নতুন দিনৰ ঔ কুঁৱৰী-(কাকলি নেওগ)
শোৱনি কোঠাত কাপোৰ জাপি থকা জীয়েক ৰ’দালিক আলেঙে আলেঙে লক্ষ্য কৰিলে চন্দ্ৰালীয়ে৷ কেতিয়াবা আচৰিত হয় তাই৷ কি দৰে সম্ভৱ এয়া? ঈশ্বৰে ইমানেই সমৃদ্ধ কৰি ধৰালৈ পঠাইছেনে বাৰু ৰ’দালিক? হাজাৰ ঘাত-প্ৰতিঘাত প্ৰতিহত কৰি স্থিতপ্ৰজ্ঞ হৈ ৰ’ব পৰাকে! বাখৰুৱা সুখ এটাই ভীৰ কৰেহি তাইৰ অন্তৰত৷ এই সুখ প্ৰাপ্তিৰ৷ এই সুখ মাতৃত্বৰ৷ চকুদুটা মুদি চকীখনত হেলান দি তাই যেন আকৌ অনুভৱ কৰিলে সেই দিনবোৰ৷ সেই দিন যে পাহৰা নাযায়!
কোনো জটিলতাই স্পৰ্শ কৰিব নোৱাৰা শৈশৱ আৰু যৌৱনৰ বুকুৱেদি বগুৱা বাই চন্দ্ৰালীয়ে এদিন নাৰী জীৱনৰ সেই বিশেষ ক্ষণত আহি উপস্থিত হৈছিল, সদায় সিহঁতক পক্ষীৰ দৰে স্বাধীনতা দিয়া হোজা দেউতাকে তাইক কৈছিল,
: আই অ’ মনঃপুত হোৱা নাই যদি ক’বি৷ তোৰ ইচ্ছাৰ বিৰুদ্ধে গৈ তোক বিয়া নিদিওঁ আমি৷
বিনাদ্বিধাই সিদিনা তাই কৈছিল, তাইৰ আপত্তি নাই৷ আচলতে আপত্তিৰ সুৰুঙা তাত নাছিল৷ গ্ৰামাঞ্চলৰ এক নিম্নমধ্যবিত্ত ঘৰৰপৰা ওলাই আহি মফচলীয়া ঠাই এখনত এজন চাকৰিয়াল ব্যক্তিক জীৱন সংগী হিচাবে পোৱাটোক তাই সৌভাগ্য বুিলেয়ই ভাবিছিল৷ বিয়াখন তাইৰ হ’ল৷ অলপো ক্ৰটী নৰখাকে তাই নতুন ঘৰখনৰ প্ৰতিজন সদস্যৰ আব্দাৰবোৰ পূৰণৰ চেষ্টা কৰিছিল৷ জীৱন সংগী অচ্যুতৰ পৰা ওৱাদানিকৈ মৰম-চেনেহ নাপালেও জীৱন অতিবাহিত কৰিবৰ জোখাৰে চন্দ্ৰালীৰ দৃষ্টিত সেয়াই যথেষ্ট আছিল৷
এদিন তাই নিজকে আৱিষ্কাৰ কৰিছিল নিজক সন্তানসম্ভৱা ৰূপত৷ নাম নজনা সুখৰ অনুভূতি এটাই সিদিনা বুৰাই পেলাইছিল তাইক৷ কপাহ কোমল আৰু গুলপীয়া কণমানি এজনীৰ ছবি এখনে দোলা দিছিল তাইৰ দুচকুত৷ তাই আশা কৰাৰ দৰেই ৰৌদ্ৰোজ্জ্বল এটি পুৱাত তাইৰ কোলা শুৱনি কৰিছিলহি এজনী কণমানি পৰীয়ে৷ হাঁহিছিল তাই৷ কিন্তু অচ্যুতৰ অভিব্যক্তিত পিতৃত্বৰ সেই সুখ যেন উজলি উঠা নাছিল৷ নিয়মমাফিক হস্পিতালৰ কামবোৰ খুব ততাতৈয়াকৈ কৰি সি দায়িত্বৰ পৰা যেন আজৰি হ’ব খুজিছিল ৷ তাই ঘৰলৈ ঘূৰি অহাৰ পাছতো লক্ষ্য কৰিছিল প্ৰথম সন্তানৰ প্ৰতি পিতৃ হিচাপে থাকিব লগীয়া বিশেষ টানটো অচ্যুতৰ নাই৷ হস্পিতালৰ পৰা ঘূৰি অহাৰ পিছদিনা অফিচ যাবলৈ সাজু হোৱা অচ্যুতক কণমানি ৰ’দালিক দেখুৱাই তাই কৈছিল,
: চাওক চোন কেনে মৰম লগা তাইৰ হাত-ভৰিবোৰ৷
:এতিয়া মোৰ সেইবোৰ চাই থাকিবৰ সময় নাই দেই৷ এনেও দুদিন অফিচ খতি হ’লেই৷ খাৱৰীয়া বাঢ়িল সংসাৰত৷ এইবোৰ কথা কি বুজিবা তোমালোকে৷ –সিদিনা অচ্যুতৰ কথাখিনিয়ে কাঁইটে বিন্ধাৰ দৰে বিন্ধিছিল তাইক৷ কিয় এই বিৰাগ নিজৰ সদ্যোজাত সন্তানৰ প্ৰতি? কেৱল কন্যা সন্তান হোৱা বাবে? অচ্যুতৰ এই ব্যৱহাৰে সিদিনা তাইক যেন খুব ভালদৰে বুজাই দিছিল, স্বাক্ষৰ হোৱা আৰু প্ৰকৃত অৰ্থত শিক্ষিত হোৱাৰ মাজত বহুত পাৰ্থক্য আছে৷ আধুনিক সাজ-পাৰ পৰিহিত অচ্যুতে নিজৰ এলান্ধুকলীয়া মনটো তাৰ ব্যৱহাৰেৰে উন্মুক্ত কৰি দিছিল৷
সেয়া মাত্ৰ আৰম্ভণিহে আছিল৷ একলা দুকলাকৈ বাঢ়ি অহা ৰ’দালিৰ মনটোতো সময়ৰ লগে লগে বহিছিল এনে সহস্ৰ আঁচোৰ৷
: মা,মা দেউতাই মোক লগৰবোৰৰ দৰে ফুৰাবলৈ নিনিয়ে কিয়?
: নিব মা৷ দেউতা বহুত ব্যস্ত থাকে নহয়৷ মই আজি তোমাক লৈ যাম দেই!
কণমানি ৰ’দালিৰ নিষ্পাপ আব্দাৰবোৰ এনেদৰে নিচুকাই চন্দ্ৰালীয়ে অশেষ চেষ্টা কৰিছিল অচ্যুতৰ মনত ৰ’দালিৰ প্ৰতি মৰম জগাবলৈ৷ কিন্তু তাইৰ অন্তৰৰ আহ্বানটোৰ প্ৰতি যেন নিৰুদ্বেগ আছিল সি৷ বৰং ৰ’দালিৰ চাৰি বছৰ হওঁতে এদিন সি জনাইছিল যে দ্বিতীয়টো সন্তান লাগে তাক৷ মানসিকভাৱে সামান্য প্ৰস্তুত নোহোৱা চন্দ্ৰালীয়ে কেৱল মাত্ৰ পৰিয়ালটোৰ শান্তি বিঘ্নিত নকৰাৰ স্বাৰ্থত নিজকে সাজু কৰিছিল দ্বিতীয় বাৰৰ বাবে মাতৃ হ’বলৈ৷ অচ্যুতে আশা কৰাৰ দৰেই তাইৰ এটি পুত্ৰ সন্তান জন্ম হৈছিল৷ ঠিক সেয়াই যেন আৰম্ভণি আছিল ৰ’দালিৰ কণ্টকময় দিনবোৰ৷
পিতৃ-মাতৃৰ দৃষ্টিত সন্তান সদায় সন্তানই৷ সি লাগিলে ল’ৰা বা ছোৱালী যিয়ে নহওক কিয়! কিন্তু অচ্যুত? তাৰ বাবে যেন এই কথাবোৰ অৰ্থহীন৷ দ্বিতীয় সন্তান বিদূৰক দেউতাকে কৰা আচুতীয়া মৰমবোৰৰ বাবে ৰ’দালিৰ বুকুত জমা হোৱা বেদনাবোৰ মাতৃ হিচাপে চন্দ্ৰালীৰ চকুৰ পৰা হাৰি যোৱা নাছিল৷ দুটা সন্তানৰ মাজত দেউতাকৰ আচৰণে যাতে বিৰোধ সৃষ্টি কৰিব নোৱাৰে, তাৰ বাবে অহৰহ সচেতন হৈ আছিল তাই৷ আৰু ৰ’দালি? লাহে লাহে যেন পৰিৱেশ-পৰিস্থিতিয়ে তাইক এটুকুৰা জুয়ে পোৰা সোণ কৰি তুলিছিল৷ যি সীমিত সুবিধা আৰু আদৰ তাই পাইছিল, তাক সুব্যৱহাৰ কৰাত কৃপণালি কৰা নাছিল তাই৷ কোনোদিন ভায়েকৰ প্ৰতি ঈৰ্ষাপৰায়ণা হোৱা নাছিল তাই৷ তাইৰ এই উত্তৰণত সুখী হৈ উঠিছিল চন্দ্ৰালী৷
হায়াৰ চেকেণ্ডেৰীৰ পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীণ হোৱা ৰ’দালিয়ে স্বইচ্ছাৰে ঘৰৰ ওচৰৰ কলেজখনত নাম ভৰ্ত্তি কৰিছিল৷ পঢ়া-শুনাৰ লগতে জোৰ কৰি তাই মাকক ঘৰুৱা কামৰপৰা অব্যাহতি দিয়াৰ যত্ন কৰিছিল, দেউতাকৰ টিফিন ৰেডি কৰিছিল, ৰাতি ৰাতি টোপনি খতি কৰি ভায়েকৰ প্ৰেক্টিকেল নোট লিখাত সহায় কৰিছিল৷ কোনোদিনে দেউতাকৰ ওচৰত একো দাবী কৰা নাছিল৷ মাত্ৰ ৰাতি চন্দ্ৰালীয়ে বুকুত সামৰি লোৱা ছোৱালীজনীয়ে সদায় এষাৰ কথাই কৈছিল,
: সদায় মোক কাষত ৰাখিবা দেই মা৷
সজোৰে সাৱটি ধৰিছিল চন্দ্ৰালীয়ে তাইক৷ এয়া যে তাইৰো হৃদয়ৰ অভিলাষ! আজীৱন তাইৰ প্ৰাণৰ পুতলী তাইৰ বুকুতেই ৰওক৷
বিদূৰৰ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ পাছতেই হঠাতে এদিন অচ্যুত প্ৰায় এসপ্তাহ জ্বৰত ভুগিল৷ লাহে লাহে জ্বৰ কমিলেও এদিন ৰাতি অকস্মাতে অহা এটা ষ্টোকে তাৰ সোঁ অংশটো সম্পূৰ্ণ বিকল কৰি তুলিলে৷ দিকবিদিক হেৰুৱাই পেলালে চন্দ্ৰালীয়ে৷ দুটাকৈ পঢ়ি থকা ল’ৰা-ছোৱালীৰ সৈতে কিদৰে সংসাৰৰ জোৰা-টাপলি মাৰে? তাই কোনোদিন দায়িত্ববোৰ অকলে মোকাবিলা কৰাৰ সুযোগেই পোৱা নাছিল৷ কিন্তু ৰ’দালিয়ে অভিজ্ঞ মানুহৰ দৰে চম্ভালি ল’লে সকলো৷ ইতিমধ্যে বি.এ.ৰ ৰিজাল্ট ওলাইছিল তাইৰ৷ প্ৰবোধ দিলে তাই মাকক,
: চিন্তা নকৰিবা মা৷ মই চম্ভালি ল’ম সকলো৷
হয়৷ চম্ভালি লৈছিল তাই সকলো৷ ঘৰৰ ওচৰৰ প্ৰাইভেট স্কুলখনত শিক্ষয়িত্ৰীৰ চাকৰিটো অনায়াসে লাভ কৰিছিল তাই৷ দেউতাকৰ অফিচৰ কামবোৰ সামধান কৰাৰে পৰা ভায়েকৰ কৰ্চিং, হস্পিতাল, ডাক্তৰৰ কামত দৌৰি ফুৰিছিল তাই৷ দিনান্তত ৰ’দালিৰ ক্লান্ত মুখখন দেখি বুকুখন মোচৰ খাই আহিছিল চন্দ্ৰালীৰ৷ ক’ৰবাত যেন অসম্পূৰ্ণ হৈ ৰ’ল তাইৰ প্ৰাপ্য আদৰ আৰু মৰমবোৰ৷ বিচনাত পৰি ৰোৱা অচ্যুতে সজল দৃষ্টিৰে চাই ৰয় ৰ’দালিলৈ৷ অনাদৃত পাপৰি বুলি উপেক্ষা কৰা ফুলপাহি যে স্বগুণেৰে প্ৰস্ফুটিত হৈ পৰিল৷ দেউতাকৰ মনৰ ভিতৰৰ ধুমুহাজাকৰ যেন উমান পাই ৰ’দালিয়ে৷ দেউতাকৰ চকুপানীবোৰ মোহাৰি দিয়ে তাই৷ ম’বাইলত বিভিন্ন মটিভেচনেল স্পীচ শুনাই তাই সাহস দিয়ে দেউতাকক,
: তুমি সোনকালেই ভাল হ’বা দেউতা৷
অচ্যুতৰ ঔষধৰ সময় হোৱাত ইমানপৰে ভাবৰ সাগৰত ডুবি থকা চন্দ্ৰালী লাহেকৈ চকীখনৰ পৰা উঠি আহিল৷ ৰুমৰ দুৱাৰখনৰ সন্মুখত ৰৈ চকুলোৰ বন্যা নামি আহিল তাইৰ দুগালেদি৷ খুব আলফুলে দেউতাকৰ মুখখন পৰিষ্কাৰ কৰি থকা ৰ’দালিৰ মূৰত কপা কপা হাতেৰে দেউতাকে বুলাইছে চেনেহৰ হাত৷ তৃষ্ণাতুৰ মানুহে পানীৰ সন্ধান পালে তৃপ্ত হোৱাৰ দৰে উজলি উঠিছে ৰ’দালিৰ মুখাৱয়ব৷ অন্তৰৰ নিভৃতত লুকাই থকা সপোনৰ ছবিখনৰ পূৰ্ণতাই সুখী কৰি তুলিলে চন্দ্ৰালীক৷ কাষ চাপি গৈ ৰ’দালিৰ কপালত সস্নেহেৰে তাই যাঁচি দিলে এটি তপত চুম্বন৷