গল্প-কবিতা

মৌ-আলাপ (প্ৰিয়ংকা দাস)

আটোলটোল এবাহ মৌত
বিয়পিছে বনৰীয়া ফুল।
ডৰিকণা চকু জলক তলক
পানীপতাত জলমণি ভৰপক

স্বসন্মোহত জুবুৰিয়াই থোৱা জুইকুৰাই বুকুফালি দৌৰিলে।
কোনপিনে?
ঢাহি-মুহি নিয়া পৰশৰ মাহ এটাত আৱদ্ধ
ডৰিকণা চকু
গাত গা লগাই কঁপনি খোৱা শৰীৰ বিন্যাস
ৰিব্ ৰিবকৈ নাচে
এইখিনিতে ৰ'দ তৰংগত ডুবি যোৱা
নিমখৰ পানী
আঙুলিত আঙুলি বগাই যোৰা পতা নিশ্বাস
দীৰ্ঘদেহীয়ে মেৰিয়াই
চেঁচা কেঁচা হাত ভৰি
মুঠি মাৰি চোঁচৰাই লৈ ফুৰোৱা কত আকাশ, বতাহ, কাহিনী।
বাটে ঘাটে নেমুপানী—

খবৰ বাজ হোৱা নাই
গজালিয়ে মূধচ পোৱাগৈ নাই
নিটাল নিমাত
অথচ নি:শব্দ হাহাকাৰৰ এৰাতি
পথাৰত কোৰ মাৰি চহোৱা হৈ গ'ল
এটা পূৰঠ লতা বীজ।

ডৰিকণা চকু
দীৰ্ঘদেহী বুকু।
দীৰ্ঘদেহী চকু
ডৰিকণা বুকু।

আটোলটোল এবাহ মৌত বিয়পিছে বনৰীয়া ফুল।
সম্ভৱতঃ
আটোলটোল এবাহ মৌত বিয়পিছে এডাল লতাফুল
এবাহ মৌত
এডাল হালধীয়া ফুল।

One thought on “মৌ-আলাপ (প্ৰিয়ংকা দাস)

  • নাম প্ৰকাশত অনিচ্ছুক

    ভাল৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *