নতুন ন্যায় ‘সংহিতা’ : এই পৰিৱৰ্তনে কি সূচায়?-(মূল – সীমা আজাদ, অনুবাদ – কল্যাণী কোঁৱৰ)
[ অনুবাদিকাৰ টোকা : ‘ন্যায় সংহিতা’ জনস্বাৰ্থৰ হিতাৰ্থে, ব্ৰিটিছৰ ঔপনিৱেশিক আইনৰ সংশোধন নহয়, বৰং হিন্দুত্ববাদী চৈৰতন্ত্ৰৰ এটা গুৰুত্বপূৰ্ণ খোজ। ব্যক্তি স্বাধীনতা খৰ্ব কৰাৰ নতুন চক্ৰান্ত। বৰ্তমান সময়ৰ ভয়ংকৰ ৰাজনৈতিক সংকট। এই বিষয়ৰ অন্তৰালৰ কথাবোৰ জনগণৰ আগত স্পষ্ট কৰাৰ স্বাৰ্থত লেখিকা তথা গণ সাংবাদিক *সীমা আজাদ-ৰ গুৰুত্বপূৰ্ণ সংবাদধৰ্মী চমু হিন্দী প্ৰৱন্ধ ‘নয়া ন্যায় ‘সংহিতা’ : য়ে বদলাৱ কিয়া কহতা হ্যায়?’-ৰ অসমীয়া অনুবাদ ‘নতুন ন্যায় ‘সংহিতা’: এই পৰিৱৰ্তনে কি সূচায়?’ ‘মুক্ত চিন্তা’ৰ পাঠকৰ বাবে আগবঢ়ালোঁ । প্ৰবন্ধটো হিন্দী পত্ৰিকা ‘দস্তক’-ৰ চেপ্তেম্বৰ -অক্টোবৰ ‘২৩ সংখ্যাত প্ৰকাশ পাইছে। ]
সংসদত বৰ্ষাকালীন অধিৱেশনৰ শেষৰ দিনা ভাজপা চৰকাৰে সকলোকে আচৰিত কৰি দিলে। তেওঁলোকে সংসদৰ শেষৰ কেইঘন্টামানত ভাৰতীয় আইনৰ ‘ক’ড’-ৰ সলনি ‘সংহিতা’ৰে সংশোধনীৰ প্ৰস্তাৱ আগবঢ়ায়। গৃহমন্ত্ৰী অমিত শ্বাহে সংসদত আইপিচি (ইণ্ডিয়ান পেনেল ক’ড)-ৰ সলনি ‘ভাৰতীয় ন্যায় সংহিতা’, চিআৰপিচি (ক্ৰিমিনেল প্ৰচিডিউৰ ক’ড)-ৰ সলনি ‘ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা’ আৰু ভাৰতীয় সাক্ষ্য অধিনিয়মৰ সলনি ‘ভাৰতীয় সাক্ষ্য সংহিতা’ লৈ সংশোধন ঘটোৱাৰ কথা ঘোষণা কৰিলে। অৱশ্যে বৰ্তমান প্ৰস্তাৱটো ষ্টেণ্ডিং কমিটিলৈ যাব লাগিব, তাৰপাছত শীতকালীন অধিৱেশনৰ দুয়োখন সদনত গৃহীত হ’ব লাগিব। কিন্তু চৰকাৰৰ দ্বাৰা প্ৰস্তাৱিত সংশোধনী কাণ্ডই সকলোকে অতি আচৰিত কৰি তুলিছে। ইয়াৰ আগলৈকে কোনেও কেতিয়াও শুনা নাই যে ভাৰতৰ আইন সংশোধনৰ বাবে চৰকাৰে কিবা কমিটী গঠন কৰিছে। এনেকুৱা সকলোবোৰ বিধিগত প্ৰক্ৰিয়া নাকচ কৰি চৰকাৰে ১১ আগষ্টৰ দিনা এনে টোগলকী প্ৰস্তাৱ ঘোষণা কৰি দিলে।
এই ঘোষণাৰ পাছত আইনজীৱী সকলে যেতিয়া ইয়াৰ বিশ্লেষণ আগবঢ়ালে, তেতিয়া বুজা গ’ল যে এইয়া আন একো নহয়, বৰঞ্চ এই চৰকাৰখনৰ ‘মহান’ হোৱাৰ আন এক পৰিকল্পনা যাতে অহা নিৰ্বাচনত ব্ৰিটিছ আমোলৰ পৰা চলি অহা আইন তেওঁলোকে সলনি কৰি পেলালে বুলি প্ৰচাৰ চলাব পাৰে। য’ত নেকি ঔপনিৱেশিক সাম্ৰাজ্যৰ লগত খাপ খাই থকা আইন সংশোধন কৰাৰ নামত সকলোবোৰ ধাৰাক কেৱল মাথোঁ ইফাল সিফালহে কৰিছে। কিন্তু প্ৰায় ২০% সালসলনি অতি বিপদজনক আৰু যি পোনে পোনে সামাজিক কৰ্মকৰ্তা সকলক ‘টাৰগেট’ কৰি ল’ব পৰাৰ উদ্দেশ্যে কৰা হৈছে।
দেশৰ মানৱ অধিকাৰ সংগঠন আৰু বুদ্ধিজীৱীসকলৰ ফালৰ পৰা ব্ৰিটিছৰ দিনৰে ‘ৰাষ্ট্ৰদ্ৰোহ’ আইনখন তুলি লোৱাৰ দাবীৰে ঔপনিৱেশিক আইনৰে অন্ত পেলোৱাৰ দাবী উত্থাপিত কৰি আহিছে। এই দাবীক একাষৰীয়া কৰি চৰকাৰে নিজৰ সংহিতাৰ ‘ৰাষ্ট্ৰদ্ৰোহ’-ক ১২৪এ ধাৰাটো সংশোধন কৰি ১৫০ ভাৰতীয় ন্যায় সংহিতা ধাৰাত অন্তৰ্ভুক্ত কৰিলে। ইয়াৰ দ্বাৰা ‘ৰাষ্ট্ৰদ্ৰোহ’-ক আচলতে ‘চৰকাৰ আৰু প্ৰশাসন দ্ৰোহ’ বুলি স্বীকৃতি দিলে। চৰকাৰ অথবা চৰকাৰী যিকোনো যন্ত্ৰৰ বিৰোধে কোৱা, লিখা বা মন্তব্য দিয়াটো মুকলিকৈ নতুন ৰাষ্ট্ৰদোহ বুলি অভিহিত কৰিলে যাৰ ন্যূনতম শাস্তি ৩ বছৰৰ পৰা বৃদ্ধি কৰি ৭ বছৰ কৰিলে। অৰ্থাৎ বিলোপ ঘটোৱাৰ পৰিৱৰ্তে এইখন আইনক আৰু ঔপনিৱেশিক অধিক দমনকাৰী ৰূপত গঠন কৰিলে।
মানৱ অধিকাৰ সংগঠনসমূহে দীৰ্ঘদিন ধৰি লোকতান্ত্ৰিক দেশ এখনত ফাঁচী দিয়া শাস্তিটো উঠাই দিব লাগে বুলি দাবী কৰি আহিছে। কিন্তু এই নতুন সংশোধনে ফাঁচীক আৰু সহজ কৰি পেলাব। আনকি সামূহিক গণ হত্যা ( lynching)-ৰ অধিকতম শাস্তি ফাঁচী ৰখা হৈছে। কিন্তু য’ত নেকি সামূহিক গণ হত্যা এনেকুৱা এক অপৰাধ যাক চৰকাৰেই লালন পালন কৰি আহিছে আৰু ইয়াক কোনো শাস্তিৰ দ্বাৰা নহয়, ৰাজনীতিৰ দ্বাৰাহে সমাধান কৰিব পৰা যাব। এই আইন সমূহৰ সংশোধন আন্তঃৰাষ্ট্ৰীয় মঞ্চত নিজৰ নিস্তেজ হৈ পৰা ছবিখন পুনৰ উদ্ধাৰ কৰাৰ প্ৰচেষ্টাৰে অনা হৈছে, তাৰ বাহিৰে আন একো উদ্দেশ্য নাই। উল্লেখনীয় যে এই বছৰ ইউনাইটেড নেচনে মানৱ অধিকাৰৰ বেলিকা ভাৰতক ‘A’ গ্ৰেড প্ৰদান নকৰিলে।
আন এক সংশোধনীত অতীতৰ ‘ৰাজদ্ৰোহ’-ৰ শাস্তি যাৱজ্জীৱন কাৰাদণ্ড, য’ত কোনো ব্যক্তিক লগ কৰিবলৈ দিয়া নহৈছিল, তাক ন্যায় সন্মত শাস্তিৰ অংশ হিচাপে বাহাল ৰাখিব খুজিছে। নিজকে লোকতন্ত্ৰ হিচাপে পৰিগণিত কৰিব খোজা যিকোনো সমাজৰ বাবে ই এক পশ্চাদমুখী যাত্ৰা। ১৯৭৮ চনৰ বিখ্যাত ‘সুনীল বাত্ৰা বনাম দিল্লী প্ৰশাসন’ কেছত উচ্চতম ন্যায়ালয়ত এইটো স্থাপিত হৈছে যে কাৰাগাৰৰ বন্দী হৈ থকা কয়দীৰো মানৱ অধিকাৰ থাকে আৰু আন কোনো কয়দীক লগ কৰিবলৈ নিদিয়াটোৱে মানৱ অধিকাৰ হৰণ কৰা বুজায়। বৰ্তমানৰ সংশোধনী প্ৰস্তাৱে উচ্চতম ন্যায়ালয়ৰ ৰায়ক বিৰুদ্ধাচৰণ কৰিছে আৰু ৰাষ্ট্ৰক ৰাজতন্ত্ৰৰ ফালে ঠেলি পঠিয়াইছে ।
আৰক্ষীয়ে ন্যায়িক জিম্মাত লোৱাৰ আবেদনৰ সময়সীমা ১৫ দিনৰ পৰা বঢ়াই ৪০ দিন কৰাটো অন্য এক বিপদজনক সংশোধন। ইউ এ পি এ-ত এই সময়সীমা ৬০ দিন। অৰ্থাৎ ইমান দিনলৈকে অভিযুক্তই জামিন নাপাব আৰু ‘আৰক্ষীয়ে জিম্মাত লোৱা’ বুলি কৈ অতি সহজতে জামিন দিয়াটো বন্ধ কৰি থ’ব পৰা যাব। এনে নিয়ম প্ৰৱৰ্তন ন্যায়িক সিদ্ধান্ত উলংঘনৰ দিশত আৰু এখোজ বুলি বিবেচনা কৰিব পাৰি।
নতুন সংহিতা খনত সংযোজিত কৰা এটা সংশোধনী ভয়ানক লগতে হাস্যকৰ। অভিযুক্তৰ অনুপস্থিতিতো বিচাৰকাৰ্য্য (ট্ৰাইল) ৰৈ নাযায়। ইও ন্যায়িক বিচাৰধাৰা উলংঘন কৰে। যিকোনো অভিযুক্তই নিজকে ৰক্ষা কৰাৰ, আত্মপক্ষ সমৰ্থন কৰাৰ সম্পূৰ্ণ অধিকাৰ আছে, যাৰ অবিহনে ন্যায় প্ৰক্ৰিয়া অসম্পূৰ্ণ হৈ ৰয়। কিন্তু চৰকাৰে যাক দোষী সাব্যস্ত কৰিব তাক চিধাই শাস্তি প্ৰদান কৰিব- এইয়াই হৈছে চৰকাৰৰ অভিপ্ৰায়। এই সংশোধন হাস্যকৰ কাৰণ কোনো অভিযুক্তক আৰক্ষীয়ে কৰায়ত্ত কৰিব নোৱাৰিলেও তেওঁৰ ওপৰত মোকৰ্দমা চলাই শাস্তি বিহিব পাৰে। কিন্তু সেই শাস্তি কাৰ ওপৰত প্ৰয়োগ কৰা হ’ব? অভিযুক্তৰ অনুপস্থিতিত সম্পূৰ্ণ হৈ উঠা ন্যায়িক প্ৰক্ৰিয়াৰ অৰ্থই বা কি! ন্যায়ালয়সমূহত পঞ্জীয়নভুক্ত গোচৰৰ বোজা অধিক হোৱাৰ উপৰিও ন্যায় প্ৰক্ৰিয়া ইমান দীঘলীয়া যে ন্যায়ালয়লৈ অহা-যোৱা কৰি ভুক্তভোগীৰ কঁকাল বেঁকা হয়। এনে অৱস্থাত অভিযুক্তৰ অনুপস্থিতিত তিনি বছৰৰ ভিতৰত বিচাৰকাৰ্য্য সম্পূৰ্ণ কৰি পেলাবৰ বাবে যি সংশোধন অনা হৈছে সি মাথো উপহাসত পৰিণত হ’ব।
কিছুমান সংশোধন শুনিবলৈ ভাল লগা যদিও বাস্তৱত তাৰ প্ৰয়োগ সম্ভৱ নহয়। উদাহৰণস্বৰূপে সৰু সৰু অপৰাধৰ কাৰণে মোকৰ্দমা প্ৰক্ৰিয়া নচলোৱাকৈ তাক ঠাইতে নিষ্পত্তি কৰা আৰু ডাঙৰ অপৰাধ নিষ্পত্তিৰ উৰ্ধতম সময়সীমা তিনি বছৰ। বৰ্তমানৰ চলিত ন্যায় ব্যৱস্থাত এইটো অসম্ভৱ। আনহাতে সৰু অপৰাধ নিষ্পত্তিৰ ন্যায়িক ক্ষমতা ন্যায়ালয়ৰ পৰিৱৰ্তে আৰক্ষীৰ হাতত অৰ্পণ কৰি সমাজখনক আৰু বিশৃঙ্খল, অপৰাধমুখী কৰি তুলিব বিচৰা হৈছে।
মহিলাৰ ক্ষেত্ৰত হোৱা অপৰাধৰ বিৰুদ্ধে আইনসমূহ অতি দৃঢ় কৰা হৈছে । কিন্তু বাস্তৱিকতে কি ঘটি আছে সেইয়া সকলোৰে জ্ঞাত। মহিলা কুস্তি খেলুৱৈৰ যৌন নিৰ্যাতন বিষয়টো এতিয়াও চৰ্চিত হৈয়েই আছে। ইমান দৃঢ় আইন থকাৰ পাছতো প্ৰয়োগ কৰা হোৱা নাই!
পৰৱৰ্তী সময়ত বৈদ্যুতিন (ডিজিটেল) সাক্ষীকো ন্যায়ালয়ে মান্যতা দিয়া কথাটো সংশোধনীৰ ‘ভাৰতীয় সাক্ষ্য সংহিতা’-ত অন্তৰ্ভুক্ত কৰা হৈছে। ই গুৰুত্বপূৰ্ণ কিন্তু ভয়ানকো, কাৰণ ডিজিটেল মাধ্যমৰ ভাল লগা কিছুমান বস্তু ভয়ংকৰ হৈ উঠে যেতিয়া ই অসৎ হাতত মজুত থাকে। উদাহৰণস্বৰূপে আমাৰ সন্মুখত এতিয়ালৈকে আটাইতকৈ ডাঙৰ চাইবাৰ চক্ৰান্ত ভীমা কৰেগাঁৱৰ মোকৰ্দমাত ব্যৱহাৰ কৰা হৈছিল, সেইবাবে কথাটো বুজি পোৱাত অসুবিধা হ’ব নালাগে। ভীমা কৰেগাঁৱৰ মোকৰ্দমাত পুণে আৰক্ষীৰ দ্বাৰা অভিযুক্তৰ কম্পিউটাৰত এখন চিঠি সুমুৱাই দিয়া কথাটো ইতিমধ্যে প্ৰমাণ পোৱা গৈছে। দুটা ডাঙৰ আন্তঃৰাষ্ট্ৰীয় সংস্থাই এই কথাটোত হয়ভৰ দিছে, কিন্তু চৰকাৰে মানি ল’বলৈ সাজু নহয়। এইটো সহজেই বোধগম্য যে কৃত্ৰিম বুদ্ধিমত্তাৰ দপদপনিৰ সময়ত বৈদ্যুতিন (ডিজিটেল) সাক্ষীক ন্যায়ালয়ে মান্যতা দিয়া সংশোধনে পৰোক্ষভাৱে চৰকাৰৰ অন্যায় পক্ষক সহায় কৰিব।
এনেবোৰ দিশৰ পৰা মুঠৰ ওপৰত ক’বলৈ গ’লে নতুন সংহিতা ন্যায় প্ৰদানকাৰী নহৈ শাস্তি প্ৰদানকাৰী হে হ’ব। সমাজৰ পৰা অপৰাধ নিৰ্মূলৰ বাবে অপৰাধীক গুৰুতৰ শাস্তি বিহিব লাগে বুলি কিছুমান ব্যক্তি তথা চৰকাৰে বিশ্বাস কৰে। য’তনেকি অপৰাধক বাধা দিবৰ বাবে শাস্তিৰ সলনি সামাজিক চেতনাৰ স্তৰ বৃদ্ধি কৰাটোহে জৰুৰী। কিন্তু বৰ্তমানৰ চৰকাৰখন সামাজিক চেতনাৰ লেখডাল আৰু নিম্নগামী কৰা কাম কাজত হে জড়িত হৈ পৰিছে। এই আইনৰ দ্বাৰা চৰকাৰে নিৰ্ধাৰণ কৰা ন্যায়িক প্ৰক্ৰিয়া সংশোধন হোৱাৰ সলনি সৰ্বপ্ৰথমে অন্ধভক্তসকল জনতাৰ মাজত কোনো ‘মহান’ কামত নিয়োজিত হৈ পৰাৰ প্ৰৱণতাৰ সম্ভাৱনা হে দৃষ্টিগোচৰ হৈছে। বাকী অন্যান্য সামাজিক ৰাজনৈতিক কৰ্মকৰ্তা আৰু ৰাজনীতিৰ বিশ্লেষক সকলক কাৰাগাৰত বন্দী কৰি গুৰুতৰ দণ্ড বিহি তেওঁলোকৰ আত্মবল দুৰ্বল কৰিব। দাবী আছিল ন্যায় প্ৰক্ৰিয়া সকলোৰে বাবে সহজ, সকলোৰে প্ৰাপ্য আৰু জন সাধাৰণৰ পক্ষত কৰা। কিন্তু চৰকাৰে সংশোধনৰ নামত আইনী ধাৰাবোৰ মাত্ৰ অদল-বদল কৰি আৰু বহু পৰিমাণে জনবিৰোধী কৰি প্ৰস্তাৱনা আগবঢ়াইছে। অৰ্থাৎ বাহী খোৱা বস্তুকে মা-মছলা দি গৰম কৰি নতুনকৈ ৰন্ধা খাদ্য হিচাপে পৰিৱেশন কৰিছে। এনে সংশোধন অতি ভয়ংকৰ আৰু ইয়াৰ বিৰোধিতা কৰাটো অতি জৰুৰী।
* সীমা আজাদ – সাংবাদিক, আইনজীৱী, PUCL ( People’s Union for Civil Liberties) সংগঠনৰ ৰাষ্ট্ৰীয় সম্পাদক, ৰাজ্যিক সভাপতি (উত্তৰ প্ৰদেশ), অব্যৱসায়িক আলোচনী ‘দস্তক’-ৰ সম্পাদক তথা লেখক। এগৰাকী সক্ৰিয় সামাজিক কৰ্মী হিচাপে মানৱ অধিকাৰ খৰ্ব হোৱা বিভিন্ন ঘটনাৰ বিৰুদ্ধে দৃঢ়তাৰে নিজৰ অৱস্থান লৈ আহিছে। গণতান্ত্ৰিক প্ৰমূল্য তথা মানৱ অধিকাৰৰ হকে মাত মতাৰ অপৰাধত যোৱা ৫ চেপ্তেম্বৰ তাৰিখে NIA য়ে সীমা আজাদৰ বাসগৃহত তালাচী লোৱাৰ উপৰিও তেওঁ আৰু তেওঁৰ আইনজীৱী জীৱন সংগী বিশ্ব বিজয়ৰ লেপটপ, ম’বাইল, দৰকাৰী নথিপত্ৰ, কিতাপ, আলোচনী পৰ্যন্ত জব্দ কৰি ৰাখে।