নৰেন্দ্ৰ ডাভোলকাৰ : বৈজ্ঞানিক দৃষ্টিভঙ্গী বা বৈজ্ঞানিক মনস্তত্ত্ব কি?-(মূল: মহম্মদ চাহিল, অনুবাদ: তৰালী শৰ্মা)
(অনুবাদকৰ টোকা:সাংবাদিক, News Global শীৰ্ষক ৱেবচাইটৰ প্ৰতিষ্ঠাপক মহম্মদ চাহিলে লিখা এই লিখনিটোৰ গুৰুত্ব উপলব্ধি কৰি অনুবাদ কৰাৰ চেষ্টা কৰিছিলোঁ। ‘ ৰাষ্ট্ৰীয় বিজ্ঞান মনস্কতা দিৱস’ । যিজন ব্যক্তিক স্মৰণ কৰি এই দিৱস পালন কৰা হয় তেওঁৰ ওপৰত লিখা এই লিখনিটোৰ পৰা ডাভোলকাৰৰ চিন্তা আৰু আদৰ্শ সন্দৰ্ভত কিছু তথ্য পোৱা যায় ।)
আজি বিখ্যাত যুক্তিবাদী তথা সমাজকৰ্মী নৰেন্দ্ৰ ডাভোলকাৰক সোঁৱৰণ কৰাৰ দিন। তেওঁ ১৯৪৫ চনৰ ১ নৱেম্বৰত মহাৰাষ্ট্ৰৰ সতৰাত জন্মগ্ৰহণ কৰিছিল। ডাভোলকাৰ ‘মহাৰাষ্ট্ৰ অন্ধশ্ৰদ্ধা নিৰ্মূলন সমিতি’ৰ প্ৰতিস্থাপক তথা সভাপতি আছিল। তেওঁক ২০১৩ চনৰ ২০ আগষ্টত পুণেত গুলিয়াই হত্যা কৰা হৈছিল। ২০২১ চনত তেওঁৰ অষ্টম মৃত্যু বাৰ্ষিকীত প্ৰশান্ত পদ্মনাভনে তেওঁক সুঁৱৰি বৈজ্ঞানিক চেতনা বা বৈজ্ঞানিক মনোভাৱ কি আৰু ইয়াক কেনেকৈ বিকশিত কৰিব পাৰি তাৰ ওপৰত মন্তব্য আগবঢ়ায়। আহক তেখেতৰ ৭৯ তম জন্ম বাৰ্ষিকীত পুনৰবাৰ এই লেখাটো পঢ়ো।
সংবিধানৰ ৫১ নং (51A(h)) অনুচ্ছেদত বৈজ্ঞানিক চিন্তা, মানৱতাবাদ, কৌতুহল আৰু অগ্ৰগতিৰ মনোভাৱৰ কথা কোৱা হৈছে আৰু ইয়াৰ গুৰুত্ব উপলব্ধি কৰাটো প্ৰতিগৰাকী নাগৰিকৰ এক কৰ্তব্য হিচাপে গণ্য কৰা হৈছে। হয়তো আমাৰ সংবিধানখনেই একমাত্ৰ সংবিধান য’ত বৈজ্ঞানিক মনস্তত্ত্বৰ কথা উল্লেখ আছে।
ডাভোলকাৰৰ সম্পৰ্কঃ
উক্ত কৰ্তব্যৰ কথা মনত পেলোৱা আৰু ইয়াৰ প্ৰতি দায়বদ্ধতা প্ৰকাশ কৰাৰ বাবে আজিতকৈ ভাল সময় আন একো হ’ব নোৱাৰে। মাত্ৰ দহ বছৰ পূৰ্বে আজি ২০ আগষ্ট তাৰিখে বিজ্ঞান-মনস্কতাৰ প্ৰচাৰ আৰু অন্ধবিশ্বাসৰ বিৰোধিতা কৰাৰ বাবেই যুক্তিবাদী তথা সমাজকৰ্মী ডাভোলকাৰক কোনো অচিনাকী আততায়ীয়ে হত্যা কৰিছিল। একে কাৰণতে ২০১৫ চনত বামপন্থী ৰাজনীতিবিদ গোবিন্দ পানছাৰে আৰু কানাড়া সাহিত্যিক এম. এম. কালবুৰ্গীক হত্যা কৰাৰ বিপৰীতে ২০১৭ চনত গৌৰী লংকেশক হত্যা কৰা হৈছিল। All INDIA PEOPLE’S SCIENCE NETWORK –এ ২০ আগষ্ট তাৰিখে ‘ৰাষ্ট্ৰীয় বিজ্ঞান মনস্কতা দিৱস’ (NATIONAL SCIENTIFIC ATTITUDE DAY) পালন কৰে। উক্ত লেখাটোৰ উদ্দেশ্য মাত্ৰ পঢ়ুৱৈসকলক পাঠ্যক্ৰমৰ অন্তৰ্গত বিজ্ঞানৰ আনুষ্ঠানিক শিক্ষা দিয়াই নহয় তাৰ বিপৰীতে বিজ্ঞান মনস্কতা মানেনো কি, বিজ্ঞানৰ যুগত কেনেদৰে এক মননশীল জীৱন-যাপন কৰিব পাৰি– সেইবিষয়ে জ্ঞান দিয়া। ইয়াৰ বাবে বিজ্ঞানী আৰু বিজ্ঞান আলোচক সকলৰ লেখাসমূহেই যথেষ্ট।
প্ৰকৃতিৰ নিয়ম আৰু আধুনিক আৱিষ্কাৰৰ দিশত মানুহক লৈ যোৱা বৈজ্ঞানিক প্ৰক্ৰিয়াটো অনুধাৱন কৰিব পাৰিলে নিজৰ জীৱনটো এক পৃথক আৰু অধিক প্ৰাসংগিক দৃষ্টিভংগীৰে পৰ্য্যবেক্ষণ কৰিব পাৰি।
আমি যুক্তিবাদী তথা কৌতুহলী মন এটা গঢ়ি তোলাটো প্ৰয়োজনীয় কিয়?
সম্পূৰ্ণ অযুক্তিকৰ, অন্ধবিশ্বাসী ধাৰণাক নাকচ কৰাটো সুকীয়া কথা, যিটো সাধাৰণতে প্ৰচলিত সামাজিক ধ্যান- ধাৰণাৰ প্ৰতি ঘৃণাৰ সৃষ্টি কৰা যেন লাগে। বহুত মানুহেই এই কাম কৰে। কিন্তু কেৱল এয়াই যথেষ্ট নহয়। কোনো এটা দাবী অধিক ক্ষতিকাৰক বুলি বিবেচিত নহ’লেও আমি এই দাবীটোক এটা উচ্চ খাপৰ পৰীক্ষা কৰাৰ দৰকাৰ । বৈজ্ঞানিক প্ৰগতিৰ যুগত জীয়াই থকাৰ বাবে যিকোনো দাবীকেই দ্ৰুতগতিত, যুক্তিসংগতভাবে, বৈজ্ঞানিক পদ্ধতিৰে পৰীক্ষা কৰাটো আমাৰ বাবে অতি প্ৰয়োজনীয় হৈ পৰিছে। ভুৱা বাতৰি আৰু উত্তৰ-সত্যৰ যুগত বিপদজনক এজেণ্ডাৰ চিকাৰ হোৱাৰ পৰা হাত সাৰিবলৈ এয়া অতি প্ৰয়োজনীয়।
এইখিনিতে এটা কথা মনত ৰখাটো জৰুৰী যে বিজ্ঞান কেৱল বিজ্ঞানক উচ্চ পৰ্যায়ত অধ্যয়ন কৰা দুই এজন অভিজাত শ্ৰেণীৰ সম্পত্তি নহয়। আমাৰ বোধৰ শক্তি নিৰ্মাণ কৰিবলৈ ’’“কৌতুহলপূৰ্ণ বৈজ্ঞানিক উপায়” টোকে যদি বিজ্ঞান হিচাবে বিবেচনা কৰো তেন্তে আমাৰ প্ৰত্যেকৰে বাবে এই অভ্যাসটো বিকশিত কৰাটো সম্ভৱ৷
বিজ্ঞানেই হৈছে কথাবোৰ জনাৰ একমাত্ৰ উপায়ঃ
মেৰিলেণ্ড বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞানৰ সন্মানীয় অধ্যাপক ৰবাৰ্ট এল পাৰ্কে কোৱাৰ দৰে, “যিবোৰ মতবাদৰ দ্বাৰা বিশ্বব্ৰহ্মাণ্ডখন নিয়ন্ত্ৰিত হয় সেই বিষয়ে বিজ্ঞানে যিখিনি শিকিছে, সেইটোৱে আমাৰ এই পৃথিৱীখনক প্ৰায় স্বৰ্গ সদৃশ কৰি গঢ়ি তোলাৰ ক্ষমতা প্ৰদান কৰিছে। এই জ্ঞান পবিত্ৰ পুস্তকৰ পৰা বা দৈবজ্ঞসকলৰ জ্ঞানৰ পৰা নাহে। বিজ্ঞানেই সকলো কথা বস্তুনিষ্ঠ ভাৱে জনাৰ একমাত্ৰ উপায়, বাকী সকলো অন্ধবিশ্বাস।”
ইয়াৰ ফলত আমাৰ সন্মুখত দুটা প্ৰশ্নৰ উদয় হয়– ১) বিজ্ঞান নো কি? ২) জ্ঞান নো কি?
অজ্ঞানতা আৰু কৌতূহলঃ
যদি কাৰোবাৰ হাতত তেওঁৰ সকলো সন্দেহৰ উত্তৰ আছে, তেন্তে অনুসন্ধানৰ কোনো প্ৰয়োজন নাই। এয়া বিজ্ঞানৰ পৰিপন্থী।
ধৰ্মীয় ধ্যান- ধাৰণাৰে প্ৰশিক্ষিত লোকসকল নিজৰ মন মগজুক বাস্তৱ জগতৰ প্ৰতি কৌতুহলপূৰ্ণ হ’বলৈ বা প্ৰায়োগিকতাবাদৰ প্ৰতি আগ্ৰহী হোৱাত বাধা দি ৰখাতহে অভ্যস্ত। বেছিভাগ ধৰ্মই অজ্ঞাতক ‘ঈশ্বৰ’ বুলি সংজ্ঞায়িত কৰে। ধৰ্মীয় গোড়ামি অজ্ঞানতাৰ দৰ্শনৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে, আনহাতে বিজ্ঞানে কৌতুহলী প্ৰক্ৰিয়াৰ মাধ্যমেৰে অজ্ঞাত বস্তু আৱিষ্কাৰ কৰিব বিচাৰে।
বৈজ্ঞানিক মনোভাৱ তেতিয়াহে গঢ় লৈ উঠিব পাৰে যেতিয়া আমি আমাৰ অজ্ঞানতাক গ্ৰহণ কৰিম আৰু উত্তৰৰ সন্ধান কৰিম।
বৈজ্ঞানিক পদ্ধতিৰ অনুসন্ধানঃ
অনুসন্ধানৰ বৈজ্ঞানিক কৌশলটো এনেদৰে ব্যাপকভাৱে ব্যাখ্যা কৰিব পাৰি যে প্ৰথমে প্ৰতিপাদ্য(hypothesis), তাৰ পাছত প্ৰতিপাদ্যটোৰ প্ৰায়োগিকতাৰ পৰীক্ষা কৰা হয়। তাৰ পিছত পৰীক্ষা-নিৰীক্ষাত সফলতা-বিফলতাৰ ভিত্তিত প্ৰতিপাদ্যটো গ্ৰহণ বা নাকচ কৰা হয় আৰু তাৰ পিছত প্ৰতিপাদ্যটো পুনৰাবৃত্তি কৰা হয়।
অনুসন্ধানৰ বৈজ্ঞানিক কৌশল অনুসৰি সঠিক তথ্য প্ৰমাণ থাকিলে বাস্তৱ জগতৰ যিকোনো বস্তুৱেই বিশ্বাসযোগ্য হয়। ধৰ্মৰ দৰেই বিজ্ঞানতো অন্তৰ্দৃষ্টিৰ গুৰুত্ব অধিক, কিন্তু ই প্ৰথম পদক্ষেপ মাত্ৰ।
অনুসন্ধানৰ বৈজ্ঞানিক কৌশলসমূহ এনে সহজাত অনুমানৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে। ইয়াৰ পিছত অনুমানটোৰ প্ৰায়োগিকতা পৰীক্ষা কৰা হয় আৰু নিৰৱিচ্ছিন্নভাৱে এই পৰীক্ষা-নিৰীক্ষা চলে।
ইয়াত পৰিসংখ্যাগত তথ্য অতি গুৰুত্বপূৰ্ণ। তথ্যসমূহৰ নিৰপেক্ষ বিশ্লেষণৰ পিছত যদি অনুমানটো নাকচ কৰা হয় তেন্তে ইয়াক সংশোধন বা বাতিল কৰাৰ প্ৰয়োজন হয়।
বিজ্ঞানীসকলে নিজৰ প্ৰতিপাদ্য সমূহকেই সৰ্বোচ্চ বুলি ধৰি নাথাকে, আনহাতে বহু ধৰ্মীয় শিক্ষকে নিজৰ ধৰ্মীয় শিক্ষাকেই সৰ্বোচ্চ জ্ঞান কৰে। যিটো কোনো পৰীক্ষা, প্ৰায়োগিকতা আৰু সাক্ষৰে প্ৰমাণ কৰিব নোৱাৰি, তাক কল্পকাহিনী বা অন্ধবিশ্বাস বুলি বৰ্খাস্ত কৰাটো প্ৰয়োজনীয়।
বাৰ্ট্ৰাণ্ড ৰাছেলে প্ৰচাৰ কৰা উপমাটো মতে, যদি প্ৰতিপাদ্যটো এনেধৰণৰ হয় যে– চীনা চাহ একাপ সূৰ্য্যৰ চাৰিওফালে ঘূৰি থাকে, তেন্তে এতিয়া দায়িত্ব সেইসকলৰ ওপৰত যিয়ে ইয়াক সমৰ্থন কৰে।ইয়াক প্ৰমাণ কৰিবলৈ তেওঁলোকে ইয়াৰ সাক্ষ্য-প্ৰমাণ দাঙি ধৰিব লাগে, কোনো বিজ্ঞান মনস্ক ব্যক্তিয়ে ইয়াক অস্বীকাৰ কৰি সময় নষ্ট কৰিব নালাগে।
নিশ্চিতকৰণ পক্ষপাতিত্বঃ ( confirmation bias)
নিশ্চিতকৰণ পক্ষপাতিত্ব হৈছে নিজৰ পূৰ্বতে ৰখা বিশ্বাস বা পক্ষপাতিত্ব নিশ্চিত কৰিবলৈ নতুন সাক্ষ্যৰ ব্যাখ্যা ব্যৱহাৰ কৰাৰ প্ৰৱণতা। আজিৰ পৃথিৱীখন যোগাযোগ(Communication)বিপ্লৱৰ দ্বাৰা গঢ় লৈ উঠিছে, য’ত ৱেব চাৰ্চ ইঞ্জিনৰ বহুখিনি কৃত্ৰিম বুদ্ধিমত্তা ভিত্তিক Algorithm-ৰ দ্বাৰা নিয়ন্ত্ৰিত হয়, যিয়ে ইণ্টাৰনেটত সন্ধান কৰা বস্তুবোৰৰ পৰা প্ৰতিজন ব্যৱহাৰকাৰীৰ অভ্যাসৰ বিষয়ে তথ্য সংগ্ৰহ কৰি লৈছে, যাতে এনে উত্তৰ দিব পাৰে, যিটোৱে সংশ্লিষ্ট ব্যৱহাৰকাৰীৰ পক্ষপাতিত্ব নিশ্চিত কৰে। নিৰপেক্ষ আৰু সমালোচনাত্মক মন এটাইহে এনে অন্তৰ্নিহিত পক্ষপাতিত্বক জয় কৰিব পাৰে।
কিছুমান উপলব্ধ তথ্য অস্বীকাৰ কৰা বা নিৰপেক্ষ বিশ্লেষণত ব্যৱহাৰ কৰিবলৈ অসমৰ্থ হোৱাটোৱেই নিশ্চিতকৰণ পক্ষপাতিত্বৰ ইংগিত দিয়ে। ই অনুসন্ধানৰ বৈজ্ঞানিক পদ্ধতিৰ বিপৰীতে অৱস্থান কৰে।
বিজ্ঞান আৰু বিশ্বাসৰ মাজৰ পাৰ্থক্যঃ
বৈজ্ঞানিক অনুমান এটাক বৈধ কৰাৰ সঠিক উপায় হ’ল পৰীক্ষণৰ প্ৰাবল্যতা। অৰ্থাৎ এই পৰীক্ষাটো পুনৰাবৃত্তি কৰা উচিত। যদি কোনো বৈজ্ঞানিক পৰীক্ষণ নিউয়ৰ্কত কৰা হয়, তেন্তে ইয়াক নতুন দিল্লীতো পুনৰাবৃত্তি কৰিব পাৰি, যদি দুয়োটা একে ধৰণেৰে পুনৰাবৃত্তি কৰা হয়, তেন্তে দুয়োটাৰে ফলাফলও একে হ’ব লাগে।
এনে পৰীক্ষাই বৈজ্ঞানিক তত্ত্বক বৈধতা প্ৰদান কৰে। সেইবাবেই বিজ্ঞান প্ৰচলিত হয় ৷ এন্টিবায়টিক আৰু ভেকচিনে কাম কৰে। চিকিৎসক আৰু মহাকাশচাৰী হৈছে বহুমাত্ৰিক বৃত্তি য’ত বৈজ্ঞানিক নীতি আৰু আৱিষ্কাৰসমূহক ব্যৱহাৰিকভাৱে প্ৰয়োগ কৰা হয়।
বৈজ্ঞানিক নিয়ম কেৱল আমাৰ গ্ৰহটোৰ ক্ষেত্ৰতেই প্ৰযোজ্য নহয়, সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডৰ ক্ষেত্ৰতেই প্ৰযোজ্য। নিউটনৰ মহাকৰ্ষণৰ তত্ত্বটোৱেই একমাত্ৰ পৃথিৱীভিত্তিক তত্ত্ব নহয়। এই কথা চন্দ্ৰ আৰু আমাৰ সৌৰজগতৰ অন্যান্য গ্ৰহৰ লগতে এই বিশ্বব্ৰহ্মাণ্ডৰ কোটি কোটি তৰাৰ ক্ষেত্ৰতো প্ৰযোজ্য।
নিউটনৰ মাধ্যাকৰ্ষণৰ বল প্ৰয়োগ কৰি মানুহে চন্দ্ৰলৈ যাব পৰা হৈছে, মংগল গ্ৰহলৈ মহাকাশ অভিযান পঠিয়াব পৰা হৈছে আৰু পৃথিৱীৰ চাৰিওফালে উপগ্ৰহ স্থাপন কৰিব পাৰে।
গতিকে আমাৰ প্ৰথম প্ৰশ্নৰ উত্তৰ ইয়াত দিয়া হ’ল যে বিজ্ঞান নিৰপেক্ষ আৰু সাৰ্বজনীন হৈয়েই থাকে, অৰ্থাৎ ই সঁচা আৰু সকলোতে প্ৰযোজ্য হয়, কোনোবাই ইয়াক ভাল পাওক বা নাপাওক।
এইটো ব্যক্তিগত সত্যৰ পৰা বহুত পৃথক, য’ত কোৱা হৈছে যে “XYZ মোৰ ত্ৰাণকৰ্তা”, “নবী ABC ৰ শিক্ষাই মোক্ষ প্ৰাপ্তিৰ দিশে লৈ যাব” বা “প্ৰভু PQR এ নিখুঁত জীৱন কটাইছিল।” এইবোৰ এনে কিছুমান বিশ্বাস যিবোৰ কোনেও আন এজন ব্যক্তিক বস্তুনিষ্ঠভাৱে প্ৰমাণ কৰি দেখুৱাব নোৱাৰে । এইটোৱেই হৈছে বিজ্ঞান আৰু ধৰ্মৰ মৌলিক পাৰ্থক্য।
বিকাশ হিচাপে জ্ঞানঃ
এলবাৰ্ট আইনষ্টাইনে কয়, “কোনো সমস্যা সমাধানৰ বাবে যদি মোৰ হাতত এঘণ্টা সময় থাকে, তেন্তে মই ৫৫ মিনিট ধৰি সমস্যাটোৰ বিষয়ে চিন্তা কৰিলোঁহেতেন আৰু পাঁচ মিনিট সমাধানৰ কথা ভাবিলোঁহেতেন।”
অৰ্থাৎ চূড়ান্ত ফলাফলতকৈ সমাধানত উপনীত হোৱাৰ প্ৰক্ৰিয়াটো অধিক গুৰুত্বপূৰ্ণ। এই প্ৰক্ৰিয়াৰ সময়ত কোনোবাই দেখিব পাৰে যে সংশ্লিষ্ট সমস্যাটোৰ এটাতকৈ অধিক দিশ আছে; কোনোবাই সমস্যাটো পুনৰ নিৰ্মাণ কৰি ইয়াৰ বহুতো সম্ভাৱ্য সমাধান বিচাৰি উলিয়াবও পাৰে।
জ্ঞানক কোনো এটা সমস্যাৰ চূড়ান্ত সমাধান বুলি ভবাৰ বিপৰীতে উক্ত সমস্যাটোৰ সমাধানৰ প্ৰক্ৰিয়া হিচাপে বিবেচনা কৰিব পাৰি। আন কথাত, ইতিমধ্যে উপলব্ধ তথ্যতকৈ মগজুৰ অভূতপূৰ্ব ব্যৱহাৰেৰে সমালোচনাত্মক চিন্তা, পৰীক্ষা-নিৰীক্ষা আৰু সমাধানত উপনীত হোৱাৰ ক্ষমতা অধিক গুৰুত্বপূৰ্ণ। “কি ভাবিব”তকৈ “কেনেকৈ ভাবিব” সেয়াহে অধিক গুৰুত্বপূৰ্ণ। দ্বিতীয় প্ৰশ্নৰ উত্তৰ হ’ল – সমস্যা সমাধানৰ প্ৰক্ৰিয়াটোৱেই জ্ঞান।
বিজ্ঞান আৰু অনুসন্ধানৰ বৈজ্ঞানিক কৌশলৰ ওপৰত নিৰ্ভৰ কৰিলে সকলোৱে লাভৱান হয়।
বৈজ্ঞানিক আৱিষ্কাৰসমূহ যেতিয়া ব্যৱহাৰত ৰখা হয়, তেতিয়া ইয়াৰ দ্বাৰা সমগ্ৰ মানৱ জাতিৰ উপকাৰ হয়। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাত প্ৰচুৰ বিনিয়োগ কৰা দেশসমূহে যথেষ্ট লাভৱান হৈছে। উদাহৰণস্বৰূপে, ১৮৬৩ চনৰ পৰা আমেৰিকাত ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমী আছে। আমেৰিকাৰ কংগ্ৰেছ আৰু ৰাষ্ট্ৰপতিক পৰামৰ্শ দিবলৈ মাত্ৰ ৫০ জন বিজ্ঞানীৰ সৈতে ইয়াৰ আৰম্ভণি হৈছিল, এতিয়া ইয়াৰ ২০০০ ৰো অধিক সদস্য আছে আৰু বিজ্ঞানৰ সংগ্ৰামত ব্ৰতী হৈ আছে।
১৮৫৯ চনত ইংৰাজ প্ৰাণীবিজ্ঞানী, প্ৰকৃতিবিদ আৰু ভূতত্ত্ববিদ চাৰ্লছ ডাৰউইনৰ বৈজ্ঞানিক সাহিত্য গ্ৰন্থ “On the Origin of Species” য়ে আমাৰ জীৱনৰ প্ৰতি থকা মনোভাৱ সলনি কৰি পেলালে। জৈৱ বিৱৰ্তনৰ তত্ত্বক উক্ত গ্ৰন্থখনে প্ৰকাশ কৰিছিল, যিখন গ্ৰন্থ বাৰে বাৰে পৰীক্ষা কৰা হৈছিল, লাখ লাখ প্ৰমাণে এই তত্ত্বক সমৰ্থন কৰিছিল আৰু অৱশেষত ইয়াক বৈজ্ঞানিক সমাজে বৈধ বুলি মানি লৈছিল।
যিসকলে কেতিয়াও বৈজ্ঞানিক আৱিষ্কাৰৰ পথ গ্ৰহণ কৰা নাই বা সেই আৱিষ্কাৰবোৰৰ অৰ্থ কি সেই বিষয়ে একেবাৰেই কোনো ধাৰণা নাই, তেওঁলোকে নিজৰ পূৰ্বধাৰণা আৰু অজ্ঞানতাৰ ভিত্তিত এই তত্ত্ববোৰক নাকচ কৰাটো লজ্জাজনক।
আমেৰিকাৰ “নেচনেল এৰ’নটিক্স এণ্ড স্পেচ এডমিনিষ্ট্ৰেচন”ৰ মতে, “জীৱন হৈছে ডাৰউইনীয় বিৱৰ্তনৰ সম্ভাৱনা থকা এক আত্মনিৰ্ভৰশীল ৰাসায়নিক ব্যৱস্থা।” এতিয়ালৈকে আমি ১১৮টা ৰাসায়নিক মৌল আৱিষ্কাৰ কৰিছো, ইয়াৰে ৯৮টা প্ৰাকৃতিকভাৱে পোৱা, বাকীবোৰ কৃত্ৰিম উপায়েৰে সৃষ্টি কৰা হৈছে।
১৯২০ চনত পদাৰ্থ বিজ্ঞানৰ শাখা হিচাপে অস্তিত্ব লাভ কৰা কোৱাণ্টাম পদাৰ্থ বিজ্ঞানে আজি বিশ্বৰ এক তৃতীয়াংশ ধন-সম্পত্তি নিয়ন্ত্ৰণ কৰে। চিকিৎসাৰ আৱিষ্কাৰ আৰু মহাকাশ অন্বেষণে সকলোকে উপকৃত কৰিছে। জীৱন ৰক্ষাকাৰী ঔষধেই হওক বা যাতায়তৰ বাবে ব্যৱহৃত যান-বাহনেই হওক, সকলো কথাই কেইটামান বৈজ্ঞানিক নীতিৰ ওপৰত প্ৰতিষ্ঠিত।
আজি মানুহৰ স্বাস্থ্য আৰু ধন-সম্পত্তি বৈজ্ঞানিক উদ্ভাৱনৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে বুলি ক’লে ভুল কোৱা নহ’ব।
২০২০ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা বিজয়ী আমেৰিকাৰ জেনিফাৰ এ ডাউডনা আৰু ফ্ৰান্সৰ ইমানুৱেল চাৰ্পেন্টিয়েৰে CRISPR (Clustered Regularly Interspaced Short Palindromic Repeats)/Cas9 আৱিষ্কাৰ কৰে। ই জিনীয় প্ৰযুক্তিবিদ্যাৰ এক আহিলা, যাৰ জৰিয়তে প্ৰাণী আৰু উদ্ভিদৰ ডি.এন.এ. ত অতি নিখুঁতভাৱে পৰিৱৰ্তন সাধন কৰিব পৰা যায়। ৰক্তৰোগ এইডছ, কোভিড-১৯ আৰু বহু ৰোগৰ চিকিৎসাত এই প্ৰযুক্তি ব্যৱহাৰ কৰিবলৈ বিজ্ঞানীসকলে চেষ্টা কৰিছে।
সাধাৰণ বিবেচনা সদায় সঠিক নহয়ঃ
শেষত সাধাৰণ বিবেচনাৰ ওপৰত ভিত্তি কৰি গোটাচেৰেক কথা– আমাক বহুবাৰ কোৱা হৈছে যে বৈজ্ঞানিক তত্ত্ব এজন ব্যক্তিৰ বাবে গ্ৰহণযোগ্য নহয় কাৰণ ই তেওঁৰ সাধাৰণ বিবেচনাৰ বিৰুদ্ধে যায়। মন কৰিবলগীয়া যে বিজ্ঞান কেৱল সাধাৰণ কাণ্ডজ্ঞানৰ বিষয় নহয়। উদাহৰণস্বৰূপে কোৱাণ্টাম বলবিজ্ঞান আৰু আপেক্ষিকতাবাদৰ ক্ষেত্ৰখন লওক, য’ত কোৱাণ্টাম চিনাক্তকৰণ আৰু ‘স্থান-কাল বিৰূপন’ (space-time distortion).আদি তত্ত্ব বুজিবলৈ সাধাৰণ বিবেচনাৰ অন্তৰ্দৃষ্টিয়ে যথেষ্ট নহয়।
আমেৰিকাৰ জ্যোতিৰ্বিদ নীল ডি গ্ৰেচ টাইছনৰ ভাষাত ক’বলৈ গ’লে– আমাৰ আগত অস্তিত্বৰ প্ৰমাণ কৰিবলৈ বিশ্বব্ৰহ্মাণ্ডৰ তেনে কোনো বাধ্যবাধকতা নাই।
আইনষ্টাইনে পৰামৰ্শ দিয়াৰ দৰে কোনো সমস্যাৰ বিষয়ে গভীৰভাৱে চিন্তা কৰিবলৈ হ’লে আমি ইয়াক ভালদৰে বুজিব লাগিব।
বিজ্ঞান মনস্কতাৰ সৃষ্টি কৰাটো হৈছে এনে এটি প্ৰক্ৰিয়া যাৰ দ্বাৰা আমাৰ সমাজে যুক্তিবাদী আৰু সমালোচনাত্মক চিন্তাৰ পৰিৱেশ গ্ৰহণ কৰা ব্যক্তিসকলৰ ওপৰত ভৱিষ্যতৰ আক্ৰমণ ৰোধ কৰিব পাৰে। এয়া হ’ব ডাভোলকাৰৰ লগতে যুক্তিবাদী সমাজত বিশ্বাসী আন শ্বহীদ সকলৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধাঞ্জলি। আহক আমি এই যাত্ৰাত আগবাঢ়িম বুলি প্ৰতিশ্ৰুতিবদ্ধ হওঁ।