অনুবাদপ্ৰবন্ধ

নতুন শিক্ষানীতি— (মূল: ড° ৰতন খাসনবিশ, অনুবাদ: কল্যাণী কোঁৱৰ)

[লেখক পৰিচিতি — ° ৰতন খাসনবিশ কলিকতা বিশ্ববিদ্যালয়ৰ অধ্যাপক, মাৰ্ক্সবাদী আদৰ্শৰে অনুপ্ৰাণিত এজন সামাজিক ৰাজনৈতিক কৰ্মকৰ্তা, বাংলা আলোচনী ‘অনীক’ৰ সম্পাদক মণ্ডলীৰ অন্যতম এজন। তেখেতে ৰচনা কৰা গ্ৰন্থসমূহৰ ভিতৰত উল্লেখযোগ্য কেইখনমান হ’ল – স্বাধীনতাৰ অমৃতকাল : ভাৰতৰ ক্ষুধা, বৈষম্য আৰু দৰিদ্ৰতা , একৈশ শতিকাৰ বামপন্থা ,  উত্তৰ আধুনিকতা আৰু মাৰ্ক্সবাদ, বিশ্বায়ন উন্নয়ন আৰু বিশ্বমন্দা।]

 [অনুবাদিকাৰ একাষাৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কম,  উপস্থিতি সেৰেঙা, ছাত্ৰ-শিক্ষকৰ সংখ্যাৰ অনুপাত বিসংগতি পূৰ্ণ, হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল বেয়া ইত্যাদি বিভিন্ন অজুহাতত বৰ্তমানৰ চৰকাৰে বহুতো চৰকাৰী বিদ্যালয় বন্ধ কৰি দিছে নতুবা এখন বিদ্যালয়ৰ লগত আন এখন লগ লগাই দিছে। লাহে লাহে এই প্ৰক্ৰিয়াটো উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানত প্ৰয়োগ কৰিছে। সমাজৰ সৎ স্বাৰ্থত, এখন বিদ্যালয় বা মহাবিদ্যালয় স্থাপন কৰোঁতে একোটা অঞ্চলৰ বহু ব্যক্তিৰ অক্লান্ত পৰিশ্ৰম তথা ত্যাগ নিহিত হৈ থাকে। তেনে এটা ৰাজহুৱা অনুষ্ঠান বন্ধ কৰি দিয়াৰ অন্তৰালত নিহিত হৈ থকা এচাম ন্যস্ত স্বাৰ্থ জড়িত লোকৰ এক চক্ৰান্তকৰ নীতিয়েই হৈছে এই  ‘নতুন শিক্ষানীতি’ ! যিসকলৰ লক্ষ্য  এই দেশখন ‘হিন্দু ৰাষ্ট্ৰ’ হিচাবে প্ৰতিষ্ঠা কৰা। “সকলোৰে বাবে শিক্ষা”- তেওঁলোকৰ নতুন শিক্ষানীতিয়ে অগ্ৰাহ্য কৰে আৰু তাৰেই ফলশ্ৰুতিত আন এক কাৰ্যসূচী হৈছে শিক্ষানুষ্ঠান সমূহৰ সংখ্যা সীমিত কৰা।

সাম্প্ৰদায়িক সংগঠন আৰএছএছৰ দ্বাৰা পৰিচালিত বিজেপি চৰকাৰে প্ৰৱৰ্তন কৰা এই ‘নতুন শিক্ষানীতি’ৰ প্ৰকৃত ৰাজনৈতিক উদ্দেশ্য বিশ্লেষণ কৰি ৰাজনৈতিক সমাজকৰ্মী শিক্ষাবিদ শ্ৰদ্ধাৰ ৰতন খাসনবিশ দেৱে লিখা এটি প্ৰৱন্ধ বাংলা ‘অনীক’ আলোচনীৰ জুন ২০২৩ বৰ্ষৰ সংখ্যাত প্ৰকাশ পাইছিল। দীৰ্ঘদিন শিক্ষাৰ ক্ষেত্ৰখনত জড়িত হৈ থকাৰ বাবে সাম্প্ৰতিক সময়ত প্ৰৱন্ধটোৰ গুৰুত্ব উপলব্ধি কৰি, তাৰ অনূদিত ৰূপ ‘মুক্ত চিন্তা’ ৰ পাঠকলৈ আগবঢ়ালোঁ।]

 ২০২০ চনৰ নতুন শিক্ষানীতি, যি কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে প্ৰৱৰ্তন কৰিছে, সেই নীতিৰ এফালে আছে শিক্ষাৰ অবিৰত সংকোচন আৰু আনফালে আছে অশিক্ষাৰ অনুশীলন। ইউ পি এ -২ৰ অধীনত ভাৰতে সাৰ্বজনীন সাধাৰণ শিক্ষাৰ অধিকাৰ (দশম মান শ্ৰেণী পৰ্য্যন্ত) লাভ কৰিছিল, যাৰফলত বিদ্যালয় এৰি যোৱা সকলৰ (স্কুল ড্ৰপআউট) দুৱাৰ বন্ধ হৈ পৰিছিল। বিজেপিৰ নতুন শিক্ষানীতিত অন্যান্য ভাল কথাৰ মাজতে বিদ্যালয় এৰি যোৱা (স্কুল ড্ৰপআউট)ক বৈধতা প্ৰদান কৰিছে। উচ্চ শিক্ষা সংকোচনৰ উদ্দেশ্যে মহাবিদ্যালয়ৰ সংখ্যা কমোৱাৰ উপায় উলিওৱা হৈছে নতুন শিক্ষানীতিত। স্নাতকোত্তৰ ডিগ্ৰীৰ গুৰুত্ব হ্ৰাস কৰি, উচ্চ শিক্ষাৰ পথ কেৱল গৱেষণা কাৰ্য্যত নিয়োজিত সকলৰ বাবে মুকলি ৰখা হৈছে। শিক্ষা সকলোৰে বাবে নহয়— এই সিদ্ধান্তৰ ওপৰত ভিত্তি কৰি নতুন শিক্ষানীতি গঢ়া হৈছে। বিদ্যালয়ৰ পৰা বহিষ্কৃত হৈ যুৱক-যুৱতী সকল চাকৰি বজাৰ অভিমুখী হ’ব। অৰ্ধশিক্ষিত, অশিক্ষিত শ্ৰম বজাৰ এখনে চৰকাৰৰ অনুমোদন লাভ কৰিব। শিক্ষাৰ পৰা চেতনাৰ উদ্ভৱ, চেতনাৰ পৰা বিপ্লৱৰ সম্ভাৱনীয়তা- নতুন শিক্ষানীতিত সতৰ্কভাৱে এনে পথ ৰূদ্ধ কৰা হৈছে।

শিক্ষা গ্ৰহণ কৰিব খোজা সকলৰ কাৰণে, নতুন শিক্ষানীতিয়ে এক নতুন ধাৰাৰ শিক্ষা ব্যৱস্থা প্ৰৱৰ্তন কৰিছে । এই ব্যৱস্থাৰ নাম হ’ল – ‘ভাৰতীয় জ্ঞান ধাৰা’ (ইণ্ডিয়ান নলেজ চিষ্টেম)। প্ৰকৃততে এই ব্যৱস্থাটো নো কি, এতিয়াও স্পষ্ট নহয়। গতিকে ইতিমধ্যে যি কিছু কিছু নিদৰ্শন পোৱা গৈছে, তাত শংকিত হোৱাৰ উপাদান নিশ্চয়কৈ আছে। নতুন শিক্ষানীতিৰ দ্বাৰা অনুপ্ৰাণিত এনচিইআৰটি পাঠ্যপুথিত ডাৰউইনৰ বিৱৰ্তন তত্ত্ব বাদ দিয়া হৈছে।  সম্ভৱতঃ কাৰণ এইটোৱেই যে, ‘ভাৰতীয় জ্ঞান ধাৰা ‘ বুলি গণ্য কৰা ব্যৱস্থাটোৰ লগত ডাৰউইনৰ তত্ত্ব সংগতিপূৰ্ণ নহয়। এই পাঠ্যপুথিসমূহত সৃষ্টি-স্থিতি-বিনাশৰ পৌৰাণিক তত্ত্বই এতিয়াও স্থান পোৱা নাই যদিও ‘ভাৰতীয় জ্ঞান ধাৰা’ৰ কৰ্ষণ কিছু আগুৱাই গ’লে সৃষ্টি-স্থিতিত ব্ৰহ্মা-বিষ্ণু-মহেশ্বৰো আৱিৰ্ভাৱ হ’ব বুলি আশংকা কৰাৰ থল আছে। বিজ্ঞান শিক্ষাত নাৰদৰ ঢেঁকী, গণেশৰ প্লাষ্টিক চাৰ্জাৰী, কৰ্ণৰ জন্মত কাণ্ডকোষৰ (stem cell) ভূমিকা- এইবোৰ পাঠ্যক্ৰমত পঢ়িবলৈ পোৱা যাব। কৰ্ণাটকত বিজেপি শাসনকালত বিদ্যালয়ৰ এখন পাঠ্যপুথিত চাৱৰকাৰে আন্দামান কাৰাগাৰৰ পৰা বুলবুল চৰাইৰ পিঠিত উঠি গোপনে ভাৰত পৰিভ্ৰমণ কৰিছিল বুলি লিখা আছিল। ‘ভাৰতীয় জ্ঞান ধাৰা’ৰ নামত ইমানলৈকে যদি সহ্য কৰিব পাৰি, তেন্তে নাৰদৰ ঢেঁকী হজম কৰিবলৈ অসুবিধা কিয় হ’ব?

নতুন শিক্ষানীতি হ’ল বিজেপি তথা বিজেপিৰ আঁৰত থকা আৰএছএছৰ শিক্ষানীতি। ইয়াৰ অন্তৰালৰ এটা ইতিহাস চেতনা আছে- কষ্ট কল্পিত ইতিহাস চেতনা, য’ত কোৱা হৈছে – যৱনৰ আক্ৰমণৰ আগতে এই দেশত এক উন্নত সভ্যতা প্ৰতিষ্ঠা হৈছিল। সাতশ বছৰীয়া মুছলমান শাসনে সেই সভ্যতা ধ্বংস কৰি পেলালে। পৰৱৰ্তী দুশ বছৰৰ ইংৰাজ শাসনে আমাৰ লুপ্ত হিন্দু সভ্যতা পুনৰোদ্ধাৰ কৰাৰ সলনি পশ্চিমীয়া শিক্ষাব্যৱস্থাৰ প্ৰতি মোহাচ্ছন্ন হৈ ৰ’ল। স্বাধীনতাৰ পাছতো এই ধাৰা অক্ষুণ্ণ হৈ আছে। এতিয়া সময় হৈছে হিন্দু ভাৰতৰ যি অৱদান তাক পুনৰুদ্ধাৰ কৰা- ভাৰতীয় জ্ঞান ব্যৱস্থাৰ প্ৰতি আস্থা ঘূৰাই আনিলেহে এনে হোৱা সম্ভৱ।

ইয়াৰ লগত বিজেপি আৰু আৰএছএছৰ এটা সৰু অভিসন্ধিও জড়িত আছে নেকি? তেওঁলোকৰ মতে, এই দেশৰ স্বাধীনতা সংগ্ৰাম, হিন্দুৰ ভাৰতলৈ ঘূৰি অহাৰ এক সংগ্ৰাম আছিল। এই সংগ্ৰামক ধৰ্মনিৰপেক্ষতাৰ নামেৰে বাধা দিয়া হ’ল। ভাৰতৰ এক ভুৱা চেতনাৰ সৃষ্টি হ’ল। স্বাধীনতা এই ভুৱা ভাৰত চেতনাৰ ওপৰত গঢ় লৈ হৈছে। এতিয়া সময় হৈছে এই মিছা কথাৰ অৱসান ঘটাই বাস্তৱ ভাৰত, হিন্দু ভাৰতলৈ উভতি যোৱাৰ সময়।

জাতিটোক পুনৰ শিক্ষিত কৰিব লাগিব। এই নতুন শিক্ষানীতিয়ে ভাৰতীয় জ্ঞান ব্যৱস্থাৰ জৰিয়তে পুনৰ শিক্ষাৰ এই অভিযান ৰূপায়ন কৰিব।

হিন্দু ভাৰত বুলিলে তেওঁলোকে মনুবাদী ভাৰত তথা জাতি বিভক্ত ভাৰতক বুজায়। কিন্তু সমস্যাটো হ’ল, ভাৰতৰ ‘হিন্দু যুগ’ৰ একমাত্ৰ ইতিহাস এইয়া নহয়। ধৰ্মীয় ফালৰ পৰাই চাবলৈ গ’লে হিন্দু ধৰ্ম এটা বহুত্ববাদী ধৰ্ম, য’ত মনু-পৰাশৰ উপৰিও চাৰ্বাকৰো স্থান আছে। বিষ্ণু উপাসনাৰ লগতে শিৱৰ আৰাধনাও চলে হিন্দু ধৰ্মত। এই বহুত্ববাদী হিন্দু ধৰ্মক আৰএছএছ আৰু বিজেপিয়ে মনুবাদী একমুখী ধৰ্ম বুলি বিবেচনা কৰিব বিচাৰে। তেওঁলোকৰ হিন্দু ভাৰত প্ৰকল্পটো মনুবাদী হিন্দুত্ব চিন্তাধাৰাৰ ওপৰত ভিত্তিশীল, বহুত্ববাদী হিন্দু ধৰ্মৰ লগত সংগতিপূৰ্ণ নহয়। বিজেপিৰ হিন্দু ৰাষ্ট্ৰৰ ধাৰণাই হিন্দু বহুত্ববাদৰ বাধা অতিক্ৰম কৰিব পৰা নাই। এই কঠিন সত্যটো অস্বীকাৰ কৰাৰ বাবেই বিজেপিৰ ‘হিন্দু ভাৰত’ প্ৰকল্প বাৰে বাৰে ব্যৰ্থ হৈছে।

ব্যৰ্থতাৰ পৰা আৰএছএছ- বিজেপি য়ে যি শিক্ষা আহৰণ কৰিছে সেইয়া গোৱেবলচীয় শিক্ষা। একোটা মিছা কথা বাৰম্বাৰ দোহাৰি থাকিলে সি সঁচাৰ মৰ্যদা পাবলৈ সক্ষম হয়। মনুবাদী ভাৰতেই হিন্দু ভাৰত, এই কথা বাৰে বাৰে কৈ, জাতীয় শিক্ষানীতিত লিপিবদ্ধ কৰি, তৰুণ  মনবোৰক বিপথে পৰিচালিত কৰি তেওঁলোকে হিন্দু ধৰ্মৰ মিছা ধাৰণাক অৱশেষত সত্যৰ মৰ্যদা দিব বিচাৰে। কিন্তু এনে চক্ৰান্ত ব্যৰ্থ হ’বলৈ বাধ্য। বহুত্ববাদী হিন্দু ধৰ্মই ইয়াক নাকচ কৰে।

মনুবাদী হিন্দুত্ব, হিন্দু ধৰ্মৰ একমাত্ৰ আধাৰ – বিজেপিৰ মিথ্যাচাৰ মাথো ইয়াতেই সীমাবদ্ধ নহয়। তেওঁলোকে প্ৰাক মুছলমান ভাৰতৰ সমগ্ৰ ইতিহাসক হিন্দু ভাৰতৰ ইতিহাসলৈ ৰূপান্তৰিত কৰিব বিচাৰে। বৈদিক যুগৰ আগতে এই দেশত যি সিন্ধু উপত্যকাৰ সভ্যতা আছিল, বিজেপিৰ ইতিহাসবিদৰ মতে সেইয়া আছিল হিন্দু ভাৰত। মধ্য এছিয়াৰ পৰা আৰ্য্যসকল ঘোঁৰাত উঠি ভাৰতত প্ৰৱেশ কৰিছিল, যুক্তনিষ্ঠ এই অনুমানক তেওঁলোকে অস্বীকাৰ কৰে। তেওঁলোকৰ মতে, সিন্ধু সভ্যতা হিন্দু সভ্যতাৰে অংশ।  সমগ্ৰ  গ্ৰাম্য ভাৰত  হিন্দু (মনুবাদী হিন্দু) ভাৰত।

সিন্ধু উপত্যকাৰ সভ্যতাৰ লগত বৈদিক সভ্যতাৰ বিস্তৰ প্ৰভেদ আছে। হিন্দু সভ্যতা সিন্ধু সভ্যতাৰ ধাৰাবাহিকতা নাছিল। সিন্ধু সভ্যতাত লিপিৰ উদ্ভৱ হৈছিল। বৈদিক সভ্যতাৰ আদি যুগত লিপিৰ ব্যৱহাৰ নাছিল । স্মৃতি আৰু শ্ৰুতিৰ জ্ঞান আছিল। হৰপ্পা ধ্বংস হোৱাৰ অন্তত দেৰ হাজাৰ বছৰ পাছত নতুন লিপি ব্যৱহাৰ হয়- খৰোষ্ঠী আৰু ব্ৰাহ্মী। খ্ৰীষ্টপূৰ্ব তৃতীয় আৰু চতুৰ্থ শতাব্দীত বৰ্তমানৰ উত্তৰ পাকিস্তানত খৰোষ্ঠী লিপিৰ আৱিৰ্ভাৱ হৈছিল। খ্ৰীষ্টপূৰ্ব তৃতীয় শতাব্দীত ব্ৰাহ্মী লিপি আছিল। এইবোৰৰ লগত সিন্ধু সভ্যতাৰ কোনো সম্পৰ্ক নাই। সিন্ধু সভ্যতা আছিল নগৰ কেন্দ্ৰিক। আদি বৈদিক যুগত নগৰ নাছিল। সিন্ধু সভ্যতাত ঘোঁৰাৰ ব্যৱহাৰ নাছিল। এই অঞ্চলত সেইসময়ত এই জন্তুৰ অস্তিত্বই নাছিল। ঘোঁৰা আহে আৰ্য্যসকলৰ  লগত। আৰ্য্যসকলে সিন্ধু সভ্যতাৰ কিছুমান গাঁও আৰু নগৰ ধ্বংস কৰিছিল, এনে অনুমানৰ অন্তৰালত যুক্তি নিহিত আছে । মুঠৰ ওপৰত এটা সভ্যতাৰ পাছত আনটো সভ্যতা ধাৰাবাহিকভাৱে অহা বুলি কৰা অনুমানৰ কোনো ভিত্তি নাই। প্ৰাক মুছলমান যুগৰ ভাৰত হিন্দু ভাৰত, আৰু স্পষ্টকৈ ক’বলৈ গ’লে মনুবাদী হিন্দু ভাৰত – ই সত্য নহয়।

প্ৰকৃততে যুগে যুগে ভাৰতীয় সভ্যতা গঢ় লৈ উঠিছে বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহেৰে, তেওঁলোকে ভাৰতবৰ্ষকে নিজৰ দেশ বুলি আঁকোৱালি লৈছে। আৰ্যসকলৰ আগমনৰ পাছৰে পৰা এই ধাৰা অব্যাহত থাকে মুছলিম যুগ পৰ্যন্ত। ব্যতিক্ৰম ঘটিছে ইংৰাজ যুগত। ইংৰাজসকলে এই দেশখনত ঔপনিৱেশ গঠন কৰিলে, নিজৰ দেশ বুলি নাভাবিলে ( ৰামমোহন ৰায়ৰ শত অনুৰোধৰ পিছতো)। এই পাৰ্থক্য টো মনত ৰাখি ভাৰতীয় ইতিহাসক বুজা দৰকাৰ। ভাৰতীয় ইতিহাসত ইংৰাজক বাদ দি কোনোৱেই বহিৰাগত নহয়। বাহাদুৰ ছাহ জাফৰৰ নেতৃত্বত হিন্দু আৰু মুছলমানে  ইংৰাজ শাসনৰ অৱসান ঘটোৱাৰ চেষ্টা কৰিছিল, ইয়েই প্ৰমাণ কৰে ভাৰতীয় মানুহৰ মাজত অসচেতন ভাৱে কেনে ধৰণৰ ইতিহাস চেতনা আছিল। তাৰেই ধাৰাবাহিকতা ৰক্ষা কৰি এই দেশৰ স্বাধীনতা সংগ্ৰাম আছিল ইংৰাজ বিৰোধী মুক্ত ভাৰত গঢ়াৰ সচেতন সংগ্ৰাম। বিজেপি এই সংগ্ৰামত বিশ্বাসী নহয়। এই কাৰণতেই তেওঁলোকে যি ধাৰাৰ ৰাজনীতিত বিশ্বাসী, সেই ধাৰাৰ পিতৃ স্বৰূপ সাৱৰকাৰক ইংৰাজে পাঁচবাৰ জামিন দিছিল।

বিজেপিয়ে এই সত্যটো স্বীকাৰ কৰিবলৈ এতিয়াও ভয় কৰে। ইংৰাজ-মুক্ত ভাৰত আচলতে মনুবাদী মান্যতা অনাৰ উপায় কি? উপায় এটাই। এইটো নতুন ভাৰতীয়সকলৰো কাম্য হ’ব লাগে,  ভাৰতীয় হয়তো আনকি ভাৰতীয় হিন্দু চেতনাৰ লগতো ই সামঞ্জস্যপূৰ্ণ নহয়। ভাৰতৰ জাতভিত্তিক সমাজত সৰ্বোচ্চ বৰ্ণ  ব্ৰাহ্মণ হোৱা মুষ্টিমেয় হিন্দু ভাৰতীয়ই হয়তো ভাৰতৰ এই  ধাৰণাটোৰ সৈতে একমত হ’ব পাৰে, কিন্তু আনসকলে নোৱাৰে। এনে অৱস্থাত এই কুচিন্তাৰ সামাজিক প্ৰজন্মৰ উদ্ভৱ ঘটোৱা যিয়ে এই মনুবাদী চিন্তাক প্ৰাধান্য দিব। নতুন শিক্ষানীতিয়ে এদল ভাৰতীয়ক শিক্ষা ক্ষেত্ৰৰ পৰা বহিষ্কাৰ কৰিব আৰু একে সময়তে আন এটা ভাৰতীয় দল গঢ়ি তুলিব যিসকলে ‘ভাৰতীয় জ্ঞান ধাৰা’ৰ নামত মনুবাদী ভাৰত গঢ়িবৰ বাবে যাৱতীয় কু-চিন্তা গ্ৰহণ কৰিব। শিক্ষা ক্ষেত্ৰৰ পৰা বঞ্চিত ভাৰতীয় সকলৰ ওপৰত কৰ্তৃত্ব থাকিব এই নব্য শিক্ষিত মনুবাদী ভাৰতীয়ৰ, যিসকলে সাভাৰকাৰক পূজা কৰিব, গান্ধীক বাৰে বাৰে হত্যা কৰিব। সুভাষচন্দ্ৰ বসুক নিজা স্বাৰ্থত নায়ক সজাব আৰু নেহৰুৰ অৱদানক নস্যাৎ কৰি দিব।

তাৰপাছতো ক’বই লাগিব, নতুন শিক্ষানীতিৰ পৰিণাম বহুত ভয়াবহ নহ’ব কাৰণ গোৱেব্‌লচীয় সত্যৰ ক্ষমতা সীমিত। ফেচিষ্টসকলে অধিক হিংসাত্মক হৈ ‘উত্তৰ সত্য’ৰ খেলত নামিব পাৰে। কিন্তু মনত ৰখা ভাল , মানুহে জীৱনৰ পৰা পোৱা অভিজ্ঞতাৰ ভিত্তিত সভ্যতা গঢ় দিয়ে । এদল উন্মাদপ্ৰায় লোকে তাক ধ্বংস কৰিব নোৱাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *