নিবন্ধবিজ্ঞান-প্ৰযুক্তি

নৰ্মান আৰ্নেষ্ট বৰলাউগ্‌ : এগৰাকী মহান বিজ্ঞানী ।। স্নেহাশীষ মহন্ত

সাঁচিপাতে ভাষা দিব,
চিফুঙে আশা দিব
ৰংঘৰে মেলিব দুৱাৰ,
সমাজে সাৱটিব মহান মানৱতা
বিজ্ঞানে আনিব জোৱাৰ…
~ ভূপেন হাজৰিকা

মানৱ-সভ্যতাৰ অগ্ৰগতিৰ অন্যতম আহিলা হৈছে বিজ্ঞান। বিজ্ঞানৰ হাতত ধৰি সমগ্র বিশ্বমানৱৰ কল্যাণৰ অৰ্থে অহৰ্নিশে প্ৰচেষ্টা চলাই যোৱা বিজ্ঞানীসকলৰ ভিন্ন ভিন্ন আৱিষ্কাৰ-উদ্ভাৱনৰ যোগেদি মানুহৰ সভ্যতাই যুগে যুগে উত্তৰণৰ ন ন স্তৰ অতিক্ৰম কৰিবলৈ সক্ষম হৈছে। তেনে যশোধৰ আৰু যুগন্ধৰ বিজ্ঞানীসকল হৈছে মানৱ-জাতিৰ অগ্রগতিৰ পথিকৃত। প্ৰজ্ঞা আৰু সাধনাৰ বলেৰে তেনে মনিষীসকলৰ মাজত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা বিজ্ঞান জগতৰ এটি উজ্জ্বল নক্ষত্ৰ হৈছে নোবেল পুৰস্কাৰেৰে বিভূষিত মহান বিজ্ঞানী ড নৰ্মান আৰ্নেষ্ট বৰলাউগ্‌ (Norman Ernest Borlaug)। এইগৰাকী বিজ্ঞানীৰ কৰ্মৰ গৌৰৱ গাঁথা আজি বিশ্ব-বন্দিত।1মানৱ-সভ্যতাৰ অগ্ৰগতিৰ অন্যতম আহিলা হৈছে বিজ্ঞান। বিজ্ঞানৰ হাতত ধৰি সমগ্র বিশ্বমানৱৰ কল্যাণৰ অৰ্থে অহৰ্নিশে প্ৰচেষ্টা চলাই যোৱা বিজ্ঞানীসকলৰ ভিন্ন ভিন্ন আৱিষ্কাৰ-উদ্ভাৱনৰ যোগেদি মানুহৰ সভ্যতাই যুগে যুগে উত্তৰণৰ ন ন স্তৰ অতিক্ৰম কৰিবলৈ সক্ষম হৈছে। তেনে যশোধৰ আৰু যুগন্ধৰ বিজ্ঞানীসকল হৈছে মানৱ-জাতিৰ অগ্রগতিৰ পথিকৃত। প্ৰজ্ঞা আৰু সাধনাৰ বলেৰে তেনে মনিষীসকলৰ মাজত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা বিজ্ঞান জগতৰ এটি উজ্জ্বল নক্ষত্ৰ হৈছে নোবেল পুৰস্কাৰেৰে বিভূষিত মহান বিজ্ঞানী ড নৰ্মান আৰ্নেষ্ট বৰলাউগ্‌ (Norman Ernest Borlaug)। এইগৰাকী বিজ্ঞানীৰ কৰ্মৰ গৌৰৱ গাঁথা আজি বিশ্ব-বন্দিত।

প্ৰেৰণাৰ মহান উৎস, প্ৰগতিশীলতাৰ মূৰ্তিমান চানেকি এইগৰাকী ব্যক্তিৰ জন্ম হৈছিল ১৯১৪ চনৰ ২৫ মাৰ্চ তাৰিখে এমেৰিকাৰ আইঅ’ৱাৰ ক্ৰেস্কো নামৰ এখন ঠাইত। হেনৰী বৰলাউগ্‌ আৰু ক্লাৰা বৰলাউগৰ আছিল তেওঁৰ পিতৃ-মাতৃ। নৰ্মানৰ স্বভাৱ আছিল অন্তৰ্মুখী; তেওঁ সকলোবোৰ বস্তু সূক্ষ্মভাৱে নিৰীক্ষণ কৰাটো আছিল তেওঁৰ স্বভাৱজাত গুণ। সৰুৰে পৰাই তেওঁ আছিল অতিশয় কৌতূহলী আৰু স্বাধীন-চিন্তাৰ মন এটাৰ অধিকাৰী। নৰ্মানে শৈশৱ আৰু কৈশোৰৰ সময়ছোৱা ককাকৰ কৃষি পামত অতিবাহিত কৰিছিল কাৰণেই সৰুতেই তেওঁৰ সৈতে উদ্ভিদ আৰু কৃষিৰ এক নিবিড় সম্পৰ্কই গঢ় লৈ উঠিছিল।
ক্ৰেস্কোতেই প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা সমাপ্ত কৰা বৰলাউগক বিদ্যায়তনিক শিক্ষা লাভৰ সময়তেই বৃত্তিমূলক কৃষিৰ শিক্ষক হেৰী শ্ৰডাৰে কৃষি-বিজ্ঞান অধ্যয়ন কৰিবলৈ অনুপ্ৰাণিত কৰিছিল। তেওঁৰ উচ্চ শিক্ষাৰ যাত্ৰা আৰম্ভ হৈছিল মিনেছ’টা বিশ্ববিদ্যালয়ৰ পৰা। সেইখন বিশ্ববিদ্যালয়পৰাই তেওঁ ১৯৩৭ চনত বন-বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰিছিল। তাৰ পিছত সেই একে বিশ্ববিদ্যালয়ৰ পৰাই উদ্ভিদ-ৰোগ বিজ্ঞান আৰু আনুবংশিক বিজ্ঞানত ক্ৰমে ১৯৩৯ চনত স্নাতকোত্তৰ আৰু ১৯৪২ চনত ডক্টৰেট ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছিল।
পঢ়া-শুনাৰ বহিৰেও তেওঁৰ খেলা-ধূলাৰ প্ৰতিও ৰুচি আছিল। তেওঁ আছিল এজন ভাল কুস্তি খেলুৱৈ। বিশ্ববিদ্যালয়ত পঢ়ি থকাৰ সময়ত কুস্তিখেলত বিভিন্নধৰণৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল তেওঁ। মিনেছ’টা বিশ্ববিদ্যালয়ত পঢ়ি থকাৰ সময়তে তেওঁ মাৰ্গাৰেট জিবচনক লগ পাইছিল। ১৯৩৭ চনত দুয়ো বিবাহপাশত আবদ্ধ হয়। তেওঁলোক হৈছিলগৈ তিনিটি সন্তানৰ পিতৃ-মাতৃ। কিন্তু তেওঁৰ এটি সন্তানে জন্মৰ পিছতেই কৰুণ মৃত্যুক আঁকোৱালি ল’ব লগা হৈছিল।
বৰলাউগৰ জীৱনযাত্ৰা আছিল অত্যন্ত ব্যস্ত অথচ প্ৰেৰণাদায়ক। ১৯৪২ চনৰ পৰা ১৯৪৪ চনলৈকে তেওঁ ডু পণ্ট ডি নেম’ৰছ ফাউণ্ডেশ্বনত এজন অনুজীৱবিজ্ঞানী হিচাপে কৰ্মৰত আছিল। তেওঁ আছিল ঔদ্যোগিক আৰু কৃষি বেক্টেৰিয়ানাশক, ভেঁকুৰনাশক আৰু সংৰক্ষক দ্ৰব্যৰ গৱেষণাৰ দায়িত্ব। ১৯৪৪ চনত তেওঁ মেক্সিকান চৰকাৰ আৰু ৰকফেলাৰ ফাউণ্ডেশ্যনৰ যৌথ উদ্যোগত আৰম্ভ হোৱা ঘেঁহু গৱেষণা আৰু উৎপাদন কাৰ্যসূচীৰ আয়োজন আৰু পৰিচালনাৰ কামত জিনীয় বিশেষজ্ঞ আৰু উদ্ভিদ-ৰোগ বিজ্ঞানী হিচাপে নিযুক্তি লাভ কৰিছিল। এই কাৰ্যসূচীত উদ্ভিদ প্ৰজনন, উদ্ভিদ ৰোগ-বিজ্ঞান, পতংগ-বিজ্ঞান, ভূমি-বিজ্ঞান আৰু শস্য প্ৰযুক্তিৰ বৈজ্ঞানিক গৱেষণাৰ সন্দৰ্ভত বিশেষভাৱে গুৰুত্ব আৰোপ কৰা হৈছিল। এই কাৰ্যসূচীৰ মুখ্য উদ্দ্যেশ্য আছিল মেক্সিকোত ঘেঁহুৰ উৎপাদন বৃদ্ধি কৰা। ১৯৬৪ চনত তেওঁ আন্ত:ৰাষ্ট্ৰীয় কুঁহিয়াৰ আৰু ঘেঁহু উন্নয়ণ কেন্দ্ৰৰ ঘেঁহু উন্নয়ণ কাৰ্যসূচীৰ সঞ্চালকৰূপে নিযুক্ত হৈছিল। তেওঁ বিশ্ব সাংস্কৃতিক পৰিষদৰ প্ৰতিষ্ঠাপক সদস্যৰূপে পৰিগণিত হৈছিল ১৯৮১ চনত । তাৰ তিনি বছৰ পিছত—১৯৮৪—চনত তেওঁ টেক্সাছৰ এ এণ্ড এম বিশ্ববিদ্যালয়ত অধ্যাপনা আৰু গৱেষণাৰ কামত নিমগ্ন হৈ পৰে।

কবিয়ে কৈছে “সৃষ্টিৰ দিনাৰে পৰা নিয়তিৰ সতে হেৰা, মানুহৰ সংগ্ৰাম অক্ষয়”! এনে এক প্ৰতিকূল পৰিস্থিতিতেই সৃষ্টি হৈছিল কৃষি-বিজ্ঞানৰ এক যুগান্তকাৰী অধ্যায় “সেউজ বিপ্লৱ”-ৰ। সেই বিশ্ববিখ্যাত যুগান্তকাৰী ঘটনাটোৰ পিতৃৰূপে খ্যাত হৈছে নৰ্মান আৰ্নেষ্ট বৰলাউগ। যি সময়ত মানৱ-সমাজে বৰ্দ্ধিত জনসংখ্যাৰ বাবে খাদ্য সংকটৰ সন্মুখীন হোৱাৰ দিশে গতি কৰিছিল, তেতিয়াই বৰলাউগৰ নেতৃত্বত গঢ় লৈ উঠা সেউজ বিপ্লৱে আশাৰ ৰশ্মি বিয়পাবলৈ সক্ষম হৈছিল। বৰলাউগে সংযোগী প্ৰজনন (Shuttle breeding) প্ৰক্ৰিয়াৰ ব্যৱহাৰ কৰাৰ লগতে কম ক্ষেত্ৰফলত, কম পানী অথবা কম পোষক-দ্রৱ্যৰ ব্যৱহাৰ কৰি—কম খৰচতে—উচ্চ উৎপাদনক্ষম আৰু ৰোগ প্ৰতিৰোধী (বিশেষকৈ কাণ্ড ৰঙা পৰা ৰোগ) ঘেঁহুৰ প্রকৰণ উদ্ভাৱন কৰিবলৈ সক্ষম হৈছিল। এই আৱিষ্কাৰে মেক্সিকোৰ ঘেঁহুৰ উৎপাদন বৃদ্ধিত অভাৱনীয়ভাৱে সহায় কৰিছিল আৰু বৰ্ধিত খাদ্য সংকটৰ সমস্যা সমাধানৰ পথ মুকলি কৰিছিল। মেক্সিকোৱে সন্মুখীন হোৱা কৃষি সমস্যা আৰু অনাহাৰে অন্যান্য উন্নয়নশীল দেশসমূহৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছিল। দ্বিতীয় বিশ্বযুদ্ধৰ অন্তত খাদ্যৰ নাটনিয়ে ঠায়ে ঠায়ে ভয়ানক দুৰ্ভিক্ষ সৃষ্টি কৰি এক ডাঙৰ প্ৰত্যাহ্বান দাঙি ধৰিছিল বিশ্বনেতাসমূহৰ সন্মুখত। বৰলাউগৰ নেতৃত্বত সংঘটিত হোৱা সেউজ বিপ্লৱে তেনে প্রত্যাহ্বান ওফৰাই পেলাইছিল আৰু সাধাৰণ জনগণক এই সম্ভাব্য বিভীষিকাৰ পৰা ৰক্ষা কৰিবলৈ সক্ষম হৈছিল।

ভাৰতীয় উপমহাদেশতো সেউজ বিপ্লৱৰ প্ৰভাৱ পৰিলক্ষিত হৈছিল—বিশেষকৈ ভাৰত আৰু পাকিস্তানত। ১৯৬০-ৰ দশকটোৰ মাজভাগত যেতিয়া এই দুই দেশ অনাহাৰৰ সন্মুখীন হৈছিল, মেক্সিকোত ঘেঁহুৰ সফলতাৰ মুখ দেখা বৰলাউগ্‌ আৰু তেওঁৰ দলক ভাৰত আৰু পাকিস্তানতো গৱেষণা তথা পৰীক্ষা-নিৰীক্ষা কৰিবলৈ আহ্বান জনোৱা হৈছিল। ১৯৭০ চনৰ মাজভাগলৈকে দুয়োখন দেশতে উৎপাদন চাৰিগুণ বৃদ্ধি পাইছিল। ১৯৬০-ৰ দশকৰ শেষৰফালে মধ্যপ্ৰাচ্যৰ প্ৰায় সকলোবোৰ দেশতে বৰলাউগৰ সেউজ বিপ্লৱৰ গভীৰ প্রভাৱ পৰিছিল। বৰলাউগৰ নেতৃত্বত চলি থকা সেউজ বিপ্লৱত উচ্চ উৎপাদনক্ষম শস্যৰ জাতকে ধৰি উন্নত কৃষি-প্ৰযুক্তিৰ ব্যাপক ব্যৱহাৰ হৈছিল। এই বিপ্লৱে বিশ্বৰ কৃষিখণ্ডত আমূল পৰিৱৰ্তন সাধিবলৈ সক্ষম হৈছিল। বিশেষকৈ উন্নয়নশীল দেশসমূহত, য’ত শস্যৰ উৎপাদন বৃদ্ধিয়ে ব্যাপক দুৰ্ভিক্ষ ৰোধ কৰাত সহায় কৰিছিল আৰু জীৱন ধাৰণৰ মান উন্নত কৰাত অৰিহণা যোগাইছিল।
বৰলাউগৰ যুগান্তকাৰী অৱদানৰ স্বীকৃতিস্বৰূপে ১৯৭০ চনত তেওঁক শান্তিৰ নোবেল বঁটাৰে সন্মানিত কৰা হৈছিল। কৃষি-বিজ্ঞানৰ উন্নতিৰ জৰিয়তে এক বিলিয়নৰো অধিক লোকক অনাহাৰৰ পৰা ৰক্ষা কৰাত বৰলাউগৰ ভূমিকা অনস্বীকাৰ্য। নোবেল পুৰস্কাৰৰ উপৰিও তেওঁ লাভ কৰা আন কিছু উল্লেখনীয় সন্মান হৈছে, এমেৰিকান একাডেমী অৱ এছিভমেণ্টছ গ’ল্ডেন প্লেট এৱাৰ্ড (১৯৭১), প্ৰেছিডেঞ্চিয়েল মেডেল অৱ ফ্ৰিডম (১৯৭৭), ৰ’টেৰী ইণ্টাৰনেশ্যনেল এ‍ৱাৰ্ড (২০০২), পদ্ম বিভূষণ (২০০৬), নেশ্যনেল মেডেল অৱ চায়েন্স ফৰ বায়’লজীকেল চায়েন্স (২০০৬) আদি।
ইয়াৰ উপৰিও তেওঁ ৰয়েল চ’ছাইটি, বাংলাদেশ একাডেমী অৱ ছায়েন্স, আইঅ’ৱা একাডেমী অৱ ছায়েন্স, হাংগাৰিয়ান একাডেমী অৱ ছায়েন্সৰো সদস্যৰূপে সংযুক্ত হৈছিল। তেওঁ ১১-খন দেশৰ পৰা ৬০-টাকৈ ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল।
বৰলাউগে বিশ্বত খাদ্যৰ গুণগত মান, পৰিমাণ অথবা উপলব্ধতা উন্নত কৰি মানৱ বিকাশৰ উন্নতি সাধন কৰা ব্যক্তিসকলৰ সাফল্যক স্বীকৃতি দিয়াৰ অৰ্থে “বিশ্ব খাদ্য বঁটা” ৰূপে এটি আন্ত:ৰাষ্ট্ৰীয় বঁটাৰ জন্ম দিছিল; এইটো বঁটাক খাদ্য আৰু কৃষিক্ষেত্ৰৰ নোবেল বঁটাৰূপে অভিহিত কৰিব পাৰি। উল্লেখ কৰিব পৰাই যে এই বঁটাৰ প্ৰথমজন বিজয়ী আছিল তেওঁৰেই সহকৰ্মী, ভাৰতৰ সেউজ বিপ্লৱৰ পিতৃৰূপে খ্যাত এম.এছ.স্বামীনাথন।
প্ৰাপ্তি আৰু কৃতিত্বৰে পৰিপূৰ্ণ বৰলাউগৰ জীৱনটোত কিন্তু দ্বন্দ্ব-সংঘাতো আছিল। ১৯৮০ চনৰ আৰম্ভণিতে পৰিৱেশহিতৈষী কিছু সংগঠনে তেওঁৰ পদ্ধতিৰ বিৰোধিতা কৰি তেওঁৰ পৰিকল্পিত প্ৰচেষ্টাক আফ্ৰিকালৈ সম্প্ৰসাৰণ কৰাৰ বিৰুদ্ধে অভিযান চলাইছিল। তেওঁলোকে বিশ্ব বেংক, ৰকফেলাৰ আৰু ফ’ৰ্ড ফাউণ্ডেশ্যনক বৰলাউগৰ আফ্ৰিকান প্ৰকল্পসমূহৰ কাৰণে ধনৰাশি প্ৰদান কৰাত আৰু পশ্চিম ইউৰোপৰ চৰকাৰসমূহক আফ্ৰিকালৈ সাৰ যোগান বন্ধ কৰিবৰ বাবে আহ্বান জনাইছিল। ইয়াৰ উপৰিও তেওঁৰ গৱেষণাৰ সময়ছোৱাত জিনীয় সংকৰণক অস্বাভাৱিক তথা অপ্ৰাকৃতিক বুলি অপছন্দ কৰা লোকসকলৰ সমালোচনা তথা আক্ৰোশৰো সন্মুখীন হ’ব লগা হৈছিল।
জীৱনৰ অন্তিম কালছোৱালৈকে নিজৰ জীৱনক মানৱহিতাৰ্থে সমৰ্পিত কৰা বৰলাউগ্‌ ক্ষুধা নিবাৰণৰ যুঁজখনত জয়ী হ’ল যদিও ৯৫ বছৰ বয়সত ২০০৯ চনৰ ১২ ছেপ্তেম্বৰ তাৰিখে বাৰ্ধক্যৰ হাতত পৰাভূত হ’ল। তেওঁৰ আজীৱন সাধনাক সন্মান জনোৱাৰ অৰ্থে ২০১৩ চনত দিল্লীত অৱস্থিত ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ চৌহদত আৰু ২০১৪ চনত সংযুক্ত ৰাষ্ট্ৰৰ কেপিটলত তেওঁৰ প্ৰতিমূৰ্তি স্থাপন কৰা হৈছিল। তেওঁৰ স্মৃতিত ৰকফেলাৰ ফাউণ্ডেশ্যনে “নৰ্মান আৰ্নেষ্ট বৰলাউগ্‌” বঁটা নামেৰে এটি বঁটাৰ সৃষ্টি কৰিছিল। এই বঁটাটি খাদ্য, পুষ্টি সুৰক্ষা আৰু ক্ষুধা নিৰ্মূলৰ ক্ষেত্ৰখনত ব্যতিক্ৰমী অৱদান আগবঢ়োৱা ৪০ বছৰৰ অনুৰ্দ্ধৰ কোনো বিজ্ঞানীক প্ৰদান কৰা হয়। কৃষি-বিজ্ঞানক সাধাৰণ জনগণৰ ওচৰ চপাই অনা, ক্ষুধা নামৰ ত্ৰাসটোৰপৰা সমাজখনক আঁতৰাই ৰখাৰ অক্লান্ত চেষ্টাত ব্ৰতী হৈ নিজৰ জীৱনক উৎসৰ্গিত কৰা ডনৰ্মান আৰ্নেষ্ট বৰলাউগ্‌ আজি কায়িকভাৱে অনুপস্থিত যদিও তেওঁৰ জ্ঞান আৰু গৰিমাৰ জ্যোতিয়ে চিৰদিন চিৰকাললৈ আলোকিত কৰিব সমগ্ৰ বিজ্ঞান জগত তথা মানৱ সমাজক।

  1. ↩︎

Leave a Reply

Your email address will not be published. Required fields are marked *