন্দি আছিল আজীৱন যুক্তিবাদী।
সদ্য প্ৰয়াত যুক্তিবাদী প্ৰবীৰ ঘোষেও বহুবাৰ এই প্ৰদৰ্শন কৰি দেখুৱাইছে। বন্ধ খামটো ক্ষন্তেকৰ বাবে ১০০% বিশুদ্ধ ইথাইল এলকহলত ডুবাই দিলে লগে লগে স্বচ্ছ হৈ ভিতৰৰ ছবি জিলিকি উঠে।কিছু সময়ৰ পাছতেই এলকহলখিনি উৰি খামটো আকৌ অস্বচ্ছ হৈ পৰে। প্ৰদৰ্শনকাৰীয়ে দৰ্শকৰ মনোযোগ ক্ষন্তেকৰ বাবে আঁতৰাই ক্ষীপ্ৰতাৰে কামটো কৰে।
২) চকু বান্ধি মুদ্ৰাৰ চন কৈ দিয়া পিংকী:
পিংকী (ওৰফে পিনাকী) ঘোষ হ’ল যুক্তিবাদী প্ৰবীৰ ঘোষৰ পুত্ৰ। পিংকীৰ এঘাৰ বছৰ বয়সত দেউতাকৰ সৈতে তেওঁ এই খেল প্ৰদৰ্শন কৰিছিল। পিংকীৰ চকুত কাপোৰ বন্ধা থাকে। দেউতাকে উপস্থিত কাৰোবাৰ জেপৰ পৰা দিয়া এটা টকা হাতত লৈ দৰ্শকৰ ফালে দেখুৱায়। পিংকীয়ে চকু বন্ধা অৱস্থাতে সেই টকাৰ নম্বৰটো কৈ দিয়ে। এবাৰ প্ৰখ্যাত মনোবৈজ্ঞানিক ধীৰেন্দ্ৰনাথ গাংগুলিৰ ঘৰত বহা এক বৈঠকত দুই পিতা-পুত্ৰই দেখুওৱা এই খেলৰ বৰ্ণনা ‘অলৌকিক নয় লৌকিক’ (১ম, ১৯৮৬, পৃ: ১১৭) গ্ৰন্থৰ পৰা দিব পাৰি।
বৈঠকত গোট খাইছিল কলিকতাৰ বহুকেইজন নামজ্বলা চিকিৎসক, লিখক তথা অধ্যাপক। সকলোৰে নামসমূহ উক্ত গ্ৰন্থত উল্লেখ কৰা আছে। বৈঠকটোত পিংকীৰ চকু বান্ধি বেৰৰ ফালে মুখ কৰি বহিবলৈ দিয়া হয়। আনফালে এজনে নিজৰ পকেটৰ পৰা এটা মুদ্ৰা উলিয়াই তাৰ চনটো চকু বন্ধা পিংকীক ক’বলৈ দিয়ে। মুদ্ৰাৰ চনটো চাবলৈ উপস্থিতসকলে এজনে আনজনৰ হাতলৈ আগুৱাই দি থাকে। প্ৰবীৰ ঘোষে মুদ্ৰাটো নিজৰ হাতলৈ অনাৰ সময়ত কয়— “এনেধৰণৰ খেলা মই প্ৰথমে দেখুৱাওঁ শিৱপুৰৰ এজন বন্ধুৰ ঘৰত। তাৰ পাছত দেখুৱাইছিলোঁ গোৱাৰ হোটেলত। সঁচাকৈয়ে খুব ইণ্টাৰেষ্টিং খেলা।”
তেনেতে বেৰৰ ফালে মুখ কৰা পিংকীয়ে মাত দিলে— মুদ্ৰাটোৰ চন ১৯৭৯।
নক’লেও হ’ব উত্তৰটো আছিল ১০০ শতাংশই শুদ্ধ। কিন্তু কেনেকৈ? চকু বন্ধা অৱস্থাত, তাকো বহু দূৰৈত ৰৈ পাছফালে থকা কাৰোবাৰ পকেটৰ ভিতৰত থকা মুদ্ৰা এটাৰ চনটো দেখা জানো সম্ভৱ? প্ৰবীৰ ঘোষে নিজে উল্লেখ কৰিছে যে তেওঁ কথাৰ মাজেৰেই পিংকীলৈ কিছু সংকেত প্ৰেৰণ কৰিছিল, যিবোৰ সংকেতৰ পৰাই পিংকীয়ে উত্তৰটো দিয়ে।
প্ৰবীৰ ঘোষে সংকেতটো তাত উল্লেখ নকৰিলেও অলপ মন দি চালেই অনুমান কৰিব পাৰি যে তেখেতে কোৱা কথাকেইটাৰ মাজৰ বিশেষ কেইটামান শব্দৰ আদ্যাক্ষৰক সংখ্যালৈ ৰূপান্তৰ কৰি উত্তৰটো দিয়া হৈছে। শিৱপুৰৰ (Shibpur) অদ্যাক্ষৰ S, গোৱাৰ (Gowa) অদ্যাক্ষৰ ‘G’ আৰু ইণ্টাৰেষ্টিঙৰ (Interesting) অদ্যাক্ষৰ ‘I’। এই শব্দকেইটা নিশ্চয়কৈ ঘোষে বিশেষভাৱে প্ৰক্ষেপ কৰিছিল যাতে কোনকেইটা শব্দৰ অদ্যাক্ষৰক সংকেত ৰূপে ল’ব তাক বুজাত পিংকীৰ কোনো অসুবিধা নহয়। তাৰ পাছৰখিনি তেনেই সহজ। ইংৰাজী বৰ্ণমালাৰ ২৬ টা বৰ্ণৰ বাবে একাদিক্ৰমে ২৬ লৈকে সংখ্যাকেইটা দি ল’লেই হ’ল। ‘A’ ৰ বাবে ১, ‘B’ ৰ বাবে ২, ‘C’ ৰ বাবে ৩ এনেকৈ। সেই অনুসৰি শিৱপুৰৰ অদ্যাক্ষৰ ‘S’ ৰ বাবে ১৯, গোৱাৰ অদ্যাক্ষৰ ‘G’ ৰ বাবে ৭ আৰু ইণ্টাৰেষ্টিঙৰ অদ্যাক্ষৰ ‘I’ ৰ বাবে ৯। মুদ্ৰাৰ চনৰ উত্তৰ ওলাই গ’ল ১৯৭৯।
এনেকুৱা সংকেত প্ৰেৰণৰ ক্ষেত্ৰত কেতিয়াবা স্পৰ্শৰ সহায়ো লোৱা হয়। ক’ত বা কেনেকৈ স্পৰ্শ কৰিলে উত্তৰ কি হ’ব সি দুয়োজনৰ মাজত পূৰ্ব নিৰ্ধাৰিত হৈ থাকে।
৩) কলহ ভঙা খেল:
এই খেল আমাৰ চিৰ-পৰিচিত। চকুত কাপোৰ বান্ধি হাতত টাঙোন এডাল লৈ দূৰৈত থকা কলহ এটাত কোব মাৰি ভাঙিব লাগে। কতজনে যে ভুল দিশত টাঙোন লৈ গৈ দৰ্শকক হাঁহিৰ খোৰাক দিয়ে! কিন্তু তাৰ মাজতো শুদ্ধ দিশেৰে গৈ সঠিক ঠাইত টাঙোন মাৰি মানুহে পুৰস্কাৰ লৈ আহে। এই ক্ষেত্ৰত শৰীৰৰ ভাৰসাম্য বজাই ৰাখি উমানত সঠিক দূৰত্ব আগবাঢ়ি বহুতে সফল হয়। পিছে বহুতে আকৌ নিজৰ নাকটোৰ কৃপাতো কলহত টাঙোন শোধাব পাৰে। চকুত কাপোৰ বান্ধোতে কেতিয়াবা তলফালে অকণমান ফাঁক ৰৈ যায়। বিশেষকৈ জোঙা নাকৰ ব্যক্তিৰ উঠি থকা নাকৰ বাবে বেছ ভাল ছিদ্ৰই সৃষ্টি হয়। সেই ছিদ্ৰপথেৰে পোহৰ ঠিকেই চকুত প্ৰৱেশ কৰে। এই খেলটোত এনেকৈ নাকৰ কৃপাত পুৰস্কাৰ পোৱা খেলুৱৈৰ সংখ্যাও কিন্তু কম নহয়। ইয়াকো আমি এক কৌশল বুলিয়েই ধৰিব পাৰোঁ।
৪) দৰ্শকৰ নীলা চোলা:
যাদুৰ মঞ্চত যাদুকৰৰ সহযোগী এজনক চকু বান্ধি যাদুকৰে নানা প্ৰশ্ন সোধে। আনকি কেতিয়াবা দৰ্শকৰ মাজলৈ যাদুকৰজন সোমাই গৈ যাদৃচ্ছিকভাৱে যি কোনো এজন দৰ্শকৰ বিষয়ে কৰা যি কোনো প্ৰশ্নৰ সহযোগীয়ে সঠিক উত্তৰ দিয়ে। এই খেলাটোও যথেষ্ট জনপ্ৰিয় আৰু প্ৰচলিত। ইয়াতো প্ৰথমেই উল্লেখ কৰা দুয়োজনৰ মাজত আগতীয়া বুজাবুজিয়েই মূল। বহুতে প্ৰশ্নবোৰৰ উত্তৰ আগতীয়াকৈ একাদিক্ৰমে সজাই থয়। সেই ক্ৰম অনুসৰিহে প্ৰশ্ন কৰা হয়। তাকে ইমান নাটকীয়ভাৱে প্ৰদৰ্শন কৰা হয় যে দৰ্শক আভুৱা লাগে। যেনে:
- যাদুকৰ: কোৱাচোন এই দৰ্শকজনে কি ৰঙৰ চোলা পিন্ধি আছে?
- চকুবন্ধা সহযোগী: নীলা (কাৰণ নীলা চোলা পিন্ধাজনৰ ওচৰলৈ যোৱাটো আগৰে পৰাই ঠিক কৰি থোৱা আছিল)
- যাদুকৰ: কোৱাচোন, এই বাইদেৱে কি ৰঙৰ কাপোৰ পিন্ধিছে?
- চকুবন্ধা সহযোগী: তেখেত বাইদেউ নহয়, দাদাহে (এই উত্তৰো পূৰ্ব নিৰ্ধাৰিত)
সৃজনীশীল যাদুকৰে এনে নাটক অভিনৱভাৱে প্ৰদৰ্শন কৰিব পাৰে।
ক্লেয়াৰভয়েঞ্চৰ পৰা মিড-ব্ৰেইন এক্টিভেচনলৈ
মহাভাৰতৰ সঞ্জয়ৰ কথা মনত আছে নে? অন্ধ ধৃতৰাষ্ট্ৰৰ কাষত বহি যে নিজৰ দিব্যদৃষ্টিৰে কুৰুক্ষেত্ৰ-যুদ্ধৰ ‘লাইভ টেলিকাষ্ট’ কৰি আছিল। সৰুতে তেনে অলৌকিক কাহিনী শুনি কিমান যে মজা লাগিছিল। পিছে তেনে অলৌকিক কাহিনীকে সঁচা বুলি প্ৰচাৰ কৰা মানুহ এতিয়াও নোহোৱা নহয়। বহুতো সাধু-সন্যাসীয়ে নিজকে তেনে দিব্য দৃষ্টিৰ অধিকাৰী বুলি দাবী কৰি মানুহৰ সৰল বিশ্বাসৰ সুবিধা লয়। এনে দিব্যদৃষ্টিৰ ধাৰণা কেৱল আমাৰ দেশতে নাই। পৃথিৱীৰ বিভিন্ন ঠাইত আছে। এই ধাৰণাক কোৱা হয়— ক্লেয়াৰভয়েঞ্চ। ফৰাচী শব্দ Clair (Clear) আৰু Voyance (Vision) শব্দ দুটা লগ লাগি হৈছে Clairvoyance। এইধৰণৰ অলৌকিকতাক এচামে পেৰা-চাইক’লজী নামৰ ছদ্মবৈজ্ঞানিক ক্ৰিয়া কলাপৰ শাখাত চৰ্চা কৰে।
পিছে এই অতীন্দ্ৰিয় শক্তি বা দিব্যদৃষ্টি বা ক্লেয়াৰভয়েঞ্চৰ যে আচলতে কোনো বৈজ্ঞানিক ভিত্তি নাই সি ইতিমধ্যে এক প্ৰতিষ্ঠিত সত্য। ওপৰত ইউৰি গেলাৰৰ প্ৰসংগত উল্লেখ কৰা জেমছ ৰেন্দিয়ে এনে দাবীদাৰসকলক কোনো কৌশলৰ অবিহনে তেওঁলোকৰ দাবী প্ৰমাণ কৰিব পাৰিলে ১০ লাখ আমেৰিকান ডলাৰ আগবঢ়াব বুলি ঘোষণা কৰিছিল। সমান্তৰালভাৱে ফ্ৰাঞ্চ, অষ্ট্ৰেলিয়া আৰু ভাৰতীয় সংগঠনেও তেনে প্ৰমাণকাৰীৰ বাবে শকত ধনৰ পুৰস্কাৰ ঘোষণা কৰি থৈছে। পিছে আজি পৰ্যন্ত কোনো আগবাঢ়ি আহিব পৰা নাই।
এতিয়া এইধৰণৰ ধাপ্পাবাজীবোৰেই আকৌ নতুন নামেৰে ধৰাধামত পদাৰ্পণ কৰিছেহি। নতুন নামটো হ’ল ‘মিডব্ৰেইন-এক্টিভেচন’। এই নামেৰে ইতিমধ্যে ভাৰতৰ কিছুমান ঠাইত ৫ বছৰৰ পৰা ১৫ বছৰ বয়সৰ ছাত্ৰ ছাত্ৰীৰ বাবে ক’চিং চেণ্টাৰ খুলি প্ৰৱঞ্চনাৰ জাল মেলি দিছে। অসমতো তেনে দুটিমান কেন্দ্ৰৰ কথা দুটামান নিউজ প’ৰ্টেলত প্ৰচাৰ কৰা দেখা গৈছে। তেওঁলোকে প্ৰচাৰ কৰিছে যে বিশেষ অনুশীলনৰ দ্বাৰা ছাত্ৰ ছাত্ৰীৰ মস্তিষ্কৰ মধ্য অংশ সক্ৰিয় কৰি তুলিব পাৰি, যাৰ ফলত তেওঁলোকৰ স্মৃতি শক্তি বাঢ়ে, পঢ়াত মনোযোগ বাঢ়ে, অন্তৰ্দৃষ্টি লাভ কৰে ইত্যাদি। আনকি মস্তিষ্ক এনেকুৱাকৈ সক্ৰিয় হয় যে চকু বান্ধিও কিতাপ পঢ়িব পাৰে।
নক’লেও হ’ব যে সন্তানৰ কেৰিয়াৰৰ বাবে যি কোনো ধৰণৰ কাম কৰিবলৈ সদা প্ৰস্তুত আজিৰ অভিভাৱকে এনে প্ৰৱঞ্চনাৰ জালত বিনা দ্বিধাই ভৰি দিছে। নিদিবনো কিয়? সন্মুখত প্ৰদৰ্শন কৰা হয় এনে এক কাৰচাজি, যাৰ আঁৰৰ কৌশল বুজি নাপালে তাক সত্য বুলি বিশ্বাস কৰাৰ সম্ভাৱনাই অধিক। তদুপৰি ‘মিডব্ৰেইন-এক্টিভেচন’ শব্দকেইটাতো লাগি আছে এক বৈজ্ঞানিক গোন্ধ। ক্লেয়াৰভয়েঞ্চ, অতীন্দ্ৰিয় শক্তি, টেলিপেথী, দিব্যদৃষ্টি আদি শব্দবোৰতকৈ দেখাতেই ইয়াক অধিক বিজ্ঞানসন্মত যেন বোধ হয়। তাতে ক’চিং চেণ্টাৰৰ বেৰত বা বিজ্ঞাপনত আঁৰি দিয়া মানৱ মস্তিষ্কৰ অন্তৰ্ভাগৰ ছবি, মস্তিষ্কৰ বিষয়ে দিয়া দুই এটা বৰ্ণনাই মানুহক সহজেই প্ৰৰোচিত কৰে। তেওঁলোকে নিজৰ লুপথুপীয়া মস্তিষ্কটি ট্ৰেইনাৰৰ ওচৰত বন্ধকত থৈ সন্তানৰ মস্তিষ্ক সক্ৰিয়কৰণৰ ভাৰ সেই কেন্দ্ৰত নি:সংকোচে অৰ্পণ কৰে।
আমাৰ মগজুটোৰ কথা:
আমাৰ শৰীৰৰ সকলোবোৰ অংগ-প্ৰত্যংগৰ চাল-চলন, পঞ্চ ইন্দ্ৰিয়ৰ অনুভূতি, চিন্তা, স্মৃতি, আৱেগ ইত্যাদি সকলোবোৰৰে পৰিচালকজনেই হৈছে আমাৰ মগজুটো। এই মগজুটো আৰু তাৰ সৈতে সংলগ্ন হৈ থকা মেৰুদণ্ডডাল— এই দুয়োটাই গঠন কৰিছে আমাৰ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ বা চেণ্ট্ৰেল নাৰ্ভাছ চিষ্টেম। কেন্দ্ৰীয় স্নায়ুতন্ত্ৰত আকৌ ‘গ্ৰে’ মেটাৰ’ আৰু ‘হোৱাইট মেটাৰ’ৰ দুটা তৰপ থাকে। মগজুটোত গ্ৰে’ মেটাৰখিনি বাহিৰত থাকি হোৱাইট মেটাৰখিনিক ভিতৰত ৰাখে, আনহাতে মেৰুদণ্ডত আকৌ বাহিৰৰ ফালে হোৱাইটখিনি আৰু ভিতৰৰফালে গ্ৰে’খিনি থাকে। গ্ৰে’ মেটাৰ আৰু হোৱাইট মেটাৰ এই দুয়োটাৰে কাম বেলেগ বেলেগ।প্ৰথমটোৱে মগজুলৈ অহা সংবাদ এটা বিশ্লেষণ কৰা প্ৰক্ৰিয়াটো কৰে আৰু হোৱাইট মেটাৰে সেই তথ্যটো স্নায়ুতন্ত্ৰৰ অন্যান্য অংশলৈ প্ৰেৰণ কৰে। মগজুৱে কিছুমান ৰাসায়নিক আৰু বৈদ্যুতিক সংকেতৰ ৰূপত সমগ্ৰ শৰীৰলৈ সংবাদ প্ৰেৰণ কৰে আৰু সেই একে ৰূপতে বিভিন্ন অংশৰ পৰা মগজুলৈও সংবাদবোৰ আহে।
বহলভাৱে মগজুটোক তিনিটা অংশত ভাগ কৰিব পাৰি-
- ১) চেৰিব্ৰাম (Cerebrum)
- ২) চেৰিবেলাম (Cerebellum) আৰু
- ৩) ব্ৰেইন ষ্টেম (Brainstem)
চেৰিব্ৰাম অংশটো আমাৰ খোজ কঢ়া, কথা কোৱা, চিন্তা কৰা আদি বহুখিনি কামৰ লগতে দৃষ্টিশক্তিকে আদি কৰি আন ইন্দ্ৰিয় অনুভূতিবোৰৰ কামৰ সৈতে জড়িত।
চেৰিবেলাম নামৰ ক্ষুদ্ৰ অংশটো মূৰৰ পাছফালে থাকে। ইয়াৰ কাম হ’ল স্বেচ্ছামূলক পেশীৰ গতিবিধিৰ সমন্বয় সাধন কৰা আৰু আমাৰ শৰীৰটোৰ ভাৰসাম্য বজাই ৰখা। আমাৰ ভাবনা, আৱেগ, সামাজিক আচৰণ আদিৰ লগতো এই অংশৰ নিয়ন্ত্ৰণ আছে বুলি কোৱা হয়। ব্ৰেইন ষ্টেমৰ ওপৰৰ অংশত ই সংলগ্ন হৈ থাকে।
চেৰিব্ৰাম নামৰ মগজুৰ আটাইতকৈ ডাঙৰ অংশটোক যি মেৰুদণ্ডৰ লগত সংযোগ কৰি ৰাখে তাৰ নাম হৈছে ব্ৰেইনষ্টেম। এই ব্ৰেইনষ্টেমৰ আকৌ তিনিটা অংশ— মিডব্ৰেইন, প’ঞ্চ আৰু মেডুলা। ইয়াৰ ভিতৰত মিডব্ৰেইন অংশই আমাৰ বিভিন্ন অংগৰ লৰাচৰাৰ কামত, চকুৰ ইফাল-সিফাল কৰা কামত আৰু লগতে দেখা আৰু শুনা বস্তুৰ সংশ্লেষণ কৰাৰ কামত গুৰুতৰ ভূমিকা লয়। প’ঞ্চ অংশই আন কিছু কামৰ লগতে সেই দৃষ্টিশক্তি কেন্দ্ৰীভূত কৰাৰ কামত ভাগ লয়। তাৰ তলৰ মেডুলা অংশই মেৰুদণ্ডৰ সৈতে সংযোগ স্থাপন কৰি মিলি যায় আৰু আমাৰ জীৱন দায়িনী অনেক কাম যেনে উশাহ-নিশাহ লোৱা, হৃৎস্পন্দন আদি চলাই থকা ইত্যাদিত অংশগ্ৰহণ কৰে।
গতিকে দেখা যায় যে দৃষ্টিশক্তিৰ ক্ষেত্ৰত মস্তিস্কৰ কোনো বিশেষ এটা অংশৰহে কেৱল ভূমিকা নাই। অৰ্থাৎ কেৱল মিডব্ৰেইনৰে ভূমিকা নাই, চেৰিব্ৰাম অংশ আৰু ব্ৰেইনষ্টেমৰ প’ঞ্চ অংশৰো ভূমিকা সমানেই আছে।মস্তিষ্কৰ অংশবোৰৰ ই এক সমন্বিত প্ৰচেষ্টা। তদুপৰি মস্তিষ্কৰ এই অংশবোৰে দেখা কাৰ্যটো সম্পাদন কৰিবলৈ সেই সংবাদ প্ৰথমে চকুৰ স্নায়ুৰ দ্বাৰা তালৈ যাব লাগিব। চকুৱে বস্তু এটা দেখিবলৈ হ’লে তাত পোহৰ পৰি প্ৰতিফলন হ’ব লাগিব। ‘আমি কেনেকৈ দেখোঁ’— এই পৰিঘটনাটো চিত্ৰসহ হাইস্কুলীয়া বিজ্ঞানৰ পাঠ্যপুথিতেই থাকে। চকু দুটা ক’লা কাপোৰেৰে বান্ধি দিলে চকুৰ স্নায়ুৱে অন্ধকাৰৰ বাহিৰে আৰু নো কি সংবাদ মগজুলৈ পঠাব?
ইন্দ্ৰিয়ানুভূতি বঢ়াই তোলাৰ অনুশীলন:
পৰিচিত কোঠালী এটাত সম্পূৰ্ণ অন্ধকাৰতো আমি হাতেৰে খেপিয়াই কোন ঠাইত কি বস্তু আছে সঠিকভাৱে উলিয়াব পাৰোঁ। অন্ধকাৰতো কোঠাটোৰ পৰা ওলাই যোৱাৰ দুৱাৰখন কোন দিশে আছে তাৰ উমান লৈ আমি সেইফালে আগুৱাব পাৰোঁ। গতিকে বিশেষ কেতবোৰ খেলৰ সামগ্ৰী, পাজল, ছবি বা আখৰৰ কাৰ্ড আদি চুই চুই চিনাকি হৈ ল’লে, চকু বান্ধি দিলেও সেইবোৰ বস্তুৰ আকাৰ, আকৃতি, তাত থকা বিশেষ চিহ্ন কিছুমানৰ দ্বাৰা চিনাক্ত কৰা সম্ভৱ। দেশত চলি থকা সংবাদ প্ৰবাহৰ বিষয়ে আগতীয়া জ্ঞান থকা ছাত্ৰ ছাত্ৰীয়ে দৈনিক বাতৰি কাকত এখনত প্ৰকাশিত বাতৰিৰ দুই এটা শব্দ নিশ্চিতভাৱে অনুমান কৰিব পাৰিব। তাৰ লগত যদি কাষতে সহায়কাৰী এজনে স্পৰ্শৰে বা কথাৰে সংকেত দি থাকে তেতিয়াতো আৰু সহজ। চকু বন্ধনীৰ তলেৰে অকণমান ফাঁক ৰাখিলে তাতোকৈও সহজ হৈ পৰে।
কিন্তু এই কাম কৰি ছাত্ৰছাত্ৰীসকলৰ কোনোধৰণৰ লাভ নহয়। বৰং শিক্ষকৰ সহযোগতেই কম বয়সতে মিছা কথা কোৱাৰ ব্যুৎপত্তিহে অৰ্জন কৰে। এনে ছাত্ৰ-ছাত্ৰী পাছলৈও মিথ্যাচাৰী হোৱাৰ সম্ভাৱনা আছে। কাৰণ মিছা কথাৰে বীৰত্ব দেখুৱাই মানুহৰ হাত চাপৰি পাই তেওঁলোক সেই কামৰ প্ৰতি উৎসাহী হৈ উঠে।
যুক্তিবাদীৰ প্ৰত্যাহ্বান:
মিড-ব্ৰেইন-এক্টিভেচনৰ নামত মানুহক কৰা প্ৰৱঞ্চনাৰ বিৰুদ্ধে ৰাইজক সজাগ কৰাৰ কামত ভাৰতৰ বহু যুক্তিবাদী ব্যক্তি-সংগঠনে মাত মাতিছে। যুক্তিবাদৰ ছহীদ নৰেন্দ্ৰ দাভোলকাৰে প্ৰতিষ্ঠা কৰা ‘মহাৰাষ্ট্ৰ অন্ধ শ্ৰদ্ধা নিৰ্মূলন সমিতি’ (MANS) আৰু ভাৰতীয় যুক্তিবাদী সংস্থাৰ ফেডাৰেচনে (FIRA) ‘মিডব্ৰেইন এক্টিভেচন’ কাৰ্যসূচীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰাৰ লগতে স্কুলীয়া ছাত্ৰ-ছাত্ৰীক জিনিয়াছলৈ ৰূপান্তৰিত কৰা বুলি দাবী কৰা এনে প্ৰশিক্ষণ পাঠ্যক্ৰম চলোৱাসকলৰ বিৰুদ্ধে আৰক্ষী বিভাগত অভিযোগ পঞ্জীয়ন কৰিবলৈ সকলোকে আহ্বান জনাইছে।ভাৰতীয় যুক্তিবাদী সংস্থাৰ সভাপতি নৰেন্দ্ৰ নায়কে নিজৰ তত্ত্বাৱধানত চকু বান্ধি দিয়া শিশু এটিৰ দ্বাৰা কিতাপ পঢ়াৰ প্ৰদৰ্শন কৰাবলৈ এনে সংগঠনক প্ৰত্যাহ্বান জনায়। বিনিময়ত তেওঁ ৫ লাখ টকাৰ পুৰস্কাৰো ঘোষণা কৰে। কিন্তু কোনো আগবাঢ়ি অহা নাই। স্বাভাৱিকতেই প্ৰৱঞ্চনাৰ দ্বাৰা গোটোৱা ধনৰাশিৰ তুলনাত ৫ লাখ টকা তেওঁলোকৰ বাবে তেনেই নগণ্য।
এই সম্পৰ্কে নৰেন্দ্ৰ নায়কে ‘নিউজ ক্লিক ডট ইন’ত (Blindfolded Seeing: Story of a Scam, News Click, 26 Dec, 2019) সদৰি কৰে যে কেৰেলাৰ বিনোজ সুৰেন্দ্ৰন নামৰ এজনে এই প্ৰত্যাহ্বান গ্ৰহণ কৰিম বুলি ঘোষণা কৰে। সেই অনুসৰি ভাৰতীয় যুক্তিবাদী সংস্থাই কোঝিকোডৰ এটা প্ৰেক্ষাগৃহত এক ৰাজহুৱা সভাৰ আয়োজন কৰে।সকলো সংবাদ মাধ্যমতে এই সভাৰ কথা প্ৰচাৰ হয়। পিছে যথাসময়ত সুৰেন্দ্ৰন সভালৈ নাহিল। কিয়? তেওঁ জানিবলৈ দিয়ে যে, “শত্ৰুতাপূৰ্ণ পৰিৱেশত তেওঁৰ সন্তানে কাম কৰিব নোৱাৰে।” সুৰেন্দ্ৰন নামৰ ব্যক্তিজনৰ এই উক্তিটোৱেই সমগ্ৰ কাৰবাৰটোৰ বৈজ্ঞানিক ভিত্তি যে নাই তাক সুন্দৰকৈ প্ৰমাণ কৰে। নিজৰ সন্তানৰ সক্ৰিয় মগজুৰ প্ৰমাণ দিবলৈ অহা আৰু বহু অভিভাৱক পৰীক্ষাত বিফল হয়। এই কথাবোৰ প্ৰচাৰ হোৱাৰ লগে লগে বহুকেইটা প্ৰতিষ্ঠান বন্ধ হৈ পৰে।
চকু থাকিও নহ’বা কণা:
বৰ গভীৰলৈ নোযোৱাকৈও সাধাৰণ বুদ্ধিৰেই বিচাৰ কৰি চালে এনে জালিয়াতিৰ স্বৰূপ বুজিবলৈ বেছি সময় নালাগে। কিন্তু বৰ্তমান সমাজ ব্যৱস্থাই সৃষ্টি কৰা অবিবেচক প্ৰতিযোগিতাৰ দৌৰত সকলো মানুহ যেন চকু থাকিও অন্ধ হৈ পৰিছে। সুবিধাবাদী ব্যৱসায়ীয়ে বৰ সহজেই চকুৰ ওপৰত বান্ধি দিছে এলান্ধুকলীয়া অন্ধবিশ্বাসৰ তৰপ। সেয়েহে অভিভাৱকসকললৈ অনুৰোধ— চকু থাকিও অন্ধ নহ’ব। চকু দুটা বহলকৈ মেলি চাওক— কেনেকৈ চকুত ক’লা কাপোৰ বান্ধি সৰকাই লৈ আছে আপোনাৰ কষ্টোপাৰ্জিত ধন। তেনেকৈ মস্তিষ্কৰ কোনো অংশ সক্ৰিয় কৰি যদি চকুৰ অবিহনেই দেখা পোৱা সম্ভৱ তেনহ’লে অন্তত: আমাৰ সমাজত অন্ধত্বৰ সমস্যাটো সমাধান কৰাই হ’ব লাগিছিল সেইসকল প্ৰশিক্ষকৰ প্ৰথম কাম। অন্ধসকলৰ বাবে ব্ৰেইল পদ্ধতিৰ কিতাপ প্ৰস্তুত কৰাতকৈ তেওঁলোকৰ মিডব্ৰেইনটো সক্ৰিয় কৰি দিলেই সকলো কিতাপ সলসলাই পঢ়িব পাৰিলেহেঁতেন।
আশা কৰিছোঁ, এই লেখা পঢ়ি মিডব্ৰেইন পাঠ্যক্ৰম সম্পূৰ্ণ কৰা কোনোবা নহয় কোনোবা ছাত্ৰ ছাত্ৰী আগবাঢ়ি আহিব। চকু বান্ধি কিতাপ পঢ়াৰ আঁৰৰ প্ৰকৃত কৌশলৰ বিষয়ে সততাৰে ৰাইজক জনাব। এই সততাইহে তেওঁলোকক মানুহ হোৱাৰ প্ৰকৃত পথ দেখুৱাব।
এইটো লেখাৰ বাবে অপেক্ষা কৰি আছিলোঁ
লেখাটো অতি সময় উপযোগী হৈছে। মই এই খৱৰৰ্টো কিছু পলমকৈহে পাইছিলো। সমাজখনত দিনে দিনে নতুন নতুন ঠগ প্ৰবঞ্চনাই ভৰি পৰিছে।আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা অধিক।
দিনক দিনে বৃদ্ধি পাই অহা এই নতুন নতুন ঠগবাজি কৰ্মকাণ্ডবোৰৰ তলিৰ ফুটা উন্মোচন কৰাৰ লগে লগে ইয়াৰ আঁৰত থকা শক্তিবোৰ চিনাক্ত কৰাতো বৰ জৰুৰী হৈ পৰিছে। আমাৰ ব্যৱস্থাটো ইয়াৰ অনুকূলে থকাৰ বাবেই এনে বিষ গছবোৰ লহপহকৈ বাঢ়ি অহাৰ লগে লগে বংশ বৃদ্ধিও হয়। এই ব্যৱস্থাই এচাম মানুহক অতি ধনী কৰিছে আৰু এচামক দৰিদ্ৰতাৰ মাজলৈ ঠেলি দিছে। ফলত সহজে বৈতৰণি পাৰ হবৰ বাবে ধনী দুখীয়া দুয়োটা চামেই কম বেছি পৰিমাণে এই চক্ৰান্তৰ বলী হৈছে। টকা থকা চামটো দিনকদিনে টকাৰ বলত সকলো সম্ভৱ বুলি ভাবি একো একোজন ভাল গ্ৰাহক হৈ উঠিছে। মগজু বন্ধকত দি চমু ৰাস্তাৰে ধনৰ জোৰত অসাধ্য সাধন কৰিব বিচাৰিছে। দুখীয়া চামটোৱে টকাৰ অভাৱত পৰি সমস্যা সমাধানৰ বাবে ঐশ্বৰিক শক্তিৰ শৰণাপন্ন হৈছে। গোটেই প্ৰক্ৰিয়াটোত ৰাষ্ট্ৰ শক্তিয়ে বাধা প্ৰদান কৰাৰ বিপৰীতে সাৰ পানী যোগাই , গণশক্তিক সকলো প্ৰকাৰে দুৰ্বল কৰাৰ চক্ৰান্ত ৰচিছে।
এই ধৰণে ব্যৱস্থাটো চলি থাকিলে এই বোৰ কেতিয়াও নকমে, বৰং অতি শক্তিশালী ৰূপত নতুন নতুন বিষ গছ গজি উঠিব। মই ভাবো এই অন্ধ বিশ্বাসবোৰৰ বিৰুদ্ধে যুঁজখনত এই দিশটো অতি গুৰুত্বপূৰ্ণ। লেখাটোত এই দিশটো উপস্থাপন কৰাৰ প্ৰয়োজন আছিল । অন্যথা এনে চক্ৰান্তত মূল শত্ৰু লুকাই থাকি যাব….
মন্তব্যৰ বাবে অশেষ ধন্যবাদ।
কি পৰিবেশ-পৰিস্থিতিয়ে এনে প্ৰৱঞ্চনাবোৰ দ্ৰুত গতিত বাঢ়ি অহাত সহায় কৰিছে, সেই কথা বুজাত নিশ্চিতভাৱে পাঠকক এই মন্তব্যই কিঞ্চিৎ হ’লেও সহায় কৰিব। হঠাৎ বাঢ়ি অহা প্ৰৱঞ্চনা এটাৰ স্বৰূপ উন্মোচন কৰাই আছিল এই লেখাটোৰ উদ্দেশ্য। ইতিমধ্যে ভাৰতৰ দুই এটা যুক্তিবাদী সংস্থাই বিভিন্ন সভা-সমিতি বা ভিডিঅ’ৰ যোগেদি এই কামটো কৰিছে যদিও তাৰে সৰহ ভাগেই এক ভুল পথেৰে গতি কৰিছে বা এক আধৰুৱা ব্যাখ্যাহে দিবলৈ সক্ষম হৈছে। তাৰ ফলত ব্যৱসায়ীসকলে নতুন উদ্যমেৰে প্ৰৱঞ্চনাৰ জালখন পেলাবলৈ উৎসাহিত হৈছে। সেয়েহে এই ঠগবাজিৰ বিৰুদ্ধে তাৎক্ষনিক আৰু জৰুৰী প্ৰতিৰোধৰ প্ৰয়োজনত এই লেখাটো প্ৰস্তুত কৰা হৈছে। অন্ধবিশ্বাস বা ছদ্মবিজ্ঞানবোৰ বাঢ়ি অহাৰ আঁৰৰ আৰ্থ-সামাজিক কাৰকবোৰ নিৰন্তৰভাৱে উন্মোচিত কৰাটো আপুনি কোৱাৰ দৰে অতিশয় গুৰুত্বপূৰ্ণ।
এনে ধৰণৰ লেখাৰ বৰ্তমান সময়ত খুবেই প্ৰয়োজন হৈ পৰিছে। বিশেষকৈ মানুহৰ দুৰ্বলতাৰ সুযোগ লৈ বৰ্তমান বিভিন্ন ঠগ প্ৰৱঞ্চকে বিভিন্ন নতুন নতুন কৌশলেৰে বহুতো জাল পেলাব ধৰিছে। এনেধৰণৰ লেখাই মানুহৰ চকু মুকলি কৰিব বুলি আশা কৰিব পাৰি।
মন্তব্যৰ বাবে অশেষ ধন্যবাদ।
পিচি চৰকাৰ,প্ৰবীণ ঘোষ আদিৰ যাদুৰ আচল কাহিনী আৰু মহাদুষ্টৰ সহায় লৈ যি বৰ্ণনা আগবঢ়ালে সেইখিনি নপঢ়াকৈ থাকিব নোৱাৰিলোঁ। আপুনি অগতানুগতিক লেখা বৰ মনোগ্ৰাহীকৈ লিখি পাঠকক উপহাৰ দিলে, প্ৰয়োজন আছিল। যুক্তিবাদী লেখক লেখিকা সৃষ্টিত আপোনাৰ লেখাই প্ৰভূত সহায় কৰিব।
মন্তব্যৰ বাবে অশেষ ধন্যবাদ।
আপোনাৰ লিখনিটোৰ পৰা সমাজখনত চলি থকা ঠগ-প্ৰৱঞ্চনাৰ জালখন কিছু পৰিমাণে দৃশ্যমান হৈ পৰিছে। আমাৰ অজ্ঞানতাৰ বাবে নানা অনুষ্ঠান-প্ৰতিষ্ঠানে দিনক দিনে বিভিন্ন চল চাতুৰিৰে আমাক যুগপুৰুষ হোৱাৰ সপোন দেখুৱাই লুতিবলৈ ধৰিছে। এইখিনি সজাগতা আগবঢ়োৱাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিলোঁ।
মন্তব্যৰ বাবে ধন্যবাদ জনালোঁ।
মন্তব্যৰ বাবে অশেষ ধন্যবাদ
অত্যন্ত প্ৰাসংগিক লেখা। এই ধৰণৰ মিছা, থগবাজি পাঠ্যক্ৰমৰ প্ৰতি সমাজৰ এচাম আৰ্থিকভাৱে টনকিয়াল ব্যক্তিয়ে বৰকৈ আগ্ৰহী হোৱা দেখা গৈছে। নিজৰ ল’ৰা-ছোৱালীক তেওঁলোকে আচলতে জ্ঞান পিপাসু তথা অধ্যয়নৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ বিপৰীতে এক চিন্তাৰ বিকৃত দাসত্বৰ পিনে হে ঠেলি দিছে। বৰ্ণালী বাইদেউৰ উক্ত লেখনিটো পঢ়ি হয়তো বহুতে এই চক্ৰান্তটোৰ কথা বুজি উঠিব। তাৰবাবে তেখেতক অশেষ ধন্যবাদ। ওপৰৰ এটা মন্তব্যত নৱজ্যোতি বৰগোহাইয়ে উল্লেখ কৰাৰ দৰে লেখনীটোত এইধৰণৰ থগবাজিৰ অৰ্থনৈতিক, সামাজিক বা ৰাজনৈতিক কাৰণ সমূহৰ বিষদ আলোচনাৰ প্ৰয়োজন আছে। কিয়নো তেনেধৰণৰ যুক্তিপূৰ্ণ আলোচনাৰে ইয়াৰ আঁৰৰ কাৰকসমূহ উন্মোচন কৰিলে ইয়াক বাধা দিয়াটো সম্ভৱ হ’ব বুলি আমি ভাবোঁ। দ্বিতীয়তে মিড্ব্ৰেইন এক্টিভেচনৰ প্ৰতিস্থান সমূহত নো আচলতে কি ধৰণে মিধ্যা বিজ্ঞানৰ আশ্ৰয় লৈ মানুহক মোহাচ্ছন্ন কৰি ৰাখে, সেই বিষয়ে কিছু FIELD WORK কৰি তাক বিশ্লেষণ কৰি যুক্তিৰে প্ৰতিহত কৰিবলৈ আমি চেষ্টা কৰিব লাগিব।