নিৰ্বাচনী ৰাজনীতিৰ ঐতিহাসিক প্ৰেক্ষাপট: গণিত নে গণতন্ত্ৰ? – (ইন্দ্ৰজিৎ বৰা)
“Judge a democracy not at election time, but in the period between elections.” – প্ৰফেচৰ দিপাঙ্কৰ গুপ্তা
কেইবছৰমানৰ আগতে টেলুগু চুপাৰষ্টাৰ চিৰঞ্জীৱে চিনেমা জগতৰ পৰা অৱসৰ লৈ ‘ৰাজনীতি’ত যোগদান কৰাৰ কথা ঘোষণা কৰে। লগে লগে এটা কোম্পানী ষ্টাৰ্ট আপ কৰাৰ দৰে “প্ৰজা ৰাজ্যম” নামৰ এটা ‘ৰাজনৈতিক দল’ গঠন কৰে। চিনেমা জগতৰ চুপাৰষ্টাৰ এজনৰ অভূতপূৰ্ব জনপ্ৰিয়তাক মূলধন হিচাবে লৈ কৰিব পৰা বিনিয়োগৰ গতানুগতিক বিকল্পবিলাকৰ ভিতৰত তাক নিৰ্বাচনী গণিতলৈ ৰূপান্তৰ কৰাটো বোধকৰোঁ তেওঁৰ বাবে সবাতোকৈ উত্তম প্ৰস্তাৱ আছিল। প্ৰথমটো বিধান সভাৰ নিৰ্বাচনত ১৮ খন আসনত বিজয়ী হৈ কোম্পানীৰ চেয়াৰমেনে বাৰ্ষিক সাধাৰণ সভাত অংশীদাৰসকলক উদ্দেশ্যি দিয়া ভাষণৰ দৰে ঘোষণা কৰিলে যে তেওঁৰ দলে ‘ৰাজনীতি’ত নিজৰ দখল মজবুত কৰিবলৈ সক্ষম হৈছে। এতিয়া উদ্ধৃতি চিহ্নৰ ভিতৰত লিখা এই ‘ৰাজনীতি’ হ’ল পৰম্পৰাগত জনজীৱনৰ পৰাই শ্ৰেণীবিকাশৰ এক বৈকল্পিক বিনিয়োগ ক্ষেত্ৰ, যাৰ ব্যৱহাৰিক পৰিভাষা নিৰ্বাচনী পৰীক্ষাৰ গাণিতিক পৰিণামলৈকে সীমিত। এনেদৰে ৰাজনীতি যেতিয়া নিৰ্বাচনী গণিতৰ পৰিপূৰক হৈ পৰে, ই ব্যক্তিনমস্যতা আৰু জনপ্ৰিয়তাৰ বাবে এক বৈকল্পিক বিনিয়োগৰ ক্ষেত্ৰ হৈ পৰিব পাৰে। ওপৰৰ দৃষ্টান্তটো প্ৰকৃততে এনে এটা প্ৰক্ৰিয়াৰ অৱধাৰিত পৰিনাতিহে মাথো। সম্প্ৰতি ৰাজনৈতিক প্ৰক্ৰিয়াটো নিৰ্বাচনী গণিতলৈ অৱনমিত হোৱাটোহে মূল ঐতিহাসিক প্ৰশ্ন।
গতিকে, প্ৰশ্নটো হ’ল এখন গণতান্ত্ৰিক ৰাষ্ট্ৰত নিৰ্বাচনী ৰাজনীতি প্ৰকৃতাৰ্থত আদৰ্শবাদী সংঘাতৰ ৰাজনৈতিক ৰূপান্তৰ নে আৰ্থ-সামাজিক সমীকৰণে চুক্তিবদ্ধ কৰিব পৰাকৈ উপযুক্ত ৰাজনৈতিক শক্তি নিৰ্ণয়ৰ এক ন্যায্য প্ৰক্ৰিয়া? এইখিনিতে অলপ গমি চালে দেখা যায় যে উত্তৰ-ঔপনিৱেশিক গণতন্ত্ৰত ৰাজনৈতিক দলবিলাকৰ গাণিতিক দক্ষতা প্ৰকৃততে দলীয় নীতি-আদৰ্শতকৈ আৰ্থ-সামাজিক শক্তি-সমীকৰণে নিৰ্ণয় কৰা ৰাজনৈতিক চাহিদা পূৰণ কৰিব পৰা ক্ষমতাৰ ওপৰতহে নিৰ্ভৰশীল। নিৰ্বাচনী গণিতে তুলি দিয়া শাসনভাৰ যিহেতু সৰ্বকালে গনমুখী হৈ থকাৰ কোনো গ্যাৰান্টি নাই, তেনে গাণিতিক সফলতা সময়ানুক্ৰমে নতুন-পুৰণি যিকোনো দল-সংগঠনৰ কাৰণে সম্ভৱ হৈ উঠিব পাৰে৷ তেনেকৈ ৰাজনৈতিক দল-সংগঠনবিলাকৰ বাবে নিৰ্বাচনত জয়লাভেই একমাত্ৰ নীতি-আদৰ্শ হৈ পৰে। উদাহৰণস্বৰূপে, অসমত প্ৰায়বিলাক দল-সংগঠনৰ ক্ষেত্ৰত “কা”ৰ সমৰ্থন, বিৰোধ আৰু তথাকথিত নিষ্ক্ৰিয়তা এই তিনিওটা বিকল্পই খোলা আছে আৰু নিৰ্বাচনী গণিতৰ বাবে প্ৰয়োজন অনুসৰি সেয়া ব্যৱহৃত হ’ব।
নিৰ্বাচনী ৰাজনীতিৰ প্ৰসঙ্গতে এটা মৌলিক প্ৰশ্ন অনিবাৰ্য হৈ পৰে। ৰাষ্ট্ৰৰ উৎপত্তি কেনেকৈ হ’ল? পৃথিৱীৰ গোলকীয় ভূপৃষ্ঠখন বিভক্ত কৰা চাৰিসীমাবোৰ এসময়ত শাসকৰ শাসন পৰিধি হিচাবেই ঠিৰাং কৰা হৈছিল৷ আজি এই চাৰিসীমাক লৈ কৰা এখন আকাংক্ষিত সমাজৰ সংকল্পই হ’ল এখন আধুনিক ৰাষ্ট্ৰ৷ গতিকে ৰাষ্ট্ৰ মানেই সমাজ নহয়, এখন আকাংক্ষিত সমাজৰ ৰূপৰেখা বুলিহে ক’ব পাৰি৷ এই সমাজ প্ৰতিষ্ঠাৰ দিকনিৰ্ণায়ক প্ৰকল্প হ’ল ৰাষ্ট্ৰব্যৱস্থা৷ এখন আকাংক্ষিত সমাজৰ এনেদৰে সংকল্প লোৱাটো মূলতঃ সাম্প্ৰতিক শ্ৰেণীবিভক্ত সমাজখনৰেই এক গণতান্ত্ৰিক প্ৰক্ৰিয়া বুলি কোৱা হয়৷ এই সমকালীন শ্ৰেণীবিভক্ত সমাজখনেই ৰাষ্ট্ৰব্যৱস্থাক ৰাষ্ট্ৰযন্ত্ৰ হিচাবে পৰিচালিত কৰে। পুঁজিবাদৰ পূৰ্ণ বিকাশৰ লগে লগে ৰাষ্ট্ৰব্যৱস্থা এক সম্পূৰ্ণ ৰাষ্ট্ৰযন্ত্ৰ হৈ পৰে আৰু কোনোধৰণৰ গণতান্ত্ৰিক আনুষ্ঠানিকতাই ইয়াক স্বতন্ত্ৰতা প্ৰদান কৰাটো অসম্ভৱ হৈ পৰে৷ তেনেকৈ উত্তৰ-ঔপনিৱেশিক সমাজত আমোলাতন্ত্ৰৰ মধ্যস্থতাত পৰম্পৰাগত ক্ষমতাশালী শ্ৰেণীবিলাকৰ মাজত সম্পাদিত উমৈহতীয়া চুক্তিয়ে ৰাষ্ট্ৰযন্ত্ৰক সময়সাপেক্ষে কিছু স্বতন্ত্ৰতা প্ৰদান কৰিব পাৰে৷ দৰাচলতে সমাজত শ্ৰেণী বিকাশৰ ঐতিহাসিক প্ৰক্ৰিয়া আৰু লগে লগে উদ্ভৱ হোৱা সংঘাতে তেনে সময় সাপেক্ষ এনে বন্দোৱস্তী অনিবাৰ্য কৰি তোলে। সমাজৰ আৰ্থ-সামাজিক গাঁথনিৰ মাজত বৰ্তি থকা শক্তি-সমীকৰণৰ স্থিতাৱস্থাবাদী জড়তাই হ’ল প্ৰতিক্ৰিয়াশীল ৰাজনীতিৰ মুল পৃষ্ঠপোষক৷
উত্তৰ-ঔপনিৱেশিক ৰাষ্ট্ৰত পৰম্পৰাগত আৰ্থ-সামাজিক শ্ৰেণীবিলাকৰ ৰাজনৈতিক নেতৃত্বত এক লেহেমীয়া পুঁজিবাদী বিকাশৰ ধাৰাৰ সৃষ্টি হয়। এই প্ৰক্ৰিয়াত বৃহৎ কৃষিজীৱি সমাজখনত গোষ্ঠীগত, জাতিগত অৰ্থাৎ ধৰ্মীয় অনুগামিতা বৰ্তাই ৰখা হৈছিল। স্বৰাজোত্তৰ ভাৰতৰ গোটেই ৰাজনৈতিক প্ৰক্ৰিয়াটোৱে আৰ্থ-সামাজিক সংঘাত উপশমৰ নিমিত্তে এই বিভিন্ন পৰিচিতিবিলাকক সাঙুৰি লৈ এক পৃষ্ঠীয় ৰাজনৈতিক প্ৰক্ৰিয়াক ন্যায্যতা প্ৰদান কৰাৰ যোগেদি ৰাষ্ট্ৰৰ ক্ষমতা মজবুত কৰিছিল। কিন্তু তেনে এক পৃষ্ঠীয় প্ৰক্ৰিয়াৰ অন্তৰ্নিহিত সীমাবদ্ধতাই ভাষা-সাংস্কৃতিক জনগোষ্ঠীগত পৰিচিতিবিলাকক বান্ধি ৰাখিব পৰা নাছিল। উদাহৰণস্বৰূপে, অসমীয়া জাতীয়তাবাদৰ বস্তুগত ভিত্তি যেনেকৈ ঐতিহাসিক, এই ভিত্তিক মুলধন হিচাবে লৈ কৰা নিৰ্বাচনকেন্দ্ৰিক ৰাজনীতিৰ যি গতিধাৰা তাৰ নিৰ্ণায়ক ভূমিকা ঐতিহাসিকভাৱেই সৰ্বভাৰতীয় পুঁজিয়েই লৈ আহিছে৷ কাৰণ নিৰ্বাচনী ৰাজনীতিৰে ভৰণ-পোষণ পাই থকা পৰম্পৰাগত ৰাজনৈতিক আৰু মুষ্টিমেয় শ্ৰেণীটো প্ৰকৃততে এক প্ৰতিষ্ঠিত শ্ৰেণী নহয়, বৰঞ্চ এক বিৱৰ্তিত জনসমষ্টিহে৷ সেয়া বৃহৎ শ্ৰেণীস্বাৰ্থৰ মধ্যস্থতাকাৰী হৈ তাৰবাবে যিয়েই ৰাজনৈতিক গতিধাৰাৰ প্ৰয়োজন তাৰ প্ৰৱক্তা হ’বলৈ বাধ্য৷
এনেদৰে ৰাষ্ট্ৰব্যৱস্থাই আৰ্থ-সামাজিক সংঘাতবিলাকৰ মধ্যস্থতা কৰি আহিছে। প্ৰথমেই গাঁও-চহৰৰ শ্ৰমিক শ্ৰেণীৰ মৌলিক সংগ্ৰামখন। দ্বিতীয়তে বিভিন্ন শাসক শ্ৰেণীবিলাকৰ মাজত প্ৰধানকৈ বিভিন্ন খণ্ডৰ উদ্যোগিক পুঁজিৰ লগত জৰিত শ্ৰেণীবিলাকৰ মাজত আৰু উদ্যোগিক আৰু কৃষিভিত্তিক পুঁজিপতিসকলৰ মাজৰ সংঘাত। অন্যহাতেদি শাসক শ্ৰেণী আৰু তাৰ ক্ষুদ্ৰ উৎপাদনকাৰী বৃহৎ জন-গাঁথনিৰ মাজৰ সংঘাত। প্ৰকৃততে দ্বিতীয় বিধ সংঘাতেহে ৰাজনৈতিক স্থিৰতা হিচাবে প্ৰকাশ পোৱা সময়ন্তি ভাৰসাম্যতাৰ প্ৰধান নিৰ্ণায়ক ভূমিকা লৈ আহিছে। সংগঠিত শ্ৰমিক অথবা চহাৰ আসন্ন সংগ্ৰামৰ দৰে প্ৰত্যাহ্বানে শাসকগোষ্ঠীৰ ভিতৰতে থকা শক্তি সমীকৰণ পৰিৱৰ্তিত কৰি থাকে। এই প্ৰক্ৰিয়াত ভাষা, ধৰ্ম, জাতি অথবা জনগোষ্ঠীৰ দৰে পৰিচিতবিলাকহে ৰাষ্ট্ৰৰ কৰ্তৃত্বৰ বিৰুদ্ধে সমাজৰ পদদলিতক সংগঠিত কৰাৰ একমাত্ৰ ৰাজনৈতিক ভাষা হিচাবে প্ৰতিষ্ঠা কৰা হৈছে। তেনেদৰে প্ৰাক-পুঁজিবাদী শক্তিবিলাকৰ উপস্থিতিয়ে এক সংযুক্ত ৰাজনীতিৰ পটভূমি ৰচনা কৰে। ৰাষ্ট্ৰব্যৱস্থাই বিভিন্ন ৰাজনৈতিক কাৰ্যসূচীৰে বৃহৎ পুঁজিপতি, আঞ্চলিক পুঁজিপতি, ভূসম্পত্তিশালী আৰু ধনী কৃষকৰ মাজত সন্মিলনৰ সৃষ্টি কৰে যাতে দেশৰ শ্ৰমজীৱিসকলৰ সাম্ভাব্য প্ৰত্যাহ্বানৰ সৈতে মকামিলা কৰিব পৰা যায়।
গতিকে, ৰাষ্ট্ৰ যিহেতু সমাজৰ শ্ৰেণী সংঘাতেই সৃষ্টি কৰা উপৰিসৌধ, শ্ৰেণীৰ স্বাৰ্থ আৰু চৰিত্ৰ বৰ্তাই ৰখাই ৰাষ্ট্ৰৰ মূল উদ্দেশ্য৷ সেয়ে শ্ৰেণীহীন সমাজত ৰাষ্ট্ৰৰ প্ৰয়োজনীয়তা নাথাকে। আকৌ, যিহেতু শ্ৰেণীহীন ৰাষ্ট্ৰ অসম্ভৱ, সেয়ে গণতান্ত্ৰিক ৰাষ্ট্ৰত বৰ্ণ, ধৰ্ম, জনগোষ্ঠী, আঞ্চলিকতা আদিৰ ক্ষেত্ৰত থকা বৈষম্যবোৰ দূৰ কৰি সমতা প্ৰতিষ্ঠাৰ ৰাজনৈতিক সংকল্পই একমাত্ৰ বিকল্প হৈ পৰে। সমকালীন সমাজত গঢ় লৈ উঠা আৰ্থ-সামাজিক ক্ষমতাৰ গাঁথনিয়েই হ’ল ৰাষ্ট্ৰ নিৰ্মাণৰ মূল কলা-কুশলী আৰু ৰাষ্ট্ৰৰ ঐতিহাসিক চৰিত্ৰ গঠনৰ অভিভাৱক। সেয়ে এইটো স্পষ্ট হৈ পৰে যে প্ৰভূত্ব-দাসত্বৰ পৰা মুনাফাতন্ত্ৰলৈ সমাজত শ্ৰেণী বিভাজনৰ এই গতিশীল প্ৰক্ৰিয়াটোত ৰাষ্ট্ৰৰ ৰাজনৈতিক সংকল্পই বিৱৰ্তনৰ নহয় স্থিতাৱস্থাবাদৰ ভাষা বিচাৰি লয়। তেনেকৈ উত্তৰ-ঔপনিৱেশিক গণতান্ত্ৰিক ৰাষ্ট্ৰৰ নিৰ্বাচনী ৰাজনীতি হ’ল এখন পৰিৱৰ্তনশীল সমাজৰ স্থিতাৱস্থাবাদী দাপোন। পৰম্পৰাগত মধ্যৱৰ্তী আৰ্থ-সামাজিক শ্ৰেণীবিলাকৰ অস্তিত্বৰ যুদ্ধখন ইয়াৰ মাজেদি প্ৰকট হৈ উঠে। উত্তৰ-ঔপনিৱেশিক ৰাষ্ট্ৰৰ আধৰুৱা শ্ৰেণী বিভাজনৰ মাজতেই কোনোবা এক মুষ্টিমেয় প্ৰকল্প হিচাবে প্ৰকট হৈ উঠা ৰাষ্ট্ৰসৰ্বস্ব ব্যৱস্থা অথবা দেশে দেশে ক্ষেত্ৰবিশেষে পৰিপক্ক হৈ উঠা মুনাফাতন্ত্ৰবোৰৰ ঘোৰ দুৰ্যোগে অনায়সে আমোলাতন্ত্ৰৰ কৰ্তৃত্ব বৃদ্ধি কৰে। তেনেদৰে আমোলাতন্ত্ৰ যেতিয়া কেৱল যন্ত্ৰচালিত নহৈ নিজেও আৰ্থ-সামাজিক সমীকৰণৰ এক বিশেষ ৰাশি হৈ পৰে তেতিয়া প্ৰভূত্ব-দাসত্বৰ যুগমীয়া বৈষম্যবোৰ প্ৰকট হৈ উঠে। প্ৰকৃততে পৰম্পৰাগত আৰ্থ-সামাজিক গাঁথনিটোৰ প্ৰশাসনিক সঞ্চালন শ্ৰেণী বিভাজনৰ স্বতঃস্ফূৰ্ত প্ৰক্ৰিয়াটোৰ বাবেই প্ৰয়োজনীয় হৈ পৰে। এনেদৰে আমোলাতন্ত্ৰৰ যোগেদি সুৰক্ষিত হৈ থকা পৰম্পৰাগত মধ্যৱৰ্তী শ্ৰেণীবিলাকে এক ব্যাপক ৰাজনৈতিক অৰ্থনীতিৰ সৃষ্টি কৰিবলৈ সক্ষম হয়।
সেয়ে গণতন্ত্ৰিক ৰাষ্ট্ৰব্যৱস্থাই আনুষ্ঠানিকভাবে সামাজিক মৰ্যদাভিত্তিক অসমতা শেষ কৰিলেও প্ৰকৃতাৰ্থৎ এক স্থায়ী সম্পত্তিৰ সম্পৰ্কৰ যোগেদি বৰ্ধিত অসমতাৰ প্ৰতি সহিঞ্চু হৈ পৰাহে দেখা যায়৷ দৰাচলতে যি ৰাষ্ট্ৰব্যৱস্থাই আনুষ্ঠানিকভাবে অসমতা নিৰ্মূলৰ কথা ঘোষনা কৰে, তাত এনেধৰণৰ এক কাল্পনিক সমতাই মনস্তাত্বিক জগতখন দখল কৰি লয় যে প্ৰকৃত অসমতাৰ বাস্তৱলৈ ঘূৰি অহাটো অসম্ভৱ হৈ পৰে৷ গণতন্ত্ৰ কেনেকৈ বৰ্ধিত অসমতাৰ পৰিপূৰক হৈ পৰে সেয়া নিশ্চয় এক গুৰুত্বপূৰ্ণ আলোচনাৰ বিষয় ৷ মৌলিক প্ৰশ্নটো হ’ল, যদি আৰ্থ-সামাজিক সমীকৰণ এক চালিকা শক্তি হিচাবে অব্যাহত থাকে, তেন্তে যন্ত্ৰচালিত এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ প্ৰকৃততে গণতান্ত্ৰিক হৈ থাকিব পাৰেনে? তেনেকৈ গণতন্ত্ৰৰ গণিতৰ বাবে ব্যৱহৃত আদৰ্শবাদী বাগধাৰাৰ কোনো ধৰণৰ ৰাজনৈতিক ৰূপান্তৰৰ সৈতে সম্পৰ্ক হেৰাই যায়। আৰ্থ-সামাজিক শক্তিক উপযুক্ত ৰাজনৈতিক সংগঠনৰ প্ৰয়োজন হ’লে জনপ্ৰিয় ৰাজনৈতিক বাগধাৰা প্ৰতিষ্ঠা কৰা হয় আৰু বহু নমস্য আৰু আকৰ্ষণীয় ব্যক্তিত্বৰ বিকাশ ঘটে আৰু নেতৃত্বত অধিষ্ঠিত হয়৷ ব্যক্তিনমস্যতাৰ অতিশয্য প্ৰয়োগে ৰাজনৈতিক ৰূপান্তৰ নালাগে যুক্তিপূৰ্ণ ৰাজনৈতিক ব্যাখ্যাকো নিঃশেষ কৰি পেলাব পাৰে৷ এই চাহিদাকেন্দ্ৰিক আৰু প্ৰতিযোগিতামূলক নিৰ্বাচনী ৰাজনীতি আৰ্থ-সামাজিক সমীকৰণে সঞ্চালন কৰা কেৱল এক সাংখ্যিক প্ৰকল্প হৈ পৰে।
স্বৰাজোত্তৰ ভাৰতবৰ্ষৰ আদৰ্শবাদী বাগধাৰা নিৰ্মাণত বৰ্ণবাদৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। আধুনিক সমাজত বৰ্ণবাদী ৰাজনৈতিক প্ৰৱণতা যদিও এক পৃষ্ঠীয় পৰিঘটনা, ঐতিহাসিকভাৱে বৰ্ণ নিজে এক পৃষ্ঠীয় বস্তু নহয়। বৰ্ণই ঐতিহাসিক সমাজ গাঁথনি মাজত প্ৰভূত্বশীল সামাজিক পদক্ৰমনিকাৰ সৃষ্টি কৰে। সেই ক্ৰমমৰ্যদাই দিয়া বৰ্ণ পৰিচিতিৰ লগত আৰ্থ-সামাজিক স্বাৰ্থ জৰিত থকে। কিন্তু আধুনিক সমাজ জীৱনত বৰ্ণৰ প্ৰভুত্ব লাহে লাহে গৌণ হৈ কেৱল এক মনস্তাত্বিক পৰিচিতি হৈ পৰিবলৈ বাধ্য। লগে লগে বৰ্ণসমতা শ্ৰেণীসমতাৰে এক বৈকল্পিক সংকল্প হিচাবে ৰাজনৈতিক গতিধাৰাৰ মাজত সোমাই পৰে। আধুনিক গণতান্ত্ৰিক সমাজত যিহেতু পৰিচিতিকেন্দ্ৰিক বৈচিত্ৰ্যই বৈষম্যৰ সৃষ্টি কৰিব নোৱাৰে, সমাজত বৰ্ণবাদৰ উদ্দেশ্যে মধ্যযুগীয়া সমাজ গাঁথনিৰ পুনৰ প্ৰতিষ্ঠা নহয়। তেনেকৈ নব্য-উদাৰতাবাদী পৃথিৱীত বৰ্ণবাদ ক্ষুদ্ৰ উৎপাদনৰ ৰাজনৈতিক জাগৰণো নহয় । তেন্তে এতিয়াও বৰ্ণবাদ কিয়? বৰ্ণবাদ আধুনিক ৰাষ্ট্ৰব্যৱস্থাৰ আশীৰ্বাদত সৃষ্টি হয়। ৰাষ্ট্ৰব্যৱস্থাক যন্ত্ৰচালিত কৰাৰ নিৰ্ভৰযোগ্য প্ৰক্ৰিয়াটো যদি নিৰ্বাচন হয়, তেন্তে বৰ্ণবাদ এক পৈণত নিৰ্বাচনী কুট-কৌশল হ’ব পাৰে।
বৰ্ণবাদৰ দৰে আধুনিক সমাজত ধৰ্মও কেৱল এক পৰিচিতিৰ ৰাজনীতি। কিন্তু অধিক সৰলীকৃত আৰু বিস্তৃত হোৱাৰ বাবে ধৰ্মীয় ৰাজনীতিৰ আয়তন ব্যাপক। প্ৰকৃততে আধুনিক ৰাষ্ট্ৰৰ বাবে ধৰ্মৰ কোনো থিয়’লজিকেল গুৰুত্ব থকাটো অসম্ভৱ কথা। তাৰ বিপৰীতে ধৰ্মৰ ঐতিহাসিক গুৰুত্ব সামাজিক ক্ৰমবিকাশৰ মাজতেই প্ৰতিফলিত হয়। মধ্যযুগৰ প্ৰভাৱশালী ধৰ্মীয় পৰম্পৰা আছিল সমকালীন সমাজ আৰু ৰাষ্ট্ৰৰ প্ৰযুক্তি। তেনেকৈ পৰৱৰ্তী পৰ্যায়ত ধৰ্মীয় সংস্কাৰ হিচাবে সমাজলৈ আহে আধুনিকতা। সেয়া প্ৰকৃততে ধৰ্মীয় সংস্কাৰ হিচাবে আত্মপ্ৰকাশ কৰা সামাজিক সংস্কাৰহে। আধুনিক ৰাষ্ট্ৰ হ’ল আধুনিকতাৰ প্ৰযুক্তিগত ৰূপান্তৰ। মন কৰিবলগীয়া যে সমাজ জীৱনলৈ অহা এই আধুনিকতা সমাজৰ গাঁথনিগত ৰূপান্তৰৰ প্ৰতিচ্ছবি। এই ৰূপান্তৰৰ সমান্তৰালকৈ স্বতঃস্ফূৰ্তভাৱে তাৰ এক সংৰক্ষণশীল প্ৰতিক্ৰিয়াও সৃষ্টি হয়। প্ৰভূত্বশীলৰ আশীৰ্বাদসৃষ্ট এই প্ৰতিক্ৰিয়াই সমাজৰ মাজত বিদ্যমান হৈ থকা পৰম্পৰাগত মূলতঃ ধৰ্মীয় আচাৰ-ৰীতিবোৰকেই সমল হিচাবে লৈ আধুনিক সমাজ আৰু ৰাষ্ট্ৰব্যৱস্থাৰ ছত্ৰছায়াত এক আদৰ্শবাদী ধাৰা সৃষ্টি কৰিবলৈ সক্ষম হয়। মধ্যযুগৰ প্ৰভূত্বশীল উপাদানবিলাকৰ মাজতো ৰোমান্টিকতা সৃষ্টি কৰিবলৈ সক্ষম হয়। কিছুমান সংকটাপন্ন ঐতিহাসিক সন্ধিক্ষণত প্ৰতিক্ৰিয়াশীল ধাৰা আধুনিক ৰাষ্ট্ৰৰ ৰাজনৈতিক ত্ৰাণকৰ্তাও হৈ পৰে। এই প্ৰতিক্ৰিয়াশীল ধাৰাটোৰ যিহেতু নিজস্ব অস্তিত্ব নাথাকে, ই সমাজ বিৱৰ্তনৰ বস্তুগত ধাৰাটোৰ দ্বাৰা নিৰ্ণিত হয়। সেয়ে আধুনিক সমাজ তথা ৰাষ্ট্ৰব্যৱস্থাৰ কোনো মৌলিক বিষয়ৰ ওপৰত ইয়াৰ নীতিগত স্থিতি থাকিব নোৱাৰে। ই বিৱৰ্তিত সমাজৰ মাজতো পৰিস্থতি সাপেক্ষে ক্ষমতাশালীৰ আশীৰ্বাদ অৰ্জন কৰিবলৈ সক্ষম হয় আৰু সাময়িক নীতিগত স্থিতিও এই আশীৰ্বাদেই নিৰ্ণয় কৰে। আধুনিক জ্ঞান-বিজ্ঞানৰ বিকাশ, আৰ্থসামাজিক তথা ৰাজনৈতিক পৰিৱৰ্তনৰ লগত সংগতি ৰাখি নিজৰ উপযুক্ত স্থিতি তৈয়াৰ কৰি লয়।
চেকুলাৰিজম সমালোচনাৰ উৰ্ধত নহয়। গণতান্ত্ৰিক ৰাষ্ট্ৰব্যৱস্থাৰ প্ৰযুক্তি হিচাবে থকা সীমাবদ্ধতাখিনিৰ লগতে প্ৰয়োগিক বিসংগতিবোৰো আছে। মন কৰিবলগীয়া যে চেকুলাৰিজমৰ প্ৰয়োগিক বিসংগতি হিচাবে জন্ম লোৱা ভুৱা চেকুলাৰিজম হ’ল সাম্প্ৰদায়িকতাবাদৰ বাবে এক তথাকথিত বৌদ্ধিক আৰ্শীবাদ। সাম্প্ৰদায়িক শক্তিবিলাকে ভুৱা চেকুলাৰিজমক আঙুলিয়াই দি চেকুলাৰিজম তেনেকুৱাই বুলি মাৰ্কা মাৰিব বিচাৰে। তেনেকৈ চেকুলাৰিজমক অস্তিত্বহীন কৰি নিজৰ সাম্প্ৰদায়িক এজেণ্ডা বিক্ৰি কৰিব বিচাৰে। আচলতে, ভুৱা চেকুলাৰিজম মানেও ছদ্মৱেশী সাম্প্ৰদায়িক। অৰ্থাৎ এখিনি সাম্প্ৰদায়িকে আনখিনি ছদ্মৱেশী সাম্প্ৰদায়িকৰ কাৰ্যকলাপেৰে নিজৰ সাম্প্ৰদায়িক কাৰ্যকলাপক যুক্তিযুক্ত কৰিব বিচাৰে। সেয়ে চেকুলাৰিজমৰ সঠিক প্ৰতিশব্দ আচলতে ধৰ্মনিৰপেক্ষতা নহয়। চেকুলাৰিজমৰ বাবে ধৰ্মনিৰপেক্ষতা হ’ল পূৰ্বচৰ্ত, কিন্তু ধৰ্মনিৰপেক্ষতা মানেই চেকুলাৰিজম নহ’বও পাৰে। কাৰণ ধৰ্মনিৰপেক্ষতা মানে ৰাষ্ট্ৰব্যৱস্থাৰ নিষ্ক্ৰিয়তা হ’ব নোৱাৰে। এখন গণতান্ত্ৰিক ৰাষ্ট্ৰই ধৰ্মনিৰপেক্ষতা পালন কৰাৰ বাবে যি বস্তুগত ভিত্তি লাগে তাকহে চেকুলাৰিজম বুলি ক’ব পাৰি। এইটো স্পষ্ট যে ধৰ্ম পালন কৰাৰ যি মৌলিক অধিকাৰ আছে, ই আচলতে কোনো গোষ্ঠীগত অধিকাৰ নহয়, প্ৰতিজন নাগৰিকৰে ব্যক্তিগত অধিকাৰ। সাবাৰিমালাৰ ৰায়দানটো ধৰ্মীয় পৰম্পৰাৰ বিপৰীতে প্ৰতিজনৰ তেনে অধিকাৰৰ পক্ষে দিয়া হৈছিল। অৰ্থাৎ কোনো ধৰ্ম অথবা ধৰ্মীয় পৰম্পৰাই যদি দেশৰ কোনো নাগৰিকৰ মৌলিক অধিকাৰ ক্ষুন্ন কৰিছে, তেন্তে ধৰ্মনিৰপেক্ষতাৰ নামত এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ নিষ্ক্ৰিয় হৈ থাকিব নোৱাৰে। গতিকে, প্ৰয়োগিক দিশত দেশৰ প্ৰতিজন নাগৰিকৰ মৌলিক অধিকাৰ সুনিশ্চিত কৰাৰ যোগেদিহে গণতান্ত্ৰিক ৰাষ্ট্ৰই ধৰ্মনিৰপেক্ষতা পালন কৰে। সাবাৰিমালাৰ দৰে ৰায়দান যিকোনো ধৰ্মৰ ক্ষেত্ৰতে হ’ব পাৰে। যেনেকৈ ট্ৰিপল তালাকৰ দৰে একপক্ষীয় বিবাহ বিচ্ছেদৰ প্ৰথা পুৰুষতান্ত্ৰিক আৰু মহিলাৰ মৌলিক অধিকাৰৰ পৰিপন্থী আছিল। চাইৰা ভানুৰ ক্ষেত্ৰত ১৯৮৫ চনৰ উচ্চতম ন্যায়লয়ৰ প্ৰাৰম্ভিক ৰায়দানহে প্ৰকৃতাৰ্থৎ চেকুলাৰ আছিল। তাৰ পৰৱৰ্তী ৰাজনৈতিক ঘটনাক্ৰমে ৰাষ্ট্ৰক বলপূৰ্বক নিষ্ক্ৰিয় ধৰ্মনিৰপেক্ষ সজাইছিল।
এইখিনিতে সাম্প্ৰদায়িকতাবাদ হ’ল এই সমাজ বিৱৰ্তনৰ এক পাৰ্শক্ৰিয়া অৰ্থাৎ প্ৰতিক্ৰিয়াশীল শক্তি। সমাজ উত্তৰণৰ গতিশীলতাৰ বিৰুদ্ধে মুৰ দাঙি উঠা ই এক স্থিতাৱস্থাবাদী প্ৰৱণতা। সমাজৰ গাঁথনিগত ন্যস্তস্বাৰ্থই হ’ল এই স্থিতাৱস্থাৰ ভেটি। গতিকে, সাম্প্ৰদায়িকতাবাদৰ ওপৰত সমাজৰ প্ৰভূত্বশীল শ্ৰেণীৰ চৰ্তভিত্তিক আশীৰ্বাদ সদায় থাকে। এই চৰ্তভিত্তিক আশীৰ্বাদটোৱেই সমাজ উত্তৰণৰ পৰ্যায় অথবা স্তৰ অনুক্ৰমে সাম্প্ৰদায়িকতাবাদৰ আকাৰ আৰু আকৃতি দুয়োটাই সলনি কৰি থাকে। কেতিয়াবা সাম্প্ৰদায়িকতাবাদ নিৰ্বাচনী অভিযানত গৈ কানে কানে ফুচফুচাই কোৱাতেই সীমিত হৈ থাকে, কেতিয়াবা মুকলি মঞ্চতেই খোলাখোলিকৈ ক’ব পৰা হয়। দল-মত নিৰ্বিশেষে সকলোৱে সময় সাপেক্ষে উপযুক্ত পৰিমাণৰ সাম্প্ৰদায়িকতাৰে সম্পৃক্ত হৈ পৰে। অৱশ্যে প্ৰভূত্বশীল সংকটত পৰিলে এই আশীৰ্বাদ কিন্তু সাময়িকভাৱে একচেটিয়া হৈ পৰে। এই আশীৰ্বাদ যেতিয়া একচেটিয়া হয়, সাম্প্ৰদায়িকতাবাদৰ ওপৰতো একচেটিয়া মালিকীস্বত্বৰ সৃষ্টি হয়।
তেনেকৈ সাম্প্ৰদায়িকতা হ’ল ৰাজনৈতিক কূট-কৌশলৰ বাবে মনস্তাত্ত্বিকভাৱে নিৰ্মিত এক ঔপৰিসৌধীয় জাল। কোনো ব্যক্তিৰ পৰিচিতিকেন্দ্ৰিক চেতনা এক নিভাঁজ গণতান্ত্ৰিক চেতনা। ই নিজস্বভাৱে কেতিয়াও সাম্প্ৰদায়িক নহয়। কিন্তু যেতিয়া এনে চেতনাক ৰাষ্ট্ৰৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াক কক্ষচ্যুত কৰিবৰ বাবে উপৰ্যুপৰি ব্যৱহাৰ কৰা হয়, তেতিয়াই সাম্প্ৰদায়িকতাৰ সৃষ্টি হয়। সেয়ে সাম্প্ৰদায়িকতা মানে সাম্প্ৰদায়িক প্ৰচাৰ আভিযানৰ লগত জৰিত কোনো ব্যক্তি অথবা ব্যক্তিসমষ্টিৰ কেৱল আচৰণ নহয়, ই ন্যস্তস্বাৰ্থৰ পৰা উদ্ভৱ হোৱা সম্পূৰ্ণ শৃংখলটো সাঙুৰি লয়। আচৰণবিলাকৰ পৰিবাহক হিচাবে ব্যক্তি অথবা ব্যক্তিসমষ্টি এই প্ৰক্ৰিয়াটোত ব্যৱহৃতহে হয়। সেয়ে সাম্প্ৰদায়িকতাৰ নিজা কোনো ধৰ্ম অথবা গোষ্ঠীগত পৰিচিতি নাথাকে।
এইটো অপ্ৰিয় সত্য যে ঐতিহাসিকভাৱে সাম্প্ৰদায়িকতা স্বৰাজোত্তৰ ভাৰতৰ বিশেষকৈ নিৰ্বাচনী ৰাজনীতিৰ এক অভিন্ন অংগ হৈ পৰে। স্বৰাজোত্তৰ ভাৰতৰ উন্নয়নবাদী পৰিকাঠামোৰত যেতিয়া বিকাশৰ পৰিকল্পনাবোৰ হেৰাই যাবলৈ লয় নিৰ্বাচনী ৰাজনীতিৰ মাজত ফুচফুচীয়া সাম্প্ৰদায়িকতা গা কৰি উঠিল। এই ফুচফুচীয়া সাম্প্ৰদায়িকতাই আছিল সাংবিধানিক জাতীয়তাবাদলৈ প্ৰথম প্ৰত্যাহ্বান। গতিকে এইটো নিশ্চিত হৈ পৰে যে সাম্প্ৰদায়িকতাবাদে ভূমিগত হিচাবে নিৰ্বাচনী ৰাজনীতিৰ নিৰ্ণায়ক ভূমিকা লৈ আহিছে। নিৰ্বাচনী প্ৰচাৰত গৈ গাঁৱে গাঁৱে ফুচফুচাই কৈ ফুৰা কথাবোৰেই সাম্প্ৰদায়িকতাৰ বীজ সিঁচি ফুৰিছিল। এতিয়া সেই ভূমিগত সাম্প্ৰদায়িকতা পৃষ্ঠভাগলৈ ওলাই আহিল। তেতিয়াৰ কানে কানে ফুচফুচাই কৈ ফুৰা কথাবোৰ এতিয়া মুকলি সভাত অথবা ইলেক্ট্ৰনিক মাধ্যমত মুক্তভাৱে ক’ব পৰা হ’ল। গতিকে সাম্প্ৰদায়িকতা নিৰ্বাচনী ৰাজনীতিৰ এটা অতি পুৰণি কৌশল, কিন্তু এতিয়া ই মুকলি আকাশৰ তললৈ ওলাই আহিছে।
এতিয়া মুকলি আকাশৰ তলত মুক্তভাৱে প্ৰকাশ পোৱা সাম্পদায়িকতাতকৈ ভূমিগত হৈ থকা সাম্প্ৰদায়িকতাও কোনোগুণে কম প্ৰত্যাহ্বানজনক নাছিল। স্বৰাজোত্তৰ ভাৰতৰ তথাকথিত উন্নয়নবাদী নিৰপেক্ষতাৰ গৰ্ভত ই উমি উমি জ্বলি আছিল। কোনো সমষ্টিত জনসংখ্যা চাই সকলোৱে একে জনগোষ্ঠীৰ প্ৰাৰ্থী দিয়াৰ দৰে আচৰণবোৰ অভ্যাসত পৰিণত হৈছিল। স্বৰাজোত্তৰ ভাৰতৰ উন্নয়নবাদী ব্যৱস্থাটোৰ অধঃপতনৰ পাছত এনে আচৰণ নিৰ্বাচনী ৰাজনীতিৰ অভিন্ন অংগ হৈ পৰিছিল। এই উৱলি যোৱা উন্নয়নবাদী ব্যৱস্থাটো যাতে কোনোধৰনৰ ৰাজনৈতিক আলোচনাৰ বিষয় হৈ থাকিব নোৱাৰে, তাৰ কাৰণে এতিয়া সাম্প্ৰদায়িকতা মুকলি আকাশৰ তলত বিচৰণ কৰিব লগা হৈছে। গতিকে, ন্যস্তস্বাৰ্থ যদি আত্মবিচ্ছেদৰ এক গাঁথনিগত আৰ্থ-সামাজিক সম্পৰ্ক হয়, তেন্তে ইয়াৰ ধাৰবাহিকতা সময় অনুসৰি সাম্প্ৰদায়িকতাৰ দৰে সুৰক্ষা কবচবোৰ পৰিধান কৰি থাকিলেহে সম্ভৱ হয়।
এইটো প্ৰতীয়মান হৈ পৰে যে সাম্প্ৰদায়িকতা মুকলি আকাশৰ তললৈ ওলাই অহা এই প্ৰক্ৰিয়াটো ক্ষমতাশালী শ্ৰেণীৰ জীৱনলৈ অহা গভীৰ সুৰক্ষাজনিত সংকটৰ সময়ত ল’ব লগা এক জৰুৰীকালীন ব্যৱস্থা। ঐতিহাসিকভাৱে সাম্প্ৰদায়িকতা গভীৰ আৰ্থ-সামাজিক সংকটৰ সময়ত ন্যস্তস্বাৰ্থৰ একমাত্ৰ সাৰথি হিচাবে ব্যৱহৃত হৈ আহিছে। গতিকে সাম্প্ৰদায়িকতাই সুপৰিকল্পিতভাৱে আৰ্থ-সামাজিক সংকটক ৰাজনৈতিকভাৱে বিকৃত কৰি আহিছে। যেতিয়া উন্মুক্ত সাম্প্ৰদায়িক আচৰণ নাগৰিক সমাজত প্ৰকৃতিস্থ হয়, গণতান্ত্ৰিক ৰাষ্ট্ৰৰ মাজত আকাংক্ষিত লোকসমাজখনৰ সমলবোৰ সলনি কৰাৰ শ্লোগান সামাজিক হৈ পৰে। তেনেকৈ ৰাষ্ট্ৰৰ কল্পনাৰ মাজতেই সাম্প্ৰদায়িকতাক মজ্জাগত কৰা হয়। ৰাষ্ট্ৰক লৈ কৰা কাল্পনিক সংকল্পৰ হয়তো কোনো পৰিধি নাই, কিন্তু ৰাষ্ট্ৰৰ সংকল্পৰ অন্তৰালত থকা সংঘাতময় শ্ৰেণীবিভক্ত সমাজখনৰ বাস্তৱিক সীমাবদ্ধতা আছে। ই কল্পনাৰ দৰে সীমাহীন হ’ব নোৱাৰে। সেয়ে সাম্প্ৰদায়িকতাৰ প্ৰভাৱো দীৰ্ঘস্থায়ী হ’ব নোৱাৰে।
এইখিনিতে মন কৰিবলগীয়া যে সাম্প্ৰদায়িক আচৰণৰ কোনো ধৰ্মতত্বৰ লগত সম্পৰ্ক নাই, বৰঞ্চ আৰ্থ-সামাজিক সংকটৰ লগতহে আছে। আকৌ আধুনিক নাগৰিক সমাজৰ নৈতিক আধাৰটোৰ কোনো ধৰ্মীয় নৈতিকতাৰ সৈতে তাত্বিক সংঘাত নাই আৰু থাকিব নোৱাৰে। কাৰণ সমাজ বিৱৰ্তনৰ দৰে গতিশীল প্ৰক্ৰিয়া এটাত অতীত আৰু বৰ্তমানৰ মাজৰ সংঘাত সদায় কল্পনাপ্ৰসূত আৰু ন্যস্তস্বাৰ্থজনিত। সেয়ে আধুনিক নাগৰিক জীৱনটোৰ লগত সাংস্কৃতিক উপাদান হিচাবে থাকি যোৱা ধৰ্মীয় আচৰণ কিছুমানৰ বাদে ধৰ্মতত্বৰ কোনো পোনপটীয়া সম্পৰ্ক নাই। আমাৰ আৰ্থ-সামাজিক নাগৰিক জীৱনৰ কোনটো দিশ ধৰ্মতত্বই নিৰ্ণয় কৰে? অৱশেষ হিচাবে থাকি যোৱা ধৰ্মীয় আচাৰসমূহ পালন কৰাটোও কোনো ধৰ্মতত্বই সুনিশ্চিত কৰিব নোৱাৰে, বৰঞ্চ নাগৰিক সমাজৰ মৌলিক অধিকাৰ ভিত্তিক ন্যায় ব্যৱস্থাইহে কৰে। মনকৰিবলগীয়া যে এই ঐতিহাসিক বাস্তৱে ধৰ্ম তথা ধৰ্মতত্বৰ ঐতিহাসিক গুৰুত্ব অস্বীকাৰ নকৰে। কাৰণ এসময়ত এই ধৰ্মতত্বই মানৱ সমাজত যেনেকৈ ন্যায়পালিকাৰ ভূমিকা লৈছিল আজিৰ আধুনিক সমাজ জীৱনৰ অন্তৰ্নিহিত সামাজিক নৈতিকতাৰো ই আধাৰ হৈয়ে আছে। গতিকে, তাৰ পাছতো এই আচৰণ বিলাকক লৈ সৃষ্টি কৰিব বিচৰা পৰিচিতিকেন্দ্ৰিক বিশেষত্ব সাময়িক ন্যস্তস্বাৰ্থজনিত উপযোগিতাৰ বাদে তাৰ কোনো দীৰ্ঘকালীন অস্তিত্ব থাকিব নোৱাৰে।
সাম্প্ৰদায়িকতাই সৃষ্টি কৰা নিচাসক্তিৰ এক দুৰ্ভাগ্যজনক পৰিনাম হ’ল যান্ত্ৰনা নেদেখাৰ যান্ত্ৰনা। শ্ৰমিক-বনুৱাৰ যান্ত্ৰনা দেখা নোপোৱাকৈ থাকিবৰ বাবে মধ্যবিত্তক যি আত্মিক যুক্তিবাদ লাগে তাৰ একমাত্ৰ উৎস হ’ল উৎকট সাম্প্ৰদায়িকতাৰ এক সহজলভ্য সংস্কৰণ। প্ৰকৃতিক এক উন্নততৰ মানৱীয় প্ৰয়োজনলৈ ৰূপান্তৰ কৰাৰ অন্তৰালত শ্ৰমেই নিহিত হৈ আছে। শ্ৰম যিহেতু কেৱল মানুহৰ দ্বাৰা সম্পাদিত কাৰ্য, সেয়ে ই কেৱল শক্তিৰ এককৰ দৰে সাংখ্যিক নহয়, গুণগত দিশটোও অন্তৰ্নিহিত হৈ থাকে, যিটো উৎপাদন প্ৰক্ৰিয়াই নিৰূপণ কৰে। এই উৎপাদন প্ৰক্ৰিয়াই হ’ল মানুহৰ সামাজিক সম্পৰ্কৰ মূল আধাৰ। অনস্বীকাৰ্য যে পুঁজিৰ বিকাশে এই উৎপাদন প্ৰক্ৰিয়ালৈ এক অভূতপূৰ্ব পৰিৱৰ্তন আনিলে। সামন্তীয় সমাজৰ দাসত্ব শ্ৰমৰ নহয়, ই পোনপটীয়াকৈ শ্ৰমিকসকলৰ ওপৰতেই চলোৱা প্ৰভূত্ব। তাৰ বিপৰীতে, পুঁজিয়ে শ্ৰমৰ নিৰ্ণায়ক ভূমিকা লোৱাৰ লগে লগে শ্ৰম আৰু শ্ৰমিকৰ বিচ্ছেদ সম্পূৰ্ণ হয়। তাৰ লগে লগে মানুহৰ শ্ৰমেৰেই গঢ় লৈ উঠা উদ্যোগিক প্ৰক্ৰিয়াটো আৰু তাৰ উপৰিসৌধীয় সামাজিক ব্যৱস্থাবোৰ মানুহৰ পৰা বিচ্চিন্ন হৈ আঁতৰি যাবলৈ আৰম্ভ কৰে। পুঁজিবাদী ব্যৱস্থাটো বৰ্তাই ৰাখিবলৈ সৃষ্টি হোৱা অতিৰিক্ত শ্ৰমিকৰ শ্ৰম প্ৰয়োজন সাপেক্ষে ব্যৱহাৰ কৰাৰ বাদে তেওঁলোকৰ প্ৰতি অন্য কোনো ধৰণৰ সামাজিক উত্তৰদায়িত্ব নাথাকে। যোৱা শতিকাৰ শেষৰ ভাগৰ পৰা বিত্তীয় পুঁজিৰ ভ্ৰমে সৃষ্টি কৰা বৃহৎ উৎপাদনৰ মুনাফাই অতিৰিক্ত শ্ৰমিকৰ সংখ্যা আৰু যান্ত্ৰনা দুয়োটাই বৃদ্ধি কৰিছে। ইয়াত শ্ৰমিক কোনো মানৱীয় সত্তা নহয়, বৰঞ্চ কাৰখানাৰ অতিৰিক্ত যান্ত্ৰিক ক্ষমতাৰ দৰে মজুত কৰি ৰখা একো একোটা জৈৱ-সামাজিক যন্ত্ৰ। পুঁজিবাদী বিকাশৰ যুক্তিৰে চালে এয়া এক স্বতঃস্ফূৰ্ত পৰিঘটনা, য’ত শ্ৰমিকৰ যান্ত্ৰনাও কাৰখানাৰ যান্ত্ৰিক কোলাহলৰ মাজত একাকাৰ হৈ যায়। যিহেতু মানৱীয় সম্পৰ্কৰ কোনো যুক্তি পুঁজিবাদত থাকিব নোৱাৰে, মধ্যবিত্তও সেই যুক্তিহীনতাৰেই লালিত-পালিত হয়।
গতিকে শ্ৰমিক-বনুৱাৰ যান্ত্ৰনা অনুভৱ কৰিব নোৱাৰাটোৱেই মানৱতাৰ বাবে এক অসাধাৰণ যান্ত্ৰনা। আজি নব্য উদাৰতাবাদৰ সৰল কোলাত মস্তিষ্ক সম্পূৰ্ণকৈ অৰ্পণ কৰি শ্ৰমিক-বনুৱাৰ যান্ত্ৰনাৰ শিপাডাল বিচাৰি থাকোঁতে ধৰ্মাত্মাৰো সৌভাগ্য হ’ব পাৰে। আত্মতুষ্টিৰ কৰাল গ্ৰাসত পৰি হাবাথুৰি খাই অসহায় শ্ৰমিক-বনুৱাৰ ধৰ্ম, বৰ্ণ, জনগোষ্ঠী অথবা অন্য কিবা যদি মধ্যযুগীয়া পৰিচিতিৰ সন্ধান লাগে কৰি পেলোৱা হয়। মুঠৰ ওপৰত, বস্তুনিষ্ঠতা সামগ্ৰিকভাৱে পৰিহাৰ কৰিলে সাম্প্ৰদায়িকতাৰে আচন্ন এখন একপক্ষীয় আপেক্ষিক পৃথিৱীৰ বাদে কি বাকী থাকিবগৈ পাৰে? তেনেকৈ সংকটাপন্ন সময়ত পুঁজিৰ জমা প্ৰক্ৰিয়াৰ শেষাৰ্ধত অংকুৰিত হয় মধ্যযুগীয়া ভাৰাখোৱা প্ৰভূত্বৰ বীজ। গতিকে, শ্ৰমিকৰ যান্ত্ৰনা উপলন্ধি কৰিব নোৱৰা যান্ত্ৰণাই হ’ল সাম্ভাব্য সাম্প্ৰদায়িকতাৰ নৱাগতা সভা। কাৰণ নিচাসক্তিৰ বাদে এই আত্মঘাতী যান্ত্ৰনা উপশমৰ অন্য কোনো নিৰাময় নাই। মধ্যবিত্তীয় চতুৰালিত প্ৰতিজন শ্ৰমিকেই একোজন দুধৰ্ষ অপৰাধী। এই অপৰাধ দুবেলা দুমুঠিৰ পৰা সিহঁতৰ মধ্যযুগীয়া পৰিচিতিলৈ ৰূপান্তৰ হ’বলৈ বেছি পৰ নালাগে। কাৰণ শ্ৰমিকৰ যান্ত্ৰণা নেদেখা মানেই সাম্প্ৰদায়িকতাৰ জয়গান।
এইটো প্ৰতীয়মান যে আন্তৰ্জাতিক বিত্তীয় পুঁজিৰ দাসত্বৰ শিকলিডাল পিন্ধি থকালৈকে দেশীয় অৰ্থনীতিৰ পুনৰুজ্জীৱনৰ বাবে প্ৰয়োজনীয় নুন্যতম হস্তক্ষেপো ৰাষ্ট্ৰব্যৱস্থাৰ বাবে অসম্ভৱ কথা। ৰাজকোষীয় ঘাটিৰ ওপৰত প্ৰতিবন্ধকতা আৰু পুঁজিপতিৰ ওপৰত কৰ সংগ্ৰহৰ সীমাবদ্ধতাৰ সন্মিলিত পৰিনাতি হ’ল সংকোচিত ৰাজহুৱা ব্যয়, অৰ্থাৎ স্বাস্থ্য-শিক্ষাৰ দৰে অত্যাৱশ্যকীয় সেৱাকে ধৰি ৰাজহুৱা খণ্ডৰ ব্যক্তিগতকৰণ। যোৱা শতিকাৰ দ্বিতীয় ভাগৰ পৰা বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰবিলাকৰ ক্ষেত্ৰত দেশীয় প্ৰশাসনিক ক্ষমতালৈ যি ৰাজনৈতিক শক্তিয়েই নাহক কিয়, সকলোৱে এই একে অৰ্থনৈতিক ধাৰাৰ লগত উটি ভাহি গ’ল। অৰ্থনৈতিক মন্দাৱস্থাৰ সময়ত যেতিয়া ৰাজহৰ ওপৰত মাধমাৰ পৰে, তেতিয়াহে ৰাজকোষীয় ঘাটিৰ ওপৰত লগোৱা প্ৰতিবন্ধকতা যে জনগণৰ বাবে কিমান আত্মঘাতী, সেয়া দৃষ্টিগোচৰ হয়। নব্য উদাৰতাবাদে আৰোপ কৰা গাঁথনিগত প্ৰতিবন্ধকতাত ৰাষ্ট্ৰব্যৱস্থা যে কিমান অসহায় হৈ পৰে সেয়া স্পষ্ট হৈ পৰে। এইটো প্ৰতীয়মান যে কেৱল মন্দাৱস্থা কিয়, ৰাষ্ট্ৰৰ গণতান্ত্ৰিক প্ৰতিষ্ঠানসমূহক প্ৰকৃততে যদি জনমুখী কৰি তুলিব লাগে তেন্তে আন্তৰ্জাতিক বিত্তীয় পুঁজিৰ কৰাল গ্ৰাসৰ পৰা ৰাষ্টব্যৱস্থাক মুক্ত কৰাটো হ’ব পূৰ্বচৰ্ত।
ইতিমধ্যে বিত্তীয় পুঁজিয়ে বৈশ্বিক মহামাৰীৰ আতংকত নিজৰ সুৰক্ষিত স্থানলৈ প্ৰত্যাৱৰ্তন কৰিছে। তথাপিও ত্ৰিছৰ দশকৰ তুলনাত কেইন্সৰ সেই উপশম ফৰ্মূলাৰ প্ৰয়োগিক সীমাবদ্ধতাই দেখা দিছে। কাৰণ নব্য উদাৰতাবাদৰ হেং-অভাৰ সিমান সোনকালে শেষ নহয়। ৰাষ্ট্ৰৰ হস্তক্ষেপৰ এক ট্ৰিক’ল ডাউন মন্ত্ৰ বৰ্তাই ৰখা হয়। যোগান-কেন্দ্ৰিক অৰ্থনীতিয়ে প্ৰদান কৰা অনিয়ন্ত্ৰিত ব্যৱস্থাই সম্পদশীল শ্ৰেণীক সুৰক্ষিত কৰা যোগেদি অৰ্থনৈতিক লাভালাভ মধ্যবিত্ত আৰু দুখীয়া সকলৰ মাজলৈ নিজস্বভাৱেই ট্ৰিক’ল ডাউন হ’ব বুলি ভবা অৰ্থনৈতিক অন্ধবিশ্বাসটো এতিয়াও সহায় সাৰথি হৈয়ে আছে। তাৰ বিপৰীতে, অৰ্থনীতিৰ পুনৰুজ্জীৱনৰ মূল উদ্দেশ্য আৰু আধাৰ যদি জনগণ হয়, তেন্তে চাহিদা-কেন্দ্ৰিক হস্তক্ষেপহে দীৰ্ঘকালীন হ’ব। কাৰণ জনগণৰ সাম্ভাব্য মজুৰিখিনি যদি কেৱল মুনাফা বৃদ্ধিৰ বাবে ব্যৱহৃত হয়, ই মন্দাৱস্থাকহে দীৰ্ঘস্থায়ী কৰে। আমি জানো যে স্বৰাজোত্তৰ ভাৰতৰ ইতিহাসো ট্ৰিক’ল ডাউনক লৈ কৰা বিভিন্ন অৱধাৰণাৰ ইতিহাস। বিকাশৰ জনপ্ৰিয় মন্ত্ৰই হ’ল ট্ৰিক’ল ডাউন মন্ত্ৰ। অন্যহাতেদি, ৰাজহুৱা পুনৰ বিতৰণ ব্যৱস্থাটোৰ আমোলাতান্ত্ৰিক চৰিত্ৰৰ অন্তৰালত এক নব্য সামন্তীয় মধ্যভোগী শ্ৰেণী প্ৰভূত্বশীল হৈয়ে আছে, যি বিতৰণ প্ৰক্ৰিয়াটোকেই আত্মসাৎ কৰি আহিছে। ই উত্তৰ ঔপনিৱেশিক ৰাষ্ট্ৰৰ গাঁথনিগত কেৰোণ। এই গাঁথনিগত কেৰোণে প্ৰশাসনিক ব্যৱস্থাটোক এনেদৰে পক্ষাঘাতগ্ৰস্ত কৰি পেলায় যে ট্ৰিক’ল ডাউনৰ দৰে ভ্ৰমো প্ৰতিপন্ন কৰাটো সহজ হৈ পৰে। চাহিদা-কেন্দ্ৰিক হস্তক্ষেপক এই গাঁথনিগত কেৰোণৰ পৰা মুক্ত কৰিব নোৱৰালৈকে ট্ৰিক’ল ডাউনে নতুন নতুন সপোন ৰচনা কৰি থাকিব।
এখন গণতান্ত্ৰিক ৰাষ্ট্ৰৰ শাসনব্যৱস্থাৰ এক সাংবিধানিক ভিত্তি থাকে যি এক নুন্যতম জনমূখী ৰজনৈতিক সংকল্প সুনিশ্চিত কৰিব পাৰে। এহাতেদি এই প্ৰক্ৰিয়াটোৱে নিৰ্বাচনী ৰাজনীতিয়ে সৃষ্টি কৰা সীমাবদ্ধতাখিনি পূৰণ কৰে আৰু অন্যহাতেদি নিৰ্বাচনী ৰাজনীতিয়েও এই প্ৰক্ৰিয়াটোলৈ এক নিয়মিততা আৰু ন্যায্যতা আনি দিয়ে। গতিকে নিৰ্বাচনী গণিত যেনেকৈ গণতান্ত্ৰিকভাৱে ন্যায্যতাপ্ৰাপ্ত, তেনেকৈ ইয়াৰ সাংখ্যিক পৰিনাম সাংবিধানিকভাৱে পৰিচালিত হ’বলৈও বাধ্য। গতিকে এইটো স্পষ্ট যে নিৰ্বাচনী গণিতৰ অন্তৰালত সৃষ্টি হোৱা ৰাজনৈতিক কাৰচাজি নিৰ্বাচনী গণিততকৈ বহুত বেছি প্ৰত্যাহ্বানজনক। আজি দেশৰ গণতান্ত্ৰিক শাসনব্যৱস্থাই কৰ’ণা নিৰ্মূলৰ বাবে লোৱা সুদক্ষ পদক্ষেপৰ মূল প্ৰত্যাহ্বান হ’ল নিৰ্বাচনী ৰাজনীতিৰ অভিন্ন অংগ হিচাবে পৰিচিত অন্ধবিশ্বাস, ধৰ্মান্ধতা আৰু উন্মাদনা। কৰ’ণাৰ সংক্ৰমণে নিৰ্বাচনী ৰাজনীতিৰ এই কদৰ্য ৰূপটো বিভিন্ন ধৰণেৰে উদঙাই দিয়ে। প্ৰথমেই কৰ’ণাৰ সংক্ৰমণৰ লগে লগে বিভিন্ন আধ্যাত্মিক আৰু ধৰ্মগুৰুসকলে কৰ’ণা নিৰ্মূলৰ ঔষধি আৰু আধ্যাত্মিক বিধি-বিধানৰ ক্ষেত্ৰত প্ৰদৰ্শন কৰা বিশেষ বুৎপত্তি আৰু তাৰ ব্যাপক প্ৰচাৰৰ সংগঠিত জাল। দ্বিতীয়েতে “গ’ কৰ’ণা গ’” ধ্বনিৰে আকাশ বন্তি কৈ বিশেষ সুৰ সমদল। তৃতীয়তে, কৰ’ণাৰ সংক্ৰমণৰ সৈতে অভিসন্ধি সূত্ৰৰ বিশেষ সংযোজন। বিভিন্ন ঠাইত উন্মাদনাৰ সৃষ্টি আৰু উন্মুক্ত জনতাৰ চিকিৎসা কৰ্মী আৰু আনকি আৰক্ষীৰ ওপৰত আক্ৰমণ। গতিকে এইটো স্পষ্ট যে এই আচৰণবিলাক এতিয়াও নিৰ্বাচনী ৰাজনীতিৰ অভিন্ন অংগ হৈ আছে, যিবোৰ এই দুৰ্দিনতো আত্মপ্ৰকাশ কৰাই নহয় কচৰৎ কৰি আছে। গতিকে এনে নিৰ্বাচনী ৰাজনীতিয়ে গণতান্ত্ৰিক প্ৰমূল্য আৰু পৰম্পৰা ৰক্ষা কৰিব নোৱাৰে, বৰঞ্চ উলোটা সাংবিধানিক আৰু গণতান্ত্ৰিক প্ৰমূল্যইহে নিৰ্বাচনী ৰাজনীতিক এনে অধোগতিৰ পৰা ৰক্ষা কৰিব লাগিব।
এইটো স্পষ্ট যে পুঁজিবাদী সমাজৰ বিকাশৰ বাটত ৰাজনীতি হ’ল শ্ৰেণীস্বাৰ্থৰ ভাষা। আৰ্থ-সামাজিক শক্তি সমীকৰণে এই ভাষাৰ সৃজণীশক্তি আৰু প্ৰসাৰ নিয়ন্ত্ৰণ কৰে। তেনেকৈ ৰাষ্ট্ৰব্যৱস্থাৰ ভিতৰে-বাহিৰে শ্ৰেণী স্বাৰ্থৰ ভাষা-চৰ্চা কৰি ৰাজনীতিয়েও নিৰ্বাচনী ৰাজনীতিৰ নেপথ্যত এক বৃহৎ মধ্যৱৰ্তী শ্ৰেণীৰ সৃষ্টি কৰিছে। শ্ৰেণীস্বাৰ্থৰ ৰাজনীতি যেনেকৈ এক উপৰিসৌধ, তেনেকৈ ই নিৰ্বাচনী ৰাজনীতিৰ মূল ভিত্তি । কিন্তু নিৰ্বাচনী ৰাজনীতিকেই একমাত্ৰ ভাগ্যনিয়ন্তা বুলি ভাবিবলৈ লোৱাৰ মূল কাৰণ হ’ল, আগতে কোৱাৰ দৰে নিৰ্বাচনী ৰাজনীতিৰ নেপথ্যত এক জনবহুল শ্ৰেণী সক্ৰিয় হৈ থাকে। ৰাজনীতিতকৈ নিৰ্বাচনী ৰাজনীতিৰ প্ৰতি থকা মধ্যবিত্তৰ বিশেষ আগ্ৰহৰ পটভূমি ইয়াতেই। ই নিজে এটা বিৱৰ্তিত শ্ৰেণী হিচাবে যিবোৰ উপৰিসৌধিয় সম্পৰ্কৰ সৃষ্টি কৰে, সেইবোৰ ইমানেই ক্ষণিক যে তাৰ দ্বাৰা আটাইতকৈ যুক্তিহীন পৃষ্ঠীয় চিন্তা-চৰ্চাতেই সৃজনী শক্তিৰ প্ৰয়োগ বেছি হয়। সেয়ে, নিৰ্বাচনৰ সময়ত যেতিয়া অযুক্তিকৰ ঘটনা-পৰিঘটনাৰ মহাপ্লাৱন হয়, তেতিয়া এইবোৰকে বাৰে বাৰে অযুক্তিকৰ বুলি প্ৰমান কৰি থকাৰ কোনো অৰ্থ নাই। তেনেকৈ কৰি থকাটো সময়ৰ অপচয় মাথো। অযুক্তিকৰ কথাৰ উৎসতেই তাৰ উৎপত্তিৰ যুক্তি লুকাই থাকে। সেয়ে যুক্তিহীন কথাৰ কিয় প্ৰকোপ বাঢ়িছে, সেয়া উদ্ধাৰ কৰাত যুক্তিৰ প্ৰয়োগ হ’লেই যথেষ্ট।
ৰাজনীতি কেৱল নিৰ্বাচনী ৰাজনীতি নহয়। নিৰ্বাচন গণতান্ত্ৰিক ৰাষ্ট্ৰক ন্যায্যতা প্ৰদানৰ এক ব্যৱস্থাপনা মাথোঁ। গতিকে, নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা ৰাজনৈতিক দল-শক্তিবিলাকৰ মাজৰ কেৱল সাংখ্যিক অৰিয়াঅৰিখনেই ৰাজনৈতিক আলোচনা নহয়। বৰঞ্চ সেয়া প্ৰশাসনিক পদ্ধতিৰ অন্তৰালত সংঘটিত এক কূটনৈতিক অনুশীলন৷ সেয়ে নিৰ্বাচনত যেনেকৈ অনেক ৰাজনৈতিক বিকল্প দৃষ্টিগোচৰ হয় তেনেকৈ কিন্তু শাসনাধীস্থিত সময়ত এই বিকল্পবোৰ নাথাকে৷ তাৰ মূল কাৰণ হ’ল ৰাষ্ট্ৰব্যৱস্থাৰ ৰূপৰেখাৰ ভিতৰত জনসাধাৰণৰ মৌলিক প্ৰশ্নবোৰ যেনেকৈ একে আৰু তেনেকৈ এইবোৰ সমাধান কৰাৰ তাৎকালিক প্ৰত্যাহ্বানবোৰো একে ৷ যেনেকৈ একোখন ৰাষ্ট্ৰৰ কাৰণে নব্য-উদাৰতাবাদৰ প্ৰত্যাহ্বান সদায় একে। তাৰ সন্মুখত নিৰ্বাচনী ৰাজনীতি কেৱল এক দলগত ৰাজনৈতিক পৰিচিতিৰ ৰাজনীতিলৈ ৰূপান্তৰ হয়৷ গতিকে নিৰ্বাচনী ৰাজনীতিৰ এই গণ্ডীৰ বাহিৰৰ ৰাজনীতিহে একেবাৰে নিভাঁজ আৰু উত্তৰণধৰ্ম ৷ নিৰ্বাচনী ৰাজনীতিয়ে প্ৰান্তীয় কৰি পেলাবলৈ সক্ষম হোৱা ৰাজনীতিৰহে ঐতিহাসিক গুৰুত্ব আৰু দায়িত্ব ব্যাপক৷ এই ৰাজনীতি নিৰ্বাচনী ৰাজনীতিৰ কিমান অংশীদাৰ হ’ব পাৰিছে সিহে প্ৰকৃততে প্ৰতিফলিত কৰে গণতন্ত্ৰৰ প্ৰকৃত কাৰ্যক্ষমতা । তেনেদৰে বিভিন্ন ৰাজনৈতিক বিকল্প আৰু তাৰ কাৰ্যকাৰিতাৰ মাজত সৃষ্টি হোৱা ব্যাপক অন্তৰালৰ মাজতেই বুদ্ধিমত্তা বিদ্বেষৰ পটভূমিও লুকাই আছে৷
আধুনিক ৰাষ্ট্ৰব্যৱস্থাৰ ৰূপৰেখাৰ ভিতৰত যিকোনো ৰাজনৈতিক পৰিচিতি ভিত্তিক সংগঠনৰ সৃষ্টি যেনেকৈ এক ঐতিহাসিক প্ৰক্ৰিয়া, তেনেকৈ সমাজ আৰু ৰাষ্ট্ৰক নিৰন্তৰ বিৱৰ্তিত কৰি থকা আৰ্থ-সামাজিক গতিশীলতাই তেনে এটা ৰাজনৈতিক প্ৰক্ৰিয়াক আৱিষ্ট কৰিব বিচৰাটোও এক ঐতিহাসিক প্ৰক্ৰিয়া। তেনেকৈ শাসনাধীস্থিত ৰাজনৈতিক শক্তি মাথো ৰাষ্ট্ৰযন্ত্ৰৰ এক অধিকৃত ৰাজনৈতিক শাখালৈ ৰূপান্তৰ হয় আৰু আৰ্থ-সামাজিক সমীকৰণৰ দ্বাৰা নিয়ন্ত্ৰিত হয়। ৰাষ্ট্ৰব্যৱস্থাৰ ছত্ৰছায়াত ঐতিহাসিকভাৱে শ্ৰেণীৰ সৃষ্টি আৰু বিকাশেই হ’ল এই আৰ্থ-সামাজিক গতিশীলতা। শ্ৰেণীৰ বিকাশ মানে হ’ল নিজৰ বস্তুগত স্বাৰ্থৰ দ্বাৰা পৰিচালিত হ’ব পৰাকৈ মজবুত হৈ এক শ্ৰেণী হিচাবে সংগঠিত হোৱাৰ প্ৰক্ৰিয়া। কাৰণ অন্যান্য সাংস্কৃতিক আচৰণ ভিত্তিক সামাজিক পৰিচিতিবিলাকৰ দৰে শ্ৰেণী কেৱল এক ৰাজনৈতিক পৰিচিতি নহয়, ই পোনপটিয়া এক বস্তুগত সম্পৰ্ক আৰু ভিত্তি, যি নিজস্বভাৱে আত্মপ্ৰকাশ কৰিব পাৰে। গতিকে সমাজত শ্ৰেণীৰ সৃষ্টি আৰু বিকাশৰ গতিশীল প্ৰক্ৰিয়াই যিকোনো ৰাজনৈতিক আয়তনকেই দখল কৰি নিজৰ আসন্ন আত্মকেন্দ্ৰিক উদ্দেশ্যৰ বাবে ব্যৱহাৰ কৰিব পাৰে। সেয়ে ৰাজনৈতিক বিকল্পৰ প্ৰাসঙ্গিকতা আগতে উল্লেখ কৰা ৰাষ্ট্ৰযন্ত্ৰৰ গণ্ডীৰ ভিতৰত সংগঠিত কোনো ৰাজনৈতিক পৰিচিতি আৰু তাৰ আগ্ৰাসনিক পৰিনাতিতেই শেষ হৈ নাযায়।