কালজয়ী গীতৰ স্ৰষ্টা শিল্পী নুৰুল হকৰ সোঁৱৰণত -( জুনু বৰা)
কালজয়ী সৃষ্টিৰে অসমীয়া গীতি সাহিত্যলৈ অমূল্য বৰঙণি আগবঢ়াই সেই ক্ষেত্ৰখন চহকী কৰি প্ৰথিতযশা শিল্পী নুৰুল হকে ২০১৬ চনৰ ৮ জুলাইত আমাৰ মাজৰ পৰা চিৰ বিদায় মাগিলে৷
ভাৰতৰ বিখ্যাত গায়ক মহম্মদ ৰফিৰ কণ্ঠত জিতু-তপনৰ সুৰাৰোপিত “অসমীৰে চোতালতে….” আৰু “মোৰ দৃষ্টিত তুমি ধৰা পৰিলা…….” আদি জনপ্ৰিয় গীতেৰে অসমৰ মানুহৰ হৃদয় জয় কৰা গীতিকাৰ নুুৰুল হকৰ জন্ম হৈছিল ১৯৩৮ চনৰ ১ এপ্ৰিলত, যোৰহাটত৷ তেওঁ স্কুলীয়া দিনৰে পৰা গীত লিখিবলৈ লয়৷ ১৯৫৩ চন, তেওঁ নৱম শ্ৰেণীৰ ছাত্ৰ৷ তেতিয়াই তেওঁ হিন্দী ভাষাত গীত ৰচি বিৰল প্ৰতিভাৰ পৰিচয় দাঙি ধৰিছিল৷ সেই বছৰৰ ছেপ্টেম্বৰ মাহত বানাক্ৰান্তসকলৰ সাহায্যাৰ্থে যোৰহাটৰ নাট্য কম¹ আৰু সাংস্কৃতিক কম¹ সকলৰ সহযোগত গঠিত ‘মিলিত শিল্পী সমাজ’ৰ উদ্যোগত এখনি বিচিত্ৰানুষ্ঠানৰ আয়োজন কৰা হৈছিল৷ সেই অনুষ্ঠানত ডঃ অনিলৰঞ্জন বৰঠাকুৰৰ দ্বাৰা এখনি নৃত্য-নাটিকা প্ৰদৰ্শন কৰা হৈছিল আৰু তাত গোৱা “ৰাত হ্যোয় ৰংগিলী দিন হ্যায় বাহাৰ কা, আঅ’, আঅ’, আঅ’ মৌচম হ্যায় প্যায়াৰ কা” নামৰ হিন্দী গীতটি ৰচনা কৰিছিল নুৰুৰ হকে৷ সুৰকাৰেও গীতটি সুন্দৰ সুৰেৰে সজাই তুলিছিল৷ তাৰ পিচৰ বছৰ, ১৯৫৪ চনত যোৰহাট থিয়েটাৰ হলত অনুষ্ঠিত মিলিত শিল্পী সমাজৰ সাংস্কৃতিক অধিবেশনত ভাগ ল’বলৈ বম্বেৰ পৰা আহিছিল কথাছবিৰ গীতিকাৰ, সুৰকাৰ বিখ্যাত গায়ক প্ৰেম ধাৱান আৰু লোকনৃত্য শিল্পী অমৰ শ্বেখ৷ অসমীয়া বুজি নোপোৱাৰ বাবে সেইবাৰো তেওঁ হিন্দীতে অনিলৰঞ্জন বৰঠাকুৰৰ নৃত্য-নাটিকাৰ ধাৰা-ভাষ্য আৰু গীত লিখি পৰিবেশন কৰিছিল আৰু অতিথি শিল্পীৰ লগতে গণ শিল্পী বিষ্ণুৰাভাৰ পৰাও ভূয়সী প্ৰশংসা পাইছিল৷
এটা দুটাকৈ গীত লিখি তেওঁ অসমীয়াত সাতশৰো অধিক গীত ৰচনা কৰে৷ হিন্দীভাষাত লিখা গীতৰ সংখ্যা ডেৰশৰো অধিক৷ তাৰে ৫৪২ টা গীত সন্নিবিষ্ট কৰা হৈছে ‘মোৰ দৃষ্টিত তুমি ধৰা পৰিলা’ নামৰ ২০১৫ চনত যোৰহাট সংগীত শিল্পী সংস্থাৰ দ্বাৰা প্ৰকাশিত মৃদুল ভূঞাৰ দ্বাৰা সম্পাদিত মূল্যবান গ্ৰন্থখনত৷ এগৰাকী অসমীয়াভাষী ব্যক্তি তথা গীতিকাৰ হৈ হিন্দীত ইমানবোৰ জনপ্ৰিয় গীত, ধাৰাভাষ্য, সংলাপ লেখাটো সহজ কথা নহয়৷ হিন্দী গীত লেখা অসমীয়া গীতিকাৰ সকলৰ ভিতৰত নুৰুল হক ডাঙৰীয়াৰ স্থান শীৰ্ষত৷ এই গীতসমূহ হিন্দী গীতি-সাহিত্যৰ ক্ষেত্ৰখনলৈও এক বহুমূলীয়া অৱদান৷ তেওঁৰ গীত সমূহত মহম্মদ ৰফী, মহেন্দ্ৰ কাপুৰকে ধৰি বহু বিখ্যাত হিন্দী গায়কে কণ্ঠ নিগৰাইছিল৷ অসমীয়া গীতিকাৰ এজনৰ গীতত ইমানবোৰ হিন্দী ভাষী বা অনা অসমীয়া ভাষীৰ লোকে কণ্ঠদান কৰাটো নিশ্চয় আশ্চৰ্য্যজনক কথা৷ ইয়েই প্ৰমাণ কৰে তেওঁৰ গীতৰ সন্মোহনী শক্তি কিমান!
তেওঁ বোলছবি, নাটক, টেলিফিল্ম, চিৰিয়েল আদিৰ বাবেও শ শ গীত লিখিছিল৷ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আদিৰ বাবে লিখিছিল বহু শীৰ্ষ গীত, তাৰে বহুতো গীত হৈ পৰিছিল যুগজয়ী৷ অসমীয়া চলচ্চিত্ৰ জগতখন নুৰুল হকৰ গীতেৰে পৰিপূৰ্ণ হৈ আছে৷ তেওঁৰ গীতত ফুটি উঠিছিল অসমীয়া সমাজ জীৱনৰ ঘটনা-পৰিঘটনা, উৎসৱ-পাৰ্বন, সম্প্ৰীতিৰ এনাজৰী, নাৰীৰ জীৱন, দলিত-নিপীড়িত মানুহৰ সমস্যা আদি বিস্তৃত বিষয়৷ তেওঁৰ গীতসমূহ বনগীত, বিহুগীত, আই নাম, বিয়া নাম, জিকিৰ, লোকগীত, দেহ বিচাৰ গীত আদি লোক সংগীতৰ উপাদানেৰে পৰিপুষ্ট যাৰ বাবে সেইবোৰ অসমৰ মানুহৰ বুকুৰ আপোন আৰু যুগমীয়া৷ গীতসমূহত সুৰ আৰু কথাৰ অপূৰ্ব সংমিশ্ৰন ঘটিছে; তাৰ লগে লগে গীতসমূহে সুদক্ষ শিল্পীৰ কণ্ঠত প্ৰাণ পাই উঠিছে৷
তেওঁৰ সৃষ্টিৰাজিৰ কথা ভাবিলে আচৰিত লাগে, পেশাগতভাৱে তেওঁ দিহিঙে-দিপাঙে ঘুৰি ফুৰা এজন চৰকাৰী চাকৰিয়াল৷ গীতলেখা, চিত্ৰনাট্য প্ৰস্তুত কৰা, প্ৰযোজনা কৰা আদি কামবোৰ তেওঁৰ নিচা৷ তৎসত্বেও তেওঁৰ ভূমিকা আছিল সাংস্কৃতিক বৃত্তিজীৱি এগৰাকীতকৈও অধিক৷
তেওঁৰ বহু গীতত আলোকমুখী যাত্ৰাৰ আবেদন স্পষ্ট– “পোহৰ বিলাসী পাহৰি নাযাবি আন্ধাৰতো আছে বহুজন…..”, “পোহৰ প্ৰয়াসী আমি যুগৰ এন্ধাৰ নাশি জ্যোতিৰ মেলালৈ আহিছো ওলাই…….”, “নাকান্দিবি আৰু মন….”৷ সেইদৰে, “বিশ্ব জাগিল নৱ জাগৰণে………..”, “মানুহৰ তেজপিয়া মানুহ দানৱবোৰে…..”, “মুক্তিকামী নাৰী যে আমি আলোকৰ পথযাত্ৰী সমতা বিচাৰি যাও আগবাঢ়ি নাশি নাশি কালৰাত্ৰি…..”, “জোনাকী বাটৰ অভিযাত্ৰী….” আদি গীতত মুক্তি পিয়াসী মানুহৰ, অৱহেলিত নাৰীসমাজৰ নতুন সমাজ গঢ়াৰ স্বপ্ন প্ৰতিফলিত হৈছে৷ সেইদৰে, “শ্ৰীশংকৰ আমাৰ গুৰু আজান আমাৰ পীৰ দুয়োজনৰ একেটি পথ…..”, “এইটো গুৰু শংকৰৰ ঘৰ/ এইখন আজান পীৰৰ চোতাল/ ৰাম-ৰহিম দুয়ো ইয়াতে থাকে/ নাই কাৰো দন্-খৰিয়াল…..”ৰ দৰে সম্প্ৰীতিৰ স্বাভাৱিক আহবানেৰে গীত ৰচনা কৰিছিল৷
তেওঁৰ গীতসমূহত সুৰাৰোপিত কৰিছিল মহম্মদ হুছেইন, মুহিবুদ্দিন [তগৰ] আহমেদ, নিজামুদ্দিন হাজৰিকা, জিতু-তপন, ইন্দ্ৰেশ্বৰ শৰ্মা, হীৰেন গোহাঁই, ৰিদিপ দত্ত, ডেনিচ বেংকচ, অমিয়ধৰ বৰুৱা, ভূপেন উজীৰ, মহানন্দ মজিন্দাৰ বৰুৱা, মৃদুল ভূঞা, প্ৰসেনজিৎ লাহন, জয়ন্ত নাথ, মণি মহন্তকে ধৰি প্ৰবীণ-নবীন বহু সুৰকাৰে৷ তগৰ আৰু ৰজনী [ৰজনী বৰদলৈ] যুটিয়ে নুৰুল হকৰ বহু প্ৰগতিশীল গীত অসমৰ বিভিন্ন ঠাইত পৰিৱেশন কৰিছিল আৰু গীতসমূহ জনপ্ৰিয় হৈ উঠিছিল৷
এইখিনিতে নিজৰ অভিজ্ঞতাৰ পৰা এটা কথা উল্লেখ কৰিব খুজিছোঁ৷ ১৯৮৯ চনত ‘জোনাকী বাট’ নামৰ প্ৰগতিশীল মহিলা আলোচনীখনৰ তৰফৰ পৰা যোৰহাট জিলা পুথিভঁৰালত আয়োজন কৰা হৈছিল এক ‘সাংস্কৃতিক সন্ধিয়া’ৰ৷ উদ্দেশ্য আছিল– লোক আৰু গণ-সাংস্কৃতিক কাযসূচীৰ জৰিয়তে জোনাকী বাটৰ প্ৰগতিশীল চিন্তাক মহিলাসকলৰ লগতে ৰাইজৰ মাজলৈ লৈ যোৱা আৰু জোনাকী বাটৰ আৰ্থিক সংকট কিছু পৰিমাণে জোৰা মৰা৷ আলোচনীখনৰ কৰ্মকতাৰ্ হিচাপে কাৰ্যসূচীৰ সমস্ত দায়িত্ব আমাৰ হাতত পৰিছিল৷ সেই কাৰ্যসূচীত অশোক শমাৰ্, মুহিবুদ্দিন আহমেদ, ৰজনী বৰদলৈ, পবিত্ৰপ্ৰাণ গোস্বামীৰ লগতে বহুকেইজন শিল্পীয়ে আমাক হাতে-কামে সহায় কৰিছিল৷ আনে কৰিব নোৱাৰা এটি বিৰল সহায় পাইছিলো নুৰল হকৰ পৰা৷ তেওঁ আলোচনীখনৰ উদ্দেশ্যৰ লগত ৰজিতা খুৱাই ‘জোনাকী বাটৰ অভিযাত্ৰী’ নামেৰে এটি গীত ৰচনা কৰিছিল৷ গীতটিৰ সুৰ কৰিছিল মহম্মদ হুছেইনে৷ সাংস্কৃতিক সন্ধিয়াত তগৰ-ৰজনী যুটিয়ে গীতটি পৰিবেশন কৰি সকলোকে আপ্লুত কৰিছিল৷
ছাত্ৰাৱস্থাৰ পৰাই তেওঁ গণনাট্য সংঘৰ সৈতে জড়িত হৈ পৰে আৰু ১৯৫৫ চনত গুৱাহাটীত অনুষ্ঠিত হোৱা গণনাট্য সংঘৰ সন্মিলনতো অংশ গ্ৰহণ কৰে৷ সেই সময়ত তেওঁ বলৰাজ সাহানি, হেমন্ত মুখাৰ্জী, সলিল চৌধুৰী, শম্ভু মিত্ৰ, বিষ্ণু ৰাভা, হেমাংগ বিশ্বাস, গায়িকা তৃপ্তি মিত্ৰ, সুদক্ষিণা শৰ্মা,, দিলীপ শৰ্মা, ভূপেন হাজৰিকা, মঘাই ওজা আদি বিশিষ্ট শিল্পীসকলৰ সান্নিধ্যই তেওঁক অভিভূত কৰিছিল৷ সেইসকল শিল্পীৰ মুক্তিকামী আদৰ্শ আৰু ত্যাগে নুৰুল হকৰ পৰৱৰ্তী জীৱনত বিস্তৰ প্ৰভাৱ পেলাইছিল৷
পঞ্চাশৰ দশকৰ শেষৰ ফালে ১৯৫৭ চনত মাথোঁ ১৯ বছৰ বয়সতে ‘মাক আৰু মৰম’, বোলছবিত হিন্দী গীতিকাৰ হিচাপে তেওঁ স্বীকৃতি লাভ কৰে৷ পিচৰ বছৰত ‘ৰঙা পুলিচ’-ৰ বাবে চাৰিটাকৈ গীত লিখি অসমীয়া গীতিকাৰৰ স্বীকৃতি লাভ কৰা নুৰুল হক ২৭ খন অসমীয়া আৰু হিন্দী বোলছবি, ২৪ খন নাটক, ১০ খনৰো অধিক টেলিফিল্ম, পঞ্চাশৰো অধিক চি ডি কেচেট তেওঁৰ মনপৰশা অমৰ গীতসমূহেৰে পৰিপূৰ্ণ হৈ আছে৷ তেওঁৰ গীত সমূহত কণ্ঠ নিগৰাইছে বহুজন খ্যাত-অখ্যাত শিল্পীয়ে৷ মহম্মদ ৰফী, ভূপেন হাজৰিকা, মহেন্দ্ৰ কাপুৰ, উষা মংগেশকাৰ অনুৰাধা পাড়োৱাল, আৰতি মুখাৰ্জী আদি বিখ্যাত গায়কৰ উপৰিও খগেন মহন্ত, লোকনাথ গোস্বামী, মুহিবুদ্দিন আহমেদ[তগৰ], ৰজনী বৰদলৈ, ৰমেন বৰুৱা, পুলক বেনাৰ্জী, মঞ্জুমালা শৰ্মা ফুকন, বিউটি শৰ্মা বৰুৱা, দূৰ্গাময়ী বৰা, হাচিনা হাজৰিকা, জুবিন গাৰ্গ, সংগীতা কাকতি, ভিতালী দাসকে ধৰি ৰাজ্যখনৰ বহুসংখ্যক নবীন-প্ৰবীণ শিল্পীয়ে তেওঁৰ গীতসমূহ পৰিৱেশন কৰিছে৷
১৯৬৭ চনত অনাতাঁৰ কেন্দ্ৰৰ পৰা গীতিকাৰ ৰূপে স্বীকৃতি লাভ কৰা শিল্পী গৰাকীৰ বহু বিখ্যাত গীত সংৰক্ষণৰ অভাৱত হেৰাই যায়৷ তেওঁৰ শেহতীয়াকৈ প্ৰকাশিত প্ৰায় সমগ্ৰ গীতৰ সংকলনখনিতো ঠাই নোপোৱা এটি জনপ্ৰিয় গীত হ’ল– “সংগ্ৰাম লাগে আজি, সংগ্ৰাম লাগে, বিপ্লৱৰ দাবানল প্ৰতি অন্তৰে জাগে…..৷” পৰিবৰ্তনকামী, সম্প্ৰীতিবিষয়ক আৰু জনগণৰ দুখ-দুৰ্দশাক লৈ সৃষ্টি কৰা গীতসমূহে সেই সময়ৰ একাংশ যুৱ-ছাত্ৰ তথা ৰূপান্তৰকামী মানুহক আপ্লুত কৰিছিল৷ সেই গীতবিলাক মনলৈ আহিলে আজিও সংগ্ৰামী চেতনাৰ ছন্দ দুগুণে বঢ়াই তোলে৷ তেখেতৰ হেৰাই যোৱা আপুৰুগীয়া গীতসমূহ পুনৰুদ্ধাৰৰ বাবে নবীন-প্ৰবীণ প্ৰজন্মৰ সকলো শিল্পীয়ে চেষ্টা চলোৱা প্ৰয়োজন৷
মানুহে কয়– ওচৰৰ মানুহে ওচৰৰ গুণী লোকৰ গুণ নুবুজে৷ কথাষাৰ মিছা নহয়৷ যোৰহাটতে থাকি নুৰুল হকক ঘনিষ্ঠভাৱে পাইছিলো, কিন্তু আমি প্ৰায়বোৰেই আজন্ম শিল্পীগৰাকীৰ গুণৰ মোল তেওঁৰ জীৱিত কালত বুজিব পাৰিছিলো বুলিব নোৱাৰি৷ তেনে কাৰণতে হয়তো একাধাৰে গীতিকাৰ, পৰিচালক, প্ৰযোজক, কাহিনী লেখক, চিত্ৰনাট্যকাৰ, সংলাপ লেখক, ৰাস, ভাওনা, থিয়েটাৰ, চিনেমাৰ ৰূপসজ্জাকাৰ– বহু গুণী শিল্পীগৰাকীৰ সৃষ্টিৰাজিৰ ওপৰত বিশেষ চৰ্চা হোৱা দেখা নগ’ল, সম্প্ৰতি এই চৰ্চাৰ প্ৰয়োজনীয়তা বাঢ়িছে৷
শেষত, অসমৰ সাংস্কৃতিক ক্ষেত্ৰখন পাঁচ দশকৰো অধিক কাল জীপাল কৰি ৰখা এইগৰাকী আজন্ম শিল্পীলৈ গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ৷