নীৰৱ কোলাহল ।। মনমিতা শৰ্মা
মুক্ত চিন্তা, ১০ম বৰ্ষ, ৫ম সংখ্যা
আজি নিস্তব্ধ সমগ্র বিশ্ব
বাৰুদৰ ধুমুহাই তচ-নচ কৰা বিশ্বলৈ
আজি নামিছে বৰফ
মেৰু প্রদেশ যেন আজি প্রসাৰিত।
বৰফবোৰ কুৰুকি কুৰুকি সোমাই গৈছে
হৃদয়ব ফাটবোৰৰ মাজে মাজে
নীৰৱ কোলাহলত গোটমৰা মানুহৰ হৃদয় ।
ইতিহাসৰ পুনৰাবৃত্তিয়ে আনে ভয়াবহ সংকট
বুজিও নুবুজোঁ সেই কথা
শুনিও নুশুনো সাৱধানবাণী
আজিৰ দিনটো ইতিহাস নহয় কেতিয়াও
কাৰণ আজিৰ পিছত নাই কোনো ভৱিষ্যত।
শুনিছানে? ইতিহাসে উচুপিছে
অতীতৰ কোনো ধ্বংসস্তূপৰ মাজত ।
সভ্যতাই চিঞৰি চিঞৰি প্রশ্ন কৰে
কোনো অটল তলিৰ পৰা –
তুমিয়েই নেকি সুসভ্য মানৱ?
যিয়ে হত্যা কৰিব বিচাৰে এটা সভ্যতা?
ধ্বংসপ্রাপ্ত প্রকৃতিৰ প্রশ্নই
বনৰীয়া কাঁইটৰ দৰে থকা সৰকা কৰে হৃদয়-
এয়াই নেকি তোমাৰ জীৱশ্রেষ্ঠতা?
আজি বিশ্বযুদ্ধৰ অন্তিম দিন।
ধ্বংসপ্রাপ্ত বিশ্বত জীয়াই থাকে প্রশ্নবোৰ
প্রশ্নবোৰে মগজুত খুন্দিয়াই বাৰে বাৰে
সময়ে অট্টহাস্য কৰে দূৰণিৰ পৰা
কিন্তু উভতি নাহে কেতিয়াও সময়….
শুধৰণিও যেন আজি দিশহাৰা
সময়ৰ আলি-কেকুৰীৰ ভাঁজে ভাঁজে।