নাৰীবাদসমূহৰ গুৰুত্ব আৰু ভিন্নতাৰ সৰল অনুধাৱন – (হাস্নাহানা গগৈ)
আপুনি ফেমিনিষ্ট হয়নে?
এই প্ৰশ্নটোৰ তাৎক্ষণিকভাৱে সদৰ্থক উত্তৰ পোৱা যায়নে? এজন পুৰুষক যদি এই প্ৰশ্নটো সোধা হয়? কোনোধৰণৰ ‘যদি’, ‘কিন্তু’ ইত্যাদি শব্দ নথকাকৈ দিয়া এটা দ্বিধাহীন সদৰ্থক উত্তৰ পোৱা যাবনে? আঙুলিৰ মূৰত লেখিব পৰাকৈ পোৱা যাব নিশ্চয়৷ তাৰমানে ফেমিনিষ্ট হোৱা বা নোহোৱাটো বহুতো কথাৰ ওপৰত নিৰ্ভৰশীল নেকি? পোনচাটেই হয় বুলি ক’ব পৰাকৈ উত্তৰ দিব নোৱৰাৰ অৰ্থ এইটোৱে নহয় জানো যে এই নাৰীবাদৰ সংজ্ঞা সম্পৰ্কে বা ইয়াক বুজি উঠাৰ ক্ষেত্ৰত কিছু খেলিমেলি যেন এতিয়াও আছে৷
আজিৰ পৃথিৱীত লিংগবৈষম্য নাশ কৰিব খোজা সমাজ এখনত ফেমিনিষ্ট হয়নে নহয় বুলি সোধা এই প্ৰশ্নটোৱেই আচলতে এক ভুল বুজাবুজিৰ ফলত সৃষ্টি হোৱা যেন লাগে৷ যদি লিংগৰ ভিত্তিত হোৱা বৈষম্যক সমৰ্থন নকৰে তেনেহ’লে লিংগ নিৰ্বিশেষে প্ৰত্যেকজন ব্যক্তিয়েই ফেমিনিষ্ট বা নাৰীবাদী হ’বই লাগিব৷ নাৰীবাদী হয়নে নহয় বুলি প্ৰশ্ন কৰাৰ অৱকাশ থাকিবই নালাগে৷ ‘নাৰী’ বা ‘ফেম’ শব্দ থকাৰ কাৰণেই নাৰী সমৰ্থনকাৰী বা পুৰুষৰ বিৰুদ্ধাচৰণ কৰা গোট বুলি এটা অপব্যাখ্যা শুনিবলৈ পোৱা যায়৷ তাৰোপৰি নাৰীবাদী মহিলাসকলৰ দাবীসমূহৰ ভিন্নতাৰ বা কোনো কোনো সময়ত স্ববিৰোধৰ বাবেও বহু সময়ত নাৰীবাদ দুৰ্বোধ্য বুলিও এটা আপত্তি শুনিবলৈ পোৱা যায়৷ এই দুয়োটা কথাৰে আউলবোৰ ভাঙিবৰ কাৰণে নাৰীবাদ কি শুদ্ধকৈ বুজি উঠাটো অতিকে জৰুৰী৷
প্ৰথম কথা, ফেমিনিজম্ নহয়, ফেমিনিজম্চ৷ অৰ্থাৎ এই অভিধাটো বহুবচনতহে কোৱা উচিত৷ আক্ষৰিক অনুবাদ কৰিলে অসমীয়াত হ’ব নাৰীবাদসমূহ৷ নাৰীবাদীসকলৰ বিভিন্ন পন্থা আছে আৰু নাৰীসম্পৰ্কীয় বিভিন্ন বিষয়ত বিভিন্ন পন্থাৰ মতামত, আদৰ্শ ইত্যাদিবিলাকো ভিন্ন৷ কিন্তু কিয় এই ‘সমূহ’? কিহত এই ভিন্নতা? নাৰীবাদ বোলা আন্দোলনতো এটাই, তাত সমূহ কেনেকৈ আহিল? এই কথাটো বুজিবলৈ হ’লে আমি আৰু দুটা কথা ভালকৈ জানি ল’ব লাগিব৷ প্ৰথম কথাটো হ’ল, এটা সম্প্ৰদায়ৰ সামাজিক পৰিকাঠামোত নাৰীৰ মৰ্যদা আৰু স্থান; দ্বিতীয়তে, সেই সমাজৰ নাৰীৰ ওপৰত চলা শোষণ আৰু অবিচাৰৰ ইতিহাস৷
ঠাইভেদে বা সমাজভেদে নাৰীৰ মৰ্যাদা আৰু স্থান ভিন্ন হ’ব পাৰে৷ নাৰীৰ ওপৰত চলা শোষণ-নিষ্পেষণৰ মাত্ৰা আৰু পৰ্যায় সমাজভেদে বেলেগ হ’ব পাৰে৷ এই দুয়োটা কথাৰ ওপৰতেই নিৰ্ভৰ কৰে এখন সমাজত নাৰীবাদৰ চেতনা কি পৰ্যায়ৰ হয়৷ এই ভিন্নতাটো বুজিবলৈ হ’লে বেছি দূৰলৈ নগৈ আমি আমাৰ সমাজখনৰে নগৰ অঞ্চলৰ নাৰীৰ লিংগবৈষম্যমূলক সমস্যা আৰু গাওঁ অঞ্চলৰ নাৰীৰ অভিজ্ঞতালৈ চালেই হ’ব৷ নগৰ অঞ্চলৰ বিপৰীতে ভিতৰুৱা গাওঁ অঞ্চলত বৰ্তমানেও নাৰীসকলে পৰম্পৰাৰ নামত কেৱল নাৰী হোৱাৰ দোষতেই ওৰণি লোৱা, বয়োজ্যেষ্ঠৰ, বিশেষকৈ পুৰুষৰ সমুখত সম উচ্চতাৰ আসনত নবহা, বা একেলগে একেখন টেবুলত বহি আহাৰ গ্ৰহণ নকৰা ইত্যাদি ধৰণৰ কথাৰ সৈতেই মোকাবিলা কৰিবলগীয়া হৈছে৷ সকলো সময়তে বাধ্যতামূলক পৰম্পৰাগত সাজ পিন্ধাৰ লগতে লিংগভিত্তিক কৰ্মবিভাজনৰ কথা নকলোৱেইবা! মহিলা হোৱাৰ দোষত বুলি এই কাৰণেই কোৱা হৈছে কিয়নো মৰ্যাদা হানিকাৰক এনে ৰীতিসমূহ কেৱল মহিলাৰ ক্ষেত্ৰতহে প্ৰযোজ্য হোৱা দেখা যায়, পুৰুষৰ কাৰণে এনে ধৰণৰ নিয়মৰ কোনো প্ৰচলন নাই৷ এনে অঞ্চলবিলাকত পদে পদে মহিলাৰ, বিশেষকৈ বিবাহিতা মহিলাৰ মৰ্যাদা ক্ষুণ্ণ হোৱাৰ ৰীতি নীতি এতিয়াও দৃষ্টিকটুভাৱে বিৰাজমান৷ গতিকে এনে সমাজবিলাকত নাৰীমুক্তিৰ সপোন দেখাসকলে এই তুচ্ছ যেন লগা অথচ অতিকে দৰকাৰী বিষয়বোৰৰ পৰাই সংগ্ৰাম আৰম্ভ কৰিব লগা হয়৷
এতিয়া আহোঁ নাৰীবাদৰ দাবী অৰ্থাৎ নাৰীবাদে কি বিচাৰে সেই সম্পৰ্কীয় ভিন্নতাৰ কথাটোলৈ৷ যিহেতু নাৰীবাদৰ বিভিন্ন পন্থা আছে আৰু একেটা বিষয়তেই কেতিয়াবা তেওঁলোকৰ মাজত ভিন্নতা দেখা যায় সিয়েই বহু সময়ত সাধাৰণ লোক এজনৰ বাবে নাৰীবাদ দুৰ্বোধ্যহেন কৰি তোলে৷ এই বিভিন্নতাটো সৰলকৈ বুজি পাবলৈ আমি নাৰীবাদৰ দ্বিতীয় তৰঙ্গ (Second wave feminism) অৰ্থাৎ ১৯৬০ ৰ দশকত লিংগবৈষম্যৰ বিৰুদ্ধে হোৱা সংগ্ৰামখনলৈ ঘূৰি যাব লাগিব৷ আমি বুজিবলৈ চেষ্টা কৰিব লাগিব এখন সংগ্ৰামত যোগদান কৰা সংগ্ৰামীসকলৰ গাৰ বৰণ ভিন্ন হোৱাটোৱেও কিদৰে সংগ্ৰামখনৰ লক্ষ্য আৰু উদ্দেশ্য ভিন্ন হোৱাৰ কাৰক হ’ব পাৰে৷ দ্বিতীয় তৰঙ্গৰ জাগৰণত বিশেষকৈ সামাজিক দিশসমূহত গুৰুত্ব আৰোপ কৰা হৈছিল৷ অৰ্থাৎ, সমাজৰ প্ৰত্যেকখন ক্ষেত্ৰত মহিলাৰ প্ৰতি হোৱা অবিচাৰৰ প্ৰতিবাদ কৰা হৈছিল৷ সেই সংগ্ৰামত বৰ্ণ নিৰ্বিশেষে, শ্বেতাংগ কৃষ্ণাংগ সকলো নাৰীয়ে অংশগ্ৰহণ কৰিছিল৷ কিন্তু মন কৰিবলগীয়া আৰু অতি গুৰুত্বপূৰ্ণ কথাটো আছিল যে সেই সংগ্ৰামে কৃষ্ণাংগ নাৰীসকলক দিয়া তিক্ততাপূৰ্ণ অভিজ্ঞতা আৰু সেই অভিজ্ঞতাৰ ফলত হোৱা উপলব্ধি৷ কেনে আছিল সেই অভিজ্ঞতা? যেতিয়া শ্বেতাংগ নাৰীবাদী নাৰীসকলে পুৰুষতান্ত্ৰিক সমাজে জাপি দিয়া লিংগভূমিকাক নস্যাৎ কৰি ঘৰৰ ভিতৰতে আবদ্ধ নাথাকি বাহিৰৰ ক্ষেত্ৰখনত সম অধিকাৰৰ দাবী কৰিছিল সেই সময়ত কিন্তু কৃষ্ণাংগ নাৰীবাদী নাৰীসকলে ঘৰৰ ভিতৰত থাকিবলৈহে বিচাৰিছিল আৰু নিজৰ পৰিয়ালৰ সৈতে অধিক সময় কটাব বিচাৰিছিল৷ কিন্তু কিয়? একেখন সংগ্ৰামৰ উদ্দেশ্যত এয়া স্ববিৰোধ নাছিলনে? এই প্ৰশ্নৰ উত্তৰ জানিবলৈ আমি ইতিহাসৰ পাত লুটিয়াব লাগিব আৰু আমেৰিকাৰ কৃষ্ণাংগ লোকৰ দাসত্বৰ অধ্যায়টো জানিবই লাগিব৷ তেওঁলোকৰ জীৱনৰ সংগ্ৰাম শ্বেতাংগ সমাজৰ পৰা কিমান পৃথক তাক জনাটো নিতান্তই প্ৰয়োজনীয়৷ গৃহযুদ্ধৰ আগৰ সময়চোৱাত দাসপ্ৰথা প্ৰচলন হৈ থকা সময়ত কৃষ্ণাংগসকলকযে কেৱল আবেগৰহিত বস্তু (chattel) হিচাপেহে গণ্য কৰা হৈছিল তাক দোহৰাৰ প্ৰয়োজন নিশ্চয় নাই৷ তেওঁলোক আছিল ক্ৰীতদাস যাৰ দেহ মন দুয়োটাই কোনো মালিকৰ অধীন৷ ঊনৈশ শতিকাৰ মাজভাগৰপৰা দাসপ্ৰথা বিৰোধী কিছু শ্বেতাংগ লোকৰ উদ্দ্যোগত দাসবিলাকৰ আত্মজীৱনী/জীৱনী প্ৰকাশ হ’ব ধৰিছিল৷ সেই আত্মজীৱনী বা জীৱনী লেখাসমূহ পঢ়িলে কৃষ্ণাংগ লোকৰ ওপৰত হোৱা নৃশংস অত্যাচাৰৰ কিছু অনুমান কৰিব পাৰি৷ পৰিয়াল শব্দ তেওঁলোকৰ জীৱনত আছিল অৰ্থহীন কিয়নো মহিলাসকলক মূলতঃ জন্ম দায়িনী যন্ত্ৰ হিচাপেহে চোৱা হৈছিল যাৰ সহায়ত সম্পত্তিৰ (human chattels) বৃদ্ধি ঘটাব পাৰি৷ ইয়াৰ বাবে অন্য পুৰুষ দাসৰ সৈতে যৌনসম্পৰ্ক ৰাখিবলৈ দিয়া হৈছিল বা কেতিয়াবা বিয়া পাতি দিয়াও হৈছিল৷ শ্বেতাংগ মালিকবোৰেও ক্ৰীতদাস নাৰীৰ সৈতে যৌনসম্পৰ্ক ৰাখিছিল আৰু বহু সময়ত নাৰীগৰাকী ধৰ্ষণৰ চিকাৰ হ’বলগীয়া হৈছিল৷ অৰ্থাৎ পথাৰত আৰু ঘৰত দিনজোৰা হাড়ভঙা পৰিশ্ৰম কৰা ক্ৰীতদাস নাৰীগৰাকী যৌন আতিশৰ্যৰ বলিও হৈছিল৷ তাৰোপৰি সন্তান বা সংগীক চকুৰ সমুখতে বজাৰত বিক্ৰী কৰি দিয়া ঘৃণনীয় কাৰ্যৰো তেওঁলোক হ’বলগীয়া হৈছিল অসহায় প্ৰত্যক্ষদৰ্শী৷ গতিকে দাসপ্ৰথা লোপ পোৱাৰ পাছত এগৰাকী কৃষ্ণাংগ নাৰীৰ কাৰণে স্বাধীনতাৰ অৰ্থ কি হ’ব পাৰে সি সহজেই অনুমেয়৷ নাৰীবাদে যদি শোষণ আৰু অবিচাৰ নাশ কৰি মানুহ হিচাপে সকলোৰে অধিকাৰ সুৰক্ষিত কৰিব বিচাৰে তেনেহ’লে সেই সময়ত কৃষ্ণাংগ নাৰীবাদীসকলৰ দাবী আছিল নিজৰ পৰিয়ালৰ সৈতে মুক্তভাৱে সময় কটোৱাৰ অধিকাৰ৷
তেনেহ’লে কি বিচাৰে নাৰীবাদে? সমতা? স্বাধীনতা? নে পুৰুষতন্ত্ৰৰ অৱসান? অৱশ্যেই পুৰুষতন্ত্ৰৰ অৱসান যিটো হোৱাৰ লগে লগেই সমতা আৰু স্বাধীনতাও আহিব৷ ব্যক্তিস্বাধীনতাৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে Right to choose অৰ্থাৎ মানুহ হিচাপে সমাজত কিভাৱে জীৱন জীয়াব, কি ধৰণে থাকিব সেয়া নিজৰ বাবে সিদ্ধান্ত লোৱাৰ অধিকাৰ৷ অৰ্থনৈতিক স্বাৱলম্বিতাকে বহু সময়ত নাৰীমুক্তি বুলি অৰ্ধব্যাখ্যা দিয়া দেখা যায়৷ হয়, অৰ্থনৈতিক স্বাধীনতাই আমাৰ সমাজত নাৰীক বহুখিনি ক্ষেত্ৰত মুক্তভাৱে জীৱন কটোৱাত সহায় কৰে কিন্তু সেই স্বাধীনতা ব্যক্তিগত পৰ্যায়ত ৰৈ যায়৷ ইয়াতে প্ৰশ্ন হয়, অৰ্থনৈতিকভাবে স্বাৱলম্বী নোহোৱা আমাৰ সমাজৰ নাৰীসকল মুক্ত হ’ব নোৱাৰে নেকি? কি হ’ব তেওঁলোকৰ বাবে নাৰীমুক্তিৰ সংজ্ঞা? নাৰীবাদসমূহক বুজিলে আমি এই প্ৰশ্নটোৰ উত্তৰো পাম কাৰণ নাৰীবাদসমূহে কয় যে কোনোবা অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ’ব বিচাৰে বা নিবিচাৰে, কোনোবাই ঘৰত থাকিব বিচাৰে বা নিবিচাৰে, কোনোবাই কেনেকৈ থাকিব, কি কৰিব বা নকৰিব এই সিদ্ধান্তটো লোৱাৰ অধিকাৰতহে গুৰুত্বটো থাকিব লাগে৷ সেই সিদ্ধান্তটো কোনোবা মানুহে বা কোনো এক পুৰষতান্ত্ৰিক ও বৰ্ণবাদী চিষ্টেমে সৃষ্টি কৰা বৈষম্যমূলক নীতি নিয়মে জাপি দিয়া হ’ব নালাগে৷ নাৰীগৰাকী যেনেকৈয়ে নহওঁক মানুহ হিচাপে সমান মৰ্যাদা পোৱাটোহে নাৰীবাদসমূহৰ মূল উদ্দেশ্য৷ কিন্তু ইয়াতে এটা কথা লক্ষ্য কৰিব লাগিব যাতে এই অধিকাৰৰ কথা ক’বলৈ যাওঁতে পুৰুষতন্ত্ৰই নাৰীক অৱদমন কৰিবলৈকে সৃষ্টি কৰা কেতবোৰ ৰীতি বা নিয়মক নিজ ইচ্ছা অনুসৰি গ্ৰহণ কৰিছো, কোনেও জাপি দিয়া নাই ইত্যাদি বুলি কৈ কোনো নাৰীয়ে যাতে সেইবোৰ আগবঢ়াই লৈ নাযায়৷ যদিহে লৈ যায় তেনেহ’লে সাংস্কৃতিকভাৱে বা মানসিকভাৱে পুৰুষতন্ত্ৰৰ সংবিধান তেওঁৰ মজ্জাগত হৈ থকাটোহে বুজাব৷ অৰ্থাৎ, অজ্ঞাতসাৰে থাকিও অথচ মানসিকতাত হাড়ে হিমজুৱে পুৰুষতান্ত্ৰিক সমাজে নাৰীক দিয়া স্থান গ্ৰহণ কৰাটো বুজাব যাক আমি লিংগমূলক হেজিমনি (hegemony) বুলি ক’ব পাৰো৷
এইখিনিতে এটা প্ৰশ্নৰ উদ্ভৱ হয়ঃ নাৰীবাদৰ উদ্দেশ্য যদি পুৰুষতন্ত্ৰৰ অৱসান ঘটোৱা আৰু লিংগবৈষম্য আঁতৰোৱাটোৱেই হয় তেন্তে ই “নাৰীবাদ” নহৈ অন্য কিবা নহ’ল কিয়? অৰ্থাৎ, কেৱল সমতাৰ কথা কোৱাৰ পাছতো কেৱল নাৰীৰ বিষয়টোতে গুৰুত্বটো দিয়া বাবেই নাৰীবাদী মানেই পুৰুষবিৰোধী এটা ভাৱমূৰ্ত্তি গঢ়ি তোলাত ই সহায় কৰিছে নেকি? এই প্ৰশ্নটো খুব প্ৰাসংগিক৷ নাৰীবাদে কেৱল নাৰীৰ বিষয়টোত গুৰুত্ব দিয়ে ঠিকেই, তাৰ অৰ্থ এইটো নহয় যে পুৰুষৰ বিৰুদ্ধাচৰণ কৰে৷৷ হয়, যি পুৰুষ নাৰী উভয়ে মিলি পুৰুষতন্ত্ৰ প্ৰতিষ্ঠা কৰাৰ চেষ্টা কৰিছে তাৰ বিৰুদ্ধাচৰণ নিশ্চয় নাৰীবাদে কৰে আৰু কৰিব৷ বৈষম্যৰে ভৰা আমাৰ সমাজখনৰ ভাষিক, সাংস্কৃতিক ইত্যাদিকে ধৰি অন্য বহু সুক্ষ্মৰ পৰা সুক্ষ্মতম বিষয়তো কিদৰে লিংগবৈষম্য সোমাই আছে তাক নাৰীবাদে অধ্যয়ন কৰে৷ সঁচা অৰ্থত দ্বিতীয় তৃতীয় পৰ্যায়ৰ মানুহ হিচাপেহে নাৰীক গ্ৰহণ কৰা হৈছিল যিটো আজিৰ বহুতো সমাজৰ মানুহৰ মানসিকতাতো বিৰাজমান৷ ১৯২৯ চনত প্ৰকাশ হোৱা বৃটিশ লেখিকা ভাৰ্জিনিয়া ঊল্ফৰ বিখ্যাত ৰচনা “এ ৰূম অফ্ ৱানচ্ অউন”তো এই বিষয়ক বহু প্ৰশ্ন উত্থাপন কৰা হৈছিল৷ সমাজৰ দৰকাৰী ক্ষেত্ৰবিলাকত নিজৰ স্থান আজুৰি আনিবলৈ নাৰীয়ে বহুত সংগ্ৰাম কৰিবলগা হৈছে৷ আনকি লেখক সমাজত নাৰীক গ্ৰহণ কৰা নহৈছিল৷ নাৰীৰ লেখা প্ৰকাশ কৰা নহৈছিল৷ এনেকৈ কিমান নাৰীৰ লেখকসত্বাৰ মৃত্যু ঘটোৱা হৈছিল তাৰ লেখ নাই৷ কোৱা বাহুল্য মাথোন যে নাৰীৰ লেখাৰ লগতে বিভিন্ন সামাজিক ক্ষেত্ৰত নাৰীৰ অৱদানেও বহু সময়ত স্বীকৃতি নাপাইছিল৷ এটা দৰকাৰী উদাহৰণ এই ক্ষেত্ৰত তাৎপৰ্যপূৰ্ণ৷ আমাৰ দেশ স্বাধীন হোৱাৰ মাত্ৰ আঠ বছৰ হওঁতেই অসমৰ অমল প্ৰভা দাসক সেই সময়ত ভাৰত চৰকাৰে দিয়া আটাইতকৈ ডাঙৰ সন্মান “পদ্মবিভূষণ” দিয়া হৈছিল আৰু তেওঁ সেই সন্মান প্ৰত্যাখ্যান কৰিছিল৷ কিন্তু আজি কিমানজন ভাৰতীয় বা কিমানজন অসমীয়াই এই কথাষাৰ মনত ৰাখিছে সেয়া নিশ্চয় লক্ষণীয়৷ এনেধৰণৰ বৈষম্যৰ ফলত ইতিহাসৰ পৃষ্ঠাই পৃষ্ঠাই কিমান নাৰীৰ অৱস্থিতিয়েই হেৰাল তাৰ হিচাপ নাই৷ এনেবোৰ চিন্তাৰ ফলতেই বিংশ শতিকাৰ সত্তৰ দশকত গাইন’ক্ৰিটিচিজ্ম (Gynocriticism) ধাৰাৰ উন্মেষ ঘটিছিল আৰু নাৰীৰ লেখাসমূহ আছিল সেই অধ্যয়নৰ মূল বিষয়৷ এই ধাৰা প্ৰয়োজনীয় আছিল কিয়নো নহ’লে নাৰীৰ লেখাসমূহ অন্য পুৰুষ লেখক সমালোচকৰ দ্বাৰা অৱহেলিত হৈ ৰৈ গৈছিল৷
নাৰীবাদৰ সুকীয়া গুৰুত্ব আৰু প্ৰাসংগিকতাৰ কথাটো আৰু অলপ ভালকৈ বুজি পাবলৈকে আমি পুণৰ কৃষ্ণাংগ সাহিত্যৰ বিষয়লৈ যাব লাগিব৷ কৃষ্ণাংগসকল আমেৰিকান হোৱা সত্বেও তেওঁলোকৰ সুকীয়াকৈ “ব্লেক লিটাৰেছাৰ” বা কৃষ্ণাংগ সাহিত্য কিয় আছে? আমেৰিকান সাহিত্য বুলি ক’লেই তেওঁলোকৰ সাহিত্যও তাৰ ভিতৰতে নপৰিব জানো? এই প্ৰশ্নবোৰৰ এটাই উত্তৰ যে কেৱল আমেৰিকান সাহিত্যৰ কথা ক’লে কৃষ্ণাংগসকলৰ শোষণৰ যি ইতিহাস সেয়া সম্পূৰ্ণকৈ অৱহেলিত হৈ ৰয়৷ তেওঁলোকৰ যি সুকীয়া ঐতিহাসিক ও সাংস্কৃতিক অভিজ্ঞতা তাক সাধাৰণভাৱে আমেৰিকাৰ সাহিত্যৰ ভিতৰত ৰাখিলে সেয়া এক অবিচাৰ হ’ব৷ সেয়ে আমেৰিকাৰ সাহিত্য থকাৰ পাছতো আফ্ৰিকান আমেৰিকান সাহিত্যও আছে৷ ঠিক সেইদৰেই অতীজৰে পৰা সমাজত যি অবিচাৰ আৰু শোষণ মহিলাৰ ক্ষেত্ৰত হৈ আহিছে তাক নিৰ্মূল কৰিবলৈ বা তাৰ বিষয়ে চিৰিয়াছভাৱে অধ্যয়ন কৰিবলৈ বিষয়টোত সুকীয়াকৈ গুৰুত্ব দিয়াৰ প্ৰয়োজন নিশ্চয় আছে৷ প্ৰকৃততে সামাজিকভাৱে শোষিত যিকোনো শ্ৰেণীৰ বাবেই সুকীয়া গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে আৰু সেই কাৰণেই দলিত সাহিত্যৰো সৃষ্টি হৈছে৷ সমাজৰ আধা জনসংখ্যাৰ শোষণ অত্যাচাৰৰ বিৰোধ কৰিবলৈকে সেই একেই কাৰণতেই নাৰীবাদৰ সুকীয়া চিন্তা-চৰ্চাৰ লগতে নাৰীবাদী তত্ত্বৰ অধ্যয়নৰ নিতান্তই প্ৰয়োজন আছে৷