মই জানো সজাত বন্দী চৰাইটিয়ে কিয় গায় (মূল: মায়া এঞ্জেলোউ; অনুবাদ: যশোৱন্ত নিপুণ)
মুক্ত চৰাইটিয়ে বতাহৰ
বুকুত জপিয়ায়
আৰু উটি যায়
সোঁতৰ শেষলৈকে
আৰু সূৰ্য্যৰ কমলা কিৰণত
তাৰ ডেউকা জুবুৰিয়ায়
আৰু আকাশখন নিজৰ কৰিব খোজে
কিন্তু এটি চৰাই যিয়ে তাৰ
ঠেক সজাৰ ভিতৰতেই লৰি-চৰি ফুৰে
সি কেতিয়াবাহে তাৰ ক্ৰোধৰ বন্দীশালৰ
মাজেৰে চকুযুৰি মেলি দিব পাৰে
তাৰ পাখিবোৰ কাটি পেলোৱা হৈছে আৰু
তাৰ ভৰিদুখন বান্ধি ৰখা হৈছে
গতিকে সি তাৰ কণ্ঠ মুকলি কৰে গান গাবলৈ
সজাৰ চৰাইটিয়ে গায়
ত্ৰাসিত ৰাগেৰে
নজনা-নোপোৱা হাবিয়াসৰ কথা
যালৈ তাৰ হেঁপাহ এতিয়াও
আৰু এই গানবোৰ শুনিবলৈ পোৱা যায়
সুদূৰৰ পাহাৰত কাৰণ
সি গায় মুক্তিৰ গান
মুক্ত চৰাইটিয়ে সপোন দেখে অন্য এছাটি মলয়াৰ
আৰু সাগৰেৰে বিষুৱলৈ বোৱা
উদাস হাবিৰ গছবোৰক চুমি যোৱা বতাহজাকৰ
আৰু দোকমোকালিয়ে উজলোৱা বাগিচাত
অপেক্ষাৰত শকত কেঁচুবোৰৰ
আৰু সি আকাশখন নিজৰ কৰি লয়
কিন্তু সজাৰ চৰাইটি সপোনৰ মৰিশালিত অকলশৰীয়া
তাৰ ছাঁটোৱে দুঃস্বপ্নৰ হিয়াভগা আৰ্তনাদ কৰে
তাৰ পাখিবোৰ কাটি পেলোৱা হৈছে আৰু
তাৰ ভৰিদুখন বান্ধি ৰখা হৈছে
গতিকে সি তাৰ কণ্ঠ মুকলি কৰে গান গাবলৈ
সজাৰ চৰাইটিয়ে গায়
ত্ৰাসিত ৰাগেৰে
নজনা-নোপোৱা হাবিয়াসৰ কথা
যালৈ তাৰ হেঁপাহ এতিয়াও
আৰু এই গানবোৰ শুনিবলৈ পোৱা যায়
সুদূৰৰ পাহাৰত কাৰণ
সি গায় মুক্তিৰ গান