কেন্দ্ৰীয় নিবন্ধ

মনুস্মৃতিত ব্ৰাহ্মণ, নাৰী আৰু শূদ্ৰৰ স্থান (প্ৰথম খণ্ড) (ৰঞ্জন ভূঞা)

ভূমিকা

ভাৰতৰ সংবিধানে দেশৰ সকলো মানুহকে সমান অধিকাৰ দিছে। জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে একেই অধিকাৰ ভোগ কৰাৰ সুবিধা সকলো নাগৰিকৰে আছে। দেশৰ আইনো সেইভাৱেই প্ৰস্তুত কৰা হৈছে।

কিন্তু বাস্তৱত আমি কি দেখিছোঁ? সংবিধান কাৰ্যকৰী হোৱা আজি অ’ত বছৰৰ পিছতো সেই অধিকাৰ ভোগ কৰিবলৈ অধিকাংশ লোকৰ পক্ষ্যেই সম্ভৱ হোৱা নাই। ইয়াৰ কাৰণ হ’ল হিন্দু সকলৰ সামাজিক বা ধৰ্মীয় আইন কানুন।আমাৰ সংবিধানত যিয়েই নাথকক লাগে, হিন্দু লোকসকলে অৰ্থাৎ বৈদিক ধৰ্মাৱলম্বী লোকসকলৰ সৰহসংখ্যকেই সেই সমূহ বিধান মানিব নুখোজে আৰু সামাজিক জীৱনত ধৰ্মীয় আইন কানুনকহে বেছিকৈ প্ৰাধান্য দিয়া পৰিলক্ষিত হয়। এই ধৰ্মীয় আইন কানুনসমূহ যিবোৰ গ্ৰন্থত লিখা আছে তাৰ মাজত মনুস্মৃতি বা মনুসংহিতা হ’ল প্ৰধান গ্ৰন্থ। এক কথাত, গোটেই ধৰ্মশাস্ত্ৰৰ নিয়ম অনুসৰণ কৰাৰ বাবে মনুসংহিতাকেই সৰ্ব্বোচ্চ আসনত প্ৰতিষ্ঠা কৰা হৈছে। ভাৰতত, বৈদিক ধৰ্মাৱলম্বী লোকসকলে এই কিতাপখন যথেষ্ট সন্মানেৰে লৈ তাৰ পৰা সামাজিক আৰু ধাৰ্মিক প্ৰণালী অনুশীলন কৰিছে।

এই মনুসংহিতা হ’ল এখন অতি বিভেদমূলক গ্রন্থ।

মানুহক ব্রাহ্মণ, ক্ষত্রিয়, বৈশ্য ও শূদ্র- জন্মসূত্রে এই চাৰিটা বর্ণত ভাগ কৰা, সংখ্যাগুৰু শূদ্র সম্প্রদায়ক ভাগ কৰি হাজাৰ হাজাৰ জাতিৰ সৃষ্টি কৰা আৰু তেওঁলোকৰ মাজতে আকৌ পুনৰ কিছু সংখ্যক লোকক অস্পৃশ্য হিচাপে জ্ঞান কৰিবলৈ নির্দেশ দিয়াই এই বিভেদৰ মূল উৎস। মানুহক মানুহৰ মাজতে ঐক্যৰ পৰিৱর্তে বিভেদ সৃষ্টি কৰাত এই গ্রন্থখনে যে কেৱল উৎসাহেই যোগায় তেনে নহয়, বৰঞ্চ এই বিভেদকামিতাক কঠোৰভাবে পালন কৰাৰ নির্দেশো দিয়া হৈছে। ফলস্বৰূপে মানুহে মানুহক পৰস্পৰে পৰস্পৰৰ প্রতি ভালপোৱা ও ভ্রাতৃত্ববোধ জগাই তোলাৰ পৰিৱর্তে মানুহৰ অন্তৰত ঘৃণা ও হিংসাৰ বীজহে ৰোপন কৰিছে। হয়টো এই বাবেই ১৯২৭ চনৰ ২৫ ডিচেম্বৰত বাবাচাহেব ড° ভীমৰাও আম্বেদকাৰৰ নেতৃত্বত মনুস্মৃতি জ্বলাই দিয়া হয়। এই বহ্নিউৎসৱৰ উদ্দেশ্য সম্বন্ধে বোলা হয় যে, “মনুস্মৃতি শ্রদ্ধাৰ উপযোগী নহয় আৰু এই গ্ৰন্থখনক পৱিত্র গ্রন্থ বুলিব পৰা নাযায়।সেইয়ে গ্ৰন্থখনিৰ প্রতি ঘৃণা ভাৱ দেখুৱাৰ উদ্দ্যেশ্যে সেই সন্মিলনী সভাৰশেষত ইয়াৰ এক প্রতিলিপি দাহ কৰাৰ মনস্হ কৰে। কাৰণ তেওঁ সামাজিক অপৰাধ জীয়াই ৰখা এনে যিকোনো প্ৰক্ৰিয়াৰ বিৰোধিতা কৰিব বিচাৰে”।

কিন্তু অত্যন্ত পৰিতাপৰ বিষয় যে,ভাৰতৰ ব্রাহ্মণ্যবাদী সমাজসংস্কাৰক ও ৰাজনৈতিক নেতৃবৃন্দ এই বিষয়ত কোনো জাগ্ৰত নহয়।

ভাৰতৰ সংবিধান অনুযায়ী এই গ্রন্থখনক নিষিদ্ধ ঘোষণা কৰা উচিত আছিল যদিও উচ্চবর্ণীয় শাসকগোষ্ঠী কিম্বা বুদ্ধিজীবী বা সমাজ সংস্কাৰক সকলে কোনেও সেই বিষয়ত বিৰোধ নকৰে,বিপৰীতে সযত্নে গ্রন্থখনিক লালন পালন কৰাহে পৰিলক্ষিত হয়। ফলস্বৰূপে বহুলভাৱে প্রচলিত আৰু ভাৰতৰ বিভিন্ন আঞ্চলিক ভাষাত অনুদিত এই গ্রন্থখনে বর্তমানেও জনমানসত যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। বিশেষকৈ ব্রাহ্মণসকলৰ মাজত এই গ্ৰন্থখন এক আত্মাস্বৰূপেই বিবেচিত। যিসকলে এই কিতাপখন অনুবাদ বা সম্পাদনা কৰে তেওঁলোকে বিভিন্ন ব্যাখ্যাত বৈষম্যৰ ধৰ্মীয় আইন আৰু নীতিবোৰ বাস্তৱসন্মত কৰাৰ উদ্দেশ্যে নীচ প্ৰচেষ্টা চলায়।কোৱাবাহুল্য যে এই গ্রন্থখনিৰ প্রচাৰ ও প্ৰসাৰত ব্ৰাহ্মণ সকলে অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। সেইসময়তে ব্ৰাহ্মণসকলৰ দ্বাৰা গ্ৰন্থখনিৰ ইমানেই জোৰদাৰ প্ৰচাৰ চলোৱা হ’ল যে তাৰ কু প্ৰভাৱৰ পৰা সমাজখন এতিয়াও সম্পূৰ্ণৰূপে মুক্ত হ’ব পৰা নাই। কিতাপখনক সমৰ্থন কৰিয়েই ব্ৰাহ্মণসকলে এতিয়াও নিজকে সমাজৰ উচ্চ শ্ৰেণী বুলি গণ্য কৰে আৰু এনেদৰেই মনুবাদী বিচাৰ ধাৰাক দ্বিধাহীনভাৱেই আকোঁৱালি লৈছে।

মনুস্মৃতি বা মনুসংহিতা স্বয়ম্ভূ অর্থাৎ স্রষ্টা মনু দ্বাৰা কথিত (ৰচিত) বুলি সেই গ্রন্থত দাবি কৰা হয়। যিহেতু ভাৰতৰ প্রাচীন ইতিহাসত মনুৰ নাম বিশেষ মর্যাদাৰ আসনত প্রতিষ্ঠিত আছিল। আৰু এজন সু লেখক হিচাপে প্ৰতিষ্ঠা লাভ কৰিছিল কাৰণেই এই গ্ৰন্থখনিত তেওঁৰ নাম ব্যৱহাৰ কৰা হয়। আচলতে মানুহক বুৰ্বক সজোৱাৰ বাবে এইয়া আছিল এক কু-অভিসন্ধি।সেই গ্রন্থখনিৰ লেখক হিচাপে স্বাক্ষৰ পোৱা গৈছে ভৃগুৰ পাৰিবাৰিক নামত। সেই গ্রন্থখনৰ প্রকৃত নাম আছিল ‘মনুৰ ধর্মশাস্ত্র‘। প্রতিটো অধ্যায়ৰ শেষত লেখা আছে ‘ভৃগু দ্বাৰা ৰচিত‘। ৰহস্যজনকভাৱে গ্ৰন্থখনৰ ক’তো লেখকৰ প্ৰকৃত নাম পোৱা নাযায়। যি কি নহওঁক,নাৰদস্মৃতিৰ গ্রন্থকাৰে তেওঁৰ নাম জানিবলৈ দিছে। তেওঁৰ প্রকৃত নাম আছিল সুমতি ভার্গৱ। যি ‘মনু‘ ছদ্মনামেৰে এই গ্রন্থ ৰচনা কৰিছিল।

পৃথিবীৰ বহু বিখ্যাত ঐতিহাসিক পণ্ডিতব্যক্তিসকলে এই বিষয়ত একমত যে, পুষ্যমিত্রৰ ব্রাহ্মণ্যবাদী বিপ্লব সংঘটিত সময়ত সুমতি ভার্গৱে ১৭০-১৫০ খ্ৰীষ্টপূৰ্বত এই গ্রন্থখনি ৰচনা কৰে।অর্থাৎ বৌদ্ধধর্ম প্রতিষ্ঠাৰ বহু বছৰ পিছত সম্ৰাট অশোকৰ সাম্রাজ্য প্রতিষ্ঠা ও বৌদ্ধধর্মক ৰাজধর্ম কৰাৰ ফলস্বৰূপে ব্রাহ্মণ্যধর্মৰ শোচনীয় অৱস্থা ঘটিল,কালক্ৰমত ব্রাহ্মণসকলৰ চক্রান্তত পুষ্যমিত্রৰ দ্বাৰা সম্রাটক হত্যা কৰি ব্রাহ্মণ্যশাসন প্রতিষ্ঠাৰ পিছতে এই গ্রন্থ ৰচিত হয়। প্রধানত বৌদ্ধধর্মৰ বিৰুদ্ধে আৰু বহু পুৰণি ধর্মশাস্ত্র ধ্বংস কৰি পেলায়। তাৰোপৰি বর্ণব্যৱস্থাক জন্মগত কৰাই ব্রাহ্মণক সকলোতকৈ উৰ্দ্ধত ৰাখি হাজাৰ জাতপাতৰ সৃষ্টি কৰি একেবাৰে নতুনকৈ ব্রাহ্মণ্যধর্মীৰ এই গ্রন্থখনৰ ৰচনা কৰা হয়।

ইয়াৰ প্রধান পৃষ্ঠপোষক আছিল ৰাজহত্যাকাৰী ব্রাহ্মণ সেনাপতি স্বয়ং পুষ্যমিত্র যি সেইসময়ত সিংহাসনত আছিল। অথচ এই গ্রন্থ স্বয়ম্ভূ মনুৰ দ্বাৰা ৰচিত বুলি প্রাচীনত্বক দোহাই দিয়েই মানুহক প্ৰতাৰণা কৰি আহিছে। বাৰটা অধ্যায়ত ৰচিত এই গ্রন্থ ‘সৃষ্টি প্রকৰণ‘-ৰ পৰা আৰম্ভ কৰি ধর্মীয় আৰু সামাজিক সমস্ত আইনকানুন নিয়ম আদি সকলো যে সুচতুৰ ব্রাহ্মণসকলৰ কল্পনাপ্রসূত, আৰু নিজৰ সুখসুবিধা চৰিতার্থ কৰাৰ উদ্দেশ্যে লিখি উলিওৱা হৈছে, এই কথা যুক্তিৰে ফঁহিয়াই চালে বুজিবলৈ অসুবিধা নহ’ব।

সম্ৰাট অশোকে বৌদ্ধধর্মক ৰাজধর্ম হিচাপে গ্ৰহণ কৰিছিল।ফলত সাম্রাজ্যৰ সকলো ঠাইতে সকলো মানুহৰ মাজতে সমতাৰ ভেটি ঠন ধৰি উঠিছিল।

সেয়েহে সমাজত কোনো উচ্চস্তৰিক বৈষম্য নাছিল।

যিটো ব্ৰাহ্মণ্যবাদী লোক সকলে হজম কৰিব পৰা নাছিল। ব্রাহ্মণসকল হ’ল বর্ণশ্রেষ্ঠ লোক- এই অদ্ভূত  দাবিটো সমাজৰ সকলো স্তৰৰ মানুহে তেতিয়া পাহৰি গৈছিল, আৰু সমাজৰ যিকোনো সাধাৰণ মানুহৰ দৰেই গণ্য কৰা হৈছিল, অৰ্থাৎ ব্ৰাহ্মণ বুলিয়েই তেওঁলোকক বিশেষ মৰ্যদা দিয়া হোৱা নাছিল।এক কথাত সম্ৰাট অশোকৰ দিনত ব্ৰাহ্মণ্যবাদক দমন কৰা হৈছিল। অশোকে সকলো ধৰণৰ পশু বলি প্ৰথা নিষিদ্ধ ঘোষণা কৰিছিল। তাৰ ফলত ব্ৰাহ্মণ সকলে তেতিয়া পশুবলিৰ অনুষ্ঠানত পোৱা মোটা অংকৰ দক্ষিণাৰ পৰাও বঞ্চিত হৈছিল, যিটো আছিল তেওঁলোকৰ জীৱন নিৰ্বাহৰ প্ৰধান উপায়। খ্ৰীষ্টপূৰ্ব ৩২২-১৮৫ লৈকে মৌৰ্য ৰাজবংশই মৌৰ্য সাম্ৰাজ্যত ৰাজত্ব কৰিছিল। এই দীৰ্ঘদিন ধৰি, ব্ৰাহ্মণসকলে নিপিড়ীত আৰু অৱদমিত হিচাপে জীয়াই থাকিবলৈ বাধ্য হৈছিল। ব্রাহ্মণসকলৰ এই অৱস্থাৰ পৰা পৰিত্রাণ পোৱাৰ একমাত্র উপায় আছিল বৌদ্ধধৰ্মৰ বিৰুদ্ধে বিদ্রোহ কৰা। সেই বিদ্রোহৰ ধ্বজা উৰুৱাই প্ৰথম আগুৱাই আহে সামবেদী ব্রাহ্মণ “পুষ্যমিত্র শুঙ্গ”। উল্লেখযোগ্য যে সামবেদী ব্ৰাহ্মণৰ সংখ্যা অসমত নিচেই তাকৰ; ইয়াত কান্ব আৰু যজুৰ্বেদী ব্ৰাহ্মণৰ সংখ্যাহে সৰহ।

যিহেতু পুষ্যমিত্র নিজেই ব্রাহ্মণ আছিল আৰু তেওঁৰ নির্দেশমৰ্মেই মনুস্মৃতি ৰচনা হৈছিল। সেইয়ে ব্রাহ্মণসকলক ৰজা বা ৰজাতকৈও উৰ্দ্ধত প্রতিষ্ঠিত কৰাটো সম্ভৱ হৈছিল। পুষ্যমিত্র বিপ্লৱৰ সময় পৰ্য্যন্ত আর্য আইন আছিল এনেধৰণৰ—

১)ৰাজকার্য্যত কেৱলমাথোন ক্ষত্রিয়সকল অধিকাৰভুক্ত, এজন ব্রাহ্মণ কেতিয়াও ৰজা হ’ব নোৱাৰে।

২)কোনো ব্রাহ্মণে সৈনিকৰ কাম কৰিব নোৱাৰিব।

৩)ৰজাৰ বিৰুদ্ধে বিদ্রোহ কৰা পাপ।

পুষ্যমিত্রই উপৰোক্ত এই তিনিওটা আইনেই উলঙ্ঘন কৰিছিল। তেওঁ ব্রাহ্মণ হৈও ৰজাৰ বিৰুদ্ধে বিদ্রোহ কৰিছিল ,তেওঁক হত্যা কৰিছিল, সৈনিকৰ বৃত্তি অৱলম্বন কৰিছিল আৰু ৰজাও হৈছিল। তেওঁৰ এই কলঙ্কপূর্ণ বলপূর্বক সিংহাসন দখল সাধাৰণ জনসাধাৰণে স্বীকাৰ কৰিব পৰা নাছিল। সেই বাবেই প্ৰচলিত আইন পৰিৱর্তন কৰিবলৈ বুলি পুষ্যমিত্রৰ নির্দেশমৰ্মে নতুনকৈ মনুস্মৃতি লিখি উলিওৱা হ’ল।

প্ৰাচীন গ্ৰন্থসমূহৰ অধ্যয়নৰ পৰা এটা কথা স্পষ্ট হয় যে এসময়ত গো-মাংস ব্ৰাহ্মণ সকলৰ প্ৰিয় খাদ্য আছিল। ব্রাহ্মণসকলে বৌদ্ধধৰ্মৰ বিৰোধিতা কৰিবলৈ গৈ হে গো-বধৰ বিৰোধিতা কৰিব লগা হৈছিল। যিহেতু তেওঁলোকে দেখিলে যে প্রাণীৰ প্রতি অহিংসাৰ মতবাদ জনগণৰ মনত দ-কৈ শিপাই গৈছে। সেইয়ে গো- মাংসৰ বিৰোধিতা শাস্ত্ৰ সন্মত বুলি প্ৰচাৰ চলোৱাত লাগিল। অন্যথা সমাজত ব্ৰাহ্মণ্যবাদৰ প্ৰচাৰ চলোৱাতো ইমান সহজ নহ’ল হয়।প্ৰসিদ্ধ হিন্দু ধৰ্মগুৰু স্বামী বিবেকানন্দদেৱৰ গ্ৰন্থ সমূহৰ অধ্যয়নৰ পৰাও এই কথাৰ উমান পোৱা যায়।

সি যি কি নহওঁক, জানো আহঁক “মনুসংহিতা” বা “মনুস্মৃতি”-ক কিয় হিন্দু ধৰ্মক কলংকিত কৰা গ্ৰন্থসমূহৰ ভিতৰত এখন বুলি আখ্যা দিয়া হৈছে।

শ্ৰীমদ্ভাগৱত গীতাত লিখা আছে,

“চাতুবৰ্ণ্যং ময়া সৃষ্টং গুণকৰ্মবিভাগশঃ”

অৰ্থাৎ গুণ আৰু কৰ্মৰ ভিত্তিত পৰমপিতা পৰমাত্মাই মানুহক চাৰি বৰ্ণত সৃষ্টিৰ আদিৰে পৰাই ভাগ কৰিছে৷ অৰ্থাৎ বৰ্ণ বিভেদ(ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ) জন্মৰ ভিত্তিত নিৰূপিত নহয়৷ কৰ্মৰ ভিত্তিতহে হয়৷

আনহাতে হিন্দু শাস্ত্ৰ স্কন্ধ পুৰাণত কৈছে-

“জন্মনা জায়তে শূদ্ৰঃ সংস্কাৰাৎ দ্বিজ উচ্চতে৷

বেদাভ্যাস ভৱতি বিপ্ৰ ব্ৰহ্মম জানতি ব্ৰাহ্মণ৷৷”

অৰ্থাৎ, জন্মতে কোনো লোকে শূদ্ৰতকৈ অইন একো নহয়৷ সংস্কাৰ ফলত মানুহ এজন দ্বিজলৈ, বেদৰ জ্ঞানেৰে বিপ্ৰলৈ উন্নীত হয়৷ ইয়াৰ পিছত সেই লোক জনে যেতিয়া পৰমব্ৰহ্মক উপলব্ধি কৰিব পাৰিব(যেনেকৈ উপনিষদে কৈছে, “ব্ৰহ্মবিদৌপ্নতি পৰম”) তেতিয়াহে তেওঁক ব্ৰাহ্মণ বোলা হ’ব৷

কিন্তু মনু সংহিতাত এই কথাষাৰকেই সজোৰে আঘাত হনা হৈছে।আৰু ইয়াৰ সম্পূর্ণ বিপৰীত মেৰুত অৱস্থান লৈছে। হয়টো সেইবাবেই বহুতো পণ্ডিতে ক’ব খোজে যে হিন্দু ধৰ্মক কলংকিত কৰা এখন গ্ৰন্থ হ’ল “মনুসংহিতা” বা “মনুস্মৃতি”। উক্ত কথাষাৰ কিমান দূৰ সত্য!সেইয়া এই সংকলনটি সম্পূৰ্ণকৈ পঢ়িলেই উপলব্ধি কৰিব পৰা যাব।

উপস্হমুদৰং জিহ্বা হস্তৌ পাদৌ চ পঞ্চমম্‌।

চক্ষুর্নাসা চ কর্ণৌ চ ধনং দেহস্তথৈব চ \

অসমীয়া অনুবাদ। উপস্হ (স্ত্রী বা পুৰুষৰ জননেন্দ্রিয়), উদৰ, জিভা, হাত, ভৰি, চকু, নাক, কান, ধনসম্পত্তি আৰু দেহ—এই দহটি দণ্ডস্থান।

মনুৰ নির্দেশ হ’ল যি লোকে যি অঙ্গৰ দ্বাৰা অপৰাধ কৰে তেওঁক সেই অঙ্গতেই প্ৰচণ্ড আঘাত হনা হ’ব।

যেনে কোনোৱে যদি পৰনাৰীৰ সৈতে সঙ্গম কৰে তেন্তে তাৰ যৌনাংগত আঘাত কৰি শাস্তি দিয়া হ’ব।

চুৰি কৰাৰ অপৰাধত উদৰ মানে ভোকত চটফটাই থকা শাস্তি অর্থাৎ আহাৰ দিয়া বন্ধ কৰা আদি।

গালাগালাজ আৰু মাৰপিটৰ অপৰাধত যথাক্রমে জিভা ও হাতৰ ওপৰত দণ্ড বিহা হ’ব। লাঠমৰাৰ অপৰাধত দুই ভৰিৰ ওপৰত দণ্ড হ’ব। ৰাজপত্নী, ৰাজকন্যা আদিৰ ওপৰত কুদৃষ্টি দিলে অপৰাধীৰ  চকুত আঘাত কৰা হ’ব। এনেদৰেই প্ৰতিটো বেলেগ বেলেগ অপৰাধৰ বাবে বেলেগ বেলেগকৈ শাস্তি দিয়াৰ কথা উল্লেখ আছে।

কিন্তু ব্রাহ্মণে কোনো অপৰাধ কৰিলে তেওঁক কোনো দণ্ডই দিয়া নহ’ব। অক্ষত শৰীৰে সমগ্র ধনসম্পত্তিসহ তাক দেশৰ পৰা নির্বাসিত কৰাৰ কথাহে কোৱা হৈছে।

এই মনুসংহিতা হৈছে এখন অমানৱীয় গ্ৰন্থ, য’ত সহস্ৰাধিক নিয়মৰ জালত জাত-পাতৰ সৃষ্টি কৰা হৈছে,য’ত জন্মগত ভাৱে ব্রাহ্মণ হ’লেই তাৰ সমস্ত সুখভোগৰ ব্যৱস্থা ৰখা হৈছে। তাৰ মাজতে নাৰী ও শূদ্রৰ অবর্ণনীয় অসম্মান ও হীনতাৰ বিভেদনীতিৰ প্রধান প্রধান কেইবাটাও বিষয়ও এই পুস্তিকাখনত স্পষ্টকৈ দেখা পোৱা যায়। তাৰোপৰি, আন বহুতো নিয়ম-নীতি, আইন-কানুন আদি আছে, যাক ব্ৰাহ্মণ, মহিলা আৰু শূদ্ৰৰ বাবে পৃথকে উল্লেখ কৰা হৈছে।

মনুসংহিতা ২৬৮৩ পংক্তি বা শ্লোকৰ সৈতে ১২ টা অধ্যায়ত বিভক্ত কৰা হৈছে।

সেই কেইটা ক্ৰমে:-

১ সৃষ্টিৰহস্যবিজ্ঞান প্রকৰণ ১১৯ পংক্তি বা শ্লোক

২ ধর্মানুষ্ঠান প্রকৰণ ২৪৯ পংক্তি

৩ ধর্মসংস্কাৰ প্রকৰণ ২৮৬ পংক্তি

৪ ব্রহ্মচর্য্য-গার্হস্থ্যাশ্রমধর্ম প্রকৰণ ২৬০ পংক্তি

৫ অশৌচবিধিবিধান প্রকৰণ ১৬৯ পংক্তি

৬বানপ্রস্থ প্রকৰণ ৯৭ পংক্তি

৭ ৰাজ্যনিয়ন্ত্রণ প্রকৰণ ২২৬ পংক্তি

৮ ৰাষ্ট্রনীতি প্রকৰণ ৪২০ পংক্তি

৯ ব্যৱহাৰিকধর্ম প্রকৰণ ৩৩৫ পংক্তি

১০ সামাজিকনীতি প্রকৰণ ১৩০ পংক্তি

১১ প্রায়শ্চিত্ত-সিদ্ধান্ত প্রকৰণ ২৬৬ পংক্তি

১২ মোক্ষধর্ম প্রকৰণ ১২৬ পংক্তি। ইত্যাদি।

এই লেখাটিত মূল সংস্কৃত শ্লোকসমূহ অসমীয়া লিপিত লিখা হৈছে যাতে বুদ্ধিমান পাঠকসকলে ইয়াক অনুবাদৰ সৈতে মিলাই ল’ব পাৰে। কোনো নিৰ্দিষ্ট মন্তব্য বা আলোচনা পৃথকে কৰা হোৱা নাই যাতে পাঠকসকলে অনুবাদৰ অৰ্থ বুজিব পাৰে।

প্রথম পৰিচ্ছেদ

সৃষ্টি প্রকৰণ

মনুমেকাগ্রমাসীনমভিগম্য মহর্ষয়ঃ।

প্রতিপূজ্য যথান্যায়মিদং বচনমব্রুবন্‌ \১ম, ১ \

ভগৱন্‌ সর্ববর্ণানাং যথাবদনুপূর্বশঃ।

অন্তৰপ্রভবাণাঞ্চ ধর্মান্‌ নো বক্তুমর্হসি \ ১ম, ২ \

অসমীয়া অনুবাদ। ভগৱান মনু, যি ঈশ্বৰৰ ওপৰত সতৰ্কতাৰে ধ্যান কৰি আছিল, বিধিসন্মত পূজা বন্দনা কৰি তেওঁলোকক আৰাধনা কৰিছিল আৰু জিজ্ঞাসাৰে সুধিছিল, “হে ঈশ্বৰ!  আমাৰ ব্ৰাহ্মণ বৰ্ণ লোকসকলৰ ও ক্ষত্ৰিয় সকল আৰু বিভিন্ন জাতিৰ লোকসকলৰ ধৰ্ম-কৰ্মসূহ যথাযথভাৱে আৰু যথাক্ৰমে শেষৰলৈকে জনাওঁক।

স তৈঃ পৃষ্টস্তথা সম্যগমিতৌজা মহাত্মভিঃ।

প্রত্যুবাচার্চ্য তান্‌ সর্বান্‌ মহর্ষীন্‌ শ্রূয়তামিতি \ ১ম, ৪ \

অসমীয়া অনুবাদ। অসীম জ্ঞানশক্তি সম্পন্ন্‌ ভগৱান মনুৱে তেওঁৰ সৈতে আগ্ৰহেৰে কথা পাতিবলৈ আৰম্ভ কৰিলে।

সোহভিধ্যায় শৰীৰৎ স্বাৎ সিসৃক্ষুর্বিবিধাঃ প্রজাঃ।

অপ এব সসর্জাদৌ তাসু বীজমবাসৃজৎ \১ম, ৮ \

অসমীয়া অনুবাদ। সেই সূক্ষ্মৰূপী ঈশ্বৰে প্ৰথমে তেওঁৰ শৰীৰৰ পৰা বিভিন্ন প্ৰজাতি সৃষ্টি কৰাৰ ইচ্ছাৰে ধ্যানযোগে সৰ্বপ্ৰথমে পানী সৃষ্টি কৰিছিল আৰু তেওঁৰ বীজ (শক্তি) ইয়াত নিক্ষেপ কৰিছিল।

তদণ্ডমভবদ্ধৈমং সহস্রাংশুসমপ্রভম্‌।

অসমীয়া অনুবাদ।সেই বীজখিনি সূৰ্য্যৰ দৰে সোণালী বৰণৰ এটা কণীলৈ পৰিণত হল; সেই কণীত তেওঁ নিজকে সমস্ত লোকৰ পিতামহ ব্ৰহ্মাৰূপে জন্ম গ্ৰহণ কৰিছিল।

তস্মিন্নণ্ডে স ভগৱানুষিত্বা পৰিবৎসৰম্‌।

স্বয়মেবাত্মনো ধ্যানাৎ তদণ্ডমকৰোদ্‌দ্বিধা \ ১ম, ১২ \

অসমীয়া অনুবাদ।ভগৱান ব্ৰহ্মা সেই কণীত এবছৰ থাকিছিল (ব্ৰহ্মাৰ পৰিমাণত) আৰু নিজৰ ধ্যানযোগেৰে ইয়াক দুটা ভাগত বিভক্ত কৰিছিল।

তাভ্যাং স শকলাভ্যাং চ দিবং ভূমিঞ্চ নির্মমে।

মধ্যে ব্যোম দিশশ্চাষ্টাবপাংস্থানঞ্চ শাশ্বতম্‌ \ ১ম, ১৩ \

অসমীয়া অনুবাদ।তেওঁলোকে ওপৰৰ অংশত স্বৰ্গ আৰু তলৰ অংশত পৃথিৱী সৃষ্টি কৰিছিল, আৰু মাজত আকাশ, আঠটা দিশ আৰু অবিৰন্ত জলাধাৰ (সাগৰ ইত্যাদি) সৃষ্টি কৰিছিল।  (ইয়াৰ অৰ্থ হৈছে যে সাগৰ পৃথিৱীত নহয়, শূণ্যত অৱস্থিত।)

সর্বেষাং তু স নামানি কর্মাণি চ পৃথক্‌ পৃথক্‌।

বেদশব্দেভ্য এবাদৌ পৃথক্‌সংস্থাশ্চ নির্মমে \ ১ম, ২১ \

অসমীয়া অনুবাদ।  সৃষ্টিৰ আৰম্ভণিতে ‘দিব্য বেদ’ শব্দটো, যিটো পূর্ব পৰিকল্পিত, যিসকলৰ আগতে এনে নাম আছিল তেওঁলোকৰ নাম জানি, {(সকলোৰে বিভিন্ন নাম আছে।যেনে মানৱ জাতিৰ মানুহ, বান্দৰ জাতিৰ বান্দৰ)}পৃথক পৃথক কর্ম (যেনে ব্রাহ্মণ জাতিৰ অধ্যয়ন, ক্ষত্রিয় জাতিৰ প্রজাপালন) আৰু পৃথক পৃথক বৃত্তি (যেনে ব্রাহ্মণৰ পূজা-পাঠ)আদি নির্দেশ কৰি দিয়া হৈছিল।

এই শ্লোকৰ পৰা এই কথা পৰিষ্কাৰ কৈ প্রতীয়মান হয় যে এই সৃষ্টিপ্রকৰণৰ পূর্বেও ব্রহ্মাণ্ড আছিল আৰু এটা মহাপ্রলয়ৰ ফলত তেওঁলোক তাত বিলীন হৈ যায়। পিছত এই নতুন ব্রহ্মাণ্ড পুনৰাই সৃষ্টি কৰা হৈছিল। সৃষ্টিৰ আৰম্ভণিত এই নতুন পৰমাত্মায়ে বেদ শব্দৰ পৰা সকলো জানি পূর্বপৰিকল্পিত অনুযায়ী জাতি, কর্ম, বৃত্তি ইত্যাদিৰ নামকৰণ পুনঃপ্রৱর্তিত কৰি দিয়ে।

যং তু কর্মণি যস্মিন্‌ স ন্যযুঙ্‌ক্ত প্রথমং প্রভুঃ।

স তদেব স্বয়ং ভেজে সৃজ্যমানঃ পুনঃপুনঃ \ ১ম, ২৮ \

অসমীয়া অনুবাদ।  প্রজাপতি (ব্রহ্মা) সৃষ্টিৰ আদিতে যাক যি কর্ম নিযুক্ত কৰিছিল (যেনে ব্রাহ্মণ জাতিক পূজা-পাঠ কর্ম আৰু অধ্যাপনা), সি পুনৰ জন্মগ্রহণ কৰিও নিজৰ বলত সেই কর্ম কৰিব লাগিল।

হিংস্রাহিংস্রে মৃদুক্রূৰে ধর্মাধর্মাবৃতানৃতে।

যদ্‌যস্য সো ্হদধাৎ সর্গে তৎ তস্য স্বয়মাবিশৎ \ ১ম, ২৯ \

অসমীয়া অনুবাদ।(সিংহ আদিৰ)হিংসা, (হৰিণ আদি) অহিংসা, (ব্ৰাহ্মাণসকলৰ) নম্ৰতা, (ক্ষত্ৰীয়সকলৰ) ক্ৰুৰতা, (ব্রহ্মচাৰীৰ ব্রহ্মচর্য) ধৰ্ম (মাংস সেৱন ও হস্ত মৈথুন) অধৰ্ম, (দেৱতাৰ)সত্য, (পুৰুষৰ) মিথ্যাচাৰ – যাক যি গুণ তেওঁ সৃষ্টিৰ আদিতে প্ৰদান কৰিছিল সেই গুণ তাৰ মাজত আপোনা আপোনি প্রৱেশ কৰিব ধৰিলে।

যথর্তুলিঙ্গান্যৃতবঃ স্বয়মেবর্তুপর্যয়ে।

স্বানি স্বান্যভিপদ্যন্তে তথা কর্মাণি দেহিনঃ \ ১ম, ৩০ \

অসমীয়া অনুবাদ।বসন্ত আদি ঋতুৰ যিদৰে নিজৰ অধিকাৰ আছে, আৰু ঋতুৰ দৰে আমফুলৰো নিজৰ অধিকাৰ আছে,একেদৰেই শৰীৰ থকা পুৰুষৰো তেওঁলোকৰ কামৰ অধিকাৰ আছে।

লোকানাং তু বিবৃদ্ধ্যর্থং মুখবাহুৰুপাদতঃ।

ব্রাহ্মণং ক্ষত্রিয়ং বৈশ্যং শূদ্রঞ্চ নিৰবর্তয়ৎ \ ১ম, ৩১ \

অসমীয়া অনুবাদ। ঈশ্বৰে পৃথিৱীৰ জনসংখ্যা বৃদ্ধি কৰিবলৈ নিজৰ মুখ, বাহু, কৰঙণ আৰু ভৰিৰ তলুৱাৰ পৰা ক্ৰমে ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ এই চাৰি বৰ্ণ সৃষ্টি কৰিলে।

দ্বিধা কৃত্বাত্মনো দেহমর্দ্ধেন পুৰুষোহভবৎ।

অর্দ্ধেন নাৰী তস্যাং স বিৰাজমসৃজৎ প্রভু \ ১ম, ৩২ \

অসমীয়া অনুবাদ।ঈশ্বৰে তেওঁৰ নিজৰ শৰীৰক দুটা ভাগত বিভক্ত কৰে, এটি অৰ্ধ মহিলা আৰু এটা অৰ্ধ পুৰুষ। আৰু তাৰপিছত পুৰুষ মহিলা দুয়ো মিলি বিৰাট নামৰ এজন নতুন পুৰুষৰ জন্ম দিছিল।

তপস্তপ্ত্বাসৃজৎ যং তু স স্বয়ং পুৰুষো বিৰাট্‌।

তং মাং বিত্তাস্য সর্বস্য স্রষ্টাৰং দ্বিজসত্তমাঃ \ ১ম, ৩৩ \

অসমীয়া অনুবাদ। সেই বিৰাট নামৰ মহান পুৰুষজনে বহুবছৰ তপস্যা কৰি যাক সৃষ্টি কৰিলে আমিয়েই সেই মনু, আমাকেই এই সমস্ত জগতৰ স্রষ্টা বুলি জনা যায়।

এই শ্লোকত মনুৱে নিজকে সমস্ত জগতৰ স্রষ্টা অর্থাৎ নিজকে সর্বশক্তিমান বুলি পৰিচয় দিছে।অথচ ওপৰৰ শ্লোক সমূহত পৰমাত্মা বা পৰমেশ্বৰ অর্থাৎ ব্রহ্মায়েই সকলো সৃষ্টি কৰিছিল বোলা হৈছে।আনকি ব্রহ্মাৰ মুখৰ পৰা ব্রাহ্মণ, বাহুৰ পৰা ক্ষত্রিয়,কৰঙণৰ পৰা বৈশ্য আৰু ভৰিৰ তলুৱাৰ পৰা শূদ্রৰ সৃষ্টি হৈছে বুলিও কৈছে। তথাপি মনুয়ে তেওঁ নিজকে সমস্ত জগতৰ স্রষ্টা অর্থাৎ সর্বশক্তিমান বুলিছে। কাৰণ, এই গ্রন্থ যি পঢ়িব তেওঁ যাতে অনুধাৱন কৰিব পাৰে যে এই মনুয়েই সকলোতকৈ নির্ভৰযোগ্য আৰু তেওঁৰ এই বচন সকলোৰে শ্রদ্ধেয়- এইটো প্রতিষ্ঠা কৰায়েই আছিল ৰচয়িতাৰ মূল উদ্দেশ্য। মনুৱে কোৱা সমস্ত বিধান যে সৃষ্টিকর্তাৰ বিধান এই বিশ্বাসকে মানি চলাৰ নির্দেশও দিয়া হৈছে তাত। অথচ ইতিহাস সাক্ষী আছে যে এই মনু হল ধূর্ত ব্রাহ্মণ সুমতি ভার্গৱ! আৰু এইয়া হ’ল তেওঁৰ দ্বাৰাই ৰচিত ‘মনুসংহিতা‘ৰ সৃষ্টি প্রকৰণ! বিজ্ঞ পাঠকে নিজেই বিচাৰ কৰিব কিমানখিনি ধূর্ততাৰ সৈতে আৰু কল্পনাৰ কোহেলিকাত ৰচিত হৈছে এই শ্লোকবোৰ!

পৰৱর্তী শ্লোকসমূহৰ অনুযায়ী- মনুৱে দহটি সন্তান (পুত্র) জন্ম দিলে তপস্যাৰ বলত,মন কৰিব, কোনো নাৰীৰ গর্ভত নহয়। বিশেষকৈ এটিও কন্যাসন্তানৰ জন্ম দিয়া নাই। সেই দহজন সন্তানে পুনৰ সাতজন মনু (মনুষ্য) সৃষ্টি কৰিলে। কিন্তু এই সাতজন মানুহ সেই সন্তানসকলৰ ঔৰসজাত নে হাতে গঢ়া, তাৰ কোনো উল্লেখ নাই।অথচ বংশানুক্ৰমে তেওঁলোকৰ সন্তানেই বর্তমান পৃথিৱীত  ভৰপুৰ!

(অহা সংখ্যাত)

2 thoughts on “মনুস্মৃতিত ব্ৰাহ্মণ, নাৰী আৰু শূদ্ৰৰ স্থান (প্ৰথম খণ্ড) (ৰঞ্জন ভূঞা)

  • বহু দিনৰ পৰা এই ক্ষেত্ৰত ৰিচাৰ্চ কৰি আছিলোঁ ঘপকৈ আপোনাৰ এই site টো দেখিলোঁ

    Reply
  • নিবাস আয়াং বড়ি

    আমি আম্বেদকাৰবাদত বিশ্বাস কৰা মানুহ। গতিকে পোষ্ট সমূহ সময় মতে দি থাকিবা।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *