অতিথি সম্পাদকৰ চ'ৰাদ্বিতীয় বছৰষষ্ঠ সংখ্যা (দ্বিতীয় বছৰ)

নব্য উদাৰীকৰণৰ প্ৰতিক্ৰিয়া : পণ্যৰূপে নাৰীক প্ৰক্ষেপণ-( ড০ অনুৰাধা শৰ্মা)

        নব্য উদাৰতাবাদী অৰ্থনীতিৰ প্ৰভাৱে এতিয়া সমাজৰ প্ৰতিখন ক্ষেত্ৰকে প্ৰভাৱিত কৰিছে আৰু কেৱল বজাৰকেন্দ্ৰিক মানসিকতাক ঊৰ্ধত তুলি ধৰি সমাজৰ সকলো শুভ পৰম্পৰাৰ ডিঙি চেপি ধৰিছে। উদাৰীকৰণৰ মায়াময় জালত বন্দী হৈছে মানুহৰ স্বাভাৱিক অধিকাৰ অতি সংগোপনে, তৰ্কিব নোৱৰাকৈ। ৰাজনীতি, সমাজনীতি, অৰ্থনীতি, কৃষ্টি-সংস্কৃতি সকলোকে এই উদাৰতাবাদী নীতিয়ে বিপৰ্যস্ত কৰি তুলিছে। এই ব্যৱস্থাই আটাইতকৈ ক্ষতিগ্ৰস্ত কৰিছে নাৰীসকলক।

        এটা কথা ঠিক যে তথ্য-প্ৰযুক্তিৰ দ্ৰুত সম্প্ৰসাৰণে বিভিন্ন অনাৱিষ্কৃত ক্ষেত্ৰ মুকলি কৰি দিছে, শিক্ষা-দীক্ষাৰ প্ৰসাৰণতো বাট মুকলি কৰি দিছে, মানুহৰ জীৱনযাত্ৰাকো দ্ৰুত আৰু সুচল কৰি দিছে আৰু স্বাভাৱিকভাৱেই এনেবোৰ সুবিধাই নাৰীসকলৰ বাবেও নতুন কৰ্মক্ষেত্ৰ মুকলি কৰি দিছে। কিন্তু বিশ্বায়নজনিত পৰিস্থিতিত আমি ভবাৰ দৰে মহিলাৰ বাবে যে অজস্ৰ ৰোজগাৰ ওলাইছে বা নতুন নতুন কৰ্মক্ষেত্ৰৰ সৃষ্টি হৈছে –  সেয়াই অকল নহয়। সমগ্ৰ বিশ্বজুৰি প্ৰযুক্তিৰ ব্যৱহাৰে শ্ৰমিকৰ প্ৰয়োজন কমাইছে আৰু কোম্পানিত শ্ৰমিক ছাটাইৰ ক্ষেত্ৰত মহিলাসকলকে প্ৰথমে লক্ষ্য কৰি লৈছে। ছাটাই কৰা শ্ৰমিকসকলক হয়তো বহু কোম্পানিয়ে পুনৰ মকৰল কৰিছে, কিন্তু এইবাৰ তেওঁলোকক নিয়োগ কৰা হৈছে অস্থায়ী শ্ৰমিক হিচাপে। গতিকে বিশ্বায়নৰ প্ৰথম খুন্দাটোত অজস্ৰ মহিলা কৰ্মী অস্থায়ী শ্ৰমিকত পৰিণত কৰা প্ৰক্ৰিয়াটোৱে তেওঁলোকক পুনৰ আগৰ অৱস্থানলৈ লৈ গ’ল, সেয়া হ’ল –  তেওঁলোক পৰিয়ালৰ মূল উৎপাদনকাৰী নহয়। এই পৰিস্থিতিত মহিলাৰ সামগ্ৰিক উন্নয়নৰ প্ৰশ্নটো স্থিতাৱস্থাতে থাকি গ’ল। গতিকে নতুন অৰ্থনীতিয়ে মহিলাক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰি তোলাৰ সুযোগ দিয়া বুলি ভবা কথাটো পোনে পোনে শুদ্ধ নহয়। তাৰ মাজতে পুৰুষতন্ত্ৰৰ বহু চক্ৰান্ত যে সোমাই আছে সেই কথা লাহে লাহে গভীৰ অধ্যয়নৰ মাজেৰে ওলাই আহিছে।

        মহিলাৰ বাবে কেতবোৰ অস্বাস্থ্যকৰ, অসুবিধাজনক কৰ্মক্ষেত্ৰ আছে, যিবোৰত মহিলাক একমাত্ৰ উৎপাদক যন্ত্ৰৰ দৰে ব্যৱহাৰ কৰা হৈছে। তাৰে ভিতৰত বহুজাতিক কোম্পানিৰ ব্ৰেণ্ডেড সাজ-পোছাকৰ লাভজনক ব্যৱসায়ক অধিক লাভান্বিত কৰাৰ বাবে গঢ় লৈ উঠা অজস্ৰ বস্ত্ৰ কাৰখানাই বিশ্বৰ এক বৃহৎসংখ্যক মহিলাক সামৰি লৈছে। চীন দেশত ৭০ শতাংশ, বাংলাদেশত ৮৫ শতাংশ আৰু কম্বোডিয়াত প্ৰায় ৯০ শতাংশ মহিলা এনে বস্ত্ৰ উদ্যোগৰ অস্থায়ী শ্ৰমিক আৰু সমগ্ৰ বিশ্বত প্ৰায় ২২ কোটি মহিলা এনে কাৰখানাৰ স’তে জড়িত হৈ আছে। এওঁলোকৰ বাবে কোনো শ্ৰম সুৰক্ষা আইন নাই। অতি ঠেক পৰিৱেশত একোখন চালি বা খুপৰিৰ তলত এখন টুল বা ঢৰাত বহি এওঁলোকে বাৰৰপৰা সোতৰ ঘণ্টা পৰ্যন্ত কাম কৰিবলগা হয়। আনকি বহু সময়ত কৰ্মক্ষেত্ৰত অনাময় ব্যৱস্থাৰো সুচলতা নাথাকে।  কোম্পানিৰ দৃষ্টিভংগী কেৱল লাভৰ ওপৰ নিবদ্ধ। কম্বোডিয়াৰ এটা ৰিপোৰ্টত কোৱা হৈছে – “It doesn’t matter whether you are pregnant or not, whether you are sick or not. You have to sit and work,. If you take a break, the work piles up on the machine and the superior will come and shout. And if a pregnant worker is seen as working slowly her contract won’t be renewed.”

        ইফালে কামৰ বাবে ঘৰৰ বাহিৰলৈ ওলাই অহা মহিলাসকলৰ থকা-মেলা আৰু নিৰাপত্তাৰ কোনো যথাযোগ্য ব্যৱস্থা নাই। বহু সময়ত পুৰুষশাসিত সমাজৰ বিভিন্ন চাপৰপৰা মুক্ত হৈ কিছু অৰ্থনৈতিক স্বাৱলম্বিতাৰ আশাত আৰু কিছু দূৰলৈ এক মুক্ত জীৱন পোৱাৰ আশাত এনে হাজাৰ-বিজাৰ মহিলা ওলাই আহিছে। এই অৱস্থাটোকে বিশ্বায়ন বা নব্যউদাৰীকৰণৰ প্ৰবক্তাসকলে মহিলাৰ এক বিৰাট পৰিৱৰ্তন হোৱা বুলি ঢাক-ঢোল বজাইছে। মহিলাই ব্যাপক কৰ্মসংস্থান পাইছে, তেওঁলোকে স্বাৱলম্বী হৈ পৰিছে আৰু স্বাধীনতা লাভ কৰিছে। কিন্তু বাস্তৱত তেওঁলোকৰ জীৱন হৈ পৰিছে অধিক যন্ত্ৰণাকাতৰ আৰু কদৰ্যময়। এনে পৰিৱেশত আচলতে নাৰীসকলৰ মাজত দৰিদ্ৰতা আৰু স্বাস্থ্যহীনতাৰ প্ৰক্ৰিয়াহে দ্ৰুততৰ হৈছে। ছাটাই, অস্থায়ী নিযুক্তি, কোম্পানিৰ উৎপাদনৰ লক্ষ্য পূৰণৰ হেঁচা, অস্বাস্থ্যকৰ কৰ্মক্ষেত্ৰ আদিৰ ফলত এফালে মহিলা দিশহাৰা হৈছে পৰিছে, আনহাতে হৈ পৰিছে হতাশাগ্ৰস্ত। আনহাতে আকৌ বহুজাতিক কোম্পানিবোৰে মহিলাক পণ্যৰূপে তুলি ধৰাৰ আন এক পৰম্পৰাৰ সৃষ্টি কৰিছে। ইয়াৰ মাধ্যম হৈছে বিজ্ঞাপন। এটা সমীক্ষাত কোৱা হৈছে ১৯৭০ৰ সময়ত মহিলাক যদি প্ৰতিদিনে ৫০০টা বিজ্ঞাপনত প্ৰকট কৰি দেখুওৱা হৈছে, আজি দৈনিক ৫০০টা বিজ্ঞাপনত প্ৰকট কৰি দেখুওৱা হয়। এনে ব্যৱসায়িক ক্ষেত্ৰবোৰে বিভিন্ন কৌশলেৰে নাৰীৰ সৌন্দৰ্য আৰু প্ৰতিভাক উৎপাদক সামগ্ৰী জনপ্ৰিয় কৰি তোলাৰ স্বাৰ্থত অনীতিগতভাৱে ব্যৱহাৰ কৰিছে। এইক্ষেত্ৰত কেইটামান কথা লক্ষণীয়–

(১) নাৰীক এক সৌন্দৰ্যৰ প্ৰতিমা হিচাপে তুলি ধৰা হয়। অৰ্থাৎ ‘ৰূপ’ সৌন্দৰ্যই নাৰীৰ মাহাত্ম্য। যেনে– বগা দাঁত, নীলা চকু, ৰেচমী চুলি, মাখনী গাল– আদিৰে তেওঁলোকক পুতলাৰ দৰে সজোৱা হয়।

(2) নাৰীৰ শৰীৰক বিভিন্ন খণ্ডত ভগাই পেলোৱা হয়। চকু, ওঁঠ, গাল, ডিঙি, বুকু, কলাফুল, ভৰিৰ তলুৱা আদি বিভিন্ন খণ্ডত নাৰীদেহক ভগাই পেলোৱা হয় একমাত্ৰ সেই অংগবোৰৰ সৈতে জড়িত বজাৰৰ সামগ্ৰীবিধৰ ক্ৰেতাসকলক আকৰ্ষণ কৰাৰ স্বাৰ্থত।

(৩) মহিলাক পুৰুষ অথবা মহিলা ব্যৱহৃত সামগ্ৰীৰ ব্যৱহাৰৰ ক্ষেত্ৰত যৌন উত্তেজক ৰূপত ব্যৱহাৰ কৰা হয়। সাধাৰণ চাবোন এটুকুৰা, নখপালিচ এটা বা কণ্ডমৰ পেকেট এটা– এই সকলোবোৰতে নাৰীক কামোত্তেজক সম্পদ হিচাপে ব্যৱহাৰ কৰা হয়।

(৪) ভৰ যৌৱনৰ ৰূপ তুলি ধৰাৰ বাবে নাৰীক সৌন্দৰ্যময়ী কৰা হয়। ৰাতাৰাতি ৰূপৱতী হোৱাৰ প্ৰতিযোগিতা বঢ়াই তোলাৰ বাবে, ৰাতিটোৰ ভিতৰতে বগা আৰু মসৃণ মুখৰ অধিকাৰী হোৱাৰ বাবে, ৰেচমী চুলি একোচাৰ অধিকাৰী হোৱাৰ বাবে বিশ্বৰ লক্ষ লক্ষ যুৱতীক আকৰ্ষণ কৰিবলৈ বিজ্ঞাপনত এখন মায়াময় জগতৰ সৃষ্টি কৰা হয়, যিখন কোনো কাৰণতে বাস্তৱ নহয়। এনে বিজ্ঞাপনে বজাৰ বঢ়াইছে, কিন্তু নাৰীসকলৰ মনত হতাশাও বঢ়াইছে।

(৫) বিজ্ঞাপন জগতৰ এই কাৰুকাৰ্যবোৰ চালে দেখা যায়, তেওঁলোকে মহিলাক দুই ধৰণে ব্যৱহাৰ কৰে (১) পুৰুষৰ ভোগৰ সামগ্ৰী বা এক যৌন উত্তেজক সামগ্ৰীৰূপে আৰু (2) পৰম্পৰাগত ধাৰণাবোৰ, যেনে– ভাত ৰন্ধা, বাচন-বৰ্তন ধোৱা, কাপোৰ ধোৱা, ল’ৰা-ছোৱালী স্কুললৈ অনা-নিয়া কৰা, ভাল খাদ্য তৈয়াৰ কৰি পৰিয়ালৰ প্ৰশংসা পোৱা আদি ভাল বহুৰাণী বা ভাল মাতৃ বা ভাল পত্নী ৰূপত।

এইবোৰৰ বাদেও পৰ্যটন উদ্যোগৰ শ্ৰীবৃদ্ধিৰ বাবেও নতুন নতুন নামেৰে নাৰীসকলক বিনোদনৰ সামগ্ৰী কৰি তোলা হৈছে। ফেচিলিটি গাৰ্ল, হছপিটেলিটি গাৰ্ল, এণ্টাৰটেইনিং গাৰ্ল আদি নতুন অভিধাৰে নাৰীক সজাই তোলা হৈছে পৰ্যটকক আকৰ্ষণ কৰাৰ বাবে। অসমৰ পৰ্যটন উদ্যোগক  সমৃদ্ধ কৰাৰ বাবে কোটি টকাৰ শৰাধ কৰি অনা প্ৰিয়ংকা চোপ্ৰাৰ এটা বিজ্ঞাপনত তেওঁ এক আকৰ্ষণীয় মোহিনী ৰূপত থিয় হৈছে, কাষত দুটা বাক্য– Naturally Wild, কিউ কি এ আছাম হ্যায়।” এই বাক্য দুটাই বাৰু অসমক জনমানসত কি ধৰণে তুলি ধৰিছে? প্ৰিয়ংকাৰ এই বন্যতাই কি ইংগিত দিছে?  ছেক্স ট্যুৰিজিম বা যৌন পৰ্যটন এতিয়া পৰ্যটন উদ্যোগৰ ঘাই আকৰ্ষণ হৈ পৰিছে। ইয়াৰ লগতে পৃথিৱীৰ বিভিন্ন দেশত পৰ্ন’গ্ৰাফি বা ব্লু ফিল্ম নিৰ্মাণৰ বাবেও অজস্ৰ মহিলাক ব্যৱহাৰ কৰা হৈছে। এতিয়া বিশ্বৰ ১৮ বছৰৰ তলৰ প্ৰায় ১২ লাখ যুৱতী দেহ ব্যৱসায়ৰ স’তে জড়িত। এফালে প্ৰসাধন সামগ্ৰীবোৰৰ বিক্ৰী বঢ়াবৰ বাবে নাৰীক ভুবনমোহিনী ৰূপত তুলি ধৰা হৈছে আৰু এই ভুবনমোহিনী ৰূপৰ প্ৰয়োজন ক’ত যদি তেওঁলোকে পুৰুষৰ যৌনক্ষুধা পূৰাব নোৱাৰে। এতেকে তাৰ বাবেও বিভিন্ন ক্ষেত্ৰত মুকলি কৰি তাক নতুনকৈ উদ্যোগ হিচাপে নামাংকৃত কৰা হৈছে, যাতে নাৰীসকলৰ মাজতো এনে কামত যুক্ত হোৱাৰ সপক্ষে কেতবোৰ যুক্তি থিয় কৰাব  পাৰে। একে সময়তে লিবাৰিলিজম বা উদাৰীকৰণে এনেবোৰ বিষয়ৰ বিতৰ্ককো এক নতুন ৰূপ দিছে। যৌনতাৰ প্ৰসংগ বা তেনেধৰণৰ প্ৰদৰ্শন এতিয়া লজ্জা বা সংকোচৰ কথা হৈ থকা নাই, সিও মানুহৰ অধিকাৰ, তাক উদাৰ দৃষ্টিৰে চোৱাটো দৰকাৰ। এনেধৰণৰ বিতৰ্ক বা যুক্তিয়েও বিশ্বজুৰি নাৰীদেহৰ এক বিশাল বজাৰ গঢ়ি তোলাৰ প্ৰক্ৰিয়াটোক উৎসাহিত কৰিছে। আনহাতে, নাৰীক পণ্যৰূপে গণ্য কৰাৰ মানসিকতাও সমান্তৰালভাৱে বৃদ্ধি পাইছে।

নব্য উদাৰীকৰণে অনা এনেবোৰ সুৰুঙা, মানসিকতা আৰু অৰ্থনৈতিক প্ৰক্ৰিয়াই এতিয়া গাঁৱে-ভূঞে বিভিন্ন ঠাইত ‘ফেশ্বন শ্বো’বোৰক উৎসাহিত কৰিছে। ক’ৰ্পৰেট গোষ্ঠীয়ে ত’ৰপৰা টিপা মাৰি গড়গাঁৱতো শিপা গজাইছে। আজি কোনোবা ব্যৱসায়িক গোষ্ঠীয়ে যদি কোনোবা পিছপৰা ঠাইৰ জনজাতীয়সকলৰ বস্ত্ৰৰ প্ৰদৰ্শনী অনুষ্ঠিত কৰে তাকনো কোনে বিৰোধ কৰিব? জনজাতীয় বস্ত্ৰই নতুন ৰূপ লৈ, নতুন ব্ৰেণ্ড লৈ বিদেশৰ বজাৰ দখল কৰিব ইত্যাদি ইত্যাদি অনেক যুক্তি আৰু ধাৰণা বিয়পাই দিয়া প্ৰবক্তা ওলাব। চাদৰ, দখনা কাটি স্কাৰ্ট, ফ্ৰক আদি মডাৰ্ন বস্ত্ৰ পিন্ধি আমাৰ গাঁৱলীয়া ছোৱালীবোৰ হাজাৰ-বিজাৰ দৰ্শকৰ সন্মুখত ওলাব, সৌন্দৰ্য প্ৰতিযোগিতাত ভাগ ল’ব– এনেবোৰ কথাত কোনেও বিৰোধিতা নকৰে। লাহে লাহে অঞ্চলে অঞ্চলে বস্ত্ৰমেলাৰ সৈতে ফেশ্বন শ্বো হ’ব, স্বল্পবসনা যুৱতীয়ে মোহময়ী ভংগিমাৰে দেহবল্লৰী প্ৰদৰ্শন কৰিব আৰু তেনেদৰেই প্ৰসাধন সামগ্ৰী, বিবিধ ডিজাইনৰ পোছাক আৰু ৰূপ-যৌৱনৰ বজাৰ এখন গঢ় লৈ উঠিব। তাৰপৰা বহুতেই দুই-এপইচা লাভ কৰি এই গোটেই ব্যৱস্থাটো প্ৰচাৰ আৰু প্ৰসাৰ কৰাত আগভাগ ল’ব। স্থানীয় প্ৰতিৰোধবোৰ– যেনে- ক্লাব, সংগঠন, সাংস্কৃতিক অনুষ্ঠান আদিত কিছু বৰঙণি দি মুখ বন্ধ কৰি পেলোৱা হ’ব। আমাৰ জীয়ৰী-বোৱাৰীবোৰে স্বল্পবসন পিন্ধি ষ্টেজত ওলালে অধোবদনে থাকিম আৰু আনবোৰ ওলালে হেঁপাহ পলুৱাই অনুষ্ঠান উপভাগ কৰিম। এনেদৰেই বহুজাতিক স্বাৰ্থত আমি ক’ব নোৱৰাকৈয়ে বলি হৈ পৰিম।

এনে প্ৰতিটো আয়োজনৰ পিছফালে থকা মূল মতলবটো আচলতে কি? নাৰীদেহৰ প্ৰদৰ্শন আৰু এই দেহ পুৰুষসকলৰ ভোগ লালসাৰ সম্পদ– এই ধাৰণাটোক কৌশলেৰে বিয়পাই দিয়াটোৱেই নহয়নে? নাৰীৰ সৌন্দৰ্য আৰু যৌনতা পুৰুষৰ প্ৰশংসা আৰু উপভোগৰ বাবে। এনে এটা মতলবৰ মাজেৰে ছলে-বলে-কৌশলেৰে পুৰুষতান্ত্ৰিক প্ৰভুত্ব জাপি দিয়াৰ এক বিৰাট চক্ৰান্ত নব্য উদাৰীকৰণ প্ৰক্ৰিয়াৰ মাজেৰে আগ বাঢ়িছে, যিটোৰ প্ৰতিবাদ কৰাটোও জটিল। কাৰণ ব্যক্তিগত অধিকাৰৰ প্ৰশ্নৰে যেতিয়া কোনোবাই ধন ঘটাৰ বাবে এনেবোৰ ফান্দত ভৰি দিয়ে তেতিয়া তেওঁলোকক মূল্যবোধৰ দোহাই দি কোনো সুফল পোৱা নাযায়। ধনৰ বাবে বেশ্যাবৃত্তি যিদৰে চলি আছে সেইদৰে আনকি এতিয়া ছাৰ’গেছি বা ছাৰ’গেট মাতৃৰ বিষয়টোৱেও এক ডাঙৰ ব্যৱসায়িক ভিত্তি পাবলৈ ধৰিছে। ধনী পৰিয়ালৰ বাবে ই এক বিলাসৰ দৰে হৈ পৰিছে– ইমান কষ্ট আৰু বাধ্যবাধকতা মানি চলাতকৈ নিজে আৰামত থাকি বেলেগৰদ্বাৰা সন্তান জন্ম দিয়াই ভাল– এনে ধাৰণাও গঢ় লৈ উঠিছে। অৰ্থাৎ জৈৱিকভাৱে মাতৃ হ’ব বিচাৰে, কিন্তু সন্তান ধাৰণৰ কষ্ট উঠাবলৈ সাজু নহয়। আনহাতে এই প্ৰক্ৰিয়াত যিহেতু এগৰাকী নিম্নবিত্ত বা দৰিদ্ৰ মহিলাই যথেষ্ট ধন লাভ কৰি নিজৰ জীৱনৰ পৰিৱৰ্তন ঘটাব পাৰে, এতেকে সেই অধিকাৰৰপৰা তেওঁক বাৰণ কৰাটোও সহজসাধ্য নহয়। কিন্তু বেশ্যাবৃত্তি বা  ছাৰ’গেছি দুয়োটাতে নাৰীৰ যৌনতা আৰু জন্মধাৰণ ক্ষমতাৰ ক্ৰেতা আৰু হোতা হ’ল– পুৰুষ, যিটোৱে নাৰীৰ সামাজিক অৱস্থা আৰু ব্যক্তিগত অধিকাৰ তথা সন্মানক পুনৰ আগৰ অৱস্থানলৈ, বৰং তাতকৈ শোচনীয় অৱস্থালৈ লৈ গৈছে। Carole Patemanএ কৈছে – “Women’s bodies have long been sites of patriarchal control. As such surrogacy often provides another venue for men to exert control over women’s bodies.”

বিশ্বায়ন, নব্যউদাৰতাবাদ আদিৰ মাজেৰে নাৰীৰ বাবে এনেদৰে এখন জগত সৃষ্টি কৰিব বিচৰা হৈছে– য’ত ৰূপ, যৌৱন, মাতৃত্ব আদিৰ প্ৰশস্তিৰে নাৰীক পুনৰ এক দমিতাৰ শ্ৰেণীলৈ পৰ্যবসিত কৰিব বিচৰা হৈছে। কিন্তু এই প্ৰক্ৰিয়া ইমান কৌশলী আৰু বাহ্যিক ৰূপটো ইমান চকমকীয়া যে সাধাৰণভাৱে ইয়াক চিহ্নিত কৰা অতি জটিল আৰু উন্নয়ন, স্বাধীনতা, কৰ্মসংস্থান, উপাৰ্জন আদিৰ কথাৰে ইয়াৰ গূঢ়তাক এনেদৰে ঢাকি ৰখা হয় যে তাৰ বিৰুদ্ধে কথা কোৱাটোও মৰসাহ কৰাৰ লেখীয়া হৈ পৰে। তথাপি আমি এনেবোৰ ভয়ানক ষড়যন্ত্ৰৰ বিৰুদ্ধে সচেতন হ’ব লাগিব আৰু সংগঠিতভাৱে প্ৰতিবাদ কৰিব লাগিব। বিশেষকৈ বিজ্ঞাপন আৰু ফেশ্বনকেন্দ্ৰিক আয়োজনবোৰৰ প্ৰকৃত সত্য বা অন্তৰ্নিহিত মতলববোৰ জনগণৰ মাজলৈ লৈ যাব লাগিব। বিভিন্নধৰণৰ সামাজিক গোট সৃষ্টি কৰি এনেবোৰ ঘটনাৰ বিৰুদ্ধে এক হেঁচাৰ সৃষ্টি কৰিব লাগিব। তেওঁলোকৰ ব্যাপক প্ৰচাৰ ব্যৱস্থাৰ তুলনাত আমি তেনেই নিশকতীয়া, কিন্তু নৈতিক বলক মূলধন হিচাপে সাৰথি কৰি যথাৰ্থ প্ৰতিৰোধ ব্যৱস্থা গঢ়ি তুলিব পাৰি বুলি আমাৰ বিশ্বাস আছে। আটাইতকৈ ডাঙৰ কথা, অসমত সম্প্ৰতি এনেবোৰ কথাৰ চৰ্চাৰ পৰিৱেশ নোহোৱা হৈছে, অথচ বিভিন্ন উন্নত দেশৰ মহিলাসকলে এনে বিষয়বোৰ অধ্যয়নৰ মাজেৰে ইয়াৰ অন্তৰ্নিহিত ভালেমান দিশ পোহৰলৈ আনিছে। আমাৰ চুবুৰীয়া পশ্চিমবংগতো এনেবোৰ বিষয় সংগঠিতভাৱে চৰ্চা হৈছে। অসমত ইয়াৰ বাবে এক সুস্থ আলোচনাৰ পৰিৱেশ গঢ়ি তোলাটো আমাৰ সকলোৰে বাবে এতিয়া অত্যন্ত জৰুৰী।

Leave a Reply

Your email address will not be published. Required fields are marked *