মৃত্যুঞ্জয়ী পুৰুষ তগৰদা (পৱিত্রপ্ৰাণ গোস্বামী)
[তগৰ বা তগৰদা নামেৰে অধিক পৰিচিত মুহিবুদ্দিন আহমদ আছিল এগৰাকী অক্লান্ত গণশিল্পী। ১৯৯১ চনৰ ১০ জুন তাৰিখে মৃত্যু হৈছিল এইগৰাকী মানৱদৰদী, সংগ্ৰামী কমিউনিষ্ট শিল্পীৰ। তেখেতৰ মৃত্যুৰ পাছতেই এখনি স্মৰণিকা প্ৰকাশ কৰা হৈছিল, “গণশিল্পী তগৰ : এটি অভিজ্ঞান“। স্মৰণিকাখনিৰ সম্পাদকৰ অনুমতি লৈ এই লিখাটি পুনৰ প্ৰকাশ কৰা হ’ল~মুখ্য সম্পাদক]
চনটো সঠিক মনত নাই। ১৯৬৪-‘৬৫ মান হ’ব চাগৈ। মই তেতিয়া ৰেৱকান্ত বৰুৱা হাইস্কুলৰ সপ্তম কি অষ্টমমানৰ ছাত্ৰ। কেন্দুগুৰি অঞ্চলত এখন সাংস্কতিক সন্ধিয়া হৈছিল। খুব সম্ভৱ আমাৰ স্কুল-প্রাংগণতে। সাংস্কৃতিক সন্ধিয়াৰ উদ্দেশ্য কি আছিল, কোনে আয়োজন কৰিছিল একো মনত নাই। গোটেই অনুষ্ঠানটোৰ বিভিন্ন কাৰ্যসূচীৰ ভিতৰত যিটো বিশেষ কাৰ্যসূচীয়ে মোৰ মনত দকৈ সাঁচ বহুৱাবলৈ সক্ষম হৈছিল সেইটো আছিল “ৰজনী-তগৰ”-ৰ গীত পৰিবেশন। এই দুই শিল্পীৰ কণ্ঠৰ বলিষ্ঠতা, গীতৰ কথা আৰু সুৰৰ অভিনৱত্বই মোক বাৰুকৈয়ে অভিভূত কবিছিল। সেইবাবেই হয়তো সেই অনুষ্ঠানত তেওঁলোকে পৰিবেশন কৰা “সংগ্ৰাম লাগে আজি / লাগে লাগে সংগ্রাম লাগে” গীতটো মোৰ কাণত আজিও বাজি আছে। সেই সময়ত দেশত খাদ্য সংকটে দেখা দিছিল আৰু আমি ছাত্ৰসকলে মূল্যবৃদ্ধিৰ প্ৰতিবাদত, বস্তু লুকুৱাই ৰাখি কৃত্রিম নাটনিৰ সৃষ্টি কৰা ক’লা বেপাৰীৰ শাস্তিৰ দাবীত ৰাজপথলৈ ওলাই আহিছিলোঁ, আন্দোলন কৰিছিলোঁ। দেশৰ সেই পৰিস্থিতিৰ পটভূমিতে গীতিকাৰ নুৰুল হকে ৰচিছিল এই গীতটি—য’ত তেওঁ খাদ্য-দ্রব্য ভেজাল কৰা, চোৰাং কাৰবাৰী, দুখীয়াৰ তেজ শুহি নিজে হৃষ্ট-পুষ্ট হোৱা অমানুহ দানৱৰ দলৰ বিৰুদ্ধে ৰাখিছিল সংগ্ৰামৰ আহ্বান। সেইবাবেই বোধকৰোঁ গীতটোৰ আবেদন আছিল ইমান প্রবল।
তগৰদাক মই প্রথম দেখা আৰু তেওঁৰ গান শুনাৰ অভিজ্ঞতা আছিল সেয়েই প্রথম। তাৰ পাছত ১৯৮২ চনৰ পৰা মৃত্যুৰ সময়লৈকে লগ পাইছিলোঁ নিচেই ওচৰৰ পৰা সদৌ অসম জনসাংস্কৃতিক পৰিষদৰ সতীর্থ হিচাপে। এই সময়ছোৱাত কাৰবি আংলঙৰ পৰা দুলিয়াজানলৈকে, উত্তৰ লখিমপুৰৰ পৰা ডিব্ৰুগড়লৈকে অসমৰ বিভিন্ন অঞ্চলত তথা স্থানীয়ভাৱে যোৰহাটত আয়োজিত বহুতো অনুষ্ঠানত তগৰদাৰ সৈতে গীত-মাত পৰিবেশন কৰাৰ সৌভাগ্য ঘটিছিল। টকা-পইছা তোলাৰ পৰা মঞ্চৰ ওপৰত চকী-মেজ টনালৈকে সকলোখিনি কৰি আমি একেলগে কত যে অনুষ্ঠান পাতিছিলোঁ। আমাৰ বাবে তগৰদা সদায় আছিল এক ত্যাগৰ প্রতিমূৰ্তি, উদ্যম আৰু প্ৰেৰণাৰ উৎস। কোনো পৰিস্থিতিতেই তেওঁ হাৰ নেমানিছিল, কোনো সমস্যাই তেওঁক বিতত কৰিব নোৱাৰিছিল। মুখত সদায় লাগি আছিল এটা মিঠা হাঁহি। মাজে মাজে তেওঁতকৈ সাতখলপীয়া সৰু আমি ডেকাবোৰ ভাগৰি পৰিলেও তগৰদাৰ অফুৰন্ত উদ্যম, কর্ম-তৎপৰতা আৰু আত্মত্যাগৰ আদর্শ ই আমাক অভিভূত কৰিছিল, সাহস যোগাইছিল।
এদিন হঠাৎ শুনিলোঁ তগৰদাৰ অসুখ, ডাক্তৰে ‘বায়প্সি’ কৰিবলৈ কৈছে। কথাটো শুনি বুকুখন ধমহ কৰি গ’ল। ততালিকে গলোঁ তেওঁৰ ঘৰলৈ বিতং খবৰটো লওঁ বুলি। মোক দেখি তেওঁ সেইদিনাও আন দিনাৰ দৰেই হাঁহিমুখে সম্ভাষণ জনাই মাতি নি বহুৱাইছিল। কথাৰ প্ৰসংগত হাঁহি হাঁহিয়েই কৈছিল “বুজিছা পৱিত্ৰ, জীৱনত আন একো ঘটিব নোৱাৰিলেও অন্তত: এটা aristocratic বেমাৰ ঘটিলোঁ।” কথাষাৰ কৈ তেওঁ এটা প্রাণখোলা হাঁহি মাৰিছিল যিটো হাঁহিৰ প্রতিধ্বনিয়ে মোৰ বুকুৰ কোনোবাখিনিত বেজিয়ে বিন্ধাদি বিন্ধিছিল।
যোৱা জুলাই মাহৰ ২২ তাৰিখে ডিব্ৰুগড়ৰ ডাক্তৰে ‘বায়প্সি ৰিপৰ্ট’ চাই তগৰদাৰ কেন্সাৰ হোৱাটো নিশ্চিত কৰিলে। সেই খবৰ পাই তগৰদাৰ ঘৰলৈ আত্মীয়-স্বজনৰ উপৰিও, বন্ধু-বান্ধৱ, শুভাকাঙ্খীৰ সোঁত ববলৈ ধৰিলে। খবৰ কৰিবলৈ অহাসকলৰ কোনোজনে যেতিয়া আৱেগ লুকুৱাব নোৱাৰি কন্দা-কটা কৰিছিল, মই নিজে দেখিছিলোঁ তগদাই তেনেজনক ওলোটাই শান্তনা দি কৈছিল, “নেকান্দিবা, এয়েই জীৱন। এয়েই বাস্তৱ। আনৰ জীৱনলৈ বিপর্যয় আহিব—মোৰ জীৱনলৈ নাহিব সেইটো কেনেকৈ হ’ব পাৰে? বাস্তৱৰ মুখামুখি হোৱাৰ সাহসখিনিহে আচল কথা”। তগৰদাৰ সেই জীৱনবোধ, সাহস, মনোবল দেখি সেইদিনা সঁচাকৈয়ে মই বিচলিত হৈ পৰিছিলোঁ। তেওঁৰ পৰা আঁৰ হৈ মনে মনে চকুদুটা মোহাৰি লৈছিলোঁ। অবিশ্বাস্য হলেও সত্য যে মৃত্যুৰ মুহূৰ্ত্তলৈকে তগৰদাৰ সেই সাহস, সেই মনোবল অটুত আছিল।
১৪ আগষ্টত তগৰদাই যাত্ৰা কৰিলে বোম্বে অভিমুখে চিকিৎসাৰ বাবে। প্রায় আঢ়ৈ মাহ চিকিৎসা লৈ যেতিয়া ঘূৰি আহিল তগৰদাক দেখি আমাৰ চকু পানী ওলোৱাৰ অৱস্থা। খীনাই-শুকাই মানুহজন হৈ পৰিছিল আগৰ আধামান। Ray লওতে লওতে মুখমণ্ডল ডিঙিলৈকে দেই যোৱাৰ দৰে হৈছিল। মাতটো ভালদৰে নোলায়—খোৱা-বোৱাত কষ্ট হয়, জুলীয়া আহাৰৰ বাহিৰে একো খাব নোৱাৰে। কিন্তু সেই অৱস্থাতো তেওঁ হাৰ মনা নাছিল, হতাশাক প্রশ্রয় দিয়া নাছিল, দুৰাৰোগ্য ব্যাধিৰ সতে যুঁজাৰ সংকল্পত দৃঢ় আছিল। সেই সময়তে যোৰহাটৰ অন্যতম নাট্যগোষ্ঠী “ইংগিত”-এ ৰফিকুল হুছেইনৰ পৰিচালনাত “ৰস” নামেৰে নাটক এখন কৰিবলৈ লৈছিল। অসুখীয়া অৱস্থাৰেও তগৰাই তিনিদিন গৈ নাটকৰ আখৰা চাই-চিতি দিহা-বুদ্ধি দিছিল। দ্বিতীয়বাৰ বম্বেৰ পৰা অহাৰ পিছত তগৰদাৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটিছিল। কিন্তু তেতিয়াও তেওঁৰ সেই মনোবল অটুত আছিল। কৰ্কটৰ চেপাত তেওঁৰ শৰীৰটো মৰহিবলৈ ধৰিছিল যদিও মনটো কিন্তু সতেজ সবল হৈয়ে আছিল। আমি গ’লে তেওঁ নিজৰ কথা, অসুখৰ কথা দুআষাৰমানতে সামৰি দেশৰ কথা, ৰাজনৈতিক, সাংস্কৃতিক জগতৰ কথা-বার্তাহে উলিয়াইছিল বেছিকৈ। যেন তেওঁৰ একোৱেই হোৱা নাই। তগৰদাৰ মন বুজি মই তেওঁক জনসাংস্কৃতিক পৰিষদৰ, আই.পি.এফ.-ৰ বাতৰি নিয়মিয়াকৈ দি আছিলোঁ। মই যিদিনা যোৰহাটতো চি.পি.আই (এম. এল) লিবাৰেশ্যনৰ এটা গোট গঠন হোৱাৰ খবৰটো দিছিলোঁ, সেইদিনা তেওঁ উৎফুল্লিত হৈ পৰিছিল আৰু কৈছিল, “ইমান দিনে মই সেইটোকে বিচাৰি আছিলোঁ। আচলতে কি জানা, ৰাজনৈতিক কাম-কাজ নহ’লে সাংস্কৃতিক কামো এটা পৰ্যায়লৈকে আগবাঢ়ি ৰৈ যাবলৈ বাধ্য। খুব ভাল হৈছে। মোৰ আৰু দিন নাই। তোমালোকে পাৰিবা”। মই সেইদিনালৈকে জনা নাছিলোঁ তগৰদা পাৰ্টিৰ সদস্য বুলি।
এই সময়চোৱাৰ ভিতৰতে তগৰদাই অসুখীয়া অৱস্থাৰেই ৪ নং ৱার্ড প্রাথমিক বিদ্যালয়ৰ সোণালী জয়ন্তী উৎসৱৰ সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিবলৈও গৈছিল। তাৰ পিছতো Young Star Production নামৰ সংগঠনটোৰ উদ্যোক্তা উদীয়মান শিল্পী সন্ধান বৰুৱাৰ উদ্যোগত প্রয়াত শিল্পী মহম্মদ হুছেইনৰ স্মৃতিত আয়োজিত অনুষ্ঠানতো তগৰদাই যোগ দিছিল।
তগৰদাৰ লগত মোৰ শেষবাৰলৈ কথা-বার্তা হৈছিল যোৱা মে’ মাহৰ ২৬ তাৰিখে। সেয়া “কেম’থেৰাপি” লোৱাৰ এমাহমানৰ পিছৰ কথা। ইতিমধ্যে তেওঁ সদৰৰ কোৱাৰ্টাৰ এৰি ৰজাবাৰীৰ নিজৰ ঘৰলৈ আহিছিল। সেইদিনা মই তেওঁক দিবলৈ লৈ গৈছিলোঁ ‘বিকল্প’-ৰ শেহতীয়া সংখ্যাটো আৰু দুখনমান লিফ্লেট্। মোক পায়েই তেওঁ সুধিছিল আই.পি.এফ.-ৰ নির্বাচনী প্রস্তুতি সম্পর্কে। মই তেওঁৰ আগত সকলো বিতংকৈ কোৱাৰ লগতে যোৰহাটতো আই.পি.এফ.-ৰ জিলা কমিটি গঠন হোৱাৰ খবৰটোও দিছিলোঁ। তেওঁ এটা সন্তুষ্টিৰ হাঁহি মাৰিছিল, আৰু তৌহিদা বৌক মাতি মোৰ হাতত টকা পঞ্চাশটা গুজি দি কৈছিল, “লোৱা। এইটো মই দিছো আই. পি. এফ.-ৰ ইলেকশ্যন ফাণ্ডলৈ। কাণ্ড দেখি মই অপ্রস্তুত হোৱাৰ দৰেই হৈছিলোঁ আৰু ৰোগ-শয্যাত পৰি থকা মানুহজনৰ পৰা টকাখিনি ল’বলৈ সত যোৱা নাছিল বাবেই কৈছিলোঁ— “নেলাগেচোন, থাওক এতিয়া”। কিন্তু তগৰদাই যেতিয়া দৃঢ়তাৰে ক’লে নহয় এতিয়াই লোৱা, ইলেকশ্যনটো হৈ গ’লেতো আৰু দি লাভ নাই”– মই তেতিয়া ল’বলৈ বাধ্য হলোঁ। পাছদিনা মই ডিব্ৰুগড়, তিনিচুকীয়াৰ ফালে যোৱাৰ কথা। তগৰদাই মোক দঢ়াই দঢ়াই কৈছিল ঘূৰি আহি খা-খবৰবোৰ দিবলৈ। কিন্তু খবৰ আৰু দিয়া নহ’ল। ৩১ তাৰিখে মই নাহৰকটীয়াৰ পৰা ঘূৰি আহি ১ জুন তাৰিখে পুনৰ ৰহাৰ ফালে গলোঁ ইলেকশ্যনৰ কামতে। ৰহাৰ পৰা ঘূৰি আহি ৬ তাৰিখৰ দিনা তগৰাক খা-খবৰবোৰ দি আহোঁ বুলি গৈছিলোঁ বৰ আগ্ৰহেৰে। মোৰেই দুর্ভাগ্য, মই গৈ সেইদিনা আৰু তগৰদাৰ মাত নেপালোঁগৈ। আগদিনাৰে পৰা তেওঁ কথা ক’ব নোৱাৰা হৈছিল। কিবা ক’ব খোজে নুফুটে। অপ্রত্যাশিত অৱস্থাটো মোৰ বাবে বৰ অসহনীয় অছিল। সেইদিনাহে যেন মই বুজি পাইছিলোঁ তগৰদা আৰু বেচিদিন নেথাকে। লগে লগে আমাৰ মানুহবোৰলৈ খবৰ পঠোৱাৰ ব্যৱস্থা কৰিলোঁ। বাতৰি কাকতলৈকো খবৰটো দিয়ালোঁ। ৮ তাৰিখে বাতৰি কাকতত খবৰটো পাই যেতিয়া খবৰ লোৱা মানুহে হোহোৱাবলৈ লাগিল তেতিয়া হেনো ফুটা-নুফুটা মাতেৰে তগৰদাই সুধিছিল বৌক, “মানুহবোৰ ইমানকৈ কিয় আহিছে, অজি ঈদ নেকি”? তেতিয়াও হয়তো তেওঁ ভবা নাছিল তেওঁৰেই কিবা এটা হোৱাৰ আশংকাতে মানুহবোৰ আহিছে বুলি। ৯ তাৰিখৰ দিনা ৰাতিহে তেওঁ কঁপা কঁপা হাতেৰে কাগজ এটুকৰাত লিখি দিছিল “This is my last night” বুলি। সঁচাকৈয়ে সেই ৰাতিয়েই আছিল তেওঁৰ শেষ ৰাতি। ১০ তাৰিখে পুৱা ৯ মান বজাতে তেওঁ শেষ নিশ্বাস এৰিছিল।
মৃত্যু সকলোৰে বাবে আহে। আহিবই। তাত বৈচিত্র্য নাই। কিন্তু তগৰদাৰ দৰে শেষ পর্যন্ত ‘‘জীয়াই” থকা মৃত্যুঞ্জয়ী পুৰুষৰ দৃষ্টান্ত বিৰল।