প্ৰসংগঃ মৌ বিহু ।। প্ৰাগজ্যোতি গগৈ
মুক্ত চিন্তা, ১০ম বৰ্ষ, ৫ম সংখ্যা
কিছুদিন আগেয়ে সামাজিক মাধ্যমত বিহুসুৰীয়া গীত এটিয়ে বেছ তোলপাৰ লগাইছিল। সম্প্ৰতিও কিছুলোকৰ মুখে মুখে তাৰ চৰ্চা অব্যাহত। আচলতে গীতটি সমালোচনাৰ দাবীদাৰ নহয়, তাৰ কাৰণ দুটা-প্ৰথমটো হ’ল গীতটিয়ে তাৰ কনটেণ্টৰ ফালৰপৰা যি এক সাম্ভাব্য প্ৰতিবাদী মেজাজ কঢ়িওৱাৰ থল আছিল, সেইফালে ব্যৰ্থ হ’ল যাৰবাবে ই এক ষ্টাণ্ট হিচাপেহে বিবেচিত হ’ল। দ্বিতীয়তে, গীতটি Art লৈ ৰূপান্তৰৰ যাত্ৰাপথৰ আদবাটতে পথভ্ৰষ্ট হ’ল। এহেলৈ গীতটিক লৈ ব্যস্ততাৰ দৰকাৰ নপৰে। কিন্তু তাত আন কেতবোৰ দিশো থাকে। সমসাময়িক অসমীয়া সাংগিতীক ক্ষেত্ৰখনত Art-ৰ বৰ অভাৱ। কেউফালে সস্তীয়া বিনোদনৰ পয়োভৰৰ মাজত যিবা এক আৰ্টসুৰীয়া কিবাটি ওলাই আহে তাৰ কদৰ বৰকৈ বাঢ়ে। কাৰবাৰটো ঠিক গছ নোহোৱা ঠাইত এৰাগছেই বৰগছ হোৱাৰ দৰে কথা। পপুলাৰ আৰু এমেচাৰ হিচাপে বিভাজনৰ আমি পক্ষপাতী নহয়। কিন্তু এমেচাৰৰ এটিটিউডেই এই বিভাজনৰ দাবী কৰে। কিন্তু তাৰপাছতো কিবা ফল ধৰেনে? আৰ্টৰ উদ্ভৱ হয়নে? প্ৰশ্ন আচলতে সেয়াই হ’ব লাগে। আৰ্টৰ নামত এমেচাৰে যি অযথা বিৰক্তি দিয়ে তাৰ প্ৰাবল্য প্ৰফেচনেলৰ সস্তীয়া বিনোদনতকৈ বহুত বেছি। কাৰণ আৰ্ট চিৰিয়াচ কাৰবাৰ, ধেমালি-ধুমুলা নহয়। যেতিয়া কোনো এটা কাম (Work) আৰ্ট নহয় আৰু একেহাতে তাক আৰ্ট বুলি হট্টগোলৰ মাত্ৰা বাঢ়ে, তেনে অৱস্থাত আৰ্টক লৈ সৃষ্টি হোৱা নৈৰাজ্যবাদী ষ্টাণ্টসমূহৰ বিষয়ে কিবা কোৱাটো জৰুৰী হৈ পৰে।
কথা বৰ বেছি বহলাই নাথাকি আমাৰ আলোচ্য গীতটোলৈ যাওঁ। গীতটোৰ নাম ‘মৌ বিহু’’। গীতটিৰ নামকৰণ সন্দৰ্ভত সৃজনী মহন্তৰ ভাষ্য শুনি আমাৰ ধাৰণা হয় তেখেত নিজেই এইক্ষেত্ৰত কনফিউজড। তেখেতৰ ঘৰুৱা নাম মৌ বুলি তেখেতৰ ভাষ্যৰপৰাই জানিব পাৰিলোঁ। সেইফালেও তেওঁ পোনাই ধৰি গীতটিৰ নাম “মৌ বিহু” হ’ব পাৰে বুলি এক ধাৰণা আমাক দিলে। একেহাতে গীতটোত তেওঁ মৌমাখিৰ ৰাণী হৈছে। গীতটোত তেওঁ ৰূপায়ণ কৰিব খোজা থিম আচলতে সেইটোহে। সেইফালৰপৰাই গীতৰ নাম ‘’মৌ বিহু”। চাবলৈ গ’লে আৰম্ভণিতেই সৃজনী মহন্তই আমাক দুবিধাত পেলাইছে। নামকৰণক লৈ তেওঁৰ যি ভিন্নমত সিয়েই কনট্ৰাডিকশ্বন হৈ ধৰা দিছে। গতিকে তাৰেপৰাই আগলৈ যোৱাত আমাৰ অসুবিধা। কাৰবাৰটো যদি নাৰীবাদৰ সৈতে জুটি চাওঁ সেইফালে আৰু বেছি অসুবিধা বাঢ়ে। নামাকৰণতেই য’ত কনফিউজন ওলমি আছে সি নাৰীবাদৰ আচলতে কি সাধিব? কি বিশেষ বাৰ্তা কঢ়িয়াব? প্ৰতিদিন টাইমৰ আলোচনা সভাত তেখেতে কোনোবাখিনিত কোৱামতে আচল কনচেপ্তটো মৌৰাণীক লৈহে আছিল, মানুহে মানুহৰ বহুগামিতাক উপস্থাপন কৰা ধৰণেৰেও ভাবিছে (হুবহু ভাষ্য মনত নাই, মূল কথাখিনি এইধৰণৰেই)। ইয়াত প্ৰথম কথাটো হ’ল, তেখেত নিজেই কনফিউজড আচলতে কোনটো দিশক আগবঢ়াই নিব। নামৰ কনফিউজনটো কনচেপ্তৰ কনফিউজনসূত্ৰেই আহিছে। দ্বিতীয় কথা, যদি তেখেতে পুৰুষতন্ত্ৰৰ বিৰুদ্ধে এপাট অস্ত্ৰ হিচাপে এই গানৰ নিৰ্মাণ কৰিছে তেন্তে ইয়াক কেৱল মৌৰাণীৰ যৌনজ দিশৰ উপস্থাপন কৰা বুলি ভবা কিম্বা মানুহে সেইমতেই তাক ৰিচিভ কৰিব বুলি ভবাটো কেনে প্ৰাবল্যৰ ৰোমাণ্টিকতা, তাক তেখেতে নিজেই ঠাৱৰ কৰক। এইধৰণৰ ৰোমাণ্টিকতাৰে পুৰুষতন্ত্ৰৰ ভেটি কঁপাম বুলি ভবাটো বাতুলামীৰহে নামান্তৰ।
গীতটোত দেখুওৱা যৌনতাক লৈ ৰাইজৰ হুলস্থূলৰ প্ৰতিক্ৰিয়া হিচাপে তেখেতে ষ্টুডিঅ’ৰ মজিয়াত অসমীয়া পপুলাৰ সংগীতত থকা যৌনতাৰ দুটামান উদাহৰণ দাঙি ধৰিলে। মন কৰিবলগীয়া কথাটো হ’ল তেখেতে নিজকে পপুলাৰৰ শাৰীত ৰাখিব খোজা নাই, ৰখা নাই। তেনেস্থলত পপুলাৰৰ সৈতে তুলনাৰ কথাটো ক’ৰপৰা কেনেকৈ আহিল তাক বুজাত আমাৰ অসুবিধা। আমাৰ সমস্যাতো যৌনতাৰ উপস্থাপনক লৈ নহয়, সমস্যা তেওঁৰ উপস্থাপনৰ প্ৰক্ৰিয়াক লৈহে। যাক তেওঁ এফালে আৰ্ট বুলি দাবী কৰিছে একেহাতে পপুলাৰৰ গানৰ উদাহৰণ আনিছে। আমাৰ কথাটো হ’ল তেওঁ আচলতে গীতটো আমি কেনেকৈ ৰিচিভ কৰিব লাগে বুলি ভাবে? আৰ্ট নে পপুলাৰৰ কমাৰ্চিয়েল সংগীত হিচাপে। যদি আৰ্ট বুলিয়েই তেওঁ ভাবিছে তেন্তে পপুলাৰ মিউজিকৰ যৌনগন্ধী শাৰী বুটলি আনি নিজক জাষ্টিফাই কৰা যুক্তি কোনখিনিত?
নামৰপৰা ওলাই কনটেণ্টৰ ভিতৰত ভুমুকিয়াই চালেও দেখা যায়, আচলতে মৌ ৰাণীৰ conceptটোৱেই গণ্ডগোলীয়া। পুৰুষতান্ত্ৰিকতাৰ বিপৰীতে ইয়াক প্ৰয়োগ কৰিবলৈ গ’লেও আন এক সমস্যাই আহি দেখা দিয়ে। সেয়া হৈছে মৌ ৰাণীৰ সংগমৰ ক্ষেত্ৰত যি অপাৰ স্বাধীনতা, সি কিন্তু আনৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়। বাকী female মৌবোৰ সেই যৌন স্বাধীনতাৰ পৰা বঞ্চিত। য’ত যৌন স্বাধীনতা কেৱল ৰাণীৰহে আছে, আৰু ই এইবাবেই, কাৰণ তাই ৰাণী। ইয়াত ক্লাছৰ কথাই আহি পৰে। এতিয়া যদি মৌৰাণীৰ কনচেপ্তটোক সেজে সেজে আনি মানুহৰ ক্ষেত্ৰত, মানুহৰ সমাজ ব্যৱস্থাত এপ্লাই কৰি চাওঁ তেন্তে পোনে পোনে অহা প্ৰশ্নটো হ’ব এনেকুৱা যে উচ্চ প্ৰস্থিতিসম্পন্ন, উচ্চ শ্ৰেণী, উচ্চ শিক্ষিত, এলিট নাৰীৰহে যৌন স্বাধীনতা থাকে নেকি আৰু লগতেই বহুগামিতাৰ যি unapologetic presentation ঘটিছে সি এলিট, উচ্চ শ্ৰেণীৰ নাৰী বাবেই হৈছে নেকি বা তাৰ সূত্ৰ ধৰিয়েই আগমন ঘটিছে নেকি? আৰ্ট হোৱা-নোহোৱা কথাটোক বাদ দিও গোটেই কাৰবাৰটো (মৌ ৰাণীৰ কনচেপ্ত) সেইফালেই problematic আৰু ভৰপূৰ ৰোমাণ্টিকতাৰ ভৰত ভৰপক।
এতিয়া মৌ-মাখিৰ প্ৰেজেণ্টেচনক বাদ দি ফটফটীয়াকৈ জিলিকি থকা কণ্টেণ্টটো কি থাকিল? Polyamoryৰ উপস্থাপনক লৈ আপত্তি, বিৰোধৰ কথা নাই, কিন্তু কাম (work) এটাযে কৰা হ’ল তাৰ একোটা উদ্দেশ্যতো থাকিব লাগিব। লগতেই কামটো আমি কিয় চাব লাগে তাৰো এটা কাৰণ লাগিব। উদ্দেশ্য নিৰ্ধাৰিত হ’লে এই কিয় চাব লাগেৰ উত্তৰটো আহিব আৰু তাক ধিয়াই আহিব দায়ৱদ্ধতা। সেই দায়ৱদ্ধতাক আমি দুইধৰণে চাব পাৰোঁ। উপস্থাপন কৰা কেৰেক্টাৰ, কনচেপ্তৰ সঠিক উপস্থাপনৰ ক্ষেত্ৰত দায়ৱদ্ধ হোৱা, দ্বিতীয়তে কেৰেক্টাৰ, থিম, চাবজেক্টৰ সঠিক প্ৰেজেণ্টেচনৰ প্ৰতি দায়ৱদ্ধ হোৱাৰ লগতে প্ৰচলিত সমাজ ব্যৱস্থাৰ বিৰুদ্ধে তাক উপস্থাপনৰ ক্ষেত্ৰতো একেহাতে দায়ৱদ্ধ হোৱা। এইখিনিতো এটা কথা আহে, সমাজৰ মধ্যযুগীয় পুৰুষতান্ত্ৰিক নৈতিকতাৰ বিৰুদ্ধে ইয়াক এপ্লাই কৰা হৈছে নে বহুগামিতাৰ unapologetic presentationৰ বাবে কৰা হৈছে। পাছৰটোতো আগৰটো অৱশ্যেই থাকিব পাৰে, কিন্তু এইক্ষেত্ৰত মূল উদ্দেশ্য কোনটো? জোৰটো যদি পাছৰটোত বেছি সেইফালেও বাৰু সি পুৰুষতন্ত্ৰত গৈ কোবায়। কিন্তু তাৰ উদ্দেশ্যৰ উৎপত্তি individualismৰ পৰা হ’লে সি ফেমিনিজিমৰ কিমান সহায়ক হ’ব বা পুঁজিবাদসৃষ্ট বজাৰৰ কবলপৰা কেনেকৈ নিজক মুক্ত কৰিব? কাৰবাৰটোক যদি আমি নাৰীবাদী দৃষ্টিকোণৰপৰা চাই পুৰুষতন্ত্ৰৰ বিৰুদ্ধে প্ৰতিবাদ বুলিও ধৰি লওঁ তেন্তে সিও ফুটি উঠা নাই। স্ৰষ্টা নিজেই উদ্দেশ্যৰ বিভ্ৰান্তিত ভূগিছে। সেই বিভ্ৰান্তিৰ আৰম্ভণি গীতৰ নামকৰণক লৈ ব্যাখ্যাতেই স্পষ্ট। সোঁতৰ বিপৰীতে যাব খোজোঁতে নাওখনৰ গুৰিবঠাডাল সদায়ে মজবুত হোৱা প্ৰয়োজন। নহ’লে আনক উদ্ধাৰ কৰিব খোজোঁতে আদবাটতে নিজৰেই নাও বুৰ যোৱাৰ দুৰ্ভাৱনা প্ৰবল। এইধৰণৰ আৰ্টৱৰ্কৰ ক্ষেত্ৰত দুটা দিশ প্ৰয়োজনীয় বুলি ভাব হয়। প্ৰথম, প্ৰতিবাদী ভাইব এটা সঠিককৈ ৰাখি এক লক্ষ্য বান্ধি দৃঢ়তাৰে থিয় হোৱা আৰু দ্বিতীয়তে, কামটোক উৎকৃষ্ট কলাৰ পৰ্যায়লৈ উত্তীৰ্ণ কৰা। ইয়াৰে কোনোবা এটা অন্তত জৰুৰী। হয় আৰ্ট হ নহয় দুৰ্মদ প্ৰতিবাদী হ। ইয়াৰে কোনোটো যেতিয়া ভালকৈ হৈ নুঠে তেতিয়া কামটো নিসিজে বা সেই ৱৰ্কৰ ভেল্যু নাথাকে। বজাৰত সি হৈ পৰে সাধাৰণ পণ্য। কামটো সুকলমে হৈ নুঠাৰ অন্তৰালত তেতিয়া দুটা দিশেই মূলত থাকে, প্ৰথম- গোটেই বিষয়টো সন্দৰ্ভত বা তাৰ প্ৰয়োগৰ বেলিকা সঠিক আণ্ডাৰষ্টেণ্ডিঙৰ অভাৱ আৰু দ্বিতীয়টো হ’ল উদ্দেশ্যৰ বিভ্ৰান্তি। উদ্দেশ্যৰ বিভ্ৰান্তিয়েই আচলতে বহুক্ষেত্ৰত প্ৰথমৰটিক গাইড দিয়ে আৰু ফলত ই হৈ পৰেগৈ একোটা ষ্টাণ্ট। এইক্ষেত্ৰত এডাল চেইনে কাম কৰে- Elitism-individualism-anarchism. এই কামটো হ’ব এক ষ্টাণ্ট, যি পষ্টমডাৰ্ণসুৰীয়া একেহাতেই ছ’চিয়েলী এনাৰ্কিষ্ট ভাইবৰ। গুৰিবঠা যাৰ Elitism হৈ individualism. সেইবোৰো বাৰু হৈ থাকক কিন্তু erotica লৈ তাৰ ৰূপান্তৰ ঘটিছেনে? ই উৎকৃষ্ট আৰ্ট হৈছেনে? যদি নহয় তেন্তে আচলতে পাতিবলগা একো নাথাকেই। প্ৰতিবাদো হোৱা নাই আৰ্টো হোৱা নাই তেন্তে পাতি কি লাভ?
নাৰীবাদী দৃষ্টিকোণৰ প্ৰসংগ যেতিয়াই আহিব ক্লাছৰ কথাটো সদায়েই থাকিব। স্ৰষ্টাৰ ক্লাছ কি? সেই অনুসাৰে আৰ্টৰ ক্লাছ কি? আৰ্টে কাৰ কথা ক’ব? স্ৰষ্টাই কাক প্ৰতিনিধিত্ব কৰি কথা ক’ব? polyamoryৰ উপস্থাপনেৰে পুৰুষতন্ত্ৰৰ বুকুত কাছগোৰ বহুৱাব খুজিলেও কাৰবাৰটো বহুক্ষেত্ৰত এনাৰ্কিষ্ট ধৰণৰহে (ভাল-বেয়া সি পিছৰ কথা) হয়গৈ। এই এনাৰ্কিজিমৰ উদ্ভৱ হ’ব পাৰে উদ্দেশ্যৰ বিভ্ৰান্তিৰপৰা। তাৰো আকৌ উদ্ভৱ এলিটিজিমসূত্ৰে। কলাৰ ক্ষেত্ৰত কম-বেছি পৰিমাণে এলিটিজিম বাৰু থাকিবই। সি সমস্যা নহয়, সমস্যা হয়গৈ Individualismক লৈহে। এইখিনিতে অহা মূল Conflictটো হ’ল এফালে ব্যক্তিসত্তাবাদৰপৰা উদ্ভৱ হোৱা ব্যক্তিস্বতন্ত্ৰতা (যি Individual) আৰু আনফালে সোঁতৰ বিপৰীতে গৈ প্ৰতিবাদী সত্তা প্ৰকাশৰ বেলিকা থাকিব লগা সামাজিক দায়ৱদ্ধতা (যি Social), এই দুয়োটা হ’ল পৰস্পৰৰ সাংঘাতিক বিৰোধী। এই Individual আৰু socialৰ মাজত হোৱা সংঘৰ্ষৰ ফলত ব্যক্তিসত্তাবাদৰ জয় হৈ পাছৰটো অৰ্থাৎ প্ৰতিবাদী সত্তাৰ প্ৰকাশৰ ক্ষেত্ৰত থাকিব লগা দায়িত্ববোধৰ (যি Social) বিনাশ ঘটিছে। যাৰ ফলত সি হৈ উঠিছে এনাৰ্কিষ্ট ভাইবৰ একোটা ষ্টাণ্ট। এতিয়া তাৰ উৎস যদি নাৰীবাদসূত্ৰে আছিল, সি যদি পুৰুষতন্ত্ৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰিব খুজিছিল, তেন্তে এতিয়া সি পুঁজিবাদী পণ্যৰ বজাৰৰপৰা নিজকে কিদৰে মুক্ত কৰিব? কাৰণ সিতো এতিয়া erotic art আৰ্ট নহৈ semi porn ধৰণৰ বস্তু এটাহে হ’লগৈ। Erotica হ’লে Art হিচাপে চাম Porn হ’লে পৰ্ণ হিচাপে চাম আৰু যদি প্ৰতিবাদী সত্তা থাকে তেন্তে তাক সেই অনুসাৰে জুকিয়াই চাম। কিন্তু ই আৰ্টো নহ’ল, পৰ্ণও নহ’ল, প্ৰতিবাদীও নহ’ল, তেন্তে হ’ল কি? এইধৰণৰ কনচেপ্ত এটা উপস্থাপনৰ বেলিকা উদ্দেশ্যৰ দৃঢ়তা, বিষয়বস্তুৰ ষ্পষ্টতা খুবেই জৰুৰী। এই দৃঢ়তা, ষ্পষ্টতা নাথাকিলে পুৰুষতন্ত্ৰৰ বাঘৰূপী সমাজখনৰ বিৰুদ্ধে গৈও পুনৰাই আকৌ পুঁজিবাদসৃষ্ট পুৰুষতন্ত্ৰৰ ঘঁৰিয়ালটোৰ মুখত পৰাৰ সম্ভাৱনাও থাকে। সেইফালেও মন কৰা ভাল।
আন এক দৃষ্টিকোণৰপৰা গোটেই কাৰবাৰটোত প্ৰটাগনিষ্ট নিজে বসন্তৰ দৰেও হৈ উঠিছে। মৌৰাণীৰ লগতেই বসন্তৰাণীৰ দৰে ভাইব এটাও কোনোবাখিনিত আহিছে। এনেয়ে অসমীয়া জনজীৱনত বসন্ত ঋতুক বুজাবলৈ মেচকুলিন টাৰ্ম ঋতুৰাজ ব্যৱহাৰ কৰা হয়। তাৰ বিপৰীতে ইয়াত বোধহয় ফেমিনিন টাৰ্ম ঋতুৰাণী বসন্তৰ দৰে কাৰবাৰ এটাৰেও হয়তো চাব পাৰি। সেইখিনিলৈকে সি ঠিকেই। সমস্যা তাৰ পাছতেই আহে। অসমীয়া জনজীৱনত বহাগৰ গুৰুত্ব অপৰিসীম। বিহুৰ উৎপত্তিৰ মূল কৃষিহে। কৃষিভূমি উৰ্বৰতা, উৎপাদনশীলতাৰে ই জড়িত। সেইফালৰপৰা তাত বিপ্লৱৰ কথাও জড়িত হৈ থাকিব। যৌনজ দিশটো মূলতঃ প্ৰডাক্টিভিটিক কেন্দ্ৰ কৰিহে যাৰ উদ্ভৱ কৃষিৰপৰা। বহাগৰ যি যৌনতা, সি জীৱনমুখী যৌনতা। য’ত যৌনতাই একমাত্ৰ কথা নহয়। প্ৰকৃতিয়ে বহাগক যি ৰূপ-ৰসে উপচাই যিয়ে, প্ৰকৃতিৰ পৰিৱৰ্তনে মানুহৰ দেহ-মনত যি প্ৰাণচাঞ্চল্যৰ জন্ম দিয়ে, এই গোটেইবোৰ জীৱনমুখী। বহাগত মানুহে নতুন ঘৰ বান্ধে, নতুন কামৰ সংকল্পৰে ন-কৈ চিন্তা কৰি নতুন উদ্যমেৰে আগবাঢ়ে, এইবোৰত বিপ্লৱৰো Essence এটা থাকে। বহাগ এক ন-জীৱনৰ আৰম্ভণি হ’ব পাৰে। বিহুগীতত যি পলুৱাই অনাৰ কথা পোৱা যায়, সি পলুৱাই আনি ঘৰ বন্ধাৰ জীৱনমুখী যৌনতা। বিহুগীতত যৌনজ কথা-বাৰ্তা থাকিলেও যৌনতাই জীৱন নহয় বৰঞ্চ জীৱনৰ এক অংশহে যৌনতা (যি essential উপাদান)। সেয়েহে তাৰ শেষ বিন্দু হৈ উঠিছে পলাই গৈ ঘৰ এখন বন্ধা। বহাগত এইবাবেই পলুৱাই নিয়া, পলাই গৈ বিয়া পতাৰ কথা আহিছে যে বহাগ হৈছে একোটা জীৱনৰ আৰম্ভণি। পলুৱাই নি, পলাই গৈ ছেক্সেই কৰিম ধৰণৰ ধাৰণাটো ইয়াত মূল উপজীৱ্য নহয়। পলাই গৈ সংসাৰ পাতি বহাগৰপৰাই নতুন জীৱনৰ আৰম্ভ কৰিম বোলাটোহে মুখ্য। একেদৰেই কেতিয়াবা এহাল প্ৰেমিক-প্ৰেমিকাৰ মাজত বাধাৰ প্ৰাচীৰ হৈ থিয় দিয়া পৰিয়াল, সমাজৰ প্ৰতি বিষোদগাৰো বিহুগীতৰ কণ্টেণ্ট। একেদৰে উচ্চ বৰ্ণ, নিম্ন বৰ্ণৰ মাজত হোৱা প্ৰেমক কেন্দ্ৰ কৰি পৰিয়ালৰ বিৰোধক লৈ বিদ্ৰোহাত্মক প্ৰকাশো বিহুগীতৰ কণ্টেণ্ট। এইবোৰত দ্বন্দ আছে, বিৰোধ আছে, সংঘৰ্ষ আছে, একেদৰেই বিদ্ৰোহী অৱস্থান আছে, বৈপ্লৱিক পৰিৱৰ্তনৰ চিন্তা আছে, জীৱন সংগ্ৰামৰ চিত্ৰায়ন আছে, অসমীয়া লোকজীৱনৰ সমাজ-সংস্কৃতি-লোকাচাৰ সকলো আছে বিহুগীতত। জাতি-বৰ্ণ-ধৰ্ম নিৰ্বিশেষে অসমৰ জনজীৱনৰ সতে বহাগৰ আছে জীৱনমুখী সম্পৰ্ক, ওত:প্ৰোতভাৱে। গতিকেই কেৱল যৌনতাক বহাগৰ কণ্টেণ্ট হিচাপে উপস্থাপন কৰিবলৈ গ’লে সি হ’ব স্ৰষ্টাৰ দৈন্যৰহে পৰিচায়ক। এই গীতৰ কনচেপ্তটো সন্দৰ্ভত আন মানুহে ভাল-বেয়া যি কয় বা নকয় তাতকৈ স্ৰষ্টাই নিজেহে এই কথা উপলব্ধি কৰা উচিত যে বসন্তক লৈ কেৱল যৌনতাৰ Depictionটো স্থূল কাৰবাৰ হৈছে। লগতেই ই স্থূল কাৰবাৰ এইবাবে হোৱা নাই যে ইয়াত sex ওলাইছে, বৰঞ্চ এইবাবেহে যে ই বিহুৰ সঠিক উপস্থাপন হোৱা নাই।