মন্ত্ৰী (ড° বসন্ত কুমাৰ বৰা)
- চাওঁ, এইফালে আহচোন। পৰীক্ষা ভাল হ’লনে? এইটো কি লিখি আহিলি– মুখ্যমন্ত্ৰীৰ নামটো?
- কিয়, সেইটো এইচ বি এচ আকৌ!
ল’ৰাটোৱে চমুকৈ ক’লেও বুজি পালোঁ। সময়ৰ সতে আগবঢ়া আধুনিক মানুহ মই; নতুন প্ৰজন্মৰ ভাষা বুজি পাওঁ।
- ধেইৎ! অসমৰ মুখ্যমন্ত্ৰী এইচ বি এচ নেকি কিবা? এচ এচহে।
- অহঃ, ধেইত্তেৰি। মই আকৌ সেইজন অন্য এটা বিভাগৰ মিনিষ্টাৰ বুলিহে ভাবিছিলোঁ। ভুলেই হৈ গ’ল নহয়! হোৱাট দ্য… সি ৰৈ গ’ল। পিছৰখিনি মই নিজেই বুজি ল’লোঁ।
- কি বিভাগৰ বুলি ভাবিছিলি?
- এই সোঁৱৰণ-শ্ৰদ্ধাঞ্জলি-শুভেচ্ছা … এইটো বিভাগৰ বুলি ভাবিছিলোঁ।
গালি কিনো পাৰোঁ! তাৰ দোষ নাই। দেখি দেখি বেচেৰাই তেনেকৈয়ে ভবাটোৱেই যুগুত।
- আৰু তই? তই কি লিখিলি? ভেবা লাগি চাই আছযে?
- মোৰো ভুল হ’ল। ময়ো এইচ বি এচ বুলিয়েই লিখিলোঁ নহয়! এচ এচক ময়ো এই সোঁৱৰণ-শ্ৰদ্ধাঞ্জলি-শুভেচ্ছা বিভাগৰ মিনিষ্টাৰ বুলিয়েইহে ভাবি আছিলোঁ!
নাই। বেয়া কথা হৈছে। এতিয়াই ইহঁতৰ ভুলটো ভাঙি দিব লাগিল। পিছতবা আকৌ ক’ত কি মাৰাত্মক ভুল কৰি থৈ আহে!
- বাৰু, যি কৰিলি কৰিলি। এতিয়া দুয়োটা এইফালে আহচোন। বহ।
দুয়োটা ইচ্ছা নকৰিলেও আগবাঢ়ি আহিল।
- ভুলটো কৰিলিয়েই যেতিয়া কৈতো লাভ নাই। কিন্তু আগলৈ যাতে ভুল নহয়, সেইবাবেহে দুয়োটাকে মাতিছোঁ। নহ’লেবা ক’ত আকৌ কি ভুল হয়!
দুয়োটাৰে মুখত ‘এই বুঢ়াটোৱে এতিয়া কামুৰিব’– এই ভাব। ইগন’ৰ কৰিলোঁ।
- এচ এচক বাৰু সোঁৱৰণ-শ্ৰদ্ধাঞ্জলি-শুভেচ্ছা মিনিষ্টাৰ বুলি ভাবিলিয়েই, এইচ বি এচকনো চি এম বুলি কিয় ভাবিলি তহঁতে?
- কেলেই! চব কথাত দেখোন তেঁৱেই সিদ্ধান্ত লয়; তেঁৱেই শেষ মতামতটো দিয়ে। চৰকাৰৰ লক্ষ্য-উদ্দেশ্য-কৰ্তব্য– সকলোবোৰ তেঁৱেইহে সক্কলোকে দেখোন নিৰহ-নিপানীকৈ বুজাই থাকে। চেনেলবিলাকো দেখোন তেওঁৰ পিছে পিছেহে দৌৰি থাকে। এটাইতো পাৰিলে নিজৰ ল’গ’টো সলাই তেওঁৰ ফ’ট’খনকে চিপ্কাই দিলেহেঁতেন। আৰু এচ এচৰতো কাম এটাই আৰু! কেতিয়া কাৰ বাৰ্থডে’, ডে’থ এ’নিভাৰ্ছেৰি, অসমীয়া-বাঙালী-পাঞ্জাৱী-বিহাৰী-মাৰাঠী-কানাড়া-তামিল-তেলেগু-ওড়িয়া౼ চব ফেষ্টিভেলত খালী শুভেচ্ছা জনোৱা, সোঁৱৰণ কৰা, বে’ষ্ট উইছেছ দিয়া– চাই চাই এইবোৰেই কৰি থাকে। সেইকাৰণে…
- আৰে’ বাবা! চবৰ বাৰ্থডে’, ডে’থডে’, ফেষ্টিভেল-ডে’ মনত ৰখাটো আকৌ কম কথা নহয়, দেই। সদায়তো কাৰোবাৰ নহয় কাৰোবাৰ বাৰ্থডে’-ডে’থেডে’ পৰেই!౼ সিটোৱে মাত দিলে মাজতে।
- হুইৎ! চিন্তা নাইতো! তেওঁৰ ওপৰত আচলজনৰ আশীৰ্বাদ আছে ভাই!
- আচলজন? মানে নমোভাইৰ? নে অমিতভাইৰ? মই জনাত আকৌ আজিকালি অমিতভাইহে আচল মেইনজন!
- হুৰ! সেইটোতো হয়েই। পিছে মই নমোভাই অমিতভাইৰ কথা কোৱা নাই। তেওঁলোকৰ হাততো আচলতে আছে এইচ বি এচৰ মূৰতহে। এচ এচৰ ওপৰত আছে সেই নামনিৰ গুৰুজনাৰ হাতখন আকৌ! সেইবাবেইতো মই ভাবিলোঁ, বোলো দেশ চলোৱাৰ টেন্ছনবোৰ এইচ বি এচক দি তেওঁ সোঁৱৰণ-শ্ৰদ্ধাঞ্জলি-শুভেচ্ছাৰ দপ্তৰটো লৈ ল’লে।
দুয়ো নতুন প্ৰজন্মৰ কথাবোৰ মই শুনি থাকিলোঁ। সঁচা কথা ক’বলৈ গ’লে পিছে কথাবোৰ ময়ো আগতে তেনেকৈয়ে ভাবিছিলোঁ। বোলো জাতীয় নায়ক হিচাপে এনে এখন পিছপৰা ৰাজ্যক দেশৰ এক নম্বৰ কৰাৰ দায়িত্বটো কান্ধত থকাৰ পিছত তেওঁনো ইমানবোৰ মেল-মিটিং, পুজা-সেৱা কৰাৰ সময় ক’ত পায়! তদুপৰি তেৰাৰ তীৰ্থভ্ৰমণ, মানে মন্দিৰ-নামঘৰৰ ভ্ৰমণবিলাকতো আছেই! পিছত আকৌ ভাবিছিলোঁ, তেওঁ চাগে সকলো সোঁৱৰণ-শ্ৰদ্ধাঞ্জলি-শুভেচ্ছাৰ বিজ্ঞাপনবিলাক মিলমিলীয়া হাঁহিটোৰে স’তে ধুনীয়া ফ’ট’খনেৰে একেলগে সজাই বছৰৰ প্ৰথমদিনাই পে’পাৰ-পত্ৰবিলাকলৈ পঠাই দিয়ে; তাৰ পিছত আৰু বছৰটোৰ কাৰণে ফ্ৰি হৈ লয়, যাতে তেৰাৰ অত্যাৱশ্যকীয় কামবোৰ, যেনে, মেল-মিটিং, আধাৰশিলা-উদ্বোধন, কিতাপ-উন্মোচন, ধৰ্মসভা, যাগ-যজ্ঞ, পুজা-পাতল, বিয়া-বৰসবাহ, তোলনি বিয়া-ভেকুলী বিয়া, পুস্কৰ-মেলা, পৰ্য্যটন-মেলা, গ্ৰন্থমেলা, সাহিত্য-মেলা, নমামি উৎসৱ, অন্যান্য ৰাজ্যৰ মন্ত্ৰীসভাৰ শপতগ্ৰহণ অনুষ্ঠান, গুৰুগৃহ দৰ্শন, তৰোৱাল প্ৰদৰ্শন, পাগুৰি পিন্ধন, দিল্লী-দৰ্শন, ৰাজপূজন౼ এইবোৰ আৰামচে’ কৰি থাকিব পাৰে আৰু তাতে তেওঁৰ সেই ‘বৰাক-ব্ৰহ্মপুত্ৰ, হিন্দু-মুছলমানৰ সম্প্ৰীতি’ গঢ়ি তোলাৰ বাবে সকলোকে অনুপ্ৰাণিত কৰি তোলা পুৰণি বচনভাগ আওৰাই থাকিব পাৰে। আচল কথাটো পিছতহে জানিলোঁ; আচৰিতো হ’লোঁ। বাৰু, সেই কথা পিছত।
- আচ্ছা বাৰু, আংকল। এটা কথা কওকচোন। এই সোঁৱৰণ-শ্ৰদ্ধাঞ্জলি-শুভেচ্ছা দপ্তৰটোৰ লগত উদ্বোধন দপ্তৰটো নাই নেকি বাৰু?
- মাই গড্! তইচোন একোৱেই নাজান। কেলেই, আজিকালি প্ৰায় প্ৰত্যকটো মিনিষ্ট্ৰিৰ লগত উদ্বোধনটো এটা এক্সট্ৰা দপ্তৰ হিচাপে এড কৰি দিয়া হৈছে দেখোন। তই দেখা নাই, মানকাচৰৰ দহখন বিচনাৰ হস্পিটেল এখন উদ্বোধনৰ আধা পেইজৰ বিজ্ঞাপন, শদিয়াৰ ভেটেৰিনেৰি হস্পিটেল এখনৰ বিজ্ঞাপনো চববিলাক পে’পাৰত আহি যায়; মিলিমিলীয়া হাঁহি একোটাৰে মিনিষ্টাৰবিলাকৰ ফ’ট’সহ? হস্পিটেল সজাতকৈ বিজ্ঞাপন দিয়াত বেছি খৰছ হ’লেও হওক! কচোন, তাৰ মানে কি? তাৰমানে, চববিলাক মিনিষ্ট্ৰিৰ লগত সেই উদ্বোধন দপ্তৰটো এড হৈ থাকে। হয়কি নহয়, আংকল?౼ শেষত সি মোৰ সমৰ্থন বিচাৰিলে। মই একো নক’লোঁ౼ যাক তাক যেতিয়াই-তেতিয়াই চাপ’ৰ্ট কৰি থাকিবলৈ এইখন মহাৰাষ্ট্ৰ বিধানসভা পাইছহঁত?
- আচ্ছা আংকল। আপুনি যেতিয়া কৈছে, মানি ল’লোঁ– অসমৰ চি এম এইচ বি এচ নহয়, এচ এচহে। পিছে আৰু এটা কথা মই একেবাৰে বুজি পোৱা নাই। এই এক্সট্ৰা মিনিষ্টাৰ কেইজনমানযে আছে, তেওঁলোকৰ দপ্তৰবিলাক কি কি বাৰু?
- হাঁ হাঁ, আংকল; সেইটো কথাত ময়ো কনফিউজ্ড্। খেলত যে লয়, এক্সট্ৰা প্লে’য়াৰ, কেতিয়াবা কেইমিনিটমান খেলিবলৈ পায়, কেতিয়াবা নাপায়; তেনেকুৱা মিনিষ্টাৰৰ কি কাম বাৰু মিনিষ্ট্ৰিত?
- এক্সট্ৰা প্লে’য়াৰ থাকিলেওতো মেচ-ফীটো পাই যায়! কাম-বন একো নাই, মালটো পাই থাকে। সেইটোৱেই চাগে’ লাভ; নে কি আংকল?
- আৰু আংকল; তাহাঁততো বী-ক্লাছ প্লে’য়াৰ হয়, নহয় জানো? আমাৰ এক্সট্ৰা মিনিষ্টাৰকেইজনো তেনেকুৱাই নেকি বাৰু?
- আঁ, হয়তো! আমাৰ এক্সট্ৰা মিনিষ্টাৰকেইজনো বী-ক্লাছ হয়তো! সেইটো মই পিছে জানো দেই। তেওঁলোক এই ধৰ, ছেকেণ্ড-ক্লাছ চিটিজেন টাইপ। তহঁতক মৰম কৰি থাকিবলৈ দিছোঁ, থাক; অলপ খাবলৈ দিছোঁ, খা। আৰু আমি যি কওঁ, তাকে হয় হয় বুলি মানি থাক। উল্টা-পুল্টা কৰিবি, খেদি দিম বাপ্পেকে, এনেকুৱা কাৰবাৰ। নহয়নে আংকল?
- ঠিকেই। সেইকাৰণেই চাগৈ তেওঁলোকে কেবৰ সময়ত বৰকৈ কেবকেবাইও থকা নাছিল; এতিয়া কা-কাতো নকৰাই হ’ল। আৰুৃ বেপাৰী-চেপাৰীয়েও তেওঁলোকক পাত্তা নিদিয়ে নহয়! সিদিনা এজনে ক’লে, ৰাইজে পিঁয়াজ পাব ষাঠি টকাত; বেপাৰীয়ে বোলে, ষাঠি টকাত পিঁয়াজ পালে মই কিনিহে ল’ম। একদম জমনি কাৰবাৰ; নহয়?
- ঐ দুয়োটা আহ; চাহ-তাহ খাই লহি। আংকলৰ ফটা লেকচাৰ শুনি থাকি লাভ নাই; আহ।
দুয়োটাই হাহিঁলে; আধাতে আণ্টিয়ে চিঞৰি ব্যাঘাত জন্মালে; ভালেই কৰিলে। পিছে মোক তেওঁ ঠহৰকৈ খোঁচটো নমৰা হ’লেও হয়। ঠিকেই, বিয়াৰ আগত মিঠা মিঠা কথা; বিয়াৰ পিছত বী-ক্লাছ প্লে’য়াৰ। ‘থাকিলে মোৰ লগত থাক, নাথাকিলে তোমাৰ নিজৰেই লোকচান’౼ এনেকুৱা ভাব। এচ এচে ভাষণ দিয়াৰ আগৰ কৰাৰ দৰে হিন্দীতে ইষ্ট-গুৰুক পাঁচ মিনিট স্মৰণ কৰি ল’লোঁ। মনটো তেহে পাতল পাতল লাগিল।