মিচিচিপিৰ পৰা লুইতলৈ বৈ অহা এটি গান: বিস্তীৰ্ণ পাৰৰে- (বৰ্ণালী বৰুৱা দাস)
নদী একোখন বৈ যায় নিৰন্তৰ। পাৰে পাৰে দানা বান্ধে অসংখ্য মানুহৰ অলেখ কাহিনী। বিস্তীৰ্ণ দুপাৰত স্তৰে স্তৰে জমা হোৱা তেনে সুখ-দুখ, হাঁহি-কান্দোন সকলো নেওচি নদী বৈ যায়। কচাকসকলৰ উদয়াস্ত দুখ যাতনাৰ হাহাকাৰ শুনিও ধীৰেৰে বৈ যায় দন, আফ্ৰিকাৰ ফাল্লাহীনৰ বিননি শুনিও নিঃশব্দে বৈ যায় নীল, কপাহ খেতিয়কজনৰ বৈ যোৱা চকুপানী চাই নিৰবে বৈ যায় মিচিচিপি, বৈ যায় দেনিয়ুব, হোৱাংহো, ৰাইন অথবা লুইত। এই বঞ্চনা নিপীড়নৰ অবসান নোহোৱাৰ ক্ষোভ উজাৰি মিচিচিপিক ‘বুঢ়া মিচিচিপি’ (Ol’ man river) বুলি গীতেৰে গালি পাৰিছিল অস্কাৰ হেইমাৰষ্টেইনে (২য়) ১৯২৭ চনত। আৰু পল ৰব চনে কণ্ঠেৰে কঢ়িয়াই ফুৰিছিল তেওঁ লিখা সেই ক্ষোভক। সেই ক্ষোভকেই ভূপেন হাজৰিকাই মিচিচিপিৰ পৰা বোৱাই আনিছিল আমাৰ লুইতলৈ, ‘বুঢ়া লুইতলৈ’। পাৰৰ হাহাকাৰৰ প্ৰতি বুঢ়া লুইতৰ ইমান নিৰ্লিপ্তি কিয়?
অসংখ্য জনৰে হাহাকাৰ শুনিও
নিঃশব্দে নিৰৱে
বুঢ়া লুইত তুমি, বুঢ়া লুইত বোৱা কিয়?
অ’ল মেন ৰিভাৰ, পল ৰবচন আৰু ভূপেন হাজৰিকা:
ভূপেন হাজৰিকাৰ মঞ্চানুষ্ঠান দেখাসকলে জানে যে তেওঁ সকলো সংগীতানুষ্ঠানৰ সামৰণি মাৰে সেই বিখ্যাত গানটোৰে – আমি একেখন নাৱঁৰে যাত্ৰী – ‘We’re in the same boat brother’। গানটো গাওঁতে তেওঁ পল ৰবচনক শ্ৰদ্ধাৰে সুৱঁৰি গায়। এই গানটোৰ লিখক ই, ৱাই, হাৰ্বাৰ্গ (E.Y. Harburg) আৰু সংগীত আৰ্ল ৰবিনচনৰ (Earl Robinson)। কলম্বীয়া বিশ্ববিদ্যালয়ত পঢ়ি থাকোঁতে ভূপেন হাজৰিকাই পল ৰবচনৰ সান্নিধ্য লাভ কৰিছিল। সেই কথা সবিস্তাৰে তেওঁ বহু ঠাইতে উল্লেখ কৰিছে। আনহাতে পল ৰবচনে ৰবিনচনৰ জো হীল (Joe Hill) আদি গানত কণ্ঠদান কৰি বহুলভাৱে জনপ্ৰিয় কৰি তুলিছিল। গতিকে ভূপেন হাজৰিকাই ‘We are in the same boat brother’ গীতটো পল ৰবচনৰ মুখত শুনাৰ সম্ভাৱনা আছে। নাইবা ৰবিনচনকো ভুল বশত: ৰবচন কৰি পেলোৱাৰ সম্ভাৱনা আছে। যি কোনো এটা কাৰণতেই নহওক কিয় মঞ্চানুষ্ঠানত এইটো পল ৰবচনৰ গীত বুলিয়েই ভূপেন হাজৰিকাই পৰিৱেশন কৰিছিল। প্ৰত্যেকখন মঞ্চানুষ্ঠানতেই পল ৰবচনক কৰা এই স্মৰণে ভূপেন হাজৰিকাৰ ৰবচনৰ প্ৰতি থকা গভীৰ শ্ৰদ্ধা আৰু প্ৰভাবৰ কথাই সোঁৱৰায়। সি যি নহওক, পল ৰবচনে জনপ্ৰিয় কৰা ‘Ol’ man River’ ৰ অনুপ্ৰেৰণাতে সৃষ্টি হৈছিল ভূপেন হাজৰিকাৰো এক অমৰ সৃষ্টি “বিস্তীৰ্ণ পাৰৰে”।
‘অ’ল মেন ৰিভাৰ’– এই আশ্চৰ্য সুন্দৰ গীতটি বহুতেই পল ৰবচনৰ বুলি ভুলকৈ উল্লেখ কৰে। প্ৰকৃততে গীতটোৰ ৰচক অস্কাৰ হেমাৰষ্টেইন (২য়) (Oscar Hammerstein II) আৰু সংগীতকাৰ জেৰম কাৰ্ণ (Jerome Kern)। গানটো এসময়ৰ যুক্তৰাষ্ট্ৰৰ বিখ্যাত মিউজিকেল শ্ব’ ব’টত (Show boat) প্ৰথম গোৱা হৈছিল। তাৰ পাছত অসংখ্য খ্যাত, অখ্যাত, স্বল্পখ্যাত গায়কে গীতটো বিভিন্ন ৰূপত গাইছে। তাৰে ভিতৰত ১৯২৭ চনত পল ৰবচনে শ্ব’ ব’ট বোলছবিত কণ্ঠদান কৰি গীতটোক জনপ্ৰিয়তাৰ শীৰ্ষলৈ লৈ যায়। গীতটো আমেৰিকাৰ ১০০ বছৰৰ চিনেমাৰ ১০০ টা সুন্দৰ সুৰৰ তালিকাত স্থান লাভ কৰিছে। কপাহ কঢ়িওৱা জাহাজত খালাচিৰ কাম কৰা জো নামৰ এজন কৃষ্ণাংগ যুবকৰ অসহায় কৰুণ বিননি আৰু ক্ষোভ গানটোত মূৰ্ত হৈছে। জীৱন সংগ্ৰামত জৰ্জৰিত কৃষ্ণাংগ ক্ৰীতদাসৰ অবৰ্ণনীয় দুখ যন্ত্ৰণাৰ বিপৰীতে নিৰৱচ্ছিন্নভাৱে বৈ যোৱা মিচিচিপিক অন্যায় অবিচাৰৰ প্ৰতিবাদ নকৰা নিৰৱ দৰ্শকৰ ৰূপত থিয় কৰাইছে গীতিকাৰে। দেশ কাল নিৰ্বিশেষে গানটোৰ যি এক সাৰ্বজনীন আবেদন আছে আৰু বিভিন্ন গায়কৰ কণ্ঠত গানটোৱে যেনেদৰে সুকীয়া সুকীয়া আবেদনৰ সৃষ্টি কৰিছে, তদুপৰি বিভিন্ন সময়ত গানটোৰ যি পৰিৱৰ্তন কৰা হৈছে সেইবোৰ সামৰি এক গৱষণামূলক আলোচনা হোৱাৰ থল আছে। সেই প্ৰসংগ স্থানান্তৰলৈ থৈ বৰ্তমান মাত্ৰ ভূপেন হাজৰিকাৰ ‘বিস্তীৰ্ণ পাৰৰে’ গীতটোৰ সৈতে ইয়াৰ তুলনামূলক কথাখিনিতেই সীমাবদ্ধ থাকিম।
‘বিস্তীৰ্ণ পাৰৰে’ আৰু ‘ওল মেন ৰিভাৰ’: কিমান ওচৰৰ আৰু কিমান দূৰৰ?
নি:সন্দেহে ‘অ’ল মেন ৰিভাৰ’ গীতটো ‘বিস্তীৰ্ণ পাৰৰে’ৰ অনুপ্ৰেৰণাৰ উৎস। আপোন নদী এখনক কৰা অভিযোগৰ ফালৰ পৰা দুয়োটা গীত একে সূত্ৰেৰে বন্ধা। অবৰ্ণনীয় দুখ-যাতনাত অসহ্য হৈ আন একো কৰিব নোৱাৰি নিৰবে বৈ যোৱা নদীখনকেই অভিযোগ কৰিছে।
Ol’ man river
That ol’ man river
He don’t say nothing
But he must know something
Cause he just keeps rolling
He keeps rolling along
Rollin’ along
বিস্তীৰ্ণ পাৰৰে
অসংখ্য জনৰে
হাহাকাৰ শুনিও
নিঃশব্দে নিৰৱে
বুঢ়া লুইত তুমি
বুঢ়া লুইত বোৱাঁ কিয়?
গানটোৰ এই অংশ সুৰ আৰু ভাবাৰ্থ দুয়ো দিশৰ পৰাই মূল গীতৰ নিকটতম।
কিন্তু তাৰ পৰৱৰ্তী অংশখিনিৰ পৰা দুয়োটা গীতৰ মাজৰ দূৰত্ব ক্ৰমে বাঢ়ি আহিছে। ‘অ’ল মেন ৰিভাৰ’ৰ ক্ষোভ নি:সৃত হুমুনিয়াহৰ ঠাইত ‘বিস্তীৰ্ণ পাৰৰে’ত এক উচ্চস্বৰৰ ক্ষোভৰ বহি:প্ৰকাশ ঘটিছে। নিষ্পেষিত কৃষ্ণাংগ শ্ৰমিকৰ চেপা খোৱা কৰুণ হাহাকাৰ ইয়াত নাই। বা থাকিলেও সি প্ৰচণ্ড খঙলৈ ৰূপান্তৰিত হৈছে।
দুয়োটা গীততে গীতিকাৰৰ শ্ৰেণী অৱস্থান সুকীয়া। তদুপৰি কালৰ প্ৰেক্ষাপটেও দুয়োটা গীতৰ মাজত দূৰত্ব আনিছে। ‘অ’ল মেন ৰিভাৰ’ ১৯২৭ চনৰ। ‘বিস্তীৰ্ণ পাৰৰে’ ১৯৬৫ চনৰ। ‘অ’ল মেন ৰিভাৰ’ প্ৰত্যক্ষভাৱে শ্ৰমিক শ্ৰেণীৰ অৱস্থানৰ পৰা লিখা বা অধিক শুদ্ধকৈ কৃষ্ণাংগ ক্ৰীতদাসৰ অৱস্থানৰ পৰা লিখা। আনহাতে ‘নৈতিকতাৰ স্খলন’, ‘মানৱতাৰ পতন’ আদি কিছু উপৰুৱা তথা সঘনে উত্থাপিত মধ্যবিত্তীয় অভিযোগৰ সংযোগেৰে ‘বিস্তীৰ্ণ পাৰৰে’ গীতটো মধ্যবিত্ত অৱস্থানৰ পৰা লিখা গীত। গীতিকাৰ ইয়াত এজন দৰ্শক। সমাজত চলি থকা দুৰ্নীতি, অবিচাৰ, অসাম্য, স্বাৰ্থপৰতা আদিৰ ফলত চৌপাশৰ অসংখ্যজনৰ হাহাকাৰে যাক ক্ষোভিত কৰিছে। নিৰক্ষৰ, জ্ঞানহীন নাগৰিকৰ খাদ্যাভাৱৰ সমাধান বিচাৰিবলৈ নেতৃত্বৰ অভাৱ তেওঁ অনুভৱ কৰিছে। আৰু এই নেতৃত্বক বীৰৰ ৰূপত তেওঁ বিচাৰিছে। হেৰোৱা শৌৰ্যক উদ্বুদ্ধ কৰি অজস্ৰ বীৰক জগাই তুলিবলৈ বুঢ়া লুইতক আহ্বান জনোৱাৰ মাজেৰে বীৰ সন্ধানৰ যি মানসিকতা সি কিন্তু মূল গীতটোৰ পৰা পৃথক।
নৈতিকতাৰ স্খলন দেখিও
মানৱতাৰ পতন দেখিও
নিৰ্লজ্জ অলসভাৱে বোৱাঁ কিয়?
জ্ঞানবিহীন নিৰক্ষৰৰ
খাদ্যবিহীন নাগৰিকৰ
নেতৃবিহীনতাত নিমাত কিয়?
সহস্ৰ বাৰিষাৰ
উন্মাদনাৰ
অভিজ্ঞতাৰে
পংগু মানৱক
সবল সংগ্ৰামী,
আৰু অগ্ৰগামী
কৰি নোতোলা কিয়?
মূল গীতত গীতিকাৰ বঞ্চনাৰ দৰ্শক নহয়, নিজেই বঞ্চিত।
I get weary
Sick of trying
I’m tired of living
Feared of dying
‘বিস্তীৰ্ণ পাৰৰে’ স্বাধীনোত্তৰ কালৰ ভাৰতৰ পটভূমিত ৰচিত গীত। সামন্তবাদী সমাজৰ অৱশিষ্টৰ সৈতে সহাৱস্থানেৰে সংযোজিত হৈছে পুঁজিবাদী সমাজ। এই পুঁজিবাদী আৰু সামন্তবাদী দুই ভাৱধাৰাৰ ক্ষয়িষ্ণু প্ৰভাৱৰ ফলত ব্যক্তিজীৱন আৰু সমাজজীৱনৰ চূড়ান্ত অৱনতি ঘটিছে।
ব্যক্তি যদি ব্যক্তিকেন্দ্ৰিক
সমষ্টি যদি ব্যক্তিত্বৰহিত
তেনে শিথিল সমাজক নাভাঙা কিয়?
ভাৰতীয় পটভূমিত ভাৰতীয় মহাকাব্য আৰু পুৰাণৰ পৰা সংগৃহীত কিংবদন্তীৰ চৰিত্ৰৰ সমাহাৰেৰে গীতটো পাচলৈ সম্পূৰ্ণৰূপে ভাৰতীয় সমাজৰ গীত হৈ পৰিছে। কৃষ্ণাংগ ক্ৰীতদাসৰ বাবে জৰ্ডানৰ সিপাৰলৈ যোৱা কথাটোৱে ইংগিতময় ভাষাৰে এক ঐতিহাসিক ঘটনাৰ সাক্ষ্য দিয়ে। স্থানান্তৰত এই বিষয়ে আলোচনা কৰা হৈছে (ইয়াত)। কৃষ্ণাংগ ক্ৰীতদাসৰ জৰ্ডানৰ সিপাৰৰ মুক্তিৰ সপোনৰ ঠাইত ‘বিস্তীৰ্ণ পাৰৰে’ গীতত ভাৰতীয় জন মানসক চিৰদিন বিঢৌত কৰি ৰখা পিতামহ ভীষ্মৰ ছবি, ব্ৰহ্মৰ ছবি সমাৰোপন হৈছেহি।
তুমিয়ে যদি ব্ৰহ্মৰে পুত্ৰ
সেই পিতৃত্ব তেনে নাম মাত্ৰ
নহʼলে প্ৰেৰণা নিদিয়া কিয়?
উন্মত্ত ধৰাৰে
কুৰুক্ষেত্ৰৰে
শৰশয্যাকে
আলিঙ্গন কৰা
ভীষ্মৰূপী
অজস্ৰ বীৰক
জগাই নোতোলা কিয়?
এইদৰে ‘অ’ল মেন ৰিভাৰ’ৰ অনুপ্ৰেৰণাত ৰচিত হ’লেও ‘বিস্তীৰ্ণ পাৰৰে’ হৈ পৰিছে সম্পূৰ্ণৰূপে পৃথক আৰু লগতে মৌলিকো।
গানটোৰ বিভিন্ন ৰূপবোৰ:
গানটো অসমীয়াৰ উপৰিও হিন্দী আৰু বাংলা ভাষাতো বহুলভাৱে জনপ্ৰিয়। আমেৰিকাৰ মিচিচিপি অসমলৈ আহি হৈ পৰিছিল লুইত। ভাৰতীয় প্ৰেক্ষাপটত সি হ’লগৈ গংগা। একেই ক্ষোভ আৰু একেই অভিযোগ হিন্দীত, ‘অ’ গংগা তুম, গংগা বেহতি হ’ কিঁউ’, বাংলাত ‘অ’ গংগা তুমি গংগা বৈছ কেন’।
হিন্দী:
হিন্দীলৈ গীতটি ৰূপান্তৰ কৰিছে নৰেন্দ্ৰ শৰ্মাই। গীতটিৰ ভাষান্তৰ অসমীয়াটোৰ যথাযথ হৈছে বুলিব পাৰি। বহু ক্ষেত্ৰত ভাষান্তৰত মূল গীতৰ নিৰ্যাস নাথাকে। ইয়াত তেনে হোৱা নাই। অৱশ্যে হিন্দী ৰূপান্তৰত নদীখন ব্ৰহ্মপুত্ৰৰ সলনি গংগা কৰিব লগা হোৱাৰ বাবে ‘ওল মেন ৰিভাৰ’ক ‘বুঢ়া লুইত’লৈ কৰা সহজ পৰিৱৰ্তন সম্ভৱ নহ’ল। একেটা কাৰণতে ‘তুমিয়ে যদি ব্ৰহ্মৰে পুত্ৰ, সেই পিতৃত্ব তেনে নামমাত্ৰ’ – কথাষাৰ ‘ব্ৰহ্মপুত্ৰ’ক হে ক’ব পৰা যায়, গংগাক নোৱাৰি। সেয়ে ‘শ্ৰোতস্বিনী কিঁউ না ৰহি, তুম নিঃশ্চয় চেতন নাহি’ কৰিব লগা হৈছে।
অসমীয়া থকা ‘নেতৃবিহীনতাত নিমাত কিয়’ক হিন্দীত ‘নেত্ৰবিহীন দেখ মৌন হো কিঁউ’ কৰা হৈছে। ‘নেতৃবিহীন’ আৰু ‘নেত্ৰবিহীন’ৰ অৰ্থ একে নহয়। হিন্দী গীতটো পৰিৱেশন কৰোঁতেও স্পষ্টকৈ ভূপেন হাজৰিকাই ‘নেত্ৰবিহীন’ বুজাবলৈ নিজৰ ‘নেত্ৰ’লৈ আঙুলি পোনোৱা ভিডিঅ’ এটা এসময়ত দূৰদৰ্শন কেন্দ্ৰ যোগে প্ৰচাৰ হৈছিল।
গীতটোৰ কেইবাটাও পৰিৱেশন বাণীবদ্ধ হৈছে। হিন্দীৰ সুৰটোৰ দুটা লয়ত।
‘বিস্তাৰ হে আপাৰ
প্ৰজা দোনো পাৰ
কৰে হাহাকাৰ নি:শব্দ সদা
অ’ গংগা তুম, গংগা বেহতি হ’ কিঁউ’- এই প্ৰথম অংশখিনিত নদীৰ ওপৰত ব’ঠা মৰা নাৱৰ দোলনৰ ছন্দ এটা অনুভব কৰা যায়। তাৰপাছতেই ‘নেইতিকতা নষ্ট হুই’ আদি অংশত লয় বাঢ়ি দুগুণ হয়। ‘অ’ল মেন ৰিভাৰ’ত এইখিনি অংশত সুৰে জাহাজৰ পৰিৱেশ এটা কঢ়িয়াই আনিছিল। সেইটো ভূপেন হাজৰিকাই সাৰ্থকভাৱেই নদীৰ সুৰলৈ পৰিৱৰ্তন কৰিছে।
বাংলা:
বাংলা ভাষাৰ ৰূপান্তৰক শিৱদাস বন্দোপাধ্যায়। ইয়াতো পটভূমিৰ নদীখন গংগা।
বিস্তীৰ্ণ দুপাৰেৰ
অসংখ্যা মানুষেৰ
হাহাকাৰ শুনেও নি:শব্দে নিৰবে
ও গংগা তুমি, ও গংগা বৈছ কেন?
বাংলাত ভূপেন হাজৰিকাৰ পৰিৱেশন দুটা ৰেকৰ্ডিং উপলভ্য। দুয়োটাৰে সংগীত সজ্জা অসমীয়াটোতকৈ পৃথক। প্ৰথমে কৰা ৰেকৰ্ডিংটোত মূল গানটোৰ মাজত সমবেত কণ্ঠত দিয়া হামিংখিনিয়ে গানটোলৈ এটা বিশালতা অনা যেন ভাব হয়। নদীৰ পাৰত একক ভূপেন হাজৰিকাৰ লগত যেন হাজাৰজন নৰ-নাৰী যোগ হৈছে! পাছৰ সময়ত কৰা ৰেকৰ্ডিংটোৰ সংগীত সজ্জাও বৰ সুন্দৰ। লগতে লাহে লাহে কণ্ঠৰ ব্যাপ্তি বৃদ্ধি হৈ অহাৰ বাবেই হওক বা আন কিবা কাৰণতেই হওক, কণ্ঠেৰে গীতৰ অৰ্থ ব্যঞ্জনাক যেন আগতকৈও বেছি সুন্দৰকৈ ফুটাই তুলিছিল। ‘হাহাকাৰ’ বুলি কোৱাৰ লগে লগে যি স্বত:স্ফূৰ্ত হাহাকাৰ এটাই শ্ৰোতাৰ বুকুত খুন্দিয়াই যায় তাক প্ৰকাশ কৰা সম্ভৱ নহয়।
গীত বা কবিতা এটা ভাষান্তৰ কৰা এটা দূৰুহ কাম। কেতিয়াবা কিছুমান ব্যঞ্জনা মূল ভাষাটোতহে অধিক খাপ খায়। ভাষান্তৰত সেই মূল ব্যঞ্জনাটো অনাটো সম্ভৱ নহয়। এই গীতটোৰ ‘তুমিয়ে যদি ব্ৰহ্মৰে পুত্ৰ, সেই পিতৃত্ব তেনে নাম মাত্ৰ’—এই অংশখিনি বাংলা ৰূপান্তৰত গংগাৰ সৈতে স্বাভাবিক কাৰণতেই ৰজিতা নাখায়। ফলত সেই অংশখিনি কৰা হ’ল –
“স্রোতস্বিনী কেন নাহি বও?
তুমি নিশ্চয়ই জাহ্নবী নও”
এই অংশখিনিৰ বাহিৰে বাকী গোটেই গীতটোৰ ভাষান্তৰত শিৱদাস বন্দোপাধ্যায় সফল হৈছে বুলিয়েই ক’ব পাৰি।
গীতটো বাংলাত বহু খ্যাত অখ্যাত শিল্পীয়ে ক’ভাৰ কৰিছে। সকলোখিনি উল্লেখ কৰা সম্ভৱ নহয়। মাত্ৰ এটা বিশেষ পৰিৱেশনৰ কথা সংক্ষেপে উনুকিয়াওঁ। গণনাট্য সংঘৰ এসময়ত খুব সক্ৰিয় গায়িকা আছিল পূৰৱী মুখোপাধ্যায়। বিশেষকৈ পূৰৱী মুখোপাধ্যায়ে হেমাংগ বিশ্বাসৰ বিখ্যাত ‘শংখচিল’ গীতটিৰ অনন্য পৰিৱেশনেৰে বংগ আৰু অসমৰ সংগীত প্ৰেমীৰ মন জয় কৰিছিল। তেখেতেই মূল ইংৰাজী ‘ওল মেন ৰিভাৰ’ আৰু বাংলাত ‘বিস্তীৰ্ণ দুপাৰেৰ’ একেলগে পৰিৱেশন কৰা এটা ক’ভাৰ সংগীত প্ৰেমীৰ মাজত প্ৰচলিত। এই পৰিৱেশনটো শুনিলে এটা কথা উপলব্ধি কৰিব পাৰি যে মূল পল ৰব চনৰ কণ্ঠৰ যি যন্ত্ৰণাদগ্ধ তথা বেদনা মিশ্ৰিত হতাশা আৰু তাক ক্ৰমে ক্ষোভলৈ ৰূপান্তৰ হোৱাৰ প্ৰক্ৰিয়া সেয়া এই পৰিৱশন পোৱা নাযায়। পূৰৱীৰ কণ্ঠত ‘ওল মেন ৰিভাৰ’ আৰু ‘বিস্তীৰ্ণ দুপাৰেৰ’ দুয়োটাই প্ৰচণ্ড খঙৰ বহি:প্ৰকাশ। মিচিচিপিৰ পৰা লুইত হৈ গংগালৈ বৈ যাওঁতে সুৰৰ এই বিৱৰ্তন হৈছে বুলিব পাৰি।
গীতটোৰ এক সাৰ্বজনীন আবেদন আছে। ওল মেন ৰিভাৰৰ সুৰতেই সম্ভৱ এই আবেদনটো আছিল। ভূপেন হাজৰিকাই তাক অসমৰ মাটি পানীৰে গঢ় দি মৌলিক অসমীয়া কৰি পেলালে। তাৰ হাত ধৰি আকৌ বিভিন্ন ভাৰতীয় আঞ্চলিক ভাষালৈ সি ৰূপান্তৰ হ’ল। অসমৰে ৰঞ্জন বেজবৰুৱাই গীতটো সংস্কৃত ভাষালৈ ৰূপান্তৰ কৰি পৰিৱেশন কৰিছে। ভূপেন হাজৰিকা জীয়াই থকা কালত এখন সভাত আনকি গীতটো এজন সৰু ল’ৰাই টাই ভাষাত পৰিৱেশন কৰা ভিডিঅ’ এটাও পোৱা যায়।
গীতটোৰ সুৰ আৰু তাল:
ওল মেন ৰিভাৰৰ পৰা মূল সুৰটো লোৱা হৈছে বুলি কোৱা হয় যদিও দুয়োটা সুৰ পৰীক্ষা কৰিলে দেখা যায় যে ওল মেন ৰিভাৰৰ ওল মেন ৰিভাৰৰ সুৰৰ জঁকাটোৰ ওপৰত নিজস্ব সুৰৰ তেজ মঙহ সংৰোপন কৰিছে। সেয়েহে গীতটোৰ বহু ঠাইত স্বৰৰ সজ্জা একে হৈও গায়কীয়ে তাক কিছু পৃথক কৰিছে। কাহাৰবা তালৰ লয়ৰ হ্ৰাস বৃদ্ধিৰ জড়িয়তে খুব সুন্দৰভাৱে নাৱত গৈ থকা গায়ক এজন আৰু পাৰত ৰৈ প্ৰতিবাদী প্ৰশ্ন তোলা গায়ক এজনৰ ৰূপ সাৰ্থকভাৱে ফুটাই তুলিছে।
সামৰণি:
ভূপেন হাজৰিকাৰ পল ৰবচনৰ প্ৰতি থকা আন্তৰিক টানটো তেখেতৰ বহু কথাৰ পৰা বুজিব পাৰি। মিচিচিপিৰ পাৰৰ কৃষ্ণাংগ শ্ৰমিকৰ যন্ত্ৰণাক্লিষ্ট আকুতিক বুঢ়া লুইতৰ পাৰলৈ বোৱাই আনি একাকাৰ কৰাৰ যি প্ৰয়াস সেই প্ৰয়াসৰ পৰাই বুজিব পাৰি বৈষম্য আৰু অন্যায়ৰ প্ৰতি থকা ভূপেন হাজৰিকাৰ বিদ্ৰোহী মনটোৰ কথা। সন্দেহ নাই সেই বিদ্ৰোহক যান্ত্ৰিক শ্ল’গান নকৰি এক উচ্চতৰ শৈল্পিক ৰূপ দিয়াৰ দক্ষতা সকলোৰে নাথাকে। ভূপেন হাজৰিকাৰ ক্ষেত্ৰত এই দক্ষতা আছিল অসামান্য। তাৰ অজস্ৰ সাক্ষ্যৰ ভিতৰত ‘বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে’ গীতটিও এক উজ্জ্বল নিদৰ্শন।