মুক্ত চিন্তা চিনে ক্লাব : এক অবিস্মৰণীয় অভিজ্ঞতা।। বিদ্যুৎ বিকাশ শৰ্মা
মুক্ত চিন্তা । একাদশ বছৰ ।। ১ম সংখ্যা
যোৱা ২৩ আগষ্ট’২০২৫ তাৰিখে ডিব্ৰুগড় চহৰত প্ৰায় নীৰৱে, মেলামুখী ভিৰ-ভাৰ, কোলাহলৰপৰা দূৰত এক সুন্দৰ অনুষ্ঠানৰ জন্ম হ’ল। এমুঠি উদ্যমী, আশাবাদী, ভৱিষ্যৎদ্ৰষ্টা মানুহৰ চেষ্টাই জন্ম দিয়া অনুষ্ঠানটোৰ জন্মলগ্নৰ ময়ো এজন সাক্ষী হৈ ৰ’লোঁ। জন্মতেই সুন্দৰ বুলি দাবী কৰিব পৰা অনুষ্ঠানটো হৈছে “মুক্ত চিন্তা চিনে ক্লাব।” অনুষ্ঠানটিৰ গুৰি ধৰোতাসকল হৈছে ড৹ চন্দন জ্যোতি চুতীয়া, ড৹ বর্ণালী বৰুৱা দাস, কৌশিক দাস আদি (অজ্ঞানতাবশতঃ কাৰোবাৰ নাম নল’লে মই নিশ্চয় ক্ষমাৰ যোগ্য)।
এই অনুষ্ঠানৰ মূল লক্ষ্য হৈছে “চিন্তা উদ্দীপক চিনেমাৰ প্ৰদর্শনৰ জৰিয়তে সমাজত সুস্থ ৰুচি, মুক্ত চিন্তা আৰু সমাজ-দায়বদ্ধ শিল্পৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰা।” এই লক্ষ্য বাছি লোৱাৰ মাজতেই লুকাই আছে অনুষ্ঠানটিৰ মহত্ব। বর্তমান সমাজ জীৱনৰ প্ৰায় সকলো স্তৰতেই স্থূল প্ৰদর্শনকামিতাৰ পয়োভৰ। আমাৰ সকলো কাম যেন আনৰ সমুখত নিজক শ্ৰেষ্ঠ বুলি প্ৰতিপন্ন কৰাৰ হাস্যকৰ প্ৰয়াস। এনে উন্মাদনাৰ জোৱাৰত শিল্পই যেন খোপনি হেৰুৱাই পেলাইছে। গতিকে এনে দুঃসময়ত সমাজক শিল্পৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ লক্ষ্য যে সহজ নহয় সেয়া অনুমেয়। কিন্তু “লক্ষ্য যদি দিগন্ত হয়” তেন্তে সেই লক্ষ্য ধিয়াই কৰা যাত্ৰা সফল হ’বলৈ বাধ্য।

যিকোনো লক্ষ্যত উপনীত হ’বলৈ সেই লক্ষ্য সাধনৰ বাটত খোজ পেলোৱাটো প্ৰাথমিক চর্ত। মুক্ত চিন্তা চিনে ক্লাবে এই প্ৰাথমিক চর্ত পূৰণৰ উদ্দেশ্যে প্ৰথম দিনাই বাছি লৈছিল প্ৰসিদ্ধ চলচিত্ৰকাৰ সত্যজিত ৰায়ৰ চিনেমা— টু (Two)। সত্যজিত ৰায়ৰ দুই এখন চিনেমা উপভোগ কৰাৰ সৌভাগ্য পূর্বতে হৈছে যদিও এই চিনেমাখন চোৱাৰ সুযোগ পোৱা নাছিলোঁ আচলতে এই চিনেমাখনৰ মই নামেই শুনা নাছিলোঁ। গতিকে চিনেমাখন উপভোগ কৰাৰ সুযোগ দিয়া বাবে মুক্ত চিন্তা চিনে ক্লাব নিশ্চয় ধন্যবাদৰ পাত্ৰ।
চিনেমাখন চোৱাৰ পিছত মনলৈ অহা প্ৰথম কথাটো আছিল—মুক্ত চিন্তা চিনে ক্লাবৰ প্ৰথম খোজটো বেচ দৃঢ় আৰু দীপ্ত। আমাৰদৰে সাধাৰণ দর্শকে প্ৰায়ে মনোৰঞ্জনৰ বাবেই চিনেমা চাওঁ। চিনেমা বুলিলে নাচ, গান, আবেগিক সংলাপ, নায়কৰ জয়, খলনায়কৰ পৰাজয় আদি বুলিয়েই বুজি আহিছিলোঁ কিন্তু সংলাপবিহীন, মাত্ৰ বাৰ মিনিট দৈর্ঘ্যৰ এই চিনেমাখনে যেন বুজাই দিছিল যে চিনেমা মানে নাচ-গানৰ উপৰিও আৰু বহু কিবা কিবি।
এই “বহু কিবা কিবি” খিনিক সুন্দৰকৈ সজাই পৰাই আমাৰ সমুখত দাঙি ধৰিছিল কেইবাজনো গুণী জ্ঞানী ব্যক্তিৰ সাৰগর্ভ আলোচনাই। তেখেত সকলৰ আলোচনাই আমাক বুজাই দিছিল যে চিনেমাৰ এক নিজস্ব ভাষা আছে। গল্প, কবিতা, উপন্যাসৰ নিচিনাকৈ চিনেমাৰো নিজা ব্যাকৰণ, নিজা ভাষা থাকে। সেই ব্যাকৰণ, সেই ভাষা বুজি পালে চিনেমা এখন অধিক উপভোগ্য, অধিক অর্থবহ হৈ পৰে। মাননীয় কৌশিক দাস, বর্ণালী বৰুৱা দাস, দিব্যজ্যোতি নেওগ, অচ্যুত মাধৱ দাস, প্ৰকাশ সিং আদিয়ে দাঙি ধৰা ব্যাখ্যাই সত্যজিত ৰায় পৰিচালিত ‘টু’ নামৰ চিনেমাখনৰ বহুমাত্ৰিক অর্থ হৃদয়ংগম কৰাত সহায় কৰে। চিনেমা এখন উপভোগ কৰোঁতে কোনবোৰ দিশৰ প্ৰতি মনোযোগ দিব লাগে সেয়া তেখেত সকলৰ ব্যাখ্যাই বুজাই দিয়ে। আমাৰ দৰে দর্শকৰ বাবে এনে আলোচনা বেচ উপকাৰী আৰু সহায়ক।
মুক্ত চিন্তা চিনে ক্লাবৰ উদ্যোগত এনে প্ৰদর্শনী ধাৰাবাহিক ভাবে হওক। সেইদিনাৰ অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কেইবাগৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰিছে। নতুন প্ৰজন্মৰ মননত এনে অনুষ্ঠান জনপ্ৰিয় হওক। তেওঁলোকৰ উজ্বল বুদ্ধিদীপ্ত চকুৱে বিচাৰি লওক চলচিত্ৰৰ মাজত লুকাই থকা শিল্প। তেনে যুৱক যুৱতী সকলক মুক্ত চিন্তা চিনে ক্লাবে নতুন পথ দেখুৱাওক।
এইখিনিতে এষাৰ কথা কোৱা উচিত—অনুষ্ঠানটিৰ নামটোৱে যেনেকৈ মোক আকর্ষণ কৰিছিল ঠিক তেনেকৈ নিমত্ৰণী পত্ৰখনত উল্লেখ থকা ঠিকনাটোৱেও মোক আকর্ষিত কৰি তুলিছিল। ঠিকনাত উল্লেখ আছিল “বীণা কুটিৰ চৌহদ” এই ‘বীণা কুটিৰ’ নামটোৱে মোক চুম্বকৰ দৰে আকর্ষণ কৰিছিল। কাৰণ ‘বীণা কুটিৰ’ হৈছে অসমীয়া চুটিগল্পৰ সম্ৰাট সৌৰভ চলিহাদেৱৰ এটা বিখ্যাত গল্পৰ শিৰোনাম। বীণা ফুলৰ গছজোপাৰ বাহিৰে এই বীণা কুটিৰ আৰু সৌৰভ চলিহাদেৱৰ বীণা কুটিৰৰ মাজত যেন বিশেষ সাদৃশ্য আছে।
শেষত মুক্ত চিন্তা চিনে ক্লাবৰ যাত্ৰা অবিৰত হওক—তাৰেই কামনা কৰিলোঁ।

