মিলান কুন্দেৰালৈ শ্ৰদ্ধাঞ্জলি (জিতু বুঢ়াগোহাঁই)
পেৰিছত ৪০ বছৰ নিৰ্বাসিত হৈ থকা য়ুৰোপীয় সাহিত্যৰ এক উজ্জ্বল নক্ষত্ৰ মিলান কুন্দেৰাই ২০২৩ চনৰ ১১ জুলাইত পেৰিছত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৯৪ বছৰ। চেক গণৰাজ্যত জন্ম গ্ৰহণ কৰা লেখক, ঔপন্যাসিক আৰু ৰচনাকাৰ মিলান কুন্দেৰা কুৰি আৰু একৈশ শতিকাৰ য়ুৰোপীয় সাহিত্যৰ এক প্ৰভাৱশালী সাহিত্যিক প্ৰতিভা। ১৯২৯ চনৰ ১ এপ্ৰিলত তেতিয়াৰ চেক’শ্লোভাকিয়াত জন্ম গ্ৰহণ কৰা কুন্দেৰাৰ লিখনিত পূৱ-য়ুৰোপৰ কমিউনিষ্ট শাসনৰ অধীনত থকা অভিজ্ঞতাৰ প্ৰভাৱ দেখা যায়। তেওঁৰ ৰচনাসমূহত মানুহৰ অস্তিত্ব আৰু ব্যক্তিগত স্বাধীনতাৰ সপক্ষে দৃষ্টিভংগী বিৰাজমান।
১৯৪৮ চনত কুন্দেৰাই কমিউনিষ্ট দলত যোগদান কৰে, কিন্ত দুবছৰৰ পিছতেই দলে তেওঁক ‘শত্ৰুতাপূৰ্ণ চিন্তা আৰু ব্যক্তিবাদী প্ৰৱণতা’ৰ বাবে বহিষ্কাৰ কৰে। কুন্দেৰাই পুনৰ কমিউনিষ্ট দলত যোগ দিয়ে যদিও আকৌ দলৰ পৰা বহিষ্কৃত হয়।
কুন্দেৰাৰ সাহিত্য-কৰ্মই আৰম্ভণিতে তেওঁৰ গৃহ দেশত যথেষ্ট সমাদৰ লাভ কৰিছিল, কিন্ত পাছলৈ কমিউনিষ্ট শাসনকালত ‘কমিউনিষ্ট বিৰোধী কাৰ্যকলাপ’ৰ বাবে চেঞ্চৰশ্বিপৰ সন্মুখীন হ’ল কুন্দেৰা। কমিউনিষ্ট শাসনৰ প্ৰতি তেওঁৰ সমালোচনাত্মক স্থিতি আৰু ৰূপক আৰু ব্যংগৰ ব্যৱহাৰৰ ফলত তেওঁৰ ৰচনাসমূহ চেক গণৰাজ্যত নিষিদ্ধ কৰা হয়।
১৯৭৫ চনত কুন্দেৰাক কমিউনিষ্ট দলৰ পৰা বহিষ্কাৰ কৰি কৰ্তৃপক্ষই তেওঁৰ ওপৰত নিৰীক্ষণ আৰম্ভ কৰে। অৱশেষত তেওঁ নিৰ্বাসিত হৈ ১৯৭৫ চনত নিজ দেশ এৰি ফ্ৰান্সলৈ গুচি যায়। ১৯৭৯ চনত কুন্দেৰাৰ চেক নাগৰিকত্ব বাতিল কৰা হয়। তাৰ দুবছৰৰ পিছত, ১৯৮১ চনত, কুন্দেৰাই ফ্ৰান্সৰ নাগৰিকত্ব গ্ৰহণ কৰি পেৰিছত স্থায়ীভাৱে থাকিবলৈ লয়। নিৰ্বাসনৰ পাছতো কুণ্ডেৰাৰ ৰচনাই বিশ্বজুৰি পাঠকৰ মাজত অনুৰণন ঘটাই আছে আৰু সমসাময়িক সাহিত্যত স্থায়ী প্ৰভাৱ পেলাইছে।
যোৱা শতিকাৰ পঞ্চম দশকতে কুন্দেৰাই সাহিত্য-কৰ্মৰ আৰম্ভণি কৰিছিল কেবাখনো কবিতাৰ সংকলন প্ৰকাশ কৰি আৰু নাটক লিখি। লগে লগে তেওঁ ছবিৰ চিত্ৰনাট্যও লিখি উলিয়াইছিল। অৱশ্যে উপন্যাসেহে কুন্দেৰালৈ আন্তঃৰাষ্ট্ৰীয় প্ৰশংসা কঢ়িয়াই আনিছিল আৰু আধুনিক সাহিত্যৰ এজন পুৰোধা ব্যক্তি হিচাপে তেওঁৰ সুনাম সুদৃঢ় কৰিছিল। কুন্দেৰাই তেওঁৰ উপন্যাসসমূহত মানুহৰ প্ৰেম, পৰিচয়, অস্তিত্ব, সম্পৰ্ক আৰু ৰাজনৈতিক দমনৰ বিষয়ে গভীৰ অন্বেষণ কৰিছে। ১৯৬৭ চনত প্ৰকাশ পোৱা ‘The Joke’ হ’ল কুন্দেৰাৰ প্ৰথম উপন্যাস। ১৯৮৪ চনত প্ৰকাশ হোৱা ‘The Unbearable Lightness of Being’ নামৰ উপন্যাসখন কুন্দেৰাৰ অন্যতম উৎকৃষ্ট উপন্যাস। উপন্যাসখনে ব্যক্তিগত আখ্যানক দাৰ্শনিক প্ৰতিফলনৰ সৈতে জড়িত কৰি মানৱ অস্তিত্বৰ প্ৰকৃতিৰ ওপৰত গভীৰ ধ্যান-ধাৰণা আগবঢ়াইছে। এই উপন্যাসখনে কুন্দেৰালৈ যশ আৰু খ্যাতি কঢ়িয়াই আনে। কুন্দেৰাৰ গৃহ দেশতো উপন্যাসখন ২০০৬ চনত প্ৰকাশিত হয়। কুন্দেৰাৰ আন এখন উল্লেখযোগ্য উপন্যাস হ’ল ‘The Book of Laughter and Forgetting’। এই উপন্যাসখনত কুন্দেৰাই ঐতিহাসিক পৰিঘটনা আৰু ব্যক্তিগত আখ্যানসমূহ নিপুণভাৱে সংযোগ কৰি কমিউনিষ্ট শাসনৰ অধীনত চেক’শ্লোভাকিয়াৰ ৰাজনৈতিক অৱস্থাৰ সন্দৰ্ভত মন্তব্য আগবঢ়াইছে। তেওঁৰ সূক্ষ্ম চৰিত্ৰ-চিত্ৰণ আৰু চৰিত্ৰসমূহৰ পৰিচয়ৰ সৈতে হোৱা সংগ্ৰামেই এই উপন্যাসখনক চিন্তা-উদ্দীপক আৰু আৱেগিকভাৱে সুখপাঠ্য কৰি তুলিছে।
১৯৮৬ চনত প্ৰকাশ পোৱা তেওঁৰ অ-বিনোদনধৰ্মী উল্লেখযোগ্য ৰচনা সংকলন হল ‘The Art of the Novel’। গ্ৰন্থখনত তেওঁ বহুধ্বনি, প্ৰতিফলিত প্ৰকৃতি আৰু উপন্যাসৰ সীমাহীন সম্ভাৱনাৰ ওপৰত আলোকপাত কৰিছে। বহুধ্বনি হ’ল উপন্যাসৰ ভিতৰত সহাৱস্থান কৰা কণ্ঠ, দৃষ্টিভংগী আৰু আখ্যানৰ বহুত্ব। তেওঁৰ মতে উপন্যাস হৈছে এক অনন্য শিল্পৰূপ যিয়ে আমাক জীৱনৰ জটিলতা আৰু অস্পষ্টতাৰ সন্মুখীন হ’বলৈ আৰু বিশৃংখলতাৰ মাজতো অৰ্থ বিচাৰি উলিয়াবলৈ বাট দেখুৱাই দিয়ে। গ্ৰন্থখনে তেওঁৰ সাহিত্য দৰ্শনৰ বিষয়ে অন্তৰ্দৃষ্টি আৰু সমসাময়িক সমাজত ঔপন্যাসিকসকলৰ ভূমিকা সম্পৰ্কে চিন্তা-চৰ্চা প্ৰদান কৰিছে।
প্ৰথমতে চেক ভাষাতে লিখা-মেলা কৰিলেও পাছলৈ কুন্দেৰাই ফৰাচী ভাষাতহে লিখিবলৈ লয়। ১৯৯০ চনত প্ৰকাশ পোৱা ‘Immortality’ হ’ল কুন্দেৰাই চেক ভাষাত লিখা শেষৰখন গ্ৰন্থ। কুন্দেৰাৰ লেখাসমূহ কুৰিটাতকৈও অধিক ভাষালৈ অনুদিত হোৱাৰ লগতে তেওঁ আন্তৰ্জাতিক স্বীকৃতিও লাভ কৰিছে। কুন্দেৰাই তেওঁৰ সাহিত্য-কৰ্মৰ বাবে ১৯৮৫ চনত সন্মানীয় জেৰুজালেম বঁটা আৰু ১৯৮৭ চনত য়ুৰোপীয় সাহিত্যৰ অষ্ট্ৰিয়াৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল। তেওঁৰ লেখাসমূহে সমালোচকৰ প্ৰশংসা বুটলাৰ লগতে বিতৰ্কও অৰ্জন কৰিছে।
য়ুৰোপীয় চিন্তাবিদ আৰু শিল্পীৰ সৈতে কুন্দেৰাৰ গভীৰ আত্মীয়তা আছে। কুন্দেৰাই কয় যে তেওঁ ‘যিটো কেৱল উপন্যাসেহে অন্বেষণ কৰিব পাৰে’ সেয়া আৱিষ্কাৰ কৰিবলৈ নিৰন্তৰ চেষ্টা কৰি আহিছে। কুন্দেৰাই ৰাজহুৱা সাক্ষাৎকাৰ খুব কমেইহে দিছিল আৰু জনসাধাৰণৰ দৃষ্টিৰ পৰা সদায় আঁতৰত আছিল। তেওঁ বিশ্বাস কৰিছিল যে লেখকসকলে তেওঁলোকৰ কামৰ জৰিয়তেহে কথা ক’ব লাগে।
১৯৮৯ চনত শান্তিপূৰ্ণভাৱে ‘ভেলভেট বিপ্লৱৰ’ জৰিয়তে চেক’শ্লোভাকিয়াৰ একনায়কত্ববাদী কমিউনিষ্ট শাসনৰ অৱসান ঘটে। ১৯৯৩ চনত চেক’শ্লোভাকিয়া ভাঙি চেক গণৰাজ্য আৰু শ্লোভাকিয়া নামৰ দুখন ৰাষ্ট্ৰত পৰিণত হয়। কুন্দেৰাই তেওঁৰ গৃহ দেশ কাচিৎহে ভ্ৰমণ কৰিছিল আৰু নীৰৱেই আত্মীয় আৰু বন্ধুবান্ধৱক লগ কৰিছিল।
কুন্দেৰাৰ কাব্যিক গদ্য, দাৰ্শনিক গভীৰতা আৰু আখ্যানমূলক উজ্জ্বলতাৰ অনন্য মিশ্ৰণে পাঠকক মোহিত কৰি ৰাখিছে আৰু সি মানৱ অভিজ্ঞতাৰ গভীৰ বুজাবুজিত প্ৰেৰণা যোগাইছে। কুন্দেৰাক প্ৰায়ে সাহিত্যৰ নোবেল বঁটাৰ দাবীদাৰ হিচাপে উল্লেখ কৰা হৈছিল যদিও তেওঁক নোবেল বঁটাৰ বাবে নিৰ্বাচিত কৰা নহ’ল।
কুন্দেৰাৰ শেষ উপন্যাস “The Festival of Insignificance” ২০১৫ চনত প্ৰকাশিত হয়।
২০১৯ চনত চেক গণৰাজ্যৰ প্ৰধানমন্ত্ৰী আন্দ্ৰেজ বাবিচে সম্পূৰ্ণ ৪০ বছৰৰ পিছত কুন্দেৰাক চেক গণৰাজ্যৰ নাগৰিকত্ব ঘূৰাই দিয়ে। ইয়াৰ এবছৰৰ পিছত ফ্ৰান্সত থকা চেক গণৰাজ্যৰ ৰাষ্ট্ৰদূতে কুণ্ডেৰাক নাগৰিকত্বৰ প্ৰমাণপত্ৰ প্ৰদান কৰি ইয়াক ‘এটা অতি গুৰুত্বপূৰ্ণ প্ৰতীকী ইংগিত, চেক গণৰাজ্যৰ সৰ্বশ্ৰেষ্ঠ চেক লেখকৰ প্ৰতীকী প্ৰত্যাৱৰ্তন’ বুলি অভিহিত কৰে। নাগৰিকত্ব ঘূৰাই পোৱাৰ পিছত কুন্দেৰাক তেওঁৰ গৃহ দেশৰ সৰ্বোচ্চ সাহিত্য বঁটাৰ বাবে নিৰ্বাচিত কৰা হয়। চেক সংস্কৃতিলৈ আগবঢ়োৱা অসাধাৰণ অৱদানৰ বাবে কুন্দেৰাক ফ্ৰান্ৎস কাফকা বঁটাৰে সন্মানিত কৰা হয়। এইটো যথাৰ্থতে কুন্দেৰাৰ বাবে প্ৰাপ্য সন্মান আছিল। কাফকাৰ কৰ্মৰ আজীৱন প্ৰশংসক কুন্দেৰাই আনন্দৰে এই বঁটা গ্ৰহণ কৰে। বিনিময়ত কুন্দেৰাই তেওঁৰ প্ৰায় ৪০০০ প্ৰকাশিত ৰচনাসম্ভাৰ কুন্দেৰাৰ গৃহচহৰ ব্ৰনোত থকা সুবৃহৎ ম’ৰাভিয়ান পুথিভঁৰাললৈ দান কৰে।
তেওঁৰ মৃত্যুৰ লগে লগে বিশ্ব সাহিত্যৰ পৰিৱেশত এক স্পষ্ট আৰু গভীৰ শূন্যতাৰ অনুভৱ হৈছে। সাহিত্য-জগতৰ এগৰাকী উজ্জ্বল নক্ষত্ৰ আৰু শ্ৰদ্ধাৰ ব্যক্তি হিচাপে মিলান কুন্দেৰা সাহিত্যপ্ৰেমীৰ মাজত অমৰ হৈ থাকিব।