ৰাষ্ট্রীয় বিজ্ঞানমনস্কতা দিৱস: এটি টোকা-( নয়নজ্যোতি ভূঞা)
আমাৰ সমাজৰ ৰক্ষণশীল, প্ৰগতিবিৰোধী আৰু ধৰ্মান্ধ সকলে সততে দাবী কৰে, তেওঁলোক সহিষ্ণু, সৎ, অহিংসাৰ পূজাৰী, মানৱতাবাদী, উচ্চ নৈতিক চৰিত্ৰৰ ধ্বজাধাৰী! কিন্তু কিমান সত্য তেওঁলোকৰ এই দাবী? বাস্তৱত কিন্তু আমাৰ সমাজৰ এই ৰক্ষণশীল, প্ৰগতিবিৰোধী আৰু ধৰ্মান্ধ সকল মহা ধুৰন্ধৰ, অসহিষ্ণু, অসৎ, হিংসুক, মানৱ-বিৰোধী আৰু সকলো অনৈতিক কৰ্মকাণ্ডৰ ধ্বজাধাৰী! তাৰ প্ৰমাণ মানৱ ইতিহাসৰ পাতে পাতে জিলিকি আছে। এই সকল লোকেই মানুহৰ ইতিহাসক বাৰে বাৰে কলংকিত কৰি আহিছে। সমাজৰ প্ৰগতিৰ হকে কাম কৰা, অন্ধবিশ্বাস কুসংস্কাৰৰ পৰা সমাজক মুক্ত কৰা, ধৰ্মান্ধতাৰ কৰাল গ্ৰাসৰ পৰা সাধাৰণ মানুহক মুক্ত কৰিব বিচৰা লোকক এওঁলোকেই নিৰ্মম ভাবে হত্যা কৰে! জিওৰ্ডানো ব্ৰুন’ৰ পৰা আৰম্ভ কৰি গৌৰী লংকেশলৈকে সমাজ সংস্কাৰক সকলক তেওঁলোকে হত্যা কৰিছে!
মহাৰাষ্ট্ৰত প্ৰচলিত অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে সমাজসংস্কাৰক ডঃ নৰেদ্ৰ দভোলকাৰে ১৯৮৯ চনত ‘মহাৰাষ্ট্ৰ অন্ধ শ্ৰদ্ধা নিৰ্মূলন সমিতি’ গঠন কৰিছিল ৪টা উদ্দেশ্য আগত ৰাখি।
১) সাধাৰণ মানুহক বিপথে পৰিচালিত কৰা আৰু শোষণৰ হাথিয়াৰ হিচাপে ব্যৱহৃত হোৱা ক্ষতিকাৰক অন্ধবিশ্বাস আৰু পৰম্পৰাৰ বিৰুদ্ধে আন্দোলন গঢ়ি তোলা।২) বৈজ্ঞানিক দৃষ্টিভংগী, যুক্তিবাদ, মানৱতাবাদ এবং সমালোচনামূলক চিন্তাভাবনা জাগ্রত কৰা আৰু প্রচাৰ কৰা৩) ধর্ম, ঐতিহ্য আৰু ৰীতি-নীতিৰ গঠনমূলক ও সমালোচনামূলক বিশ্লেষণক উৎসাহিত কৰা।৪) প্রগতিশীল সমাজ সংস্কাৰত ব্ৰতী হোৱা অন্যান্য সংস্থাৰ লগত যুক্ত হৈ একেলগে কাম কৰা।
ৰক্ষণশীল, ধৰ্মান্ধ আৰু প্ৰগতিবিৰোধী শক্তি তেওঁৰ কামকাজত জাঙুৰ খাই উঠিল। এই শক্তিটোৱে তেওঁক বিভিন্ন ধৰণেৰে ভাবুকি দি সংগঠনৰ কামকাজত ব্যাহত কৰিবলৈ উঠিপৰি লাগিল। কিন্তু ভয় আৰু ভাবুকিক আওকাণ কৰি ডঃ দভোলকাৰে সমাজ সংস্কাৰৰ কামত নিজকে সঁপি দিলে।
১৯৪৫ চনৰ ১ নৱেম্বৰত ডাঃ নৰেন্দ্ৰ দভোলকৰৰ জন্ম হৈছিল মহাৰাষ্ট্ৰৰ পুনা চহৰৰ পৰা ১০০ কিঃমিঃ নিলগত অৱস্থিত ছাতাৰা জিলাত। কলেজীয়া দিনত দভোলকৰ এজন ভাল কাবাডি খেলুৱৈ আছিল। শিৱাজী বিশ্ববিদ্যালয়ৰ কাবাডি দলৰ তেওঁ দলপতি আছিল আৰু ভাৰতীয় দলৰ হৈ দুবাৰকৈ ইণ্ডিয়া-বাংলাদেশ কাবাডি টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰিছিল আৰু দুবাৰকৈ মহাৰাষ্ট্ৰ চৰকাৰৰ পৰা সন্মানজনক বঁটা “ছাত্ৰপতি শিৱাজী ক্ৰীড়া পুৰস্কাৰেৰে বিভূষিত কৰিছিল ! মিৰাজ কলেজৰ পৰা MBBS পাছ কৰাৰ পিছত তেওঁ প্ৰায় ১২ বছৰ কাল চিকিৎসা সেৱা আগবঢ়ায়। তাৰপিছত ডাঃ দভোলকাৰে চিকিৎসা সেয়া ত্যাগ কৰি তেওঁ সামাজিক কামত মনোনিবেশ কৰে। সেই সময়তেই ডঃ দভোলকৰ “এক গাঁও, এক পানীৰ উৎস”- সামাজিক ন্যায় আৰু সমতাৰ আন্দোলনত জঁপিয়াই পৰে আৰু জেল খাটে।
১৯৮৩ চনত ডঃ দভোলকাৰে সমাজত প্ৰচলিত অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে মানুহক সংগঠিত কৰিবলৈ আৰম্ভ কৰে আৰু ১৯৮৯ চনত কেইজনমান সমভাবাপন্ন লোকৰ লগ হৈ ‘মহাৰাষ্ট্ৰ অন্ধ শ্ৰদ্ধা নিৰ্মূলন সমিতি গঠন কৰে। ১৯৮৯ চনৰ পৰা একেৰাহে ডাঃ নৰেন্দ্ৰ দভোলকৰ এই সাংগঠনৰ প্ৰতিষ্ঠাপক কাৰ্যকৰী সভাপতি হিচাপে কাম কৰি যায়। ২০১৩ চনত আজিৰ ২০ চেপ্তেম্বৰত পুনা চহৰত দিন দুপৰতে আততায়ীয়ে গুলিয়াই হত্যা কৰে! মৃত্যুৰ আগলৈকে প্ৰায় তিনিটা দশক তেওঁ সমাজৰ বাবে বহু কাম কৰি গৈছে। কেইবাখনো গ্ৰন্থ লিখাৰ উপৰিও হেজাৰ হেজাৰ ভাষণ লিপিবদ্ধ হৈ আছে! বাবা, তান্ত্ৰিক, ছদ্ম ডাক্তৰ, বেজ, কবিৰাজ, মাতাজী আদিৰ বিৰুদ্ধে এক শক্তিশালী আন্দোলন তেওঁ গঢ় দিছিল আৰু এনে বহু ছদ্মবেশী আৰু ধৰ্মব্যৱসায়ীৰ মুখা খুলি দিছিল!
ইয়াৰ উপৰি, ডাঃ দভোলকাৰে সকলো ধৰণৰ অন্ধবিশ্বাস, ছদ্মবিজ্ঞান, চিকিৎসাৰ নামত হোৱা অমানুষিক কৰ্মকাণ্ড, ভূত-প্ৰেত খেদা, ধর্মৰ নামত জীৱ হত্যা আৰু পৰিবেশ প্ৰদূষণৰ আদিৰ ওপৰত সফলতাৰে আন্দোলন গঢ়ি তুলিছিল।
ডাঃ নৰেন্দ্ৰ দভোলকৰৰ বহুমুখী প্ৰতিভা আছিল। কেৱল ‘অন্ধ শ্রদ্ধা নিৰ্মূলন সমিতি’ক শক্তিশালী কৰাই নহয়; তেখেত সাপ্তাহিক পত্ৰিকা ‘সাধনা’ৰ সম্পাদক হৈছিল। নিচা-মুক্তিৰ বাবে তেওঁ ‘পৰিৱৰ্তন’ বুলি এটি সংস্থাও স্থাপন কৰিছিল। দুখীয়া শ্ৰেণীৰ মানুহৰ বাবে তেওঁ ‘কৃতজ্ঞতা নিধি’ নামৰ বিত্তীয় অনুষ্ঠান এটিৰো জন্ম দিছিল।
এইজন মহান সমাজ সংস্কাৰকক নিৰ্মম ভাবে হত্যা কৰি তেওঁৰ ব্যক্তিগত কন্ঠক চিৰদিনৰ বাবে ৰুদ্ধ কৰিলে হয়, কিন্তু তেওঁ আৰম্ভ কৰা আন্দোলনক কিন্তু মষিমূৰ কৰিব নোৱাৰিলে। তেওঁৰ এই আন্দোলন ৰাজ্যই ৰাজ্যই বিয়পি পৰিছে আৰু এক শক্তিশালী ৰূপত এই আন্দোলনে বাট বুলিছে।