নিবন্ধবিবিধ চিন্তা

নগদহীন অৰ্থনীতি কাৰ স্বাৰ্থত? – (ডাঃ অজিত কুমাৰ পটঙ্গীয়া)

ফৰাচী বিপ্লৱৰ সময়ৰ কথা। ফ্ৰান্সৰ দুখীয়া শ্ৰমিক-কৃষকসকলে ভোক নিবাৰণৰ বাবে ৰুটিৰ দাবীত বিক্ষোভত ফাটি পৰাৰ সময়ত ৰাণী মেৰি এন্টনিয়েটে আচৰিত হৈ কৈছিল – ‘ৰুটি নহ’লে কি হ’ল, তেওঁলোকে দেখোন কে’ক খাব পাৰে।’ মোদী ডাঙৰীয়াৰ ধৰণ-কৰণো আজি তেনেধৰণৰ। উপযুক্ত পৰিকল্পনা নোহোৱাৰ বাবে ৫০ দিনত ৫০বাৰৰো বেছি সিদ্ধান্ত সলনি কৰি থাকিব লগা হোৱা বিমুদ্ৰাকৰণৰ নিষ্ঠুৰ আঘাতত তাৰ পৰৱৰ্তী সময়ত দেশজুৰি সকলো ফালে মাথোঁ নাই আৰু নাই। কেনেকৈ সংসাৰ চলিব, কেনেকৈ ৰোগীৰ চিকিৎসা হ’ব, ঔষধ-পাতি যোগাৰ হ’ব, সেই চিন্তাত দেশৰ সাধাৰণ মানুহ অস্থিৰ। দিশহাৰা হৈ সকলো মানুহে অন্য কাম-বন এৰি কৰি এটা বেংকৰপৰা আন এটা বেংকলৈ, এটা এটিএমৰপৰা আন এটা এটিএমলৈ দৌৰি ফুৰিব লগা হৈছে। লাইন পাতি পাতি বহু লোক অসুস্থ হৈ পৰিছে, আনকি মৃত্যুও হৈছে। এনেদৰে ঘন্টাৰ পিছত ঘন্টা লাইনত থিয় দিয়াৰ পাছত হাতত পৰিছে এখন দুই হাজাৰটকীয়া নোট। যিখন ক্ষুদ্ৰ ব্যৱসায়ীয়ে ল’বলৈ অনিচ্ছুক। গাঁওবোৰৰ অৱস্থাটো আৰু কৰুণ। খুচুৰা টকাৰ অভাৱত ব্যৱসায়ীয়ে ধান আৰু শাক-পাচলি কিনিব নোৱৰাত খেতিয়কসকলে মূৰে-কপালে হাত দিছে। ৰবিশস্যৰ বতৰত বীজ, সাৰ ইত্যাদি কিনাৰ বাবে ইমান টকা ক’ৰপৰা আহিব তেওঁলোকে ভাবি পোৱা নাই। খাদ্যসহ নিত্য প্ৰয়োজনীয় বস্তু-বাহানিৰ দোকানবোৰত বেচা-কিনা একেবাৰে কমি গৈছে। নিতান্ত প্ৰয়োজনীয় বস্তুৰ বাহিৰে মানুহে অন্য খৰচৰ কথা ভাবিবলৈ এৰিছে। যিসকল শ্ৰমিকে দৈনিক বা সাপ্তাহিক হিচাপে কাম কৰে, তেওঁলোকৰো হাজিৰা পোৱাত অসুবিধা হৈছে। খুচুৰা টকাৰ অভাৱত চাহ বাগানৰ শ্ৰমিকসকলৰ অৱস্থা আৰু ভয়াৱহ। এইবোৰৰ সুৰুঙা লৈ জনসাধাৰণৰ মাজলৈ আনিব বিচৰা হৈছে নগদহীন বা কেছলেছ প্লাষ্টিক মানি।

মোদী ডাঙৰীয়াই লাইনত থিয় হোৱা জনসাধাৰণক সৈনিক বুলি সম্বোধন কৰি কেতিয়াবা কান্দিছে, কেতিয়াবা হাঁহিছে, অথচ ‘দেশৰ বাবে ত্যাগ স্বীকাৰ’ কৰিবলৈ আহ্বান জনোৱা দৰিদ্ৰ লোকসকলৰ কটা যোৱা মজুৰি পোৱাৰ একো ব্যৱস্থা কৰা নাই। আনকি যিসকল মানুহ নোট বদলি, জমা দিয়া আৰু উলিওৱাৰ লাইনত মৃত্যু হৈছে, তেওঁলোককো একো সাহায্য আগ বঢ়োৱা নাই। প্ৰসিদ্ধ অৰ্থনীতিবিদসকলে কৈছে এই টোগলকী সিদ্ধান্তই ভাৰতৰ অৰ্থনীতিক বিপৰ্যস্ত কৰাটো নিশ্চিত। ইয়াৰ ফলত সকলোতকৈ ডাঙৰ আঘাত সহিবলগা হৈছে দেশৰ নিম্ন মধ্যবিত্ত আৰু দুখীয়া মানুহসকলে।

বিশ্বৰ শীৰ্ষস্থানত থকা পুঁজিপতি বিল গেটছে এই ৰাতাৰাতি হোৱা বিমুদ্ৰাকৰণৰ ফলত ভাৰতবাসীৰ অৱস্থা দেখি কৈছিল, তেওঁলোকে ডেবিট-ক্ৰেডিট কাৰ্ড, ইন্টাৰনেট বেংকিঙৰ জৰিয়তে টকাৰ লেনদেন নকৰে কিয়? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সকলোকে মোবাইল ফোনৰ জৰিয়তে লেনদেন কৰাৰ পৰামৰ্শ দি আহিছে। ভাৰতীয় পুঁজিপতি আম্বানী, আদানি, টাটা, বিড়লাৰপৰা আৰম্ভ কৰি বলিউডৰ একাংশ তাৰকাৰ মুখতো সেই একেই কথা। নগদ ধন নাই যদি আপোনালোকে নানাধৰণৰ কাৰ্ডৰ জৰিয়তে প্লাষ্টিক মানি ব্যৱহাৰ নকৰে কিয়? জনসাধাৰণক বুজোৱা হৈছে, আপোনালোকে নগদ টকাৰ অভাৱ হ’লেও ভয় নাখাব, ডেবিট কাৰ্ড-ক্ৰেডিট কাৰ্ড আপোনালোকৰ ৰক্ষাকৰ্তা হিচাপে উপস্থিত। বাতৰিকাকতত পৃষ্ঠা ভৰাই এই নগদহীন লেনদেনৰ উপায়বোৰৰ বিজ্ঞাপন প্ৰকাশ কৰা হৈছে।
আচলতে এই পুঁজিপতি-কৰ্প’ৰেট শক্তিসমূহে মানুহৰ দুৰ্দশাৰ মাজত লাভৰ সন্ধান পাইছে। বিল গেটছৰ মাইক্ৰছফট কম্পেনিয়ে কম্পিউটাৰ, স্মাৰ্টফোনৰ প্ৰযুক্তি বিক্ৰী কৰে। আম্বানীৰ ৰিলায়েন্স জিঅ’, টাটাৰ ডোকোমা, মিট্টালৰ এয়াৰটেল, ব্ৰিটেইনৰ ভোডাফোন আৰু নানা ব্ৰডব্ৰেণ্ডৰ কোম্পানিত আছে দেশী-বিদেশী পুঁজিৰ বিপুল পৰিমাণৰ বিনিয়োগ। তেওঁলোকে ফোনৰ লগতে ইন্টাৰনেটৰো ব্যৱসায়ো কৰে। ইয়াৰ বাহিৰেও নানাধৰণৰ চৰকাৰী বেংক, বহুবোৰ বেচৰকাৰী বিত্ত প্ৰতিষ্ঠানে এই সুযোগতে তেওঁলোকৰ ব্যৱসায় বৃদ্ধিৰ আশা কৰিছে। ডেবিট-ক্ৰেডিট কাৰ্ড, পেটিএম, মোবিকুইক আদি মোবাইল ৱালেট, ইন্টাৰনেট বেংকিং এনেধৰণৰ কোম্পানিৰ যোগেদি চলে। প্ৰতিটি লেনদেনত এওঁলোকৰ হাততো এক নিৰ্দিষ্ট অংশ কমিছন হিচাপে টকা জমা হয়, যি সাধাৰণ মানুহৰ পকেটৰপৰায়েই আহে। যাৰ পৰিমাণ ইতিমধ্যে বছৰি ১.৫ লাখ কোটি টকা। এতিয়া নগদহীন অৰ্থনীতি আৰম্ভ হ’লে সেই কমিছন কিমান গুণ বাঢ়িব সহজে অনুমেয়। এতিয়া শাক-পাচলি ব্যৱসায়ী, পাণ দোকানী আদিয়ে পেটিএম ব্যৱহাৰ কৰি ব্যৱসায় চলাইছে বুলি যি প্ৰচাৰ চলোৱা হৈছে, তাৰ অন্তৰালত আছে সকলো বৃহৎ পুঁজিপতি-কৰ্প’ৰেট গোষ্ঠীৰ স্বাৰ্থ। এনেধৰণৰ সেৱা সাধাৰণ মোবাইলৰ জৰিয়তে কৰিব নোৱাৰি। তাৰ বাবে লাগিব স্মাৰ্টফোন। গতিকে জনসাধাৰণক অসহায় অৱস্থাৰ ফালে ঠেলি দি এই স্মাৰ্টফোন কিনিবলৈ বাধ্য কৰোৱা হ’ব। গাঁৱৰ দুখীয়া পৰিয়ালৰ পেটৰ ভাতমুঠি যোগাৰ কৰাৰ আগতে এই দামী মোবাইল ফোন কিনিবলৈ বাধ্য হ’ব। নহ’লে তেওঁলোকৰ সামান্য ফচলখিনি বিক্ৰী অথবা কামৰ মজুৰি পোৱাৰ উপায় নাথাকিব। সেই মোবাইলত সকলো সময়ত ইন্টাৰনেট সংযোগ ৰখাৰ বাবেও বহন কৰিব লাগিব অতিৰিক্ত খৰচ। আমাৰ দেশৰ বহুতো মানুহ আজিও নিৰক্ষৰ, বহুতে টিপচহী দিয়ে, কিছুমানে কোনোমতে চহীটো কৰিব পাৰে। সাধাৰণ দুখীয়া মানুহ এটিএমটো দূৰৰে কথা, বেংক গৈয়ে ভয় খায়। তেওঁলোকে প্লাষ্টিক মানি, এটিএম, মোবাইল বেংক কেনেকৈ ব্যৱহাৰ কৰিব? ইয়াৰ বাবে তেওঁলোকে গাঁৱৰ এচাম মাতব্বৰৰ সহায় ল’ব লাগিব। অৰ্থাৎ গাঁৱে গাঁৱে আৰু এক শ্ৰেণীৰ দালাল চক্ৰ গঢ়ি উঠিব।
ভাৰতৰ ৬ লাখৰ মাজত মাত্ৰ ২৭ শতাংশ গাঁৱৰ ৫ মাইলৰ ভিতৰত বেংক আছে (‘ইণ্ডিয়ান এক্সপ্ৰেছ’, ২০ ছেপ্টেম্বৰ, ২০১৬)। মোদী ডাঙৰীয়াৰ বহুলপ্ৰচাৰিত জনধন যোজনাৰ ৯০ শতাংশ একাউন্টত এবছৰেও কোনো টকা জমা হোৱা নাই। ইয়েই প্ৰমাণ কৰে যে বেছিভাগ মানুহৰে বেংকত জমা ৰাখিব পৰা কোন অতিৰিক্ত টকা নাই। আমেৰিকাৰ সমীক্ষা সন্থা PEWৰ সমীক্ষা অনুসৰি ভাৰতত ৭০ শতাংশ মানুহৰে বাচি থকাৰ বাবে অতি প্ৰয়োজনীয় কিছু বস্তু কিনাৰ বাহিৰে অন্য কিবা কিনা বা টকা জমা কৰাৰ ক্ষমতা নাই (‘স্ক্ৰল ডট ইন’, ৪ ডিচেম্বৰ, ২০১৬)। প্ৰায় ৭০ হাজাৰ গাঁৱত কোনো মোবাইল সংযোগ নাই। গাঁৱত বাস কৰা মানুহৰ মাত্ৰ ১৩ শতাংশই ইন্টাৰনেট ব্যৱহাৰ কৰিব জানে। অথচ মোদী ডাঙৰীয়াই কৈছে, আমাৰ দেশত বোলে ১০০ কোটি মোবাইল সংযোগ আছে। বাস্তৱতে কিছুমান মানুহৰ একাধিক আছে, বহুতৰে নাই। ট্ৰাইয়ৰ হিচাপ মতে আমাৰ ১২৫ কোটিৰ দেশত ১০০ কোটি সংযোগ আছে দেশৰ ৬০ কোটি মানুহৰ হাতত। নগদহীন লেনদেনৰ বাবে প্ৰয়োজনীয় কাৰ্ড ছোৱাইপ মেচিন আছে প্ৰতি ১০ লাখ মানুহৰ ৮৫৬টি (৪ ডিচেম্বৰ, ২০১৬)। বিদ্যুৎ যোগানো বহুতো গাঁৱত নাই। এই পৰিস্থিতিত নগদহীন লেনদেনত সাধাৰণ দুখীয়া মানুহৰ অৱস্থা কি হ’ব বুজিবলৈ পণ্ডিত হোৱাৰ আৱশ্যক নাই।
বৃহৎ পুঁজিপতি আম্বানীৰ ৰিলায়েন্সে আজি কেইমাহমান ধৰি জিঅ’ ইন্টাৰনেট সেৱা বিনামূলীয়াকৈ দি থকাৰ প্ৰকৃত উদ্দেশ্য হৈছে ইন্টাৰনেট বেংকিঙত মানুহৰ নিচা সৃষ্টি কৰি তেওঁলোকৰ বাবে এখন বজাৰ তৈয়াৰ কৰা। যেনেকৈ আজিকালি কিছুমান ছাত্ৰাবাসত প্ৰথমে বিনামূলীয়াকৈ ড্ৰাগছ যোগান ধৰি দুষ্ট চক্ৰই এচাম ছাত্ৰক ড্ৰাগছৰ প্ৰতি আসক্ত কৰে। ভাৰতত ব্যৱহাৰ হোৱা ডেবিট (এটিএম) কাৰ্ড দেশৰ ৯৪.৭ শতাংশ মানুহে ব্যৱহাৰ কৰে বেংকৰপৰা টকা উলিয়াবলৈ। আজি বেংকসমূহৰ জৰিয়তে মানুহক নগদ ধনৰ যোগান কমকৈ কৰা আৰু ২ হাজাৰ টকীয়া নোটৰ ব্যৱস্থা চৰকাৰে পৰিকল্পনা অনুসৰিয়েই কৰা যেন অনুমান হয়, যাতে জনসাধাৰণে নগদহীন লেনদেনৰ ফালে যাবলৈ বাধ্য হয়। পিছে আমেৰিকাৰ দৰে ইমান উন্নত দেশতো আজিও ৫৫ শতাংশ মানুহে নগদ লেনদেন কৰে। সেইদৰে জাৰ্মানি আৰু অষ্ট্ৰেলিয়াৰ ৬৫ শতাংশ মানুহে নগদ লেনদেন কৰে। পুঁজিপতি ৰতন টাটাৰ মতে বিমুদ্ৰাকৰণ নোহোৱা হ’লে নগদহীন যুগৰ ফালে যাবলৈ ভাৰতৰ মানুহক বাধ্য কৰাব নোৱাৰিলেহেঁতেন।
এতিয়া ক্ৰমান্বয়ে বেংকসমূহ বেচৰকাৰীকৰণৰ ফালে লৈ যোৱা হৈছে। বহুতো দেশী-বিদেশী পুঁজিপতি-কৰ্প’ৰেট গোষ্ঠীয়ে এইবোৰত বিনিয়োগ কৰিছে। এয়াৰটেলৰ দৰে মোবাইল পৰিসেৱা ক’ম্পেনিয়েও সম্প্ৰতি বেংক খোলাৰ লাইচেন্স লৈছে। মানুহ যিমানেই নগদহীন লেনদেনৰ ফালে যাব, সিমানেই লাভ বাঢ়িব কৰ্প’ৰেট গোষ্ঠীৰ। মানুহে কাৰ্ড কিনি আৰু ব্যৱহাৰ কৰি এসময়ত ইয়াৰ নিচাত ডুবি যায়। হাতত থকা নগদ ধন যিদৰে মানুহে হিচাপ কৰি খৰচ কৰে, কাৰ্ডৰ নিচাই তাক নিয়ন্ত্ৰণ কৰি ৰাখিব নোৱাৰে। কাৰ্ড পৰিসেৱা দিয়া এই কম্পেনিবোৰৰ নানা চৰ্ত এই মানুহবোৰে মানিবলৈ বাধ্য হয়। ফলত বজাৰত বিক্ৰী চলি থাকে, মানুহে এনে কিছুমান বস্তু কিনি পেলায় যিবোৰৰ বেছিভাগেই তেওঁলোকৰ প্ৰয়োজন নাছিল, যিটো বহু বছৰৰপৰা আমেৰিকাৰ মানুহৰ বাস্তৱ অভিজ্ঞতা। এই পথেদি বজাৰত কিছু কৃত্ৰিম চাহিদাৰ সৃষ্টি হৈ থাকে। ডাঙৰ ডাঙৰ শ্বপিং মল ইত্যাদিৰ ঘৰত উঠে বিপুল পৰিমাণৰ লাভ।
আজি বিভিন্ন কম্পেনিৰ ক্ৰেডিট কাৰ্ড ল’বলৈ মানুহ কোনো বিত্ত প্ৰতিষ্ঠানৰ ওচৰলৈ যাব নালাগে, তেওঁলোকৰ প্ৰতিনিধি আহি একো টকা-পইচা নোলোৱাকৈ ঘৰতে দি যাব। আজি খুচুৰা ব্যৱসায়ত বৃহৎ পুঁজিৰ প্ৰবেশ কৰোৱাৰ এটা ডাঙৰ চক্ৰান্ত হিচাপে কাম কৰিছে মানুহক এইদৰে কাৰ্ড ছোৱাইপ, অনলাইন পেমেন্ট, নেট বেংকিঙৰ ফালে ঠেলি দি। আমাৰ ঘৰৰ ওচৰতে থকা সৰু সৰু দোকান যেতিয়া মানুহৰ হাতত নগদ টকাৰ অভাৱত গ্ৰাহক পোৱাৰপৰা বঞ্চিত হ’ব, সেই সময়টোতে বিভিন্ন কাৰ্ড ক’ম্পেনিবোৰে মধ্যবিত্তসকলৰ এটা অংশক গ্ৰাস কৰিব, যিসকলৰ বহুতেই ইয়াত অভ্যস্ত হৈ পৰিব আৰু ওচৰতে থকা সৰু সৰু দোকানবোৰলৈ যোৱা বন্ধ কৰিব। ফলত সাধাৰণ গেলামালৰ দোকানৰপৰা কাপোৰৰ দোকানলৈকে, অন্যান্য বহুতো সৰু সৰু ব্যৱসায়ীৰ লালবাতি জ্বলাটো মাথোঁ সময়ৰ অপেক্ষাত। বেচৰকাৰী কিছুমান বেংক আৰু বিত্ত প্ৰতিষ্ঠান ডাঙৰ ডাঙৰ কিছুমান অনলাইন আৰু শ্বপিং মলৰ দৰে বিক্ৰী প্ৰতিষ্ঠানৰ লগত জোঁট বান্ধি ইতিমধ্যে নানা ভোগ্য পণ্যৰ বিক্ৰীত নামি পৰিছে।

যদিও এই সকলো বস্তু বিক্ৰী কৰিবলৈ মাহেকীয়া কিস্তি, সহজ ঋণ বেংকবোৰে দিব, তাৰ উৎস কি? উৎস হৈছে দেশৰ সাধাৰণ মানুহক বিপৰ্যয়ৰ মুখত পেলাই আদায় কৰা টকাবোৰ। বেংকৰ জৰিয়তে যি টকা গৃহ নিৰ্মাণ ব্যৱসায়ৰপৰা আৰম্ভ কৰি নানা ব্যৱসায়ত নিয়োগ কৰা হ’ব। বৃহৎ ব্যৱসায়ৰ মালিকসকলৰ এচামক চৰকাৰে আকৌ সেই টকা মাফ কৰি দিব আৰু তাৰ ফল ভুগিব সাধাৰণ মানুহে।

ইন্টাৰনেট বেংকিং, মোবাইল ৱালেটৰ জৰিয়তে আদান-প্ৰদানত যি বিপুল পৰিমাণৰ জালিয়াতি চলিছে তাক চৰকাৰে বন্ধ কৰিব কেনেকৈ? মোদী ডাঙৰীয়াই নিজ মুখে যি পেটিএমৰ বিজ্ঞাপন দি আহিছে, তাৰ ভাৰতৰ প্ৰধান বিজয় শেখৰ শৰ্মাই মানি লৈছে যে কাৰ্ডৰপৰা যিদৰে গ্ৰাহকৰ তথ্য চুৰি হৈ জালিয়াতি কৰা মানুহৰ হাতত পৰিব পাৰে, এই POS সেৱাৰদ্বাৰা একেই কায়দাৰে তথ্য চুৰি কৰা অতি সহজ। ইতিমধ্যে বহুতো মানুহ এটিএম কাৰ্ড, ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰি জালিয়াতিৰ কবলত পৰি সৰ্বস্বান্ত হৈছে।

আমোদজনক কথা হ’ল, মোদী ডাঙৰীয়াই যি পেটিএমৰ হৈ প্ৰচাৰ চলাইছে, তাত আছে ভাৰত আৰু চীন দেশৰ বেচৰকাৰী পুঁজি। অথচ চীনবিৰোধী আৱেগৰ জোৱাৰ বিজেপিৰ তথাকথিত ‘দেশপ্ৰেম’ৰ অন্যতম শ্লোগান। এইবোৰ সন্থা ৰিজাৰ্ভ বেংকৰ অনুমোদনপ্ৰাপ্তও নহয়। আইনী নিয়ন্ত্ৰণহীন এই সন্থাবোৰ এদিন হঠাৎ যদি জনসাধাৰণক ঠগন দি দেশৰপৰা উধাও হয় চৰকাৰৰ কৰিবলগা একো নাথাকিব। জালিয়াতি হ’লেও চৰকাৰে আইন নথকাৰ দোহাই দি মানুহক অসহায় অৱস্থালৈ ঠেলি দি হাত সাৰিব। মধ্যবিত্ত, উচ্চবিত্ত যিসকলৰ মাজত শিক্ষাৰ হাৰ বেছি তেওঁলোকেই যেতিয়া জালিয়াতিৰ সহজ চিকাৰ হৈছে। এই অৱস্থাত পাণ-তামোল-গেলামালৰপৰা শাক-পাচলি-ফলমূলৰ ক্ষুদ্ৰ বিক্ৰেতালৈকে যিসকলক পেটিএম বিজ্ঞাপনৰ মুখ হিচাপে তুলি ধৰা হৈছে তেওঁলোকক প্ৰতাৰণা কৰাটো নেট বেংকিঙৰ ঘাগু জালিয়াতি কৰাবোৰৰ বাবে আৰু সহজ হ’ব। আজি এনেদৰেই কৰ্প’ৰেটৰ স্বাৰ্থত মোদী চৰকাৰে দেশৰ অগণন মানুহক চৰম বিপদৰ ফালে ঠেলি দিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *