গল্প-কবিতা

মই কৰ’না -(জ্ঞানদীপ বৰুৱা)

অনিৰ্ণেয় কাল শুই আছিলোঁ মই–
মই জীৱও নহয় মই জ‌ড়ও নহয়
শুই আছিলোঁ মই এই বিপুল ধৰাৰ
কোনোবা নিভৃত কোণৰ গোপন কক্ষত–
নিঃসাৰ নিশ্চুপ হৈ

এদিন হঠাৎ খুলি গ’ল বন্ধ কোঠাৰ দুৱাৰ!
আজি মই মুক্ত,
স্বাধীন দেশৰ নাগৰিক মই…

শিৰত মোৰ জিলিকে সম্ৰাটৰ মুকুট
মই কৰ’না,
মই সম্ৰাট পৃথিৱীৰ মানুহৰ 
হেজাৰ মানুহৰ শ্বাসতন্ত্ৰ মোৰ ৰাজধানীৰ ঠিকনা 
সহস্ৰ স্তব্দ হৃদপিণ্ডত
আজি মোৰ উন্মত্ত তাণ্ডৱ নৃত্য

আজি মিলানে কান্দিছে,
ত্ৰাসিত আজি প্ৰাচ্য,
কম্পিত পাশ্চাত্য
মাথো নীৰৱ দৰ্শক হৈ ৰওক
জীৱকূলৰ জীৱশ্ৰেষ্ঠ

মই নামানোঁ সংস্পৰ্শ,
নামানোঁ সান্নিধ্য,
আলিংগন আজি মোৰ ভৰিৰ তলত!
নাজানোঁ কি জাতিভেদ-বৰ্ণভেদ,
নিছিনো ভৌগলিক পৰিসীমা,
কি উচ্চ-নীচ, প্ৰভেদ-বিভেদ,
এবাৰ আপুনিও হৈ চাওক
এখন চিৰিয়াখানাৰ আলহী
অনুভৱ কৰক আবদ্ধময় জীৱনৰ যাতনা
মই কৰ’না

Leave a Reply

Your email address will not be published. Required fields are marked *