গল্প-কবিতা

মোৰ চহৰখনত যেতিয়া জুই লাগে-(প্ৰশান্ত কুমাৰ বৰুৱা)

মোৰ চহৰখনত যেতিয়া জুই লাগে
মই চহৰৰ বাহিৰলৈ দৌৰ মাৰোঁ তেতিয়া
চহৰ প্ৰান্ত পাওঁতেই দেখো ভিৰত পদপিষ্ট হৈ পৰিছে মানুহ
শৱদেহ গচকি মই গুচি যাওঁ
নিৰাপদ এডোখৰ ঠাই বিচাৰি

কাষৰ ঘৰৰ ল'ৰাজন মোতকৈ আগতেই দৌৰি ওলাই যায়
আস! কেনেকৈ!
কেনেকৈ আগতেই তেওঁ ওলাই আহিল অগ্নিপিণ্ড চহৰৰ পৰা

ধুমুহাই ভাঙি নেপেলোৱালৈকে
কোনোৱেই এৰিব বিচৰা নাছিলোঁ নিজৰ ঘৰখন
জুয়ে ছাই কৰোঁতেও ঘৰৰ বাহিৰতে ৰৈ আছিলোঁ
দীঘল শিপা গজা এজোপা গছৰ দৰে

কোনটো কাৰ উপাসনা গৃহ কোনে চিনে!
কোনটো কাৰ টঙী ঘৰ!
কিহৰ বৰণ উৰি আহে বতাহত
ৰামেধনু বৰণীয়া সময়বোৰ কৰি পেলায় কৃষ্ণকায়

মোৰ চহৰখনত যেতিয়া জুই লাগে
মই উন্মাদ হৈ পৰোঁ
চিনি নাপাওঁ কোনটো কাৰ ভস্ম শৰীৰ
আমি পুতলাবোৰ পুৰি ছাই হৈ যাওঁ
ছাই হৈ যায় পুতলা নাচৰ নাটঘৰ
আঁৰকাপোৰ লৈ দৌৰি গুচি যায় বাজিকৰ
ৰামেধনু বৰণীয়া সময়বোৰ কৰি পেলায় তামবৰণীয়া

মোৰ চহৰখনত যেতিয়া জুই লাগে
ছাই হৈ নোযোৱালৈকে ৰৈ থাকো
আন এজন বাজিকৰৰ আগমনৰ বাবে

সখী কোনেও নাজানো আমি...
কিমান চামনি পৰে বেদুইন সময়ৰ সীমনাত!
এই সময়ৰ আস্তাবলত ৰৈ থাকোঁ মই
জুয়ে পোৰা মোৰ চহৰৰ বেহেলাবোৰ আকৌ বাজিব...

Leave a Reply

Your email address will not be published. Required fields are marked *