নুশুনা সাধুটো – (বৰ্ণালী পাঠক)
এজন গৰখীয়া আছিল।স্বভাৱত উৎপতীয়া।বাঘে তাক খাবলৈ অহা বুলি চিঞৰি ৰাইজ গোটাই ৰং চাইছিল।এনেদৰে দুবাৰো ঠগালে ৰাইজক।তৃতীয়বাৰ সঁচাকৈয়ে বাঘ আহিল,কিন্তু ৰাইজে সি পুনৰ মিছা মতা বুলি ওলাই নাহিল।বাঘৰ আক্ৰমণত প্ৰাণ গ’ল মিছলীয়া গৰখীয়াজনৰ।
পুৰাতন সাধুটো ভুল নাছিল। কিন্তু কিছুমান কথা ৰৈ গৈছিল। অলপতহে জানিলোঁ গোটেই কাহিনীটো।
লোকচক্ষুত অহৌবলিয়া মানুহ মই। মানুহতকৈ জংগল,গছ-গছনি,জীৱ-জন্তুৰ লগত সময় কটাই বেছি ভাল পাওঁ। গছ-বিৰিখৰ স্পৰ্শত চেনেহ অনুভৱ কৰোঁ। মোৰ দৰেই জংগলপ্ৰেমী বন্ধু এজনৰ লগত জংগলত বহি থাকোঁতেই শুনিলোঁ আচল কাহিনীটো। বন্ধুজন সাধু কোৱাত নিপুণ। বয়সত অৱশ্যে মোতকৈ যথেষ্ট ডাঙৰ তেওঁ।
সাধুটো সোমাই আছিল আন এটা সাধুৰ মাজত। ইচ্ছা আৰু সময় আছে যদি সেইটোও শুনক।
সদায় বহাৰ দৰে নাতি-নাতিনীৰ জাকটোৱে ককাকক আগুৰি সাধু শুনিবলৈ বহিছে। এইখিনি সময় বৰ প্ৰিয় সিহঁতকেইটাৰ। ককাকে বৰ ৰস লগাই ধুনীয়া ধুনীয়া সাধু কয়। একেবাৰে সৰুটোৱে ককাকৰ গাতে আউজি কৈছে,
“ততা…ততা…আদি হাতীৰ হাধু ক’বা দেই।”
বাকীবোৰে গিৰ্জনি মাৰি হাঁহিছে নুমলীয়াটোৰ থুনুক-থানাক মাত শুনি।ককাকে বৰ মৰমেৰে তালৈ চাই ক’লে,
“ক’ম বোপাই,নিশ্চয় ক’ম।কিন্তু তাৰ আগতে এটা সঁচা কাহিনী কওঁ শুন।”
লাহেকৈ ককাকে সাধুৰ পেৰাটো খুলিলে।
“আই-বোপাইহঁত…বহুত বছৰ আগৰ কথা।এই ঠাইটুকুৰ তেতিয়া বহুত বেলেগ আছিল। হাবি-জংগল বেছি আৰু মানুহৰ বসতি কম আছিল।
গৰমকালিৰ এটা আবেলি। বহুদিনৰ মূৰত মনপছন্দৰ এসাঁজ খাইছিলোঁ। তাৰ পিছত মৰটোপনিয়ে আগুৰি ধৰিছিল। আমগছজোপাৰ তলত ধুনীয়া বতাহ বৈ আছিল। তাতেই শোৱাৰ যো- জা কৰাতো ভাল হ’ব বুলি ঠিক কৰিছিলোঁ। দিনত ভালকৈ শুই ল’লে গাটো বৰ সতেজ লাগে নহয়। কামো ভালদৰে কৰিব পাৰি।
ঠিক চিলমিলকৈ চকুদুটা লাগিছিল হে,প্ৰকাণ্ড চিঞৰ এটা ভাঁহি আহিছিল,
“কোন ক’ত আছ,ওলাই আহ।মোক আজি বাঘে খালে। আহ ঐ আহ…”
খকমকাই সাৰ পাই উঠিছিলোঁ। এইখিনি ঠাইত নৰখাদক বাঘ? আগতেতো কেতিয়াও দেখা-শুনা নাছিলোঁ! ঘপহকৈ উঠি দৌৰিছিলোঁ চিঞৰটোৰ দিশে। দাতিকাষৰীয়া পাহাৰখনৰ নামনিৰ পৰা আহিছিল শব্দটো। দূৰৰ পৰাই চকুত পৰিছিল চিঞৰটোৰ উৎস।
কণটিলৌৰ চিঞৰ আছিল সেয়া। কিন্তু ওচৰত কোনো বাঘৰ চিনমোকাম নাছিল। বৰঞ্চ গাঁওৰ বহুত মানুহহে হাতত যাঠী-জোং ৰৈ আছিল তাৰ চৌপাশে। মানুহবোৰ উদ্বিগ্ন হোৱাৰ বিপৰীতে কণটিলৌই কিৰিলিয়াই হাঁহিবলৈ ধৰিছিল। বুজি উঠিছিলোঁ খেলখন। অঘাইটং কণটিলৌই সকলোকে ঠগাবলৈহে মিছা মাতিছিল। তাৰ মূৰটো সঁচাকৈয়ে কূটবুদ্ধিৰ ভঁৰাল আছিল। আগেপিছেও বহুত উৎপাত কৰা দেখিছিলোঁ তাক। উৎপতীয়া ল’ৰাটোৱে কিন্তু বৰ সুন্দৰ বাঁহী বজাবলৈ জানিছিল। মিঠা সুৰেৰে বাঁহী বজাই সদায় গাঁৱৰ গৰুজাক পাহাৰৰ নামনিত চৰায়। মাজে মাজে আক-তাক জোঁকাই ৰং চায়। সেইদিনাও তাকে বাঘে খাবলৈ অহা বুলি চিঞৰি গোটেই গাঁৱৰ মানুহক ৰামঠগন দিছিল। গাঁৱৰ মানুহজাকৰ বৰ খং উঠিছিল। তাক বহুত গালিশপনি পাৰি উভতি গৈছিল ৰাইজ। ময়ো ঘটনাটো বুজি আগবাঢ়ি নগৈ উভতি আহিছিলোঁ। ভাবিছিলোঁ ভাল শিক্ষা পালে কণটিলৌই, আৰু মিছা নামাতে জীৱনত।
কিন্তু শিক্ষা নহ’ল তাৰ। গাঁৱৰ মানুহে ঘটনাটো পাহৰাৰ সুযোগ গৈ আকৌ এদিন সেই একেই ধেমালি কৰিলে। সেইবাৰো গাঁৱৰ মানুহবোৰে হাতে হাতে যাঠী-জোং লৈ ওলাই আহিল। তাকে দেখি কণটিলৌই বৰ ৰং পাই হাঁহিবলৈ ধৰিলে। গাঁৱৰ মানুহখিনিৰ পুনৰ খং উঠিল কণটিলৌৰ ওপৰত। তাক অজস্ৰ গালিশপনি পাৰি অহাবাটেই উলটি গ’ল ৰাইজ। সেইবাৰো মই দিনৰ সাঁজ খাই বাগৰিছিলোঁহে। কণটিলৌৰ অতপালিত পুনৰ ভাতঘুমতি ভঙাত মোৰো ভীষণ খং উঠিছিল। ভাল এসেকা দিবলৈহে মন গৈছিল। কিবাকৈ নিজকে সম্বৰণ কৰিছিলোঁ। মোৰ লগতে আনসকলোৱে নিশ্চিত হৈছিল যে কণটিলৌই আৰু কেতিয়াও তেনে ধেমালি নকৰে।
কিন্তু সি ওলালগৈ কুকুৰৰ নেজ।
:কুকুৰৰ নেজ মানে কি ককা?
কোনোবা এটাই ককাকক তপৰাই সুধিলে।
লগালগ ককাকৰ উত্তৰ,
:অহ….এইটোও নাজাননে? কুকুৰৰ নেজ বোলে বছৰ বছৰ ধৰি মাটিত পুতি থ’লেও চিধা নহয়। সেয়ে যিয়ে বাৰে বাৰে সকিয়নী পায়ো নিজৰ কুস্বভাৱ সলনি নকৰে তাকে কয় কুকুৰৰ নেজ, বুজিলি বাচাহঁত? মূৰ দুপিয়াইছে আটাইকেইটাই। দুচকুত অপাৰ কৌতূহল । কণটিলৌই আকৌ কি কৰিলে জানিবলৈ কাণ উনাই ৰৈ আছে।
পুনৰ সাধুলৈ ঘূৰি গ’ল ককাক।
:অলপদিন পাৰ হ’ল। কণটিলৌই চাগৈ ভাবিলে ৰাইজে পাহৰিলে তাৰ ধেমালি । ছেগ বুজি আকৌ এদিন চিঞৰ ধৰিলে বাঘ বাঘ বুলি। এইবাৰো জিৰণি লৈ আছিলোঁ মই। খুব কষ্টও হৈছিল তাৰ দুদিনমান আগৰ পৰা।ভাগৰত লালকাল দি শুবলৈ ওলোৱা মোৰ টোপনি আকৌ এবাৰ ভাঙিছিল তাৰ চিঞৰে। ততাতৈয়াকৈ পাহাৰৰ নামনিলৈ ৰাওনা হৈছিলোঁ। এইবাৰ পিচে গাঁৱৰ মানুহ কোনো ওলাই অহা নাছিল। খঙতে দৌৰি গৈ তাৰ সমুখ পালোঁগৈ। মোক দেখি তাৰ চুলিৰ আগেৰে জীৱ ওলাই অহাৰ উপক্ৰম হ’ল। সি পাঁচগুণ জোৰেৰে চিঞৰি চিঞৰি ৰাইজক মাতিবলৈ ধৰিলে। কিন্তু কোনো ওলাই নাহিল, বৰঞ্চ তাক ঘৰৰ পৰাই গালিহে পাৰিবলৈ ধৰিলে। ময়ো মোৰ কেঁচা টোপনি ভঙাৰ আৰু মোক মিছা অপবাদ দিয়াৰ খঙৰ ভমকতে তাক নেলুত প্ৰচণ্ড কামোৰ এটা দি হাবিলৈ লৈয়েই আহিলোঁ। মিছা কথা কোৱাৰ ফলস্বৰূপে কণটিলৌৰ প্ৰাণ গ’ল।বুজিলি বাচাহঁত, মিছা কোৱাতো মহাপাপ। বাঘৰ পোৱালী হ’লি কি হ’ল,তহঁতেও ন’কবি কেতিয়াও মিছা কথা।
পোৱালীজাকটোৰ মুখ মেল খাই গৈছিল ককাকৰ সাধুটো শুনি। নিজৰ কাণখনকেই বিশ্বাস কৰিব পৰা নাছিল সিহঁতে। মকি অদ্ভুত সাধু ক’লে বাৰু ককাকে! বহুপৰ দৰক লাগি জাকৰ ডাঙৰটোৱে মাত লগালে,
:তুমি সঁচাকৈ মানুহ খাইছিলা ককা? কিন্তু মায়েচোন কয় মানুহ হেনো বৰ বিষাক্ত জীৱ! আমাক দঢ়াই দঢ়াই মানুহৰ পৰা দূৰতে থাকিবলৈ কয়। তেনেহ’লে মানুহ খায়ো তুমি বাচিলা কেনেকৈ?
নাতিৰ প্ৰশ্নত হোঁহোৱাই হাঁহি উঠিল বাঘ ককাক। বাঘপোৱালী কেইটাৰ ককাক মানে মোৰ বন্ধুৰ সাধুটোৰ সামৰণি শুনি নিশ্চুপ হৈ বহি ৰৈছিলোঁ।
তেওঁ বুজিছিল মোৰ দ্বিধা। লাহেকৈ মোৰ কান্ধত হাতখন থৈ কৈছিল,
:দুখ নকৰিবা বন্ধু, সিহঁতক বুজাইছোঁ যে সকলো মানুহ বিষাক্ত নহয়।
তোমাৰ কথাও কৈছোঁ।এদিন মোৰ গোটেই পৰিয়ালটোক চিনাকি কৰাই দিম তোমাৰ লগত।সিহঁতৰ মানৱজাতিৰ প্ৰতি থকা ধাৰণাবোৰ সামান্য হ’লেও কমিব।