নিবন্ধবিজ্ঞান-প্ৰযুক্তি

মৌৰ কাহিনী : অলপ ইতিহাস, অলপ বিজ্ঞান ।। ভিতালী ভৰালী আৰু দৰ্শনা বৰ্মন

মৌৰ সোৱাদ জিভাত কেতিয়াও নলগা কোনো প্রাপ্তবয়স্ক মানুহ আছে জানো? বহুতেই কেঁচুৱাকালতেই মৌৰ সৈতে পৰিচিত হয়। আমৰ এই চিৰপৰিচিত মৌৰ সৈতে কিন্তু বহুতো কৌতূহলোদ্দীপক কথা জড়িত হৈ আছে। তাৰে কিছুমান বিজ্ঞানৰ কথা, কিছুমান ইতিহাসৰ, কিছুমান আকৌ সম্পৰ্কিত হৈ আছে অৰ্থনীতিৰ সৈতে। এই চমু প্রবন্ধত আমি তেনে দুটিমান দিশ চুই যাম মাত্র।

মৌপালন বুলিলে আমি সাধাৰণতে মৌজোল আহৰণৰ কৰাৰ কথাকে বুজোঁ। কিন্তু সমগ্র প্রক্রিয়াটোৰ অন্য এটি অতি ইতিবাচক দিশ আছে।

পুৰাণৰ সাধুৰ অমৃতনো প্রকৃততে কি— তাৰ কোনো সদুত্তৰ নাথাকিলেও কোৱা হয় যে মৌ হৈছে ফুলৰ অমৃত। প্ৰাচীন কালৰে পৰা মৌক খাদ্য আৰু ঔষধ— এই  দুয়োটা ৰূপতে ব্যৱহাৰ কৰা হৈ আহিছে। পৰম্পৰাগত চিকিৎসা-বিজ্ঞানত প্ৰাকৃতিক মৌ যে বহুলভাৱে ব্যৱহৃত হয়, সেই কথাটো সকলোৱে জানে। তাৰ উপৰিও, বিগত কেইটামান দশকৰ ভিতৰতে মৌৰ কথা আধুনিক চিকিৎসা-বিজ্ঞানতো আলোচিত হোৱা পৰিলক্ষিত হৈছে। বহুতো বিজ্ঞানীয়ে তেওঁলোকৰ একনিষ্ঠ গৱেষণাৰ পৰা লাভ কৰা মৌৰ সংক্রান্তত নতুন নতুন তথ্য আমাক জানিবলৈ দিছে। বহুতো ৰোগৰ পৰা হাত সাৰি থাকিবলৈ মৌত থকা এণ্টিঅক্সিডেণ্টসমূহে বৰ সহায় কৰে। মৌ হৈছে ফেনলিক, পেপটাইড, জৈৱিক এচিড, এনজাইম আৰু মেইলাৰ্ড বিক্ৰিয়াৰ বিভিন্ন উপাদানেৰে সমৃদ্ধ। বিশেষ বিশেষ এণ্টিঅক্সিডেণ্টৰ উপৰিও নানান ভিটামিন, খনিজ পদাৰ্থ আদি উপাদানেৰে পৰিপূৰ্ণ মৌজোলৰ এণ্টিবেক্টেৰিয়েল, এণ্টিভাইৰেল আৰু এণ্টি-ইনফ্লেমেটৰী আদি বিভিন্ন স্বাস্থ্যকাৰী গুণ আছে। প্ৰায় ৬০-টি প্ৰজাতিৰ বেক্টেৰিয়া, কিছুমান প্ৰজাতিৰ ভেঁকুৰ আৰু ভাইৰাছৰ বিৰুদ্ধে মৌৰ প্ৰতিৰোধী ক্ষমতা থকা বুলি জানিব পৰা গৈছে।

মৌজোল এক সুস্বাদু খাদ্য, ইয়াৰ ইতিহাস দীৰ্ঘ আৰু চহকী। অতীজৰেপৰা আমাৰ সমাজত মৌজোলৰ এটা বিশেষ সমাদৰ আছে। হাজাৰ হাজাৰ বছৰ ধৰি মানুহে মৌজোল ব্যৱহাৰ কৰি আহিছে। মৌ উৎপাদনৰ অতি প্রাচীন প্ৰমাণ খ্ৰীষ্টপূৰ্ব ৭০০০ চনৰ পৰাই পোৱা গৈছিল। স্পেইনৰ ভেলেন্সিয়াৰ কুৱেভাছ দে লা আৰানাত গুহাত আৱিষ্কৃত হোৱা হাজাৰ হাজাৰ বছৰ পুৰণি চিত্ৰসমূহত বন্য মৌমাখিৰ মৌচাকৰ পৰা মৌ সংগ্ৰহ কৰা লোকক চিত্ৰিত কৰা হৈছিল। প্ৰাচীন মিচৰত মৌক পবিত্ৰ খাদ্য হিচাপে গণ্য কৰা হৈছিল আৰু ধৰ্মীয় অনুষ্ঠানত ব্যৱহাৰ কৰা হৈছিল। প্রাচীন মিচৰীয়সকলে বিভিন্ন ঔষধ, সংৰক্ষক আৰু মিঠা সোৱাদৰ উপাদান হিচাপেও মৌৰ ব্যৱহাৰ কৰিছিল। আনকি, তেওঁলোকে মৃতদেহ সংৰক্ষণতো মৌজোলৰ ব্যৱহাৰ কৰিছিল বুলি জনা যায়। প্ৰাচীন গ্ৰীক আৰু ৰোমানসকলেও মৌৰ উৎপাদন তথা সংৰক্ষণৰ ওপৰত বহুত গুৰুত্ব আৰোপ কৰিছিল। গ্ৰীকসকলে “মিড” নামৰ কিম্বন কৰা এবিধ পানীয় মৌৰ পৰা প্রস্তুত কৰিছিল। ৰোমানসকলে ইয়াক ব্যৱহাৰ কৰি তৈয়াৰ কৰিছিল বিভিন্নধৰণৰ খাদ্য আৰু ঔষধ।

প্রাচীন এমেৰিকানসকলেও মৌক বৰ গুৰুত্ব দিছিল। মায়ান আৰু এজটেকসকলে পানীয়, কেক, ৰুটি আদি বিভিন্নধৰণৰ খাদ্য প্ৰস্তুত কৰাৰ সময়ত মৌৰ ব্যৱহাৰ কৰিছিল। ঔষধ আৰু মিঠা দ্ৰব্য হিচাপেও মৌৰ ব্যৱহাৰ কৰিছিল তেওঁলোকে। ইউৰোপত সমগ্ৰ মধ্যযুগ ধৰি আৰু নৱজাগৰণৰ সময়ছোৱাত মৌয়ে এক গুৰুত্বপূৰ্ণ খাদ্য আৰু ঔষধ হিচাপে সমাজত স্থান পাইছিল। কাহ, চৰ্দি, ঘা আদি বিভিন্ন ৰোগৰ চিকিৎসাৰ বাবে ইয়াক ব্যৱহাৰ কৰা হৈছিল।

সোতৰ শতিকাত ইউৰোপত প্ৰথম বাণিজ্যিক ভিত্তিত মৌপালন আৰম্ভ কৰা হৈছিল। ইয়াৰ ফলত মৌৰ উৎপাদন আৰু উপলব্ধতা নাটকীয়ভাৱে বৃদ্ধি পায়। মৌ পালনৰ ক্ষেত্রত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা কেইগৰাকীমান ব্যক্তি আৰু তেখেতসকলৰ অৱদানৰ কথা আমি ইয়াতে উনুকিয়াই যোৱা উচিত হ’ব।

আমেৰিকাৰ এগৰাকী মিছনেৰী মৌপালক আছিল লৰেঞ্জো ল্যাংষ্ট্রোথ। তেখেতক “মৌপালন”-ৰ পিতৃ বুলি গণ্য কৰা হয়। ল্যাংষ্ট্রোথ হৈছে আধুনিক “লেংষ্ট্ৰোথ মৌৰ বাকচ”-ৰ জন্ম দিয়াৰ বাবে বিখ্যাত। মৌপালনৰ ক্ষেত্ৰত অৱদান আগবঢ়োৱা আন এগৰাকী ব্যক্তি হ’ল জোহান ডিজাৰ্জন। তেখেতক আধুনিক বিজ্ঞানসন্মত মৌ অধ্যয়নৰ পিতৃ বুলি গণ্য কৰা হয়। আধুনিক মৌমাখিৰ বেছিভাগ মৌৰ বাকচ তেওঁ তৈয়াৰ কৰা ডিজাইনৰ দ্বাৰাই উদ্ভৱ হৈছে। ভাৰতবৰ্ষৰ মৌপালনৰ ক্ষেত্ৰখনত অগ্ৰণী ভূমিকা লোৱা এগৰাকী ব্যক্তি হ’ল ৰেভাৰেণ্ড নিউটন। তেখেতে কেৰালাত এটা বিশেষ ডিজাইনৰ মৌচাক নিৰ্মাণ কৰিছিল আৰু ১৯১১-১৭ চনৰ ভিতৰত তেখেতে গ্ৰাম্য লোকসকলক মৌপালনৰ পৰা আৰম্ভ কৰি মৌ চপোৱালৈকে প্ৰশিক্ষণ দিছিল। ডিজাইনটো বৰ্তমান জনপ্ৰিয়ভাৱে “নিউটন মৌচাক” নামেৰে জনাজাত। বাণিজ্যিক মৌপালনৰ নতুন পথ মুকলি কৰাৰ বাবে অধ্যাপক আটৱাল আমাৰ দেশত আধুনিক মৌপালনৰ পিতৃ হিচাপে স্মৰণীয় হৈ থাকিব।

মৌপালন বুলিলে আমি সাধাৰণতে মৌজোল আহৰণৰ কৰাৰ কথাকে বুজোঁ। কিন্তু সমগ্র প্রক্রিয়াটোৰ অন্য এটি অতি ইতিবাচক দিশ আছে। মৌমাখিয়ে ফুলৰ ৰস আৰু ৰেণু সংগ্ৰহৰ বাবে নানা উদ্ভিদৰ ফুলে ফুলে ভ্ৰমি ফুৰি পৰ-পৰাগযোগী শস্যবোৰৰ (যেনে, সৰিয়হ, বেলিফুল, পিঁয়াজ, তিয়ঁহ, কবি, মূলা, গাজৰ, কপাহ, বিভিন্ন প্ৰকাৰৰ ঘাঁহজাতীয় শস্য আদি) আৰু ফল-মূলৰ (যেনে, আপেল, আঙুৰ, নাচপতি, থেকেৰা, পনিয়ল, জাম, লিচু, আম, কঁঠাল, লেটেকু, শিলিখা, বগৰী আদি) পৰাগযোগ ঘটাই ফল অৰু বীজ উৎপাদনত সহায় কৰে। এই পৰ-পৰাগযোগী উদ্ভিদবোৰে পৰাগযোগৰ বাবে প্ৰধানকৈ কীট-পতংগৰ ওপৰতেই নিৰ্ভৰ কৰে। গৱেষণাৰ পৰা দেখা গৈছে যে প্ৰায় আশী শতাংশ পৰ-পৰাগযোগ কেৱল মৌমাখিৰ দ্বাৰাই সংঘটিত হয়। পৰ-পৰাগযোগী কাৰক হিচাপে মৌমাখি অতি উত্তম। মৌমাখিয়ে পৰাগৰেণুবোৰ তাৰ ভৰিত থকা পৰাগমোনাত সংগ্ৰহ কৰে। মৌমাখিৰ গাত থকা নোম বা শুঙত লাগি ৰেণুবোৰ এঠাইৰ পৰা আন ঠাইলৈ স্থানান্তৰিত হৈ পৰাগসংযোগ ঘটে। মৌমাখিয়ে এনেদৰে এটোপাল ৰসৰ বাবে হেজাৰ হেজাৰ ফুল পৰিভ্ৰমণ কৰোঁতে পৰাগযোগ ঘটাই কৃষি-উৎপাদন বহুখিনি বৃদ্ধি কৰে। মন কৰিবলগীয়া কথা, এই ৰস আৰু ৰেণু সংগ্ৰহ কৰোঁতে মৌমাখিয়ে সাধাৰণতে এবাৰত একে জাতীয় শস্য বা উদ্ভিদৰ ফুলতহে বিচৰণ কৰে। মৌমাখিৰ এই প্রকৃতিটো পৰাগযোগৰ সৈতে অতিশয় সংগতিপূৰ্ণ। উল্লেখ কৰিব পাৰি যে মৌজোলৰ ৰাসায়নিক গঠন অতি জটিল, ই উদ্ভিদৰ উৎসৰ ওপৰত নিৰ্ভৰ কৰি বেলেগ বেলেগ হয়।

পৃথিৱীত পোৱা ২০০০০-বিধ মৌমাখিৰ ভিতৰত কেৱল তিনিটা গণেহে মৌজোল সঞ্চয় কৰি সংগ্ৰহ কৰিব পাৰে। এই তিনিটা গণ হ’ল ক্ৰমে এপিছ (Apis), বমবাছ (Bombus) আৰু মেলিপ’না (Melipona)। ইয়াৰে প্ৰথম গণৰ ভিতৰত প্ৰধানকৈ চাৰিটা প্ৰজাতিয়ে, যেনে— পশ্চিমীয়া মৌমাখি (Apis mellifera), ভাৰতীয় মৌমাখি (Apis cerana), বৰমৌ (Apis dorsata) আৰু পুনপুনি মৌমাখিয়ে (Apis florae) মৌজাল উৎপাদন কৰে। ব্যৱসায়িকভাৱে ভাৰতীয় সঁচ আৰু পশ্চিমীয়া সঁচৰ মৌপালন কৰি লাভৱান হ’ব পাৰি।

মৌৰ বাহত তিনি প্ৰকাৰৰ মৌ থাকে— ৰাণী মৌ, কৰ্মী মৌ আৰু মতা মৌ। তাৰ ভিতৰত কৰ্মী মৌ-মাখিয়ে খাদ্যৰ সন্ধানত ওলাই যায়। সুমিষ্ট পুষ্পনিৰ্যাস তথা ৰেণুৰ সম্ভেদ পালেই সিহঁত বাহলৈ উভতি আহে। তাৰ পিছতেই আৰম্ভ হয় এটা বৰ চিত্তাকৰ্ষক আৰু আচৰিত যেন লগা ঘটনা। কৰ্মী মৌ-মাখিবোৰে এক বিশেষ ধৰণৰ নৃত্য প্ৰদৰ্শন কৰিবলৈ আৰম্ভ কৰে। এই নৃত্য দুই ধৰণৰ; এবিধ ঘূৰণীয়া নৃত্য (প্ৰায় ৩০০ মিটাৰ ব্যাসাৰ্দ্ধৰ ভিতৰত থকা ৰস আৰু ৰেণুৰ বিষয়ে নিৰ্দেশ কৰে) আৰু অন্যবিধ খঞ্জন বা ৱেগল নৃত্য (অধিক দূৰত্বত থকা ৰস আৰু ৰেণুৰ বিষয়ে নিৰ্দেশ কৰে)। তেনে নৃত্যৰ পৰা সঠিক ইংগিত লাভ কৰি খাদ্য সংগ্ৰহকাৰী মৌ-মাখিবোৰ নিজৰ কামলৈ ওলাই যায়। এইটো এটা অতি কৌতূহলোদ্দীপক ঘটনা নহয়নে বাৰু‌? উল্লেখযোগ্য যে মৌ-মাখিৰ তেনে নৃত্যৰ বিষয়ে কৰা বিশদ অধ্যয়নৰ বাবে জীৱৰ আচৰণ অধ্যয়নকাৰী (Ethnologist) কাৰ্ল ভঁ ফ্ৰিছক (Karl Von Frisch) ১৯৭৩ চনত নোবেল বঁটাৰে পুৰস্কৃত কৰা হৈছিল।

কাৰ্ল ভঁ ফ্ৰিছ। ১৯৭৩ চনত নোবেল বঁটাৰে পুৰস্কৃত।

ফুলৰ পৰা সংগ্ৰহ কৰা পুষ্পনিৰ্যাস পাচক ৰসৰ কৰ্মী মৌমাখিয়ে পাচন ঘটাই মৌ-জোলোঙাত জমা কৰে। তাৰ পাছত মৌচাকৰ নিৰ্দিষ্ট কুঠৰীত সেইবোৰ বঁতিয়াই মৌজোল ৰূপে সঞ্চয় কৰে।  প্রকৃততে মৌজোল হৈছে মৌমাখিৰ বায়ুপাচনতন্ত্ৰৰ এক উপ-উৎপাদন। মৌমাখিৰ মৌচাকৰ ভিতৰত পানীমুক্তকৰণ প্ৰক্ৰিয়াৰ জৰিয়তে মৌজোল গাঢ় হৈ পৰে। উদৰত অৱস্থিত মম গ্ৰন্থীৰ পৰা নিৰ্গত হোৱা মম মৌমাখিয়ে মৌচাক তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰে। কৰ্মী মৌ-মাখিৰ মুখমণ্ডলত অৱস্থিত মেণ্ডিবুলাৰ গ্ৰন্থীৰ পৰা নিৰ্গত ৰয়েল জেলীক ৰাণী আৰু কমবয়সীয়া পলুৱে খাদ্যৰূপে গ্ৰহণ কৰে। কৰ্মী মৌ-মাখিৰ উদৰৰ শেষ প্ৰান্তত ডিম্ব প্ৰসৱ কৰা অংগটো বিকশিত হৈ এডাল হুললৈ পৰিৱৰ্তিত হয় আৰু ইয়াৰ লগত বিষগ্ৰন্থী সংযুক্ত হৈ থাকে। শত্ৰুৰ উমান পালে, শত্ৰুৰ দেহত হুলডাল সুমুৱাই দি বিষ গ্ৰন্থীৰ পৰা ওলোৱা বিষ ঢালি দিয়ে। হুলডাল খাদ্যনলীৰ লগত লাগি থকা বাবে এবাৰ ব্যৱহাৰৰ পাছত মৌজনীৰ মৃত্যু হয়৷ মৌ-মাখিয়ে সম্ভাৱ্য বিপদৰ উমান পালে, আন মৌ-মাখিক এবিধ বিশেষ গোন্ধেৰে সর্তক কৰি দিয়ে।

মৌ-মাখিয়ে স্থিৰ বৈদ্যুতিক আধান (electrostatic charge) কঢ়িয়ায়। স্থিৰ বৈদ্যুতিক আধানৰ উপস্থিতিৰ বাবে ফুলৰ পৰা ৰেণু সংগ্ৰহৰ সময়তে অন্য কিছুমান কণিকাও আকৰ্ষিত হৈ পৰে আৰু তাৰপাছত সেইবোৰ স্বাভাৱিকতেই মৌজোলৰ সৈতে সংমিশ্ৰিত হয়। পৰীক্ষাগাৰত মৌক উপযুক্ত বৈজ্ঞানিক পদ্ধতিৰে বিশ্লেষণ কৰি (তেনে অধ্যয়নক melissopalynology বুলি জনা যায়) উপৰিউক্ত কণিকাবোৰৰ উপস্থিতি সম্পৰ্কে জানিব পৰা যায়। তাৰপৰা সেই অঞ্চলৰ পৰিৱেশ-প্ৰদূষণৰ মাত্রাৰ বিষয়ে সম্যক জ্ঞান লাভ কৰিব পাৰি।

আধুনিক যুগত ব্যাপক প্রদূষণৰ ফলত পৰ-পৰাগযোগী কীট-পতংগৰ সংখ্যা ক্ৰমাৎ হ্ৰাস হৈ আহিছে। আধুনিক কৃষিত ব্যৱহাৰ কৰা অত্যধিক ৰাসায়নিক সাৰ আৰু কীটনাশকৰ প্ৰয়োগৰ লগতে জধে-মধে হাবি-জংঘল কাটি তহিলং কৰাৰ ফলস্বৰূপে মৌ-মাখিৰ লগতে বিভিন্নধৰণৰ পৰিৱেশৰ উপকাৰী কীট-পতংগৰ অস্তিত্ব নিঃশেষ হোৱাৰ দিশে আগবাঢ়িছে। এই পৰ-পৰাগযোগী কীট-পতংগ অবিহনে খাদ্যশস্যৰ উৎপাদন পঞ্চাশ শতাংশতকৈ বেছি কমি যোৱাটো গৱেষণাৰ পৰা পৰিলক্ষিত হৈছে। গতিকে এনে এক সন্ধিক্ষণত, মৌ পালনৰ প্ৰয়োজনীয়তা বাৰুকৈয়ে আৱশ্যকীয় হৈ উঠিছে। মৌ পালন কেৱল মৌজোল সংগ্ৰহতে সীমাবদ্ধ নাৰাখি বিভিন্নধৰণৰ সা-সামগ্ৰী উৎপাদনৰ সৈতে সম্পৰ্কিত কৰিলে বহুতো সম্ভাৱনাৰ দুৱাৰ মুকলি হৈ পৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *