অনুবাদপ্ৰবন্ধ

নব্য-বাস্তৱবাদী চলচ্চিত্ৰ আৰু ইয়াৰ প্ৰভাৱ ।।মূল : ফাৰহান ৰহমান, অনুবাদ : কিশোৰ শৰ্মা

মুক্ত চিন্তা, ১০ম বছৰ, ৬ষ্ঠ সংখ্যা

চলচ্চিত্ৰ এনেকুৱা এক অভিনৱ শক্তিশালী, সৃজনশীল অথচ বিনোদনধৰ্মী শিল্পমাধ্যম য’ত সমসাময়িক সময়-ভাবনা, বাস্তৱতা, আৰ্থ-সামাজিক প্ৰেক্ষাপট, মানুহৰ দুঃখ-দুৰ্দশা, আত্মিক-সংকট, মনস্তত্ত্ব, মানৱধৰ্ম, দৰ্শন, জীৱনৰ উত্থান-পতন ইত্যাদি নানা বিষয় অন্তৰ্নিহিত থাকে। নিৰ্মাণৰ নানা পৰ্যায়ত এইদৰেই দেশে দেশে চলচ্চিত্ৰ বিকাশৰ গতিপথত বিভিন্ন ধৰণৰ আন্দোলন গঢ়ি উঠিছে। এইবোৰৰ ভিতৰত আঁভাগাৰ্দ, চিনেমা ভেৰিত, ৰিয়েলিজিম্, নিঅ’ ৰিয়েলিজিম্, ডাডাইজিম্, ফ্ৰি চিনেমা, অথৰ থিয়োৰি, নোভেল ভাগ এক্সপ্ৰেশনিজম্, ইম্প্ৰেশেনিজম্, ইৰানি নিউ ৱেভ প্ৰভৃতি উল্লেখযোগ্য। কিন্তু এইসকলোবোৰ আন্দোলনৰ সূত্ৰপাত ঘটিছিল মূলত ইটালীৰ নিউ-ৰিয়েলিজিম্ বা নব্য-বাস্তৱবাদৰ মাধ্যমেৰে।

১৯৩০ চনৰ আশে-পাশে নব্য-বাস্তৱবাদ বা নিঅ’-ৰিয়েলিজিম পৰিভাষাটো সৰ্বপ্ৰথম ইটালীৰ সাহিত্যৰ বিশ্লেষণৰ ক্ষেত্ৰত প্ৰয়োগ কৰা হয়। বুৰ্জোৱা জীৱনচৰ্চাৰ অন্তঃসাৰশূন্য আৰু একঘেয়ামি ক্লান্তিকৰ অস্তিত্ব, জীৱন-যাপন, যন্ত্ৰণাক্লিষ্ট মানৱিক অৱস্থা, স্বতঃস্ফূৰ্ত ইচ্ছা-আকাংক্ষাৰ অৱদমনৰ ফলত উদ্ভূত নিদাৰুণ মনঃকষ্ট- এই সকলোবোৰৰ বিৰুদ্ধে সৰৱ এক তেজোদীপ্ত বিশ্লেষণধৰ্মী উপস্থাপনৰ এই শৈলীক চিহ্নিত কৰাৰ বাবে সৰ্বপ্ৰথম আৰনাল্ডো বসিলি (Arnaldo Bocelli)য়ে ‘নব্য-বাস্তৱবাদী’ অভিধাটো ব্যৱহাৰ কৰে। ‘নব্য-বাস্তৱবাদী’ সাহিত্য আৰু চলচ্চিত্ৰ এই দুয়োটা মাধ্যমতেই নন্দনতাত্বিক আৰু ভাবাদৰ্শৰ ফালৰ পৰা একেধৰণৰ উপাদানৰ প্ৰকাশ ঘটা দেখা যায়।

এই ধৰণৰ চলচ্চিত্ৰৰ মাধ্যমেৰে সস্তীয়া চেণ্টিমেণ্টৰ ভেজাল গল্প বা গতানুগতিক বাস্তৱতাৰ গল্পৰ সলনি এনে ধাৰাৰ ছবি অংকন কৰা হয় য’ত মানৱতাৰে মণ্ডিত বাস্তৱতাৰ প্ৰতিচ্ছবি ফুটি উঠে। ফুটি উঠে বুৰ্জোৱা সমাজৰ বাহ্যিক জলমলৰ পৰ্দাৰ আৰত লুকাই থকা জীৱনৰ দুৰ্বল ক্ষত, অৱক্ষয় আৰু পতনৰ দিশবোৰ। দ্বিতীয় বিশ্বযুদ্ধত ইটালীৰ প্ৰতিকূল অৰ্থনীতি আৰু নতুন ভাবাদৰ্শৰ প্ৰেক্ষাপটত মূলত সৃষ্টি হয় নিঅ’ ৰিয়েলিষ্ট চলচ্চিত্ৰধাৰা। এই ধৰণৰ চলচ্চিত্ৰত সমাজবাস্তৱতাৰ নানা মাত্ৰাত প্ৰতিফলন ঘটিছে। এই ধাৰাৰ চলচ্চিত্ৰ নিৰ্মাতা সকলে চলচ্চিত্ৰ কলাৰ নিজস্ব প্ৰকৃতি আৰু সমাজৰ ওপৰত চলচ্চিত্ৰৰ প্ৰভাৱ কেনে হোৱা উচিত এইলৈ চিন্তা-চৰ্চা কৰিছিল। দৰ্শককো তেওঁলোকৰ চৌপাশৰ বাস্তৱতাৰ বিষয়ে ভাবিবলৈ বাধ্য কৰোৱা হৈছিল। কেৱল মাত্ৰ গল্প-উপন্যাসকেই ইয়াত চলচ্চিত্ৰ ৰূপ দিয়া হোৱা নাই, বাস্তৱ ঘটনাক চলচ্চিত্ৰৰ আধাৰ কৰা হৈছে। সমাজবাস্ততৱতাৰ অতি দৰিদ্ৰ অৱস্থা, বেকাৰত্ব, ক্ষুধা, পতিতাবৃত্তি, আত্মহত্যা, নৰহত্যা, চুৰিৰ ঘটনা, বিষণ্ণতা, আশাহীনতা ইত্যাদি বিষয়কেই মূলত এই ধাৰাৰ চলচ্চিত্ৰ নিৰ্মাণৰ বিষয়বস্তু হিচাবে নিৰ্বাচন কৰা হয়। ইয়াত প্ৰধান-অপ্ৰধান চৰিত্ৰ সমূহৰ মনস্তাত্বিক ক্ৰিয়া-প্ৰতিক্ৰিয়াকেই গুৰুত্ব সহকাৰে উপস্থাপন কৰা হয়। ফলত চলচ্চিত্ৰ ইতিহাসত তত্ত্বগত কাৰণতেই এই নিঅ’-ৰিয়েলিজিম দীৰ্ঘকাল স্মৰণীয় হৈ আছে। এয়া মূলতঃ এটা শিল্প দৰ্শন, এই ধাৰাৰ চলচ্চিত্ৰৰ আদৰ্শ হৈছে ষ্টুডিঅ’ত নিৰ্মাণ আৰু কৃত্ৰিম পৰিৱেশৰ বিপৰীতে ৰাস্তাই ৰাস্তাই কেমেৰালৈ ঘূৰি ঘূৰি জীৱন যেনেকুৱা ঠিক তেনেকুৱাকৈ ৰূপালী পৰ্দাত উপস্থাপন কৰা। একেসময়তে এই ধৰণৰ চলচ্চিত্ৰত শিল্পীৰ সহজাত মানৱীয়তা, ন্যায় আৰু সত্যৰ মূল্যবোধ, জীৱন সমৃদ্ধ ভালপোৱাৰ সহজ সৰল গভীৰ প্ৰতিচ্ছবি সংলগ্নহৈ থাকে। ব্যক্তিচেতনাৰ জাগ্ৰত প্ৰকাশ, মানুহৰ জীৱনৰ প্ৰাত্যহিক উত্থান-পতনৰ, মানৱীয় মূল্যবোধৰ নৱমূল্যায়ন, উৎকেন্দ্ৰিকতা, বিচ্ছিন্নতাবোধ- এই সকলোবোৰ ইটালীয় চলচ্চিত্ৰৰ নৱ বাস্তৱতাৰ অৱদান হিচাপে দেখা যায়। এই ধৰণৰ শিল্পকৰ্মৰ মাজত সমাজ সচেতনতাৰ সুগভীৰ ছাপ যেনেদৰে দেখা গৈছে তেনেদৰে নান্দনিক উৎকৰ্ষও লক্ষ্য কৰা গৈছে।

মূলতঃ চল্লিশৰ দশককে ইটালীৰ নিঅ’-ৰিয়েলিজিম ফিল্ম মুভমেণ্টৰ সময়কাল হিচাপে ধৰা হয়। ফ্ৰাঞ্চৰ চলচ্চিত্ৰ নিৰ্মাতা জ্যাঁ-ৰেনোয়া ‘ফ্ৰাঞ্চ পোয়েটিক ৰিয়েলিটি’ আন্দোলনৰ লগত জড়িত আছিল। তেওঁ ১৯৩৪ চনত ‘টনি’ (Toni) নামৰ এখন চলচ্চিত্ৰ নিৰ্মাণ কৰে যাক চলচ্চিত্ৰ বিশাৰদসকলে ইটালীয় নব্য-বাস্তৱবাদৰ পূৰ্বলক্ষণ সমৃদ্ধ চলচ্চিত্ৰ বুলি গণ্য কৰে। এই চলচ্চিত্ৰখন নিৰ্মাণৰ সময়ত ৰেনোয়াৰ সহযোগী হিচাপে কাম কৰিছিল ইটালীৰ পৰিচালক ভিসকন্তিয়ে। জ্যাঁ-ৰেনোয়াৰ ‘টনি’ (Toni) চলচ্চিত্ৰখন এটা সত্য ঘটনাৰ আলমত নিৰ্মাণ কৰা হৈছিল। ঘটনাটো প্ৰায় এনেধৰণৰ- এক ইটালীয় অভিবাসী বা ইমিগ্ৰাণ্ট শ্ৰমিক ফ্ৰাঞ্চলৈ কাম কৰিবলৈ আহে। তাত তেওঁ এজনী নাৰীৰ প্ৰেমত পৰে আৰু তেওঁক পোৱাৰ কাৰণে এটা খুন পৰ্যন্ত কৰে। ৰেনোয়াই তেওঁৰ ‘টনি’ চলচ্চিত্ৰখন অপেশাদাৰী শিল্পীসকলৰ দ্বাৰা কৰাইছিল আৰু প্ৰামাণ্য লোকেশ্বনত অৰিজিনেল ছাউণ্ডট্ৰেক ব্যৱহাৰ কৰি শ্বুটিং কৰিছিল। ফ্ৰাঞ্চৰ কাব্যিক বাস্তৱবাদৰ ভিতৰত যি সামাজিক আৰু দুঃখবাদী বাস্তৱবাদ প্ৰৱাহমান আছিল, ইটালীৰ নৱ্য-বাস্তৱবাদৰ লগত তাৰ একধৰণৰ সংকৰকৰণ হৈছে।

ইটালীৰ এই নব্য-বাস্তৱবাদী চলচ্চিত্ৰ ধাৰাৰ আৰম্ভৰেখা হিচাপে ধৰা হয় ভিসকন্তিৰ ‘অবসেশন’ [Ossessione (১৯৪২)] চলচ্চিত্ৰখনক। যদিও চলচ্চিত্ৰ সমালোচকসকলে ৰবাৰ্টো ৰোজেলিনিৰ ‘ৰোম ওপেন চিটি’ (১৯৪৫)ক নব্য-বাস্তৱবাদী ধাৰাৰ প্ৰথম সাৰ্থক চলচ্চিত্ৰ বুলি গণ্য কৰি আহিছে। ইয়াতে সাধাৰণ মানুহৰ জীৱন-যন্ত্ৰণা আৰু মৃত্যুক অতি ওচৰৰ পৰা দেখুওৱা হৈছে। এই চলচ্চিত্ৰত দ্বিতীয় বিশ্বযুদ্ধকালীন সময়ত জাৰ্মান অধিকৃত ইটালীৰ সমাজ বাস্তৱতাত প্ৰতিৰোধ আন্দোলনৰ পৰিপ্ৰেক্ষিতত কেইজনমান মানৱ-মানৱীৰ প্ৰেম, সাহস লগতে আত্মত্যাগ উপস্থাপিত হৈছে। কেইটামান উপাখ্যান সংলগ্ন কৰি নিৰ্মাণ কৰা এই চলচ্চিত্ৰৰ মাজেৰে জাতীয়তাবাদ, অস্তিত্ববাদ, নীতিবাদ আৰু খ্ৰীষ্টধৰ্মক

দেখুওৱা হৈছে। শুভৰ সৈতে অশুভৰ দ্বন্দ্ব‌ই হৈছে এই চলচ্চিত্ৰৰ মূল উপাদান। অশুভৰ পৰাজয়ৰ মাধ্যমেৰে জাতীয়তাবাদৰ জন্ম হয়। প্ৰামাণ্য লোকেশ্বন আৰু শ্বুটিঙৰ বিশদ খুঁটি-নাটিৰ বিষয়টোক ৰোজেলিনিয়ে প্ৰথমবাৰৰ বাবে তেওঁৰ চলচ্চিত্ৰত ব্যৱহাৰ কৰে।

ফেচিষ্ট মুসোলিনিৰ সময়ত বাস্তৱ বিবৰ্জিত চলচ্চিত্ৰ নিৰ্মিত হয় আৰু তাতে ইটালীৰ সুস্থিৰ-সুন্দৰ ইমেজেই প্ৰতিফলিত হয়। ১৯৪৩ চনত ফেচিষ্ট শাসনৰ অৱসান হ’বলৈ আৰম্ভ কৰে আৰু ১৯৪৪ চনত ইটালী মিত্ৰবাহিনীৰ দখললৈ আহে। চাৰিওফালে বিশৃংখলতাই দেখা দিয়ে। মুসোলিনি পৰাজিত হয়, গৃহযুদ্ধৰ তুমুল আলোড়নত পৰ্যুদস্ত অৱস্থাত মুসোলিনিয়ে ইটালী পৰিত্যাগ কৰে। আনফালে এই ভীষণ ৰাজনৈতিক অস্থিৰতাৰ অন্তৰালত জন্ম হয় চলচ্চিত্ৰৰ মহান শিল্পমন্ত্ৰ- “নিঅ’-ৰিয়েলিজিম”।

চলচ্চিত্ৰৰ ইতিহাসত এই নিঅ’-ৰিয়েলিজিম বা নব্য-বাস্তৱবাদৰ ইতিহাসটো ছয়-সাত বছৰলৈ বৰ্তি আছিল। সমালোচক সকলৰ মতে, ইয়াৰ সময়সীমা আছিল ১৯৪৫ ৰ ৰোজেলিনিৰ ‘ৰোম, অ’পেন চিটি’ৰ পৰা আৰম্ভ কৰি ১৯৫১ চনত নিৰ্মিত ভিত্তোৰিঅ’ ডি চিকাৰ ‘উমবাৰতো ডি’ পৰ্যন্ত। এই সীমিত সময়পৰ্বত যি কেইখনমান চলচ্চিত্ৰ বিশ্বৰ দৰ্শকসকলে দৰ্শন কৰিছে, তাৰ প্ৰত্যক্ষ আৰু পৰোক্ষ শিল্পপ্ৰভাৱ অত্যন্ত গভীৰ আৰু ব্যাপক। অলপ মন দিলেই দেখা যায় যে নিঅ’ ৰিয়েলিষ্ট আন্দোলনৰ সকলোতকৈ মহৎ অৱদান মানৱীয় দয়া, ইয়াৰ নিষ্ঠা আৰু ষ্টাইলৰ কঠোৰ শিল্পসংযম। অগণন চলচ্চিত্ৰৰ দৃশ্যকল্প‌ যুদ্ধোত্তৰ মানুহক সত্য-অন্যায়, মানুহৰ জীৱন নিগূঢ় প্ৰেমৰ প্ৰতি আগবঢ়াই দিছে। গল্পৰ বিষয়বস্তু অত্যন্ত সাধাৰণ অথচ চৰিত্ৰবিলাক সৎ আৰু জীৱনসংগ্ৰামী। নিজৰ মাজত আছে আভ্যন্তৰীণ সুসম্পৰ্ক। সূক্ষ্ম সংবেদনশীল ৰীতিৰ আশ্ৰয়ত বাস্তৱতাৰ চমকপ্ৰদ সহজ প্ৰকাশ এই চলচ্চিত্ৰসমূহত দেখা যায়।

চলচ্চিত্ৰ নিৰ্মাণৰ বিশিষ্ট এক শিল্প আদৰ্শ হিচাপে আজিও এই আন্দোলনৰ বহু চলচ্চিত্ৰ আলোচিত হয়। ডি চিকাৰ ‘বাইচাইকেল থিফ্চ’, ‘শুচাইন’, ‘উমবাৰতো ডি’, ডি স্যাণ্টিচেৰ ‘ট্ৰেজিক হাণ্ট’, লুইজ জাম্পাৰ ‘টু লিভ ইন পিচ’, ‘এঞ্জেলিনা’, ভিসকন্তিৰ ‘দ্যা আৰ্থ ট্ৰাম্বেলচ্’, ৰোজেলিনিৰ ‘ইউৰোপা ফিফ্টি ৱান’ ইত্যাদি এই আন্দোলনৰ অন্যতম শ্ৰেষ্ঠ নিদৰ্শনৰূপে চিহ্নিত হৈছে।

পূৰ্ব য়ুৰোপীয় চলচ্চিত্ৰৰ যুদ্ধোত্তৰ আৰু আধুনিক ক্ৰমবিকাশত এই আন্দোলনৰ বিশেষ ভূমিকা আছে। হাঙ্গেৰী, পোলেণ্ড, চেকোশ্লোভাকিয়াৰ চলচ্চিত্ৰ স্ৰষ্টাসকল ইয়াৰ দ্বাৰা বিশেষ প্ৰভাৱিত হৈছিল। ফেলিক্স মাৰিয়াসে, জোলতান ফাব্ৰি, এল্মাৰ ক্লজ, ইয়ান কাদাৰ, আঁদ্ৰে ৱাজদা, আঁদ্ৰে মুঙ্ক, জেৰী কাওয়ালেৰেউইজ,  প্ৰমুখ স্ৰষ্টাৰ শিল্পকৰ্মত ইয়াৰ প্ৰভাৱ লক্ষ্য কৰা যায়। বিখ্যাত ৰুচ পৰিচালক মিখাইল ৰমেও ৰাছিয়ান চলচ্চিত্ৰত নিঅ’-ৰিয়েলিষ্টৰ কথা কৈছিল। ইয়াৰ উপৰিও ফ্ৰাঞ্চৰ পৰিচালক ক্লেমেঁ, কায়েৎ, ক্লুজো, জাপানৰ কিনোসিটো, ইচিকাৱয়া, অচিমাৰ শিল্পকৰ্মতো এই ধাৰাৰ প্ৰতিফলন দেখিবলৈ পোৱা যায়। আনকি সত্যজিৎ ৰায়ৰ ‘পথেৰ পাঁচালি’ নিৰ্মাণ ৰ আঁৰত নৱ্য-বাস্তৱবাদী বা নিঅ’-ৰিয়েলিজিম্ শিল্পশৈলীৰ প্ৰভাৱ আৰু প্ৰেৰণা বিশেষভাবে লক্ষ্য কৰা যায়।

নিঅ’-ৰিয়েলিষ্ট চলচ্চিত্ৰই যে কেৱল যুদ্ধোত্তৰ ইটালীৰ চলচ্চিত্ৰৰ ইতিহাসত বৈপ্লৱিক শিল্প আন্দোলন ঘটাইছিল তেনে নহয়  বৰং লক্ষ্য  কৰা যায় যে পৰৱৰ্তী যুগৰ আৰু আগামী প্ৰজন্মৰ চলচ্চিত্ৰ প্ৰগতিৰ ক্ষেত্ৰতো এই আন্দোলনৰ এক সুগভীৰ প্ৰভাৱ বিস্তৃত হৈ থাকিব।

(এই লেখাটো ‘ফিল্মফ্ৰি’ অনলাইন আলোচনী খনত ১৩ জুলাই, ২০১৬ ত প্ৰকাশিত৷  মূল লেখাটো https://www.filmfree.org/2016/07/13/film-movement/255.php পঢ়িব পাৰে৷)

Leave a Reply

Your email address will not be published. Required fields are marked *